গল্পঃ কেৰাচিনৰ গোন্ধ / অমৃতা প্ৰীতম

কেৰাচিনৰ গোন্ধ

মূল: অমৃতা প্ৰীতম

অসমীয়া ভাঙনি: দেৱাশ্ৰী বৰগোহাঁই

 

 


গুলেৰিৰ মাক-দেউতাক চাম্বাত থাকে পতিৰ ঘৰৰ পৰা কেইমাইল মান আঁতৰত থিয় পাহাৰটোৰ পৰা একা-বেকা ৰাস্তাটোৰ শেষত গুলেৰিৰ ঘৰৰ লৈ মনত পৰিলেই স্বামী মানকৰ লগত পাহাৰৰ চূড়াটোত গৈ থিয় হয় চাম্বাৰ ঘৰবোৰ বেলিৰ পোহৰত জকমকাই থাকে, তাকে চাই গুলেৰিৰ মন ভৰি উঠে এবুকু আনন্দ আৰু গৰ্ব ভৰাই স্বামীৰ লগত ঘৰলৈ উলটি আহে

প্ৰতি বছৰে খেতি তোলাৰ সময়ত গুলেৰি মাকৰ ঘৰলৈ যায় জীয়েকক নিবলৈ লাকাৰমাণ্ডিলৈকে দেউতাকে কাৰোবাক আগবঢ়াই আনিবলৈ পঠিয়ায় গুলেৰি আৰু তাইৰ দুজনী বান্ধৱীৰ চাম্বাৰ বাহিৰলৈ বিয়া হৈছে বছৰৰ এইখিনি সময়তে তাহাঁতিও ঘৰলৈ আহে এই বিশেষ দিনটোৰ বাবেই তাহাঁতি তৃষ্ণাতুৰ চাতক পখীৰ দৰে প্ৰতীক্ষাৰ ক্ষণ গণে তিনি বান্ধৱী লগ লে আড্ডা জমি উঠে নিজৰ সুখ-দুখৰ গল্প গজৱৰ মাজেৰে ঘণ্টাৰ পাছত ঘণ্টা গম নোপোৱাকৈয়ে কাটি যায় সাজি কাচি ওলাই যায় প্ৰধান আকৰ্ষণ শস্য তোলা উৎসৱটো আছেই অনুষ্ঠানটোৰ বাবে ছোৱালীবোৰে নতুন কাপোৰ চিলায় ঊৰ্ণাত ৰঙ কৰে, মাৰ দিয়ে, আকাশ ৰঙেৰে ওপচাই তোলে কাঁচৰ চুড়ি কিনে, ৰূপৰ কাণফুলি

গুলেৰি উৎসৱটো কেতিয়া আহি পাই তাৰে ভাৱনাত সকলো সময়তে বিভোৰ হৈ থাকে শৰতৰ বতাহে যেতিয়া বৰ্ষাৰ লীয়া মেঘবোৰ খেদি পঠিয়াই গুলেৰিৰ তেতিয়া চাম্বালৈ বৰকৈ মনত পৰে

দৈনন্দিন কামবোৰ নিয়াৰিকৈ কৰি যায় গৰু-দামুৰিৰ দানা-পানীৰ ব্যৱস্থা, শহুৰ-শাহুৰ বাবে ৰন্ধা বঢ়া শেষ কৰি, কিমান দিনৰ পাছত দেউতাকৰ ঘৰৰ পৰা তাইক নিবলৈ আহিব সেইয়া হিছাপ কৰিবলৈ বহে

এইবাৰো দেউতাকৰ ঘৰলৈ যোৱাৰ সময় আহি পাইছে ঘোৰাটোক গুলেৰিয়ে মৰম কৰিলে। দেউতাকৰ ঘৰৰ লগুৱা নাটুক উৎফুল্লিত হৈ স্বাগতম জনালে আৰু পাছদিনা যাত্ৰাৰ বাবে সাজু ল।

