"Moonlight
Sonata" by
Yianni Ritsos
জোনাকৰ
সংগীত।
কবিঃ য়ান্নি
ৰিচ্চছ ।
অসমীয়া
অনুবাদঃ অৱনী বুঢ়াগোহাঁই
এটা বসন্তৰ সন্ধিয়া। পুৰণি ঘৰ এটাৰ আহলবহল কোঠা
এটা । ক'লা সাজ পৰিহিত এক নিৰ্দিষ্ট বয়সীয়া মহিলাই যুবক এজনৰে সৈতে কথা পাতি আছে।
তেওঁলোকে কোঠাত বিজুলীচাকি জ্বলোৱা নাই। দুয়োখন খিৰিকিৰে অবিৰাম গতিত অহা জোনৰ
পোহৰে পোহৰাই তুলিছে। মোৰ আগেয়ে কোৱা নহ'ল যে ক'লা সাজৰ মহিলাগৰাকীয়ে দুখন নে
তিনিখন কৌতূহল উদ্দীপক ধৰ্মীয় স্বাদৰ কবিতাৰ কিতাপ প্ৰকাশ কৰিছে।
সেই তাতেই, ক'লা সাজ পৰিহিতাই যুৱকজনৰ সতে কথা
পাতি আছে।
তোমাৰ সতে মোক আহিবলৈ দিয়া। আজি নিশাৰ জোনটো কি
যে সুন্দৰ!
জোন মোৰ প্ৰতি মৰমীয়াল-- সেয়ে মোৰ চুলিবোৰ শুভ্ৰ
বুলি নেদেখুৱায়। জোনটোৱে মোৰ চুলিবোৰ সোণোৱালী ৰঙলৈ ৰূপান্তৰ কৰিব। তুমি নুবুজিবা।
তুমি মোক লগত থাকিবলৈ দিয়া।
যি সময়ত জোন থাকে, ছাঁবোৰ ঘৰটোৰ ভিতৰত ডাঙৰ হৈ
গৈ থাকে,
অদৃশ্য হাতে পৰ্দাবোৰ আঁতৰায়,
এটা ভৌতিক আঙুলিয়ে পাহৰি যোৱা শব্দবোৰ লিখে---
ধূলিত,
পিয়ানোৰ ওপৰত -- যিটো মই শুনিবলৈ নিবিচাৰো।
চুপ।
তোমাৰ লগত মোক আহিব দিয়া,
অকনমান নামিবলৈ দিয়া, সৌ ইটাৰে গঁথা বেৰখনলৈকে,
সেই ঠাইলৈকে, য'ৰ পৰা আলিটোৱে ভাঁজ লৈছে
সমগ্ৰ কংক্ৰীটৰ চহৰখন, মুকলি বতাহ আৰু জোনৰ পোহৰে তাতে বগা ৰঙেৰে বুলাই দিছে,
ইমান উদাসীন, ইমান অবাস্তৱ
ইমান ইতিবাচক যেন দৰ্শনশাস্ত্ৰ
যে অৱশেষত বিশ্বাস কৰিব লাগিব তোমাৰ স্থায়িত্ব
আৰু তোমাৰ অস্থায়িত্ব
যে কেতিয়াও তুমি নাছিলা, যে বিধ্বংসী সময় কাহানিও নাছিলেই ।
তোমাৰ লগত মোক আহি থাকিবলৈ দিয়া।
পাহাৰৰ গালৈ বগাওঁতে অলপ সময় চাপৰ বেৰখনত বহিম
আমি দুয়ো,
যেতিয়া বসন্তৰ বতাহজাক আমাৰ চাৰিওফালে বলিবলৈ
ধৰিব
আমি আনকি ভাবি ল'ম যে আমি বতাহত উৰিছো,
কাৰণ প্ৰায়ে, আৰু এতিয়াতো কেৱল, মই পিন্ধা
সাজজোৰৰ শব্দ শুনো
যেন সেয়া শক্তিশালী পাখি দুখনৰ শব্দ, খোল খালে
আৰু জাপ খালে,
তুমি অনুভৱ কৰিবা এখন আঁটি বন্ধা জালি, তোমাৰ
ডিঙি, তোমাৰ কামিহাড়, তোমাৰ মঙহৰ ওপৰত,
আৰু যেতিয়াই তুমি নিজকে বেৰি ল'বা সেই উৰণ-শব্দৰ
মাজত
তুমি অনুভৱ কৰিবা আঁটি বন্ধা জালিখন, তোমাৰ
ডিঙিত, তোমাৰ পখীবোৰৰ মাজত, তোমাৰ মঙহত
আৰু এইদৰে, আকাশ নীলা বতাহৰ পেশীৰ মাজত,
