কবিতাঃ প্রাক্তন / জয় গোস্বামী

 প্রাক্তন

মূল (বাংলা: জয় গোস্বামী

ভাবানুবাদ :  বাপুকণ চৌধুৰী




অফিছলৈ গৈ আছা নে নিয়মীয়াকৈ?

তুমি কিন্তু খুউব নিয়মানুৰ্তী আছিলা  !

মনত আছে? অপ্সৰাত টাইটানিক চাবৰ বাবে

তুমি দুসপ্তাহ ধৰি জোখ মাখ কৰিছিলা সময়ৰ;

কিজানি অফিছৰ কাম খতিয়ে হয়  !

ৰাতিপূৱা ঠিকমতে খোৱা-বোৱা কৰি আছাতো?

দুপৰীয়া টিফিন নিয়া নে কেন্টিনত খোৱা?

তোমাৰ কিন্তু অফিছৰ কেন্টিনখনৰ ওপৰত হাজাৰটা অভিযোগ আছিল এসময়ত !

ৰাতিপুৱাতেই কাপোৰ-কানিবোৰ ঠিক কৰি দিয়ে কোনে?

চাহ কৰিবলৈ যশোদাৰ মাক আহেনে এতিয়াও?

মানুহজনীৰ হাতখন ভাল নহয় কিন্তু, মই সদায়ে বেয়া পাইছিলোঁ,

তোমাৰটো টেবুলৰ ওপৰতে সকলো পেলাই থোৱাৰ স্বভা  !

এতিয়াও চাগে যোৱা নাই ••••••

 

যশোদাৰ মাক আহে কেইবজাত?

সেইদিনবোৰত পোহৰ নহওঁতেই যে দুৱাৰত টোকৰ দিছিল তাই  !

বাৰে বাৰে চোৰ চকুৰে তোমাক মোক নিবিড়ভাবে চাবলৈ তাইৰ যে কিমান চেষ্টা আছিল  !

চ্ছা, সেই চাৰ্টটো বাৰু পিন্ধানে এতিয়াও?

কাঢ়া নীলা ৰঙৰ•••••

তোমাৰেই পচন্দ আছিল সেই ৰং,

মোৰ আছিল জলফাই ৰং,

প্ৰথমবাৰ সেই ৰঙৰেই চাৰ্টটো দিছিলো উপহাৰ••••

 

কোনটো বাটেৰে উভতা সন্ধিয়া অফিছৰ পৰা?

সেই শিৱ মন্দিৰৰ কাষৰ অন্ধকাৰ গলিটোৰে

নগৰ নিগমৰ অফিছৰ পিছফালৰ চমুবাট !

খিৰিকীমুখেৰে দেখিছিলো সদায়,

দূৰৰ অস্পষ্ট ৰিক্সাখন স্পষ্ট হৈ পৰা,

আৰু, নামি অহা সেই ভাগৰুৱা দেহা,

মোৰ দুচকুত আবদ্ধ খিড়িকীৰ কঠিন লোৰ নক্সা  !

 

অফিছৰ পৰা পোনে পোনেই ঘৰলৈ আহাঁ?

নে সেই বন্ধুবোৰৰ লগৰ পুৰণি আড্ডাটোত আকৌ••••

জাপ জাপ তাচ পাত, শূন্যলৈ উৰি যোৱা ব্যৰ্থ চিগাৰেটৰ ধোঁৱা আৰু •••••• ৰঙীন বটলবোৰ  !

ঈশ্বৰৰ শপত  ! তেনেকুৱা হ'বই নোৱাৰে,

নহওক তেনেকুৱা  !

 

ৰাতি বিয়লি কিবা এটা হলে কোনে কি কৰিব কোৱা?

সেই ছোৱালীজনীও এতিয়া নাই,

এসময়ত ৰাতি বিয়লি সকলোতে তায়েই আছিল কাষত,

ভালেই হল তাই গুছি গল,

সকলো ভুল দোষ তাইৰেইটো আছিল সদায়  ৷৷

 

এতিয়া তেনেহলে কোন থাকে লগত?

দাদা নবৌ? মা, ভাই ভনী  ?

অহহহহহ, পাহৰিছিলোৱেই,

তোমাৰটো কোনোৱে নাছিল,

সেইটো কথাতেই কম অভিমান নাছিল জানো তোমাৰ  !

মনত আছে ৰালিৰ ব্ৰহ্মপুত্ৰৰ পাৰত তুমি যে কান্দিছিলা ফেঁকুৰি ফেঁকুৰি

উমানন্দলৈ যোৱা জাক জাক পৰিয়ালবোৰক চাই !

তেন্তে কোন আছে তোমাৰ লগত  ?

কোনে শুই তোমাৰ বিচনাত  ••••••

কাৰ গাত তুলি দিয়া হাত ভৰ টোপনিত  ?

কাৰ গাত তুলি দিয়া হাত ভৰ টোপনিত  ?

কাৰ গাত তুলি দিয়া হাত ভৰ টোপনিত  ?

কাৰ গাত তুলি দিয়া হাত ভৰ টোপনিত  ?

 

(পোনপটীয়া অনুবাদ নহয়, প্ৰসিদ্ধ বাংলা কবি জয় গোস্বামীৰ কবিতা "প্ৰাক্তন"ৰ মূল ভাবটো একেই ৰাখি অসমীয়া ভাবানুবাদ)

Post a Comment

0 Comments