কবিতাঃ বলিয়া ছোৱালী এজনীৰ প্ৰেম-সংগীত / ছিলভিয়া প্লাথ

 

বলিয়া ছোৱালী এজনীৰ প্ৰেম-সংগীত  

                কবি : ছিলভিয়া প্লাথ                  

অনুবাদ : স্ৰোতস্বিনী তামুলী


মই মোৰ চকু দুটা জপাই দিছিলোঁ আৰু এনে অনুভৱ হৈছিল পৃথিৱীখন মৰি মৰি গলিবলৈ ধৰিছিল

মই জোৰেৰে ঢাকোনবোৰ খুলি গৈছিলোঁ আৰু সেই সকলোবোৰৰ আকৌ জন্ম হৈছিল

বোধকৰোঁ মই মনত তোমাক সাজি লৈছিলোঁ।

 

তৰাবোৰ ৰঙা নীলা বৰণৰ হৈ বাহিৰ ফুৰিবলৈ ওলাই আহিছিল

ইচ্ছাধীনভাৱে আন্ধাৰবোৰে চেঁকুৰ লগাইছিল

মই জোৰেৰে ঢাকোনবোৰ খুলি গৈছিলোঁ আৰু সেই সকলোবোৰৰ আকৌ জন্ম হৈছিল

মই সপোন দেখিছিলোঁ তুমি মোক মোহিত কৰিছিলা মোৰ বিচনালৈ আহি

মোক জোনৰ দেশৰ গান গাই শুনাইছিলা আৰু মোক চুমাৰে ওপচাই দিছিলা

মোৰ এনে লাগে মই যেন তোমাক সাজি লৈছিলোঁ।

 

ভগৱান যেন মাটিলৈ নামি আহিছিল

নৰকৰ জুইকুৰাৰ উত্তাপ কমি গৈছিল

পিশাচবোৰ আঁতৰি গুচি গৈছে

মই মোৰ চকু দুটা জপাই দিছিলোঁ আৰু পৃথিৱীখন মৰি মৰি গলিবলৈ ধৰিছিল

মই অনুমান কৰিব পাৰিছিলোঁ যে তুমি কোৱাৰ বাটেৰেই ঘূৰি গুচি যাবাগৈ

এনেকৈ থাকি থাকিয়েই মই এদিন বুঢ়ী হ'ম আৰু চাগে তোমাৰ নামটোও পাহৰি থাকিম

মোৰ এনে লাগে মই যেন তোমাক সাজি লৈছিলোঁ।

 

তাতকৈ মই মেঘৰ গৰ্জনক ভাল পোৱা উচিত

কিয়নো বসন্তৰ লগে-লগে এই গৰ্জন পুনৰ উভটি আহিব

মই মোৰ চকু দুটা জপাই দিছিলোঁ আৰু মোৰ এনে লাগিছিল যে পৃথিৱীখন মৰি মৰি গলিবলৈ ধৰিছিল

........…........... মোৰ এনে লাগে মই যেন তোমাক সাজি লৈছিলোঁ।

Post a Comment

0 Comments