গল্পঃ আইনা / হুমায়ূন আহমেদ

 

আইনা

মূলঃ হুমায়ূন আহমেদ
অনুবাদঃ পংকজ কুমাৰ নেওগ

 



ৰাতিপুৱা ৭:৩০ বাজিছে শওকত চাহাব বাৰাণ্ডাতে বহি দাঢ়ি খুৰাবলৈ সাজু সন্মুখৰ মূঢ়াটোত পানী ভৰ্তি এটা মগ আৰু মগটোত সৰু আইনা এখন ভেজা দি থোৱা হৈছে আইনাখনৰ ষ্টেণ্ড ভঙা বাবে কেনেবাকৈ সেইখন থিয় কৰাই থব লাগিব শওকত চাহাবে মুখত শ্বেভিং ক্ৰীম লগাই আইনাখনৰ পিনে চাই আছে, তেওঁ দাঢ়ি খুৰাব পঞ্চলিশ বছৰ বয়সত এতিয়া মুখৰ দাঢ়ি আগৰ দৰে কোমল হৈ থকা নাই, গতিকে ৰেজৰেৰে সাউতকৈ খুৰাব পৰা নাযায় মুখত শ্বেভিং ক্ৰীম সানি দাঢ়ি অলপ কোমল হবলৈ বাট চাব লাগিব, তেতিয়াহে কাম ফেৰা উজু হ

      দাঢ়িখিনি অলপ কোমলা যেন দেখি শওকত চাহাবে ৰেজৰ খনেৰে টান এটা দিয়াৰ লগে লগে গালখন এফালে কাটিলে অলপ দকৈ কটা দেখি বেছ তেজ ওলাবলৈ ধৰিলে শওকত চাহাবে গালখনত হেঁচা মাৰি ধৰি বহি ৰল, হয়তো হাতৰ চাপতে কিছু সময়ৰ পিছত তেজ ওলোৱা বন্ধ হ ঘৰখনত বা চেভলন জাতীয় কিবা বস্তু আছেনে নাই, কোনে জানে? কাকো চিঞৰ এটা মাৰি তেওঁৰ সুধিবলৈ মন নগ ৰাতিপুৱাৰ এইখিনি সময়ত সকলো অতি ব্যস্ত হৈ থাকে, সকলোৰে নিজৰ নিজৰ কাম থাকে কাৰোবাক বিৰক্ত কৰাৰ কি আৱশ্যক?

      এমাহত চাৰিবাৰ গাল কাটিলে গোটেইবোৰ গণ্ডগোল আইনাখনৰ বাবে আইনাখন পুৰণি হোৱা বাবে সেইখনৰ পিছফালে ৰং দিয়া পাৰাখিনি বেয়া হৈছে, ভালকৈ একো দেখা পোৱা নাযায় শওকত চাহাবে তেওঁৰ পত্নী মনোৱাৰাক সৰু আইনা এখন কিনাৰ কথা কেইবাবাৰো কৈছে কিন্তু কথাটো বোধকৰো তেওঁৰ মনত নাথাকে আইনাখন কেৱল শওকত চাহাবে ব্যৱহাৰ কৰে; ঘৰৰ বাকীবোৰৰ বাবে ড্ৰেছিং টেবুলৰ ডাঙৰ আইনাখন আছেই গতিকে দাঢ়ি কাটিবলৈ ব্যৱহাৰ হোৱা সৰু আইনাখন বেয়া হোৱাৰ কথা কাৰো মনত নথকা নিতান্তই স্বাভাৱিক

      শওকত চাহাবে নিজেই অফিচৰ পৰা উভতাৰ পথত আইনা এখন কিনাৰ কথা ভাবে অফিচৰ পৰা সদায় গধূলি উভতা হয় কিন্তু আইনাখনহে কিনিবলৈ থাকে; মাত্ৰ দাঢ়ি খুৰুৱাৰ সময়তহে কথাষাৰ আকৌ মনত পৰে শোৱনি কোঠাৰ পৰা শওকত চাহাবৰ ডাঙৰ  জীয়ৰী ইৰা ওলাই অহা দেখা গ ইৰাই এই বছৰ ইউনিভাৰ্চিটিত নাম লগাইছে, সেইবাবে তাই সকলো সময়তে ব্যস্ততাৰ ভাৱ এটা দেখুৱায়

শওকত চাহাবে মাত লগালে – আইজনী, ঘৰত চেভলন আছেনে?” 

নাজানো দেউতা

তাই যেনে ব্যস্ততাৰে বাৰান্দালৈ ওলাই আহিছিল তেনেকৈয়ে পুনৰ কোঠালৈ সোমাই গ দেউতাকৰ ফালে এবাৰ কেৰাহিকৈয়ো নাচালে, ইমানখিনি সময় তাইৰ নাই

      তেজ ওলোৱা বন্ধ হৈছে নে নাই পৰীক্ষা কৰিবলৈ গালৰ পৰা হাতখন এৰুৱাই শওকত চাহাবে আইনাখনলৈ এবাৰ চালে এটা বৰ আচৰিত ঘটনা! আইনাখনৰ ভিতৰত এজনী সৰু ছোৱালী বহি আছে আৰু তাই বৰ আগ্ৰহেৰে তেওঁলৈ চাই আছে ছোৱালীজনীৰ গাত এটা ৰঙা ফুল অঁকা কপাহী ফ্ৰক মূৰত দুডাল বেণী আৰু ৰঙা আৰু বগা ফিটাৰে বেণী দুডাল বন্ধা ভৰি শুদা, জোতা বা চেণ্ডেল একো পিন্ধা নাই ছোৱালীজনীৰ মুখখন গোল, চকু দুটাও যেন কিছু কৰুণ কোন এইজনী ছোৱালী?

      শওকত চাহাবে এবাৰ পিছফালে ঘূৰি চায় সৰু-সুৰা ঘৰুৱা কামবোৰত সহায় কৰিবলৈ মনোৱাৰাই কোনোবা ছোৱালী নতুনকৈ অনা নাইতো? কিন্তু গোটেইখন বাৰাণ্ডা খালি, কোনো নাই আইনাত এইমাত্ৰ দেখা পোৱা ছোৱালীজনী কোন? তেওঁ আকৌ এবাৰ আইনাখনলৈ চালে আইনাখনত ছোৱালীজনীৰ শেঁতা ভৰি দুখন দেখা গ; তাই খৰকৈ চকু দুটা পিৰিকিয়াই তেওঁলৈ চাই আছে এইবাৰ তাই অলপ হাওলি আইনাখনৰ ফালে আগুৱাই আহিল শওকত চাহাবক আচৰিত কৰি এটা সুমধুৰ কণ্ঠেৰে ছোৱালীজনীয়ে কলে –আপোনাৰ গালখন কাটিল দেখুন! তেজ ওলাইছে!

