বিষফুল
মূল(বঙালী) : সত্যজিত ৰায়
অনুবাদ : ৰঞ্জনা দত্ত
“ সেইফালে নেযাব বাবু”
জগন্ময়বাবু উচপ খাই উঠিল।
তেওঁৰ ওচৰে পাজৰে অন্য কোনোবা আছিল বুলি তেওঁ গম পোৱা নাছিল বাবেই এইদৰে চক খাব লগা
হ’ল। তেওঁৰ সোঁহাতে দহ হাত মান দুৰত তেৰ চৈধ্য বছৰ বয়সৰ ল’ৰা এটা থিয় হৈ থকা দেখিবলৈ
পালে। তাৰ পিন্ধনত এটা চেক চেক নীলা হাফপেণ্ট আৰু ওপৰত এটা সেউজীয়া ৰঙৰ চোলা। চুলিখিনি
গাৱঁলীয়া কায়দাৰে পৰিপাটিকৈ কৈ ফণিওৱা, চকুদুটাত শান্ত অথচ বুদ্ধিদীপ্ত চাৱনি। জধা
মুৰ্খ হ’লে এনেকুৱা চাৱনি হ’ব নোৱাৰে। সি নিৰ্ঘাট কোনো স্কুলত পঢ়ে।
‘ কোনফালে যাব নেলাগে? ’ জগন্ময়বাবুৱে
প্ৰশ্ন কৰিলে।
‘ সেইফালে ‘
অৰ্থাৎ জগন্ময়বাবুৱে খোজকাঢ়ি
থকাৰ পৰা অকণমান ৰৈ যিফালে দৃষ্টি নিক্ষেপ কৰিছিলে সেইফালে।
‘ কিয় যাব নেলাগে? কি হ’ব
গ’লে? ’
‘ বিষ আছে ‘
‘ বিষ আছে? কিহত? ‘
‘ সৌ গছ জোপাত ‘
আচলতে সেই গছ জোপা দেখিয়েই
জগন্ময়বাবুৰ খোজ মন্থৰ হৈ পৰিছিল। ফুলৰ গছ। বনৰীয়া ফুলৰ গছ সম্ভৱ। ৰাস্তাৰ পৰা বিশ
হাত মান দূৰৈত এটা মাটিৰ ঢাপ আৰু তাৰ ওপৰত এজোপা মাত্ৰ গছ। ওচৰে পাজৰে গছ বুলিব পৰা
আৰু একো নাই। এই গছজোপা কঁকাল মানলৈকে ওখ। গোল গোল সৰু সৰু পাত আৰু পাতৰ মাজে মাজে
খুব ধুনীয়া হালধীয়া, কমলা আৰু বেঙুনীয়া ৰঙৰ ফুল। জগন্নাথ বাবুৰ এই কাৰণেই আচৰিত লাগিছিল
যে যোৱা তিনিদিন ধৰি এইটো ৰাস্তাৰে অহা যোৱা কৰা সত্ত্বেও সেই ঢাপটো আৰু গছজোপা তেওঁৰ
চকুত পৰা নাছিল। অবশ্যে কেঁচা আৰু অচিনাকি ৰাস্তা বাবে খোজকঢ়াৰ আধাতকৈ বেছি সময় তেওঁৰ
চকু সমুখৰ ৰাস্তাত ৰাখিয়েই যাব লগা হৈছিল। গতিকেই ফুলজোপা চকুত নপৰাটো একো আচৰিত কথা
নহয়।
ল’ৰাটোৱে তেতিয়াও একেধৰণে
থিয় হৈ তেওঁৰ মুখলৈ চাই আছিল।
‘ কি নাম তোৰ? ’
‘ ভগৱান ‘
‘ ওৰে বাব্বা! -বঙালী ক’ত
শিকিলি? ’
‘ স্কুলত ‘
‘ মোৰ পাছে পাছে আহিছিলি কিয়?
‘
‘ সেইটো আমাৰ ঘৰ ‘।
জগন্ময়বাবুৱে যিফালে মাটিৰ
ঢাপটো আছে সেই ফালেই কিছুদূৰ আগত জোপোহা জঙ্ঘলেৰে বেৰা দিয়া এটা চৌহদৰ ভিতৰত থকা সিহঁতৰ
খেৰী ঘৰটো দেখা পালে।
জগন্ময় বাবুৱে আকৌ ল’ৰাটোৰ
ফালে চাই পঠিয়ালে। আৰু দুই এটা প্ৰশ্ন কৰিব লাগিব। সি ফট কৰি নিজে এইভাবে আগুৱাই আহি
তাক বাধা দিব কিয়?
‘ গছ জোপাৰ কি নাম? ’
‘ নাজানো ‘
‘ বিষ আছে বুলি গম পালি কেনেকৈ?
’
‘ মৰি যায় যে! ’
‘ কি মৰি যায়? ’
‘ সাপ, বেং, নিগনি…..চৰাই…’
‘ কেনেকৈ মৰে? গছজোপাত বহিলে?
নে ফুল খালে? ’
‘ ওচৰলৈ গ’লে। ‘
‘ ওচৰলৈ মানে? কিমান ওচৰলৈ?
