টিটৱালৰ কুকুৰ
মূল
ইংৰাজীঃ ছাদাত হাছান মাণ্টো
অনুবাদঃ
বন্যা বৰুৱা
বতৰটো আছিল বেছ
সুন্দৰ। বতাহজাকে কঢ়িয়াই আনিছিল বনৰীয়া ফুলৰ সুবাস। চৰাইবোৰে আনদিনাৰ দৰেই গীত
গাইছিল। ফুলৰ কলিবোৰ ক্ৰমান্বয়ে ফুলি উঠিছিল আৰু সেই ফুলৰ ওপৰেৰে অলসভাৱে
গুণগুণাইছিল মৌমাখিবোৰে। জোপোহাৰ ছদ্মবেশত শিলৰ পিচফালে লুকাই থকা যুঁজাৰু
সৈন্যবিলাকলৈ প্ৰকৃতিৰ কোনো কাণসাৰেই নাছিল। কিন্ত এটা গুলীৰ শব্দই নিমিষতে
পৰিৱেশটো সলনি কৰি পেলালে। বন্দুকৰ বিকট শব্দত উচপ খাই চৰাইজাক সেই ঠাইৰ পৰা উৰি
গুচি গ’ল। পাকৈত সংগীতজ্ঞ এজনে বজাই থকা সুমধুৰ সুৰ এটা যেন হঠাত বেসুৰা হৈ পৰিল।
সেয়া আছিল
ছেপ্টেম্বৰ মাহৰ শেষভাগ, উৎকট গৰমো নাই আৰু খুব বেছি ঠাণ্ডাও নহয়। এই সময়খিনিক
গ্ৰীষ্ম আৰু শীতৰ সংমিশ্ৰণ বুলিও ক’ব পাৰি। হ্ৰদৰ মাজেৰে গৈ থকা সৰু সৰু মালবাহী
নাওবোৰৰ দৰেই ফৰকাল, নীলা আকাশখনত কপাহৰ দৰে কোমল শুকুলা ডাৱৰবোৰ ভাঁহি ফুৰিছিল।
অমীমাংসিত এই
যুদ্ধখনে সৈন্যসকলক বিৰক্ত আৰু ভাগৰুৱা কৰি তুলিছিল। দুয়োপক্ষৰ সৈন্যই যুদ্ধ
কৰিছিল মুখামুখিকৈ থকা দুটা পাহাৰৰ পৰা। এই পাহাৰ দুটাৰ উচ্চতা আছিল প্ৰায় সমান।
সেইকাৰণে কোনো এটা অংশই বিশেষভাৱে সুবিধাজনক নাছিল। উপত্যকাৰ তলেদি চঞ্চল গতিৰে বৈ
থকা খৰস্ৰোতা নিজৰাটো দূৰৈৰ পৰা এনে লাগিছিল যেন শিলাময় বিছনা এখনৰ ওপৰেৰে বৈ যোৱা
এডাল সাপহে।
যুদ্ধখনত কোনো
এটা পক্ষয়েই শক্তিশালী বন্দুক আৰু বৰটোপ ব্যৱহাৰ কৰা নাছিল আৰু বায়ুসেনাসকলেও ইয়াত
অংশগ্ৰহণ কৰা নাছিল। দিনটো যুদ্ধ কৰি কৰি ৰাতি হ’লে সৈন্যসকলে ডাঙৰকৈ জুই একুৰা
