সত্যজিত ৰায়ৰ গল্পৰ অসমীয়া অনুবাদ

সত্যজিত ৰায়ৰ গল্পৰ অসমীয়া অনুবাদ

গল্পঃ বিপিন চৌধুৰীৰ স্মৃতিভ্ৰম

 

 


 

বঙালী চলচ্চিত্ৰ জগতৰ কাণ্ডাৰী সত্যজিত ৰায় (১৯২১-১৯৯২) ৰ দ্বাৰা ৰচিত মনোৰম সাহিত্যৰাজিৰ ভিতৰত চুটি গল্প সমূহ অন্যতম।

তেওঁৰ কাহিনীৰ 'ফেলুদা' আৰু 'প্ৰফেছাৰ শঙ্কু' দুটা অতি জনপ্ৰিয় চৰিত্ৰই নৱ-প্ৰজন্মক আজিও বিশেষ ভাৱে আকৃষ্ট কৰে। অৱশ্যে সকলো বয়সৰ পাঠকৰ মাজত সমাদৃত তেওঁৰ প্ৰায়বোৰ ৰচনাই ইংৰাজী ভাষালৈ অনূদিত হৈছে।

তেওঁৰ ' বিপিন চৌধুৰীৰ স্মৃতিবিভ্ৰম'

নামৰ মূল বঙালী গল্পটোৰ ইংৰাজী ভাষাৰ অনুবাদৰ পৰা ‌কৰা অসমীয়া অনুবাদ আগবঢ়ালো।

 

 

অনুবাদক - দুলুমণি গগৈ

 

(১)

প্ৰতি সোমবাৰে কামৰপৰা ঘূৰি আহোঁতে বিপিন চৌধুৰীয়ে নিউ মাৰ্কেটৰ কালিচৰণ নামৰ দোকানখনত সোমাই কিতাপ কিনিছিল। অপৰাধ মূলক গল্প, ভূতৰ গল্প আৰু থ্ৰিলাৰ - গোটেই সপ্তাহটোৰ বাবে জোৰাকৈ এবাৰত কমেও পাঁচখন কিতাপ কিনিব লাগিছিল। তেওঁ অকলে বাস কৰিছিল, মিলা-মিচা বৰ ভাল নাপাইছিল, বন্ধু-বান্ধৱো বেছি নাছিল, আৰু অলাগতীয়াল কথা পাতি সময় নষ্ট কৰিবলৈ বেয়া পাইছিল। আজি 'কালিচৰণ'ত সোমাই থাকোঁতে অনুভৱ হৈছিল যেন বৰ কাষৰ পৰাই কোনোবাই তেওঁক লক্ষ্য কৰি আছিল। বাৰে বাৰে ঘূৰি চাই তেওঁৰ চকুৱে ঘূৰণীয়া মুখৰ এজন অমায়িক লোকক দেখা পালে যি তেতিয়া এটা হাঁহিৰে তেওঁক সহাঁৰি দিছিল।

---"আপুনি চাগে মোক চিনি নাই পোৱা।"

--" আমি আগতে লগ হৈছো নেকি?"

মানুহজনক ভীষণ আচৰিত দেখা গ'ল।

" পূৰা এক সপ্তাহৰ বাবে আমি দৈনিক লগ হৈছিলো। ১৯৫৮ চনত ৰাঁচীত মই আপোনাৰ বাবে হুদ্ৰু জলপ্ৰপাত চাবলৈ গাড়ী বন্দোবস্ত কৰি দিছিলো। মোৰ নাম পৰিমল ঘোষ। "

---- "ৰাঁচী?"

এতিয়া হে বিপিন বাবুৱে ধৰিব পাৰিলে যে আচলতে ভুলটো তেওঁৰ নহয়, এই মানুহজনৰহে। বিপিন বাবুৱেতো কেতিয়াও ৰাঁচীলৈ যোৱাই নাই। কেইবাবাৰো যাওঁ যাওঁ কৈ যাবলৈ ওলাই ও অলপৰ কাৰণেই যোৱাটো হৈ নুঠিছিল। তেওঁ হাঁহিলে আৰু সুধিলে-

-----" তুমি জানানে মই কোন?"

নিজৰ ভ্ৰু ডাঙি দাঁতেৰে জিভা কামুৰি মানুহ জনে কৈ উঠিল -"মই আপোনাক চিনি পাওঁ নেকি?বিপিন চৌধুৰীক কোনে চিনি নাপায়?"

