অসুখ
মূলঃ হুমায়ূন আহমেদ
অনুবাদঃ প্ৰাঞ্জল
অনুভৱী
নতুন পল্টনৰ গলি এটাত তেওঁৰ সৈতে মোৰ
দেখা হৈ গ’ল। মোৰ ৰিফলেক্স
একশ্যন খুব ভাল। পটকৈ এখন দোকানৰ আঁৰালত গুছি গ’লোঁ। কিন্তু তেওঁ চিঞৰিলে- ‘ আৰে, ৰঞ্জু নহয় নে?’
তেওঁ আগুৱাই আহি মোৰ হাতখন চেপি ধৰিলে। মই নিৰীহভংগিত সুধিলোঁ- ‘কেনে আছে চাৰ?’
অতিৰিক্ত উত্তেজনাৰ বাবে চাৰৰ হাঁপানিৰ
শ্বাস চুটি হৈ আহিছিল। লগে লগে তেওঁ উত্তৰ
দিব নোৱাৰিলে। আকাশৰ ফালে চাই উশাহ ল’বলৈ ধৰিলে। দম উভতাই পোৱাৰ পাছত প্ৰথম যিটো বাক্য ক’লে, সেইটো হৈছে- ‘ব’লা মোৰ লগত। ’
‘এতিয়াইতো যাব
নোৱাৰিম চাৰ। মতিঝিলত এটা দৰকাৰী কাম আছে। মোৰ বাবে বন্ধু
এজন ৰৈ থাকিব। ’
চাৰে আৰু জোৰকৈ মোৰ হাতখন চেপি ধৰিলে। যেন হাতখন
এৰুৱাই মই পলাই যাম! মই ক’লোঁ-‘ বৰং চাৰ, মই কাইলৈ ৰাতিপুৱা এবাৰ আহিম। ঘৰত থাকিব নহয়। ৰাতিপুৱা দহটামান বজাত। ’
‘মই তোমাক বহুদিন
বিচাৰিছোঁ। তুমি যিটো ঠিকনা দিছিলা, সেই ঠিকনালৈও কেবাবাৰো গৈছোঁ। তাততো কোনো
নাথাকে। ’
মই উত্তৰ নিদিলোঁ।
‘খোকনৰ মাকৰ
অৱস্থা ভাল নহয়। সেইবাবে তোমাক
বিচাৰিছোঁ।
‘অসুখ বেছি হৈছে
নেকি?’
‘কম-বেছিনো আৰু
কি- বেছি দিন নাবাচিব। মৰাই ভাল।
মই একো নামাতিলোঁ। চাৰে মৃদুস্বৰত
ক’লে- ‘আজিকালি খুবেই
বিৰক্তি দিয়ে। চিঞৰ-বাখৰ কৰে। ভাল নলগা হৈছে আৰু। তোমাক বহু দিন বিচাৰিছোঁ। কোনেও তোমাৰ ঠিকনা নাজানে। ’
ইয়াৰ পাছতো নোযোৱাতো ভাল নেদেখি। বিৰক্তি মুখেৰে
মই খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ। মতিঝিলত ফজলুলে সঁচাকৈ মোৰ বাবে অপেক্ষা কৰি থাকিব। সি মোক এজন
ইঞ্জিনিয়াৰৰ ওচৰলৈ লৈ যোৱাৰ কথা। ইঞ্জিনিয়াৰজনে হেনো দুই-তিনিটা চাকৰি অনায়াসে দিব পাৰে। এনে ধৰণৰ
গল্প-গুজব আজিকালি আৰু মই বিশ্বাস
নকৰোঁ। তথাপি যিয়ে যি কয় তাকেই কৰোঁ। এতিয়া যদি
কোনোবাই মোক কয় অমুকৰ ঘৰৰ সন্মুখত দহবাৰ লুটিবাগৰ মাৰিলে তোমাৰ চাকৰি হ’ব- সম্ভৱতঃ মই তাকেই কৰিম। ফজলুলে হয়তো
তাতকৈও বেছি কৰিব। সি হয়তো বিশটা লুটিবাগৰ মাৰিব।
![]() |
Humayun Ahmed |
আমি নিঃশব্দে খোজ কাঢ়িছিলোঁ। ৰাস্তাত খোজ
কাঢ়ি থকাৰ সময়ত মোৰ চিগাৰেট খাবলৈ মন যায়। এতিয়া সেইটো সম্ভৱ নহয়। কাৰণ, মোৰ সৈতে যিজনে খোজ কাঢ়িছে তেওঁ আমাক স্কুলত ইংৰাজী পঢ়াইছিল। আৰু তেওঁৰ ডাঙৰ
ল’ৰাটোৰ সৈতে এসময়ত মোৰ ভাল বন্ধুত্ব আছিল।
‘চাৰ, ঘৰৰ সকলোৰে ভাল নে?’