ধৰি তাৰ চাৰিওফালে বহি লৈ সুখ-দুখৰ কথা পাতিছিল। পাহাৰত ঠেকা খাই প্ৰতিধ্বনিত হোৱা
কণ্ঠস্বৰবোৰ শুনি তেওঁলোকে নিজৰ মাজতে স্ফুৰ্তি কৰিছিল।
অন্যদিনাৰ দৰেই
সেইদিনাও সৈন্যদলটোৱে জুই একুৰা জ্বলাই লৈ ঘূৰণীয়াকৈ বহি লৈছিল। চাহ খোৱাৰ পৰ্ব
শেষ হোৱাৰ লগে লগে জুইকুৰাও লাহে লাহে নুমাই আহিছিল। আকাশখন আছিল ফৰকাল, নিৰ্মল।
এজাক হিমশীতল বতাহে সকলোকে চুই গ’লহি। বতাহজাকে কঢ়িয়াই আনিছিল সৰল গছৰ গুটিৰ এটি
উগ্ৰ অথচ মিঠা গোন্ধ। সেইদিনাৰ নিশাটোৰ ৰখীয়া জমাদাৰ হৰনাম সিঙৰ বাহিৰে বাকী সকলো
সৈন্যই ইতিমধ্যে শুই পৰিছিল। হৰনাম সিঙেও নিশা দুই বজাত গাণ্ডা সিঙক সেই
দায়িত্বভাৰ দি নিজে শুবলৈ গ’ল। কিন্তু মুকলি আকাশখনত তিৰবিৰাই থকা তৰাবোৰে তেওঁৰ
চকুৰ টোপনি হৰি নিলে। তেওঁ পঞ্জাবী লোকগীত এটি গুণগুণাবলৈ ধৰিলে –
‘মোক এযোৰ জোতা
কিনি দিয়া মোৰ সোণ
এযোৰ তৰাভৰা
জোতা
লাগিলে তোমাৰ
ম’হটোকে বেচি দিয়া
কিন্তু মোক
এযোৰ জোতা কিনি দিয়া
এযোৰ তৰাভৰা
জোতা’
গীতটোৱে তেওঁক
কিছু আৱেগিক কৰি তুলিলে। এজন এজনকৈ তেওঁ শুই থকা সৈন্যসকলক জগাই গ’ল। সকলোৱে পুনৰ
জুম পাতি একেলগে বহিল। সৈন্য দলটোৰ মাজৰ আটাইতকৈ কনিষ্ঠ আৰু শুৱলা কণ্ঠৰ অধিকাৰী
বাণ্টা সিঙে যুগজয়ী পঞ্জাবী প্ৰেমকাহিনী হীৰ ৰানঝাৰ এটি শোকগাঁথা সুৰ লগাই গাবলৈ
আৰম্ভ কৰিলে। এক গভীৰ দুখবোধে সকলোকে চুই গ’ল। গীতটিৰ বিষণ্ণতাই যেন স্পৰ্শ কৰিছিল
ধোঁৱাবৰণীয়া পাহাৰবোৰকো। এই কৰুণ পৰিৱেশটোত হঠাতে যতি পৰিল এটা কুকুৰৰ ভুকভুকনিত।
জমাদাৰ হৰনাম সিঙে খঙতে চিৎকাৰ কৰি উঠিল, ‘এই জানোৱাৰটো আকৌ ক’ৰপৰা ওলালহি?’
