মূল (হিন্দী) : হৰিবংশ ৰায় বচ্চন
অসমীয়া ভাবানুবাদ : প্ৰাঞ্জল কুমাৰ
লাহন
যেতিয়া যুদ্ধ আপোনজনৰ লগত হয়
আৰু জিকাটো অতি জৰুৰী হৈ পৰে
যেতিয়া যুদ্ধ নিজৰ সৈতে হয়
লক্ষ্য পোৱাটো সৌভাগ্যৰ কথা
আমি চেষ্টাও নকৰো সেয়া বেয়া কথা
কোনোৱে বৰফক সুধিলে—
তুমি ইমান চেঁচা কিয়?
বৰফে খুউব সুন্দৰ উত্তৰ দিলে—
মোৰ অতীতো পানী, মোৰ ভৱিষ্যতো পানী
সেয়ে গৰম কি কথাও হওঁ !
পিচলি পৰাটোও ভাল কথা বন্ধু
নিজৰ সামৰ্থৰ কথা গম পোৱা যায়
হাত আগবাঢ়ে যেতিয়া উঠাবলে'
আপোনাজনৰ কথা গম পোৱা যায়
শিকি আছোঁ এতিয়া মাথো
মানুহক পঢ়াৰ কৌশল
শিকি আছোঁ এতিয়া মাথো
মানুহক পঢ়াৰ কৌশল
শুনিছোঁ চেহেৰাত কিতাপতকৈ বেছিকৈ লিখা থাকে
ঈন্বৰে সৃষ্টি কৰিলে আমাক জীৱন দি আৰু আমি থাকোঁ ঐশ্বৰ্য বিচাৰি
ঐশ্বৰ্যৰ পাছত জীৱনটো পাৰ কৰিলোঁ
পিচে জীয়াই থাকিবলৈ দিন বিচাৰি ৰৈ গৈছোঁ
এই ক'ফিন
এই মৃতদেহ
এই কবৰ
মাথোন একোটা কথা বন্ধু!
নহ'লেতো মানুহৰ মৃত্যুতো তেতিয়াই হয়
যেতিয়াই সুঁৱৰিবলৈ কোনো নাথাকে
এই সমুদ্ৰও তোমাৰ দৰে স্বাৰ্থপৰ হ'ল
জীয়াই থাকোতে সাঁতুৰিবলৈ নিদিলে
আৰু মৰাৰ পাছতো ডুবিবলৈ নিদিলে
ৰি ক'ম মই এই পৃথিৱীৰ কথা
প্ৰত্যেক ব্যক্তিৰে নিজা সাধুকথা আছে
যি কাষত আছে তেওঁক মানুহে বেয়া বুলি কয়
আৰু যাক কেতিয়াওঁ দেখা নাই তেওঁক ভগৱান বুলি কয়
আজি লগ পালো ভাটিয়লী আয়ুসক
মই ক'লোঁ অকনমান ৰৈ যোৱাচোন
তেওঁ হাঁহি ধেমেলীয়াকৈ ক'লে—
মই আয়ুস ৰৈ নাথাকো
মোক যদি পাব খুজিছা
মোৰ প্ৰতিটো খোজে খোজে যাওঁ ব'লা
ময়ো হাঁহি হাঁহি ক'লোঁ—
কেনেকৈ যাওঁ মই তোমাৰ সহযাত্ৰী হৈ
তোমাৰ সৈতে গ'লে মই এৰিব লাগিব
মোক
মোৰ শৈশৱ
মোৰ অজ্ঞনতা
মোৰ ল'ৰালি
তুমিয়েই কোৱাচোন
কেনেকুৱা জ্ঞানী পৃথিৱীক আঁকোৱালি লওঁ
য'ত আছে ঘৃণা কৰা, আঁতৰি থকা, আপত্তি কৰা আৰু একাকীত্ব !
মই পৃথিৱীৰ এই ফুলনিৰ
এক যাযাৱৰ মাথো
গৈ থকা সময়তে ময়ো এনেকৈয়ে গুচি যাম
কিছুমান চকু সেমেকাই, কিছুমান অন্তৰত সোঁৱৰণী হৈ থাকি যাম ৷
0 Comments