সৰগৰ শক্তিশালী স্নায়ুৰ মাজত কোঁচ খায়,
তুমি যোৱা বা ঘূৰি অহাৰ ওপৰত কোনো সমন্ধ নাই
তুমি যোৱা বা ঘূৰি অহাৰ ওপৰত কোনো সমন্ধ নাই
এই কথাতো একোৰে সমন্ধ নাই যে মোৰ চুলিবোৰ শুভ্ৰ
হৈ পৰিল,
(সেয়া মোৰ বিষাদ নহয়--- মোৰ দুখ এটাই যে মোৰ
কলিজাখনো কিয় বগা হৈ নগ'ল)
তোমাৰ সতে মোক আহিবলৈ দিয়া।
মই জানো যে আমি প্ৰত্যেকেই অকলশৰীয়াকৈ প্ৰেমৰ
বাটকুৰি বাব লাগিব
বিশ্বাসত অকলে, মৃত্যুত অকলে অকলে।
জানো মই। কৰি চাইছো মই। ইয়াৰ বাহুৰে একো নাই।
তোমাৰ লগত মোক আহি থাকিবলৈ দিয়া।
এইটো এটা ভূতেপোৱা ঘৰ। ই মোক খাব বিচাৰে…
মই ইয়াকে কব খুজিছো যে ইয়াৰ বহুত বয়স হ'ল
গজালবোৰ লৰফৰ হ'বলৈ আৰম্ভ কৰিছে
বেৰৰ ছবিবোৰ খহি পৰে যেন সিহঁতে শূণ্যতাত ডুব
মাৰিছে।
চুৰুকীৰ প্ৰলেপ শব্দহীন ভাবে খহিছে
যিদৰে মৃত মানুহজনৰ টুপীটো হাঁকোটাৰ পৰা খহে
গৃহৰ আন্ধাৰ কৰিডৰত
যিদৰে উলৰ উঁৱলা হাতমোজাযোৰ নীৰৱতাৰ আঁঠুৰ পৰা
সৰি পৰে
অথবা জোনাক সৰি পৰে সেই পুৰণি, ভাগি পৰা আৰামী
চকীৰ ওপৰত।
এসময়ত এইখন একেবাৰে নতুন আছিল--- তুমি সন্দেহেৰে
একেৰাহে চাবলৈ ধৰা সেই ফটোখন নহয়,
মই কৈছো আৰামী চকীখনৰ কথা, বৰ আৰামদায়ক
তুমি ঘন্টাৰ পাচত ঘন্টাজুৰি চকুযোৰ মুদি,
সপোন দেখিব পাৰা মনলৈ যিয়েই নাহক ----
এখন বালিময় সমুদ্ৰতট, মিহি, কিছু ভিজা ভিজা;
জোনৰ পোহৰত উজলি উঠিছে মোৰ পুৰণি চিকমিকোৱা
চামৰাৰ জোতাযোৰৰ দৰে,
যিযোৰ প্ৰতিমাহে বজাৰৰ চুকটোৰ জোতা ৰং কৰা
দোকানলৈ পঠিয়াইছিলো,
অথবা মাছমৰীয়া নাওখনৰ পাল, যিখনে নিজৰ উশাহৰ
জোকাৰণিত গভীৰতাত ডুব মাৰে,
যেন এখন ৰুমালৰ দৰে তিনিকোনিয়া পালখন মাত্ৰ আধাকৈ ভাঁজ দি
কেঁৰেচিয়াকৈ ভাঙি ভাঁজ দিয়া
যিখনক বন্ধ কৰিবলৈ বা ধৰি থবলৈ একোৱেই নাছিল
বিদায় দিয়াৰ বাবে বতাহত ফৰফৰোৱাৰো কোনো কাৰণ
নাছিল।
ৰুমালৰ বাবে মোৰ অত্যন্ত আকৰ্ষণ আছিল, তাত একো
বস্তু বান্ধি ৰাখিবলৈ নহয়, কোনো ফুলৰ গুটি অথবা সন্ধিয়া ঘাঁহনিত সৰি পৰা ফুল
বন্ধাৰ বাবেও নহয়।
নাইবা চাৰিও মূৰত চাৰিটা গাঁঠি দি কাৰখানাৰ
আলিটোৰ সিপাৰৰ নিৰ্মাণস্থলিত শ্ৰমিকবোৰে টুপী পিন্ধাৰ দৰে দৰে,
নাইবা চকুৰ সেমেক টুকিবলৈ ---- চকুজুৰিক মই
যত্নেৰে ৰাখিছো;
কোনোদিনেই মই চশমা ব্যৱহাৰ কৰা নাই,
হানিৰহিত পগলামি, এই ৰুমালবোৰ !
