ব্ৰজবুঢ়া
মূল ====
সত্যজিত ৰায়
অনুবাদ ===== ৰঞ্জনা দত্ত
শঙ্কৰ চৌধুৰীয়ে ৰুটি এফাল লৈ ডাইলত ডুবাই মুখত সুমুৱাই এবাৰ কাষত বহা পুতেকৰ ফালে চাই পঠিয়ালে
। তাৰ পিছত চোবাই চোবাই ক’লে ,
-“ তোক কথা এটা কওঁ কওঁ বুলিও কোৱা হোৱা
নাই । আমাৰ ঘৰৰ সোঁফালে এটা ঘৰ এৰি থকা দুতলা ঘৰটোত বুঢ়া এজন থাকে দেখিছনে?”
“ অঁ অঁ দেখিছো ”। সুবুৱে ক’লে । “ সদায় স্কুলৰ পৰা অহাৰ সময়ত দেখোঁ । প্ৰথম তলাৰ বাৰান্দা খনত
বেতৰ চকী এখনত বহি থাকে । মোৰ ফালে চাই হাঁহে ” ।
-“ হাঁহিটো কি খুব স্ফুৰ্তিৰ হাঁহি নেকি?"
সুবুৱে অলপমান ভাবি উত্তৰ দিলে , "অকণমান দুষ্টামি ভৰাও হ’ব পাৰে ”।
“ এই বুঢ়াটো সম্বন্ধে এতিয়ালৈকে বহুত কথা
শুনিছো ”, শঙ্কৰ বাবুৱে ক’লে । “ তেওঁ হেনো তন্ত্ৰ মন্ত্ৰ জানে ; তুক তাক বুদ্ধি কৰি যাক তেওঁৰ পচন্দ নহয় তেওঁৰ কিবা অনিষ্ট কৰিব
পাৰে । মুঠতে তোক মাতিলেও তই তেওঁৰ ওচৰলৈ নাযাবি ”।
সুবুৰ ভাল নাম সুবীৰ । বয়স বাৰ বছৰ। প্ৰায়
তিনিমাহ হ’ল সুবীৰহতঁ কলিকতাৰ পৰা এই চহৰলৈ অহা
। ইয়াৰে এখন কলেজত শঙ্কৰ চৌধুৰীয়ে ইংৰাজীৰ প্ৰফেচাৰৰ চাকৰি এটা পাইছে । সুবীৰে কলিকতাৰ
স্কুল এৰি ইয়াৰে চেইন্ট থমাছ স্কুলত নাম লগাইছে । সকলোৰে মতে ঠাইখন বেছ স্বাস্থ্যকৰ
। শীতকালত যে খুব বেছি জাৰ পৰিব সেইটো এই নবেম্বৰৰ আৰম্ভণিতে গধূলি সময়ত আন্দাজ পোৱা
যায় । সুবীৰৰ মাকৰ ঠাইখন খুব পচন্দ হৈছে । তেওঁ কয় -“ ইয়াৰ বতাহ টোৱেই বেলেগ । প্ৰান ভৰি উশাহ ল’ব পাৰি ”।
এই কেইমাহতে স্কুলত সুবীৰৰ দুই এজন বন্ধু
গোট খাইছে ; তাৰ ভিতৰত দিব্যেন্দুকে তাৰ সকলোতকৈ বেছি
ভাল লাগে । সুবু- দীবু ক্লাছত একেলগে বহে দুয়োটা
পঢ়াশুনাত ভাল, খেলাধূলাতো দুয়োটাৰে খুব উৎসাহ।
দিবুৱে এদিন কথাই কথাই সুবীৰক ক’লে , “ব্ৰজবুঢ়া তো তহঁতৰ ঘৰৰ
এটা ঘৰৰ পিছতেই থাকে ”?
“ ব্ৰজবুঢ়া? তেওঁ আকৌ কোন?”
