প্ৰৱন্ধঃ নাজী প্ৰতিৰোধী অভিযানত অস্কাৰ বিজয়ী আদ্ৰে হেপবার্ণ, এক অজ্ঞাত অধ্যায় / : মৈথিলি দা ড্ৰিমাৰ

 

নাজী প্ৰতিৰোধী অভিযানত অস্কাৰ বিজয়ী আদ্ৰে হেপবার্ণ, এক অজ্ঞাত অধ্যায়

 

মূল: মৈথিলি দা ড্ৰিমাৰ

অনুবাদ : ধ্ৰুৱ শইকীয়া 

 

নেদাৰলেণ্ডত ১৮২৮ চনত এনে দুগৰাকী কন্যা সন্তানে জন্ম লাভ কৰিছিল যি কালক্ৰমত নিজৰ মহান প্ৰতিভা আৰু কৃতি্ত্বৰে বিশ্ববাসীক বিমুগ্ধ কৰিছিল৷ এগৰাকী নাজী বাহিনীৰ হাতত প্ৰাণ দিয়া এন ফ্ৰেংক, আন গৰাকী হলিউদৰ আদর্শ অভিনেত্ৰীৰূপে খ্যাতিমন্ত হৈ উঠা আদ্ৰে হেপবার্ণ৷ এন ফ্ৰেংকৰ পৰিয়ালৰ কে্উজন লোকে নাজী বাহিনীৰ পৰা আত্মগোপন কৰিব লগা হৈছিল আৰু আমষ্টাৰডামত এইদৰে লুকাই থাকোতেই এন ফ্ৰেংকে তেওঁৰ কালজয়ী ডায়েৰীখন লিখি গৈছিল, য’ত তেওঁলোকৰ দৈনন্দিন জীৱনৰ মর্মন্তুদ বর্ণণা পোৱা যায়৷ পৰৱর্তী সময়ত নাজি বাহিনীৰ হাতত এনে প্ৰাণ বিসর্জন দিয়ে৷

এন ফ্ৰেংকৰ ঘৰৰ পৰা কেই কিলোমিটাৰমান দূৰতে আছিল আছিল হেপবার্ণৰ বাসস্থান৷ নেদাৰলেণ্ডৰ এক বেৰনেচ আৰু ব্ৰিটিচ-অষ্ট্ৰিয়ান পিতৃৰ কন্যা আদ্ৰে এদিন ৰোমান হলিডে, ব্ৰেকফাষ্ট এট টিফানিজৰ দৰে কালজয়ী ছবিত অভিনয় কৰি হলিউদৰ জাকত জিলিকা অভিনেত্ৰী হৈ উঠে আৰু ইউনিচেফৰ এম্বেচেডৰ হিচাপে বিশেষ কৃতিত্বৰ অধিকাৰী হয়৷ আদ্র্ই অভিনয় কৰা ছবিৰ সংখ্যা কুৰিতকৈয়ো কম যদিও প্ৰতিখন ছবিয়ে সুসমাদৃত আৰু কালজয়ী ছবি৷

কিন্তু এই আদ্ৰেই এদিন এখন ছবিত এন ফ্ৰেংকৰ ভূমিকাত অভিনয় কৰিবলৈ অস্বীকাৰ কৰে৷ সেইসময়ত আদ্ৰে হৈ পৰিছিল এক খ্যাতিমান তাৰকা আৰু এন ফ্ৰেংকৰ দেউতাক অটো ফ্ৰেংকে তেওঁক নিজৰ জীয়েকৰ ভূমিকা ৰূপায়ণ কৰিবলৈ অনুৰোধ কৰিছিল৷ কিন্তু আদ্ৰেই নিজকে সেই ভূমিকাৰ সাজু কৰি তুলিব নোৱাৰি কৈছিল যে – ‘ আকৌ এবাৰ এন ফ্ৰেংকৰ ডায়েৰি পঢ়ি মই যেন বিধ্বস্ত হৈ পৰিছিলো, সেই অসহনীয় বেদনাৰ তাড়নাত মই এনৰ ভূমিকাত অভিনয় কৰিবলৈ অপাৰগ৷ এন মোৰ বাবে আপোন ভগ্নী, এক আত্মিক ভনী৷”