বিপিন বাবুৱে কিতাপৰ আলমিৰা বিলাকৰ ফালে ঘূৰিলে আৰু 'লে-

----- "তথাপিও তুমি ভুল কৰিছা। প্ৰায়েই মানুহৰ ভুল হয়েই। মই ৰাঁচীলৈ কেতিয়াও যোৱাই নাই।"

মানুহ জনে এইবাৰ জোৰেৰে হাঁহিলে।

-----"কি কৈছে আপুনি মি: চৌধুৰী? আপুনি হুদ্ৰু জলপ্ৰপাতত

পৰি গৈছিল আৰু আপোনাৰ সোঁ আঁঠুত কাটিছিল। মই আপোনালৈ আয়'দিন আনি দিছিলো। পিছদিনা মই আপোনাৰ বাবে নেতাৰহাতলৈ যাবলৈ গাড়ী বন্দোবস্ত কৰি দিছিলো, কিন্তু আঁঠুৰ বিষৰ বাবে আপুনি যাব নোৱাৰিলে । আপোনাৰ একো মনত নাই নে? সেই সময়ত ৰাঁচীত আপোনাৰ চিনাকি আন এজন মানুহো আছিল। মি: দিনেশ মুখাৰ্জী। আপুনি এটা বাংলোত আছিল। আপুনি হোটেলৰ খাদ্য খাই বেয়া পোৱা বুলি কৈছিল আৰু আপোনাৰ খাদ্য এজন বাবুৰ্চিৰ দ্বাৰা ৰন্ধাই ল'বলৈ হে ভাল পাইছিল। মি: মুখাৰ্জীয়ে নিজৰ ভগ্নী ৰ সৈতে বাস কৰিছিল। আপুনি চন্দ্ৰত মানুহৰ পদধূলি পৰা বিষয়টোক লৈ খুব বেছি তৰ্ক কৰিছিল। আৰু কওঁ ৰ'ব! আপুনি আপোনাৰ কিতাপেৰে ভৰ্তি মোনা এটা আপোনাৰ প্ৰকৃতি-দৰ্শন মূলক যাত্ৰা সমুহত লৈ ফুৰিছিল। মই ঠিকেই কৈছোনে বাৰু?"

বিপিন বাবুৱে মনে মনে কৈ উঠিছিল, চকু তেতিয়াও কিতাপৰ ওপৰতেই আছিল।

-----"৫৮'ৰ কোনটো মাহৰ কথা কৈ আছে আপুনি?"

মানুহ জনে ক'লে-"অক্টোবৰ।"

------- "নহয় মহাশয়", বিপিন বাবুৱে ক'লে। ৫৮'ত মই পূজা কাণপুৰৰ এজন বন্ধুৰ লগত কটাইছিলো। আপোনাৰ ভুল হৈছে। আপোনাৰ দিন শুভ হওক।"

কিন্তু মানুহ জন আঁতৰিও নগ'ল আৰু কথা পাতিবলৈও

নেৰিলে।

------ "বৰ আচৰিত কথা। এদিন গধূলি মই আপোনাৰ সৈতে বাংলোৰ বাৰান্দাত বহি চাহ খাইছিলো। আপুনি আপোনাৰ পৰিয়ালৰ বিষয়ে কৈছিল। আপুনি কৈছিল আপোনাৰ কোনো সন্তান নাই আৰু কৈছিল যে আপুনি আপোনাৰ পত্নীক দহ বছৰৰ আগতেই হেৰুৱাই ছিল। আপোনাৰ একমাত্ৰ ভাতৃ মানসিক ভাৰসাম্য হেৰুৱাই মৃত্যুৰ মুখত পৰিছিল আৰু এইটোৱে সেইটো কাৰণ আছিল যিটো কাৰণে আপুনি ৰাঁচীৰ মানসিক হস্পিটেল দৰ্শন কৰা নাছিল...."

বিপিন বাবুৱে যে কিতাপৰ মূল্য দি দোকানৰ পৰা ওলাই গৈ আছিল, সেই মানুহ জনে অবিশ্বাস্য দৃষ্টিৰে চাই আছিল।

( ২)

বিপিন বাবুৰ গাড়ী খন নিৰাপদে 'লাইটহাউচ' চিনেমা হলৰ কাষৰ বেট্ৰাম ষ্ট্ৰীটত পাৰ্ক কৰি থোৱা আছিল। গাড়ীত বহিবলৈ লৈ তেওঁ দ্ৰাইভাৰজনক ক'লে, ---" গংগাৰ পাৰলৈ লৈ যাবানেকি‌, সীতাৰাম?"