কুকুৰটোৱে আকৌ
ভুকিবলৈ ধৰিলে। ভুকভুকনিটো ক্ৰমে ওচৰ চাপি আহিল। জোপোহাৰ মাজত কিহবা এটাৰ খৰমৰনি
শুনা গ’ল। বাণ্টা সিঙে বস্তুটোৰ বিষয়ে অনুসন্ধান কৰিবলৈ গৈ কিছুসময়ৰ পিছতে উভতি
আহিল। তেওঁৰ সৈতে ডিঙিত ৰচিৰে বন্ধা এটা ফপৰা কুকুৰ। কুকুৰটোৰ নেজডালৰ সৈতে খেলা
কৰি কৰি তেওঁ ক’লে, ‘মই ইয়াক জোপোহাৰ মাজত বিচাৰি পালো আৰু সি মোক কৈছে, তাৰ নাম
হেনো ঝুনঝুন।’ সকলোৱে গিৰ্জনি মাৰি হাঁহিলে।
হৰনাম সিঙে
তেওঁৰ সৰু জোলোঙাটোৰ পৰা বিস্কুট এখন উলিয়াই কুকুৰটোৰ ফালে দলিয়াই দিলে। সি
বিস্কুটখন প্ৰথমে শুঙিলে, তাৰ পাছত খাবলৈ লওঁতেই হৰনাম সিঙে বিস্কুটখন থাপ মাৰি
ধৰি ৰগৰ কৰি ক’লে, ‘... ৰ’বি, ৰ’বি, তইতো পাকিস্তানী কুকুৰো হ’ব পাৰ।’ হৰনামৰ কথা
শুনি সকলোৱে হাঁহিলে। বাণ্টা সিঙে কুকুৰটোৰ গাত চপৰিয়াই চপৰিয়াই হৰনামক উদ্দেশ্যি
ক’বলৈ ধৰিলে, ‘জমাদাৰ চাহিব, ঝুনঝুন আচলতে ভাৰতীয় কুকুৰহে।’
‘বাৰু
তেতিয়াহ’লে, তোৰ পৰিচয় প্ৰমাণ কৰ।’ হৰনাম সিঙে কুকুৰটোক আদেশ দিলে। সি নেজ জোকাৰিবলৈ
ধৰিলে।
‘এইটো কোনো
প্ৰমাণ হ’ব নোৱাৰে। সকলো কুকুৰেইতো নেজ জোকাৰে।’ হৰনাম সিঙে ক’লে।
‘আচলতে ই এটা
দুৰ্ভগীয়া শৰণাৰ্থীহে বুইছা।’ তাৰ নেজডাল হাতেৰে লৰাই লৰাই বাণ্টা সিঙে মন্তব্য
দিলে।
হৰনাম সিঙে
কুকুৰটোলৈ আৰু এখন বিস্কুট দলিয়ালে। এইবাৰ সি বিস্কুটখন শূন্যতে জাঁপ মাৰি ধৰিলে।
‘কুকুৰেও আনকি এতিয়া পৰিচয় দিব লাগিব যে, সি ভাৰতীয় নে পাকিস্তানী।’ সৈন্যসকলৰ
মাজৰ পৰা কোনোবা এজনে ক’লে। হৰনাম সিঙে মোনাৰ পৰা পুনৰ এখন বিস্কুট উলিয়াই ক’লে,
‘আৰু সকলো পাকিস্তানীকে, লাগিলে সি কুকুৰেই হওক, গুলীয়াই হত্যা কৰা হ’ব।’
‘হিন্দুস্থান জিন্দাবাদ।’
কোনোবা এজন সৈন্যই উল্লাসেৰে চিঞৰিলে।
বিস্কুটখন
খাবলৈ লৈ কুকুৰটোৱে উচপ্ খাই উঠিল আৰু দুই ঠেঙৰ মাজত নেজডাল সুমুৱাই ভয়াৰ্ত
দৃষ্টিৰে সি সকলোৰে মুখলৈ চাবলৈ ধৰিলে। হৰনাম সিঙে তাক হাঁহি হাঁহি ক’লে, ‘তই আকৌ
নিজৰ দেশলৈ ভয় কৰিছ কিয়? আহ্ ঝুনঝুন আৰু এখন বিস্কুট খাহি।’
সেইদিনা খুব
সোনকালেই ৰাতি পুৱাল, যেন আন্ধাৰ কোঠা এটাত কোনোবাই হঠাতে লাইট এটাহে জ্বলাই দিলে।
