কবিতাঃ মায়া এঞ্জেল'ৰ তিনিটা কবিতা

মূলঃ মায়া এঞ্জেল'
অসমীয়া ভাঙনিঃ লুকী পি ডেকা


 

বন্দী চৰাই

মুক্ত‌ চৰাই এটি উৰি ফুৰে বতাহে বতাহে

সোঁ-সোঁৱাই নামি যায় তললৈ

বতাহৰ সোঁতে সোঁতে

হেঙুলীয়া সূৰুযৰ কিৰণত ডেউকা জুবুৰিয়ায়

আকাশ সাৱটে

আকাশখনক সি নিজৰ বুলি ভাবে

 

পিছে সঁজাৰ চৰায়ে মাথো

সঁজাতে ঘূৰ্মুটিয়ায়

বিশাল আকাশখন সি

সঁজাৰ মাজেৰেই চায়

ডেউকা তাৰ বন্ধা

বন্ধা দুঠেং

ঠোঁটটো উলিয়াই সি

সেয়েহে গীত গায়

 

কঁপি কঁপি সি গীত গায়

বিষাদৰ কথাবোৰ সি গীতেৰে কয়

দূৰৈৰ পাহাৰতো শুনা যায়

স্বাধীনতা বিচাৰি তাৰ আকুল প্ৰতিধ্বনি

 

মুক্ত চৰাইটিয়ে এইবাৰ

সোঁ-সোঁৱাই উৰে

বতাহ অকণ লৈ যায়

গছবোৰলৈ

ৰৌদ্ৰোজ্জ্বল ঘাঁহনিত উম লৈ থকা পলুবোৰলৈ

আৰু আকাশতে উৰি ফুৰে

আকাশখনক সি নিজৰ বুলি ভাবে

 

বন্দী চৰায়ে মৃত সপোনত ভৰ দি থিয় হৈ থাকে

তাৰ ছাঁয়েও সপোন দেখি চিঞৰি উঠে

তাৰ ডেউকা বন্ধা, তাৰ দুঠেং বন্ধা

সেয়েই সি গীত গায়

মোকলাই দিয়ে তাৰ কন্ঠ

 

কঁপা মাতেৰে বন্দী চৰায়ে গান গায়

বিষাদৰ কথাবোৰ সি গীতেৰে কয়

দূৰৈৰ পাহাৰতো শুনা যায়

স্বাধীনতা বিচৰা তাৰ আকুল প্ৰতিধ্বনি

 


নাৰী

মই এগৰাকী নাৰী

ব্যস্ততা মোৰ চিৰলগৰী

কেঁচুৱা চোৱা

ঘৰ সৰা, দোকান কৰা মোৰ কাম

অফিচ মই পাব লাগিব সময়ত

বাগিচাৰ কাম, বেমাৰী চোৱা

ইস্ত্ৰি কৰা, কপাহ চিঙা

আৰু যে ক'ত কি

 

'দালি মোক ৰ'দ অকণ দিয়ানা

বৰষুণ অকণ দিয়ানা বৰষা

নিয়ৰ মোক জীপাল কৰি তোলানা

শীতলতা দিয়ানা প্ৰাণত

 

' বতাহ মোক উৰুৱাই লৈ ব'লা

ধুমুহাৰ গতিৰে উৰুৱাই নি

আকাশত খেলিব দিয়া

এবাৰ মাথো উৰুৱাই নি জিৰণি অকণ দিয়া

 

তুষাৰ মোক আৱৰি ধৰা

শুভ্ৰতা মোত ঢালি দিয়া

বৰফ শীতল চুমা এটিৰে

আজি নিশাটি মোক শুবলৈ দিয়া

 

এই আকাশ

এই বতাহ

বেলি, বৰষুণ, পাহাৰ, নৈ

আপোন বুলিবলৈ

এইবোৰেইতো মোৰ বুকুৰ কুটুম

একেবাৰে নিজৰ


 

তথাপি মই নাভাগৰো

সহস্ৰ মিছা কথাৰে, সহস্ৰ সাঁথৰেৰে

ইতিহাসত তুমি মোক খলনায়ক‌ সজাব পাৰিবা

গচকি ধৰিব পাৰিবা মোক বোকাত

তথাপি ধূলিৰ দৰে আকৌ উৰি আহিম মই

 

মোৰ পোহৰ মুখ দেখি নিৰাশ হোৱা নেকি তুমি?

মোক দেখি ম্লান হৈ পৰা নেকি তুমি?

আত্মবিশ্বাসী মোৰ খোজবোৰ দেখি নেকি?

তেলৰ খাদেৰে চহকী যেন মোৰ অহংকাৰী খোজবোৰ!

 

ঠিক বেলি আৰু জোনবাইটোৰ দৰে

প্ৰতিনিয়ত মই উভতি আহিম

জোৱাৰ উচ্ছল আশাৰ দৰে

মই উভতি আহিম

 

হতাশাত মোক আচ্ছন্ন হোৱা চাবলৈ তুমি ৰৈ থাকা নেকি?

মোৰ নতমস্তক আৰু নতদৃষ্টি একা?

আৰু কান্দোনত ভাঙি যোৱা মোৰ দুৰ্বল শৰীৰটো চাবলৈ?

 

মোৰ গৌৰৱময় ভঙ্গীয়ে কষ্ট দিয়ে নেকি তোমাক?

এই যে মোৰ খলকনি তোলা হাঁহিবোৰ!

যেন বাৰীতে খান্দি পালোঁ সোণৰ খনি

 

তুমি মোক শব্দৰে গুলিয়াই মাৰিব পাৰিবা

টুকুৰা টুকুৰকৈ কাটি পেলাব পাৰিবা মোক তোমাৰ চকুৰে

ঘৃণাৰে মোক হত্যা কৰিব পাৰিবা

বতাহৰ দৰে তথাপি

মই উভতি আহিম

 

মোৰ আকৰ্ষণীয় শ্ৰীয়ে তোমাক হতাশ কৰে নেকি?

নে মোৰ সাৱলীল নাচ দেখি আচৰিত হোৱা

যেন দুভৰিত মোৰ হীৰাহে খচিত!

 

বুৰঞ্জীৰ নষ্ট পজাঁৰ সঁজাৰপৰা

মই ওলাই আহিম

দুখৰ শিপাই খামুচি ধৰা অতীতৰপৰা

মই ওলাই আহিম

মই আন্ধাৰৰ সাগৰ, বিশাল-অস্থিৰ

দুৰ্দান্ত ধুমুহা মোৰ সহচৰ

 

ভয়ৰ ৰাতিবোৰ পাছলৈ ঠেলি পঠিয়াই

মই ওলাই আহিম

জলমল পোহৰ ৰাতিপুৱা বিচাৰি

মই ওলাই আহিম

সপোন এজাকৰ দৰে আশা এজাকৰ দৰে

তেওঁলোকে আমালৈ কাটি যোৱা বাটেৰে বুলি

মই ওলাই আহিম

তথাপি মই নাভাগৰো

তথাপি মই নাভাগৰো

Post a Comment

0 Comments