নিযুতপতি মডেল (The Model Millionaire)
মূল : অস্কাৰ ৱাইল্ড (Oscar Wilde)
অনুবাদ : বিপুল বৰুৱা
সম্পদশালী নহ’লে কাৰ্তিকৰ দৰে চেহেৰাও
নেছেল ! প্ৰেম পিৰিতিত ধনীৰ যি আয়াস তাত নিবনুৱাৰ কোনো সকামেই নাই ৷ দুখীয়া ৰাইজ উচিত
কথা হ’ব- আপোনালোকে খোৱা জীয়াৰ কামত ৰত থাকক আৰু ৰসময় কাব্য এৰি নিৰস গদ্যতে একামোৰ
মাৰক ৷ আয় চিৰপ্ৰবহমান হোৱা মঙ্গল অন্ততঃ ছেগাচোৰোকা বিজুলীৰ চমকনি হোৱাতকৈ ৷ আধুনিক
জীৱনত এয়াই বেদ বাইবেলৰ বাণী ; কিন্তু এই হিউগি আৰ্স্কাইনক এই তত্ত্ব এতিয়া কোনে কেনেকৈ
বুজায় ? বেচেৰা হিউগি ! বৌদ্ধিক আঁওতাত সিনো কোন কূটা? জীৱদ্দশাত তাৰ মেধাদৰ্শী
বচন নাই বা কোনো নীচক কথাও কাকো কোৱা নাই ৷ কিন্তু ঘাই কথাষাৰ হ’লগৈ সি একেবাৰে
কুণ্ডত কটা চেহেৰাৰ , সুঠাম গা-গাৰিৰ মানুহ ৷ ঈষৎ মুগাবৰণীয়া চুলি ল-নি মানুহটোৰ চকু
কেইটা ধৱল বৰণৰ ৷ সৰবৰহী মানুহটোক নাৰীৰতো
কথাই নাই পুৰুষেও ঘূৰি ঘূৰি চায় ৷ মানুহটোৰ লগত সকলো সাধনেই উপস্থিত ৷ পিচে
কিডাল হ’ব ? মানুহটোৱে টকাসিকা ঘটিবলৈ নিশিকিলেই ৷ তাক দেউতাকে সঁপি যোৱা সম্পত্তিৰ
লেখত তেওঁৰ সেই অশ্বাৰোহী সেনা হোৱাৰ বাবদ আহৰিত এখন তৰুৱাল আৰু সেই উপদ্বীপীয় যুদ্ধৰ
পোন্ধৰটা তাঙৰণৰ এখন বুৰঞ্জী ৷ হিউগিয়ে প্ৰথমটি বাপতিসাহোন ওলোমাই থ’লে সদায় নিজকে
চোৱা আইনাখনৰ ঠিক ওপৰত আৰু দ্বিতীয় পদ সম্পদক
থাপিলে কিতাপ থোৱা খলপাত ৰাফ চাহাবৰ হাতপুথি আৰু বেইলিৰ আলোচনীৰ দ’মটোৰ মাজত ৷ আৰু বছৰ একোটাৰ প্ৰায় দুশটা দিনেই দয়াৱতী বুঢ়ী খুড়ীয়েক এজনীৰ মূৰতে কঁঠালটো
ভাঙি সেই ঘৰটোত থাকে ৷ সি পিচে একো চেষ্টাকে বাদ পৰিবলৈ দিয়া নাই ৷ ছমাহ দিন স্তক এক্সেঞ্জত
মাথা মাৰিল পিছে সেই বলধ আৰু ভালুকৰ মাজত মানে বুল আৰু বিয়েৰৰ মাজত পখিলাৰ কি মেল?