’
‘ চাৰি হাত। পাঁচ হাত। ‘
‘ তইতো দেখিছো বেছ গল্পবাজ।
নে এই বয়সতেই গাঁজা খোৱাত ধৰিছ? স্কুলত তোৰ মাষ্টৰক সুধিবি। ফুলগছত এনেকুৱা বিষ কেতিয়াও
নেথাকে’।
ল’ৰাটোৱে মনে মনে একো নোকোৱাকৈ
ৰ’ল।
‘ মই ইয়াৰ নতুন মানুহ। চেঞ্জৰ
বাবে আহিছোঁ। মোৰ গা একেবাৰে বেয়া বুজিছ? এইদৰে গাজা টাজা নামাৰিবি। আমাৰ দেশত এইধৰণৰ
গছৰ কথা কোনেও শুনা নাই। এনেকুৱা হ’ব নোৱাৰে। ‘
‘ আমাৰ দেশৰ নহয়। চাহাবে আনিছিল
‘।
‘ কোন চাহাব? ’
‘ আপুনি যিটো ঘৰত আছে, তেওঁ
তাতে আছিল ‘।
‘ কেতিয়া আহিছিল? ’
‘ যি বাৰ খুব খৰাং হৈছিল,
তাৰ আগৰ বছৰ ‘।
‘ নামটো কি তেওঁৰ? ’
‘ নামটো নাজানো। ৰঙা বগা মুখ,
চুটি চুলি’।
‘ তেওঁ আহি এই ঢাপটোৰ ওপৰত
গছজোপা পুতি থৈ গৈছিল? ’
‘নাজানো ‘।
‘ তেনেহ’লে? ’
‘ চাহাবজন যোৱাৰ পিছতে গছজোপা
হ’ল। সেইযে জঙ্ঘল বোৰ দেখিছে, তাতেই ঘূৰি ফুৰে হাতত আইনা এটুকুৰা লৈ ‘। বটানিষ্ট- টনানিষ্ট
হ’ব চাগৈ, জগন্নাথ বাবুৱে মনেমনে ভাবিলে। বৰ আচৰিত কথাবোৰ কৈছে ল’ৰাটোৱে।
‘ সৌৱা চাওক না ‘- ল’ৰাটোৱে
আঙুলিয়াই দেখুৱালে ‘ সৌ ঢাপটোৰ কাষত। সেই যে পাথৰটো তাৰ সোঁফালে ‘।
জগন্ময়বাবুৱে চাই পঠিয়ালে।
বগা ৰঙৰ কিবা এটা দেখা গৈছে।
‘ কি বস্তু সেইটো? ’
‘ সাপ ‘।
‘ সাপ? ’
‘ সাপ আছিল। এতিয়া হাড়। চিতি
সাপ। ফুলবোৰে বিষৰ বতাহ এৰি দিয়ে ‘।
জগন্ময়বাবুৱে বাইন’কুলাৰটো
লগাই চালে। সাপেই হয়। সাপৰ কংকাল। দূৰবীণ লগাই ফুলবোৰো চাই পঠিয়ালে। যিমান সৰল বুলি
ভাবিছিলে সিমান নহয়। কোনো এটা ৰঙেই একক নহয়। হালধীয়াৰ মাজে মাজে বেঙুনীয়াৰ পৰশ, বেঙুনীয়াৰ
মাজত হালধীয়া, অৰেঞ্জৰ মাজত বগা আৰু ক’লা।
যন্ত্ৰটো চকুত লগাই জগন্ময়বাবুৱে
আৰু এটা মৰা কিবা দেখিবলৈ পালে। কেৰ্কেটুৱা বা চেমেলিয়ন জাতীয় কিবা এটা। এইটো যোৱা
দুই এদিনৰ ভিতৰত মৰিছে।
‘ কিন্তু এইবোৰ এতিয়াও চালাক
হৈ উঠা নাইনে? এতিয়াও আহে আৰু মৰে? ’
‘ সদায়ে মৰে কিবা এটা বা দুটা’।
‘ ক’তা আৰুতো একো দেখা পোৱা
নাই। মাত্ৰ দুটাইটো ‘।
‘ ঢাপটোৰ পিচফালে আছে। বেচি
মৰিলে সিহঁতক বাহেঁৰে টানি আনি চাফা কৰি দিয়ে ‘।
‘ কোনে? ’
‘ মোৰ দেউতাই। ময়ো কৰো ‘।
‘ তেতিয়া হ’লে বাঁহেৰে গছ
ডাল মৰিয়াই মৰিয়াই চাফা কৰি নেপেলাৱ কিয়? আপদ নাইকিয়া হ’ব ‘।
‘ আকৌ গজি উঠে ‘।
‘ কি কৱ তই! ’
‘ জ্বলাই দিলেও আকৌ গজি উঠে’।
জগন্ময় বাবুৱে কথাটোত বেছি
গুৰুত্ব দিব খোজা নাছিল। কাৰণ কথাটোৰ পাঁচ অনাও তেওঁৰ বিশ্বাস হোৱা নাছিল। যিকণ হৈছে,
তাকো এবাৰ কোনো বিদেশী কিতাপ এখনত মাংস ভোজী গছৰ কথা পঢ়িছিল বাবেহে। মানুহৰ অগোচৰে
পৃথিৱীৰ চাৰিওফালে চাগৈ এতিয়াও অনেক আশ্চৰ্যকৰ বস্তু আছে।
‘এনেকুৱা গছ আৰু আছেনে? ‘
‘ আছে ‘।
‘ ক’ত? ’
‘ সৌ জংঘল খনত আছে ‘।
‘ওচৰে পাজৰে এই এজোপাই? ’
‘ আৰু দেখা নাই বাবু ‘।
যদি এইটোৱে সঁচা হয় তেতিয়া
হ’লে ক’ব লাগিব যে ইয়ালৈ আহি সুন্দৰ নিৰিবিলি পৰিবেশ আৰু টাটকা সুস্বাদু খাদ্যৰ বাহিৰেও
জগন্ময়বাবুৰ বাবে এইটো এটা উপৰুৱা লাভ হ’ব। এই কথা বোৰৰটো আশাই কৰা নাছিল। ঘূৰি গৈ
অফিচত ক’বলৈ ভাল গল্প এটা হ’ব। বিষফুল। গছৰ নিশ্বাসত বিষ! সেই মৃত প্ৰাণী দুটাক নেদেখা
হ’লে তেওঁ কেতিয়াও বিশ্বাস নকৰিলে হেতেঁন। কিন্তু সি এনেকৈ সাজি সাজি গল্প ক’ব কিয়,
সেইটোও এটা প্ৰশ্ন। এইধৰণৰ প্ৰেকটিকেল জোক একমাত্ৰ চহৰতহে সম্ভৱ-তাকো এক এপ্ৰিলৰ দিনা।
গাঁৱত যে এইধৰণৰ ৰসিকতা নহয় চিৰকাল চহৰত থাকিও জগন্ময়বাবুৱে বুজিব পাৰে। তেওঁ এইটোও
বুজি পালে যে তেওঁৰ ৪২ বছৰীযা জীৱনত আজিৰ দিনটো এটা স্মৰণীয় দিন। বিষ ফুলৰ কথা আজি