আদ্ৰে হেপবার্ণৰ কেইবাখনো জীৱনী আছে, প্ৰতিখন জীৱনীতে অভিনেত্ৰীগৰাকীৰ অভিনয় জীৱন প্ৰতিফলিত হৈছে যদিও কিশোৰী আদ্ৰেৰ জীৱনৰ পাঁচটা বছৰৰ কথা কতো পোৱা নাযায় যি পাঁচ বছৰৰ প্ৰতিটো দিন তেওঁ জীৱন আৰু মৰণৰ দোলাত ওলমি আছিল৷ সেইসময়ত আদ্ৰেই যুঁজ দিছিল নেদাৰলেণ্ডৰ নাজী বাহিনীৰ বিৰুদ্ধে৷

নাজী বাহিনীৰ বিৰুদ্ধে নিজৰ সংগ্ৰামৰ কথা মৃত্যু অৱধি আদ্ৰে হেপবার্ণে গোপনে ৰাখি গৈছিল আৰু তেওঁৰ মৃত্যুৰ পিচত লেখক ৰবার্ট মাটজেনে Dutch Girl: Audrey Hepburn and World War II গ্ৰন্থৰ জৰিয়তে আদ্ৰেৰ জীৱনৰ এই অপ্ৰকাশিত অধ্যায় বিশ্ববাসীৰ আগত উন্মোচন কৰে৷ এইদৰে আদ্ৰে হেপবার্ণ হৈ উঠিছিল নেদাৰলেণ্ডৰ অস্তিত্বৰ বাবে এক অকল্পনীয়, অনস্বীকার্য্য প্ৰতীক স্বৰূপ৷

আদ্ৰে হেপবার্ণৰ পুত্ৰ লুকা ডেটিয়ে সেয়ে কয় যে ‘ আমাৰ মা যুদ্ধৰ ফচল৷’

অদ্ৰেৰ জীৱনৰ এই অজান অধ্যায় উন্মোচনৰ বাবে লেখক ৰবার্ট মাটজেনে পুথিভঁৰাল, সংগ্ৰাহালয়, হেপবার্ণৰ পৰিয়ালৰ লোককে ধৰি বিভিন্ন জনৰ সাক্ষাংকাৰৰ জৰিয়তে তথ্য উদঘাটন কৰিবলগীয়া হয়৷ ১৯৩৯ চনত দ্বিতীয় মহাসমৰে বিশ্ব ছানি ধৰাত আদ্ৰেক মাকে নেদাৰলেণ্ডলৈ লৈ যায় কিয়নো ইংলেণ্ডৰ দৰে নেদাৰলেণ্ড এই যুদ্ধত চামিল হোৱা নাছিল৷কিন্তু নেদাৰলেণ্ডত আছিল নাজী বাহিনীৰ দখল আৰু সেয়ে তাতো আদ্ৰেই দ্বিতীয় মহাযুদ্ধ চলি থকাৰ সময়ছোৱাত দুখ কষ্ট সহিবলগীয়া হৈছিল, আনকি নিৰাপত্তাৰ খাতিৰত মাকে জীয়েকৰ নামকে সলাই দিছিল৷ যুদ্ধৰ অৱসান ঘটাৰ পিচত আদ্ৰেই লণ্ডনৰ লগতে আমষ্টাৰডামতো বেলে নাচৰ শিক্ষা অব্যাহত ৰাখে৷ কুৰি বছৰ বয়সত ভৰি দিয়াৰে পৰা আৰম্ভ হয় মডেলিং আৰু অভিনয় জীৱন, নাম হৈ পৰে আদ্ৰে হেপবার্ণ৷ ইয়াৰ মাজতে আদ্ৰেই নাজী বাহিনীৰ বিৰুদ্ধে চলা সংগ্ৰামৰ অংশীদাৰ হোৱাৰ কথা পোহৰলৈ আহে ৰবার্ট মাটজেনৰ গৱেষণা আৰু অধ্যয়নৰ ফলস্বৰূপে, আদ্ৰেৰ মৃত্যুৰ পিচতহে৷