শওকত চাহাবে আকৌ এবাৰ পিছলৈ ঘূৰি চালে, নাই কোনো নাই তেওঁৰ মস্তিষ্কৰ বিকাৰ ঘটা নাইতো? অকল পগলাবোৰেহে এনে ধৰণৰ উদ্ভট ঘটনাবোৰ দেখিবলৈ পায় এই বয়সত পগলা হলে বৰ ডাঙৰ কথা; তেওঁৰ চাকৰি যোৱাতো ধুৰূপ সংসাৰখন চলিব কেনেকৈ? শওকত চাহাবে আইনাখনলৈ চোৱা বন্ধ কৰি সেইখন নিজৰ শোৱনি কোঠালৈ আনি টেবুলত ওলোটাকৈ থলে এবাৰ তেওঁ ভাবে পত্নীক কথাটো কোৱা ভাল কিন্তু পিছ মুহূৰ্তত মনটো আকৌ সলনি কৰিলে সকলোকে সকলো কথা কৈ ফুৰাৰ দৰকাৰ নাই এনেয়েও শওকত চাহাবে কথা বতৰা পাতি বৰ ভাল নাপায়, অফিচতো যিমান দূৰ সম্ভৱ নিজাববীয়াকৈ থাকে আৰু কাৰো সৈতে হলিগলি নকৰে তেওঁৰ মতে অফিচৰ সৰহ সংখ্যকে আজে-বাজে কথা পাতি সময় নষ্ট কৰি ভাল পায়

শওকত চাহাব ইষ্টাৰ্ন কমাৰ্চিয়েল বেঙ্কৰ কেছিয়াৰ টকা-পইচাৰ হিচাব ঠিক-ঠাক ৰখা, দিনটোৰ শেষত জমা-খৰচৰ হিচাব মিলোৱা ইত্যাদিবোৰ বৰ জটিল কাম এই জটিল কামবোৰ আউল নলগাকৈ কৰিবলৈ মগজু শীতল ৰখা বৰ দৰকাৰ কিন্তু অকাৰণত আজে-বাজে কথা পাতি ফুৰিলে বা তৰ্কা-তৰ্কি কৰিলে মগজু ঠিকে থাকে জানো? এইবোৰ কথাই মানুহে নুবুজে সকলোবোৰে প্ৰয়োজন নাথাকিলেও তেওঁৰ সৈতে চুপতি মাৰিবলৈ আহে

কি  শওকত চাহাব, আপোনাৰ মুখখন আজি বৰ শুকান দেখিছোঁ, বৌৰ সৈতে কাজিয়া কৰিছে যেন পাইছোঁ

আপোনাৰ চাৰ্টটো বৰ ভাল লাগিছে, বয়স একেবাৰে দহ বছৰ কমি যোৱা যেন লাগিছে বৰ স্ফূৰ্তিত আছে যেন পাইছোঁ!

শওকত ভাই, আজি চাহ খুৱাওক না! আপুনি দিনে দিনে বৰ কৃপণ হৈ গৈছে, চাহ-তাহ খুওৱা বাদ দিলে আজি আপোনাৰ সাৰণ নাই!

      এনেধৰণৰ আজে-বাজে অৰ্থহীন কথাবোৰ শুনি শুনি শওকত চাহাবে বেঙ্কৰ হিচাব মিলাব লাগে মাজে মাজে হিচাবত গণ্ডগোল লাগে আৰু তেওঁৰ ভীষণ খঙো উঠে গোটেই হিচাব পুনৰ কৰিব লগা হয় খঙ উঠিলেও লুকুৱাই মিচিকিয়াই দেখাব পৰা গুণটো তেওঁৰ আছে আৰু এইদৰেই খং দমাই তেওঁ সন্মুখত বহি থকা মানুহজন উঠি যোৱালৈ অপেক্ষা কৰে এবাৰ মানুহজনে প্ৰস্থান কৰাৰ লগে লগে হিচাব-নিকাচবোৰ নতুনকৈ আৰম্ভ কৰা হয় এইবোৰেই হল সমস্যা অৱশ্যে কেইমাহমান হল শওকত চাহাব বেলেগ এটা সমস্যাত পৰিছে বেঙ্কত নতুনকৈ কম্পিউটাৰ প্ৰৱৰ্তন কৰা হৈছে আৰু এতিয়াৰ পৰা সকলো হিচাব-পত্ৰ হেনো কম্পিউটাৰতে হ চাজেদুল কৰিম নামৰ ডেকা লৰা এজনে বেঙ্কৰ সকলোকে কম্পিউটাৰ শিকাইছে আৰু সকলোৱে সোনকালে শিকিও লৈছে শওকত চাহাবে কিন্তু একো শিকিব পৰা নাই

      যন্ত্ৰপাতিৰ কথাবোৰ বুজিবলৈ তেওঁৰ বৰ টান লাগে সামান্য কেলকুলেটৰ এটাকে তেওঁ ভালদৰে ব্যৱহাৰ কৰিব নাজানে, তাতে যন্ত্ৰবোৰৰ ওপৰত তেওঁৰ অলপো বিশ্বাস নাই তেওঁ নিজে যিমান দায়িত্ব সহকাৰে যোগ-বিয়োগবোৰ কৰিব মেছিন এটাই সেইদৰে কৰিবনে? হিচাব-নিকাচত ভুল হলে ওপৰৱালাৰ পৰা তেওঁ গালি খাব বা তেওঁৰ চাকৰিও যাব পাৰে কিন্তু যন্ত্ৰ এটাই ভুল কৰিলে কোনে তাক গালি দিব বা চাকৰিৰ পৰা খেদিব? তাৰ পিছতো কিয় মানুহ যন্ত্ৰ লৈ ইমান বলিয়া? এই কম্পিউটাৰ বস্তুটো তেওঁৰ বাবে অসহ্য হৈ পৰিছে প্ৰায় টেলিভিশ্যনৰ দৰে দেখিবলৈ এই কম্পিউটাৰ, হিচাব-নিকাচ সকলোবোৰ পৰ্দাখনতে ভাহি উঠে এনেয়েও তেওঁ টিভি ভাল নাপায় আৰু কেতিয়াও টিভি নাচায় কিন্তু সদায় এই ভাল নোপোৱা বস্তুবোৰৰ মাজত তেওঁ মূৰ সোমাব লাগে! এতিয়া টিভিৰ দৰে যন্ত্ৰটো সকলো সময়তে তেওঁৰ টেবুলখনতে থাকিব আৰু অফিচত থকা সময়খিনি এই টিভিৰ পৰ্দালৈকে চাই থাকিব লাগিব এইখন পৰ্দাত অৱশ্যে নাচ-গান নোলায়, হিচাব-নিকাচহে ওলাব কি যে আপদ!