তেওঁ প্ৰথম শুনিলে।
কিন্তু মজাৰ কথা এইটোৱে যে
তেওঁৰ কাঠঝুমৰিলৈ অহাৰ কোনো কথাই নাছিল। গৈছিল ডালটনগঞ্জত থকা তেওঁৰ ভনীয়েকৰ ঘৰলৈ পোন্ধৰ
দিন মান তাতে কটাই আহিব বুলি। যোৱা বছৰৰ পৰাই উশাহৰ কষ্ট এটা অনুভৱ কৰি আছে তেওঁ। ডাক্তৰ-অকল
ডাক্তৰ কিয়, চিনা জনা সকলোৱেই-কৈছে ড্ৰাই ক্লাইমেটত কেইদিনমান কটাই অহাৰ কথা। -‘ বিয়া
বাৰু তো কৰোৱা নাই; ইমান বোৰ টকা কাৰ বাবে সাঁচি ৰাখিছা? অলপ খৰচ তৰছ কৰিবা। আমাৰ লগত
নকৰা নালাগে নিজৰ লগতটো কৰা! ’-এই ‘ইমানবোৰ টকা’ ৰ ঘটনাটো জগন্ময় বাবুৰ শান্ত জীৱনলৈ
অহা এটা প্ৰকাণ্ড মহাসামুদ্ৰিক ঢৌৰ দৰে। তিনি দিন ৰেচৰ মৈদানলৈ যোৱাৰ পিছত চতুৰ্থ দিনাই
তেওঁ জেকপট পাই গ’ল। একেবাৰতে চৌষষ্ঠি হাজাৰ টকা। অথচ ঘোঁৰা লৈ কোনোদিন তেওঁ মূৰ ঘমোৱা
নাছিল। কোনোদিন ৰেচ সম্বন্ধীয় কিতাপৰ পাত লুটিয়াই চোৱা নাই; গৈছিল কেৱল এজন বন্ধুৰ
পাল্লাত পৰি আৰু কিছু পৰিমাণে কৌতূহল বশতঃ। ডাক্তৰ নন্দীয়ে কোৱা মতে হাঁপানিৰ অসুখটো
হৈছে সেই টকা পোৱা পিছৰে পৰাই। সেইটো হ’ব পাৰে। জগন্ময় বাবুৱে নিজে লক্ষ্য কৰিছে যে
এই আকস্মিক ভাগ্য পৰিবৰ্তনৰ ফলত তেওঁৰ কিছুমান চাৰিত্ৰিক পৰিবৰ্তনেও দেখা দিছে। যেনে,
তেওঁ সাধাৰণ অৱস্থাত বহুত খৰচী স্বভাবৰ আছিল,
এতিয়া বেছ হিচাবী হৈ পৰিছে। গাড়ী কিনাৰ সামৰ্থ্য হৈছিল, কিনিম কিনিম বুলিও নিকিনিলে।
বন্ধু বোৰক ভোজ ভাত খুৱম বুলি শেষ পৰ্যন্ত সন্দেশ খুৱাই থৈ দিলে। মৰমৰ ভতিজা তিলুৰ
জন্মদিনত চৌৰাল্লিছ টকা দামৰ ৰেলগাড়ীখন দৰদাম কৰি পইছা উলিয়াবৰ সময়তহে মত সলনি কৰি
সাতশ টকাৰখন কিনিছে। শুকান ক্লাইমেটত পোন্ধৰ দিন মান কটাই অহাৰ পৰিকল্পনাটো যেতিয়া
মূৰত সোমাল, বন্ধুবোৰৰ অনেকেই অমুক ঠাই, অমুক
হোটেল, তমুক টুৰিষ্ট লজৰ কথা কৈছিল, সেই সকলোবোৰ জগন্ময়বাবুৰ সামৰ্থ্যৰ ভিতৰতে আছিল;
কিন্তু শেষ মুহূৰ্তত তেওঁ টকা কেইটা বচাবলৈ ডালটনগঞ্জত থকা ভনীয়েকৰ ওচৰলৈ যোৱাই ঠিক
কৰিলে। পুৰা ছুটিটো তাতেই থাকিলে হেতেঁন। কিন্তু দুই ভাগিনিয়েকৰ একেলগে চিকেন পক্স
ওলোৱাত ভনীজোঁৱায়েকে নিজেই ক’লে, ‘এবাৰ কাঠঝুমৰিৰ
মুৰ চাহাবৰ বঙলাটোত খবৰ কৰি চাওকচোন। বিলাতি টাইপৰ বঙলা, খোৱা বোৱা সস্তা আৰু ভাল,
চেঞ্জ আৰু বিশ্ৰাম দুয়োটা হ’ব। অৱশ্যে চাহাব আৰু নাই - চাৰিমাহ মান আগতে ঢুকাল। কিন্তু
তেওঁৰ পত্নী আছে। তাতেই থাকে। তেওঁলোকে ঘৰটো ভাৰা দিয়ে বুলি জানো ‘।
বুঢ়ী মিছেছ মুৰে কোনো আপত্তি
নকৰিলে। তথাপিও কৈছিল ‘এইবোৰ কথা মোৰ পতিয়েই চোৱাচিতা কৰিছিল। -তেওঁৰ কেইজনমান স্থায়ী
মানুহ আছিল -কিন্তু তেওঁ লোকৰ কোনো চিঠি বা টেলিগ্ৰাম দেখা পোৱা নাই; আপোনাক দিবলৈ
একো আপত্তি নাই, কিন্তু পোন্ধৰ দিনতকৈ বেছি থাকিবলৈ দিব নোৱাৰিম, ভেৰি চৰি ‘
‘ তাৰ প্ৰয়োজনো নহ’ব ‘।
তিনিদিন ডালটনগঞ্জত থকাৰ পিছত,
যোৱা শুকুৰবাৰে জগন্ময়বাবু মুৰ চাহাবৰ বাংলোটোলৈ অহা আজি তিনিদিন হ’ল। আহিয়েই তেওঁ
বুজি উঠিছে যে তেওঁৰ নিচিনা মানুহৰ বাবে ছুটী কটাবৰ বাবে ইয়াতকৈ ভাল জেগা আৰু একো হ’ব
নোৱাৰে। প্ৰথম কথা ক্লাইমেট। অহাৰ পিছৰে পৰা এদিনো উশাহ লোৱাৰ কষ্ট অনুভব কৰা নাই।
দ্বিতীয়তে কলিকতাৰ মানুহ জগন্ময় বাৰিকে কল্পনাই কৰিব পৰা নাছিল যে ট্ৰাম, বাছ, টেক্সী,
লৰী, ৰেডিও, টেলিফোন টেলিভিছন, চিনেমা মানুহৰ হুলস্থূল ইত্যাদি বাদ হৈ গ’লে কি আশ্চৰ্য
টনিকৰ দৰে কাম কৰে! তেওঁ এতিয়া বুজি উঠিছে কলিকতাৰ মানুহবোৰ সকলো সময়তেই এচুকীয়া। হাত