স্ট্ৰেন্ড ৰোডেৰে গৈ থাকোঁতে বিপিন বাবুৱে ভাবিলে সেই অচিনাকি মানুহ জনৰ কথাত ইমান গুৰুত্ব দিয়াৰ কোনো দৰকাৰ নাছিল। তেওঁ কেতিয়াও ৰাঁচীলৈ যোৱাই নাই- তাত কোনো প্ৰশ্ন হ'ব নোৱাৰেই। এইটো সম্ভৱেই নহয় যে তেওঁ ইমান ডাঙৰ ঘটনা এটা পাহৰি যাব যিটো মাত্ৰ ছয়-সাত বছৰৰ আগতে হে ঘটিছে। তেওঁৰ এক উৎকৃষ্ট স্মৃতি শক্তি আছিল ।নহলে-- , বিপিন বাবু বৰ আশ্চৰ্যচকিত হৈ পৰিল।

তেওঁ পাগল হৈ পৰিছিল নেকি? কিন্তু সেইটো কেনেকৈ হ'ব পাৰে? তেওঁ সদায় অফিচ ত কাম কৰে। সেইখন এখন ডাঙৰ ফাৰ্ম আৰু তেওঁ এটা দায়িত্ব শীল বিষয়বাব ত কাম কৰিছিল। তেওঁৰ কোনোধৰণৰ অসুবিধা নোহোৱাকৈ সুন্দৰকৈ নিজৰ কাম কৰিছিল। সেইদিনা অলপ আগলৈকে তেওঁ এখন জৰুৰী মিটিঙত আধাঘণ্টা সময় বক্তৃতা আগবঢ়াইছিল। আৰু তথাপিও......।

তথাপিও সেই মানুহ জনে তেওঁৰ বিষয়ে বহুতো কথাই জানিছিল। কেনেকৈ? তেওঁৰ বিষয়ে বহুতো গোপনীয় তথ্যই জানিছিল দেখোন। কিতাপৰ মোনা, পত্নীৰ মৃত্যু, ভাতৃৰ মানসিক ৰোগ...... তেওঁ মাত্ৰ এটাই ভুল কথা কৈছিল, তেওঁ ৰাঁচীলৈ যোৱাৰ কথাটো। ভুল নহয় চাগে, ইচ্ছাকৃতভাৱে মিছা কথা কৈ আছিল। ৫৮'ত পূজাৰ সময়ত , তেওঁ কাণপুৰৰ বন্ধু হৰিদাস বাগ্ চীৰ ঘৰতহে আছিল। তেওঁ এবাৰ চিঠিৰে সুধিচালেইতো হয়-নাই, হৰিদাসলৈ চিঠি লিখাৰ কোনো উপায় নাছিল। হঠাতে বিপিন বাবুৰ মনত পৰিল যে কেই সপ্তাহমানৰ আগতে হৰিদাস সপৰিবাৰে জাপানলৈ গুচি গৈছিল আৰু তেওঁৰ লগত ঠিকনাও নাছিল।

কিন্তু প্ৰমাণ দেখুওৱা ৰ নো প্ৰয়োজন কি? তেওঁ নিজে ভালকৈ জানেই যে তেওঁ ৰাঁচীলৈ যোৱা নাছিল-- কথা সিমানেই।

নদীৰ বতাহ গাত লাগি তেওঁ পুলকিত হৈ পৰিছিল , তথাপিও এক ধৰণৰ অসন্তোষ ভাৱ তেওঁৰ মনত অনুভৱ কৰি থাকিল।

হেষ্টিংছৰ কাষেৰে ঘূৰোতে বিপিন বাবুৱে নিজৰ পেণ্টটো কোঁচাই সোঁভৰিৰ আঁঠুটো এবাৰ চাই লোৱাটোকে মনস্হ কৰিলে।

তাতে দেখোন এক ইঞ্চিমানৰ পুৰণি কটা ঘাঁ এটুকুৰাৰ দাগ আছিল। সেই কটা ঘাঁ টুকুৰা কেতিয়ানো লাগিছিল তেওঁৰ বাবে কোৱাটো অসম্ভৱ আছিলহয়তো ল'ৰালিতে ক'ৰবাত পৰি আঁঠুত কাটি লৈছিল। তেওঁ তেনে ঘটনা মনত পেলাবলৈ বহুত চেষ্টা কৰিলে যদিও মনলৈ নাহিল।

