গল্পঃ ক্লান্তিৰ শেষ নাই / বান’ কুড়ছিয়া

ক্লান্তিৰ শেষ নাই
 
মূল: বানকুড়ছিয়া
অনুবাদ : ময়ূৰী শৰ্মা বৰুৱা



 

সেয়া আছিল প্ৰথমবাৰ৷

 তাৰ পাছতো একেটা ঘটনাৰে দুবাৰ পুনৰাবৃত্তি হৈছিল হবহু এইধৰণে:

 মোৰ বাওঁ ভৰিখন আছিল বাঁহৰ জখলাডালৰ একেবাৰে তলৰ খাপটোত আৰু জেকা মাটিখনৰ ঠিক ছয় ইঞ্চি ওপৰত আছিল সোঁ ভৰিখন৷ ঠিক সেই মূহুৰ্ততে চিলনীয়ে নতুনকৈ ওপজা কুকুৰা পোৱালি থপিয়াই ধৰাৰ দৰে পিছপিনৰ পৰা আহি আম্মাই মোক চুলিত ধৰি টানি আনিলে৷ ভাৰসাম্য হেৰুৱাই কাপোৰৰ টোপোলা এটাৰ দৰে মই সেমেকা মাটিখনতে বাগৰি পৰিলোঁ৷ আম্মাই গতা মাৰিবলগীয়া নহলেই৷ ঠিক তাৰ আগে আগে নিজকে কাৰোবাৰ কবলৰ পৰা এৰুৱাই অনা মোৰ গাত বিন্দুমাত্ৰ বল নাছিল৷ সেই মূহুৰ্তত এচাটি গৰম বতাহেও মোক টলং-ভটং কৰিব পাৰিলেহেঁতেন৷ তাতে আকৌ আম্মাই চুলিত ধৰি টানি আনিলে!

 

ভালে ভালে ক, এই ভৰদুপৰীয়াখন তই কৰ পৰা আহিছ? ত আছিলি, বনৰী? এই মৰ গৰমত মানুহে ছাঁত থাকি তত পোৱা নাই আৰু তই ছাদৰ ওপৰত কি কৰি আছিলি? কি কৰি আছিলি, নাটেশৰী?’

 

মই নীৰৱে আছিলোঁ৷

 

, কোন আছে সৌ ওপৰত? তাত ছাঁ বুলিবলৈকো একো নাই৷ চিৰি-কোঠাও নাই৷ তেন্তে তই কিয় তালৈ গৈছিলি? কোনটো পৈয়েৰক লগ কৰিবলৈ গৈছিলি হা? তাক পাব লাগিলে কেঁচাই তেজ খাম৷ ক, তাৰ নামটো ক৷

 

মই নিশ্চুপ৷

 

মোৰ আব্বাও শান্ত-শিষ্ট মানুহ আছিল৷ কিন্তু তেওঁৰ বিৰাগ আৰু মৌনতাই আম্মাক ক্ষোভিত কৰিছিল৷ তেওঁ আম্মাক জোকাই ভাল পাইছিল৷ আম্মাৰ প্ৰশ্নবোৰৰ জবাব দিয়াতকৈ তেওঁ নিজৰ ইয়া ডাঙৰ গোঁফকোচাৰ তলেৰে মিচিক-মাচাককৈ হাঁহি থাকিছিল৷ আত্মপক্ষ সমৰ্থনত তেওঁ কেতিয়াও একো নকৈছিল৷ তেওঁৰ মান-মৰ্যাদা আৰু পৰাক্ৰম যেন সেই মৌনতাতে সমাহিত হৈ আছিল৷ আব্বাক গালি-শপনি পাৰি, টেঁটু ফালি চিঞৰি, অবাইচ মাতিও যেতিয়া আম্মা বিফল, তেতিয়া ভাগৰত তেওঁ বেৰত আওঁজাই থোৱা খাটখন টানি আনি তাতে পেট পেলাই পৰি থাকিছিল৷ তেনে মূহুৰ্তত তেওঁৰ মুখমণ্ডলত দেখা পাইছিলোঁ বাহি হৈ যোৱা পাউৰুটিত দেখাৰ দৰে অসংখ্য দাগ৷ আম্মালৈ তেতিয়া মোৰ পুতৌ জন্মিছিল৷

 

কিন্তু আব্বা আছিল বেলেগ ধাতুৰে গঢ়া মানুহ৷ আম্মাৰ সৈতে এনেদৰে মুখামুখি হোৱাৰ পাছত নিৰ্লিপ্তভাৱে ঘৰ-ঘৰকৈ আঁচ পৰা আলোৱানখন কান্ধত পেলাই আব্বা কৰবালৈ ওলাই যায়৷ তেওঁৰ ধৰণ-কৰণত থাকে প্ৰতিপক্ষক পৰাস্ত কৰিয়েই ওলাই অহা মল্লযুঁজাৰুৰ বিজয়ী মেজাজ৷ বেচেৰী আম্মা আছিল আব্বা আৰু মোৰ মাজত উফৰি ফুৰা এটা বলৰ দৰে৷ যিটো এখন দেৱালত মূৰ খুন্দিয়াই সিখন দেৱালত ছিটিকি পৰিছিল৷ আম্মাৰ গোটেই জীৱনটো এই এখোজ আগুৱাই দুখোজ পিছুওৱা অৰ্থহীন খেলখনতে অতিবাহিত হল৷ তেওঁ বুজিয়েই নাপালে যে ইয়ে আন একো নকৰিলেও তেওঁক হাড়লৈকে চেপি-খুন্দি পেলাব৷

 

নিশা পলমকৈ যেতিয়া আব্বা উভতি আহিছিল, তেতিয়ালৈ সদ্য সন্তানপ্ৰসৱা এগৰাকী মাতৃৰ দৰে আম্মা গভীৰ টোপনিত৷ ময়ে দুৱাৰ খুলি দিওঁ৷ মোৰ মূৰত চেনেহৰ হাত বুলাই আব্বা নিঃশব্দে ভিতৰ সোমাই গৈছিল৷ একো নকলেও আব্বাৰ মনটো মই বুজি পাইছিলোঁ৷ অথচ আম্মাৰ সেই লেথাৰি নিছিগা বকনিবোৰ, তাৰ এটা শব্দও মই বুজিব নোৱাৰিলোঁ৷

 

আব্বা আছিল মৌনতাপ্ৰিয় মানুহ৷ কিন্তু তেওঁৰ সেই মৌনতাতে লুকাই আছিল এক সুপৰিকল্পিত কৌশল৷

 

ময়ো নীৰৱে থাকিছিলোঁ৷ পিছে আব্বাৰ নিচিনাকৈ নহয়৷ আব্বাৰ মৌনতা আৰু মোৰ মৌনতাৰ মাজত আকাশ-পাতাল প্ৰভেদ৷ তেওঁ আছিল এক সুবিশাল পৰ্বত, যাৰ নামনিত খুন্দা খাই ঢৌবোৰ টোপনিত ঢলি পৰিছিল৷ মোৰ মৌনতা আছিল লাভাসদৃশ৷ ভিতৰি ভিতৰি উতলি থাকে, পুৰণি হয় আৰু নোহোৱা হয়৷

 

হেৰৌ, একো নকৱ কিয়? বুৰ্বক বাপেৰটোৰ নিচিনাকৈ মনে মনে আছ যে? ঐ কুকুৰণী, মোক এতিয়াই ক কাৰ বিচনা গৰম কৰি আহিলি?’ এনেকুৱা উদগীৰণবোৰৰ কাৰণেইতো আব্বাই কোন কাহানিবাই মৌনতা অৱলম্বনৰ সিদ্ধান্ত লৈছিল৷ এনেকৈয়ে তেওঁ জবাবদিহি হোৱাৰ পৰা নিজকে মুক্ত কৰিছিল৷ মইনো কি কলোহেঁতেন আম্মাক? ৰ পৰা আৰম্ভ কৰি কত সামৰিলোহেঁতেন?

 

চাল্লা কুকুৰণী, মহল্লাটোত আমাৰ ছাদখনেই আটাইতকৈ চাপৰ৷ তালৈ অহা-যোৱা কৰোতে কিমানে চাগে তোক দেখিলে? কৈ দে, তই কেই মাহৰ গা-ভাৰী? আমাৰ মান-সন্মান সকলো মাটিত মিলি শেষ হৈ যোৱাৰ আগতেই মই কোনোবা ডাক্তৰ নহলে নাৰ্ছ মাতি আনোঁ৷

 

মোৰ দুচকু পানীৰে উপচি পৰিল৷

 

কিছুক্ষণ আগতে সিয়ো মোৰ চুলিকোচাত ধৰি একেখিনি কথাই কৈছিল৷ সেই একেখিনি কথাই এইমাত্ৰ তাৰ মুখতো শুনি আহিছো বুলি আম্মাক জানো কব পাৰিলোহেঁতেন?

 

তই মোক একো নকৱ কিয়? কান্দিছ কিয়? যদি ডাক্তৰৰ ওচৰলৈ নিব লাগে মই পইছা দিম৷মই না তাক না আম্মাক কিবা কব পাৰিলোঁ! মই যে কাকো একো কব নোৱাৰিলোঁ৷ সৰুৰে পৰা মোৰ মনত এটা ধাৰণা আছিল যে মোৰ একান্ত অনুভৱখিনি কোনেও বুজি নাপায়৷ বৰং কথাবোৰ ভুলকৈ বুজি সকলো মোৰ শত্ৰুহে হবগৈ৷

 

তিতা মাটিখনৰ পৰা উঠি আহি মই গা-ধোৱা ঘৰত সোমালোঁ৷

 

কিছুপৰলৈকে আম্মাই দুৱাৰখন ঢকিয়াই থাকিল৷ তাৰ পাছত আৰম্ভ হৈ গল গালিবৰ্ষণ৷ অনৰ্গল বকি বকি ভাগৰি পৰা আম্মাই বেৰত আঁউজি বহুপৰলৈকে কান্দি থাকিল৷ তাৰ পাছত তেওঁ আৰম্ভ কৰিলে নিজৰ পুৰণি চাল৷ চোতালতে পাৰি থোৱা খাটখনত পৰি চিঞৰি চিঞৰি মোৰ জন্মৰ পৰা এতিয়ালৈকে আদ্যোপান্ত উজাৰিবলৈ লাগিল৷ মই আম্মাৰ পেটত থাকোতে তেওঁ কিমান কষ্ট পাইছিল, মোক জন্ম দিয়াৰ সময়ত কেনেকৈ যমৰ যাতনাত ভুগিছিল, কিদৰে মোৰ মাজু আই ওলাওতে উনৈছটা দিন মোক বুকুত সাৱটি ৰাখিছিল ইত্যাদি৷ আন কথাত কবলৈ হলে তেওঁ ওচৰ-পাজৰৰ সকলোৱে শুনাকৈ অজস্ৰ গোপন কথা ফাদিল কৰি আছিল৷ আম্মাৰ বকবকনি শেষ হয় মানে সন্ধিয়া নামিছিল৷

 

মই গা ধোৱা ঘৰৰ পৰা ওলাই অহালৈকে আম্মাৰ সমগ্ৰ খং-ক্ষোভ জামৰিছিল৷ তেওঁ তেতিয়া অবোধ শিশু এটিৰ দৰে টোপনিত৷ তেওঁৰ বাওঁ গালখনত খাটিয়াৰ ৰছীৰ চিন বহি আছিল৷ নিমজোপাত অগণন চৰাই-চিৰিকটিৰ কোৰ্হাল অথচ আম্মাৰ কাণষাৰেই নাই৷ সেইখিনি সময়ত মই কাৰোবাৰ সৈতে পলাই গলেও আম্মাই গম নাপালেহেঁতেন৷

 

পিছে মই পলাম কাৰ সৈতে? ওপৰৱালাইহে জানে কি ধৰণৰ ছোৱালীবোৰে পলাই যাবলৈ লগৰীয়া পায়? আমাৰ নিচিনা ছোৱালীক পলুৱাই নিবলৈ কোনো নাহে!