ভৰি মেলি আৰাম কৰা কাক কয় তেওঁ কাঠঝুমৰিলৈ আহিহে বুজি পাইছে।
মুৰ চাহাবৰ বঙলাটো প্ৰথম দৰ্শনতেই
জগন্ময় বাবুৰ ভাল লাগি গৈছিল। পিছফালে দূৰৈত পাহাৰৰ শাৰী, তাৰপৰা আগুৱাই আহিলে প্ৰথমে
হাবি তাৰপৰা আগুৱাই আহিলে ওখ চাপৰ টিলাবোৰ, আৰু অলপ আগুৱাই আহিলে ওখ ওখ গছৰ পিছফালে
থিয় হৈ থকা চিমনি আৰু এঢলীয়া টিঙৰ চালিৰে বিলাতি পোষ্ট কাৰ্ডৰ দৰে মুৰ চাহাবৰ বঙলাটো।
সেই বঙলাটোৰ বাৰাণ্ডা পাৰ হৈ ভিতৰ সোমাই চিকচিকীয়া কোঠালী বোৰ, সুন্দৰ পৰিপাটি আচবাব,
খিৰিকী আৰু দৰজাৰ পৰ্দাবোৰৰ সুন্দৰ নক্সা আদি দেখি জগন্ময় বাবুৰ নিজৰে বিশ্বাস কৰিবলৈ
টান লাগিল এই ভাবি যে ৰেচৰ ময়দানত জেকপট পোৱাতকৈ ছুটি উপভোগৰ বাবে ইমান সুন্দৰ বঙলা
এটা পোৱাটোও কোনো কম ভাগ্যৰ কথা নহয়।
ইয়ালৈ অহাৰ পিছতেই জগন্ময়
বাবুৱে দৈনন্দিন ৰুটিন ঠিক কৰি ল’লে। ৰাতিপুৱা শুই উঠি চাহ খায়েই খোজকাঢ়িবলৈ যাব, ঘূৰি
আহি ব্ৰেকফাষ্ট। তাৰপিছত বাংলোৰ বাৰাণ্ডাত বা সমুখৰ কমপাউণ্ডত বহি মেগাজিন পঢ়িব- ভনীয়েকৰ
ঘৰৰ পৰা পচিশখন মান ৰিডাৰ্চ ডাইজেষ্ট লৈ আহিছে, তাৰ পিছত গা পা ধুই দুপৰীয়া ভাত খাই
দিবানিদ্ৰা। আবেলি চাহ খাই আকৌ খোজকঢ়া । ৰাতি চাৰে আঠটাৰ ভিতৰত খোৱা-বোৱা শেষ কৰি শুবলৈ
যোৱা।
আজি ৰাতিপুৱা খোজকাঢ়ি ঘূৰি আহিয়েই চকীদাৰ বনোৱাৰীক
বিষ ফুলৰ কথা সুধিলে। অবশ্যে প্ৰথমেই ফুলৰ কথি নুশুধি সেই কথাটো শুধিবলৈ সুৰুঙা এটা
উলিয়াই ল’লে।
‘ ভগওৱান বুলি ল’ৰা এটাক চিনি
পোৱা নেকি? ’
‘ হাঁ বাবু ভীখুৱাকা লড়কা
‘
‘ ভীখুৱা কোন? ’
চকীদাৰে ক’লে- ভীখুৱাই কাঠৰ
মজুৰি কৰে। চৌধুৰী মহাজনৰ এই কাঠঝুমৰিতে কাঠৰ দোকান আছে, তাতে কাম কৰে।
‘ ভগওৱান হঁতৰ ঘৰৰ ফালে ৰাস্তাৰ
কাষত এবিধ ফুলৰ গছ আছে। সেই গছজোপাই বোলে বতাহত বিষ চটিয়ায়, ‘জানানে? ’
‘ হা বাবু ‘
‘ কথাটো সঁচানে? ’
‘ মৰ জাতা হ্যায় সাঁপ, চুহা,
বিচ্চু-উচচু….’
বনোৱাৰীয়ে টেবুলত ৰুটি আৰু
কণীৰ অমলেট থৈ, টি-পটটো আনিবলৈ গ’ল।
‘ ইয়ালৈ তিনিবছৰ মান আগতে
চাহাব এজন আহিছিল মনত আছেনে? বনোৱাৰী ঘূৰি অহাৰ পিছত জগন্ময় বাবুৱে প্ৰশ্ন কৰিলে। বনোৱাৰীয়ে
ক’লে- দুজনমান চাহাব আহি থাকি গৈছে ইয়াত। এসময়ত মুৰ চাহাব প্ৰতি বছৰে ঠাণ্ডাৰ সময়ত
পত্নীক লৈ ইয়ালৈ আহিছিল। তিনি বছৰ আগতে কোনোবা চাহাব ইয়ালৈ আহিছে যদিও বনোৱাৰীৰ মনত
নাই।
( ২ )
জগন্ময়বাবুৱে ঠিক কৰিলে আবেলি
এবাৰ বজাৰৰ ফালে ওলাই যাব। বজাৰখন পান্নাহাটত -ইয়াৰপৰা দুই মাইলমান দূৰৈত। ৰেলষ্টেচনটোও
তাতেই। ইয়ালৈ আহিবলৈ ষ্টেচনৰ পৰা ৰিক্সা ল’ব লাগে। পান্নাহাটৰ পৰা ট্ৰেইনত চিধা ডালটনগঞ্জলৈকে
যাব পাৰি। অহাৰ দিনাই জগন্ময়বাবু এবাৰ বজাৰৰ ফালে গৈছিল। দুজন বঙালী মানুহ লগ পাইছিল।
পোষ্টমাষ্টৰ নুটবিহাৰী মজুমদাৰ আৰু পবিত্ৰবাবু বুলি এজন ভদ্ৰলোক। তেওঁ ৰয়েল হোটেলত
উঠিছেহি। মিঠাপানৰ খবৰ লবলৈ গৈ ভদ্ৰলোকৰ লগত চিনাকি হ’ল। তেখেতে আগতেও কাঠঝুমৰিলৈ আহিছে।
মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কাম কৰে। তেওঁ সুধিলে -
‘ আপুনি ক’ত আছেহি? কাঠঝুমৰিত
তো থকাৰ ঠাই নাই। চৌধুৰী কোম্পানীৰ কাৰোবাৰ সতে চিনাকি আছে নেকি আপোনাৰ? ’
‘ নহয় মই মুৰ চাহাবৰ বাংলোত
উঠিছোঁ ‘।
‘ আচ্ছা সেই শিশু গছেৰে ঘেৰি
থকা বাংলোটোত? ’
জগন্ময়বাবুৱে ক’লে যে ঘৰটো
গছেৰে বেৰি আছে ঠিকেই কিন্তু গছবোৰ শিশু গছ নে কি কব নোৱাৰিব- দেখাত গছবোৰ বেছ বুঢ়া
যেন হে লাগিছে- ‘হে হে-। মই চেণ্ট পাৰ্চেণ্ট
টাউনীয়া। গতিকে আম, কঠাল, তামোল, নাৰিকল, আঁহত গছ বাদ দি বেলেগ গছ চিনি নাপাওঁ ‘।