পুৱাৰ কোমল পোহৰখিনি টিটৱাল নামৰ সেই অঞ্চলটোৰ পাহাৰ, উপত্যকা সকলোতে বিয়পি পৰিল।
ভাৰতীয় আৰু
পাকিস্তানী সৈন্যৰ মাজত এই যুদ্ধখন প্ৰায় এমাহজুৰি চলিয়েই আছে। কিন্তু যুদ্ধখনৰ
ফলাফল কি হ’ব, সেই বিষয়ে কোনোৱেই এতিয়ালৈকে নিশ্চিত হ’ব পৰা নাই।
জমাদাৰ হৰনাম
সিঙে বাইন’কুলাৰেৰে গোটেই অঞ্চলটো এবাৰ পৰ্যবেক্ষণ কৰি ল’লে। তেওঁ দেখিলে, বিপৰীত
দিশৰ পাহাৰটোৰ পৰা ধোঁৱা ওলাই আছে। অৰ্থাৎ তেওঁলোকৰ দৰেই শত্ৰুপক্ষও এতিয়া পুৱাৰ
আহাৰ তৈয়াৰত ব্যস্ত।
ইফালে আকৌ
পাকিস্তানী সৈন্যবাহিনীৰ চুবেদাৰ হিম্মত খানে তেওঁৰ বিশাল মোচকোছা পকাই পকাই
টিটৱালৰ মানচিত্ৰখন পৰীক্ষা কৰি আছিল। তেওঁৰ পিচফালে বহি থকা ৱায়াৰলেছ অপাৰেটৰজনে
প্লেটুন কমাণ্ডাৰৰ লগত যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছিল। তেওঁৰ পৰা
কেইফুটমান দূৰৈত ৰাইফলটো সন্মুখত লৈ বহি আছিল বছিৰ নামৰ সৈন্যজন। বছিৰে আপোনমনে
গুণগুণাই আছিল এটি গীতৰ কলি,
‘নিশাটো তুমি
ক’ত কটালা মোৰ সোণ, মোৰ জোন
নিশাটো তুমি
ক’ত কটালা?’
নিজে নিজেই
আনন্দ উপভোগ কৰি তেওঁ গীতটো আৰু অলপ ডাঙৰকৈ গাবলৈ ধৰিলে। হঠাতে তেওঁ শুনিলে,
চুবেদাৰ হিম্মত খানে কাৰোবাক চিঞৰিছে, ‘নিশাটো তুমি ক’ত কটালা?’
কিন্তু সেই
কথাষাৰ তেওঁ বছিৰক কোৱা নাছিল, এটা কুকুৰক উদ্দেশ্যিহে চিঞৰিছিল। এই কুকুৰটো
কিছুদিন আগতে ইয়ালৈ আহিছিল আৰু তেওঁলোকৰ তম্বুতে খাই-বৈ থাকিবলৈ লৈছিল। কিন্তু
যোৱাৰাতি সি হঠাতে নোহোৱা হৈ গ’ল। যি কি নহওক, এতিয়া সি পুনৰ ঘূৰি আহিছে।
বছিৰে হাঁহি
এটা মাৰি তাৰফালে চাই চাই গাবলৈ ধৰিলে, ‘নিশাটো তুমি ক’ত কটালা, নিশাটো তুমি ক’ত
কটালা?’ কুকুৰটোৱে নেজডাল লৰালে। চুবেদাৰে তালৈ লাহেকৈ শিলগুটি এটা দলিয়াই কৃত্ৰিম
খঙেৰে ক’লে, ‘মূৰ্খ, খালী নেজডাল লৰাবহে জান।’
‘সি এয়া ডিঙিত
কি পিন্ধিছে?’ হঠাতে বছিৰে চিঞৰি উঠিল। সৈন্যসকলৰ এজনে কুকুৰটো থাপ মাৰি ধৰি ডিঙিৰ
ৰছিডাল এৰুৱালে। ৰচিডালত গাঁঠি থোৱা আছিল এটা সৰু কাঠৰ টুকুৰা। তাত লিখি থোৱা
কথাখিনি পঢ়িব নোৱাৰি সৈন্যজনে বাকীসকলক সুধিলে, ‘এই কথাখিনিয়ে কি বুজাইছে বাৰু?’