অলপ দিন বেছ দীঘলীয়াকৈয়ে সি চাহপাতৰ ব্যৱসায়ত লাগিল ৷ পিচে সেই পিকা আৰু চৌচাং ব্ৰাণ্ডৰ চাহপাতৰ নাম দুটা শুনি শুনি কিবা অমুৱালে তাৰ ৷
তাৰ পাচত লাগিল শুকান ছেৰী বেচিবলৈ ৷ পিচে ব্যৱসায়ে লাগ নিদিল ৷ ছেৰীবোৰ বোলে লগাতকৈ
অকণমান বেছিকৈ শুকাল ৷ অৱশেষত অনুসিদ্ধান্ত এইয়ে হ’ল যে সি আৰু সফল তেখেত হৈ নুঠিল ৷ হৈ উঠিল এজন ৰঙীয়াল এলাইবাদু যুৱক
৷ প্ৰ’ফাইল 'বিলকুল পাৰফেক্ট ' পিছে 'প্ৰফেছন শূন্য!
কথাকাণ্ডক আৰু ৰসাতলে নিবলৈকে বপুৰা পৰিল প্ৰেমত
৷ ছোৱালীটিৰ নাম লৌৰা মাৰ্টন , এজন অৱসৰপ্ৰাপ্ত কৰ্ণেলৰ জীয়াৰী ৷ কৰ্ণেল চাহাবে আকৌ
ভাৰতলৈ গৈ তেওঁৰ মেজাজটোতো বেয়া কৰি আহিলেই লগতে পেটতোও খালৈপেটীয়া কৰি আনিল ৷ তেওঁৰ
মেজাজ আৰু পাকস্থলী দুয়োটাই পুৰণা স্বৰূপ আৰু ঘূৰাই নাপালে ! লৌৰাই হিউগিক বৰ আদৰ কৰিছিল
৷ আৰু আমাৰ প্ৰেমিক বাপুই আকৌ তাইৰ জোতাৰ লেচ ডালো চুমা খাবলৈ সাজু ৷ লণ্ডনত এই পাভযোৰা
সবাতোকৈ মনোমোহা বুলি খ্যাতি আৰ্জিলে ৷ আৰু সিহঁত দুটাৰ মাজত ব্যৱধান বুলিবলৈ একোৱেই
নোহোৱা হৈ আহিল ৷ কোনোবাই বোলে পাতি পইচা এটাকে দুয়োটাৰ মাজত ৰাখোঁ; নাই সন্ধি নাই ! কৰ্ণেলৰো প্ৰিয়পাত্ৰ হিউগিয়ে কিন্তু সেইবুলি সেই কোনো খোজাবঢ়া বিবাহ বন্দোৱস্ত
আদিৰ নামকে শুনিব নোখোজে ৷
“ মোৰ কাষ চাপিবিহি মোৰ পুতাই যেতিয়া তই নিজে দহ
হাজাৰ পাউণ্ড আৰ্জন কৰিব পাৰ ৷ তেতিয়া আমি এই বিষয়ে কথা হ’ম ” - তেওঁ এনেকৈয়ে কৈছিল
৷ হিউগিক বৰ উদাস দেখা গৈছিল সেই দিনবোৰত ৷ আকৌ লৌৰাক নিচুকাবলৈ নগ’লেও নহয় !