পবিত্ৰবাবু আৰু নুটবিহাৰীক
এবাৰ সুধি চাব লাগিব। চকিদাৰৰ কনফাৰ্মেচনেই যথেষ্ট নহয়। আচলতে জগন্ময়বাবুৱে কলিকতালৈ
গৈ বিষফুলৰ বিষয়ে লিখিব। এতিয়া লৈকে এইবিষয়ে কোনেও লিখা নাই। এই বিষয়ে তেৱেঁই পায়োনিয়াৰ
হ’ব।
নুটবিহাৰীক সুধি বিশেষ লাভ
নহ’ল। ক’লে –‘ মই যোৱা বছৰহে ইয়ালৈ বদলি হৈ আহিছো। গতিকে স্থানীয় খবৰ ইমান কানত নপৰে।
আপুনি বেলেগ কাৰোবাক সুধি চাওক। ‘
পোষ্ট অফিচৰ পৰা তেওঁ গ’ল
বজাৰৰ ফালে। পান কিনা হ’ল। এইবাৰ লিখাৰ বাবে এখন এক্সচাৰচাইজ বহী কিনিব লাগিব। লিখাৰ
সমলখিনি গোটাই লব লাগিব।
পবিত্ৰবাবুৰ লগত চিনাকি হ’ল চাহৰ দোকান খনত। বেঞ্চ
এখনত বহি খবৰ কাগজ পঢ়ি আছিল। তেওঁক দেখি চিঞৰি মাতিলে ‘ আহক চাহ একাপ খাওকহি। অ’ই ভৰদ্বাজ
– চাহ একাপৰ জেগাত দুকাপ দিবি’।
জগন্ময়বাবুৱে চিধা আচল প্ৰশ্নলৈ
গ’ল।
‘ আপুনি বিষফুলৰ নাম শুনিছে?
’
পবিত্ৰবাবুৱে কাগজখন ভাজ কৰি
জগন্ময়বাবুৰ ফালে চালে।
‘অ’ কমলা বেঙুনীয়া হালধীয়া?
তালহাৰলৈ যোৱাৰ ফালে বাওঁফালে আছে যে? এটা মাটিৰ ঢাপৰ ওপৰত ‘?
‘ আপুনি সকলো জানে দেখোন!
’
‘ কলো তো আপোনাক – চাৰিবাৰ
এইফালে আহি গৈছো। যোৱা দুবছৰৰ পৰাই দেখি আছোঁ। প্ৰথম যিবাৰ দেখিছিলো তাৰ ওচৰত গাহৰি
পোৱালি এটা মৰি পৰি আছিল। ‘
‘ কি কৈছে আপুনি! এই বিষয়ে
কাকো একো কোৱা নাই? আপুনিটো কলিকতাৰ মানুহ- কাগজে টাগজে—‘?
পবিত্ৰবাবুৱে হাঁহি উৰুৱাই
দিলে। ‘ কবলৈ কিনো আছে? প্ৰকৃতিৰ কত ধৰণৰ খামখেয়ালী আছে, সকলোবোৰ কি কাগজত লিখে? আৰু
কিমান ধৰণৰ বিষফুল বিষফল, বিষপোক বা বিষ চৰাই পৃথিৱীত আছে কোনে জানে! আৰে মহাশয়! কলিকতাৰটো
বতাহটোৱেই বিষাক্ত। প্ৰতিটো নিশ্বাসত মানুহৰ পাঁচ চেকেণ্ড কৈ আয়ুষ কমি গৈছে- সেইদিনা
ক’ৰবাত পঢ়িলোঁ। ইয়াত আৰু ফুলৰ বিষ লৈ কোনে মূৰ ঘমায়। ‘
‘ কিন্তু ইয়াৰ মানুহ বোৰ…….তেওঁলোকৰ
বাবে এইতোটো ডেঞ্জাৰ! ’
‘ কাষত গৈ গা নঘঁহালেই হ’ল।
পাঁচ সাত হাত দূৰত থাকিলেই তো চেফ। ইয়াত সেইকথা সকলোৱে জানে। ‘
জগন্ময়বাবু চাহ খায়েই উঠি
পৰিল। অক্টোবৰৰ মাজ ভাগ। সূৰ্য্য ডুবিলেই ফটকৈ ঠাণ্ডা পৰি যায়। ঠাণ্ডা গৰমৰ ৰিস্কটো
নোলোৱাই ভাল। চাহৰ দোকানৰ কাষৰ মনিহাৰী দোকান খনৰ পৰা বহী এখন কিনি ভদ্ৰলোক ঘৰলৈ ওভটোতে
প্ৰায় চাৰেছটা বাজিবৰ হ’ল। মনে মনে বেচ এটা চেপা উত্তেজনা অনুভব কৰিছে। এতিয়া পক্বা
কনফাৰ্মেচন পোৱা গৈছে যেতিয়া লিখা আৰম্ভ কৰিব পাৰে। লেখাটোৱে কোনো উদ্ভিদ বিজ্ঞানীৰ
দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে বৰ ভাল কথা হ’ব। কাঠঝুমৰিৰ নামটোও মানুহে জনা উচিত। টুৰিষ্ট
ডিপাৰ্টমেণ্টে নামটো জানেনে? জানে বুলি ভাব নহ’ল।
লিখাৰ অভ্যাস নাই। পেনটোৰ
ওপৰত থুতৰিটোৰে ভেঁজা দি আধাঘণ্টা বহিও কোনো লাভ নহ’ল। এইদৰে ফটকৰে নহ’ব। কিছু ভাবি
চিন্তি লিখিব লাগিব। বিষফুল……। নামটো নিজৰ মনতে দুবাৰমান আওৰালে। বিষফুল ……। এইনামৰ
লেখা মানুহে নপঢ়াকৈ নোৱাৰে।
( ৩)
আজি আৰু বাইন’কুলাৰৰ দৰকাৰ
নহ’ল। ৰাতিপুৱা সাতটাৰ সময়তে ঢাপটোৰ ওচৰ পাই খালি চকুৰেই যিটো মৃত প্ৰাণী ওচৰত পৰি
থকা দেখা পালে সেইটো এটা শহাপহু। মৰা সাপৰ কঙ্গাল আৰু মৰা কেৰ্কেটুৱাও পৰি আছে। মৃত
জন্তুৰ সংখ্যা আৰু বাঢ়িলে চাগৈ ভগওৱান বা তাৰ বাপেকে আহি চাফা কৰি যাবহি।
জগন্ময়বাবুৱে হিচাব কৰি চালে ৰাস্তাৰ পৰা গছজোপা
কিমান দূৰ হ’ব। বিশ হাত? পঁচিশ হাত? তেওঁৰ এটা অদম্য ইচ্ছা হ’ল গছজোপা একেবাৰে কাষৰ
পৰা চোৱাৰ। পাঁচ হাতৰ বেচি ওচৰলৈ নগ’লেই তো হ’ল।
কিন্তু সেই ল’ৰাটোৰ অনুমান
যদি ভুল হয়?
