খলিল জিব্ৰানৰ এমুঠি কবিতাৰ অসমীয়া অনুবাদ

 

খলিল জিব্ৰানৰ এমুঠি কবিতাৰ অসমীয়া অনুবাদ
অনুবাদ - ড° বিৰিঞ্চি কুমাৰ দাস

 

Poet

 টোপনিত খোজ কাঢ়োতাসকল

মই জন্ম গ্রহণ কৰা চহৰখনত এগৰাকী তিৰোতা আৰু তেওঁৰ জীয়েকে বাস কৰিছিল। দুয়ো টোপনিতে খোজ কাঢ়িছিল।

এনিশা নীৰৱতাই পৃথিৱীখনক আকোঁৱালি লোৱাৰ সময়ত তিৰোতাগৰাকী আৰু তেওঁৰ জীয়েকে টোপনিত থকা অৱস্থাতে খোজ কাঢ়ি ওলাই গ'ল আৰু তেওঁলোকৰ কুঁৱলীৰে আৱৰা বাগিচাখনত লগালগি হ'ল।

আৰু মাকে মাত লগালে আৰু ক'লে, "অৱশেষত, অৱশেষত, এয়া মোৰ শত্ৰু! তুমিয়েই সেয়া যাৰ বাবে মোৰ যৌৱন ধ্বংস হৈছিল -- মোৰ ভগ্নাৱশেষৰ ওপৰত যিয়ে নিজৰ জীৱন গঢ়ি তুলিছিল। তোমাক যদি মই হত্যা কৰিব পাৰিলোঁহেঁতেন!"

আৰু জীয়েকে মাত দিলে, আৰু ক'লে, "হে ঘৃণিত নাৰী, স্বাৰ্থপৰ আৰু বুঢ়ী! যিয়ে মোৰ অধিক স্বতন্ত্র সত্বা আৰু মোৰ মাজত ৰৈ আছা! যিয়ে নিজৰ বিবৰ্ণ জীৱনৰ প্ৰতিধ্বনি হিচাপে মোৰ জীৱনটো গঢ়িলাহেঁতেন। তোমাৰ যদি মৃত্যু হ'লহেঁতেন!"

সেই মুহূৰ্ততে এটা কুকুৰাই ডাক দিলে, আৰু দুয়োগৰাকী নাৰীয়ে সাৰ পালে। মাকে নম্ৰভাবে ক'লে, "এয়া তুমিনে, মাজনী?" আৰু জীয়েকে নম্ৰভাবে উত্তৰ দিলে, "হয়, চেনেহী।



চকু

এদিন চকুৱে ক'লে, "এই উপত্যকাবোৰৰ সিপাৰে মই নীলা কুঁৱলীৰে আবৃত এখন পৰ্বত দেখিছোঁ। এয়া সুন্দৰ নহয়নে?"

কাণে শুনিলে, আৰু কিছু সময় একাগ্ৰতাৰে শুনি থাকি ক'লে, "কিন্তু পৰ্বত ক'? মইতো শুনিবলৈ পোৱা নাই।"

তেতিয়া হাতে মাত লগালে আৰু ক'লে, "মই ইয়াক অনুভৱ কৰিবলৈ বা স্পৰ্শ কৰিবলৈ বৃথাই চেষ্টা কৰি আছোঁ, আৰু মই কোনো পৰ্বত বিচাৰি পোৱা নাই।"

আৰু নাকে ক'লে, "কোনো পৰ্বত নাই। মই ইয়াৰ কোনো গোন্ধ পোৱা নাই।"

তেতিয়া চকুৱে আনপিনে মুখ ঘুৰালে আৰু সিহঁত সকলোৱে চকুৰ অদ্ভূত বিভ্ৰমৰ বিষয়ে আলোচনা কৰিব ধৰিলে। আৰু সিহঁতে ক'লে, "চকুৰ নিশ্চয় কিবা এটা হৈছে।"