তেনেতে হঠাতে বিপিন বাবুৰ মনত পৰিল দিনেশ মুখাৰ্জীৰ কথা। মানুহ জনে কোৱা মতে সেই সময়ত দিনেশ মুখাৰ্জী ও ৰাঁচীতে আছিল। সঁচাকৈ তেওঁক সুধি চোৱাটোৱে উত্তম হ'ব। তেওঁ বৰ ওচৰতেই বাস কৰিছিল -বেণীনন্দন ষ্ট্ৰীটত। এতিয়াই যোৱাটো কেনে হ'? কিন্তু তেওঁ যদি কেতিয়াও ৰাঁচীলৈ যোৱা নাছিল, তেতিয়া হ'লে তেওঁৰ পৰা সঁচা মিছা ৰ প্ৰমাণ বিচাৰি থাকিলে দীনেশে কি বুলি ভাবিব বাৰু ? তেওঁ নিশ্চিত কৈ ভাবিব যে বিপিন বাবু পগলা হ'ল। নাই, তেওঁক সোধাটো বৰ অশোভনীয় কথা হ'ব।

আৰু দিনেশৰ নিৰ্দয়ী ব্যংগাত্মক স্বভাৱৰ কথা তেওঁ ভালকৈয়ে জানিছিল।

নিজৰ বাতানুকুলিত কোঠাত সোমাই ঠাণ্ডা পানীয়ৰ বটল হুপি থাকোঁতে তেওঁ পুনৰ সহজ হৈ পৰিছিল।কি যে আপদ! কেৱল নিজৰ কৰিবলৈ একো কাম নথকা এইবোৰ মানুহে লোকৰ তিলটোকে তালটো কৰি থাকে।

ৰাতিৰ আহাৰ খাই লৈ বিচনাত অলপ ভাবে বাগৰি নতুন থ্ৰিলাৰ খন পঢ়ি থাকোতে তেওঁ নিউ-মাৰ্কেটৰ সেই মানুহ জনৰ কথা একেবাৰে পাহৰিয়ে পেলাইছিল।

পিছদিনা অফিচত বহি থাকোতে বিপিন বাবুৱে অনুভৱ কৰিলে যে সময় বাগৰাৰ লগে লগে আগদিনাৰ ঘটনাটোৱে তেওঁৰ মনটোৰ বহুলাংশে অধিকাৰ কৰি পেলাইছিল। যদি সেই মানুহ জনে বিপিন বাবুৰ বিষয়ে ইমান বেছি কথা জানিছিল তেওঁ ৰাঁচী-যাত্ৰাৰ কথাটোক লৈ ভুল কিয় কৰিব?

দুপৰীয়াৰ আহাৰ খোৱাৰ অলপ আগতে বিপিন বাবুৱে দিনেশ মুখাৰ্জীলৈ ফোন কৰাৰ সিদ্ধান্ত ল'লে।কথাটো ফোনতে মীমাংসা কৰাটো ভাল হ'; অন্তত: তেওঁৰ মুখত ফুটি উঠিব লগীয়া বিৰক্তিৰ ভাৱটো নেদেখা কৈ থাকিব।

দুই-তিনি-পাঁচ-ছয়-এক-ছয়, বিপিন বাবুৱে নম্বৰটো ডায়েল কৰিলে।

-----"হেল্ল'"

-------"দিনেশ নেকি? বিপিনে কৈছো।"

-----"হয় হয়, - খবৰ কি?"

-------"মই ৫৮' ৰ ঘটনা এটা তোমাৰ মনত আছেনে জানিব বিচাৰিছিলো।"

----"৫৮' ? কি ঘটনা?"

------" তুমি সেই গোটেই বছৰটো কলিকতাতে আছিলা নে? মই জানিব বিচৰা প্ৰথম কথাটো সেইটোৱেই।"

------" এক মিনিট ৰ'বা.....,'৫৮....ৰ'বা মই ডায়েৰী খন চাই লওঁ।"

এক মিনিটৰ বাবে নীৰৱ হৈ পৰিছিল। বিপিন বাবুৱে নিজৰ কলিজাৰ ধপ্ ধপনি বাঢ়ি যোৱা যেন অনুভৱ কৰিলে। অলপ ঘামিছিল তেওঁ।

-----"হাল্ল'. "

------- "হয়।"

------”অঁ পালোঁ। মই দুবাৰ কৈ কলিকতাৰ বাহিৰলৈ গৈছিলো।"

-----"কলৈ?"

-----" এবাৰ - ফেব্ৰুৱাৰীত ভাগিন এটাৰ বিয়া খাবলৈ ওচৰৰে কৃষ্ণনগৰলৈ । আৰু তাৰ পাছত, ... তুমি জানিব লাগে এইটো বিষয়ে । ৰাঁছী যাত্ৰাটো। তুমিওটো তাতেই আছিলা । কিন্তু তুমি ইমানকৈ কিয় সুধি আছা?