আজিকালি মই সিহঁতক চাৰিভাঁজ কৰো, আঁঠভাঁজ কৰো,
ষোল্লভাঁজ কৰো যাতে মোৰ
আঙুলিবোৰ ব্যস্ত হৈ থাকে।
আৰু এতিয়া মই মনত পেলাওঁ যে
এনেকৈয়ে মই সংগীতৰ হিচাব ৰাখিছিলো
অডিঅনলৈ যাওঁতে,
বগা ৰঙৰ কলাৰ লগোৱা পিনাফ'ৰটোত দুটা সোনালী
পাতলি লগোৱা আছিল
৮--১৬--৩২-- ৬৪……
হাতত হাত ধৰি অকনমানি বান্ধৱীৰ লগত,
পীচ্ছফলেৰে ভৰা, পোহৰ আছিল, ফুল বুটলিছিলো,
(পথবিচ্যুতি ক্ষমা কৰিবা, জানো মোৰ এয়া বেয়া
স্বভাৱ) ---৩২-৬৪--- আৰু ঘৰৰ সকলোৱে মোৰ সংগীতৰ ক্ষমতাৰ ওপৰত গভীৰ আস্থা ৰাখিছিল।
কিন্তু কি কৈছিলো……অ' আৰামী চকীখনৰ কথা--- ভাগি ছিগি যোৱা--- যিখনৰ মামৰে খোৱা স্প্ৰিংবোৰৰ পৰা তুলাবোৰ এৰাই পৰা দেখা গৈছিল
মই এবাৰ ভাবিছিলো এইখনক ওচৰৰ ফাৰ্নিচাৰৰ দোকানলৈ
পঠাই দিয়াৰ কথা,
কিন্তু সময় ক'ত, পইচা ক'ত, আৰু আগ্ৰহ ক'ত, কোনটো
কাম আগে ঠিক কৰো ?
এবাৰ ভাবিছিলো চাদৰ এখন দলিয়াই ঢাকি থওঁ,
ভয় লাগিল বগা চাদৰখনৰ ওপৰত জোনাক আহি জানোচা
ঢাকি ধৰে !
এইখনত মানুহবোৰ বহিছিল
যিবোৰে বিভিন্ন জোখৰ সপোন ৰচিছিল, যিদৰে তুমিও
ৰচা, মইও ৰচো।
এতিয়া তেওঁলোক মাটিৰ তলত বিশ্ৰাম লৈছে
বৰষুণ আৰু জোন, কোনেও আমনি কৰিব নোৱাৰাকৈ।
তোমাৰ লগত মোক আহি থাকিবলৈ দিয়া।
আমি অলপ ৰ'ম চেইন্ট নিকোলাচৰ ওপৰৰ মাৰ্বলৰ
খটখটীবোৰৰ ওচৰত,
আৰু পাছত তুমি নামি যাবা আৰু মই উভটিম,
মোৰ বাওঁফালে লাগি থাকিব তোমাৰ জেকেটৰ উম---
তোমাৰ বাহুৰ, লাগো নালাগোকৈ লগা পৰশ, আৰু কাষৰৰ
ঘৰবোৰৰ খিৰিকিৰ কিছুমান পোহৰৰ বৰ্গক্ষেত্ৰও
আৰু জোনটোৰ পৰা অহা এই বগা নিৰ্ভেজাল কুঁৱলিবোৰ,
যেন ৰূপালী ৰাজহাঁহৰ এক বিশাল শোভাযাত্ৰা----
মই কিন্তু ভীত নহয় এই উদ্ভাসত, কাৰণ অন্য এসময়ত,
অনেক বসন্তৰ আবেলিবোৰত ঈশ্বৰৰ সতে কথা পাতিছো যি মোক দেখা দিছিল,
এনেকুৱা জোনাকৰ কুঁৱলি আৰু মহিমাৰ আচ্ছাদনেৰে
আৰু বহু যুৱক, যি তোমাতকৈও সুন্দৰ আছিল
মই সিহঁতক তেওঁৰ ওচৰত উছৰ্গা কৰিলো---
মই গলি গৈছিলো, ইমান শুভ্ৰ, ওচৰ চাপিব নোৱাৰা,
বগা শিখাৰ মাজত, জোনাকৰ শুভ্ৰতাৰ মাজত,
জ্বলি গৈছিলো পুৰুষবোৰৰ শব্দ-স্ফূলিঙ্গ ভৰা
দৃষ্টিত,
যুবকবোৰৰ অস্থায়ী পৰমানন্দৰ উচ্ছাস আছিল,
ব্ৰঞ্জৰ অত্যুতকৃষ্ট দেহাবোৰে ঘেৰি পেলাইছিল,
চুইমিং পুলৰ কাষৰ ব্যায়ামত শক্তি বিচ্ছুৰিত অংগ
প্ৰত্যংগবোৰ,
ব'ঠা কোবাই থকা, দৌৰি থকা, ফুটবল খেলি থকা( যদিও
নেদেখা ভাও জুৰিছিলো)