 

খাটিয়াখনতে মূৰ আঁউজাই মই মনে মনে বহি আছিলোঁ৷ এই দুনীয়াত নিজৰ বুলিবলৈ আম্মাৰ বাহিৰে মোৰ আছে কোন? আব্বাৰো আম্মাৰ অবিহনে কোনো নাই৷ হাজাৰবাৰ আম্মাক এৰি আঁতৰি গলেও অৱশেষত তেওঁৰ কাষলৈকে ঘূৰি আহে৷ নাহিবনো কিয়? আব্বাৰ নিচিনা অচল টকা এটাক কোনে আশ্ৰয় দিব? মোৰ আব্বা সমূলি নিষ্কৰ্মা৷ চোবাবলৈ এলাহ কাৰণেই তেওঁ কমকৈ খায়৷ গাত চাবোন সানিবলৈ এলাহ কাৰণেই গা ধুবলৈ নিবিচাৰে৷ জাৰকালি গাত লেপ নোলোৱাকৈ শুই থাকে আৰু জহকালি ঘামত জুৰুলি-জুপুৰি হৈ পৰি থাকে৷ তথাপিও নিজে বিচনীখন নামাৰে৷ আব্বা আছিল টাং গুটি খেলোতে খন্দা গাঁতটোৰ নিচিনা৷ বাৰিষাকালত বৰষুণৰ পানীৰে ভৰি পৰাত বাদে বাকী সময়ছোৱা গাঁতটো মুখ মেলি পৰি থাকে৷

 

আম্মাই তেওঁক আজীৱন লগ দিলে৷ আব্বাৰ সৈতে কথা পাতি, ককৰ্থনা কৰি, শাওশপনি দি, আনকি কেতিয়াবা তেওঁৰ কাৰণে চকুপানী টুকি হলেও সংগ দিলে৷

 

আব্বা আৰু মই এই দুখন বেৰত মূৰ খুন্দিয়াই খুন্দিয়াই আম্মা বুঢ়ী হৈ গল৷ এই আধা-মৰা জখমী মানুহজনীক মই কিয়েইবা কব পাৰোঁ? ত আৰম্ভ কৰোঁ আৰু কতেইবা সামৰোঁ?

 

আমাৰ ঘৰখনত অভাৱনীয়ভাৱে অভাৱ আছিল ধন-সম্পত্তি, মান-সন্মান আৰু মৰম-চেনেহৰ৷  যিবিলাক আছিল জীৱনক উজ্জীৱিত কৰি ৰাখিবলৈ অতিকে প্ৰয়োজনীয়৷ যিকণ আছিল সেয়াও জীয়াই থকাৰ জোখাৰে আছিল৷ তাতকৈ অলপো বেছি নহয়৷ মোৰ তিনি বছৰমান বয়সতে আম্মাই ওচৰৰে কাৰখানা এটাত কাম কৰিবলৈ ললে৷ ঘৰত আব্বা আৰু মই৷ নিজস্ব নীৰৱতাত বন্দী দুটি প্রাণী|  ওচৰতে থাকিও বহু নিলগ| আব্বা ঘৰত থাকিলে এনে লাগে যেন তেওঁ কেনিবা গ, ঘৰত নাই আৰু নাথাকিলে ভাৱ হয় আব্বা যেন মোৰ নিচেই কাষত!

 

খুব কম সময়ৰ বাবে মই স্কুললৈ গৈছিলোঁ৷ খৰচ-পাতিৰ কথা ভাবিয়েই যোৱাতো বন্ধ কৰা হল৷ যি হল ভালেই হল কাৰণ স্কুললৈ গৈ মোৰ অকণো ভাল লগা নাছিল৷ তাত থকা ছোৱালীবোৰ ইমান সুখী দেখাইছিল৷ সিহঁতৰ মাজত কিমান কথা থাকে পাতিবলৈ! আনকি মাষ্টৰে পঢ়াই থাকোতেও সিহঁতে কাগজৰ সৰু সৰু টুকুৰাত কিবাকিবি লিখি ইজনীয়ে সিজনীলৈ পঠিয়াইছিল৷ কাৰো লগত মিলামিচা নকৰো, নিমাতী হৈ থাকো বাবে শ্ৰেণীৰ ছোৱালীবোৰে মোক ঠাট্টা কৰিছিল৷ মই পিছে কেতিয়াও তৰ্ক নকৰিছিলোঁ৷ সিহঁতৰ সেই তজবজীয়া ঠাট্টা-মস্কৰাৰ পৃথিৱীখনত মোৰ কাম নাছিল৷ মই বেছিৰভাগ সময় চুপেচাপে থাকিয়ে ভাল পাইছিলোঁ৷ স্কুল এৰাৰ পাছত মই সঁচা অৰ্থত নাদৰ ভেকুলী হৈ পৰিলোঁ৷ গতানুগতিক ৰাতিপুৱা আৰু গধূলিবোৰ, সেই একেই দৈনন্দিন কাম-কাজ, একেই একঘেয়ামি, ত নাথাকে ভিন্নতা, নাথাকে কোনো উৎফুল্লতা৷

 

তাৰ পাছত এদিন আব্বা মৰি থাকিল৷

 

যি ৰাতি তেওঁ ঘৰ-ঘৰ আঁচ পৰা কম্বলখন গাত লৈছিল, সেইদিনাই নীৰৱতাৰ হলৌচোলা পিন্ধি আব্বা চিৰকাললৈ নীৰৱ হৈ পৰিল৷ আম্মা হতভম্ব হৈ পৰিল৷ তেওঁ না বিলাপ কৰিলে না বেৰত মূৰ খুন্দিয়ালে৷ এডোখৰ শুকান মাটিয়ে পানী শুহি পেলোৱাৰ দৰে আম্মাই সেই শোক শুহি পেলালে৷ আমাৰ দুখৰ সমভাগী হবলৈ কোনো আত্মীয়-স্বজন নাহিল, কোৰাণ-পাঠৰ আয়োজন  কৰা নহ, কোনোধৰণৰ আনুষংগিক নীতি-নিয়ম পালন কৰা নহল৷ আব্বাৰ জানাজাৰ বাবে মহল্লাৰ মানুহে মিলি খৰছ বহন কৰিলে৷ তেনে কৰি তেওঁলোকে আম্মাক কিছু সকাহ দিলে৷ আব্বা মৰাৰ তিনিদিন পাছৰ পৰা আম্মা আকৌ কাৰখানালৈ যাবলৈ ধৰিলে৷ 

 

এতিয়া আব্বা অনবৰতে ঘৰত৷

 

আব্বাৰ ভয়তে মই কেতিয়াবা ছাদত উঠি থাকোগৈ৷ আমাৰ ছাদত ওখ ৰেলিং নাছিল, পাৰবোৰত কেৱল মাটিৰে চাপৰ ঢিপ দিয়া আছিল৷ ঢিপবোৰত খেৰ জিলিকি আছিল৷ তাত বহি থাকিলে মই আম্মাই ঘৰৰ ওচৰৰ কেঁকুৰিটো ঘূৰিলেই দেখা পাওঁ৷ লগে লগেই মই নামি আহোঁ৷ আমাৰ মহল্লাৰ ভালে কেইজনী ছোৱালীয়ে পাৰ্যমানে মোৰ দৰে নিমাতীজনীৰ মাত ফুটাবলৈ চেষ্টা কৰিছিল৷ পিছে সিহঁত হাৰি গল৷ এতিয়া ছাদৰ সীমাকেইটা মোৰ লগৰীয়া৷ আকাশত উৰি থকা চিলাকেইখন, চুবুৰীটোৰ পাৰজাক আৰু সন্ধিয়া বাহলৈ উভতি অহা কাউৰীৰ জাকবোৰো মোৰ লগৰীয়া৷

                                                                                                                                                                                                                                                                                                                                                                        আমাৰ ছাদৰ পৰা তিনিঘৰ পাৰ হৈ যিটো ঘৰ তাৰ ছাদৰ পৰা এদিন কোনোৱাই সুহুঁৰিওৱা শুনিলোঁ৷ সেইয়াযে কাদিৰ মানে ফেৰীৱালা কাদিৰে সুহঁৰিয়াইছে, মই গম পোৱা নাছিলোঁ৷ তাৰ যে পাঁচটাকৈ লৰা-ছোৱালী আছে আৰু গাঁৱৰ ভিতৰতে আটাইতকৈ ৰূপহী তিৰোতাজনীযে তাৰ ঘৈণীয়েক সেইটোওতো মই নাজানিছিলোঁ৷ মহল্লাৰ ভিতৰতে কাদিৰৰ ঘৰটো আটাইতকৈ ওখ আৰু দেখনীয়াৰ, সেইটোহে মোৰ চকুত পৰিছিল৷ খিৰিকীবিলাকত পৰ্দা আৰু দেৱালবোৰত জালিকটা নক্সা আছিল৷ ছাদত থকা কোঠালীটো দেখাত খোলা-মেলা আছিল৷ তাৰ খিৰিকীকেইখনত অলপতে পাতল ফিৰোজা ৰঙ বুলোৱা হৈছে৷