      অফিচ আৰম্ভ হয় ৯:০০ বজাত আৰু ন বাজিবলৈ দহ মিনিট থাকোঁতে শওকত চাহাব অফিচ পায়গৈ টেবুলত ঢাকি থোৱা পানী দুঢোকমান খাই আৰু তিনিবাৰ আল্লাহৰ নাম লৈ দিনটোৰ কাম-কাজ আৰম্ভ কৰে; এইয়েই তেওঁৰ দৈনন্দিন ৰুটিন আজি অফিচলৈ আহি তেওঁ দেখে যে কম্পিউটাৰ শিকোৱা ডেকাজনে তেওঁৰ টেবুলৰ সিপিনে বহি খুব চিগাৰেট টানি আছে, টেবুলৰ পানী গিলাচো খালি সম্ভৱতঃ তেওঁৱেই পানীগিলাচ খালে  শওকত চাহাবক দেখি ডেকাজন থিয় হল আৰু হাঁহি এটা মাৰি সুধিলে –

: চাৰ কেনে আছে?

: ভালেই আছোঁ

: আজি আপোনাৰ বাবেই পুৱাই অফিচলৈ আহিছোঁ

: অ, হয় নেকি

: জি, এম চাহাবে মোক খুব খঙ কৰিছে আপোনাক কম্পিউটাৰ শিকাব নোৱাৰাৰ বাবে আজি গোটেই দিনটো আপোনাৰ সৈতে কটাম

শওকত চাহাবে শুকান মুখ এখনেৰে কলে –আচ্ছা

: আহক, আমি প্ৰথমে চাহ খাই লওঁ আৰু তাৰ পিছতে আৰম্ভ কৰোঁ

শওকত চাহাবে মুখেৰে একো নামাতিলে কলিং বেল টিপি বেয়াৰাক দুকাপ চাহ আনিবলৈ দিয়া হ

চাজেদুল কৰিম নামৰ ডেকাজনে এইবাৰ হাঁহি হাঁহি প্ৰশ্ন কৰিলে – চাৰ, কালি কোৱা আৰু শিকোৱা কথাবোৰ আপোনাৰ মনত আছেনে?” শওকত চাহাবৰ একো মনত নাই, তথাপি আছে বুলি মূৰ দুপিয়ালে

: বাৰু সৰু-সুৰা মৌখিক পৰীক্ষা এটা হৈ যাওঁক চাৰ, কওঁকচোন মেগাবাইট কি?

: মনত নাই

: ৰেম্ কি বস্তু মনত আছেনে?

: নাই

: ঠিক আছে বাৰু, একো কথা নাই মেগাবাইট, ৰেম এই সকলোবোৰ কম্পিউটাৰ মেমৰিৰ হিচাব একোজন লোকৰ যিদৰে স্মৃতিশক্তি থাকে সেইদৰে কম্পিউটাৰৰো থাকে কিছুমান কম্পিউটাৰৰ স্মৃতিশক্তি অসাধাৰণ আৰু আনবোৰৰ নিম্নমানৰ মেগাবাইট হল স্মৃতিশক্তিৰ মাপ; মেগা মানে টেন টু দ্য পাৱাৰ চিক্স আৰু বাইট হল টেন টু দ্য পাৱাৰ চিক্স ভাগৰ এভাগ ৰেম্ মানে হল ৰেণ্ডম এক্সেচ মেমৰি চাৰ, বুজি পাইছেনে?

শওকত চাহাবে মাথা-মুণ্ডু একোৱেই বুজি পোৱা নাই, তথাপিও কলে – বুজি পাইছোঁ

এটা কথা মনত ৰাখিব – কম্পিউটাৰ হল আইনাৰ দৰে

: আইনাৰ দৰে?

: হয় চাৰ, আইনাৰ দৰে আইনাৰ সন্মুখত যি বস্তু ৰখা যায় তাকেই আইনাত দেখা যায় কম্পিউটাৰক আপুনি যি দিয়ে তাকেই দেখাব, নিজে নতুনকৈ একো কৰি দেখুৱাব নোৱাৰে ইয়াৰ ইমান ক্ষমতা নাই

: বুজিছেনে?

: , বুজিছোঁ

: চাৰ, আহক এতিয়া মই আপোনাক মেমৰি আৰু হাৰ্ড ডিস্কৰ মাজত থকা পাৰ্থক্যখিনি বুজাওঁ আপুনি মোৰ কথাবোৰত মন দিছেনে?

, শুনিছোঁ শওকত চাহাবে দৰাচলতে একো কথালৈ কাণসাৰ দিয়া নাই আইনাৰ কথা ওলাওঁতে তেওঁৰ নিজৰ আইনাখনলৈ মনত পৰিল আইনাৰ ভিতৰলৈ সৰু ছোৱালীজনী আহিল কেনেকৈ? ছোৱালীজনী কোন? কি বা তাইৰ নাম?

বেয়াৰাই চাহ লৈ আনিছে শওকত চাহাবে অন্যমনস্ক হৈ চাহৰ কাপত এটা শোহা মাৰিলে চাজেদুল কৰিমে মাত লগালে – চাৰ!

:

: আপুনি কিবা কথা চিন্তা কৰি আছে নেকি?

: ওহোঁ, নাই কৰা

: তেনেহলে আহক, কম্পিউটাৰৰ ফাইল কেনেকৈ খুলিব লাগে আপোনাক কওঁ কেৱল মুখেৰে কলেই নহব, হাতে কামেও দেখাব লাগিব হাৰ্ড ডিস্ক হল আমাৰ ফাইলিং কেবিনেট গোটেইবোৰ ফাইল হাৰ্ড ডিস্কত আছে তাৰ পৰা এটা বিশেষ ফাইল কেনেকৈ খুলিব...?