“ দেখা নাই? মূৰটো তপা । বগা, দাৰি গোঁফ চিকুণকৈ খুৰোৱা – ডিঙি বন্ধ কোট আৰু ধুতি
পিন্ধি বাৰান্দাত বহি থাকে ।“
সুবীৰে ক’লে “ অ’ মানুহে তেওঁক ব্ৰজবুঢ়া বুলি কয় নেকি ? তেওঁক টো মই সদায় দেখোঁ”।
“সাবধান ”। দিবুৱে ক’লে “তেওঁক নোজোকাবি। তেওঁ হাঁহিলে তইও হাঁহিবি” ।
“মই তো হাঁহোৱেই”।
“তেনেহ’লে ঠিকেই আছে । তেওঁৰ যদি তোৰ ওপৰত খং উঠে তেতিয়া নিজৰ ঘৰৰ ভিতৰতে মন্ত্ৰ পঢ়ি তোৰ
সৰ্বনাশ কৰিহে এৰিব”।
“ দেউতাইও মোক সাৱধান কৰি দিছে ”। সুবীৰে ক’লে ।
“এদিন পঞ্চাক মাতি আনি ধুনীয়া চিলা এখন
দিছিল । ক’ত পালে কোনে জানে? খুব ৰহস্য জনক কথা ”।
“ তেওঁৰ পুৰা নামটো কি ”?
“ সেইটো নাজানো ”।
ইয়াৰ কেইদিনমান পিছত সুবীৰ হতঁৰ কাষতে থকা অনুকুল সাহা
গধূলি সময়ত সুবুৰ দেউতাকৰ লগত চা চিনাকি হ’বলৈ আহিল । আগতে
কেতিয়াও অহা নাই তেওঁ , এইয়ে প্ৰথম । সুবীৰৰ
দেউতাকতকৈ অন্ততঃ দহ বছৰৰ ডাঙৰ । বহা কোঠালীৰ চোফা খনৰ একোণত বহি সুধিলে “ আপোনাক দিষ্টাৰ্ব কৰা নাইতো? ”
“ নাই নাই ” শঙ্কৰবাবুৱে ক’লে। “ মই ভাবিছিলোৱেই এদিন আপোনাৰ ফালে এপাক মাৰিম বুলি । আপুনি এলাহবাদ
বেঙ্কত কাম কৰে নহয়?”
“ হয় । মই সংসাৰ নকৰিলো । ইয়াত মোৰ ঘৰত
মই অকলে। কলিকতাত ভাইটি এজন আছে , লোহা লক্কৰৰ কাৰবাৰ
কৰে । অফিচৰ পৰা বাহিৰে বাহিৰে কাৰোবাৰ নহ’লে কাৰোবাৰ ঘৰত
গৈ গল্প টল্প কৰোঁ । অৱশ্যে এজন বাদ দি ”।
-“কোন ”?
-“ ব্ৰজ কিশোৰ বেনাৰ্জী । নাম শুনিছে?”
-“ যিজনক ব্ৰজবুঢ়া বুলি কয়? আমাৰ ঘৰৰ এটা ঘৰ এৰি?”
-“ হয় । ঠিকেই ধৰিছে ” ।
-“ ভদ্ৰলোক জনৰটো বহুত গোলমাল আছে বুলি শুনিছো? ”
-“ ব..হু..ত । বুঢ়া ইয়ালৈ আহিছে প্ৰায় পোন্ধৰ
বছৰ মান আগেয়ে । মই তেতিয়ালৈকে ইয়ালৈ অহাই নাই , কিন্ত বুঢ়াৰ দক্ষিণ দিশৰ লগালগি ঘৰটোত নৰেশ মল্লিক আছিল । তেওঁ ত্ৰিছ বছৰ ধৰি ইয়াতে
আছে । সদানন্দ ৰোডত তেওঁৰ এখন গহনাৰ দোকান আছে । তেওঁ কোৱা মতে চুটকেছ হল্ডল বাদ দিও
বুঢ়াৰ লগত সেউজীয়া ৰঙৰ ডাঙৰ বাকচ এটা আছিল । তেওঁৰ লগত এজন মানুহো আছিল যিজন পিছৰ দিনা
গুছি গ’ল । এই সেউজীয়া ৰঙৰ বাকচটোৰ কথা এই চহৰৰ সকলোৱে জানে । আমাৰ
সকলোৰে বিশ্বাস যে এই সেউজীয়া বাকচটোৰ ভিতৰতে বুঢ়াৰ তন্ত্ৰ মন্ত্ৰৰ সকলো সঁজুলি সোমাই
আছে । তেওঁ অহাৰ আগেয়ে হেনো ঘৰটো খালি হৈয়ে পৰি আছিল ” ।
-“তন্ত্ৰ মন্ত্ৰৰ কথাবোৰ সচাঁ বুলি বিশ্বাস
হয়নে?”
