পিতৃ জৱাহৰলাল নেহেৰুৱে জীয়ৰী ইন্দিৰালৈ লিখা চিঠিৰ অসমীয়া অনুবাদ

মূলঃ জৱাহৰলাল নেহেৰু 
অনুবাদ: দেৱাশ্ৰী বৰগোহাঁই


 

মোৰ মৰমৰ ইন্দিৰা

২৬ অক্টোবৰ ১৯৩০

 

জন্মদিনত উপহাৰ আৰু শুভেচ্ছা গ্ৰহণ কৰাটো তোমাৰ অভ্যাসত পৰিণত হৈছে। মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা সদায়ে তোমাৰ লগত আছে। কিন্তু নাইনি জেইলৰ পৰা কি উপহাৰ তোমালৈ পঠিয়াও। মোৰ উপহাৰ কোনো সামগ্ৰী নহয়, ই মানসিক তথা আত্মিক খোৰাকহে। যাক কোনো কাৰাগাৰৰ ওখ দেৱালে বাধা দিব নোৱাৰে।

মাজনী, তুমিতো জানাই উপদেশ দিয়া কামটো মই কিমান বেয়া পাওঁ। মই ভাৱো উপদেশেৰে কি ভাল আৰু কি বেয়া, কি কৰা উচিত আৰু কি কৰা অনুচিত তাৰ সঠিক পথ বাচি উলিয়াব নোৱাৰি। বৰঞ্চ আলোচনাৰ মাজেৰে বহু সত্য উন্মোচিত হয়। মই তোমাৰ লগত কথা পাতি খুবেই ভাল পাওঁ। আমি বহু কথাই আলোচনা কৰো। কিন্তু পৃথিৱীখন বৰ বিশাল। আমাৰ এই পৃথিৱীখনৰ উপৰিও বহুতো ধুনীয়া আৰু ৰহস্যময় পৃথিৱী আছে, যি আমাৰ কল্পনাৰো অগোচৰ। আমি জীৱনত শিকা প্ৰ্তিটো শিক্ষাই মহত্ত্বপূৰ্ণ, ই আমাক বিদ্বান কৰি তোলে।

তাৰবাবে মই কি কৰিব পাৰো। এখন চিঠিয়ে খুব কমেইহে আলোচনাৰ ঠাই দখল কৰিব পাৰে। সঁচা কথাত কবলৈ গলে এইয়া একপক্ষীয়। কল্পনা কৰিবা যে তোমাৰ চিন্তাৰ মই কেইটামান পৰামৰ্শ আগবঢ়াইছো। সাধাৰণতে যিটো আমি আমাৰ আলোচনাবোৰত কৰো।

বুৰঞ্জীত আমি দেশৰ গুৰুত্বপূৰ্ণ সময়, মহান পুৰুষ-নাৰীৰ বিষয়ে পঢ়িছিলো। মনত আছেনে! প্ৰথমবাৰ জেন ডি আৰ্কৰ বিষয়ে পঢ়ি তুমি কিমান মুগ্ধ হৈছিলা আৰু তেওঁৰ দৰে কাম কৰিবলৈ লক্ষ্য বান্ধিছিলা। সাধাৰণ নৰ মনিচৰ জীৱন বীৰত্বপূৰ্ণ নহয়। তেওঁলোকে আহাৰ-পানী, সন্তান তথা সংসাৰিক চিন্তাৰ পৰা আহৰি নাপায়। কিন্তু কেতিয়াবা এনে সময় আহি পৰে যে তেওঁলোক একগোট হৈ কাম কৰিবলৈ বাধ্য হয়। তেতিয়া ইতিহাসে এই সাধাৰণ সৰল মানুহবোৰক মহান কৰি তোলে। জন্ম হয় একো একোজন মহান নেতাৰ আৰু তেওঁলোকে সাধাৰণ জনগণক উদ্ধুত্ব কৰি তোলে। ভাৰতৰ প্ৰতিজন জননেতা শোষিত নিষ্প্ৰেষিতৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে। তাৰবাবে তেওঁলোকে গভীৰ দায়িত্ব আৰু ত্যাগ স্বীকাৰ কৰিছে। ভোকাতুৰ, দুখীয়া আৰু নিপীড়িতসকলক সুখী তথা মুক্ত কৰাৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰিছে।

বাপুজী এতিয়া কাৰাগাৰত, কিন্তু তেওঁৰ বাণীয়ে কোটি কোটি ভাৰতীয়ৰ হৃদয় জয় কৰিছে। পুৰুষ মহিলা আনকি সৰু সৰু লৰা ছোৱালীবোৰো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যুঁজখনলৈ ওলাই আহিছে। আজি ভাৰতবৰ্ষত আমি ইতিহাস ৰচনা কৰিছো। তুমি আৰু মই সৌভাগ্যবান যে এই সকলোবোৰ ঘটনা আমাৰ চকুৰ আগত দেখিবলৈ পাইছো আৰু এই মহান নাটকখনৰ অংশীদাৰ হৈছো।

ইয়াত আমি কি ভূমিকাত অভিনয় কৰা উচিত?