------"নাই। এনেয়ে জানিব বিচাৰিছিলো- ঠিক আছে, ধন্যবাদ।"

বিপিন বাবুৱে ৰিচিভাৰটো ধম্ কৈ তলত থৈ দুহাতেৰে মূৰটো খামুচি ধৰিলে। তেওঁৰ মূৰটো সাঁতুৰি ফুৰা যেন অনুভৱ হ'ল। এক চেঁচা শিহঁৰণ তেওঁৰ সমগ্ৰ দেহাটোত বিয়পি পৰিল। তেওঁৰ টিফিন বক্সটোত তেতিয়া ও চেণ্ডুইচ্ আছিলেই, কিন্তু তেওঁ নাখালে। পেটৰ ভোকটো হেৰাই থাকিল।

(৩)

দুপৰীয়াৰ আহাৰৰ সময় শেষ হোৱালৈকে বিপিন বাবুৱে বুজি পাইছিল যে পৰৱৰ্তী সময়খিনিত আৰু তেওঁৰ বাবে তাত বহি অফিচৰ কাম কৰি থকাটো সম্ভৱ নহ'ব। সেই ফাৰ্মখনত কাম কৰা যোৱা বিশবছৰত তেখেতৰ সৈতে প্ৰথমবাৰৰ বাবে এনে এটা ঘটনা ঘটিছিল। এজন অক্লান্ত পৰিশ্ৰমী আৰু বোধশক্তি সম্পন্ন কৰ্মী হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল। কিন্তু আজি যেন তেওঁৰ মগজুটো চাকনৈয়াতহে উটি-ভাঁহি ফুৰিছে।

২-৩০ মান বজাত ঘৰলৈ ঘূৰি আহি বিচনাত বাগৰি বিপিন বাবুৱে নিজৰ সমস্ত উপস্হিত বুদ্ধি গোটাই ল'লে। তেওঁ জানিছিল যে এজন মানুহে দূৰ্ঘটনাবশত: মগজুত আঘাত পালে স্মৃতি শক্তি হেৰুৱাই পেলাব পাৰে, কিন্তু তেওঁ এনে এটাও উদাহৰণ কেতিয়াও শুনা নাই য'ত এজন মানুহে এটা বিশেষ ঘটনাৰ বাহিৰে সকলো কথাই সঠিককৈ মনত ৰাখিব পাৰে-আৰু তাকো একেবাৰে সৌ-সিদিনাহে ঘটা এটা গুৰুত্বপূৰ্ণ ঘটনা। তেওঁ সদায়েই ৰাঁচীলৈ যাব বিছাৰিছিল আৰু এইটো হ'বই নোৱাৰে যে তেওঁ কেতিয়াবা তালৈ গৈ, তাত বহু ঘটনা ঘটাব আকৌ সেইবোৰ একেবাৰে পাহৰিও পেলাব - এই টো একেবাৰে অসম্ভৱ কথা ।

৭-৩০ বজাত বিপিন বাবুক তেওঁৰ লগুৱা জনে আহি ক'লে- "চুনি বাবু আহিছে। বৰ জৰুৰী কথা আছে বুলি কৈছে।"

বিপিন বাবুৱে চুনি বাবু অহাৰ কাৰণটো জানিছিল। চুনিবাবু তেওঁৰ সৈতে স্কুলত পঢ়িছিল। বৰ্তমান তেওঁৰ অৱস্হা বৰ ভাল নাছিল আৰু এটা চাকৰি বিচাৰি বিপিন বাবুৰ কাষ চাপিছিল। বিপিন বাবুৱে জানিছিল যে চুনি বাবুৰ বাবে একো কৰাটো তেওঁৰ পক্ষে সম্ভৱ নহয়, আৰু তেওঁ সেই কথা ইতিমধ্যে চুনিক কৈছিলেও। কিন্তু চুনিয়ে যেন বাৰে বাৰে অচল মুদ্ৰা এটাৰ দৰেই তেওঁৰ কাষলৈকে ঘূৰি আহি আছিল।

বিপিন বাবুৱে কৈ পঠিয়ালে যে তেওঁ বৰ্তমান তো চুনিক লগ কৰাটো সম্ভৱ নহয়েই, আনকি কেইবা সপ্তাহ লৈকে ও তেওঁ লগ কৰিব নোৱাৰে।

কিন্তু লগুৱা জন তেওঁৰ কোঠাৰ পৰা ওলাই বাহিৰত খোজ পেলাওঁতেই হঠাৎ বিপিন বাবুৰ মনত খেলালে যে কেনেবাকৈ চুনিৰ ৫৮'ৰ যাত্ৰাটোৰ বিষয়ে কিবা মনত থাকিবও পাৰে। তেওঁক এবাৰ সুধি চালে একো ক্ষতি নহয় ।