-“ মই ক’ব নোৱাৰিম । কিন্ত নৰেশ বাবুৰ মুখৰ পৰাই শুনিছো মাজ ৰাতি ঘৰটোৰ পৰা অদ্ভুত ধৰণৰ
শব্দ কিছুমান আহে । হাততালি দিয়া শব্দ, ঢোলত চাপৰ দিয়া শব্দ, বিড় বিড় কৈ মন্ত্ৰ পঢ়া
আৰু মাজে মাজে হোৱা হাঁহিৰ শব্দ ।.....এইটো বিশ্বাস নকৰি উপায় নাই । কাৰণটো হ’ল – বুঢ়াৰ উত্তৰ দিশে থকা
ঘৰটোত যি থাকে - মানুহজনৰ নামটো বোধহয় জানে?
" ঘৰৰ দৰ্জাত থকা নাম ফলকত দেখিছো
- এন কে মজুমদাৰ "।
-" হয় । নিশিকান্ত মজুমদাৰ । ইঞ্চিওৰেঞ্চ অফিচত কাম কৰে । তেওঁও মাজৰাতি শব্দবোৰ শুনে আনকি তেওঁ
এদিন খিৰকিত এখন বিভৎস মুখ দেখা পাইছিল । মজুমদাৰে চিধা গৈ বুঢ়াক ক’লেগৈ যে এইদৰে ওচৰ চুবুৰীয়াৰ শান্তি ভংগ কৰিলে তেওঁ গৈ পুলিচত
খবৰ দিব । তেতিয়া গধূলি সময় । বুঢ়া তেতিয়া বাৰান্দাত বহি আছিল ।
-“ তেওঁক সেইদৰে কোৱাৰ ফল কি হ’ল? ”
-“ তাকেই তো ক’বলৈ ওলাইছো । গোলমাল টো বন্ধ নহ’লেই , হঠাতে নিশিকান্ত বাবুৰ
বেমাৰ আৰম্ভ হ’ল । হাই ফিভাৰ -১০৬ ডিগ্ৰী পৰ্যন্ত জ্বৰ
উঠিছিল । ডাক্তৰে ক’লে ভাইৰেল ইনফেকচন ।
সাতদিনৰ পিছত হে জ্বৰ এৰিছিল । নিশিকান্তবাবুৰ দৃঢ় বিশ্বাস বুঢ়াই কিবা এটা কৰিছিল ।
নীলোৎপলবাবুৰ এজন ল’ৰা আছে, পোন্ধৰ বছৰ বয়স , নাম ৰতন। মোৰ ঘৰৰ কাষৰ আলিৰ পাকটোতে থাকে। বুঢ়াই বোলে তাৰ লগত বন্ধুত্ব কৰাৰ খুবেই
আগ্ৰহী । হাঁহিমুখে সদায় তাক হাত বাউল দি মাতে । ৰতনে বুঢ়াৰ কথা জানে বাবে তাক কোনো
পাত্তা নিদিয়ে ”।
সুবীৰক তাৰ দেউতাকে মানা কৰিছে কিন্তু দিব্যেন্দুক
কোনেও মানা কৰা নাই। দিবুৰ দেউতাকে এইবোৰ তন্ত্ৰ মন্ত্ৰ বিশ্বাস নকৰে । কয়, “এজন নিৰীহ বুঢ়াক উদ্দেশ্য কৰি মিছাকৈ গালি গালাজ কৰা হৈছে ।
তেওঁক দেখিলেই ভাব হয় তেওঁৰ একো বেয়া ভাব নাই।“
দিব্যেন্দুৱে সুবুক বুঢ়াৰ বিষয়ে সাবধান
কৰি দিছিল হয় , কিন্ত দেউতাকৰ পৰা সি যিটো বেপৰোৱা ভাব
পাইছে সেইটো কলৈ যাব ? সি এদিন সুবুক ক’লে , “ আজি স্কুলৰ পৰা তোৰ