আমি যদি ভাৰতৰ প্ৰকৃত সৈনিক হব বিচাৰো তেনেহলে ভাৰতৰ সন্মানৰ বাবে শ্ৰদ্ধা থকা উচিত, সন্মান পবিত্ৰ বিশ্বাসৰ। কি শুদ্ধ, কি ভুল বিচাৰ কৰা সহজ নহয়। তুমি যদি কেতিয়াবা দোমোজাত থাকা এটা সৰু পৰীক্ষা কৰি চাব পাৰা। কেতিয়াও গুপুত বা লুকুৱাবলগীয়া কাম নকৰিবা। কিবা লুকুৱাইছা মানে তুমি ভয় কৰিছা। ভয় এটা বেয়া বস্তু আৰু ই তোমাৰ অযোগ্য। সাহসী হোৱা, বাকী সকলোৱে তোমাক অনুসৰণ কৰিব। তুমিতো জানাই বাপুজীৰ নেতৃত্বত গঢ়ি উঠা স্বাধীনতা আন্দোলনত নিৰ্জনতা আৰু গোপনীয়তাৰ বাবে ঠাই নাই। লুকোৱাবলৈ আমাৰ একো নাই। আমি কি কৰিছো বা কি কৈছো তাক লৈ ভয় নকৰো। আমি সূৰ্যৰ পোহৰত কাম কৰো। সেয়েহে আনকি আমাৰ ব্যক্তিগত জীৱনতো আমি সূৰ্যৰ লগত বন্ধুত্ব কৰো আৰু তাৰ পোহৰত কাম কৰো। একো কাম গুপুতে নাথাকে। আৰু তুমি যদি এনেভাৱে কাম কৰা তেন্তে মাজনী তুমি পোহৰৰ সন্তান ৰূপে, নিৰ্ভীক, নিৰ্মেঘ আৰু নিৰ্বিকাৰ ভাৱে ডাঙৰ হবা।

চিঠিখন বহু দীঘলেই হল। তথাপিও বহুকথা কবলৈ ৰৈ গল। এখন চিঠিয়ে কিমান বহন কৰিব পাৰিব? শুভ বিদায় কণমানি। ভাৰত মাতৃৰ সেৱাত সাহসী চিপাহীৰূপে ডাঙৰ হৈ উঠা।

মৰম আৰু শুভেচ্ছাৰে

তোমাৰ মৰমৰ দেউতা

জৱাহৰলাল নেহৰু

 

 

অনুবাদকৰ টোকাঃ  চিঠিৰ এক সুকীয়া ঐতিহ্য আছে। আধুনিক যান্ত্ৰিক পৃথিৱীখনত ই হেৰাই গলেও এক অনন্য স্বাক্ষৰ আজিও বহন কৰি আছে। দুৰণিত থকা পিতৃৰ পৰা যেতিয়া এখন চিঠি আহি এগৰাকী কন্যাৰ হাতত পৰেহি তাৰ পুলকতা পাওতাইহে বুজে। স্বাধীনতা সংগ্ৰামী পিতৃ তথা ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে কৰ্মব্যস্ততা মাজতো জীয়ৰী ইন্দিৰা প্ৰিয়দৰ্শিনীলৈ চিঠি লিখিছিল। স্বাধীনতা আন্দোলনৰ সময়ত কাৰাবাস খাটিবলগীয়া হওঁতে বিভিন্ন ভাষা-সংস্কৃতি, বুৰঞ্জী, ভূগোল, বিজ্ঞান, মহাকাব্য আদিক বিষয় হিচাপে লৈ লিখা চিঠিসমূহ কেৱল তেওঁৰ কন্যাৰ বাবেই নহয় প্ৰতিজন ভাৰতীয়ৰ বাবে অমূল্য সম্পদৰূপে চিহ্নিত হৈ আহিছে। তাৰ মাজৰে এখন চিঠিৰ ভাৱানুবাদ আগবঢ়ালো। চিঠিখন নাইনিৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ২৬ অক্টোবৰ ১৯৩০ চনত লিখা হৈছিল।

 

Post a Comment

0 Comments