জ্ঞানী কুকুৰ

এদিনাখন এজাক মেকুৰীৰ কাষেৰে এটা জ্ঞানী কুকুৰ পাৰ হৈ গৈছিল।

আৰু যেতিয়া তেওঁ সিহঁতৰ কাষ পালে আৰু দেখিলে যে সিহঁত নিজতে নিৱিষ্ট হৈ আছে আৰু তেওঁৰ পিনে মনোযোগ দিয়া নাই, তেওঁ ৰৈ গ'ল।

তেতিয়া জাকটোৰ মাজত এটা ডাঙৰ, গহীন মেকুৰী থিয় হ'ল আৰু সিহঁতৰ পিনে চাই ক'লে, "ভাতৃসকল, তোমালোকে প্ৰাৰ্থনা কৰা; আৰু যেতিয়া তোমালোকে বাৰে বাৰে প্ৰাৰ্থনা কৰিবা, কোনো ধৰণে সন্দেহ নৰখাকৈ, তেতিয়া নিশ্চিতভাৱে নিগনিৰ বৰষুণ হ'ব।"

আৰু যেতিয়া কুকুৰটোৱে এইখিনি শুনিলে, তেওঁ মনে মনে হাঁহিলে, আৰু এইখিনি কৈ কৈ সিহঁতৰপৰা আঁতৰি গ', "হে অন্ধ আৰু মূৰ্খ মেকুৰীহঁত, যদি এইটো লিখা নাথাকিলহেঁতেন আৰু যদি মই এইটো নাজানিলোঁহেতেন, আৰু মোৰ আগতে মোৰ দেউতাই নাজানিলেহেঁতেন, যে প্ৰাৰ্থনা আৰু বিশ্বাস আৰু মিনতিয়ে যিহৰ বৰষুণ আনে সেয়া নিগনি নহয়, হাড়হে।"




কবৰ খান্দোতা

এসময়ত, যেতিয়া মই মোৰ মৃত সত্বাসমূহৰ এটাক কবৰ দি আছিলোঁ, কবৰ খান্দোতাজন কাষ চাপি আহিছিল আৰু মোক কৈছিল, "ইয়ালৈ যিমানবোৰ মানুহ কবৰ দিবলৈ আহে, সেই সকলোবোৰৰ ভিতৰত মই কেৱল আপোনাক ভাল পাওঁ।"

মই ক'লোঁ, "তুমি মোক অতিশয় আনন্দিত কৰিলা, কিন্তু তুমি মোক কিয় ভাল পোৱা?"

"কাৰণ," তেওঁ ক'লে, "তেওঁলোকে কান্দি কান্দি আহে আৰু কান্দি কান্দি যায় -- কেৱল আপুনিয়েই হাঁহি হাঁহি আহে আৰু হাঁহি হাঁহি যায়।"



সজা দুটা

মোৰ দেউতাৰ বাগিচাত দুটা সজা আছে। এটাত আছে সিংহ এটা, যাক মোৰ দেউতাৰ দাসসকলে নিনাৱা মৰুভূমিৰপৰা আনিছিল; আনটোত আছে গান গাব নোৱৰা এটা ঘৰচিৰিকা।

প্ৰত্যেকদিনা দোকমোকালিতে ঘৰচিৰিকাটোৱে সিংহটোক মাতি কয়, "তোমাক সুপ্ৰভাত জনাইছোঁ, ভাতৃ কাৰাবন্দী ।"




শিয়াল

এটা শিয়ালে সূৰ্যোদয়ৰ সময়ত তাৰ ছাঁটো চালে আৰু ক'লে, "আজি মই দুপৰীয়াৰ আহাৰত এটা উট খাম।" আৰু গোটেই ৰাতিপুৱাটো সি উটৰ সন্ধানত ঘুৰি ফুৰিলে। কিন্তু দুপৰীয়া সি পুনৰ নিজৰ ছাঁটো চালে -- আৰু সি ক'লে, "এটা নিগনি হ'লেই হ'ব।"

Post a Comment

0 Comments