লগত ঘূৰি আহিম। তোৰ ঘৰলৈও যোৱা হ’ব আৰু বুঢ়া টোৱে কি
কৰে তাকো চোৱা হ’ব”।
সুবুৱে চেলাউৰি কোঁচাই ক’লে “ কিন্তু তই দেখোন সিদিনা
নিজেই কৈছিলি বুঢ়াৰ পৰা মোক দূৰত থাকিবলৈ ”।
“কৈছিলো ”, দিবুৱে ক’লে, “ কিন্তু দেউতাই কৈছে বুঢ়াৰ মাজত একো দোষ নাই। সেইবাবে কৈছো এবাৰ
গৈ চাই আহোঁগৈ । এইটোও তো একধৰণৰ এডভেঞ্চাৰ
” ।
সুবুৱে তাৰ দেউতাকৰ নিষেধ উৰুৱাই দিব
নোৱাৰিলে ; সি ক’লে ,
“ ওচৰলৈ যাব পাৰো , কথাও পাতিব পাৰো কিন্তু তেওঁৰ ঘৰৰ ভিতৰলৈ মাতিলে একেবাৰে নাযাওঁ ”।
-" ঠিক আছে । সেয়ে হ’ব ”।
স্কুলৰ পৰা অহাৰ সময়ত ব্ৰজ বুঢ়াৰ ঘৰটো
দেখাৰ লগে লগেই সুবুৰ বুকুৰ ধপধপনি আৰম্ভ হৈ গ’ল । কিন্তু সি
যে ভয় খাইছে সেইটো দিবুক কোনোপধ্যেই জানিবলৈ দিব নোৱাৰি , সেইবাবে মনত সাহস বান্ধি দিবুৰ লগত আগুৱাই গ’ল।
কোনো সন্দেহ নাই । সদায় বহাৰ দৰে আজিও
বুঢ়া বাৰান্দাতে বহি আছে । সুবু – দিবু আগুৱাই আহোঁতে
ঠিক অন্য দিনৰ দৰেই ব্ৰজ বুঢ়াই হাঁহি মুখে সিহঁতৰ ফালে চালে । আজি সুবুৱে বুঢ়াৰ হাঁহিৰ
মাজত সঁচাকৈ এটা শয়তানি ভাব লক্ষ্য কৰিলে।
“ হাঁহিছে কিয় ? কিবা ক’ব নেকি? দিবুৱে বুঢ়াক পৰিস্কাৰ মাতেৰে সুধিলে ।
“ অঁ , ক’ম ” ব্ৰজবুঢ়াই ক’লে। “ মই মাতিলে তহঁত নাহ
কিয়?”
দিবুৱে ক’লে “ মোক কেতিয়াও মতা নাই
। আৰু মাতিলেই বা যাম কিয়? এইদৰে যিয়ে তিয়ে মাতিলে
মই নাযাওঁ ”।
সুবুৱে মনে মনে ভাবিলে – বাপৰে! দিবুৰ কি সাহস
!
এইবাৰো দিবুৱেই কথা ক’লে।
“ আপোনাৰ সেউজীয়া বাকচটোত কি আছে? ”
“ কিয়
ক’ম ”? বুঢ়াই মূৰটো লৰাই লৰাই
মিচিকিয়াই হাঁহি মাৰি ক’লে। “ মোৰ লগত আমাৰ ঘৰৰ দোতলালৈ আহিলেই গম পাবি ”।
কথা বহুত বেছি আগবাঢ়িছে দেখি সুবুৱে একে
উশাহতে কৈ পেলালে “ বেলেগ এদিন যাম। আজি
ঘৰত কাম আছে ”।
পিছলৈ ঘূৰি নোচোৱাকৈ দুয়োটা বেগা বেগিকৈ
গুছি আহিল।
দিবুৱে সুবুৰ ঘৰতে আবেলিৰ জলপান খালে
। খাই থাকোতেই সুবুৰ দেউতাক কলেজৰ পৰা আহি পালে । সুবুৱে কোনো কথা নুলুকুৱাকৈ ব্ৰজবুঢ়াৰ