বিপিন বাবু খৰখেদাকৈ চিৰিৰে নামি গৈ বৈঠকখানা পালেগৈ। চুনি যাবলৈ ওলাইছিলেই, কিন্তু বিপিন বাবুক অহা দেখি আশাভৰা চাৱনিৰে ঘূৰি চাই ৰৈ যায়।

বিপিন বাবুৱে ডালে-পাতে কোবাই নাথাকিলে।

------ "শুনা চুনি- মই তোমাক কথা এটা সুধিব বিচাৰো। তোমাৰ স্মৃতি শক্তি বৰ শক্তিশালী আৰু তুমি মোক

প্ৰায়েই ঘূৰি ফুৰা দেখিয়েই থাকা। অলপ অতীতলৈ ঘূৰি চাই মোক কোৱা চোন মই বাৰু ৫৮'ত ৰাঁচীলৈ গৈছিলো নেকি?"

চুনিয়ে ক'লে- "৫৮'? ৫৮ এ 'ব পাৰে । নে ৫৯ চন আছিল? "

------"তুমি একেবাৰে নিশ্চিত নে যে মই ৰাঁচীলৈ গৈছিলোৱেই?"

চুনিৰ আশ্চৰ্যৰে পূৰ্ণ দৃষ্টিৰ সৈতে অলপ উৎকণ্ঠাও মিহলি হৈ নথকাকৈ নাছিল ।

------- "তুমি ক'ব বিচাৰিছা নেকি যে তালৈ যোৱা- নোযোৱাক লৈ তোমাৰ কিবা সন্দেহ আছে?"

-------"মই সঁচাকৈয়ে গৈছিলো নে? তোমাৰ স্পষ্টকৈয়ে মনত আছে ন'?"

চুনিয়ে চোফাতে বহি লৈ বিপিন বাবুলৈ একেৰাহে দীঘলীয়া কৈ এটা তীক্ষ্ণ চাৱনিৰে লক্ষ্য কৰি থাকিল আৰু ক'লে-

---" বিপিন তুমি ড্ৰাগ্ ছ জাতীয় ‌কিবা বস্তৰ গ্ৰাসত পৰা নাইতো? মই যিমান জানো তুমি তেনে বস্তৰ পৰা নিজকে বচাই ৰাখিছা। মই জানো পুৰণি বন্ধুত্ব তোমাৰ বাবে বৰ দৰকাৰী বস্ত নহয় কিন্তু তোমাৰ ভাল স্মৃতি শক্তি আছিল। তুমি ৰাঁচী-যাত্ৰাৰ কথা পাহৰিলো বুলি সঁচাকৈ নাইকোৱা নিশ্চয়?"

বিপিন বাবুৱে চুনিলালৰ অবিশ্বাসী চাৱনিৰ পৰা নিজকে আঁতৰাই নিবলগীয়া হ'ল।

------- "মোৰ আগৰ চাকৰিটো কি আছিল তুমি জানানে?"--চুনিলালে সুধিলে।

------"নিশ্চয় । তুমি এটা ট্ৰেভেল এজেঞ্চী ত কাম কৰিছিলা।"

--------"তোমাৰ মনত আছে সেইটো আৰু এইটো মনত নাই যে ময়েই সেইজন মানুহ‌ আছিলো যি তোমাৰ যাত্ৰাৰ বাবে যাৱতীয় ট্ৰেইনৰ টিকট যোগাৰ কৰি দিছিলো। মই ষ্টেচনলৈ তোমাক বিদায় দিবলৈ ও গৈছিলো, তোমাৰ দবাৰ এখন ফেন বেয়া আছিল-মই এজন ইলেকট্ৰিচিয়ান মাতি সেইখন ভাল কৰি দিছিলো । তুমি প্ৰতিটো কথাই পাহৰি গ'লা নেকি? কিবা হৈছে নেকি তোমাৰ? তোমাৰ গা বৰ ভাল নহয় যেন লাগিছেও, জানানে।"

বিপিন বাবুৱে হুমুনিয়াহ কাঢ়ি মূৰটো জোঁকাৰিছিল।

----- " মই বৰ বেছি পৰিশ্ৰম কৰি আছো"- অৱশেষত তেওঁ ক'লে । "সেই কাৰণেই তেনেকুৱা লাগিছে। বিশেষজ্ঞ এজনৰ পৰা পৰামৰ্শ লবলৈ যাবই লাগিব।"

বিপিন চৌধুৰীৰ অৱস্হা দেখি চুনিলালে চাকৰিৰ বিষয়ে কোনো কথা নুলিওৱাকৈয়ে বিদায় ল'লে।