কপালখন, ওঁঠ আৰু ডিঙি, আঁঠু, আঙুলিবোৰ আৰু
চকুযোৰ,
বুকুবোৰ, বাহুবোৰ আৰু কিবাকিবি( যিবোৰ সঁচাই মই
দেখা নাছিলো)
-- জানানে, কেতিয়াবা কেতিয়াবা তুমি যেতিয়া মোহিত
হৈ যোৱা, তুমি পাহৰি যোৱা কিহে তোমাক মোহাবিষ্ট কৰিলে, কেৱল মোহটোৱেই যেন
যথেষ্ট----
হে মোৰ ঈশ্বৰ, কিযে তৰা জিলিকা চকু, মোক --
প্ৰতিবন্ধী নক্ষত্ৰক দেৱত্ব আৰোপিত কৰি তুলি লৈ গৈছিল,
এই বাবেই যে, বাহিৰে ভিতৰে ঘেৰি পেলোৱা হৈছিল,
আন একো পথ বাচি থকা নাছিল মোৰ, কেৱল ওপৰৰ অথবা তলৰ ৰাষ্টা লোৱাৰ বাহিৰে।--- নহয়,
এয়াই যথেষ্ট নহয়।
মোক তোমাৰ সতে আহিবলৈ দিয়া।
.
মই গম পাইছো, বহু পলম হৈছে। কৈছো,
কাৰণ বহু বছৰ জুৰি -- দিন জুৰি, ৰাতিটো আৰু
কমলাৰঙী দুপৰীয়াবোৰ জুৰি --- মই অকলে অকলে আছো।
দৃঢ়মনা, অকলশৰীয়া, নিষ্কলুষ ।
আনকি মোৰ ফুলশয্যাৰ ৰাতিও শুচি আৰু অকলশৰীয়া,
ঈশ্বৰৰ চৰণতলত দিবৰ মানসেৰে মহিমামন্বিত স্তৱক লিখিছিলো,
বিশ্বাস কৰা, এনেবোৰ দাগবিহীন শ্লোক, মাৰ্বলৰ ওপৰত খোদিত কৰা যে যুগমীয়া হৈ
থাকিব মোৰ জীৱন পাৰ হৈ, তোমাৰ জীৱনো পাৰ হৈ বহু আগলৈ যাব
সেয়া যথেষ্ট নহয়।
মোক তোমাৰ লগে লগে আহিবলৈ দিয়া।
ঘৰটোৱে মোক আৰু সহ্য কৰিব নোৱাৰা হৈ আহিছে।
ময়ো তাক পিঠিত বান্ধি লোৱা কামটো অসহ্যকৰ।
তুমি সদায় সন্ত্ৰষ্ট হৈ থাকিব লাগিব, সাৱধান হৈ,
বিশাল আহাৰ কক্ষৰ বেৰখন ধৰি ৰাখিবলৈ
মেজবোৰৰে সৈতে যিমান চকী সকলো ধৰি ৰাখিবলৈ
চকীবোৰে হাতেৰে চেষ্টা কৰি ধৰি ৰাখিবলৈ
ওলমি থকা
হাউলি পৰা মুধচৰ তলত তুমি কান্ধ পাতি ধৰি
ৰাখিবলৈ।
আৰু পিয়ানোটো, ক'লা কফিন বাকচৰ দৰে।
তুমি সেইটো খুলিবলৈ সাহস গোটাব নোৱাৰিবা।
তুমি সদায় সাবধান হৈ থাকিব লাগিব, সাৱধান, যদিহে
মাটিলৈ পৰি যায়, তুমিও পৰি যাবা।
মই এইটো সহ্য কৰিব নোৱাৰো।
মোক তোমাৰ সতে আহি থাকিবলৈ দিয়া।
এই ঘৰটোৱে, সকলো মৰাৰ পাছতো, মৰিবলৈ নেদেখে।
ই লাগি থাকে মৰাবোৰৰ সতে জীয়াই থাকিবলৈ
মৃতবোৰ ভ্ৰুক্ষেপ নকৰি জী থাকিবলৈ লাগে
মৃত্যুৰ নিশ্চয়তাক উলাই কৰি জী থাকিবলৈ
মৃত মানুহৰ ঘৰ বুলি কৈ ৰখি থাকিবলৈ লাগে,
ভগ্নপ্ৰায় বিচনাবোৰ আৰু আলমাৰীবোৰ।
মোক তোমাৰ লগে লগে আহিবলৈ দিয়া।
ইয়াত, তথাপিও নিঃশব্দে ভাবে খোজ কাঢ়ো সন্ধিয়াৰ
কুঁৱলিৰ মাজে মাজে,
চেণ্ডেল পিন্ধি বা খালি ভৰিৰে
এনেকুৱাতে শব্দ হ'ব: খিৰিকিৰ কাঁচ এখন অথবা এখন