বছিৰ আগবাঢ়ি গ’ল আৰু বহু চেষ্টাৰ অন্তত কাঠৰ ফলিখনৰ পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হ’ল,
‘ইয়াত লিখা আছে- ঝুনঝুন্।’
চুবেদাৰ হিম্মত
খানে তেওঁৰ বিখ্যাত মোচকোছা এক বিশেষ ভংগিমাত পকাই পকাই বিজ্ঞৰ দৰে ক’লে, ‘এইটো
বোধহয় এটা সংকেতচিহ্ন। তাত আৰু আন কিবা লিখা আছে নেকি, চোৱাচোন বছিৰ।’
‘হয় ছাৰ, ইয়াত
লিখা আছে যে ই এটা ভাৰতীয় কুকুৰ।’ বছিৰে কাঠৰ টুকুৰাটো আকৌ এবাৰ পৰীক্ষা কৰি লৈ
ক’লে।
‘ইয়াৰ দ্বাৰা
কি বুজোৱা হৈছে?’ চুবেদাৰ হিম্মত খানে সুধিলে। বছিৰে অতি চিন্তিত হৈ উত্তৰ দিলে,
‘সম্ভৱ এইটো এটা সংকেত।’
সৈন্যসকলৰ মাজৰ
পৰা কোনোবা এজনে মন্তব্য দিলে, ‘যদি কিবা সংকেত আছে, তেন্তে এই ঝুনঝুন্ শব্দটোতেই
আছে।’
‘তাত আৰু কিবা
লিখা থাকিব পাৰে, চোৱাচোন।’ হিম্মত খানে বছিৰক আদেশ দিলে।
কৰ্তব্যপৰায়ণ
বছিৰে গোটেই কথাখিনি আকৌ এবাৰ পঢ়ি শুনালে, ‘ঝুনঝুন্। ই এটা ভাৰতীয় কুকুৰ।’
চুবেদাৰ হিম্মত
খানে লৰালৰিকৈ ৱায়াৰলেছৰ সামগ্ৰীবোৰ গোটাই লৈ প্লেটুন কমাণ্ডাৰৰ লগত কথা পাতিলে
আৰু কুকুৰটো ৰাতি হঠাতে অন্তৰ্ধান হোৱা, পুৱা নতুন ৰূপত তাৰ পুনৰ আবিৰ্ভাৱ আদি
সকলো কথা তেওঁক বিৱৰি ক’লে।
টিটৱালৰ
মানচিত্ৰখন হিম্মত খানে পুনৰবাৰ তন্নতন্নকৈ পৰীক্ষা কৰিবলৈ ধৰিলে। তাৰ পিছত তেওঁ
এটা চিগাৰেটৰ পেকেট ফালি তাৰ পৰা এটা সৰু টুকুৰা বছিৰলৈ আগবঢ়াই দি ক’লে, ‘এতিয়া
সেই কথাখিনি ইয়াত গুৰুমুখীত লিখাচোন, মানে সেই শিখবিলাকৰ ভাষাত।’
‘কি বুলি
লিখিম, ছাৰ।’
‘তোমাৰ মতেই
লিখাচোন বাৰু।’
‘ছুন্ ছুন্,
অঁ, এইটোৱেই ভাল হ’ব। ঝুনঝুনৰ সলনি আমি ছুন্ ছুন্ লিখিম।’
হিম্মত খানে
বছিৰক সমৰ্থন কৰিলে, ‘ওঁ, বঢ়িয়া, আৰু তাৰ লগেত আৰু এশাৰী যোগ দিয়া- ই এটা
পাকিস্তানী কুকুৰ।’ তেওঁ নিজেই কুকুৰটোৰ ডিঙিত কাগজৰ টুকুৰাটো আঁৰি দি ক’লে,
‘এতিয়া তোৰ পৰিয়ালৰ ওচৰলৈ যাগৈ যা।’
তেওঁ তাক কিবা