আবেলি চাৰিবজালৈকে শওকত চাহাব কম্পিউটাৰৰ সন্মুখতে বহি থাকিল লাভৰ মূৰত তেওঁৰ প্ৰচণ্ড মূৰৰ বিষ এটা আৰম্ভ হ চাজেদুল কৰিমক তেওঁ একো নকলে লৰাজনে ইমান আগ্ৰহেৰে তেওঁক শিকাই আছে যেন কম্পিউটাৰতকৈ শিকিবলৈ পৃথিৱীত একো উজু বিষয় নাই

: চাৰ, আজি এইখিনিতে থাকক কাইলৈ আকৌ আৰম্ভ কৰিম

: ঠিক আছে, হ

অফিচৰ পৰা ওলোৱাৰ আগতে জি,এম চাহাবে শওকত চাহাবক মাতি পঠালে শওকত চাহাবৰ বুকু কঁপি উঠিল কম্পিউটাৰৰ দৰে তেওঁ জি,এম চাহাবকো বেয়া পায় জি,এম চাহাবৰ কোঠাত প্ৰৱেশ কৰাৰ লগে লগেই তেওঁ হাঁহিমুখে সুধিলে – শওকত চাহাব, কেনে আছে?”

: চাৰ, ভালেই আছোঁ

: বহক, বহক কিয় থিয় হৈ আছে?

শওকত চাহাব চকী এখনত বহিল তেওঁৰ বুকু দুৰু দুৰু, অণ্ঠ-কণ্ঠও শুকাই গৈছে

: আপোনাৰ গা বেয়া নেকি?

: নাই চাৰ, ঠিকেই আছোঁ

: আপোনাক দেখি কিন্তু গা বেয়া যেনহে লাগিছে যি নহওঁক কম্পিউটাৰ শিকা কিমান দূৰ আগবাঢ়িছে?

শওকত চাহাবে একো নকৈ মূৰ তল কৰি ৰ জি,এম চাহাবে আৰম্ভ কৰিলে – কালি চাজেদুলক অলপ গালি পাৰিলোঁ তাক কলোঁ তুমি কি লৰা, শওকত চাহাবক সাধাৰণ কথা এটা শিকাব পৰা নাই

: চাৰ, তাৰ গাত একো দোষ নাই সিতো আপ্ৰাণ চেষ্টা কৰিছে, মইহে শিকিব পৰা নাই

: কিয় পৰা নাই?

: কথাবোৰ বুজি নাপাওঁ

: আজিকালি কম্পিউটাৰ লৰাৰ খেল ৭-৮ বছৰীয়া শিশুৱেও কম্পিউটাৰ চলাব জানে, নাজানিলে কেনেকৈ হ? আমি এতিয়া যুগৰ সৈতে তাল মিলাব লাগিব যি হব সকলো কম্পিউটাৰতে হ নতুন টেকনলজী যিসকলে নাজানে তেওঁলোকক আমাৰ দৰকাৰ নাই ডাৰউইনৰ চাৰভাইভেল অব দ্য ফিটেষ্ট থিয়ৰি মনত আছেনে আপোনাৰ?

: হয় চাৰ

: ঠিক আছে, আপুনি যাওঁক নিজৰ পৰা আপুনি চেষ্টা নেৰিব নোৱাৰোঁ বুলি আগতেই ভাবি ললে কোনো কথা শিকিব নোৱাৰে

: হয় চাৰ, ঠিক কথা

: আচ্ছা, তেনেহলে যাব

ওলাই যোৱা সময়ত দুৱাৰত তেওঁ বেয়াকৈ খুন্দা খালে সোঁফালে কপালত টেমুনা এটা উঠিল আৰু লগে লগে মূৰৰ বিষটোও অসহ্য হৈ আহিল

      মূৰৰ প্ৰচণ্ড বিষ লৈ শওকত চাহাব ঘৰলৈ উভতিল ঘৰত কামকৰা বাইজনীৰ বাহিৰে কোনো নাই ঘৰৰ আটাইবোৰ বিয়া খাবলৈ গ; উভতোতে নিশা দেৰি হ হয়তো নিশা উভতি নাহিবও পাৰে কাৰ বিয়া, কত বিয়া এইবোৰ কথা তেওঁ একো নাজানে, কোনেও তেওঁক কথাবোৰ জনোৱাৰ প্ৰয়োজন বোধ নকৰে হাত-মুখ ধুই তেওঁ বাহিৰৰ ইজিচেয়াৰখনত চকু মুদি বহি ৰ মূৰৰ বিষটো যদি অলপ কমে, কমক আজিকালি মূৰৰ বিষটো ঘনে ঘনে হবলৈ ধৰিছে, হয়তো চকু বেয়া হৈছে; চকুৰ ডাক্তৰৰ ওচৰলৈ তেওঁ এবাৰ যোৱা উচিত  কিন্তু ডাক্তৰৰ ওচৰলৈ যোৱা মানে এগাল খৰচ –ডাক্তৰৰ ফিজ, নতুন চশমা, নতুন ফ্ৰেম

      বাইজনীয়ে প্লেট এখনত কেইটুকুৰামান অমিতা, আধাবাতি মুড়ি আৰু সৰ পৰা গাখীৰেৰে একাপ চাহ দিলে তেওঁৰ প্ৰচণ্ড ভোক লাগিছিল অমিতা কেইডোখৰ তিতা, মুড়ি খিনিও সেমেকিছে, কিন্তু কি কৰিব সেইখিনিকে ভোকত খালে গৰম চাহ খালে মূৰৰ বিষটো অলপ কমিব বুলি ভাবিছিল যদিও নকমিল এই বাইজনীয়ে গৰম চাহ বনাব জানিলেহে! সদায় উতল নহা পানীৰে তাই চাহ বাকে!মূৰৰ বিষৰ ঔষধ বিচাৰি শওকত চাহাব শোৱা কোঠাত সোমাল টেবুলৰ ড্ৰয়াৰত পেৰাচিটামল থাকিব লাগে কিন্তু খুচৰি-মুচৰি কতো একো নোলাল ড্ৰয়াৰৰ ভিতৰত তেওঁ সৰু আইনাখনহে দেখা পালে, নিশ্চয় মনোৱাৰাই ভৰাই থৈছে আইনাখনত ছোৱালীজনী এতিয়াও আছেনে? আইনাখন হাতত লৈ তেওঁ চাওঁ-নাচাওঁকৈ এবাৰ চাই পঠালে অতি আচৰিত ! ছোৱালীজনী তেতিয়াও আছে! আগৰ বাৰ তাই বহি আছিল, এইবাৰ থিয় হৈ আছে গাত সেই একেটা ফ্ৰক ছোৱালীজনী খুব ধুনীয়া, বয়স হয়তো ১১-১২ বছৰ হব বা অলপ সৰুও হব পাৰে তাইৰ ডিঙিত নীলা মণিৰে গুঠা এডাল মালা, আগৰ বাৰ দেখা মনত নপৰে শওকত চাহাবে এটা সৰু মাতেৰে সুধিলে – তোমাৰ নাম কি?”