লগত হোৱা সকলো কথা দেউতাকক বিবৰি ক’লে ।
শঙ্কৰ বাবুৱে কিছুসময় গহীন হৈ থাকি ক’লে “ এই কামটো এবাৰ কৰিছ
ঠিক আছে -আৰু নকৰিবি । দিব্যেন্দু তোমাকো খৈছো , এইবোৰ কথাত সাহস দেখুৱাবৰ কোনো দৰকাৰ নাই । বুঢ়াৰ লগত বহুত গণ্ডগোল আছে। তেওঁৰ প্ৰতিবেশী
কেইঘৰৰ কথা অবিশ্বাস কৰিব নোৱাৰি । যোৱা কালিয়ে নিশিকান্তবাবু আমাৰ ঘৰলৈ আহিছিল । ব্ৰজ
বেনাৰ্জীৰ ঘৰৰ পৰা মাজৰাতি পিষ্টলৰ শব্দ শুনি
বুঢ়াৰ ঘৰত গৈ দৰ্জা ঢকিয়াইছিল । কোনেও দৰ্জা খুলি নিদিলে ”।
ইয়াৰ এসপ্তাহ মান পিছত এদিন দেওবাৰে ৰাতিপুৱা আগফালৰ
দৰ্জাত কোনোবাই টকটকালে । সুবুৰ দেউতাকে কাকত পঢ়ি আছিলে , সুবুক ক’লে “ যাচোন কোন আহিছে চাগৈ ”।
সুবুৱে দৰ্জা খুলি দেখিলে মাটীয়া ৰঙৰ
চুট পিন্ধা দেখাত সুন্দৰ এজন ভদ্ৰলোক , বয়স ত্ৰিছতকৈ বৰ বেছি নহ’ব । তেওঁৰ পিছফালে ৰাস্তাত
এখন টেক্সী ৰৈ আছে – এইটোও সুবুৰ চকুত পৰিল
।
“ ব্ৰজকিশোৰ বেনাৰ্জীৰ ঘৰটো কোনফালে ক’ব পাৰিব নেকি?”
মানুহজনে সুবুৰ দেউতাকক প্ৰশ্ন কৰিলে।
“ চৌশত্তৰ নম্বৰ বুলি জানো , কিন্ত ইয়াত টো দেখিছো কাৰো ঘৰতে নম্বৰ লিখা নাই ”।
শঙ্কৰবাবুৱে ঠিয় হৈ হাত দি দেখুৱাই দিলে
“এইফালে আমাৰ ঘৰৰ পিছৰ পিছৰ ঘৰটো”।
“ থেঙ্কচ্” ।
মানুহজন যাবলৈ বুলি ঘূৰোতেই ,শঙ্কৰবাবুৰ এটা প্ৰশ্নত ৰৈ গ’ল”
“ আপুনি তেওঁৰ আত্মীয় নেকি? ”
“ হয় । মই তেওঁৰ ভতিজাক । সৰু ভায়েকৰ ল’ৰা । আহোঁ ”।
মানুহজন গুছি গ’ল । শঙ্কৰবাবুৱে আকৌ চকীত বহি পৰি ক’লে “ হাইলি ইন্টাৰেষ্টিং
। মোৰ ভাব হৈছিল ব্ৰজবুঢ়াৰ তিনি কুলত আৰু কোনো নাই বুলি ” ।
আবেলি সুবুহঁতে বহি চাহ খাই থকাৰ সময়তে
বাহিৰৰ দৰ্জাত কোনোবাই টকটকালে । সুবুৱে খুলি দেখিলে ৰাতিপুৱাৰ সেই মানুহজন ।
“ অলপ ভিতৰলৈ আহিব পাৰোনে? ”
শঙ্কৰবাবু উঠি আহিছিল , ক’লে “ নিশ্চয়, আহক আহক”।
মানুহজন সোমাই আহিল ।
“ বহক । চাহ খাব?”
“ নো, থেঙ্কচ্ । এইমাত্ৰ চাহ খাই আহিছো ” ।
“ ব্ৰজবাবুক কেনেকুৱা দেখিলে?”