এটি ৰাতিপুৱা যেতিয়া হিউগিয়ে হলেণ্ড পাৰ্কৰ পিনে
মানে মাৰ্টন ডাঙৰীয়াহঁতৰ নিবাস অভিমুখে গৈ আছিল বাটতে তাৰ অন্তৰঙ্গ বন্ধু এলান ত্ৰেভ’ৰক
পাই ৰ’ল ৷ ত্ৰেভ’ৰ এজন চিত্ৰকৰ ৷ দৰাচলতে আঙুলিৰ মূৰত গণিব পৰাকৈ এই সোপানলৈ মানুহ
আজিকালি যায় ৷ কিন্তু তেওঁ আছিল এজন শিল্পী মানে এজন অনন্য শিল্পী৷ ব্যক্তি হিচাপে
তেওঁ বৰ আচহুৱা ধৰণে ৰূক্ষ মানুহ এটা আৰু মুখখনো অনাকৰ্ষক ৷ ৰঙচুৱা অবিন্যস্ত একোছা
দীঘল দাঢ়িও তাতে ৷ সি যি কি নহওক হাতত ৰং-তুলিকা তুলি লোৱাৰ পাচত তেওঁ এজনা প্ৰকৃত
প্ৰভু হৈ পৰে আৰু তেওঁৰ ছবিবোৰে বে’ছ সমাদৰ লাভ কৰে , মানুহে বৰ আগ্ৰহেৰে বিচাৰে ৷
হিউগিৰ প্ৰতি পহিলাতে তেওঁৰ যে প্ৰবল ধাউতি উপজিছিল সেই কথাটো পতিয়াবই লাগিব আৰু এইয়া সমুদায় এইবাবেই
যে হিউগিৰ ব্যক্তিত্বৰ এক সুষমা আছে ৷ তেওঁ কৈছিল - “ শিল্পীয়ে এনেলোককহে চিনা উচিত
যিসকল শুভ আৰু সুন্দৰ , যি শিল্পীৰ দৃষ্টিত নান্দনিক আনন্দ যোগায় আৰু যাৰে কথা পাতিলে
এক বৌদ্ধিক স্বতঃস্ফূৰ্ততা আহি পৰে ৷ মুনিহ যিসকল সঁচাকৈয়ে আজিৰ এই মুহূৰ্তৰ আৰু তিৰোতা
যি সকল মন পৰশা তেওঁলোকেই আজিৰ পৃথিৱীৰ মালিক ; অন্ততঃ তেনেকুৱাই হোৱা যুগুত ৷” অৱশ্যে হুইগিক দকৈ জনাৰ পাচত তেওঁ তাক আৰু পচন্দ
কৰিল তাৰ সপ্ৰতিভ চিত্ত চাঞ্চল্য আৰু আপোনভোলা একাচেকা প্ৰকৃতিৰ বাবে ৷ তেওঁ তাক তেওঁৰ
ষ্টুডিঅ’ত নিগাজিকৈ লৈয়েই পেলালে ৷
হিউগিয়ে আহি দেখিলেহি যে ত্ৰেভ’ৰে এজন ভিক্ষাৰীৰ পূৰ্ণাৱয়ব পূৰ্ণাকাৰ আচৰিত ধৰণৰ ছবিত
সামৰণিৰ হাত বুলনি দিছে ৷ ভিক্ষাৰীজন নিজে ষ্টুডিঅ’ৰ একোণৰ এক ওখ মঞ্চত ঠিয় দি আছিল
৷ তেওঁ জৰাজীৰ্ণ কাগজৰ দৰে শোতোৰা পৰা মুখমণ্ডলেৰে এজন অস্থিচৰ্মসাৰ বৃদ্ধ ৷ তেওঁৰ
চাৱনি বৰ পুতৌলগা ৷ তেওঁৰ কান্ধৰ পৰা বৈ আহিছে
হলৌমলৌ জলহু চোলাটো ৷ পিন্ধি থকা জোতাযোৰ শতচ্ছিন্ন আৰু তাত অলেখ জোৰাটাপলিৰে
কৰা মুচিয়াৰৰ নিৰুপায় কামৰ চিন স্পষ্ট ৷ এখন হাতেৰে লাখুটি এডালত ভৰ দি হাউলি আছে আৰু আনখন হাতেৰে টুপী এটা ওলোটাই বাটিৰ দৰে কৰি
ধৰি ভিক্ষা মাগি আছে ৷
- “কেনে আচৰিত মডেল ! ” বন্ধুৱেকৰ সৈতে হাত মিলাওঁতেই
হিউগিয়ে ফুচফুচাই ক’লে ৷
- “ কি ক’লা আচৰিত মডেল ? ”- যিমান
জোৰকৈ চিঞৰিব পাৰি তিমান জোৰেৰে চিঞৰি ক’লে ত্ৰেভ’ৰে ৷ “ মই তেনেকৈ ভাবিব পাৰোঁ ? তেখেতৰ
দৰে মগনিয়াৰ কিন্তু সদায় লগ পোৱা নাযায় ৷ এক সন্ধানৰ সুফল মোৰ সোণাই ! স্পেইনদেশীয়
নাইবা নেডাৰলেণ্ডৰ চিত্ৰকৰ যিসকল মোৰ বাবে আজি সৰগৰ তৰা যদি তেওঁলোক জীয়াই থাকিলহেঁতেন
তেৰাসৱে এওঁক লৈ এই চিত্ৰই আঁকিলহেঁতেন ৷ ”
-“ বেচেৰা নিচলা বুঢ়া ! ” হিউগিয়ে
ক’লে ৷ “ কেনে দুৰ্কপলীয়া তাক দেখাতেই লাগে ৷ মই যি ধৰিব পাৰিছোঁ তোমালোক মানে চিত্ৰকৰবোৰৰ মানেকত তাৰ মুখখনেই তাৰ সৌভাগ্য নেকি?