ছোৱালীজনীয়ে এটা মিঠা মাতেৰে উত্তৰ দিলে – চিত্ৰলেখা

: বাহ, বৰ সুন্দৰ নাম!

ছোৱালীজনীয়ে লাজ লাজকৈ এবাৰ হাঁহিলে শওকত চাহাবে আৰু কি প্ৰশ্ন কৰিব একো ভাবি নাপালে কিবা এটা আকৌ সোধাৰ আগতে এইবাৰ তাই মাত দিলে –আপোনাৰ কপালত কি হ?”

: দুখ পালোঁ জি,এম চাহাবৰ কোঠাৰ পৰা ওলাই আহোঁতে দুৱাৰত বেয়াকৈ খুন্দা খালোঁ

: খুব বেছি দুখ পালে নেকি?

: নাই পোৱা তুমি কোন ক্লাচত পঢ়া?

: মই নপঢ়োঁ

: স্কুললৈ নোযোৱা?

: উহু, নাযাওঁ

: আইনাখনৰ ভিতৰত কেনেকৈ সোমালা?

: নাই, নাজানোঁ

: তোমাৰ মা-দেউতা ক?

: নাজানোঁ

: তুমি কি অকলে থাকা?

: হুঁ

শওকত চাহাবে লক্ষ্য কৰে ছোৱালীজনীয়ে হাত দুখন বুকুত সাৱটি ঠাণ্ডাত কঁপিছে অথচ এই চত মাহত ঠাণ্ডা লাগিবলৈ একো কাৰণ নাই তেওঁৰ মূৰৰ ওপৰত ফেনখন ঘূৰি আছিল

: কঁপিছা কিয়, ঠাণ্ডা লাগিছে নেকি?

: হয়, ইয়াত বৰ ঠাণ্ডা!

: তোমাৰ কোনো গৰম কাপোৰ নাই?

: নাই

: তোমাৰ চোলা একেটাই নেকি?

: হুঁ

: মোক তুমি চিনি পোৱানে?

: হয়, পাওঁ

: মই কোন কোৱাচোন?

: সেইটো নাজানোঁ

: মোৰ নামটো কি জানানে?

: আপুনি দেখুন আপোনাৰ নামটো কোৱাই নাই, কেনেকৈ জানিম?

: মোৰ নাম শওকত, শওকত আলি

: বাৰু

: মোৰ তিনিজনী ছোৱালী আছে

: ৰা নাই?

: নাই, লৰা নাই

: আপোনাৰ ছোৱালী কেইগৰাকী কলৈ গ?

: ৰবাত বিয়া খাবলৈ গলৈ গৈছে নাজানোঁ, মোক কৈ যোৱা নাই

: আপোনাৰ ছোৱালী কেইগৰাকীৰ নাম কি?

: ইৰা, সোমা আৰু কল্পনা

: সিহঁতৰ নামবোৰত মিল নাই কিয়? সকলোৱেতো ছোৱালীবোৰৰ নাম মিলাকৈ থয় নামবোৰ ইৰা, মীৰা : আৰু নীৰা থোৱাহেঁতেন মিলিলহেঁতেন!

: সিহঁতৰ মাকে নামবোৰ থৈছে, হয়তো নামবোৰ মিলাবলৈ পাহৰিলে

: আপুনি নামবোৰ নথলে কিয়?

: ময়ো থৈছিলোঁ, কিন্তু নামবোৰ কাৰো পছন্দ নহ

: আপুনি কি নাম ধৈছিল?

: ডাঙৰ জনীৰ নাম থৈছিলোঁ বেগম ৰুকেয়া মহীয়সী নাৰীৰ নাম মাকৰ নামটো পছন্দ নহ পুৰণি নাম

: বেগম ৰুকেয়ানো কোন আছিল?

: মই কলোঁ নহয় ৰুকেয়া এগৰাকী মহীয়সী নাৰী আছিল মহিলাৰ শিক্ষা বিস্তাৰৰ বাবে অনেক কষ্ট কৰিছিল : তুমি কেতিয়াও তেখেতৰ নাম শুনা নাই?

: নাই শুনা

বাহিৰত কলিং বেল বজা শুনি শওকত চাহাব উচপ খাই উঠিল সিহঁত বোধকৰোঁ বিয়াঘৰৰ পৰা উভতি আহিছে আয়নাখন পুনৰ ড্ৰয়াৰত থৈ তেওঁ দুৱাৰখন খুলিবলৈ গ সকলোকে আইনাখন দেখাই ফুৰাৰ কি দৰকাৰ? মানুহে তেওঁক পগলা বুলিয়েই ভাবিব সৰু কালত স্কুলত পঢ়োৱা অবনী চাৰৰ কথা মনত পৰিল অবনী চাৰে স্কুলৰ আমগছজোপাৰ সৈতে অকলে অকলে কথা পাতিছিল আৰু সঁচাকৈয়ে তেওঁ এদিন পগলা হৈ গ তেৱো যদি অবনী চাৰৰ দৰে পগলা হৈ যায়? তেওঁ পগলা হৈ গলে পত্নী আৰু জীয়েকহঁতে তেওঁক বাৰু কত ৰাখিব – পাবনাৰ মেন্টেল হাস্পতালত, ঘৰত নে কোনো দূৰ ঠাইলৈ নি এৰি থৈ আহিব? পগলা পুহি ৰাখিব নোৱাৰিলে দূৰৈত এৰিবই লাগিব পগলাবোৰ বোধশক্তিহীন জন্তুৰ দৰে!