নাজী প্ৰতিৰোধ অভিযানৰ নেতা ড: হেনদ্ৰিক ভিচাৰ হুফটৰ দ্বাৰা অনুপ্ৰাণিত হৈ আদ্ৰেই তেওঁলোকৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ লগতে নেদাৰলেণ্ডৰ কলা-সংস্কৃতিৰ চর্চা অব্যাহত ৰখাৰ স্বার্থত চাৰি বছৰ ধৰি বেলে নৃত্য প্ৰদর্শন কৰিছিল যদিও নাজী শাসকগোষ্ঠীয়ে ইয়াক নিষিদ্ধ কৰে৷ অদ্ৰেৰ এই নৃত্যানুষ্ঠানৰ নাম আছিল কৃষ্ঞ সন্ধিয়া (ব্লেক ইভিনিং) আৰু নাজী শিবিৰৰ অন্তর্ভূক্ত শিল্পীসকলৰ বিৰোধিতা কৰাৰ মানসেৰে নেদাৰলেণ্ডৰ শিল্পীসমাজে ইয়াৰ সূচনা কৰিছিল, কিয়নো নাজী শিল্পীমহলে নেদাৰলেণ্ডৰ শিল্পীৰ জীৱিকা নির্র্বাহৰ পথ ৰুদ্ধ কৰিছিল৷

আদ্ৰেৰ নৃত্যানুষ্ঠানৰ জৰিয়তে সংগৃহীত পুঁজিৰ সহায়ত নাজী বাহিনীৰ লক্ষ্য হৈ পৰা কেইবা হাজাৰো ইহূদী আত্মগোপনকাৰীক পোহপাল দিব পৰা গৈছিল৷ আদ্ৰেৰ এই নৃত্যানুষ্ঠান ক’লা সন্ধিয়া নামে জনাজাত হৈছিল কিয়নো প্ৰেক্ষাগৃহৰ ভিতৰৰ কার্য্যকলাপ যাতে কোনো জার্মানীৰ চকুত নপৰে তাৰ বাবে খিৰিকীসমূহত ক’লা ৰং সানি দিয়া হৈছিল৷

আর্দ্ৰেই এটা সাক্ষাৎকাৰত যুৱতী অৱস্থাত বেলেৰিনা হিচাপে তেওঁৰ জীৱনৰ এক ইংগিত দিছিল৷- ‘ বাহিৰত কেইজনমানে পহৰা দি তাকে যাতে জার্মান বাহিনী আহিলে আমি গম পাওঁ৷ যিসকল দর্শক ভিতৰত থাকে, তেওঁলোকে সামান্য শব্দ এটাও নকৰাকৈ থাকে৷’

কেনেবাকৈ ধৰা পৰিলে পৰিণতি কি হব সেয়া ভালদৰে জানিও অদ্ৰে আঁতৰি অহা নাছিল, বৰং সাহস আৰু উদ্যমেৰে নৃত্য পৰিবেশন চলাই গৈছিল৷




বেলজিয়াম আৰু নেদাৰলেণ্ডৰ উপৰিও ইংলেণ্ডতো জীৱন কটোৱা আদ্ৰেই ইংৰাজী ভাষা সুন্দৰকৈ কব পাৰিছিল বাবে ১৯৪৪ চনত মি্ত্ৰপক্ষৰ সৈনিকৰ বাবে খাদ্য আৰু বার্তা কঢ়িওৱাৰ কামত তেওঁক নিয়োগ কৰা হয়৷ সেইসময়ত আদ্ৰে এক কিশোৰী, সতকাই পুলিচৰ সন্দেহৰ চকু তেওঁৰ ওপৰত নপৰিছিল৷ বহু সময়ত আদ্ৰেই জোতাৰ ভিতৰত বাতৰি কাকত লুকুৱাই দূৰ দূৰণিৰ সৈনিকৰ হাতত তুলি দিনটোৰ ভিতৰতে ঘূৰি আহিছিল৷