গুলেৰিৰ চেহেৰাত আনন্দ পৰিস্ফুতিত হৈ উঠিছে তাই স্বামী মানকে হোকাটো টানি চকু মুদি হুপিবলৈ ধৰিলে তাৰ মুখ গম্ভীৰ। কি হৈছে বুজিব পৰা নাই

চাম্বাৰ মেলালৈ তুমি নোযোৱা?’ গুলেৰিয়ে জানিব বিচাৰিলে মিনতিৰ সুৰত লে, ‘অন্তত: এদিনৰ বাবে লেও ওলোৱা মানকে হোকাৰ পাইপডাল নমাই লে একো উত্তৰ নিদিলে মোৰ কথাৰ কোনো উত্তৰ কিয় দিয়া নাই গুলেৰিৰ খঙ উঠি আহিল

তোমাক এটা কথা কওঁ?’

তুমি কি বা মই জানো

দেউতাৰ ঘৰলৈ প্ৰতি বছৰেতো যোৱা

তেনেহলে এইবাৰ যাবলৈ কিয় মানা কৰিছা?’ গুলেৰিয়ে খঙেৰে লে

মাত্ৰ এইবাৰে যাব নালাগে

তোমাৰ মায়েতো একো কোৱা নাই। তুমি কিয় বাধা দিছা?’ ভ্ৰু কোঁচাই গুলেৰিয়ে সুধিলে

মোৰ মা কথাটো আধা কোৱাকৈ মনে মনে মানকে

পাছদিনা পোহৰ হোৱাৰ আগেয়ে সাজি কাচি গুলেৰি সাজু তাইৰ কোনো সন্তান নাই গতিকে লগত লৈ যোৱা বা শহুৰ- শাহুৱেকৰ লগত থৈ যোৱাৰ জঞ্জালো তাই নাই নাটুয়ে ঘোৰাৰ পিঠিত জিন লগালে গুলেৰিয়ে মানকৰ মাক দেউতাকৰ পৰা বিদায় লে তেওঁলোকে বোৱাৰীয়েকৰ মূৰত হাত ফুৰাই আশীৰ্বাদ দিলে

লা তোমাক অলপ আগবঢ়াই দিওঁ মানকে লে গুলেৰি উৎফুল্লিত হৈ উঠিল দোপাট্টাৰ তলত মানকৰ বাঁহীটো লুকুৱাই লে

খাজ্জা গাওঁ পাৰ হৈয়ে ৰাস্তাটো চিধা চাম্বালৈ নামি গৈছে এইবাৰ দোপাট্টাৰ তলৰ পৰা বাঁহীটো উলিয়াই মানকক দিলে মানকৰ হাতত ধৰি লে, ‘এবাৰ বজোৱা কিন্তু মানক কিবা গভীৰ চিন্তাত নিমগ্ন, গুলেৰিৰ কথা তাৰ কাণত সোমোৱা নাই

তুমি বাঁহী বজোৱা নাই কিয়?’বিৰক্ত হৈ গুলেৰিয়ে লে মানকে শেঁতাপৰা চকুহালেৰে পত্নীৰ পিনে চালে, তাৰপাছত বাঁহীটো তুলি লে। কৰুণ সুৰ এটি বজালে

গুলেৰি নাযাবা মানকে অনুনয় কৰিলে পুনৰ কৈছো এইবাৰ যাব নালাগে বাঁহীটো ঘূৰাই দিলে সি, একো বজাব পৰা নাই

কিন্তু কিয়?’ গুলেৰিয়ে প্ৰশ্ন কৰিলে।তুমি দেখুন মেলাৰ দিনা আহিবাই তেতিয়া একেলগে ঘৰলৈ উভটি আহিম। শপত খাই কৈছো বেছি দিন থকাৰ জেদ নধৰো