      মনোৱাৰাহঁত বিয়াঘৰৰ পৰা উভতি অহা নাই, মাজু ছোৱালীজনীৰ ঘৰুৱা শিক্ষকহে আহিছে ঘৰত কোনো নথকাৰ বাবে চাহ-তাহ খাই শিক্ষক মহাশয় উভতিল ছোৱালীৰ পঢ়া-শুনাৰ বিষয়ে দুই এটা কথা সোধাৰ বাহিৰে শওকত চাহাবৰ কথা পাতিবলৈ একো নাছিল পিছদিনা অফিচলৈ যাওঁতে শওকত চাহাবে আইনাখন বান্ধি অফিচলৈ লৈ গ কিয় নিলে তেওঁ নিজেই নাজানে অফিচৰ ড্ৰয়াৰত আইনাখন থৈ কম্পিউটাৰ শিকিবলৈ তেওঁ চাজেদুল কৰিমৰ সৈতে ব্যস্ত হৈ পৰিল লৰাটোৰ ধৈৰ্য দেখি তেওঁ সঁচাকৈয়ে মুগ্ধ হ  ডাটা এন্ট্ৰি, ডাটা প্ৰেচেছিং এইবোৰৰ বিষয়ে চাজেদুলে বহুত কথাই শিকালে বাৰে বাৰে কথাবোৰ কৈ গল যেন তেওঁ এজন বয়স্ক মানুহ নহয় এটা সৰু লৰাহে এটা সময়ত চাজেদুলে কলে – আহক চাৰ, চাহ একাপ একাপ খাই লওঁ, তাৰ পিছত আমি আকৌ আৰম্ভ কৰিম

শওকত চাহাবে ক্লান্তভাৱে উত্তৰ দিলে –এইবোৰ আৰু মোৰ দ্বাৰা নহব, যি সকলে পাৰে সিহঁতক শিকোৱা মই চাকৰিয়েই এৰি দিম

: চাৰ, আপুনি কি কথা কয়? চাকৰি এৰিলে খাব কি? আপোনাক মই যেনেতেনে কম্পিউটাৰ শিকাইহে এৰিম মোৰো এটা জেদ আছে

চাহ খাই খাই শওকত চাহাবে লৰাজনৰ লগত কিছু দেৰি কথা পাতিলে তেওঁৰ খুব এটা বেয়া নালাগিলৰাজনে কম্পিউটাৰৰ বাহিৰে একো কথাই নাজানে কিছু পৰৰ পিছত চাজেদুলে পুনৰ প্ৰশিক্ষণ দিবলৈ সাজু হ সেইদিনালৈ যথেষ্ট শিকা হল বুলি শওকত চাহাবে বাৰে বাৰে আপত্তি দৰ্শালে উপায় নাপাই অৱশেষত চাজেদুলে মাত দিলে – থিক আছে তেনেহলে, আজি জিৰণি লওঁক আমি আকৌ কাইলৈ আৰম্ভ কৰিম মই এতিয়া যাওঁ

       চাজেদুল কৰিম যোৱাৰ পাছত কোঠাৰ দুৱাৰ বন্ধ কৰি তেওঁ ড্ৰয়াৰৰ পৰা আইনাখন উলিয়ালে আইনাৰ ছোৱালীজনীক আজি কিছু দুখী যেন দেখা গৈছে

: চিত্ৰলেখা কেনে আছা? - শওকত চাহাবে লাহেকৈ সুধিলে

: ভাল

: তোমাৰ মুখখন বৰ শুকান দেখিছোঁ মনটো ভাল নহয় নেকি?

: ওঁ

: মন কিয় বেয়া কৰিছা?

: অকলে থাকোঁ যে সেইবাবে মন বেয়া মাজে মাজে অলপ ভয়ো লাগে

: কিহৰ ভয়?

: নাজানো এইটো আপোনাৰ অফিচ নেকি?

: হুঁ

: আপোনাৰ টেবুলৰ ওপৰত বাকচৰ দৰে এইটো কি বস্তু?

: এইটো হল এটা কম্পিউটাৰ আই,বি,এম কম্পিউটাৰ

: কম্পিউটাৰ কি?

: এটা যন্ত্ৰ, হিচাব নিকাচ কৰিব পাৰি আচ্ছা চিত্ৰলেখা, তোমাৰ মা-দেউতা আছেনে?

: মই নাজানোঁ

: তুমি আজি কিবা খাইছানে?

: নাই খোৱা

: তোমাৰ ভোক লাগিছে?

: হুঁ

: তুমি যত থাকা তাত খাবলৈ একো নাই নেকি?

: নাই

: তুমি থকা ঠাইখিনি কেনেকুৱা?

: মই নাজানো কিন্তু ইয়াত বৰ ঠাণ্ডা

শওকত চাহাবে দেখা পালে সঁচাকৈ ছোৱালীজনী জাৰত ঠক-ঠককৈ কঁপিছে এই ভোকাতুৰ আৰু শীতাৰ্ত ছোৱালীজনীকনো তেওঁ কেনেকৈ সহায় কৰিব? এটা হুমুনিয়াহ কাঢ়ি আইনাখন কাগজেৰে মেৰুৱাই তেওঁ আকৌ ড্ৰয়াৰত ভৰাই থলে তেওঁৰ নিজৰো ভোক লাগিছিল ঘৰৰ পৰা টিফিন কেৰিয়াৰত খোৱা বস্তু লৈ অনা হৈছে ছোৱালীজনীক খোৱা বস্তু দিবলৈ কিবা উপায় আছে নেকি? কি আচৰিত! তেওঁ এইবোৰ কি কথা ভাবিছে? আইনাত তেওঁ যিবোৰ দেখা পায় সেই সকলোবোৰ তেওঁৰ মনৰ ভ্ৰম আচলতে তেওঁ আইনাখন চাবই নালাগিছিল টিফিন কেৰিয়াৰটো লৈ তেওঁ অফিচৰ কেন্টিনলৈ খাবলৈ গল কিন্তু বাৰে বাৰে ছোৱালীজনীৰ শুকান মুখখন মনত পৰি থাকিবলৈ ধৰিলে তেওঁ হাত ধুই পুনৰ অফিচলৈ উভতি আহিল

