কবিতাঃ শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে/ পুষ্যমিত্ৰ উপাধ্যায়

 শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে

 

মূলঃ পূষ্যমিত্ৰ উপাধ্যায়

অসমীয়া ভাঙনিঃ ° সমাদৃতা গোস্বামী

 



হাতত জেতুকা নহয়, পাথৰ তুলি লোৱা

নিজেই নিজৰ শিৰ বচোঁৱা

জুৱা খেলি বহি আছে শকুনি,

চবৰে শিৰ বিক্ৰী যাবই

শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে

বিক্ৰী হৈ যোৱা বাতৰি কাকতৰ ভৰষাত কিমান দিনলৈ ৰৈ থাকিবা

দুঃশাসনৰ দৰবাৰৰ পৰা

কি ধৰণৰ ন্যায় আশা কৰিছা৷

যি নিজেই নিলাজ

সি আনৰ সন্মান কি ৰক্ষা কৰিব

শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে

কালিলৈকে ৰজা অন্ধ আছিল

আজি কলা আৰু বোবাও হ

জনতাৰ ওঁঠবোৰ চিলাই দিয়া হ

কাণতো কপাহ ভৰাই থোৱা আছে৷

তুমিয়েই কোৱা এই অশ্ৰু কেৱল তোমাৰ,

কাকনো কি বুজাবা?

শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে

 

Post a Comment

0 Comments