চাৰে উত্তৰ নিদিলে। সম্ভৱতঃ এতিয়া আৰু তেওঁ কাণেৰে ভালদৰে নুশুনে। স্কুলত থাকোঁতেও
কম শুনিছিল। এটা কথাকে তিনি-চাৰিবাৰ ক’ব লগা হৈছিল। মই পুনৰ সুধিলোঁ- ‘ঘৰৰ সকলোৰে ভাল নহয় চাৰ?’
‘ভাল। ’
‘নীলুৰ বিয়া হ’ল নে ?’
‘কি ক’লা?’
‘নীলুৰ বিয়া হৈছে
নেকি?’
‘হৈছে। ’
‘জোৱাই কি কৰে?’
‘ব্যৱসায় কৰে। ’
মোৰ মনটো অলপ বেয়া লাগিল। নীলু ছোৱালীজনী
অসম্ভৱ সুন্দৰী। এসময়ত নীলুৰ প্ৰতি মোৰ সাংঘাটিক দুৰ্বলতা আছিল। কেবাখনো বেনামী
চিঠি লিখিছিলোঁ। সেইবোৰ যে মোৰ লেখা কথাটো জানিব পাৰি কান্দি-কাটি অস্থিৰ
হৈছিল তাই।
এটা দীৰ্ঘ নিশ্বাস এৰিলোঁ। চাৰে সুধিলে- ‘ৰিক্সা ল’ম নেকি? খোজ কাঢ়ি কষ্ট পাইছা নেকি?’
‘ নাই,নাই কিহৰ কষ্ট- খুৰীৰ চিকিৎসা কৰিছে?’
‘মৃত্যুৱেই এই
অসুখৰ একমাত্ৰ চিকিৎসা। ’
‘বিলু কেনে আছে?’
‘ভাল। তাইৰো বিয়া হৈ গ’ল নহয়। জোৱাই চিলেটৰ চাহ বাগিছাত কাম কৰে। ’
‘খুব কম বয়সতে
বিয়া দিলে যেন পাওঁ। ’
‘কমনো ক’ত? তাৰোপৰি জঞ্জাল
কমিল। জঞ্জাল এতিয়া আৰু সহ্য নহয় মোৰ। ’
চাৰে মোক ড্ৰইংৰুমত বহুৱাই ভিতৰত অদৃশ্য
হৈ গ’ল। প্ৰায় দুবছৰ পাছত এইখন ঘৰলৈ আহিছোঁ। একোৱেই সলনি
হোৱা নাই। কোনো কোনো ঘৰ থাকে যিবোৰ একেদৰেই থাকে। পৰ্দাৰ ৰং পৰ্যন্ত সলনি নহয়। কিম্বা সকলো সময়তে হয়তো একে ৰঙৰে পৰ্দা কিনা হয়।
মোক অবাক কৰি নীলু আহি ওলাল। মাকৰ ঘৰলৈ বোধহয়
ফুৰিবলৈ আহিছে। ভালদৰে সাজি-কাচি আছে। বিয়া হোৱাৰ
বাবেই বা অন্য কিবা কাৰণতে হওক তাইক অপূৰ্ব সুন্দৰী লাগিছে। নীলু আহি প্ৰায়
কাজিয়া কৰাৰ ভংগিত ক’লে- ‘ আপুনি দেউতাক ভুল ঠিকনা দিছিল কিয়?’
‘ভুল নহয়। আচলতে মই এটা ঠিকনাত সৰহ দিন নাথাকোঁ। ’
‘ৰঞ্জুদা, আপুনি কিন্তু এইটো গোকাট মিছা মাতিছে। ’
‘মিছা ক’ম কিয়?’