মানকে আৰু অনুৰোধ নকৰিলে

ৰাস্তাৰ দাঁতিত তাহাঁত নাটুৱে ঘোঁৰাটো অলপ আগুৱাই নি পতি-পত্নী হালক নিৰলে কথা পাতিবলৈ সুবিধা কৰি দিলে। মানকৰ মনত পৰিল সাত বছৰৰ আগেয়ে এনেকুৱা দিনতে এই বাটেৰে বন্ধুৰ লগত চাম্বাৰ উৎসৱ চাবলৈ গৈছিল। মেলাতেই গুলেৰিৰ লগত প্ৰথম দেখা প্ৰথম দেখাতেই উভয়ে প্ৰেমত পৰিছিল। তাৰপাছত অকলশৰে কথা পতাৰ সুযোগ লৈ মানকে গুলেৰিৰ হাতত ধৰি কৈছিল, ‘তুমি যেন অপক্ক শস্য-দুগ্ধৰে পৰিপূৰ্ণা

হে অপক্ক শস্য খাই ভাল পায় হাতখন আজুৰি মোকলাই গুলেৰিয়ে কৈছিল মানুহে সিজাই খায়। মোক পাবলৈ বিচৰা যদি দেউতাৰ ওচৰলৈ যোৱা। কোৱাগৈ যে তুমি মোৰ হাতত ধৰিব খোজা মানকহঁতৰ গোত্ৰত বিয়াৰ আগত কন্যাপক্ষত যৌতুক দিয়াৰ নিয়ম। গুলেৰিৰ দেউতাকে কিমান টকাৰ যৌতুক বিচাৰিব তাকেলৈ মানক চিন্তিত হৈছিল। গুলেৰিৰ দেউতাক ধনীলোক, চহৰতো কিছুদিন আছিল। যৌতুকপ্ৰথাত বিশ্বাস নকৰে। ছোৱালীজনীক ভাল ৰালৈ দিয়াৰ বাদে তেওঁ আন একো বিচৰা নাছিল। আৰু মানকৰ মাজত সেই সকলোখিনি গুণেই আছিল। গতিকে গুলেৰিয়ে ডিঙিত বৰমালা পিন্ধিবলৈ বেছি দিন লগা নহল। সেই দিনবোৰৰ ভাৱনাত বিভোৰ মানকৰ কান্ধত গুলেৰিৰ হাতৰ স্পৰ্শ পৰাত তাৰ চমক ভাগিল।

ইমান সময়ে কি সপোন দেখি আছিলা?’ ধেমালী সুৰেৰে গুলেৰিয়ে সুধিলে। মানকে কোনো উত্তৰ নিদিলে।

ঘোঁৰাটোৱে অধৈৰ্য হৈ হিঁহিঁয়াই উঠিল। গুলেৰিয়ে বিদায় লোৱাৰ বাবে সাজু ল।

নীলঘণ্টা জঙ্গলৰ কথা শুনিছা?’ তাই প্ৰশ্ন কৰিলে, ‘ইয়াৰ পৰা কেইমাইলমান আঁতৰত তালৈ যিয়ে যায় কাণেৰে নুশুনা হৈ পৰে

শুনিছো

তোমাক অৱস্থা দেখি ভাৱ হৈছে তুমি যেন সেই জঙ্গলৰ পৰা উভটি আহিছা। মই কি কৈ আছো তোমাৰ একোৱে কাণত সোমোৱা নাই

ঠিক কৈছা গুলেৰি। তুমি কি কৈছা মই একোৱে শুনা পোৱা নাই দীৰ্ঘশ্বাস এৰিলে মানকে আৰু অন্য ফালে চাই থাকিল। সি কি ভাবি আছিল কোনেও নাজানিলে।মই এতিয়া যাওঁ। তুমিও ঘৰলৈ যোৱাগৈ। বহুদূৰ আহিলা মৃদুভাৱে গুলেৰিয়ে লে

বহুখিনি বাট খোজ কাঢ়ি আহিলা। বাকীচোৱা ঘোঁৰাত উঠি যোৱা মানকে লে

এইটো লোৱা তোমাৰ বাঁহী

এইটো তোমাৰ লগতে লৈ যোৱা

মেলাৰ দিনা বজাবা নে?’ হাঁহিমুখেৰে গুলেৰিয়ে সুধিলে। সূৰ্যৰ পোহৰত তাইৰ চকুৰ মণি জিলিকি উঠিছিল। মানকে অন্যফালে মুখ ঘূৰালে। আচৰিত হৈ উঠিল গুলেৰি মুৰটো জোকাৰি তাই চাম্বালৈ বুলি বাট লে। মানক ঘৰলৈ উভটি আহি চিধাই বিচনাত পৰিলগৈ

ইমান দেৰি কৰিলি যে?’ কাঁহ এটা মাৰি মাকে সুধিলে, ‘চাম্বালৈকে গৈছিলি নেকি?’