যদি সাত হাত আঠ হাত দূৰলৈকে
গছজোপাৰ প্ৰভাৱ থাকে?
জগন্ময়বাবু ঘাঁহৰ ওপৰেৰে তিনি
হাত মান গৈ আকৌ পিছুৱাই আহিল। সাঁপ, কেৰ্কেটুৱা, শহাপহু। ...গাহৰি। সৰু পোক পতঙ্গৰ
কথাটো ল’ৰাটোৱে কোৱা নাই। নে সৰু বস্তুবোৰে ৰেহাই পায়। তেওঁৰ লিখনিৰ বাবে সকলো কথাৰে
দৰকাৰ হ’ব। আজি ল’ৰাটোক দেখা পোৱা নাই। এবাৰ তাৰ ঘৰলৈ যাব নেকি? তাৰ এটা ইণ্টাৰভিউ
ল’ব – যেনেকৈ খবৰ কাগজ বোৰে লয়?
প্ৰশ্নটো মনলৈ আহিয়েই ভাব হ’ল – লৰালৰি নাই, সকলো
হ’ব। ধীৰে সুস্থে - হাতত এতিয়াও সাতদিন সময়।
ইয়াৰ জলবায়ু খুব ভাল, সেইবাবে
খুব সোনকালে ভোক লাগে। ব্ৰেকফাষ্টৰ কথা চিন্তা কৰি কৰি জগন্ময়বাবু ঘৰলৈ উভতি আহিল।
বাঁহৰ বেৰা দি ৰখা বিৰাট কম্পাউণ্ড। দুখন কাঠৰ গেট, এখন পশ্চিমে এখন উত্তৰে।
উত্তৰৰ গেটত-যিখনেদি জগন্ময়বাবু এইমাত্ৰ সোমাল- তাত
এখন কাঠৰ ফলকত এতিয়াও মুৰ চাহাবৰ নাম লিখা আছে। গেটৰ পৰা ৰাস্তাটো চিধা গৈ একেবাৰে
কটেজৰ সমুখৰ বাৰাণ্ডাত শেষ হৈছে। পবিত্ৰবাবুৱে শিশু গছ বুলি কোৱা ডাঙৰ ডাঙৰ গছবোৰ কটেজৰ
পিচফালে আছে। এই দক্ষিণ দিশত থকা ডাঙৰ ডাঙৰ গছ দুজোপা শিশু গছ নিশ্চয় নহয়, কিন্তু ইয়াৰ
নামও কি তেওঁ নাজানে। ইয়াৰ ভিতৰত অকণমান দূৰৈত থকা গছজোপাৰ ডাল পাতবোৰ কিছু বগা আৰু
বেছ মেলখোৱা। গা গছ ডাল অলপ ক’লা হ’লে আৰু সহজে চকুত পৰিলে হয়। কিন্তু বগা হোৱা সত্ত্বেও,
ওচৰত থকা বাবে গছডালৰ ওচৰত থকা চিনাকি গছজোপা জগন্ময়বাবুৰ দৃষ্টিৰ পৰা সাৰি যাব নোৱাৰিলে।
সেই একেই গছ, একেই বিচিত্ৰ
ফুল।
বিষফুল!
জগন্ময়বাবুৰ পেটৰ ভোক মেজিকৰ
দৰে ক’ৰবালৈ উৰি গ’ল।
এই গছজোপা কালি ইয়াত নাছিল।
জগন্ময়বাবুৱে সেই বগা গছডালৰ পৰা দহ হাতমাত দূৰৈত বনোৱাৰীৰ হতুৱাই চকীখন আনি তাতে ৰ’দ
পুৱাইছিল। শৰতৰ পুৱাৰ ৰ’দজাক উপভোগ কৰাৰ বাহিৰে তেওঁৰ হাতত তেতিয়া অন্য একো কাম নাছিল।
তেওঁ সেইসময়ত চাৰিওফালে চকু ফুৰাই আছিল, আনকি বগা গছডালৰ ফালেওস। জগন্ময়বাবুৰ এইকথা
ভালদৰে মনত আছে কিয়নো তেওঁ ভাবিছিল যে এইগছডালৰ ইউকেলিপ্টাচ গছৰ লগত বহুত সাদৃশ্য আছে।
এই আৰু এডাল গছ তেওঁ চিনি পায়- ইউকেলিপ্টাচ।
সেইটো কি?
এটা চৰাই।
মাটিয়া ৰঙ, মূৰৰ পৰা নেজৰ
শেষলৈকে। শালিকাতকৈ সৰু এইকথা চৰাই টোৱে মাটিত খুঁটি খুঁটি কিবা খাইছে, আৰু মাজে মাজে
মূৰটো তূলি চিৰিক চিৰিক কৈ মাতিছে। ফুল গছজোপাৰ পৰা দহ হাত মাত দূৰৈত। এবাৰ জাঁপ দুটামান
মাৰি চৰাইটো গছজোপাৰ আৰু কাষ চাপি গ’ল। জগন্ময়বাবুৱে আৰু অপেক্ষা নকৰি সজোৰে দুটা তালি
বজালে। চৰাইটোৱে মুখেৰে শব্দ এটা কৰি উৰি গুচি গ’ল। জগন্ময়বাবুৱে স্বস্তিৰ উশাহ ল’লে।
কিন্তু গছজোপাটো থাকি গ’ল!
ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব
নোৱাৰিনে? সমুখৰ ৰাস্তাত কিছুমান মাটিৰ লডা পৰি আছে।
এটা মাটিৰ লডা লৈ জগন্ময়বাবুৱে
গছডাললৈ নিক্ষেপ কৰি মাৰি পঠিয়ালে। গছজোপা থৰথৰাই কঁপি উঠিল। লাগিছে! কিন্তু এটা লডাৰে
কিবা কাম হ’ব জানো?