 

এই কোঠালীটোৱেই হৈ পৰিল মোৰ প্ৰথম ঘৰ৷ সেই কোঠালীটোতেই কাদিৰে মোক তাৰ ভাণ্ডাৰৰ পৰা অনা ককাকলা খাবলৈ দিছিল৷ সি মোক প্লাষ্টিকৰ ক্লিপ, নকলী সোণৰ কাণফুলি, কাঁচৰ খাৰু আৰু তিৰবিৰাই থকা অকমানি নাকফুল এটাও দিছিল৷ কাদিৰৰ সমস্তখিনিতে ফেৰীৱালাৰ গোন্ধ৷ কম দামত বস্তু কিনাত অভ্যস্ত কাদিৰ৷ সি বাকীত বস্তু নেবেচে৷ কিন্তু কোনো গ্ৰাহককে সি তাৰ দোকানৰ পৰা অসন্তুষ্ট কৰি নপঠিয়ায়৷

 

নাজানো, মই আব্বাৰ ভয়তে তালৈ গৈছিলো নেকি৷

নাজানো, যৌৱনৰ একাকীত্বই কিয় আমাক এনেকুৱা ঠাইবোৰলৈ লৈ যায়৷

 

ঈশ্বৰেহে জানে মই কিয় তালৈ গৈছিলোঁ৷ উত্তেজনাৰ সন্ধানত নে হেঁপাহ পলুৱাই খাবলৈ আৰু হাঁহিবলৈ নে জীৱনত নোপোৱা কিবা তৃপ্তি আঁজুৰি লোৱাৰ আশাই মোক তালৈ টানি নিছিল মই নাজানোঁ৷ জৰুৰী নহয় যে সকলো কথাৰে কোনো কাৰণ থাকিবই লাগিব৷ আচলতে মানুহে নিজে নিজেই জীৱনৰ জালত পাক খাই গৈ থাকে৷ চকাত পাক খাই ধৰা ৰেচমী কাপোৰখনৰ দৰে৷ কাদিৰে নিজৰ পৰিয়ালটোক খুব ভাল পাইছিল৷ মাহীয়েক, পেহীয়েক, তেওঁলোকৰ লৰাহঁতৰ কথা কৈ কৈ ভাগৰি নপৰে৷ সি ঘৈণীয়েককো সাংঘাতিক ভাল পাইছিল কিয়নো তাই আছিল পৰিয়ালটোৰ এক গুৰুত্বপূৰ্ণ অংগ৷ মোক দুবাহুত সুমুৱাই লোৱা নিবিড় মূহুৰ্তবিলাকতো সি ঘৈণীয়েকৰ নাম লৈছিল৷ এটা ভোকাতুৰ মানুহৰদৰে সি মোক মৰম কৰিছিল৷ তাৰ মৰমখিনিত মই হাততে সৰগ ঢুকি পাইছিলোঁ৷

 

ৰা-ছোৱালীকেইটাৰ কথা কবলৈ সি বৰ ভাল পাইছিল৷ পৰিয়ালৰ পৰম্পৰা, মহল্লাত তাৰ সুনাম আৰু সিহঁতৰ সমাজত তাৰ মান-মৰ্যাদাৰ ক্ষেত্ৰত সি বৰ একাচেকা৷ সঁচাকৈ কবলৈ হলে, কাদিৰে জাকজমকতা চিনি নাপাইছিল৷ তাৰ গোটেই জীৱনটো সামাজিক নীতি-নিয়মৰ মাজত ভাৰসাম্য ৰাখি চলোতেই গল৷ ইমান বছৰ ধৰি সি বস্তু ফেৰি কৰি আছে যে তাৰ নিজৰ জীৱনটো ফেৰীৱালাৰ খালী বাকচ হেন হৈ পৰিল৷ তথাপি সি মই সাজি-কাচি থাকিলে ভাল পাইছিল৷ সি মোলৈ সেইবোৰ বস্তুহে আনে যিবোৰ মোক দি দিলেও তাৰ সন্তানক বঞ্চিত কৰা নহয়৷ সি জুখি-মাখি জীৱনৰ আনন্দ বুটলি লবলৈ জানিছিল৷ জুখিমাখি চূণ, কাত্থা আৰু তাৰ লগতে এচিকূট জৰ্দা দি পাণ খাব জনা বুঢ়ীবিলাকৰ নিচিনা আছিল সি৷ তাৰ আবেগ-অনুভূতিৰ জীৱনটোও আছিল পৰিশীলিত৷ তাত নাছিল কোনোধৰণৰ উত্তাল তৰংগ অথবা খামখেয়ালিপনা৷ মোক যিয়েই নিদিয়ক কিয় তাৰ দাম সি লগেলগে আদায় কৰি লৈছিল৷

 

অনৰ্গল পেকপেকাই থকা আম্মাই জানো এইবিলাক বুজি পাব?

 

সন্ধিয়া দেৰিকৈ যেতিয়া সাৰ পালে, আম্মাই একেথিৰে মোলৈ কিছুপৰ চাই ৰল৷ মোৰ এনে লাগিল যেন গভীৰ বেদনাত আম্মা বলিয়া হৈ গল৷ পিছ মূহুৰ্ততে মোৰ কান্ধত ঢকিয়াই আম্মাই সুধিলে, “, কেইমাহ চলি আছে? , বেগেতে মোক ক৷কেনেকৈ কওঁ, জমাখৰছত নিপুণ মানুহৰ ওচৰত মাহৰ হিচাব মূল্যহীন! তাত লাভ-লোকচান একোৱেই নাথাকে৷ জীৱনৰ হিচাবখাতাত এনেকুৱা নম্বৰ লিখা আছে যিটো কোনেও পঢ়িব নোৱাৰে৷

 

তাক আকৌ লগ কৰিবি নেকি? ভালে ভালে মোক ক৷

 

আম্মাই ইমান জোৰেৰে এটা চৰ মাৰিলে যে আম্মাৰ হাতৰ পাঁচোটা আঙুলিৰ চিন মোৰ গালত বহি গল৷ আম্মাক কেনেকৈ কওঁ যে কাদিৰৰ প্ৰতি মোৰ কোনো বিশেষ আকৰ্ষণ নাই৷ সেইটোকে যদি মই ব্যাখ্যা কৰিবলৈ যাওঁ, দুয়ো চাগে মোক মাৰিয়েই পেলাব৷

 

তাক আকৌ লগ কৰিবলৈ যাবি নেকি? , বনৰী৷

 

মই আম্মাৰ ভৰিদুখন সাৱটি ধৰিলোঁ৷ নিজৰ যন্ত্ৰণাক লৈ মই কাতৰ নাছিলোঁ৷ মোৰ কোনো নিজা যন্ত্ৰণা নাছিল৷ কিন্তু আম্মাৰ সেই বিধ্বস্ত ৰূপ মই চাই থাকিব পৰা নাছিলোঁ৷ আম্মাই মোক গুৰুলাগুৰুলকৈ পিটা হলে হয়তো মই ইমান অস্বস্তি নাপালোহেঁতেন৷ এতিয়া তেওঁ নিজকে চৰিয়াইছে৷ আম্মাই নিজক শাস্তি দিয়া দেখি মই সহিব পৰা নাই৷ মোৰ ভীষণ কষ্ট হৈছে৷

 

কাদিৰক পুনৰ লগ নকৰো বুলি মই হাজাৰবাৰ শপত খালোঁ৷ মই কোৰাণত হাত থৈ শপত খালোঁ৷ তাৰ পাছত আৰু কেতিয়াও মই কাদিৰৰ ঘৰত ভৰি দিয়া নাছিলোঁ৷ কিন্তু আম্মা যিহেতুকে দিনৰ দিনটো কাৰখানাত থাকে, মই নিজৰ প্ৰতিজ্ঞাত অটল হয় নে নহয় সেইটোক লৈ তেওঁ নিশ্চিন্ত নহয়৷ মোৰ প্ৰতিটো চাল-চলনক লৈ আম্মা সন্দিহান হৈ পৰিল৷ মই শুই থাকিলে আম্মাই মনেমনে আহি মোৰ চোলাটো দাঙি চায়৷ মোৰ পেটটো আঙুলিৰে টিপি টিপি মোৰ গৰ্ভত কেনেবাকৈ সন্তান আছে নেকি চায়৷ কেতিয়াবা শেষ নিশালৈ মোৰ মূৰ শিতানত বহি ইনাই বিনাই কান্দে৷ 

 

কাদিৰে দুনাই আৰু হিচাবৰ খাতা নুখুলিলে৷ ময়ো আৰু তাৰ ওচৰলৈ নগলোঁ৷ ডুব যোৱা বেপাৰত সময় নষ্ট কৰা মানুহ সি নহয়৷ অত ঘনিষ্ঠতা অত আত্মীয়তাৰ পাছতো আমাৰ সম্পৰ্কটো লাভ-লোকচান অবিহনে শেষ হৈ থাকিল৷ আগৰদৰেই জীৱনটো চলি থাকিল৷ উত্তেজনা অথবা পৰিতৃপ্তি একোৱেই মোক চুব পৰা নাছিল৷ মই মাথো জীয়াই আছিলোঁ৷

 

আম্মা এদিন কাৰখানাৰ পৰা আনন্দমনে উভতি আহিল৷ হাতত মিঠাইৰ এটা প্ৰকাণ্ড টোপোলা৷

 

হাজেৰা, আহ আইজনী! মিঠাই খাহি৷ নিয়তিয়ে তোলৈ চকু মেলি চাইছেমই বাদামী বাগত তোৰ বিয়া বন্দৱস্ত কৰি আহিছোঁ৷

 

মোৰ হৃদয়ত বাসনাৰ বীজ সিঁচা মানুহটো আছিল কাদিৰ৷ সি ইমান মৰমেৰে ঘৈণীয়েকৰ কথা পাতিছিল৷ কোনোবাই মোৰ কথাও এনেকৈ পাতক বুলি ময়ো বৰ আশা কৰিছিলোঁ৷ কোনোবাদিনা মোক চাবলৈমানুহ আহিব বুলি কল্পনা কৰিছিলোঁ৷ তাৰ পাছত মুকুট পিন্ধি দৰা আহিব৷ তেওঁৰ চিকচিকীয়া জোতাযোৰত চকু থৈ মই এইখন ঘৰৰ পৰা বিদায় লম৷ হাবিখনৰ সিপাৰলৈ গুচি যাবলৈ মোৰ ইচ্ছা জাগিছিল৷ 

 

আহ৷ তাতে মুখ গুঁজি পৰি থাকিব নালাগে৷ আল্লাই তোৰ চব ঠিক কৰি পেলাইছে৷ মেনেজাৰ চাহাবৰ ঘৈণীয়েক আজি নিজে মোৰ ওচৰলৈ আহিছিল৷

 

তই শুনিছনে, আইজনী? শুনি আছনে মই কি কৈ আছোঁ?’