      ঘৰলৈ উভতোতে গধূলি হ আকৌ সেই তিতা অমিতা আৰু সেমেকা মুড়িৰে সন্ধিয়াৰ চাহকাপ খালে পুৰুষ কণ্ঠ এটাই ইৰাক গান শিকাই থকা শুনা গ সাৰেগামাৰ ধ্বনি শুনা গৈছিল মনোৱাৰাই তেওঁক চাহকাপ দিবলৈ আহোঁতে কথাষাৰ কলে – ইৰাক গানৰ মাষ্টৰ ধৰি দিছোঁ,সপ্তাহত দুদিনকৈ আহিব ১৫০০ টকা লাগে বুলি কৈছিল কিন্তু ১০০০ টকাত মান্তি কৰাইছোঁ তাৰ উপৰি তবলা বাদকজনেও ৩০০ টকা ল তোমাৰতো ছোৱালীৰ চখৰ বিষয়ে একো খবৰেই নাই, ময়েই সকলোবোৰ কৰিব লগা হৈছে শওকত চাহাবে নিঃশব্দে চাহকাপত শোহা মাৰিলে ওপৰুৱা এই ১৩০০ টকা আহিব কৰ পৰা? প্ৰভিডেণ্ড ফাণ্ডৰ পৰা লোৱা লন এটাৰ বাবে অহা মাহৰ পৰা ৫০০ টকাকৈ কাটিব, ইফালে কম্পিউটাৰো শিকিব পৰা নাই সঁচাকৈয়ে এই বয়সত যদি তেওঁৰ চাকৰি যায়?

      ৰাতি ভাত খাবলৈ নামাতালৈ শওকত চাহাব অকলেই বহি থাকিব লাগিব এইখিনি সময়তে আইনাৰ ছোৱালীজনীৰ সৈতে কথা দুটামান পাতিলে কেনে হয়? কোনোবাই যদি দেখে? দেখিলে অৱশ্যে সমস্যা

: চিত্ৰলেখা, কেনে আছা?

: ভালেই আছোঁ কোনে গান গাইছে?

: মোৰ ডাঙৰজনী ছোৱালীয়ে

: কোন, ইৰা?

: অঁ তোমাৰ নামটো মনত আছে?

: কিয় নাথাকিব, আটাইকেইজনীৰে নাম মনত আছে – ইৰা, সোমা আৰু কল্পনা আপোনাক দেখি লাগিছে আপোনাৰ মনটো বৰ বেয়া কি হৈছে?

: একো হোৱা নাই অ মাজনী!

 শওকত চাহাবক শোকে খুন্দা মাৰি ধৰিলে দিনৰ পিছত দিন সদায়েই তেওঁৰ মন বেয়া থাকে কিন্তু কোনেও তেওঁক আজিলৈকে সোধা নাই তাৰ কাৰণ আইনাৰ ভিতৰৰ এই সৰু ছোৱালীজনীয়ে আজি তেওঁৰ মনৰ খবৰ লৈছে! তেওঁৰ দুচকুৰে চকুলো ওলোৱা উপক্ৰম হ প্ৰসঙ্গ সলাবলৈ কোনোমতে কলে –

: তুমি গান গাব জানানে?

: নাই, নাজানো

: আচ্ছা, তুমি যে ভোক লগা বুলি কৈছিলা কিবা খালানে?

 ছোৱালীজনীয়ে হাঁহি এটা মাৰি কলে –

: আপুনি কি যে কয়! খাম কেনেকৈ? ইয়াত খোৱাবস্তু আছে জানো?

: একো খোৱাবস্তু নাই?

: নাই, একো নাই এইখন এখন অদ্ভূত ঠাই মই অকলে থাকোঁ আৰু কথা পাতিবলৈকো কোনো নাই কেৱল আপোনাৰ সৈতে কথা পাতোঁ

শওকত চাহাবে লক্ষ্য কৰিলে ছোৱালীজনীয়ে আগৰদৰে হাত দুখন বুকুত থৈ ঠক-ঠককৈ কঁপিছে তেওঁ খুব মৰমেৰে সুধিলে – আইজনী অ, তোমাৰ খুব জাৰ লাগিছে, নহয়?”

: হয়, মোৰ বৰ জাৰ লাগিছে ইয়াত বৰ ঠাণ্ডা বতাহ দিলে আৰু ঠাণ্ডা হয় মোৰতো একো গৰম কাপোৰ নাই, মাত্ৰ এই কপাহী ফ্ৰকটো!

দুখত শওকত চাহাবৰ চকুৰ পানী ওলাওঁ ওলাওঁ হ মনোৱাৰাই বাৰাণ্ডালৈ আহি চিঞৰ এটা মাৰিলে – হেৰা!, আইনাখন হাতত লৈ এতিয়া কি কৰি আছা? একো কাম নাই যদি কল্পনাৰ পঢ়াখিনি চাই নিদিয়া কিয়? সকলোবোৰ বাপেকে লৰা-ছোৱালীৰ পঢ়া-শুনা চাই দিয়ে কেৱল তোমাকহে দেখিলোঁ অফিচৰ পৰা আহি গছৰ মূঢ়া এটাৰ দৰে বহি থকা বাপেকৰ দায়িত্ব অলপ পালন কৰিবলৈ শিকা! শওকত চাহাবে আইনাখন থৈ কল্পনাৰ পঢ়া চাই দিবলৈ উঠিল

      চাজেদুল কৰিমে অসাধ্য সাধন কৰিলে, শওকত চাহাবে অৱশেষত কম্পিউটাৰ শিকি গ

: কোৱা নাছিলোনে মই আপোনাক শিকাইহে এৰিম!

শওকত চাহাবে হাঁহি এটা মাৰিলে তেওঁৰ নিজৰে কথাটো বিশ্বাস হোৱা নাই! চাজেদুল কৰিমে কলে – আপোনাৰ আৰু একো সমস্যা নাই, মই এইখন কাগজত আপোনাৰ বাবে ষ্টেপ-বাই-ষ্টেপ সকলো লিখি দিছোঁ, কিবা সমস্যা হলেই চাব পাৰিব

: ধন্যবাদ, তুমি মোৰ বাবে বহুত কষ্ট কৰিলা

: মই জি,এম চাহবক কওঁগৈ আপুনি কম্পিউটাৰ শিকি গল বুলি আপোনাক মোৰ ঘৰৰ ঠিকনাটো দিলোঁ, কেতিয়াবা কিবা সমস্যা হলেই মোৰ তালৈ আহিব আৰু চাৰ, এটা কথা – কম্পিউটাৰক কেতিয়াও ভয় নকৰিব, ভয় কৰিবলগীয়া একো নাই কম্পিউটাৰ হল এটা সামান্য যন্ত্ৰ!