“ সেই বিষয়েই কথা পাতিবলৈ আহিলোঁ ” মানুহজনে ক’লে । “ আগতে মোৰ চিনাকিটো দিওঁ । মোৰ নাম অমিতাভ বেনাৰ্জী । মোৰ কাম
হৈছে মনৰ ৰোগৰ চিকিৎসা কৰা । সাইক্ৰিয়াট্ৰি । কলেজত পঢ়াৰ সময়ৰ পৰা চখটো আছিল ; দেউতাইও সন্মতি দিলে । মই
বিলাতত গৈ তাতে পঢ়িশুনি তিনিবছৰ চাকৰি কৰিছিলো – তিনিবছৰ হ’ল কলিকতালৈ আহিছো ।
দেউতাৰ মুখতে বৰদেউতাৰ কথাটো শুনিছিলো । দেউতাই লখ্নৌত ওকালতি কৰিছিল, মোৰ জন্ম পঢ়াশুনা সকলো তাতেই । মই ব্ৰজ বৰদেউতাক কেতিয়াও দেখা
নাই । যেতিয়া কলিকতালৈ গ’লো, তেতিয়া বৰদেউতা আপোনালোকৰ ইয়ালৈ গুছি আহিছে । এইটো শুনিছিলো
যে কলিকতাত থকা সময়ত তেওঁ চুপচাপ ঘৰতে বহি থাকিছিল , কাৰো লগত মিলা মিছা নকৰিছিল । ভাক্তৰে চাই চিতি কৈছিল শৰীৰত কোনো বেমাৰ নাই ” ।
“ যিটো ঘৰত তেওঁ থাকে সেই ঘৰটো কাৰ? ”
“ এইটো আমাৰ ককাদেউতাই সাজিছিল । তেওঁ ব্যৱসায়
কৰিছিল । মৃত্যুৰ আগেয়ে তেওঁ তিনিজন ল’ৰাক উইল কৰি
সকলো টকা সমানে ভগাই থৈ যায় । গতিকে বৰদেউতাৰ টকাৰ অভাৱ নাই ”।
“ তেওঁ কি তন্ত্ৰ মন্ত্ৰৰ চৰ্চা কৰে নেকি?”
“ তেওঁ কি কৰে সেইটো সঠিক ভাৱে ক’ব নোৱাৰিম । আমি আছিলো লখ্নৌত, মাজু বৰদেউতাৰ কাম আছিল বাঙ্গালোৰত । ব্ৰজ বৰদেউতা কলিকতাতেই
আছিল । কিন্তু তিন জনমান কামকৰা মানুহ বাদ
দি তেওঁক চোৱা চিতা কৰা আৰু কোনো নাছিল । তন্ত্ৰৰ কথা মই নাজানো কিন্তু তেওঁৰ যে মানসিক
বেমাৰ আছে তাত মোৰ কোনো সন্দেহ নাই । কিন্তু কথা হ’ল কি বেমাৰ ?”
“ সেইটো এতিয়াও ধৰিব পৰা নাই? ”
“ ধৰিম কিদৰে ? মোৰ লগতটো কথাই পতা নাই ।
কিন্তু মোৰ এটা প্ৰস্তাৱ আছে।“
“ কী ”?
“ তেওঁৰ কামকৰা মানুহজনে কৈছিল তেওঁ হেনো
সৰু ল’ৰাছোৱালীৰ ওপৰত কেতিয়াও খং নকৰে । সেইবাবে ভাবিছিলো আপোনাৰ ল’ৰাক যদি এবাৰ লগত লৈ যাব পাৰো, তেতিয়াহ’লে তেওঁ হয়টো মুখ খুলিব
পাৰে ”
।
সুবুৱে সুধিলে “ তেওঁৰ এটা সেউজীয়া বাকছ আছে নেকি?”
অমিতাভ বাবুৱে চকুদুটা ডাঙৰ ডাঙৰ কৰি
ক’লে “ বাকচ মানে কি- সেইটোতো
এটা বিশাল ট্ৰাংক। মই তেওঁক শুধিছিলো তাত কি আছে । তেওঁ একো উত্তৰেই নিদিলে ”।
শঙ্কৰবাবুৱে ক’লে “ ঠিক আছে । মোৰ ল’ৰা যাব ; কিন্তু তাৰ লগত তাৰ
দেউতাকো যাব ”।
“ নিশ্চয় । সেইটোতো খুব ভাল কথা । মইও অলপমান
জোৰ পাম।“
পাঁচ মিনিটৰ ভিতৰতে তিনিওজন ওলাই গ’ল । ব্ৰজ বুঢ়াৰ ঘৰৰ সমুখৰ দৰ্জাত ঢাক্কা দিওঁতেই এজন বুঢ়া কামকৰা
মানুহে দৰ্জা খন খুলি দিলে।
“ মালিক ক’ত আছে?” অমিতাভ বাবুৱে সুধিলে
।
“ওপৰ মহলাৰ শোৱা কোঠাত ” কামকৰা মানুহজনে ক’লে।
“ আজি বাহিৰত নবহে ?”