আয়না ভগাৰ
কিছুমান পদশব্দ শুনা যাব---- সেয়া মোৰ নহয়।
বাহিৰৰ ৰাষ্টাত হয়তো এনে খোজৰ শব্দ শুনা নাযায়
----
মানুহে কয়, অনুশোচনাই হেনো কাঠৰ জোতা পিন্ধে---
আৰু তুমি যদিহে চোৱা এইখন বা অন্য এখন আইনাত
ধূলিৰ চামনি বা ফাটৰ তললৈ,
তুমি উপলব্ধি কৰিবা কিমান অন্ধকাৰ আৰু খণ্ডিত
বিখণ্ডিত--- তোমাৰ মুখ,
তোমাৰ সেইখন মুখ, যিখন ওৰেটো জীৱন জুৰি তুমি
মাথো ইয়াক পৰিষ্কাৰ আৰু সম্পূৰ্ণকৈ বিচাৰিছিলা।
পিয়লাটোৰ ওঁঠটো জোনৰ পোহৰত চিকমিকাই থাকে
এখন ধেনুভিৰিয়া খুৰৰ দৰে--- তাক মই কেনেকৈ মোৰ
ওঁঠটোলৈ চপাই আনো ?
যিমানেই মই পিপাসাৰ্ত নহওঁ, কেনেকৈ আনো---
দেখিছানে ?
মোৰ মনৰ অৱস্থা যেন ৰূপক বা উপমা বিচৰাৰ--- এয়াই
যেন মোৰ বাবে বাকী ৰ'ল, মই নিজকে আশ্বস্ত কৰিবলগা হৈছে যে মোৰ বৈদগ্ধ্যই এৰা দিয়া
নাই।
মোক তোমাৰ লগে লগে আহিবলৈ দিয়া।
কেতিয়াবা, বিশেষকৈ যেতিয়া সন্ধিয়া নামে,
মোৰ অনুভৱ হয় খিৰিকিৰ সিপাৰেদি বাহিৰত ভালুক
নচুওৱা মানুহটোৱে তাৰ শকত আৱট মাইকী ভালুকজনীৰ সতে গৈ আছে,
তাইৰ নোমবোৰৰ মাজভাগ পোৰা দাগ আৰু কাঁইটেৰে ভৰা
চুবুৰীয়াৰ ওচৰৰ ৰাষ্টাটোৰ ওপৰত ধূলি জোকাৰি পেলাইছে,
এচমকা নিঃসঙ্গ ধূলিৰে ভৰা ডাৱৰে ভবাই তুলিছে
সন্ধ্যাৰ বিষয়ে,
ল'ৰাছোৱালীহঁত ইতিমধ্যে গুছি গ'ল ঘৰলৈ নিশাৰ
আহাৰৰ বাবে,
সিহঁতৰ পুনৰ বাহিৰলৈ ওলোৱাৰ অনুমতি নাই
তথাপিও বেৰৰ সিপাৰে সিহঁতে গম পায় বুঢ়া ভালুকৰ
অহাযোৱাৰ শব্দ
আৰু ভাগৰি পৰা ভালুকজনীয়ে একাকীত্বত জানি নুঠে
ক'ৰপৰা বা কিয়----
তাই গধুৰ হৈ পৰিছে, এতিয়া পাছ ভৰিৰ ওপৰত থিয় দি
নাচ দেখুৱাব নোৱাৰে,
ল'ৰাছোৱালী, কাম-বন নথকা, আঁকোৰগোজ, এনে
মানুহবোৰক সুখী কৰিবৰ বাবে তাই এতিয়া আৰু মূৰত ফিটা, টুপী পিন্ধিব নোৱাৰে,
তাই বিচাৰে মাটিত পৰি থাকিবলৈ, যাতে সিহঁতে
আহি তাইৰ পেটটোত গছকিব, এনেকৈয়ে তাই শেষ খেলটো
দেখুৱাব,
তাইৰ ভয়াবহ শক্তিৰ শেষ সমৰ্পণৰ খেল দেখুৱাই।
অন্যৰ ভালৰ প্ৰতি তাইৰ উদাসিনতা, ওঁঠৰ মাজেদি
তাইক পিন্ধোৱা ৰিংযোৰ, তাইৰ দাঁতৰ অসুবিধা,
তাইৰ নিৰ্যাতন আৰু জীৱনৰ প্ৰতি উদাসিনতা,
মৃত্যুৰ নিশ্চিত জটিলতা, আনকি এটা ধীৰ গতিৰ মৃত্যুৰ ----
জীৱনৰ নিৰন্তৰতা, সজ্ঞান মৃত্যুৰ বাবে তাইৰ শেষ
উদাসিনতা
তাইৰ বন্দীত্বৰ সিপাৰে তাইৰ জ্ঞান আৰু কৰ্মক
অতিক্ৰমি যায়।
কিন্তু এই খেলখন শেষলৈকে কোনে খেলিব পাৰে ?