জগন্ময়বাবুৰ অনুভৱ হ’ল যে
তেওঁৰ মূৰত জক উঠিছে। ইটোৰ পিছত সিটোকৈ ত্ৰিছটা লডা মাৰিলে গছজোপাৰ ফালে। কোনোদিন ক্ৰিকেট
খেলা নাই বাবেই চাগে আধাতকৈ বেছি গাত নলগাকৈ কাষেদি পাৰ হৈ গ’ল। কিন্তু বাকী কেইটা
লাগিছে। গছজোপা কিছু হাউলি পৰিছে।
‘ উথো ফিৰ খড়া হো জায়েগা বাবু’।
ভগওৱান। কাতত কিতাপ লৈ গেটৰ
বাহিৰৰ পৰা চাই আছে, মুখত মৃদু হাঁহি।
‘ হ’বলৈ দে খাড়া। অন্ততঃ কিছুসময়ৰ
বাবে নিশ্চিন্ত। ‘
ঘটনাটো যে চকীদাৰ আৰু মালিটোৱেও
দেখিছে সেইটো বাংলোৰ ফালে মুখ ঘূৰায়েই ধৰিব পাৰিলে। বুজাই গৈছে যে দুয়োটা ঘোৰ অকৰ্মণ্য।
অকণমান আগুৱাই আহি তেওঁক সহায় কৰিব নোৱাৰিলে?
ব্ৰেকফাষ্ট খাই খাই তেওঁৰ
ভাব হ’ল চকীদাৰ আৰু মালীৰ এই নিস্পৃহ ভাবৰ বাবে তেৱেঁই কিছু পৰিমাণে দায়ী। ইয়ালৈ আহিয়েই
দুয়োজনৰ হাতত কিছু আগতীয়াকৈ বকচিচ গুজি দিয়া উচিত আছিল। মালিটো ষ্টেচনলৈও গৈছিল তেওঁক
আনিবলৈ। কুলিৰ সলনি তেওঁ মালিৰ পিঠিতেই বয় বস্তু বোৰ জাপি দিছিল। এটা চুটকেছ, এটা বেডিং
আৰু এটা নল লগোৱা ফ্লাস্ক। নিজৰ হাতত লৈছিল কেৱল ছাতিটো আৰু ভনীয়েকে দিয়া মিঠাইৰ মস্ত
টোপোলাটো। বাংলোত উপস্থিত হৈ তেওঁ মালিৰ বাবে টকা দুটা উলিয়াই আকৌ ভৰাই থৈ দিছিল
–‘ ভাবিছিলে যোৱাৰ দিনা দি দিব, দেখা যাওক কাম কেনেকৈ কৰে এইকেইদিন! ’
কাম অবশ্যে ভালেই কৰিছে দুয়োজনে।
কিন্তু কামৰ বাহিৰে আগবাঢ়ি আহি দুই এটা কথা সোধা, - কিবা লাগিবনে নাই, কিবা অসুবিধা
হৈছে নেকি, এইবোৰ কথা সোধা, দুজনৰ এজনেও এতিয়া লৈকে কৰা নাই। কাঠঝুমৰিৰ এই এটা মাত্ৰ
কথা জগন্ময়বাবুৰ - ‘ লেছ দেন পাৰফেক্ট ‘ লাগিছে। এতিয়া বুজিছে এই ক্ষেত্ৰত কিছু দোষ
তেওঁৰ নিজৰ।
‘ এই ঘৰটোৰ আশে পাশে এই গছবিধ
আৰু আছে নেকি? ’- চাহত চামুচেৰে চেনি লৰাই লৰাই চকীদাৰক তেওঁ সুধিলে। চকীদাৰে ক’লে
বাংলোৰ চৌহদৰ ভিতৰত এই গছ তেওঁ এই প্ৰথম দেখিলে।
‘ এইডাল কি ৰাতিৰ ভিতৰতে গজি
উঠে নেকি? ‘
‘ ওইসাই মালুম হোতা বাবু
‘
‘ অকণমান মন কৰিবাচোন। দেখিলেই
মোক ক’বা ‘।
বনোৱাৰীয়ে কোৱাৰ আগতেই জগন্ময়বাবুৰ
চকুত পৰিল। দুপৰীয়া শুই উঠি বাৰাণ্ডালৈ ওলাই আহিয়েই।
বাৰাণ্ডাৰ পূব কোণৰ পাছফালেদি
উকি মাৰিছে এজোপা চিনাকি ফুলগছে। জিৰ্ জিৰ্ বতাহত লৰচৰ কৰি আছে ফুলবোৰে। পোন্ধৰ হাতৰ
বেছি দূৰ নহ’ব।
জগন্ময়বাবুৱে বুজিব পাৰিলে
তেওঁৰ ভৰি দুখন ক্ৰমান্বয়ে অবশ হৈ আহিছে। কোনোমতে এখোজ পিছলৈ গৈ ধপকৈ বেতৰ চকীখনত বহি
পৰিল। এবাৰ মালি বুলি মাতিবলৈ চেষ্টা কৰিলে, কিন্তু ডিঙিৰে কোনো শব্দই বাহিৰ নহ’ল।
ডিঙি শুকাই গৈছে। মূৰটো ঝিমঝিম কৰিছে। হাত ভৰি একেবাৰে ঠাণ্ডা।
বতাহজাক পূবদিশৰ পৰাই আহিছে।
গছজোপাৰ ফালৰ পৰাই। তাৰ মানে গছজোপাৰ বিষাক্ত প্ৰশ্বাস-
জগন্ময়বাবুৱে আৰু একো ভাবিব
নোৱাৰিলে। ইয়াত আৰু বহিব নোৱাৰি । তেওঁ ইতিমধ্যেই উশাহ লোৱাৰ কষ্ট অনুভব কৰিছে।
শৰীৰ আৰু মনৰ অবশিষ্ট গোটেইখিনি
বল প্ৰয়োগ কৰি তেওঁ কোনোমতে বহাকোঠালী পাৰ হৈ শোৱাকোঠালীৰ বিছনাত পৰিলেগৈ।
চকিদাৰে ৰাতি কি খাব সুধিবলৈ
আহোঁতে মাত্ৰ ক’লে ‘ একো নাখাওঁ-ভোক নাই ‘।
ইয়াৰ পাছতো বনোৱাৰীয়ে বাবুক
খুৱাবলৈ নিজে গৰম গাখীৰ এগিলাছ লৈ আহিলে। বহুত অনুৰোধ কৰাৰ পিছত তেওঁ কোনোৰকমে আধা
খাই গাখীৰ গিলাছ ঘূৰাই দিলে।
দূৰৰ কৰবাত মাদল বাজিছে। বজাৰত
শুনিছিলে কৰবাত মেলা হ’ব বুলি। সাওতাল নাচ হ’ব তাত। কেইটা বা বাজিল কোনে জানে! কম্বলৰ
ভিতৰত থাকিও জগন্ময়বাবুৱে অনুভৱ কৰিলে তেওঁৰ এতিয়াও ঠাণ্ডা লাগিছে। আলনাৰ ওপৰৰ পৰা
আলোৱানখন লৈ কম্বলৰ ওপৰত জাপি দিলে। ইয়াৰ পিছত তেওঁৰ অনুভৱ হ’ল যে তেওঁৰ চকুদুটা লাহে
লাহে জাপ খাই আহিছে।
ইয়াৰ আগৰ কেইদিন তেওঁৰ এক
টোপনিতে ৰাতিটো পাৰ হৈছে। আজি কিন্তু নহ’ল। চকুটো খুলি কোঠালীত পোহৰ দেখি আচৰিত হ’ল
যদিও লগে লগে মনত পৰিল তেওঁ নিজেই বনোৱাৰীক লেমটো জ্বলাই থবলৈ কৈছিল। এতিয়াও ঠাণ্ডা।
বাহিৰৰ ফালৰ খিৰিকি খনেদিয়ে বতাহ সোমাইছে বোধহয়। কিন্তু তেওঁটো সেইখন শোৱাৰ আগতে বন্ধ
কৰিছিলে। কোনোবাই খুলিলে নেকি?