“ আজি আপুনি আহি যোৱাৰ পাছৰে পৰা যেন কিবা
আনমনা হৈ পৰিছে । আবেলি চাহো নেখালে “।
“ ঠিক আছে । আমি তেওঁক এবাৰ দেখা কৰিম। আহক মিষ্টাৰ—”
“ চৌধুৰী “।
তিনিওজন গৈ ওপৰ মহলাত উপস্থিত হলগৈ ।
সোঁফালে এখন দৰ্জা । সেইটোৱেই ব্ৰজবুঢ়াৰ শোৱা কোঠা । ডঃ বেনাৰ্জীৰ পিছে পিছে শঙ্কৰবাবু
আৰু সুবুও গৈ ভিতৰ সোমালেগৈ ।
ব্ৰজবুঢ়া গাৰুত মূৰ থৈ আধাশোৱা অৱস্থাত
। সুবুক দেখি তেওঁৰ মুখত ক্ষন্তেকলৈ হাঁহি
ফুটি উঠি আকৌ নিমিষতে মাৰ গ’ল ।
-“ তোমাৰ লগত এওঁলোক আকৌ কিয় ?” অভিমানৰ সুৰেৰে ব্ৰজ
বুঢ়াই ক’লে।
সুবুৱে ক’লে “ আপুনি সেউজীয়া বাকচটোৰ
কথা কৈছিল যে - সেইটো চাবলৈ আহিছো ”।
প্ৰকাণ্ড সেউজীয়া ট্ৰাঙ্কটো সুবুৱে কোঠাটোত
সোমাইয়ে দেখিছিল । বিচনাৰ সমুখৰ দেৱাল খনৰ ওচৰতে আছে । দেখিলেই বুজিব পাৰি পুৰণি দিনৰ
ট্ৰাঙ্ক ।
'“ নিশ্চয় দেখুৱাম “ ব্ৰজবুঢ়াই ক’লে । “কিন্তু এতিয়া নহয় । এওঁলোক বাহিৰলৈ গ’লেহে দেখুৱাম।“।
ডঃ বেনাৰ্জীয়ে শঙ্কৰবাবুক ক’লে, “ বলক মিঃ চৌধুৰী- আমি
কাষৰ কোঠাটোলৈ যাওঁ”।
দুয়োজন বাহিৰলৈ ওলাই যোৱাৰ পিছত ব্ৰজবুঢ়াৰ
মুখত আকৌ হাঁহি ফুটি উঠিল । সুবুৰ বুকুৰ ভিতৰত আকৌ ধপধপনি আৰম্ভ হ’ল ।
ব্ৰজবুঢ়াই বিচনাৰ পৰা নামি সৰু বেগ এটাৰ
পৰা এটা চাবি উলিয়াই ট্ৰাঙ্কটো খুলি ঢাকনখন ডাঙি দিলে ।
“ চোৱা !”
এইয়া কি ! এইটো দেখোন খেলনাৰে ভৰ্তি
! ৰেলগাড়ী, বন্দুক ,ৰাক্ষসৰ মুখা , বিল্ডিং ব্লকছ, লুডো , লটো , সৰু কৰতাল, আৰু কিছু বাজনা, খেলাৰ ড্ৰাম, খেলাৰ গ্ৰামফোন , আৰু যে কত কি খেলনা , যিবোৰ সুবুৱে কেতিয়াও দেখাই নাই -নাম শুনাটো দুৰৰে কথা।
“ এইবোৰ কাৰ ?” সুবুৱে ঢোক গিলি সুধিলে । ব্ৰজ বুঢ়াই দুহাত ওপৰলৈ তুলি চপৰি
বজাই গাটো ইফালে সিফালে নচুৱাই গান গাইছিলে
“ মই বীৰ তিলক সিং, সেয়ে নাচো তিৰিং তিৰিং” – এবাৰ গানটো বন্ধ কৰি নিজৰ বুকুত চাপৰ মাৰি ক’লে - “মোৰ”!