শুনি আছোঁ আম্মা৷

তেন্তে তোক কিয় সুখী যেন লগা নাই?’

মই সুখী আম্মা৷

 

আম্মা মোৰ কাষ চাপি আহি গোপন কথা কোৱাৰ দৰে কৈ উঠিল, ‘ৰাটো তেওঁৰ ভাগিন বুলি মেনেজাৰ চাহাবৰ ঘৈণীয়েকে কৈছে৷ সি পঢ়া-শুনা নহয় যদিও পাৰিবাৰিক সম্পত্তিৰ একমাত্ৰ উত্তৰাধিকাৰী৷ আমিতো সম্পত্তিশব্দটো মুখত ফুটাবই নাজানোঁ৷ সকলোখিনি তোৰে হব দেচোন৷ মেনেজাৰ চাহাবৰ গাড়ীৰে মই নিজে বাদামী বাগলৈ গৈ আহিছোঁ৷ ঘৰটো চাই আহিছোঁ৷ হালধীয়া ৰঙৰ দুমহলীয়া ঘৰ৷ তাত ফেন আছে, ৰেডিও, টীভী, কাৰ্পেট অৰু চব আছে৷ আহ, মিঠাই খাহি৷ লৰাটো ওপৰমহলাত থাকে৷ ঘৰটো প্ৰকাণ্ড৷ গোটেই জনমটো ৰেচমী কাপোৰ পিন্ধি থাকিবি৷ এই কেঁচা ঘৰটোৰ অসুবিধাখিনি তাত নাপাবি নহয়! সুখী হ৷ কেও কিছু নোহোৱা মানুহক ওপৰৱালাই সহায় কৰে৷ 

 

অলপপৰ ৰৈ মই সুধিলোঁ, ‘আৰু তেওঁতেওঁ কেনেকুৱা?’

 

ওমম, মানে চা, ঘৰ দেখিলেই তাত থকা মানুহ কেনেকুৱা গম পোৱা যায়, নহয় জানো? তলখাপৰ মানুহ তেনেকুৱা ঘৰত নাথাকে দেচোন৷

 

তেওঁ দেখাত কেনেকুৱা?’

 

মাকজনীক দেখিতো লৰাটো দেখনিয়াৰেই হব যেন পাওঁ৷ মাক এক্কেবাৰে ধকধকীয়া বগা, দাগ এটাও নাই৷ নাকটো জোঙা৷ হাতৰ মণিবন্ধ খাৰুৰে পোত খাই আছে৷ আৰু হাজেৰা, তোক কৈছোঁ, তেওঁৰ মাত-কথা ইমান মিঠা, “আহক বাইদেউ”, “বহকচোন বাইদেউ”, “কিবা অলপ লওকচোন বাইদেউ”… “কিবা গৰম দিম নে ঠাণ্ডা খাবআৰু কত কি৷ মোৰ যে তাৰ পৰা আহিবলৈ মনেই যোৱা নাছিল৷ সঁচাই কৈছো জান, হাজেৰা৷

 

মই নিমাতে ৰলোঁ৷

 

শুনচোন, হাজেৰা৷ তেওঁ কোৱামতে তেওঁলোকক মাত্ৰ লৰাটোক আলপৈচান ধৰি তাক সুখত ৰাখিব পৰা ছোৱালী এজনী লাগে৷ তাত বাদে আৰু একো নালাগে৷ তেওঁতো কৈয়েই দিলে, ‘ঈশ্বৰে আমাক বাদ বাকী সকলোখিনি দিছে৷ ধনৰ লোভ থকা হলে আমি বহু আগতেই ধনী ঘৰৰ ছোৱালী এজনী পাব পাৰিলোহেঁতেন৷ কিন্তু আমাৰ বিশ্বাস যে দুখীয়া ঘৰৰ ছোৱালীবোৰৰ মাজত আত্ম-সন্মান, মৰম-ভালপোৱা আৰু সততা আছে৷

 

মই মনতে হাঁহিলোঁ৷ বাদামী বাগৰ ভদ্ৰমহিলাগৰাকীয়ে নাজানে যে মাত্ৰ এই তিনিবিধ নাথাকিলেই মানুহ দুখীয়া হয়৷ ধনৰ অভাৱে দৰিদ্ৰ কৰে৷ কিন্তু দৰিদ্ৰতাক লালন-পালন কৰে এই তিনিবিধ গুণৰ অভাৱে৷

 

এয়া ল৷ এইকিটা সঁচাসচি মতিচুড়ৰ লাড্ডু৷

সেইদিনা আম্মা আছিল অতিশয় সুখী৷ ৰান্ধি থাকোতে আম্মাই কিবা গুণগুণাই আছিল৷ তাৰ পাছত মহল্লাৰ মানুহক খবৰটো দিবলৈ বুলি ওলাই গল৷ ঘূৰি অহাৰ পৰত আম্মাৰ মুখ উজলি আছিল৷ আম্মাক ইমান সুখী কেতিয়াও দেখা নাছিলোঁ৷ বিয়াৰ দুদিন আগলৈকে হাঁহি-মাতি, গীত গুণগুণাই আম্মা ৰঙীয়াল মানুহজনী হৈয়ে থাকিল৷ বিয়াৰ এদিন আগতে বাদামী বাগৰ পৰা আম্মা শেঁতা পৰি আহিল৷ লগত লৈ আহিল অস্বাভাৱিক নীৰৱতা৷ বেছ কষ্টেৰে কাপোৰ-কানি আৰু গহনা-গাঁঠৰি থকা চুটকেচটো চোতাললৈ টানি আনিলে৷ তাৰ পাছত মোক একো নোকোৱাকৈয়ে আম্মা গা ধোৱা ঘৰত সোমাল৷ আম্মাই মোক একোকে নকলে৷ মোক কাপোৰ আৰু গহনাখিনিও নেদেখুৱালে৷ সেই ৰাতিৰ পাছৰ পৰা আম্মাই কোনোদিনে একো নকলে৷

 

মাজৰাতি আম্মাৰ উচুপনি শুনি সাৰ পাই গলোঁ৷ বাকচটো মেলি কাপোৰবিলাক চাই আম্মাই কান্দি আছিল৷

কি হল আম্মা?’

না: একো নাই৷ তই শুই থাক৷

তুমি কিয় কান্দিছা?’

এনেই৷

 

আম্মাই মোক সাৱটি ধৰিলে৷ গালি পাৰিলে, ঠাট্টা আৰু তাচ্ছিল্য কৰিলে আম্মাজনী জীৱিত যেন লাগে৷ কিন্তু যেতিয়া মোক বুকুত সুমুৱাই লয়, তেতিয়া এনে লাগে যেন মানুহজনীৰ শৰীৰত প্ৰাণ নাই৷ আম্মা যেন নিষ্প্ৰাণ৷ মই অলপতে আম্মাক এৰি গুচি যামগৈ কাৰণেই চাগে কান্দিছে বুলি ভাবিলোঁ৷ যদিও মোৰ হৃদয়ত আবেগ-অনুভূতিৰ বাবে কোনো ঠাই নাছিল৷ মিলনৰ আনন্দ কিম্বা বিচ্ছেদৰ বেদনা মোৰ বাবে অৰ্থহীন৷ বেৰত ওলমি ৰোৱা কেলেণ্ডাৰৰ হিচাবমতে মোৰ জীৱনৰ মাহ-বছৰবোৰ গৈ আছিল৷ বছৰ শেষ হোৱা মানে পুৰণিখনৰ সলনি এখন নতুন কেলেণ্ডাৰ৷

 

ৰাতিপুৱালৈকে আম্মাৰ কান্দোন চলি থাকিল৷ মোৰ বিয়াৰ দিনা ফেঁহুজালি দিওতেই আম্মাই মোক কলে, ‘চা হাজেৰা, আমি ভাগ্যৰ লগত যুঁজিব নোৱাৰোঁ৷ মাইকী মানুহৰ জীৱন ভাগ্যৰ অধীন৷ মোলৈকে চাচোন, তেৰ বছৰ বয়সত বিয়া হৈছিলোঁ৷ মানুহটোৱে মানে তোৰ আব্বাৰে গোটেই জীৱনত এক নয়া পইচা উপাৰ্জন কৰি নাপালে৷ না মোক মোৰ প্ৰাপ্য মৰম-ভালপোৱাখিনি দিলে৷ মই মোৰ কপালক দোষ দিয়া নাছিলোঁ৷ কপাল ভাল হোৱা হলে দেখোন মই ৰাজৰাণী হৈ থাকিলোহেঁতেন! তই শুনি আছনে আই? আল্লাই কাৰোবাক যদি ধন-সম্পত্তি দিছে, তেওঁক সন্তান দিয়া নাই৷ কাৰোবাক সন্তান দিছে কিন্তু সেই সন্তান ৰুগীয়া৷ আকাশৰ তৰাৰ দৰে জীৱনৰ দুখ অসংখ্য, গণি শেষ কৰিব নোৱাৰি৷ আমি প্ৰত্যেকেই নিজৰ নিজৰ ভাগৰ যন্ত্ৰণাৰ সৈতে বান্ধ খাই আছোঁ৷

 

কিয় জানো মোৰ ভাৱ হল যে আম্মাই মোৰ পৰা কিবা লুকুৱাইছে৷ আম্মাই মিছা মাতিছে৷ আৰু দুয়োটা কথাই আম্মাৰ স্বভাৱবিৰূদ্ধ৷

আম্মা, আচল কথাটো কি?’

একো নাই৷ প্ৰত্যেকজনী মাকে বিয়া দি উলিয়াই দিবৰ পৰাত জীয়েকক কিবাকিবি দিয়ে৷ তোক যৌতুকত একো দিব নোৱাৰিম, সেইবুলি কি মই তোক দুষাৰ মনৰ কথাও কব নোৱাৰো নেকি?’