‘যিটো ঠিকনা
দিছিল- সেই ঠিকনাত ৰঞ্জু নামৰ কোনো মানুক কোনোদিনে নাছিল। ’
মই মনে মনে থাকিলোঁ। নীলুৱে পুনৰ ক’লে- ‘ মাৰ কাৰণে আপুনি অন্ততঃ এদিন অহা উচিত আছিল। নাছিল জানো?’
‘সময়ে নাপাওঁ। ’
‘সময় নাপায় কিয়? কিনো এনেকুৱা ৰাজকৰ্ম কৰিছে!’
‘বিভিন্ন ধান্দাত
থাকোঁ। ’
‘আজি কিন্তু
আপুনি সন্ধিয়াৰ আগতে যাব নোৱাৰিব। সন্ধিয়া এওঁ আহিব। এওঁ আপোনাৰ লগত যাব আৰু চাই আহিব আপুনি ক’ত থাকে। ’
নীলুৱে গিৰিয়েকৰ কথা এনেকৈ ক’লে যে তাইক সুখী সুখী যেন ভাব হ’ল। বোধহয় খুব ভাল ঘৰত বিয়া হৈছে। ডিঙিত গধুৰ সোনৰ
হাৰ। হাতত শকত খাৰু। ইচ্ছা গৈছিল সোধো- বেনামী চিঠিবোৰৰ কথা মনত আছে নে?
সোধাৰ আগতে চাৰে আহি ভিতৰলৈ মাতি লৈ গ’ল। মৃদুস্বৰত ক’লে- ‘কাপোৰ-কানি
এতিয়া আৰু গাত ভালদৰে নাথাকে। ঠিক ঠাক কৰিবলৈ সময় লাগে। ’
কোঠাটো এন্ধাৰ। একোই মনিব
নোৱাৰি। চাৰে ক’লে-‘পোহৰ সহ্য কৰিব
নোৱাৰ কাৰণে এই ব্যৱস্থা। ’
মই সুধিলোঁ- ‘খুৰী ভালে আছে?’ কোনো উত্তৰ পোৱা নগ’ল।
নীলুৱে ক’লে- মা, চিনি পাইছা?দাদাৰ বন্ধু-ৰঞ্জুদা। ’
বিছনাৰ ওপৰত কিবা এটা যেন লৰচৰ কৰি উঠিল!
স্পষ্ট কন্ঠেৰে খুৰীয়ে ক’লে- ‘খিৰিকীখন খুলি দে নীলু। ’
কোঠাটো পোহৰ হৈ উঠাৰ লগে লগে অপ্ৰকৃতস্থ
মহিলাগৰাকীলৈ আকৌ চালোঁ। কি উজ্জল চকু! বেছি সময় চাই থাকিব নোৱাৰি। মূৰ আচন্দ্ৰাই
কৰিবলৈ ধৰে। মই দ্বিতীয় বাৰৰ বাবে সুধিলোঁ- ‘খুৰী, মোক চিনি পাইছে? মই খোকনৰ বন্ধু। ’
খুৰীয়ে একো উত্তৰ নিদিলে। চাৰে ক’লে-‘ৰঞ্জু সকলো
সময়তে খোকনৰ লগতে আছিল। খোকনৰ কেনেকৈ
মৃত্যু হ’ল সি ভালদৰে জানে। ৰঞ্জু, তুমি কোৱাচোন খোকনৰ কেনেকৈ মৃত্যু হৈছিল। ’
মই চুপ হৈ থাকিলোঁ। নীলুৱে ক’লে- ৰঞ্জুদা, আপুনিয়ে কওক। মায় সকলো কথা বুজি
পায়। আৰু আপোনাকো চিনি পাইছে। ’
যিটো গল্প অপ্ৰকৃতস্থ মহিলাগৰাকীক আগতে
বহু বাৰ শুনাইছোঁ সেই গল্পটো পুনৰ আৰম্ভ কৰিলোঁ। খুৰী তীক্ষ্ণ
দৃষ্টিৰে মোলৈ চাই থাকিল।
‘মেথিকান
অপাৰেশ্বনৰ সময়ত খোকনৰ তলপেটত গুলি লাগিছিল। তাক লৈ আমি পলায় আহিছিলোঁ। নাওত খোকনৰ
মৃত্যু হয়। নাওৰে আমি পলাইছিলোঁ।
খুৰী তীক্ষ্ণ কন্ঠেৰে চিঞৰি উঠিল-‘ এয়াই কি সঁচা?’