নাই। পাহাৰৰ ওচৰলৈকে গৈছিলো মাথো গধুৰ মাতেৰে মানকে লে

বুঢ়ামানুহৰ দৰে গোমোঠা মাৰি আছযে মাকে ধমক দিলে, ‘হাঁহি মাতি থাকিব পৰা নাই?’

মানকে বিচাৰিছিল, হাঁহি মাতি থাকিব পৰা অৱস্থাত ৰাখিছা জানো তুমি? কিন্তু একো নকলে। নিশ্চুপ হৈ

মানক আৰু গুলেৰিৰ বিয়া হোৱা সাত বছৰ যদিও গুলেৰি মাক পৰা নাই। মানকৰ মাকে এইবাবে কঠোৰ সিদ্ধান্ত লৈছে। এনেদৰে তেওঁ চলিবলৈ দিব নোৱাৰে। এইবাৰ নাতিৰ মুখ চাব মানে চাবই।

কিছুদিনৰ পাছতেই মানকৰ দাম্পত্য জীৱন আঠবছৰত সোমাব। মানকৰ মাকে ৰাৰ বাবদ পাঁচশটা ৰূপৰ মুদ্ৰা দিছে পুনৰ বিবাহৰ বাবে। তেওঁ আৰু অপেক্ষা কৰিবলৈ ৰাজী নহয়। অপেক্ষা কৰিছিল মাথো গুলেৰিৰ মাকৰ ঘৰলৈ যোৱালৈ যাতে তেওঁ নতুন বোৱাৰীক আনি ঘৰ সোমোৱাব পাৰে।

মাক আৰু সামাজিক প্ৰথাৰ একান্ত অনুগত মানকে এগৰাকী নতুন নাৰীক শৰীৰটো এৰি দিলে যদিও মনটো লে দিব নোৱাৰিলে।

এদিন ৰাতিপুৱা দুৱাৰমুখত বহি মানকে হোকা টানি আছিল। ঘৰৰ সন্মূখেৰে পুৰণি বন্ধু এজন পাৰ হৈ যোৱা দেখা পালে, ‘আৰে ভৱানী’, সি চিঞৰি মাতিলে, ‘ইমান পুৱাই পুৱাই কোনফালে যাৱ

ভৱানী ল। কান্ধত এটা সৰু কাপোৰৰ টোপোলা।নাই এনেয়ে নিৰুত্তাপ উত্তৰ তাৰ

তেনেহলে ইমান কিহৰ লৰালৰি? আহা এক চিলিম মাৰি যোৱা মানকে আমন্ত্ৰণ জনালে

ভৱানী আগুৱাই আহি বহিল, হোকাটো মানকৰ হাতৰ পৰা লে। কিছুপৰ হোকা টানি লে, ‘মই চাম্বাৰ মেলালৈ যাওঁ

মানকৰ হৃদপিণ্ডত কোনোবাই যেন চুৰিহে হানিলে

মেলা আজি নেকি?’

প্ৰতিবছৰে এইসময়তে মেলা হয়শুকান মাতেৰে ভৱানীয়ে উত্তৰ দিলে।মনত আছে নে সাত বছৰৰ আগেয়ে আমি একেলগে মেলালৈ গৈছিলো ভৱানী্যে আৰু একো নকলেও মানকে তাৰ নিৰুত্তাপ আচৰণৰ ৰহস্য ঠিকেই বুজি পালে। অস্বস্তি লাগিল তাৰ। ভৱানীয়ে হোকাৰ পাইপডাল নমাই মাটিত লে আৰু কান্ধত কাপোৰৰ টোপোলাটো ওলোমাই লে। টোপোলাৰ ফাঁকেৰে এটা বাঁহী ওলাই আহিল। মানকৰ পৰা বিদায় লৈ সি নিজ বাটেৰে আগবাঢ়িল। যিমান দূৰলৈকে দেখা পোৱা মানকে অনিমেষে বাঁহীটোলৈ চাই ল।