কালজয়ী অভিনেত্ৰীগৰাকীৰ জীৱনৰ এই অজ্ঞাত অধ্যায়ৰ উন্মোচক, জীৱনীকাৰ ৰবার্ট মাটজেনৰ বর্ণনা অনুসৰি- ‘ সলসলীয়া ইংৰাজীৰে আদ্ৰেই পাইলটকেইজনক ক’লৈ যাব লাগিব, কাৰ পৰা সহায় পাব এইবোৰ কথা ভালকৈ বুজাই দিব পাৰে৷ এদিন কেইজনমান জার্মান সৈন্য তেওঁৰ পিনে অহা দেখিও অকণো ভয় নাখাই নিশ্চিন্তমনে বাটৰ কাষৰ ফুল ছিঙি থাকিল আৰু তাৰে এপাহ ওচৰ চাপি অহা জার্মান সৈন্যলৈ্যো আগবঢ়াই দিলে৷ সৈন্যই আদ্ৰেৰ পৰিচয় পত্ৰখন চাই আগবাঢ়ি যাবলৈ দিলে৷’

এইদৰেই যুদ্ধৰ ভয়াবহ সময়ছোৱাত মনৰ ভিতৰত সাহস গোটাইছিল কাৰণেই পিচৰ সময়তো ইউনিছেফৰ এম্বেচেডৰ হিচাপে আদ্ৰেই সুখ্যাতিৰে কার্য্যনির্বাহ কৰিব পাৰিছিল৷

অদ্ৰেৰ ল’ৰা লুকা ডোটিয়ে কয় এনেদৰে:

‘সৰু ল’ৰা-ছোৱালীৰ কাৰণে যুদ্ধতকৈ ভয়াবহ আন একো হব নোৱাৰে৷’

তথাপি কিয় বাৰু আদ্ৰেই যুদ্ধৰ সময়ত তেওঁৰ নিজৰ জীৱনৰ কথা প্ৰকাশ নকৰাকৈ আছিল?

কর্কট ৰোগত আক্ৰান্ত হৈ চুইজাৰলেণ্ডত ১৯৯৩ চনত ৬৩ বছৰ বয়সত আদ্ৰে হেপবার্ণৰ মৃত্যু হয়৷ তেওঁৰ মৃত্যুৰ ২৬ বছৰ পিচতহে অভিনেত্ৰীগৰাকীৰ যুদ্ধকালীন অভিযানৰ কথা পোহৰলৈ আহে৷

জীৱনীকাৰ ৰবার্ট মাটজেনৰ অনুমান অদ্ৰে হেপবার্ণে একাধিক কাৰণত এনেদৰে গোপনীয়তা অৱলম্বন কৰিছিল৷ ইয়াৰ ভিতৰত আটাইতকৈ শক্তিশালী কাৰণ বোধহয় আদ্ৰেৰ দেউতাক নিজে এজন নাজী এজেণ্ট আছিল আৰু দেউতাকে এই কাম কৰি থাকোতে প্ৰথম দুটা বছৰ আদ্ৰেৰ মাকো আছিল নাজী সমর্থক৷ আদ্ৰেৰ শৈশৱতে তেওঁৰ দেউতাক ঘৰ এৰি লণ্ডন পাইছিলগৈ আৰু আদ্ৰেই আজীৱন এই আঘাতৰ পৰা নিস্তাৰ পোৱা নাছিল, দুর্বিষহ বেদনাই অভিনেত্ৰীগৰাকীক কষ্ট দিছিল৷

দেউতাকৰ এই ভূমিকা আদ্ৰেৰ বাবে আছিল লজ্জাজনক, সেয়ে তেওঁ ভাবিছিল যে নিজৰ নাজী বিৰোধী স্থিতিৰ কথা প্ৰকাশ কৰিলে তেওঁ অবিশ্বাসৰ পাত্ৰ হোৱাৰহে সম্ভাৱনা অধিক৷

এনে এক অন্তর্দ্বন্দ্বকো নেওচি আদ্ৰেই বিশ্ববাসীৰ সন্মুখত নিজকে সৌন্দর্য্য, মেধাশক্তি আৰু সাহসৰ এক সার্থক সমাহাৰ ৰূপে পৰিচয় দি গ’ল অনায়াসে৷ এদিন সমাহিত স্বৰেৰে হেনো আদ্ৰেই কৈছিল:

‘একে আষাৰে মোৰ জীৱনটোৰ কথা কব লাগিলে কি বুলিনো কওঁ? মই ছাগে বৰ ভাগ্যৱতী, আৰুনো কি?’

Post a Comment

0 Comments