‘হয় খুৰী, সঁচা। এনেয়ে মিছা কথা ক’ম কিয়?’
‘খুৰী কান্দিবলৈ
ধৰিলে। আৰু উচুপি উচুপি ক’লে- ‘তেনেহ’লে সিহঁতে ক’লে যে খোকনক মিলিটাৰিসকলে ধৰি পেলাইছিল, তাৰপাছত পথাৰৰ মাজলৈ নি দিঙি ৰেপি ৰেপি হত্যা কৰিছিল।
‘খুৰী, এয়া মিছা কথা। ’
‘কিয় আমাৰ ল’ৰাক লৈ মিছা কথা কয়?’
‘যুদ্ধৰ সময়ত
এনেধৰণৰ গুজব ৰটনা হয় খুৰী। তাৰোপৰি সিহঁতে মানুহক কেনেকৈ ডিঙি ৰেপি হত্যা কৰিব? সিহঁত নিজেওতো মানুহ। ’
কথাষাৰ কৈ মই কৰুণভাবে হাঁহিবলৈ চেষ্টা
কৰিলোঁ। খুৰীয়ে পুনৰ একো নকলে। তেওঁৰ উত্তেজনা
কমি আহিছে। এতিয়া ভালেমান দিন শান্ত হৈ থাকিব। কেইটামান ৰাতি
সুখৰ নিদ্ৰা হ’ব। তাৰপাছত আকৌ
অস্থিৰ হৈ পৰিব। আৰু চাৰে মোক
বিচাৰি ফুৰিব।
মিছা কথা ক’বলৈ মোৰ বেয়া নালাগে। এগৰাকী মাতৃক প্ৰবোধ দিয়াৰ বাবে মই এক লাখ মিছা কথা অনায়াসে
ক’ব পাৰোঁ। তথাপি এইখন ঘৰলৈ আহিবলৈ মই নিবিচাৰোঁ। অপ্ৰকৃতস্থ
মহিলাগৰাকীৰ সন্মুখত আহি বহিলেই মই নিজেই কিছু পৰিমানে অপ্ৰকৃতস্থ হৈ পৰোঁ। সীমাহীন ক্ৰোধে
মোৰ চেতনাক আচ্ছন্ন কৰি তোলে। ইচ্ছা হয় দৌৰি গৈ কিবা যেন এক ভয়ংকৰ অপৰাধ সংঘটিত কৰি
পেলাওঁ!যি অপৰাধৰ কথা আগতে কোনেও ক’তো শুনা নাই। কিন্তু মই সেইটো কৰিব নোখোজো।
মই অন্য দহজন মানুহৰ দৰে স্বাভাৱিক জীৱন
যাপন কৰিব বিচাৰোঁ। এটা সৰু ঘৰ। এগৰাকী মমতাময়ী
নাৰী। এজন মানুহে ইয়াতকৈ বেছি কেতিয়াও একো নিবিচাৰে।
নীলুই মোক গেটলৈ আগবঢ়াই দিবলৈ আহি খুব
কান্দিলে। নীলুৰ গিৰিয়েক মোৰ পিছে পিছে আহিল। মই ক’ত থাকো তেওঁ জানি আহিব। মানুহজন ভাল
মানুহ ধৰণৰ। ৰাস্তাত খোজ পেলাই মই তেওঁক ক’লোঁ-‘ নীলুৰ সৈতে যে
মোৰ প্ৰেম আছিল সেই কথা আপুনি জানেনে?’তেওঁ চকখাই উঠিল।
‘ সাংঘাটিক
ৰোমান্স আছিল আমাৰ
দুয়োৰে মাজত। ’
ধীৰে ধীৰে মই অপ্ৰকৃতস্থ হ’বলৈ আৰম্ভ কৰিছোঁ।
0 Comments