হুকহুকাই কান্দি মই আম্মাক সাৱট মাৰি ধৰিলোঁ৷

জাননে, সদায় কাৰখানালৈ অহা-যোৱা কৰোতে মই ৰাস্তাত ভালেকেইটা মেনহল পাওঁ৷ ৰাতিৰ আন্ধাৰত প্ৰায়ে মানুহ তাত সোমায়৷ হাজেৰা, ভাবি লবি যে ভগৱানে পৃথিৱীৰ যতে-ততে ভিন ভিন জোখ আৰু গভীৰতাত কিছুমান মেনহল পাতি থয়৷ কিমানদিনলৈকে সাৰি থাকিব পাৰিবি? মানুহ মাত্ৰেই ভুল কৰে৷ তাতে জীৱনটো হল দীঘলীয়া আৰু ধূসৰ৷ এটা নহয় এটা গাঁততটো পৰিবই লাগিব!

কথাটো কি তুমি মোক ভাঙি-পাতি নোকোৱা কিয়? কি হৈছেনো?’

একো হোৱা নাই৷ একোতো নাই হোৱা৷ তই এখন নতুন ঘৰলৈ যাবি, নতুন নতুন মানুহ লগ পাবি৷ তোৰ আম্মাৰ তাত নাথাকিব, আমাৰ অভাৱবিলাক তাত নাথাকিব৷ সুখৰ লগতে দুখ সকলোতে থাকে৷ মাকৰ ঘৰৰ সুখ-স্বাচ্ছন্দ্যৰ কথা ভাবি থকা ছোৱালীবোৰ শহুৰেকৰ ঘৰত সুখী হব নোৱাৰে৷

আম্মা, নিৰ্ঘাৎ কোনোবাই তোমাক কিবা কৈছে৷ তুমি কিয় মোক নোকোৱা?’

আম্মাৰ মুখত মাত নাই৷ আম্মাৰ নীৰৱতা মোৰ আৰু আব্বাৰ নীৰৱতাতকৈ বহুগুণে গভীৰ৷ মোৰ বিয়াৰ দুদিন পাছতে আম্মা মনেমনে গুচি গল৷ আম্মা দুনীয়া এৰি গুচি গল৷ মোৰ শহুৰৰ পৰিয়ালে গুপুতে আম্মাক কবৰ দিলে৷ মোক একোকে নজনালে৷ মই ওপৰা-ওপৰিকৈ দুটা আঘাত পোৱাতো তেওঁলোকে চাগে বিচৰা নাছিল৷

সেইযে সময়তকৈ আগতে জন্মা কেঁচুৱাবোৰক ইনকুবেটৰত ৰাখি বাহিৰৰ পৃথিৱীৰ সৈতে খাপ খুৱাবলৈ সাজু কৰে, মোৰো দশা একে আছিল৷ শহুৰৰ ঘৰৰ মানুহখিনিয়ে পাৰেমানে মোক সা-সুবিধা, প্ৰাচুৰ্য আৰু তোষামোদৰ মাজত নুৰিয়াই থলে যাতে গুড্ডুৰ মুখামুখি হোৱাৰ পূৰ্বেই মই এইবিলাকত অভ্যস্ত হৈ পৰোঁ৷ বিয়ালৈ অহা আলহীবোৰ থকালৈকে মোক কোৱা হল যে গুড্ডুৰ গা বেয়া৷ সেইকাৰণে সি তলৰ মহলাত মাকৰ কোঠাত শুইছে৷ মোৰ প্ৰায়ে খুব ইচ্ছা হৈছিল তললৈ গৈ তাক চাই আহিবলৈ কিন্তু তাকে কৰিবলৈ সাহ গোটাব নোৱাৰিলোঁ৷

 

শাহুমা আছিল আম্মাৰ সম্পূৰ্ণ বিপৰীত৷ তেওঁ আছিল দাগ এটাও নথকাকৈ ধকধকীয়া বগা, থোলোকা, শান্ত আৰু অসম্ভৱ ধৈৰ্যশীলা৷ কেতিয়াবাতো মোৰ এনে লাগে যেন তেওঁ এই দুনীয়াৰে প্ৰাণী নহয়৷ তেওঁৰ দুচকুত ইমান যন্ত্ৰণা থুপ খাই আছিল! সেই যন্ত্ৰণা দেখি মই ভয় খাইছিলোঁ৷ আম্মাৰ মৃত্যুৰ পাছত তেওঁৱেই মোৰ হিয়াত ঠাই পাইছিল৷ শাহুমা মনেমনে বহি থকা দেখিলে মই বেজাৰ পাইছিলোঁ৷ যেনেকৈ আম্মাক দেখিলেও পাইছিলোঁ৷

 

গুড্ডুক প্ৰথমবাৰলৈ লগ পোৱা ৰাতিৰ কথা৷ সেইদিনা শাহুমা বহুসময় মোৰ ওচৰতে বহি আছিল৷ হাতদুখন মোৰ আঁঠুত থৈ মাজে মাজে আঁঠু দুটা মোহাৰি আছিল৷ কিবা এটা কবলৈ আৰম্ভ কৰি আধা কোৱাতে এৰি দি মোৰ মুখলৈ থৰ লাগি চাই ৰৈছিল৷৷

গুড্ডু চাহাবে এতিয়া ভাল পাইছেনে?

সি এতিয়া ঠিকে আছে৷ আজি ৰাতি তোমাৰ ওচৰলৈ আহিব৷

নিজৰ স্বামীক দেখা পোৱাৰ মাদকতাই মোৰ বুকুত তোলপাৰ লগালে৷

হাজেৰা, কেতিয়াবা এনেকুৱা হয় যে ছোৱালীবোৰে নিজৰ স্বামীৰ যিটো ৰূপ কল্পনা কৰে বাস্তৱত সেয়া একেবাৰে বেলেগ হৈ যায়৷ পিছে তুমি কথাটো কেনেকৈ গ্ৰহণ কৰা সেইটোহে মূল কথা৷ আমি মাইকী মানুহবোৰে লৰা-ছোৱালীও জন্ম দিওঁ আৰু পৰিয়ালটোও ধৰি ৰাখোঁ৷ পৰিস্থিতি যিয়েই নহওক, মতা মানুহ সদায় বহিৰাগত৷

 

এই প্ৰথম মোৰ মনটো চেবালে৷ তাৰ পাছত ভাবিলো, কিজানি গুড্ডু দেখনিয়াৰ নহয় কাৰণে শাহুমাই মোক এনেকৈ কৈছে৷ আৰু হয়তো সেইকাৰণেই গুড্ডুক এতিয়ালৈকে মোৰ কাষলৈ আহিবলৈ দিয়া নাই৷ শাহুমাই চাগে ধৰিব পৰা নাছিল যে মই ইতিমধ্যে বেছ উদগ্ৰীৱ হৈ পৰিছিলোঁ৷ মোৰ স্বামীক চাবলৈ ব্যাকুল হৈ পৰিছিলোঁ৷

কোনো কাৰণ নোহোৱাকৈয়ে বহুপৰলৈকে শাহুমা মোৰ ওচৰত বহি থাকিল৷ যাবলৈ উঠি তেওঁ কলে, ‘চোৱা হাজেৰা, গুড্ডুৰ চোৱাচিতা কৰিলে আমি তোমাৰ ওচৰত কৃতজ্ঞ হৈ ৰম৷ সি আমাৰ একমাত্ৰ লৰা৷ পাঁচজনী বাই-ভনীৰ একেটা মাথো ভাই৷ তোমাৰ কিবা দৰকাৰ হলেই মোক কবা৷ মোৰ মানত গুড্ডুতকৈ মূল্যৱান একোৱেই হব নোৱাৰে৷

তেওঁ কি বুজাব বিচাৰিছে! মই কথাষাৰৰ অৰ্থ বিচাৰি আছিলোঁ৷

 

তেওঁ যেন কথাৰ চলেৰে আৰু চকুলোৰে অন্তৰত দপদপাই জ্বলি থকা জুইকুৰাক শান্ত কৰিবলৈ যত্ন কৰিছিল৷ মোৰ মিতিৰ-কুটুমৰ মাজত ছোৱালীৰ অভাৱ নাছিল৷ কিন্তু মই ইচ্ছাকৃতভাৱে দুখীয়া ঘৰৰ ছোৱালী এজনী বিচাৰিছিলোঁ৷ দুখীয়াৰ অন্তৰতহে সমবেদনা আৰু ভালপোৱা বিচাৰি পোৱা যায়৷ ভালে বেয়াই গুড্ডু এতিয়াৰ পৰা তোমাৰ৷

এনেকৈ কৈয়েই খৰখেদাকৈ শাহুমা ওলাই গল৷

তেওঁ ঠিক কৈছিল৷ গুড্ডু কেৱল মোৰ আছিল৷ কিন্তু দুখৰ কথা এয়ে যে মই কাহানিও গুড্ডুৰ হব নোৱাৰিলোঁ৷ আনকি যিমানখিনি কাদিৰৰ হৈছিলো সিমানকণো হব নোৱাৰিলোঁ!

 

ৰাতি বহুত দেৰীকৈ গুড্ডু মোৰ কোঠালৈ আহিল৷ প্ৰথমে বাহিৰত কিবা ফুচফুচনি চলিল৷ তাৰ পাছত সি কোঠাত সোমাল৷ সোমায়েই সি মোৰ গাত ওলমি দিলে৷ বাদুলীয়ে যিদৰে গছৰ ডালত ওলমি দিয়ে ঠিক সেইদৰে৷ তাৰ পিছে পিছে শাহুমা আৰু দুজনী জেশাহু৷

আম্মা, মোৰ কইনামোৰ পত্নীমোৰ ধুন ধুন ধুনীয়া কইনা৷

শাহুমা আৰু জেশাহুহঁতে তাক লৰালৰিকৈ মোৰ গাৰ পৰা এৰুৱাই নিলে৷

গুড্ডু কি কৰিছা!

