কবিতাঃ কেম্পত / জীবনানন্দ দাশ

কেম্পত

 


মূল কবিতাঃ "ক্যাম্পে" (১৯৩২)

ৰচনাঃ জীবনানন্দ দাশ

অনুবাদঃ অৱনী বুঢ়াগোহাঁই

 

 

তম্বু তৰিছো মই এক হাবিৰ সীমনাত

গোটেই ৰাতিটো বয় দখিনা বতাহ

আকাশৰ জোনৰ পোহৰত

কোনো এক ঘাই-হৰিণীৰ মাত শুনো ;

কাক জানো মাতে !

 

ক'ৰবাত হৈছে আজি হৰিণা চিকাৰ ;

হাবিৰ ভিতৰলৈ আজি চিকাৰীৰ দল আহে

ময়ো যেন গোন্ধ পাওঁ সিহঁত অহাৰ,

ইয়াত শেতেলিত শুই শুই

টোপনি অকণো নাহে মোৰ এই

বসন্ত ৰাতিত।

 

চাৰিওফালে বনৰ বিস্ময়

চ'তৰ বতাহ,

জোনাকৰ শৰীৰৰ সোৱাদৰ দৰে !

ঘাই-হৰিণীৰ নিশাজুৰি মাত

আন কোনো এক হাবিত

য'ত জোনাক নপৰে,

পুৰুষ-হৰিণাবোৰে শুনে তাইৰ মাত ;

কাণ উণাই লৈ সেই শব্দৰ

আহিবলৈ লৈছে তাইৰ দিশে।

আজি এই বিস্ময়ৰ নিশা

 

সিহঁতৰ প্ৰেমৰ সময় আহিছে ;

সিহঁতৰ হৃদয়ৰ ভগ্নীয়ে

হাবিৰ ঢাকনিৰ পৰা সিহঁতক মাতিছে জোনাকলৈ,

পিয়াহ পলোৱাৰ শান্ত্বনালৈ, ঘ্ৰাণলৈ, সোৱাদলৈ !

আজি বনৰ মাজত যেন বাঘৰ বিচৰণস্থল নাই ক'তো !

হৰিণাহঁতৰ যেন আজি কোনো স্পষ্ট ভয় নাই,

সন্দেহৰ কুঁৱলিও অ'ত ত'ত ক'তো নাই ;

কেৱল পিপাসা আছে,

কেৱল ৰোমাঞ্চ আছে ।

 

হয়তো হৰিণীৰ মুখভঙ্গি চাই চিতাৰো বুকুত জাগিছে বিস্ময় !

লালসা - আকাঙ্ক্ষা - হেঁপাহ - প্ৰেম - মুখত পৰিস্ফুট হৈ পাহি মেলে

আজি এই বসন্তৰ ৰাতি।

এয়া মোৰ স্বপ্নময় নিশাৰ আলেখ্য।

 

এটি এটিকৈ হৰিণাবোৰ আহি আছে গভীৰ অৰণ্য পথ এৰি,

সকলো পানীৰ শব্দ এৰি থৈ আন এক আশ্বাস বিচাৰি

দাঁত, নখৰ কথা পাহৰি সিহঁতৰ ভগ্নীৰ কাষত সৌ সুন্দৰী 

গছৰ তলৰ জোনাকলৈ !

মানুহে যিদৰে গোন্ধ পাই গুছি আহে নাৰীৰ লুণীয়াৰ পম খেদি খেদি !