সুবুৱে বুজি পালে যে এই খেলাৰ বন্দুকৰ
শব্দ শুনিয়ে কাষৰ মানুহঘৰে ভাবিছে পিষ্টল ,সেই মুখাখন পিন্ধি
বুঢ়াই খিৰিকিত ধৰি ঠিয় হওঁতেই ভাবিছে ৰাক্ষস, -আৰু এই খেলনা বোৰৰ বিভিন্ন আৱাজ শুনি ভাবিছে বুঢ়াই মন্ৰ বেজালি কৰিছে ।
সুবুৱে ক’লে “ দেউতা আৰু ডাক্তৰ আঙ্কলক
মাতোনে?”
-“ তেওঁলোকে যদি মোৰ খেলনা বোৰ লৈ যায়?” বুঢ়াই কৰ্কশ ভাবে চিঞৰি উঠিল ।
-“ কেতিয়াও নিনিয়ে । তেওঁলোক খুব ভাল । আপোনাৰ
একো অপকাৰ নকৰে”।
-“ তেন্তে মাতা ”।
দুইজন ভিতৰলৈ আহিল । ট্ৰাঙ্কৰ ঢাকন খন
তেতিয়াও খোলা ।
অমিতাভ বেনাৰ্জীয়ে ভিতৰৰ বস্তুবোৰ দেখি
চেপা মাতেৰে ক’লে “ চব ব্ৰিটিছৰ দিনৰ বিলাতী খেলনা । চব তেওঁৰ সৰুকালৰ নিজৰ বস্তু । এনেকুৱা বস্তু
আজিকালি আৰু নেপায়”।
তাৰপিছত ব্ৰজবুঢ়াৰ ফালে চাই ক’লে, “ আপুনি বহক বৰদেউতা,। আমি আপোনাৰ ভালৰ বাবে আহিছোঁ ।“
“ যি জন ভালে আছে, তেওঁক আকৌ ভাল কৰিবা নেকি?” অকনমান কাঢ়াকৈ সুধিলে ব্ৰজবুঢ়াই ।
“ ঠিকেই কৈছে আপুনি" , ডঃ বেনাৰ্জীয়ে ক’লে ।“ মই ভুলকৈ কৈছিলো। আপোনাৰ কোনো চিন্তা নাই । মই কালিয়ে গুছি যাম”।
-“ যাবা ,নিশ্চয় যাবা ”।
অমিতাভ বেনাৰ্জীৰ লগত সুবু আৰু শঙ্কৰবাবু
তললৈ নামি আহিল।
- “ এইটোও একধৰণৰ মনৰ বেমাৰ জানেতো?” মিঃ বেনাৰ্জীয়ে ক’লে । “ শৰীৰত বাৰ্ধক্যৰ পুৰা ছাপ , কিন্তু মনটো এতিয়াও বালক অৱস্থাতে আছে । ডাঙৰ মানুহ সেইবাবে সহ্য কৰিব নোৱাৰে; নিজৰ বয়সৰ সঙ্গী বিচাৰে । কিন্তু কোনো ল’ৰা তেওঁৰ ওচৰলৈ নাযায় । কি কৰুণ অৱস্থা ভাবি চাওকচোন?”
-“ আপুনি সচাঁকৈ কালি গুছি যাব?” শঙ্কৰবাবুৱে সুধিলে।
-“হয় । মই গলেই তেখেত ভালে থাকিব । ইয়াৰ
বাহিৰে এই বেমাৰৰ চিকিৎসা বুলিবলৈ একো নাই।
শঙ্কৰবাবুৱে ল’ৰাৰ পিঠিত হাত দি ক’লে, “ তই মাজে মাজে ব্ৰজবুঢ়াক সঙ্গ দিবি । তোৰ বন্ধু বোৰকো কবি”।
সুবুহঁতে অমিতাভ বাবুৰ ওচৰৰ পৰা বিদায়
লৈ নিজৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিলে। ওপৰ তলাৰ পৰা তেতিয়া কৰতালৰ শব্দৰ লগে লগে শুনা গৈছে-
“ বান্দৰে বোলে অ ভাই কেটেলা
আজি ৰাতি আহিব হাতী পেটেলা
চিকা নিগনিয়ে আনিব ভৰাই বজাৰ
নাচ গান আৰু খানা হ'ব মজাৰ মজাৰ......"
1 Comments
আপ্লুত হ’লো ৷ একাকীী জীৱন কটোৱা পৃথিৱীৰ অৰ্ধেক লোক মানসিক ৰোগী৷
ReplyDelete