মোৰ কইনা, চোৱানা! ইহঁতে মোক তোমাৰ ওচৰলৈ আহিবলৈ নিদিছে৷ কৈছে বোলে মোক দেখিলে তুমি পলাই যাবা৷ পলাই যাবা নেকি তুমি? মই ইমান বেয়া নেকি? কোৱানা মোক৷ ৰীডাৰখন আনি তোমাক পঢ়ি শুনামনে? মোৰ ৰীডাৰখন ক? আনি নিদিয়া কিয়? মই মোৰ কইনাক পুথি পঢ়ি শুনাম৷

 

শাহুমাই গুড্ডুক শান্ত কৰিবলৈ চেষ্টা কৰিলে৷ কিন্তু সি কান্দি দিলে, ‘চবেই মোক বেয়া ব্যৱহাৰ কৰে৷ কলে কয় বোলে মোৰ ভালৰ কাৰণেহে কৰে৷ ডাঙৰ আপা, মই কিয় মনে মনে থাকিম? তুমি চুপ থাকা আৰু মোক অকলে থাকিবলৈ দিয়া৷ তাই মোৰ কইনা, মই তাইৰ সতে কথা পাতিমমই কথা পাতিমপাতিমেই৷

 

সোলোক-ঢোলোক বাঁহৰ খুঁটিত আঁঠুৱা তৰা টান কাম৷ এপিনৰ খুঁটি টান কৰিব খুজিলে আনপিনৰ খুঁটিদুটা স্থানচ্যুত হৈ বিচনাৰ তললৈ বাগৰি পৰে৷ একেধৰণে শাহুমা আৰু জেশাহুহঁতে গুড্ডুক মোৰ আগত সুস্থ দেখুৱাবলৈ কৰা সকলো যতন বিফল হৈ পৰিল৷ অলপ সময়ৰ পাছত তেওঁলোকে হাত দাঙি দিলে৷ তেওঁলোক কোঠাৰ পৰা ওলাই গল৷ ভাবিলে চাগে তেওঁলোক আঁতৰিলে বিপদটোও আঁতৰি যাব৷

 

এয়া আৰম্ভণি আছিল৷ মোৰ জীৱনলৈ সন্ত্ৰাসৰ আগমন তাৰ আৰম্ভণি৷ এজন আধা বলিয়া মানুহৰ সৈতে মোৰ বৈবাহিক জীৱনৰ আৰম্ভণি আছিল এয়া৷ তেতিয়ালৈকে ভাল ভাল বস্তু নোপোৱাকৈয়ে মোৰ জীৱন পাৰ কৰিছিলোঁ৷ গুড্ডু বদ্ধ পাগল হোৱাহেঁতেন চাগে মই লাহ-বিলাহৰ মাজেৰে জীৱনটো অতিবাহিত কৰিলোহেঁতেন৷ তাৰ বলিয়ালিখিনিৰ বাহিৰে সি আছিল এটা ৰোমাণ্টিক মেজাজৰ মানুহ৷ সি অনবৰতে মোক চুই, সাৱটি, চুমা খাই ওমলাই থাকিবলৈ বিচাৰিছিল৷ মই দিনৰ দিনটো তাৰ লগত বিচনাতে পৰি থাকিব লাগে, সি তাকে বিচাৰিছিল৷ পুৱাৰ জলপান খাই থকাৰ পৰা সি মোক চোঁচোৰাই নিব বিচাৰে৷

গুড্ডু, হাজেৰাক খাই লবলৈ দিয়া৷

আম্মা, মই কিবা এটা ভাবিছোঁ৷ একান্ত গোপনীয়৷ সেই্টো মোৰ কোঠাতহে কৰিব পৰা যাব৷

তাইক অন্ততঃ টষ্টটো শেষ কৰি লবলৈ দিয়া৷,’ ডাঙৰ ননদে মাত লগায়৷

 

তেতিয়া সি মোৰ গাত গা লগাই কাণতে এনেকুৱা কিবা গোপন কথা এটা কৈ দিয়ে যিটো সকলোৱে শুনা পায়৷ সি শৰীৰৰ কোনো অংগৰ কথা কৈ দিয়ে যিটো সাধাৰণতে সকলোৰে আগত কোৱা নাযায়৷ 

আহা হাজেৰা৷ ফটাফট আহা৷

তুমি যোৱা৷ তাই এক মিনিটতে আহি আছে৷

তেতিয়া সি মোৰ দুপাট্টাত ধৰি টনাটনি আৰম্ভ কৰি দিয়ে৷ জলদি কৰা৷

এবাৰ শোৱনি কোঠাত সোমোৱা মাত্ৰকে মোৰ আপত্তি, কাকূতিমিনতি একোৱেই নৰজে৷ বান্দৰৰ নিচিনাকৈ মোৰ গায়ে-মূৰে বগাই সি উৰাই-ঘূৰাই চুমা খায়৷ যদিহে পিন্ধি থকা কাপোৰ আৰু গহনা খুলি নিদিও, সি বিকট চিঞৰ মাৰিবলৈ ধৰে৷ সেই মূহুৰ্তবিলাকত সি মোক সম্পুৰ্ণ কাবু কৰি পেলায়৷ তাৰ নিচিনা সোণালী চুলিৰ লৰাটোৱে কান্দি থকা দেখিলে শোকে খুন্দা মাৰি ধৰে৷ মোৰ তেতিয়া তাক কোঁচত লবলৈ মন যায়৷

 

মই যেন কিবা এক ঘোৰৰ মাজত আছিলোঁ৷ ৰাতি-দিনবোৰ বিভীষিকাময় হৈ পৰিছিল৷ দিনবোৰ ৰদঘাই অছিল নে ৰাতিবোৰ এঙেৰুৱা আছিল মই ধৰিব পৰা নাছিলোঁ৷ শাহুমা খুব মৰমীয়াল আছিল৷ মোৰ সুবিধা-অসুবিধাবোৰৰ প্ৰতি নজৰ ৰাখে৷ তেওঁৱে মোক নতুন নতুন সাজ-পোছাক আৰু গহনা কিনি দিয়ে৷ মোক দেখিলে ননদহঁতে লাজ পায়৷ মোক এৰাই চলে৷ অকল শহুৰদেউতাইহে কেতিয়াবা মোক কাষত বহুৱাই লৈ জীৱনৰ অনিশ্চয়তাৰ বিষয়ে কয়৷

 

কেতিয়াবা গুড্ডু সম্পূৰ্ণ স্বাভাৱিক হৈ পৰে৷ তেনেকুৱা দিন-বাৰবোৰে মোৰ মনত আশাৰ সঞ্চাৰ কৰে৷ মই অকল্পনীয় কিবা সৌভাগ্যৰ সপোন দেখোঁ৷ তেনেকুৱা দিন-বাৰবোৰত কোনেও কব নোৱাৰে যে সেইটোৱেই সদায় দেখি থকা গুড্ডু৷ মূৰত টুপী আৰু হাতত নামাজৰ পাটীখন লৈ সি মিচিককৈ হাঁহি মোৰ ওচৰলৈ আহে৷ হাজেৰা, মই ইছাৰ নামাজলৈ যাওঁ৷ তুমি খাই-বৈ শুই যাবা দেই৷ মোলৈ ৰৈ থাকিব নালাগে৷

 

পাঁচজনীকৈ বাই-ভনীৰ একমাত্ৰ ভাই, নিজৰ পুতেকটোৰ এনে সুন্দৰ ব্যৱহাৰ দেখি শাহুমাৰ মন উথলি উঠে৷ নিশ্চয় বেটা৷ তাই শুই যাব৷ তুমি চিন্তা নকৰিবা দেই৷ তুমি যোৱা৷ নামাজ পঢ়াগৈ৷

উভটি আহি কোঠালৈ অহাৰ আগেয়ে গুড্ডুৱে সকলোকে মাত লগাই আহে৷ বুঢ়া মানুহৰ নিচিনাকৈ সি বহু সময় ধৰি দাঁত মাজে৷ তাৰ পাছত চোফাত বহি হেডলেম্পৰ পোহৰত কিতাপৰ পাত লুটিয়ায়৷ বুজিবলৈ অসুবিধা হোৱা পাতবোৰ লুটিয়ায়৷ নিশা পলমকৈ সি বিচনালৈ আহে৷ আৰু মোলৈ পিঠি দি শুই যায়৷ ভালে ভালে থাকিলে মোৰ সতে তাৰ বিশেষ কাম নাথাকে৷

 

ভালে থাকিলে সি প্ৰায়ে শহুৰদেউতাৰ লগত কাৰখানালৈ যায়৷ তাৰ পৰা আহি মনেমনে আহাৰ খায়৷ দিনটো কাৰখানাত কি কি হল সেইবিলাক কয়৷ তাৰ পাছত মোক অকণো আমনি নিদিয়াকৈ চিনেমা চাবলৈ গুচি যায়৷

তেনেকুৱা দিনবিলাকত শাহুমা কমোৱা তুলা হৈ বতাহত উৰি ফুৰে৷

হাজেৰা, আমি সমস্ত সম্পত্তি গুড্ডুৰ নামত কৰি থৈছোঁ৷ এই বঙলাটো, মাটি-বাৰী, কাৰখানালৈকে সকলো গুড্ডুৰ৷ ছোৱালীহঁত বিয়া হৈ এদিন গুচি যাব৷ এই গোটেইবিলাক তোমাৰ আৰু গুড্ডুৰ সম্পত্তি৷

 

সেই দিনবিলাক বৰ শান্তিৰ আছিল৷

ভুলতো যদি মানুহৰ আগত গুড্ডুৰ গাত হাতখন লাগিছিল, সি চিঞৰি দিয়ে, ‘আৰে, কি কৰিছা হাজেৰা? দেখা নাই ভণ্টিহঁতে দেখি আছে! সিহঁত ডাঙৰ হৈছে নহয়!