উজ্বল চকুহাল আৰু জোঙা নাকটোৰে সৈতে পৰেশ চন্দ এজন ডাক্তৰ। তেওঁ বিপিন বাবুৰ ৰোগৰ লক্ষণবোৰৰ জানিব পাৰি চিন্তান্বিত হৈ পৰিছিল।

"চাওক ডা:চন্দ," বিপিন বাবুৱে বিহ্বলতাৰে কৈ উঠিল, আপুনি মোক এই ভয়ঙ্কৰ বেমাৰটোৰ পৰা আৰোগ্য কৰিব লাগিব। মই আপোনাক বুজাব নোৱাৰো ই মোৰ কামত কিমান ক্ষতি কৰিছে।"

ডা: চন্দ ই মূৰ জোকাৰিলে।

-----" আপুনি জানেনে মি: চৌধুৰী," তেওঁ ক'লে," মই আপোনাৰ কেচটোৰ দৰে কেচ আগতে কেতিয়াও পোৱা নাছিলো। আচলতে এইটো মোৰ অভিজ্ঞতাৰ ক্ষেত্ৰখনৰ প্ৰায় বাহিৰৰ কথা। কিন্তু মই এটা পৰামৰ্শ আগবঢ়াব খুজিছো। মই নাজানো ই কামত দিব নে নাই কিন্তু চেষ্টা এটা কৰি চাব পাৰে, ক্ষতি একো নহয়।"

বিপিন বাবুৱে উৎকণ্ঠাৰে আগলৈ হাউলি আহিছিল।

----- "মই যিমান দূৰ পাৰিম ", ডা: চন্দই ক'লে, " আৰু মই ভাবো আপুনিও একমত হ'ব-- আপুনি ৰাঁচীলৈ গৈছিল, কিন্তু কিছুমান অজানা কাৰণত সেই গোটেই পৰ্বটো আপোনাৰ মনৰ পৰা হেৰাই গৈছে । মই আপোনাক ৰাঁচীলৈ আকৌ এবাৰ যোৱাৰ পৰামৰ্শ দিম। ৰাঁচীৰ সেই দৃশ্যপটে আপোনাক সেই স্মৃতি পুনৰ ঘূৰাই দিব। এইটো একেবাৰে অসম্ভৱ কথা নহয়। তদুপৰি বৰ্তমান মই ইয়াতকৈ বেছি একো কৰিব ও নোৱাৰো। মই এটা নাৰ্ভৰ টনিক আৰু এটা টোপনিৰ ঔষধ দিছো। টোপনি আপোনাৰ বাবে অত্যাৱশ্যকীয় , নহ'লে লক্ষণসমূহ বেছি শক্তিশালী হৈ পৰিব।

পাচদিনা ৰাতিপুৱা বিপিন বাবুৰ গাটো অলপ ভাল লাগিল।

পুৱাৰ আহাৰৰ পিছত তেওঁ অফিচ লৈ ফোন কৰিলে, কেইটামান নিৰ্দেশ দিলে আৰু সিদিনাই গধূলি ৰাঁচীলৈ যাবলৈ এটা প্ৰথম শ্ৰেণীৰ টিকত যোগাৰ কৰিলে।

(৪)

পিছদিনা ৰাতিপুৱাই ৰাঁচীত ট্ৰেইনৰ পৰা নামিয়েই তেওঁ গম পালে যে তেওঁ আগতে ৰাঁচীলৈ কেতিয়াও যোৱা নাছিল। তেওঁ ষ্টেচনৰ পৰা ওলাই আহিল, এখন টেক্সী ল'লে আৰু কিছু সময় ৰাঁচী টাউনখনৰ মাজে মাজে গাড়ীত উঠি ঘূৰি ফুৰিল। তেওঁ বুজি পাইছিল যে সেই ৰাস্তা-পদূলি, অট্টালিকাবোৰ, হোটেল বোৰ, বজাৰবোৰ ,

মোৰাদাবাদী পাহাৰটো -- কোনোটোৱেই তেওঁৰ চিনাকি নাছিল।

এবাৰ হুদ্ৰু জলপ্ৰপাতলৈকে গ'লে কাম দিব নেকি? তেওঁ বিশ্বাস কৰিব পৰা নাছিল, কিন্তু একে সময়তে, তেওঁ মনত সকলো চেষ্টা নকৰাকৈ এৰি থৈ অহা বুলি খুদুৱনি এটা অনুভৱ কৰিব বিচৰা নাছিল।সেয়ে গাড়ী এখন বন্দোবস্ত কৰি তেওঁ আবেলিলৈ হুদ্ৰু জলপ্ৰপাতলৈ গুচি গৈছিল। সেইদিনা ই আবেলি পাঁচমান বজাত এটা পিকনিক দলৰ সৈতে অহা দুজন গুজৰাটী ভদ্ৰলোকে বিপিন বাবুক হুদ্ৰু জলপ্ৰপাতৰ শিল এচটাৰ কাষতে অচেতন অৱস্থাত পৰি থকা পায়।