শওকত চাহাবৰ চকুৰ পৰা এইবাৰ সঁচাকৈ পানী ওলাল মনে মনে তেওঁ ঠিক কৰে অফিচৰ পৰা উভতাৰ পথত লৰাজনৰ বাবে কিবা এটা উপহাৰ কিনি নিব দামী উপহাৰ দিবলৈ ইমান পইচা নাই, এশ-দুশ টকাৰ ভিতৰতে হয়তো ফাউন্টেইন পেনৰ দৰে বস্তু এটা আৰু নাপালে সুন্দৰ গোলাপ কেইটামানকে দিব পাৰিব তেওঁৰ ড্ৰয়াৰৰ খামত ৫০০ টকা আছে

       শওকত চাহাবে ১৭৫ টকাৰে এটা ৱাটাৰমেন কলম কিনিলে আৰু তেনেকৈ বিশেষ একো নাভাবি চিত্ৰলেখাৰ বাবে এটা ছুৱেটাৰো ললে গৰমকালিৰ সময় বাবে ভাল ছুৱেটাৰ এটা ৩৪০ টকাতে পোৱা গ বগা উলৰ ওপৰত এটা নীলা ফুল অঁকা দোকানীয়ে কোৱা মতে চিন্থেথিক উলৰ যদিও বেছ উম আছে শওকত চাহাবে জানে ছুৱেটাৰটো কিনি তেওঁ খুব মূৰ্খামি কৰিছে কাৰণ চিত্ৰলেখাক সেই ছুৱেটাৰটো কেতিয়াও দিব নোৱাৰে চিত্ৰলেখা বুলি কোনো নাই, গোটেই ঘটনাটো তেওঁৰ অসুস্থ মনৰ কল্পনা সংসাৰৰ চাকনৈয়াত পৰি আৰু বিভ্ৰান্ত হৈ এই গোটেইবোৰ অবাস্তৱ কথা তেওঁ ভবা নাই জানো? তথাপি কিয় জানো তেওঁৰ ভাব হল ছোৱালীজনীয়ে তাইৰ বাবে বস্তু এটা কিনা দেখি আনন্দিত হ; বেছেৰীয়ে বৰ স্ফূৰ্তি পাব!

      চাজেদুল কৰিমক তেওঁ ঘৰত নাপালে, দুৱাৰত তলা মৰা আছিল দুৱাৰৰ ফাঁকেৰে কলমটো ঘৰৰ ভিতৰলৈ সোমাই দিলে একপ্ৰকাৰ ভালেই হল, চাজেদুলে গম নাপাব কোনে উপহাৰটো দিছে মানুহে অজানা কোনোবা ঠাইৰ পৰা উপহাৰ পাবলৈ সদায় ভাল পায় আনন্দ মনেৰে শওকত চাহাব ঘৰলৈ উভতিল আজি অমিতা কেইডোখৰ খাবলৈ তিতা নালাগিল, চাহকাপো ভাল হৈছে মনোৱাৰাক আৰু একাপ চাহ বনাবলৈ কৈ তেওঁ ড্ৰয়াৰত আইনাখন বিচাৰিলে কিন্তু আইনাখন পোৱা নগ ড্ৰয়াৰ, টেবুল, বাথৰূম, বাৰাণ্ডা কতো আইনাখন নাই তেওঁ পগলাৰ দৰে আইনাখন বিচাৰিবলৈ ধৰিলে ছোৱালীকেইজনীৰ কোনোবাই আইনাখন নিলে নেকি? সিহঁতৰ কোঠাত সোমাই টেবুলৰ কিতাপবোৰ লণ্ডভণ্ড কৰি আইনাখন বিচাৰিব ধৰিলে ইৰাই সুধিলে – দেউতা, তুমি কি বিচাৰিছা ?”

: আইনাখন বিচাৰিছোঁ মোৰ যে এখন সৰু হাত আইনা আছিল সেইখন

: সেইখন আৰু তুমি বিচাৰি নোপোৱা মায়ে তোমাৰ বাবে এখন নতুন আইনা আনিছে পুৰণাখন পেলাই দিছে

শওকত চাহাবে হতভম্ব হৈ কলে – এইবোৰ কি কৈছ?ত পেলালে?”

: পুৰণা আইনা, পেলাই দিছে তুমি কিয় এনেকুৱা কৰিছা দেউতা?

শওকত চাহাবে মুখেৰে বিৰবিৰকৈ কিবা কবলৈ ধৰিলে, কথাবোৰ অস্পষ্ট ইৰাই ভয়তে মাকক মাতি আনিলে মনোৱাৰাই আহি দেখে শওকত চাহাব খুব ঘামিছে কপালৰ পৰা টোপাটোপে ঘাম পৰিবলৈ ধৰিছে পত্নীক দেখি চিঞৰি সুধিলে – মনোৱাৰা আইনাখন কত পেলালা?”

      নিশা ১১:০০ বাজি গ শওকত চাহাবে বাটৰ দাঁতিৰ ময়লা পেলোৱা ডাষ্টৰিনটো পগলাৰ দৰে ঘুকটিব ধৰিছে গোটেই গাত লেতেৰা লাগিছে কিন্তু তেওঁৰ কাণসাৰ নাই দুই হাতেৰে মাথোঁ ময়লাবোৰ আজুৰি চাইছে অলপ দূৰৈত তেওঁৰ পত্নী আৰু তিনি কন্যাই তেওঁলৈ অবাক হৈ চাই আছে ডাঙৰজনী ছোৱালীয়ে কন্দনামুৱা হৈ কবলৈ ধৰিলে – তোমাৰ কি হৈছে দেউতা?”

শওকত চাহাবে ফুচফুচাই কলে – চিত্ৰলেখাক বিচাৰিছো অ, চিত্ৰলেখা

: চিত্ৰলেখা কোন?

: মই নাজানো কোন

শওকত চাহাবে চকুৰ পানীৰে বাট নেদেখা হৈছে তেওঁ কঁপা-কঁপা মাতেৰে মাতিবলৈ ধৰিলে – চিত্ৰা, আইজনী অ, তই কলৈ গলি?”

 

Post a Comment

0 Comments