ভালুকজনী পুনৰ থিয় হ'ল আৰু গৈ থাকিল আনুগত্য ৰাখি,
তাইৰ ডিঙিৰ শিকলিডালৰ প্ৰতি, পিন্ধি থকা লোৰ
ৰিংডালৰ প্ৰতি, ফাটি যোৱা ওঁঠেৰে হাঁহি হাঁহি, খচুৰা পইচাবিলাক জোকাৰি থকা মৰমলগা
আৰু সন্দেহ নকৰা শিশুবোৰলৈ ( মৰমলগাৰ অৰ্থই হ'ল সন্দেহ নকৰা) আৰু কৈ থাকিল ধন্যবাদ
বুলি। কাৰণ বুঢ়া হোৱা ভালুকে কেৱল এটা কথাই কব জানে: ধন্যবাদ; ধন্যবাদ।
মোক তোমাৰ লগে লগে আহিবলৈ দিয়া।
এই ঘৰটোৱে মোৰ টেঁটু চেপি ধৰে। বিশেষকৈ
পাকঘৰটোৱে,
যেন সাগৰতলিৰ গভীৰত্ব। ওলমি থকা কফী পটবোৰে
জিলিকনি তোলে, গোল, প্ৰকাণ্ড চকুৰ অসম্ভৱ লগা মাছৰ দৰে। প্লেটবোৰ ধীৰ গতিৰে
তৰঙ্গায়িত হয় মেডুচাৰ দৰে, সাগৰীয় লতাপাত আৰু শংখবোৰে মোৰ চুলিত পাকখাই ধৰে,----
পাছলৈ সিহঁতক এৰুৱাই পেলাব পাৰো ------ কিন্তু
ওপৰলৈ উঠি আহিব নোৱাৰো ----
শব্দহীন ভাবে ট্ৰেখন মোৰ হাত এৰাই পৰি যায়, মই
ডুবি যাওঁ
আৰু দেখিবলৈ পাওঁ ঢৌৰ বুৰবুৰণিবিলাক মোৰ
নিশ্বাসত ওপৰলৈ উঠি গৈছে
মই চেষ্টা কৰো সেইবোৰৰ পৰা দৃষ্টি আঁতৰাবলৈ
আৰু আচৰিত হওঁ ওপৰত থকা কোনোবাই যেন কৈছে
বুৰবুৰণিবোৰ দেখিছিল বুলি,
সম্ভৱতঃ সেই কোনোবাজন হয় ডুবি যোৱা লোক অথবা
পানীৰ গভীৰতাত কিবা বিচাৰি ফুৰা ডুবাৰু ?
আৰু আচলতে, মই কেইবাবাৰো ডুবি যাব পৰা তলিখনত,
আৱিষ্কাৰ কৰিছিলো প্ৰবাল, মুক্তা আৰু জাহাজৰ ভগ্নস্তুপৰ মাজত অৰ্থভাণ্ডাৰ,
অপ্ৰত্যাশিত সংগ্ৰাম, অতীত, বৰ্তমানৰ আৰু
আহিবলগা সময়ৰ
প্ৰায় অনন্তকালৰ বাবে নিশ্চিতি
এক নিশ্চিত অৱকাশ, অমৰত্ব পোৱা বাবে এক
নিৰ্দিষ্ট হাঁহি, মানুহবোৰে ক'বৰ দৰে,
এক সুখানুভূতি, এক নিচাগ্ৰস্ততা, আনকি
অনুপ্ৰেৰণাও,
প্ৰবাল…… মুকুতা……নীলকান্তমণি
কেৱল নেজানো মই, কিভাবে তেওঁলোকক দিব লাগে,
নহয় মই তেওঁলোকক দিমেই;
মাত্ৰ মোৰ জ্ঞাত নহয় তেওঁলোকে নিব পাৰিব নে
নোৱাৰে
তথাপিও মই দিম।
মোক তোমাৰ লগে লগে আহিবলৈ দিয়া।
এক মিনিট ৰ'বা, চুৱেটাৰটো পিন্ধি লওঁ।
বতৰটোৱে যি ধৰণেৰে ৰূপ সলাই থাকে, মই সাৱধান হবই
লাগিব।
সন্ধিয়াটো জেকা, সঁচাকৈ কোৱা, তোমাৰ এনে
নালাগেনে বাৰু, এই জোনটোৱে চেঁচাক গাঢ় কৰি তুলিছে ?