যেতিয়া তেওঁৰ জ্ঞান ঘূৰি আহিছিল, তেওঁ কোৱা প্ৰথম

বাক্যটো আছিল--" মই শেষ হৈ গ'লো।একো আশা নাই আৰু।"

পিছদিনা পুৱাই বিপিন বাবু ঘূৰি আহি কলিকতা পাইছিল। তেওঁ বুজি পাইছিল যে সঁচাকৈয়ে তেওঁৰ কোনো আশা বাকী থকা নাছিল। খুব সোনকালেই তেওঁ সকলো হেৰুৱাই পেলাব: তেওঁৰ কাম কৰাৰ ইচ্ছা, তেওঁ ৰ বিশ্বাস, তেওঁৰ সক্ষমতা, তেওঁৰ মানসিক ভাৰসাম্য তাৰ। তেওঁ বাৰু মানসিক চিকিৎসালয়তে জীৱনটো কটাব লাগিব নেকি......? বিপিন বাবুৱে আৰু একো চিন্তা কৰিব নোৱাৰিলে।

ঘৰলৈ ঘূৰি গৈ তেওঁ ডা: চন্দক ফোন কৰি মাতিলে।গা পা ধুই তেওঁ মূৰত এটা বৰফৰ টোপোলা লৈ শুই থাকিল। সেই সময়তে তেওঁ ৰ লগুৱা জনে কোনোবাই লেটাৰবক্সত দি যোৱা এখন চিঠি আনি দিলে।

এটা সেউজীয়া ৰঙৰ এনভেলপত ৰঙা চিঁঞাহিৰে তেওঁৰ নাম লিখা আছিল। নামটোৰ অলপ ওপৰত 'জৰুৰী আৰু গোপনীয়' বুলি লিখা আছিল। ৰুগীয়া অৱস্হা স্বত্বেও চিঠিখন পঢ়া উচিত বুলি তেওঁ অনুভৱ কৰিলে। তেওঁ এনভেলপটোৰ এফালে ফালি চিঠিখন উলিয়াই ল'লে। তলত লিখা কথাখিনি পঢ়ি গ'ল---

মৰমৰ বিপিন

মোৰ কোনো ধাৰণাই নাছিল যে ধন-সম্পত্তিয়ে ইমান বেছি পৰিৱৰ্তন আনি দিয়ে যি ধৰণৰ পৰিৱৰ্তন তোমাৰ মাজত দেখা গৈছে। তোমাৰ কাৰনে এজন পুৰণি বন্ধুৰ

দু:খৰ দিনত সহায় কৰাটো ইমান কঠিন আছিল নে? মোৰ টকা-পইচা নাই, সেয়ে মোৰ আন মূল্যৱান সম্পত্তিও নাই। মোৰ যদি কিবা আছে সেয়া হ'ল মোৰ কল্পনা, যাৰ কিছু অংশ ব্যৱহাৰ কৰি মই তোমাৰ অসহমৰ্মিতাৰ অলপ হ'লেও শাস্তি দিবলৈ সক্ষম হʼলো।

তুমি এতিয়া আকৌ আৰোগ্য লাভ কৰিবা। মই লিখা এখন উপন্যাস এজন প্ৰকাশকে চাই আছে। তেওঁ যদি ভাল পায়, কেইমাহমান পিছতে প্ৰকাশিত হ'ব।

তোমাৰ

চুনিলাল

যেতিয়া ডা:চন্দ তেওঁৰ ঘৰলৈ আহিল, বিপিন বাবুৱে ক'লে,

------ " মই সুস্হ হ'লো। ৰাঁচীত ট্ৰেইনৰ পৰা নমাৰ লগে লগে মোৰ মনলৈ আকৌ আগৰ স্মৃতি ঘূৰি আহিল। "

------"এটা অদ্ভুত কেচ! ডা: চন্দই ক'লে, "মই মোৰ চিকিৎসাৰ দিনপঞ্জীত এই বিষয়ে নিশ্চয় লিখিম।"

------ "মই আপোনাক মাতি পঠিওৱাৰ কাৰণটো হ'ল", বিপিন বাবুৱে ক'লে, " মই ৰাঁচীত থাকোঁতে পৰি টিকাত

দুখ পালো। আপুনি যদি এটা পেইন- কিলাৰ লিখি দিলেহেঁতেন......."

________সমাপ্ত_______

 

Post a Comment

0 Comments