 

পিছে তেনেকুৱা দিনবোৰ আছিল আঙুলিৰ মূৰত গণিব পৰাকৈ দুৰ্লভ৷ কোনো এক পুৱা শুই উঠিয়েই গুড্ডু আগৰদৰে হৈ পৰিছিল৷ সি ভালে থকা দিনকেইটাত ঘৰখনত হাঁহি-খিকিন্দালি  চলে৷ ননদকেইজনীৰ বিয়াৰ কথা-বতৰা চলে৷ সপৰিয়ালে চিনেমা হলত মেটিনি শ্ব চাবলৈ যোৱা হয়৷ আত্মীয়-স্বজনক দুপৰীয়া আৰু নিশাৰ সাজলৈ নিমন্ত্ৰণ কৰা হয়৷ সকলোৰে আগত শাহুমাই মোক চিনাকি কৰাই দিয়ে, ‘ভনীহঁত, জানানে এইবিলাক সম্ভৱ হৈছে অকল হাজেৰাৰ যাদুকৰী পৰশত৷ ডাক্তৰে কৰি নোৱৰা কামটো এই কৰিলে৷ গুড্ডু যোৱা দহ বছৰে বেমাৰত ভুগিছে, কিন্তু এতিয়া সি এক্কেবাৰে ভাল হৈ গল৷ হাজেৰাই তাক নতুন জীৱন দিছে৷ তাইয়ে গুড্ডুক এজন পুৰুষৰ ৰূপত গঢ় দিছে৷

 

তেওঁৰ প্ৰশস্তিয়ে মোক অপ্ৰস্তুত কৰে৷ তেওঁ এজনী মাক৷ সেই সুবাদত তেওঁৰ আবেগখিনিও নিভাঁজ৷ কিন্তু ময়োতো এজনী নাৰী যাৰ প্ৰয়োজনখিনি অপূৰ্ণ হৈ ৰৈছিল৷ ফলত বাহিৰত যি দেখুৱাইছিলো বুকুৰ গভীৰত সেয়া অনূভুত হোৱা নাছিল৷

ক্ষমতা থকা হলে শাহুমাই চাগে নিজেই গুড্ডুৰ পত্নী হৈ থাকিবলৈ পচন্দ কৰিলেহেঁতেন৷ তেনেকৈ তাক জীৱনৰ কঠিন সত্যৰ পৰা বচাই ৰাখিলেহেঁতেন৷ কেতিয়াবা গুড্ডুৱে বিচনাতে পেচাব কৰি দিলে আনে দেখাৰ আগতেই তেওঁ নিজে খৰধৰকৈ বিচনাচাদৰ ধুই-পখালি, তোচকখন ৰদাবলৈ দিয়ে৷ মই গুড্ডুক চোৱা-চিতা কৰাৰ বোজা লবলগীয়া নহৈছিল৷ শাহুমাক চাই মই প্ৰায়ে অবাক হওঁ, কি নিপুণতাৰে কোনোবাই আনৰ দুৰ্বলতাখিনি ঢাকি ৰাখিব পাৰে৷ ভাবি অবাক হওঁ, কেনেকৈ কোনোবাই অক্ষমতাখিনিৰ সৈতে আন কাৰোবাক নিৰ্বিবাদে গ্ৰহণ কৰিব পাৰে! কেতিয়াবা কেতিয়াবা এনে লাগিছিল যেন ঈশ্বৰৰ সৃষ্টিৰ দুৰ্বলতা দানৱৰ চকুত নপৰক বুলিয়েই সৃষ্টিকৰ্তাই মৃত্যুৰ পৰ্দাৰে মানুহক আঁৰ কৰি ৰাখে৷

 

শাহুমাৰ সমুখত মোৰ অৱস্থিতি মিছা যেন লাগিছিল৷ তেওঁলোকে মোক আথে-বেথে নুৰিয়াই থোৱা সুখ-সুবিধা আৰু বৈভৱ অৰ্থহীন হৈ পৰিছিল৷ মই গুড্ডুৰ অন্তৰত নিজলৈ ঠাই অকণ উলিয়াবলৈ সক্ষম নহলোঁ৷ যৎপৰোনাস্তি চেষ্টা কৰি চালোঁ৷ কিন্তু যত পূৰাপুৰি মেৰামতিৰ প্ৰয়োজন তাত এটা সামান্য চিলাইৰে কাম নহয় সেইটোহে স্পষ্ট হৈ গৈছিল৷ যত মন-প্ৰাণ সঁপি দিয়াৰ প্ৰয়োজন তাত সাময়িক মৰমে একো ফল দিব নোৱাৰে৷

গুড্ডুৰ কাৰণেই এনে হল নেকি সেইটো ঈশ্বৰেহে জানিব৷

আম্মাৰ মৃত্যুৰ পাছৰ পৰা মোৰ অন্তৰখন একেবাৰে শূন্য হৈ গল৷ সেই কথাটো ঈশ্বৰে জানে৷

 

মোৰ জীৱনৰ গতিপথ যে বেছিদিনলৈ পোন হৈ নাথাকিল সেয়াও কি ঈশ্বৰৰ ইচ্ছাতে হৈছিল নেকি বাৰু? বৰঞ্চ শিলাময় ঠেক, উদং পথবোৰ মোৰ ভাগত পৰিল৷ সেউজ ঘাঁহনিৰ মাজেৰে পাৰ হৈ যোৱা মানুহে কাঁইটত জোঁটপোট খাই ধৰিলেও আনন্দিত অনুভৱ কৰে৷ আঢ্যৱন্ত মানুহবিলাকৰ জীৱনত ডাক্তৰ সদায় থাকে৷ ঠিক যিদৰে থাকে যন্ত্ৰণা আৰু দগদগীয়া ঘাঁবোৰ৷

 

দ্বিতীয়বাৰৰ বাবে ঘটনাটো ঘটিল!

যেতিয়া মোৰ বাওঁ ভৰিখন আছিল একেবাৰে তলৰ চিৰিটোত আৰু মাৰ্বলৰ মজিয়াখনৰ ঠিক ছয় ইঞ্চি ওপৰত আছিল সোঁ ভৰিখন ঠিক তেতিয়াই শাহুমাই পিছপিনৰ পৰা মোক চুলিত ধৰি টানি আনিলে৷ মোৰ নিচিনা অনুশোচনাই দগ্ধ কৰি থকা মানুহজনীৰ থিয়ৈ ৰোৱাৰ শক্তিয়েই বা কত! মোক বগৰাই পেলাবলৈ শাহুমাই ভুকু এটাও মাৰিবলগীয়া নহল৷

ঐ মৰতী, বেগেতে ক, এই ৰাতিখন তই কৰ পৰা আহিছ?’

গল্ফ খেলৰ বলটোৰ দৰে মোৰ মূৰটোৱে মজিয়াত খুন্দা মাৰিলে৷

ওপৰত না কোঠা আছে না শৌচাগাৰ৷ কি কৰি আছিলি তই ওপৰত? মোক উত্তৰ দে, বনৰী!

মোৰ হৃদয়, মগজু আৰু আত্মা শিল হৈ পৰিল৷

মুখ মেল! ক কোনে আমাৰ মান-সন্মানৰ লগত খেল খেলিলে?’

 

তিনিমহলালৈ উঠি যোৱা চিৰিটোত বহি শাহুমাই বিননি জুৰিছিল৷ ডিচেম্বৰৰ এই মৰঠাণ্ডাত গাত কম্বল মেৰিয়াই থকাৰ পিছতো চিৰি-কোঠাটোত শহুৰদেউতা ঘামত তিতিছিল৷ শাহুমাক কিদৰে কওঁ যে মই তেওঁৰ মান-সন্মানৰ লগত খেলা নাছিলোঁ৷ মইতো তেওঁৰ মান-সন্মান ৰক্ষা কৰিবলৈহে বিচাৰিছিলোঁ৷ কিন্তু কিছুমান কথা মুখ ফুটাই কলে মুঠেও সঁচা যেন নালাগে!

ওপৰত কোন আছিল? কোন সোমাইছে মোৰ ঘৰত? কিবা এটা নকৱ কিয়, খাই পাত ফলাৰ জাত?’

চেঁচা মজিয়াখনত বাগৰি মই ভাবি নাপালো তেওঁক কি কম৷ কত আৰম্ভ কৰিম আৰু কতেইবা সামৰিম? এনেকুৱা পাকলগা কাহিনী তেওঁ জানো বুজিও পাব!

শুন হাজেৰা, হয় মোক তাৰ নাম কৈ দে নহয় তোক এতিয়াই তালাক দিয়াম৷

মই শাহুমাক ভাল পাই পেলাইছিলোঁ৷ তেনেস্থলত মই কেনেকৈ শাহুমাক তেওঁৰ নামটো কৈ দিওঁ?

যিমান পাৰো তোৰ সুখত ৰাখিবলৈ চেষ্টা কৰিলো আৰু তই মোক এনেকুৱা প্ৰতিদান দিলি, বজ্জাত ছোৱালী কৰবাৰ!

ভালে ভালে সৈ কাঢ়৷ চা, আজিলৈকে মই কাৰো গাত হাত তোলা নাই, কিন্তুমোৰ ধৈৰ্যৰ আৰু পৰীক্ষা নলবি তই! মোক নামটো ক৷

 

শাহুমাক কেনেকৈ কৈ দিলোহেঁতেন যে তেওঁ মোক দয়া কৰে কাৰণেই মই এনে পাপ কৰিছোঁ…?

শীতৰ আৰম্ভণিতে এদিন শহুৰদেউতা মোক লগ পাবলৈ আহিছিল৷ সেইদিনা ঘৰৰ বাকী সকলো গুড্ডুক লগত লৈ পীঠস্থান এখনলৈ গৈছিল৷ তেওঁলোকে তাত ভক্তৰ মাজত খোৱাবস্তু বিলাব৷ জ্বৰ উঠাৰ বাবে মই যাব পৰা নাছিলোঁ৷ দুৱাৰত মৃদু এক টোকৰ৷ চৰাইয়ে যে বাট বিচাৰি টুকুৰিয়ায়, তেনেকুৱা মৃদু টোকৰ৷

ভালেমান পৰৰ পাছত এটি দুৰ্বল মাত, ‘হাজেৰা৷

দুৱাৰখন খুলি দিলোঁ৷ তেওঁ বাহিৰত ৰৈ আছিল৷

এতিয়া ভাল পাইছানে?’

ঠিকে আছোঁ৷

মই ঘূৰি দিওঁতেই তেওঁ মোৰ হাতখনত ধৰি লাহেকৈ কলে, ‘ডাক্তৰ আহিছিলনে?’