জগন্ময়বাবুৱে ডিঙি মেলি চাবলৈ
চেষ্টা কৰিলে।
খিৰিকি খনৰ কাষতেই ড্ৰেচিং
টেবুল। তাৰ ওপৰত ৰখা লেমটোৰ পোহৰ পৰিছে খিৰিকিৰ পাল্লাত।
অকল পাল্লাতে নহয় ; বাহিৰৰ
পৰা যিটো বস্তুৱে উকি মাৰিছে, তাৰ ওপৰতো। সেই পোহৰতেই বস্তুটো ভানদৰে চিনিব পৰা গৈছে।
সেই একেই গছ। একেই গছ, একেই
ফুল। হালধীয়া, বেঙুনীয়া, কমলা!
বিষফুল!
জগন্ময়বাবুৱে গম পালে যে,
তেওঁৰ তলপেটৰ পৰা যি আৰ্তনাদটো কণ্ঠনলীৰে বাহিৰ হৈ উশাহৰ লগত ওলাই আহিছে, সেইটো মুখেৰে
বাহিৰ হোৱাৰ লগে লগেই তেওঁ সংজ্ঞা হেৰুৱাব।
-সেইয়াই হ’ল।
কোঠালীটো খালি পাই জগন্ময়বাবুৱে
সকাহ পালে। কোনো মানুহৰ লগ তেওঁৰ ভাল নলগা হৈছে। কাঠঝুমৰিৰ সপোনৰ দৰে তিনিটা ইমান সুন্দৰ
দিন যোৱা দুদিনত কিদৰে ইমান বিভীষিকাত পৰিণত হ’ল তাকে তেওঁ এই সাত ঘণ্টাৰ ভ্ৰমণত অকলে
বহি বহি ভাবিব বিছাৰিছিল। কিন্তু গাৰ্ডৰ হুইছেলৰ লগে লগে এজন জনা শুনা লোক কোঠালীটোত
উঠিলহি। পান্নাহাটৰ পোষ্ট মাষ্টৰ নুটবিহাৰী মজুমদাৰ। তেওঁৰ লগত সেইদিনাৰ পিছত আৰু দেখা
হোৱা নাছিল।
‘ আৰে মহাশয়! ইমান সোনকালে
ঘূৰিলেইনে? নে আপুনিও বেতোললৈ যাব?”
‘ বেতোল? ’
‘ ইয়াৰ পাছৰ ষ্টেচন, পত্নীৰ
হুকুমত অলপ বজাৰত দৰদাম কৰি আঁহোগৈ ‘।
‘ ও ‘।
‘ আপুনি কোনফালে যায়?”
‘ ডালটনগঞ্জ ‘।
‘ গা বেয়া হ’ল নেকি? এই দুদিনতে
ইমান পুলড ডাউন.....?”
‘ অঁ ....মানে...অকণমান এনেয়ে....’
নুটবিহাৰীয়ে মূৰটো বেঁকা কৰি
হাঁহি এটা মাৰি ক”লে, ‘ যিয়ে নহওক ভদ্ৰলোকৰ কিন্তু লাকটো ভাল ।”
‘ লাক? ’
‘ পবিত্ৰবাবুৰ কথা কৈছোঁ।
‘
‘ কিয় ‘?
‘ আৰে তেওঁটো আজি দহবছৰ ধৰি
মুৰ চাহাবৰ বঙলাটোত বছৰত দুবাৰ কৰি আহি থাকি যায়হি। সেইটো তেওঁৰ একৰকমৰ মনপলি। অক্টোবৰ
আৰু মাৰ্চ। লিখিবলৈ আহে। খুব ডাঙৰ ৰাইটাৰটো। পবিত্ৰ ভট্টাচাৰ্য- নাম শুনা নাই? লিখে
আৰু ভগওৱান বুলি এজন কাঠ মিস্ত্ৰীৰ ল’ৰাক বঙালী পঢ়ুৱাই। চখতে পঢ়াই। কিছু আদৰ্শবাদী
পেটাৰ্নৰ মানুহ। আপুনি ঘূৰি গ’ল বুলি শুনিলে নাচি উঠিব। খুব দুখ কৰিছিল নিজৰ ঠাই এৰি
হোটেলত থাকিব লগীয়া হোৱাত। কৈছিল বুঢ়া মুৰ বাচি থাকিলে এঈ গণ্ডগোলটো নহ’ল হেতেঁন, বুঢ়ীয়েই
সকলো গণ্ডগোল কৰিলে ‘।
বেতোল ষ্টেচনত নুটবিহাৰী নামি
যোৱাৰ পিছত, ট্ৰেইনখন ঠিক এৰাৰ সময়তে জগন্ময়বাবুৱে দেখিলে প্লেটফৰ্মৰ ওচৰত লোহাৰ ৰেলিঙৰ
পিছফালে- সেই ফুলৰ গছৰ জোপোহাবোৰ। এজোপা দুজোপা নহয়, অতিকমেও এশজোপা মান।
আৰু তাৰ মাজে মাজে নিচিন্ত
মনে খেলা কৰি আছে তিনিটা ছাগলী পোৱালিয়ে!
0 Comments