Little Ghosts
------------------------
Origin: Jyoti Prasad Agarwala
Translated by Moira Goswami
Mother,
In one of my wild dreams
I encountered two little
ghosts
And two more
Tiny-little witch-girls
With gleaming noses
And glaring eyes.
One pitch-black
The other cloud-white
Each ghost with
invisible outfits.
They mutter something
like
Takut-takut-kut
One said,
"Put-put-put!"
And Mother,
The other shook its head
And said,
"Dhut-Dhut!"
Mother,
It's so lovely to witness
their dance
They sing some peculiar
songs,
Going phus-phus-phaas.
And they work in silence
Khus-khaas-khaas.
They go slithering with
speed
And if the witch-girls
Don't match their rhythm
The little ghosts
Will clutch their hair
And jostle them
Like tiny marionettes.
Then the girls would
Dance jubilantly.
And now those two little
ghosts
going kotok, kotok,
ghotok
Leaping up & down
Would dance recklessly.
Mother, you say
Ghosts like the ones in
my dream
Capture little kids
And drown them holding
by their feet
In deep, muddy ponds?
But Mother,
They did not harm me in
the slightest?
Mother,
They did not even dare
to come near me?
You know only
scaredy-cats
get captured by ghosts.
Mother,
I am not scared of
ghosts.
Instead when they were
all playing
I went and gave their
ears
A nice squeezing.
Oh Mother,
You won't believe
How lovely it was
To give their long ears
A good squeeze.
And when I did,
They each gave
A loud shriek
When I found the ghosts
I had been looking for
so long
I captured them
And kept them in the
cupboard
With my other dolls.
And then I woke up to
your sweet voice
Mother,
I realized
Although it was a dream
I don't fear ghosts
Anymore!
Origin Assamese Text
ভূত পোৱালী (Bhoot Powali)
কুম্পুৰ সপোন
জ্যোতিপ্ৰসাদ আগৰৱালা
মা মই সপোনত দেখিলো
দুটা ভূতৰ পোৱালি
আৰু দুজনী – নাক জিলিকা চকু
টেলেকা
তিলিকা তিলিকা পিলিকা পিলিকা
যখিনী ছোৱালী
এটা ক’লা, এটা বগা নাঙঠ পিঙঠ
ভূত
কথা পাতে টাকুট্ টাকুট্ কুট্
এটাই ক’লে – “পুট্, পুট্,
পুট্”
ইটোৱে মা নাক জোকাৰি ক’লে
– “ধুৎ ধুৎ”
মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ
নাচ
কিবা কিবি গান গাই ফুছ্ ফুছ্
ফাছ্
মনে মনে কাম কৰে খুছ্ খাছ্
খাছ্
এংকোৰ বেংকোৰ কৰি যায় লৰি
লৰি
যখিনীহঁতক নচুৱাই চুলিত ধৰি
ধৰি
যখিনীহঁতে নেপেলালে একেলগে
ভৰি।
চৰ খোৱা যখিনীয়ে নাচে কঁকাল
ভাঙি
কোটোক কোটোক ঘোটোক কৰি
ভূত পোৱালি জাপ মাৰি
ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো
দাঙি দাঙি
মা তই যে কৱ –ভূতে বোলে ল’ৰা
ধৰি খায়
পুখুৰীলৈ নি বোলে ভৰিদুটা
ওপৰ কৰি
গুজি গুজি মূৰটো হেনো এহাত
বোকাত সুমায়।
ক’ত মা,
মোক দেখোন সিহঁত দুটাই একোকে
কৰা নাই?
ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে
দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি
কিলায়।
মা, মোৰ হ’লে ভূতলে ভয় নাই।
যখিনীৰে হাতত ধৰি সিহঁত আছিল
ঘূৰি
দুয়োটাৰে কাণ দুখন দিলো মুচৰি।
দীঘল কাণত মুচৰি মা, লাগে
বৰ ভাল,
সিহঁত দুটাই চিঞঁৰ সোধাই লগালে
তালফাল।বিচাৰি থকা ভূত পোৱালি মা, যেতিয়া পালোঁ
পুতলা থোৱা আলমাৰিটোত আনি
সুমাই থলোঁ
তাৰ পাছতে তই মাতোতে উঠিলো
সাৰ পাই।
মা, মোৰ হ’লে অক্কনমানো ভূতলে
ভয় নাই,
ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে
দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি
কিলায়।
মা, মোৰ হ’লে ভূতলে ভয় নাই।
0 Comments