এটা খাবলৈ দি ক’লে, ‘সাৱধান কিন্তু, কোনো বিশ্বাসঘাতকতা নচলিব, বিশ্বাসঘাতকতাৰ
শাস্তি হ’ব মৃত্যু।’ সি খাদ্যখিনি খাই উঠি নেজ জোকাৰিবলৈ ধৰিলে। চুবেদাৰে তাক
ভাৰতীয় সৈন্যবাহিনী থকা দিশলৈ পঠাই দি ক’লে, ‘যা আৰু এই সংবাদ শত্ৰুক দি থৈ আহগৈ।
আকৌ উভতি আহিবি কিন্তু। এয়া তোৰ কমাণ্ডাৰৰ আদেশ।’
কুকুৰটোৱে
নেজডাল লৰাই লৰাই পাহাৰীয়া অঁকোৱা-পকোৱা বাটটোৰে দৌৰি গৈ থাকিল। এই ৰাস্তাটোৰে
পোনে পোনে গ’লে উপত্যকাটো পোৱা যায়। হিম্মত খানে শূন্যতে কেইজাঁইমান গুলী এৰিলে।
ভাৰতীয় সৈন্যবোৰ আচৰিত হ’ল, ইমান সোনকালেই যুদ্ধ আৰম্ভ হ’লনে! জমাদাৰ হৰনাম সিঙে
সৈন্য দলk উদ্দেশ্যি চিঞৰিলে, ‘আহা, আমিও সিহঁতলৈ গুলীয়াওঁ।’
দুয়োটা পক্ষৰ
মাজত প্ৰায় আধাঘণ্টা জুৰি অবিৰাম গুলীবৰ্ষণ চলি থাকিল। কিন্তু এয়া সময়ৰ অপব্যয়ৰ
বাহিৰে আন একো নাছিল। অৱশেষত হৰনাম সিঙে সকলোকে আদেশ দিলে যে, এয়া যথেষ্ট হৈছে,
আৰু নালাগে। তেওঁ চুলিখিনি ফণিয়াই আইনাত মুখখন চাই চাই বাণ্টা সিঙক সুধিলে, ‘এই
ঝুনঝুন নামৰ কুকুৰটো আকৌ ক’লৈ গল?’
বাণ্টা সিঙে
দাৰ্শনিকৰ দৰে মন্তব্য দিলে, ‘সেই যে বিখ্যাত কথা এষাৰ আছে- কুকুৰে কেতিয়াও মাখন
হজম কৰিব নোৱাৰে, সেয়াই হৈছে।’
হঠাতে
পৰ্যবেক্ষণৰ দায়িত্বত থকা সৈন্যজনে কৈ উঠিল, ‘সৌটো সি আহিছে।’
‘কোন?’ জমাদাৰ
হৰনাম সিঙে সুধিলে।
‘কি আছিল তাৰ নামটো?
অ’... ঝুনঝুন।’ সৈন্যজনে হঠাতে মনত পৰাৰ দৰে ক’লে।
‘সেয়া সি ক’লৈ
গৈ আছে বাৰু?’ জমাদাৰে সুধিলে।
‘সি এয়া আমাৰ
ফালেই আহিছে।’ বাইন’কুলাৰেৰে ভালকৈ চাই সৈন্যজনে উত্তৰ দিলে। হৰনাম সিঙে এইবাৰ
বাইন’কুলাৰটো তেওঁৰ পৰা আঁজুৰি আনি নিজে চালে, ‘হয়, ঠিকেই দেখোন, সি এইফালেই আহি
আছে আৰু সেয়া তাৰ ডিঙিত কিবা এখন ওলমি আছে। অ’... ৰবা, সি দেখোন সেয়া পাকিস্তানী
সৈন্য থকা পাহাৰটোৰ ফালৰ পৰা আহিছে।’
তেওঁ ৰাইফলটোৰে
সেইফালে লক্ষ্য কৰি গুলীয়ালে। গুলীটোৱে কুকুৰটোৰ ওচৰতে থকা শিলৰ দ’ম এটাত