 

হৰিণাবোৰ আহি আছে

বহু পদশব্দ শুনা যায়,

ঘাই-হৰিণীয়ে জোনাকত মাতি যায়।

আৰু শুব নোৱাৰিছো মই,

শুই শুই থাকোতেই

বন্দুকৰ শব্দ আহে কাণলৈ।

জোনৰ পোহৰত ঘাই-হৰিণীজনীয়ে পুনৰ মাতে ;

এই ঠাইত পৰি থাকি অকলে অকলে

মোৰ হৃদয়ত এক অৱসাদে গোট মাৰে

বন্দুকৰ শব্দ শুনি শুনি

হৰিণীৰ মাত শুনি শুনি।

 

কালিলৈ হৰিণী পুনৰ আহিব

পুৱাৰ পোহৰত তাইক দেখা যাব

কাষত পৰি থাকিব সকলো প্ৰেমিক তাইৰ।

মানুহেই শিকাই দিছে সিহঁতক এইবোৰ।

আকৌ খোৱাৰ প্লেটত পাম হৰিণাৰ মাংসৰ গোন্ধ আমি।

…… মাংস - খোৱা হ'ল নেকি শেষ ?

…… কিয় শেষ হব ?

কিয় এই হৰিণাবোৰৰ কথা ভাবি দুখ কৰিব লাগে,

সিহঁতৰ দৰেই জানো ময়ো নহয় ?

 

কোনো এক বসন্তৰ ৰাতি

জীৱনৰ কোনো এক বিস্ময়ৰ ৰাতি

মোকো জানো মতা নাই কোনোবাই জোনাকত -

সেই ঘাই-হৰিণীৰ দৰে ?

 

মোৰ হৃদয় -- এক পুৰুষ হৰিণা --

পৃথিৱীৰ সকলো হিংসা পাহৰি গৈ --

চিতাৰ চকুৰ ভয়--- চমকনিৰ কথা পাছলৈ  থৈ

তোমাৰ কাষত জানো বিচৰা নাছিলোনে ধৰা দিব ?

বুকুৰ প্ৰেম মোৰ সেই মৃত হৰিণাবোৰৰ দৰে

যেতিয়া ধূলিৰ সতে মিহলিল তেজ

এই হৰিণীৰ দৰে তুমিও বাচি গ'লা নেকি

জীৱনৰ বিস্ময়ৰ ৰাতি

কোনো এক বসন্তৰ ৰাতি ?

তুমি বাৰু কাৰ পৰা শিকিছিলা !

মৃত পশুবোৰৰ দৰে নিজৰ মঙহ লৈ আমিও পৰি থাকো

বিয়োগৰ - বিয়োগৰ - মৰণৰ মুখত আহি পৰি থাকে

সৌ মৃত হৰিণাৰ দৰে।

প্ৰেমৰ সাহস - হেঁপাহ -স্বপ্নবোৰ লৈ বাচি থাকো কষ্ট পাওঁ - 

ঘৃণা আৰু মৃত্যু লভো

কিনো নাপাওঁ ?

 

দুনলীয়াৰ শব্দ শুনো।

ঘাই-হৰিণীয়ে মাতি থাকে

মোৰ হৃদয়লৈ মাথো নিদ্ৰা নাহে

অকলে অকলে শুই থাকি;

তথাপিও বন্দুকৰ শব্দ মনে মনে পাহৰিব লগা হয়।

 

তম্বুৰ তলৰ বিছনাত নিশাটোৱে আন এটা কথা কয়;

যিবোৰৰ দুনলীয়াৰ মুখত আজি হৰিণা মৰিছে,

হৰিণাৰ মাংস হাড়ৰ সোৱাদ লৈ আনে যিবোৰৰ ডিছত

সিহঁতো তোমাৰেই দৰে: 

কেম্পৰ বিছনাত শুই শুই শুকাইছে সিহঁতৰো হৃদয়

এই কষ্ট ভাবি- কথা ভাবি- ভাবি।

এই প্ৰেম প্ৰতি দিশে ৰৈ গ'ল -

ক'ৰবাত পোক পতঙ্গেৰে, মানুহৰ বুকুৰ মাজত

আমাৰ সকলোৰে জীবনত।

বসন্তৰ জোনাকৰ সেই মৃত হৰিণাৰ দৰে,

আমি সকলোৱেই।

Post a Comment

0 Comments