হাইকুৰ অসমীয়া অনুবাদ
হাইকু
মূলঃ
মুৰ্জাফৰ গৰ্ফৰ (উৰ্দু)
ভাবানুবাদ:
ইন্দ্ৰনীল গায়ন
মৃদু তৰংগৰ মাজেৰে সাঁতুৰি থকা
দীঘল ৰাতিটো
এগছি মাটিৰ চাকি
※
জোনৰ ছাঁয়ে আকাশখন ছানি ধৰিছে
বতাহজাকে নিজলৈ বাট বুলিছে
এটা চৰাইয়ে উচুপি আছে
※
দুখৰ ৰাতিৰ মৌনতা
ঘড়ীটোৱে আন্ধাৰৰ পোচাকযোৰ পিন্ধি
দালি পৰুৱাটোলৈ বাট চাইছে
※
ক'লা মেঘবোৰ লাহে লাহে আঁতৰিছে
মোৰ বুকুত মৰা জোনৰ ছাঁ
※
এজাক বতাহ
এখন আকাশ
আৰু এয়া কি বৰ্ষা ঋতু?
※
নাওখনত
জোনৰ পোহৰ
পোহৰত উৰি থকা পখিলাবোৰ
※
যোৱা ৰাতি
তেওঁ পুনৰ আহিছিল
মই তেওঁৰ পৰা আঁতৰি আহিছিলো ৷
0 Comments