আহাঁ মই তোমাৰ শ্বাৰ্টৰ বুটামকেইটা লগাই দিওঁ…
--তোমাৰ বুকুখন কিমান কঠিন --- আৰামী চকীখন,
মানে মই কৈছো--- আৰু মই যেতিয়াই টেবুলৰ পৰা কাপটো তুলি লওঁ
তলিখনত নিৰৱতাৰ এটা ছিদ্ৰ দেখো। লগে লগে মই হাতৰ
তলুৱাৰে তৎক্ষণাত ঢাকি ধৰো সেইটো,
যাতে সেই ফুটাটোৰে কোনেও চাব নোৱাৰে--- আৰু তাক
নিজৰ ঠাইত থৈ দিওঁ;
আৰু জোনৰ ফুটাটো পৃথিৱীৰ লাওখোলাৰ মাজেদি--- তাৰ
মাজেদি নাচাবা,
এইটো এটা চুম্বকীয় শক্তি যি তোমাক কাষলৈ মাতে
কেতিয়াও নাচাবা, তোমালোকৰ কোনেও নাচাবা,
মই যি কৈছো শুনা, তুমি সোমাই যাবা,
এই মূৰ ঘূৰণি,
ভাললগা, আকাশচাৰী,---- তুমি সোমাই পৰিবা---
জোনৰ মাৰ্বলৰ নাদটোত
ছাঁবোৰে লৰচৰ কৰি থাকে, পাখি নিস্তব্ধ হয়
ৰহস্যজনক শব্দ আহে ----- শুনিছা নেকি ?
গভীৰতৰ পৰা গভীৰতৰ সেই পতন
গভীৰতৰ পৰা গভীৰতৰ সেই উত্থান
বতাহৰ মূৰ্তিটো তাৰ খোলা ডেউকাত মগ্ন
গভীৰ, গভীৰ নিৰবতাৰ অনমনীয় উদাৰতা
ইটো পাৰত কঁপি কঁপি থকা আলোকসজ্জা
যাতে তুমি নিজৰ ঢৌৰ মাজত আন্দোলিত হৈ থাকা
সাগৰৰ উশাহৰ শব্দ। সুন্দৰ আৰু অপাৰ্থিব।
এই মূৰ ঘূৰণি, সাৱধান, পৰি যাব পাৰা।
মোৰ ফালে নেচাবা,
মোৰ বাবে ঠাইখনেই আন্দোলিত
এই দুৰ্দান্ত মূৰ ঘূৰণি। আৰু সেয়ে প্ৰতিটো
সন্ধ্যা
মোৰ মূৰ কামোৰণি, বাৰে বাৰে অহা ঘূৰ্ণায়মান
অৱস্থা।
প্ৰায়েই মই ৰাষ্টাৰ সিপাৰৰ দৰৱৰ দোকান ঘূৰো
কেইটামান এচপিৰিনৰ বাবে
কিন্তু কোনো সময়ত বৰ ভাগৰুৱা হৈ পৰো আৰু ইয়াতে থাকো মূৰ বিষৰ লগত সহবাস কৰি
শুনি থাকো পাইপৰ ফোপোলা শব্দ বেৰখনত কৰি থকা
অথবা একাপ কফী খাওঁ আৰু আত্মবিস্মৃত হৈ ৰওঁ
সদায়ে হোৱাৰ দৰে
মই পাহৰি দুকাপ সজাওঁ ----- কাৰ বাবে বাকী কাপটো
?
হাঁহি উঠা; খিৰিকিৰ কাষত থৈ দিওঁ ঠাণ্ডা হবলৈ
কেতিয়াবা দুয়োকাপ খাওঁ: খিৰিকিৰে বাহিৰলৈ চাওঁ,
ফাৰ্মেচিৰ সেউজীয়া গোলকটো চাবলৈ;
সেয়া যেন সেউজীয়া পোহৰ মোক লৈ যাবলৈ অহা এখন
নিৰৱ ৰে'লৰ,
মোৰ ৰুমালবোৰৰ সতে, উঁৱলি যোৱা জোতাযোৰৰ সতে,
ক'লা মাণিবেগটোৰ, মোৰ স্তবকবোৰৰ সতে----
চুটকেচ কিন্তু নাই; কিনো কৰিব এজনে এইটোৰ সতে ?