খুন্দিয়াই থৈ গ’ল। সি ভয় খাই ৰৈ দিলে।
গুলীৰ শব্দ
শুনি চুবেদাৰ হিম্মত খানে বাইন’কুলাৰেৰে চাৰিওফালে চালে। তেওঁ দেখিলে, কুকুৰটো আকৌ
তেওঁলোকৰ পিনেই উভতি আহিছে। কুকুৰটোৰ ফালে চাই তেওঁ দূৰৈৰ পৰাই চিঞৰিলে, ‘সাহসীজনে
কেতিয়াও যুদ্ধক্ষেত্ৰৰ পৰা উভতি নাহে। আগবাঢ়ি যোৱা আৰু তোমাৰ লক্ষ্যত উপনীত
হোৱা।’ তাক ভয় খুৱাবলৈ তেওঁ সেইফালে গুলীয়ালে। একেসময়তে হৰনাম সিঙেও গুলীয়ালে।
গুলীটো
কুকুৰটোৰ গাৰ পৰা এক ইঞ্চিমান ওপৰেৰে পাৰ হৈ গ’ল। সি ভয় খাই কাণ দুখন লৰাই শূন্যতে
এবাৰ জঁপিয়ালে। হিম্মত খানে এইবাৰ শিলগুটি কিছুমানত আঘাত কৰাকৈ আকৌ গুলীয়ালে।
আৰু অতি
সোনকালেই এই গুলীয়াগুলীবোৰ দুইজন সৈন্যৰ মাজত এটা খেলত পৰিণত হ’ল। গুলীয়াগুলী দেখি
কুকুৰটোৱে সন্ত্ৰস্ত হৈ একে ঠাইতে বৃত্তাকাৰে ঘূৰিবলৈ ধৰিলে। তাৰ কাণ্ড দেখি হৰনাম
সিং আৰু হিম্মত খান দুয়োজনে হাঁহিলে। সি এইবাৰ আহিল হৰনাম সিংহঁতৰ ফালে। তেওঁ তাক
চিঞৰি চিঞৰি ককৰ্থনা কৰিলে আৰু গুলীয়ালে। এইবাৰ এই গুলীটোৱে তাৰ ভৰিত আঘাত কৰিলে।
সি যন্ত্ৰণাত আৰ্তনাদ কৰি উঠিল আৰু হিম্মত খানৰ ফালে দৌৰিবলৈ ধৰিলে। তাক ভয় খুৱাবৰ
বাবেই আৰু কেইবাজাঁইও গুলী মৰা হ’ল। পাকিস্তানী সৈন্যবোৰে তাক উদ্দেশ্যি চিঞৰিবলৈ
ধৰিলে, ‘সাহসী হোৱা। আঘাত পালেও নিজৰ কৰ্তব্যক অবহেলা নকৰিবা। যোৱা, যোৱা, যোৱা।’
কুকুৰটো আকৌ
উভতি গ’ল। তাৰ এখন ভৰি সম্পূৰ্ণ অকামিলা হৈ পৰিছিল। প্ৰায় চুঁচৰি যোৱাৰ দৰে সি বহু
কষ্টেৰে হৰনাম সিঙৰ ফালে যাবলৈ ধৰিলে। তেওঁ তাৰ ফালেই লক্ষ্য কৰি গুলীয়ালে। এইবাৰ
এইটো গুলীত তাৰ প্ৰাণবায়ু উৰি গ’ল।
চুবেদাৰ হিম্মত
খানে এটা হুমুনিয়াহ কাঢ়িলে, ‘অৱশেষত এই দুৰ্ভগীয়া জীৱটো ছহিদ হ’ল।’
জমাদাৰ হৰনাম সিঙে বন্দুকৰ উত্তপ্ত
নলীটোৰ পৰা হাতখন আঁতৰাই আনি মুখৰ ভিতৰতে ভোৰভোৰালে, ‘সঁচাকৈয়ে সি কুকুৰৰ দৰেই
মৰিল।’
0 Comments