, আহিছিল৷

মোৰ বিচনাৰ গাতে লাগি থকা চোফাখনত বহি লৈ তেওঁ বহুপৰলৈকে ডাক্তৰে দিয়া কাগজখিনি চাই থাকিল৷ হয়তো মোক কব বিচৰা কথাখিনি মনতে আওৰাই আছিল৷ ভাগৰ লগাত মই সিকাতি হবলৈ ধৰোতেই তেওঁ গলখেকাৰি এটা মাৰি কলে, ‘হাজেৰা, তোমাক কথা এটা কবলৈ আছে৷ নাজানো তুমি কিদৰে লবা৷

কওঁকচোন৷

গুড্ডু মোৰ একমাত্ৰ পুত্ৰসন্তান৷ মোৰ সম্পত্তিৰ একমাত্ৰ উত্তৰাধিকাৰী৷

ঈশ্বৰে বিচাৰিলে সি ভাল হৈ যাব৷ আম্মি গৈছেই…’

সি কেনেকৈ ভাল হ? আমি আমেৰিকাৰ পৰাও খালী হাতে উভতি আহিলোঁ৷ এটাই উপায় আছে…’

কি সেইটো? সেইটো কি হব পাৰে? বহুত দেৰিলৈকে মই তেওঁৰ মুখলৈ ৰ লাগি চাই থাকিলোঁ৷ হঠাৎ দেখা পালোঁ, শহুৰদেউতাৰ চকুপানী বৈ আহিছে৷

গুড্ডুৰ যদি এটা সন্তান থাকিলহেঁতেন! তেতিয়া মোৰ মান-সন্মান ৰক্ষা পৰিলহেঁতেন৷ এই ঘৰখনত এজন উত্তৰাধিকাৰী থকাতো জৰুৰী৷

পৰিয়ালটোত উত্তৰাধিকাৰী থাকিবই কিয় লাগে মই নাজানিছিলোঁ৷ কিন্তু বৃদ্ধ শহুৰদেউতালৈ মোৰ কৰুণা উপজিল৷

মোক উদ্ধাৰ কৰা৷ মোৰ পৰিয়ালটোৰ সুখ-শান্তি অক্ষুণ্ণ ৰাখা৷ মোৰ পৰিয়ালৰ মান-মৰ্যাদা আৰু সুনাম সকলোবিলাক তোমাৰ হাতত৷

 

তিনিমহলালৈ উঠি যোৱা চিৰিটোত বহি শাহুমাই মোক কৰা উপকাৰৰ হিচাব দি আছিল৷ সেয়া আছিল মই তেওঁৰ পৰিয়ালৰ লগত কটোৱা দিনকেইটাত কৰা উপকাৰৰ হিচাব, যেনে, শ্বপিং মলত বজাৰ কৰা, হোটেলত খানা খোৱা, হলত চিনেমা চোৱা৷ দূৰণিত কৰবাত কুকুৰা এটাই ডাক দিছিল৷ সেই মূহুৰ্তত মোৰ এনে লাগিছিল শাহুমা যেন এটা উফৰি ফুৰা বল৷ নিজৰ বলিয়া পুতেকৰ প্ৰতি থকা অপত্য স্নেহত ঘঁহনি খাই বলটোত ঘাঁ লাগি গৈছে৷ তেওঁক চাই সেই মূহুৰ্তত মোৰ আম্মালৈ মনত পৰিছিল৷

, হাজেৰা৷ ঈশ্বৰৰ শপত, মানুহটো কোন তই মোক কৈ দে৷ মোৰ গুড্ডুৰ সুখ-শান্তি কাঢ়ি নিব বিচৰা মানুহটোক মই সুদাই নেৰোঁ৷

মই পাপী বুলি সম্ভৱতঃ শাহুমাক কোনোপধ্যেই কব নোৱাৰিলোহেঁতেন৷ কাৰণ মোৰ পাপৰ অংশীদাৰজনেও যে মোৰ মুখ বন্ধ কৰি থৈছিল৷ পৰিয়ালৰ মান ৰাখিবলৈ বুলি দিয়া প্ৰস্তাৱটোত মান্তি হৈ আৰম্ভ কৰা সম্পৰ্কটো মই সন্তানসম্ভৱা হোৱাৰ পাছতো কিয় চলি থাকিল সেইটো মই শাহুমাক কেনেকৈ ব্যাখ্যা কৰিলোহেঁতেন! জীৱনত ঘটি থকা বহু ঘটনা ইতিহাসৰ ঘটনাৰাজিৰ লগত মিলি যায়৷ সেইবিলাক বুজাবলৈ ঢেৰ তত্ত্ব অথবা ব্যাখ্যা পোৱা যায়৷ অথচ সত্যত উপনীত হোৱাতো প্ৰায় দুৰুহ হৈ পৰে৷

 

হাজেৰা, তোক শেষবাৰৰ কাৰণে সুধিছো আমাৰ সুখৰ সৈতে ধেমালি কৰা মানুহটোৰ নাম কি? , তই কৈ দে৷

 

শাহুমা, বেচেৰী শাহুমাজনী পুত্ৰ প্ৰেমত ডুবি আছিল৷ পৃথিৱীৰ পাতনিৰ পৰাই মানুহে এই খেল খেলি আহিছে৷ এইখনেই একমাত্ৰ সঁচাসচি খেল৷ এই সত্য জানো শাহুমাই উপলব্ধি কৰিব পাৰিলেহেঁতেন? মানুহে এই খেলৰ লগত মান-সন্মানৰ কথা লেটিয়াই নিদিয়া হলে মানৱ সভ্যতা আজি বহুদূৰ আগুৱাই গলহেঁতেন৷ আজিকালি যদিহে কোনোবাই প্ৰচলিত পৰম্পৰা উলংঘা কৰে, তাক মৰ্যাদাৰ নামতে বলি দি দিয়ে৷ ভালপোৱাৰ কোন শতৰুৱে যে এই প্ৰথা আৰম্ভ কৰিছিল আৰু মান-সন্মানৰ সৈতে প্ৰজনন প্ৰক্ৰিয়াক সাঙুৰি দিছিল সেয়া ওপৰৱালাইহে জানিব৷ ঈশ্বৰেহে জানে কোনটো শতিকাত কোন যুগান্তকাৰী চিন্তাবিদে ধৰ্ম, প্ৰেম আৰু মানুহৰ দৈহিক চাহিদাক একেলগ কৰি প্ৰেমৰ সংহিতা নিৰ্ধাৰণ কৰিছিল৷

 

হাজেৰা, মই অন্তিমবাৰৰ কাৰণে সুধিছো - তোৰ গৰ্ভত কাৰ সন্তান লৈ ফুৰিছ?’

মোৰ চিঞৰি চিঞৰি সকলোকে কবলৈ মন গৈছিল যে এতিয়ালৈকে কোনেও মোৰ গৰ্ভধাৰণক লৈ আনন্দ প্ৰকাশ কৰা নাই৷ তেওঁলোকক লাগে কেৱল সন্তানটোৰ পিতৃ পৰিচয়৷ সন্তানটোৰ নিজস্ব কোনো গুৰুত্ন নাই নেকি? গৰ্ভস্থ সন্তানটো বৈধ বুলি জানিলেহে আনন্দিত হব পাৰি নেকি? তেনে কোনো প্ৰাকৃতিক আইন থকাহেঁতেন নিজৰ অবৈধ সন্তানলৈ কোনো মাকৰ মমতা নাথাকিলহেঁতেন৷

হাজেৰা, কোন সি? মোক বেগেতে ক৷ মই কথা দিছো - তই সৈ কাঢ়ি দিলে তোৰ অবৈধ সন্তানটো মই গ্ৰহণ কৰিম৷ যদি নকৱতেন্তেতেন্তে মই তোক তালাক দিয়াম৷

 

মই কবই খুজিছিলো কিন্তু শাহুমালৈ থকা মৰমে মোক বাধা দিলে৷ তেওঁৰ প্ৰতি সহমৰ্মিতা আছিল যাৰ বাবে একে আঘাততে তেওঁৰ পৃথিৱীখন ধ্বংস হবলৈ এৰি দিব নোৱাৰিলোঁ৷

নীৰৱে মই নিজৰ ঘৰলৈ উভতি আহিলোঁ৷

ইয়াত মানে এইখন ঘৰত আব্বাই অনবৰতে মোক সংগ দিছিল৷ দন্দুৰী, মুখ চোকা আম্মা তাত নাছিল৷

 

আজি, বাইছ বছৰৰ পাছত ঘটনাটো আকৌ ঘটিল

এই লৈ তৃতীয়বাৰলৈ!

মোৰ সোঁ ভৰিখন আছিল একেবাৰে তলৰ চিৰিটোত আৰু মাটিৰ পৰা ঠিক ছয় ইঞ্চি ওপৰত বাওঁ ভৰিখন থাকোতেই কোনোবাই মোক চুলিত ধৰি টানি আনিলে৷ এনেয়ে চিৰিৰে নামি অহাৰ ভাগৰত ফোঁপাই আছিলো, একেকোবে মাটিত বাগৰি পৰিলোহি৷ মোৰ হনুৰে তেজ এসোঁতা বৈ অহা গম পালোঁ৷

এই ৰাতিখন কৰ পৰা আহিছ? ৰাতিখন ওপৰত তোৰ কি কাম আছিল মোক ক?

মই নিমাতে ৰলোঁ৷

ৰা ডাঙৰ কৰিবলৈ এজনী মাকে কিমান কষ্ট সাধিবলগীয়া হয় সেই কথা মোৰ প্ৰাপ্তবয়স্ক লৰাটোক কিদৰে কওঁ?

বেলেগৰ মুখত বহুত কথা শুনি আহিছোঁ৷ আমাৰ ঘৰৰ মালিকৰ লগত তোৰ কি সম্পৰ্ক আছে মোক ক? শ্বেখ চাহাব তোৰ কি হয়? ক!

মই নিশ্চুপ৷

মই কি তাক কব লাগিছিল নেকি যে শ্বেখ চাহাব আমাৰ হিতৈষী৷ অত বছৰে তেওঁ আমাৰ খেয়াল ৰাখি আহিছে৷ আজিলৈকে ঘৰ-ভাৰা বিচৰা নাই৷ এইবোৰৰ ওপৰিও বিভিন্নধৰণে তেওঁ আমাক সহায় কৰি আহিছে৷

মইমই ভাবিছিলোঁতুমি সৰগৰ দেৱীএজনী হুৰীমইমই প্ৰায়ে নিজকে কৈছিলোঁএকো নাইআব্বা পগলা হলেওমোৰ আম্মাজনী….’

তাৰ চকুৰে বৈ আহিছে ধাৰাসাৰ চকুলো৷ সি মোৰ আগত জীৱনত সৰুৰে পৰা নোপোৱাখিনিৰ খতিয়ান দি আছে৷ নিজৰ আৰু পৃথিৱীৰ মাজৰ সংঘাতত সি বিধ্বস্ত৷

ওপৰত কাৰ লগত আছিলি মোক ক৷ শ্বেখ চাহাবৰ লগত তোৰ কি সম্পৰ্ক?’

 

প্ৰথমবাৰলৈ মুখ মেলিলোঁ৷ নীৰৱতাৰ ভয়াল ক্ষেত্ৰৰ পৰা মাতটো ভাঁহি আহিল, ‘বেটা, মোৰতো কাহানিও কাৰো সৈতে কোনো সম্পৰ্ক নাছিল!

ঠিকেই, মোৰতো কাহানিও কাৰো সৈতে কোনো সম্পৰ্কই নাছিল৷

 

---সমাপ্ত---

 

(এম. আছাদুদ্দিনৰদ্বাৰা উৰ্দুৰ পৰা ইংৰাজীলৈ অনুদিত গল্পটি সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰা “Short Stories From PAKISTAN” নামৰ সংকলনৰ পৰা লোৱা হৈছে৷)

Post a Comment

0 Comments