Our Country
One day upon the lap of which we were born
Get brought up on the back of which
Air, water, cereals, fruits and roots of which
Have been inborn consumers long since
This land is always mine always ours
We have got the right to think it ours own.
Always fond of trees, creepers, mountains,
hills, streams etc. of which country
The luminescence of Sun, moon and stars
Do dazzle in our eyes in which country
This land is always mine always ours
We have got the right to think it solely ours.
Parents and friends belonged to this land
Extend affectionate compassionate voice
Two meals a day satiate our hungers well
Delicious rice of shali lahi paddy so nice
This land is always mine always ours
We have got the right
to think it solely ours.
Original Assamese version :
আমাৰ দেশ: গণেশ গগৈ
কোলাতেই পালোঁ যাৰ জনম এদিন
ডাঙৰ-দীঘল হ'লোঁ বোকোচাত যাৰ,
যি দেশৰ জলবায়ু, শস্য, ফল-মূল
ওপজাৰেপৰা হ'ল আমাৰ আহাৰ।
সি দেশ সদায় মোৰ, সদায় আমাৰ
নিজা বুলি ভাবিবৰ আছে অধিকাৰ।
যি দেশৰ গছ-লতা, পৰ্ব্বত-পাহাৰ
নিজৰা আদিয়ে নিতে মন আমোলায়,
যি দেশৰ জোন-বেলি-তৰাৰ পোহৰে
আমাৰ চকুত নিতে চমক লগায়।
সি দেশ সদায় মোৰ, সদায় আমাৰ
নিজা বুলি ভাবিবৰ আছে অধিকাৰ।
যি দেশৰ পিতা-মাতা, বন্ধু-বান্ধৱৰ
সদায় চেনেহ পাওঁ, পাওঁ মিঠা মাত,
যি দেশত ভোক গুচে দুসাজি খালেই
লাহি, শালি চাউলৰ তেলেতীয়া ভাত,
সি দেশ সদায় মোৰ, সদায় আমাৰ
নিজা বুলি ভাবিবৰ আছে অধিকাৰ।
0 Comments