পাছদিনা সন্ধিয়া সি মন্দিৰৰ কাম কৰি থাকোতে ভৱানীক আহি থকা দেখা পালে। তাৰফালেই আহিব ধৰিছে। অন্যপিনে মুখ ঘূৰালে মানকে। ভৱানীৰ লগত তাৰ কথা পতাৰ অকনো ইচ্ছা নাই। ভৱানী চিধাই তাৰ সন্মূখলৈ আহি বহিল। চেহেৰা তাৰ মোলান পৰা

‘গুলেৰিৰ মৃত্যু হৈছে’ বিষন্ন মাতেৰে ভৱানীয়ে ক’লে

‘কি?’

‘তোমাৰ দ্বিতীয় বিয়াৰ খবৰ পাই তাই গাত কেৰাচিন ঢালি জুই লগাই আত্মহত্যা কৰিছে’

মানকৰ চেহেৰা বিৱৰ্ণ হৈ পৰিল, বিস্ফোৰিত চকুৰে ভৱানীলৈ চাই ৰ’ল।

মুখেৰে একো মাত নোলাল। বুকুৰ ভিতৰখন জ্বলি চাৰখাৰ হৈ পৰিল

দিনবোৰ গৈ থাকিল। মানক মঠত কাম কৰিবলৈ যায়, তাৰ পৰা ঘৰলৈ উলটি আহে। চুপচাপ খাই উঠি যায়। এটা কথাও নকয়। যেন কোনো মৃত লোক। চেহেৰা অভিব্যক্তিশূণ্য, চকুত উদাস দৃষ্টি

‘মই যেন তেওঁৰ পত্নী নহয়’। এদিন মানকৰ দ্বিতীয় পত্নীয়ে অভিযোগ কৰিলে। ‘তেওঁক যেন জোৰকৈ মোৰ কাষলৈ পঠিওৱা হয়’। তাৰ কিছুদিনৰ পাছতে তাই গৰ্ভৱতী বুলি গম পাই মানকৰ মাকৰ আনন্দই নধৰা হ’ল। নতুন বোৱাৰীক লৈ অতন্ত্য সুখী তেওঁ। ল’ৰাক জনালে ঘৰলৈ নতুন কনমাণি অতিথিৰ আগমণৰ বতৰা, কিন্তু মানকৰ চেহেৰা ভাৱলেশশূণ্য হৈয়ে ৰ’ল। চকুৰ উদাস চাৱনিৰ কোনো পৰিবৰ্তন নঘটিল।

শাহুৱেকে বোৱাৰীয়েকক সাহস দিলে, সন্তান জন্মৰ পাছত কেঁচুৱাক বাপেকৰ কোলাত তুলি দিলেই মানকৰ মন মেজাজৰ পৰিবৰ্তন

যথাসময়ত মানকৰ দ্বিতীয় পত্নীয়ে এটি পুত্ৰ সন্তান জন্ম দিলে। মানকৰ মাকে আনন্দ মনেৰে নাতিক নোৱাই ধুৱাই, সুন্দৰ কাপোৰ পিন্ধাই মানকৰ কোলাত তুলি দিলে। স্থিৰ দৃষ্টিৰে বহুসময় সি পাষান মুখেৰে কেঁচুৱাটোৰ পিনে চাই ল। হঠাৎ তাৰ শূণ্য চকুত আতংক ফুটি উঠিল, মৃগীৰোগীৰ দৰে চিৎকাৰ কৰি উঠিল, ‘লৈ যোৱা। তাক লৈ যোৱা। তাৰ গাৰ পৰা কেৰাচিনৰ গোন্ধ ওলাইছে

 



Post a Comment

0 Comments