মোক তোমাৰ লগে লগে আহিবলৈ দিয়া।
অ', তুমি যাব বিচাৰিছা ? শুভৰাত্ৰি। নাই, মই
ঘূৰি নেযাওঁ। শুভৰাত্ৰি।
মই অকলে অলপদূৰ যাম। ধন্যবাদ তোমাক।
কাৰণ, অৱশেষত মই এই ভগ্নপ্ৰায় ঘৰটোৰ পৰা ওলাই
যাবই লাগিব।
অলপ চহৰখনৰো কিছু অংশ চাবই লাগিব --- নহয় নহয়,
জোনটো নহয়
এখন মহানগৰৰ অনুভূতিহীন হাতবোৰ, দৈনন্দিন কাম
চলি থকা নগৰ
এখন মহানগৰ ৰুটীৰ সন্ধানত, মুষ্টিৰে তুষ্টিৰ
সন্ধানত
আমাক সকলোকে পিঠিত বোকোচা বান্ধি লৈ সহি গৈ থকা
এখন নগৰ, আমাৰ তুচ্চতা, পাপ, আৰু ঘৃণাবোৰ,
আমাৰ উচ্চাকাঙ্খ্যা, অজ্ঞতা, আৰু আমাৰ ভীমৰতি,
মোৰ প্ৰয়োজন বিৰাট পদশব্দ শুনাৰ এই নগৰৰ,
এতিয়া আৰু প্ৰয়োজন শেষ তোমাৰ আৰু ঈশ্বৰৰ আনকি
মোৰো। শুভৰাত্ৰি।
কোঠাটো আন্ধাৰ হৈ আহিছে। এনে দেখা গৈছে যেন
এটুকুৰা ডাৱৰে আহি জোনটো লুকুৱাই পেলালেহি।
হঠাতে, যেন কোনোবাই ওচৰৰ বাৰখনৰ ৰেডিঅ'টোৰ শব্দ
প্ৰাবল্য বঢ়াই দিলে, এটা জনাশুনা যন্ত্ৰসংগীতৰ একাংশ শুনা গ'ল। মই ধৰিব পাৰিলো,
এইটো " জোনাকৰ সংগীত"ৰ আৰম্ভনিৰ অংশ খুব কোমলকৈ বাজিছে সমগ্ৰ পৰিবেশৰ
লগত। যুবকজন পাহাৰটোৰ ওচৰলৈ এতিয়া যাবগৈ মুখত এক বিদ্ৰুপাত্মক আৰু কিছু সহমৰ্মিতা
লৈ তেওঁৰ কুন্দত কটা সুন্দৰ ওঁঠদুটাৰ ওপৰত এক মুক্তিৰ সোৱাদেৰে। চেইন্ট নিকোলাচ
আৰোহন কৰি মাৰ্বলৰ খটখটিলৈ যোৱাৰ আগতেই, তেওঁৰ হাঁহিৰ শব্দ হ'ব---- এক সশব্দ
অপ্ৰতিৰোধ্য হাঁহি। তেওঁৰ হাঁহি সম্পূৰ্ণ শব্দহীন হ'ব ভাবি পাৰ নোপোৱা জোনৰ তলৰ হাঁহি। সম্ভবতঃ, কেৱল ভাবি নোপোৱা কথাটোৱেই হব, কোনো
বস্তুৱেই ভাবি পাৰ নোপোৱা নহয়। যুবকজন সোনকালেই নিজম পৰিব, গম্ভীৰ হৈ কব: "
এটা যুগ খহি পৰিল।" তেনেদৰে সম্পূৰ্ণ শান্তভাবেৰে আকৌ এবাৰ শ্বাৰ্টৰ বুটামবোৰ
খুলিব আৰু নিজৰ ৰাষ্টাৰে ঘূৰি যাব। ক'লা সাজ পিন্ধা মানুহজনীৰ বিষয়ত, মই নেজানো
তাই অৱশেষত ঘৰৰ পৰা একেবাৰে বাহিৰলৈ ওলাই গ'ল নে নাই। জোনে আকৌ পোহৰাবলৈ আৰম্ভ
কৰিলে। কোঠাবোৰৰ চুক কোণত ছাঁবোৰ আহি আকৌ ভিৰ কৰিলেহি এক অসহ্যকৰ বেদনাৰে, প্ৰায়
ৰোষতেই বুলিব পাৰি, জীৱিতৰ বাবে নহয়, অদৰ্কাৰী স্বীকাৰোক্তিৰ বাবেহে।
শুনিছানে ? ৰেডিঅ'টো বাজি আছেঃ
এথেন্স, জুন ১৯৫৬।
0 Comments