”
-“ নিশ্চিতভাৱে " -ত্ৰেভ’ৰে উত্তৰ
দিলে “ তোমালোকেতো এজন ভিক্ষাৰীক সুখী যেন দেখাটো নিবিচৰা ৷ বিচৰা জানো? ”
- “এনেকৈ চিত্ৰকৰৰ চানেকি হৈ বহিবৰ
বাবদ এজন মডেলে কিমান পায় ? ডিভান এখনত আয়মেৰে বহি লৈ হিউগিয়ে প্ৰশ্ন কৰিলে ৷
- “এটা ঘণ্টাৰ বাবে এক শ্বিলিং ৷”
- “ আৰু তোমাৰ এখন ছবিত তুমি কিমান
ঘটা এলান? ”
- “ মই এইখন ছবিত পাম দুহেজাৰ ৷”
- “ দুহেজাৰ কি? পাউণ্ড? ”
- “ গিণি ৷ চিত্ৰকৰ, কবি নাইবা ডাক্তৰে সদায় গিণিতহে পায়
৷”
- “ অ’ তেনেহ’লেচোন মডেলে তাৰে কিবা
এটা শতাংশ পোৱা বাঞ্ছনীয় ৷ চিঞৰি আৰু হাঁহি হিউগিয়ে আৰু ক’লে - “ তুমি যেনেকৈ কৰিছা
তেনেকৈ সিওতো বেচেৰাই সমানেই কষ্ট কৰিছে দিয়াচোন ৷”
- “ কি যে বেহুদা কথা কোৱা আৰু ! কিয়নো
অকল ৰংতুলিত লেটি লৈ থকাতে বা কাৰোবাৰ চিত্ৰপটত ছবি হ’বলৈ দিনৰ দিনটো দণ্ডায়মান হৈ
থকাতহে আহুকাল চিনা? তুমি উপৰুৱাকৈ বৰ আয়াসতে কথাষাৰ কৈছা ৷ এনেকৈ ক’বলৈ উজু হিউগি
৷ কিন্তু মই তোমাক পতিয়ন নিয়াম যে কলা সাধনাত এনে কিছুমান মুহূৰ্ত আহে য’ত শিল্পই প্ৰায়
কায়িক পৰিশ্ৰমৰ সমান মৰ্যাদা আহৰণ কৰে ৷ কিন্তু তুমি এতিয়া বেলবেলাই নাথাকিবা দেইবা
৷ মই বৰ ব্যস্ত আছোঁ ৷ চুৰট এটাকে হোঁপা আৰু মনে মনে থাকাঁ ৷”
কিছুপৰ যোৱাত লগুৱা এটা ভিতৰলৈ আহি ত্ৰেভ’ৰক ক’লেহি
যে ছবিৰ বাও সজা মিস্ত্ৰীটোৱে তেওঁক কিবা কথাত লগ পাব বিচাৰিছে হেনো ৷
তেওঁ কোঠাটোৰ ওলাই যাওঁতে কৈ গ’ল - “তুমি আক’ পলাই
পত্ৰং নিদিবা দেই হিউগি ! মই মুহূৰ্ততে আহিমগৈ
৷”
ত্ৰেভ’ৰৰ অনুপস্থিতিৰ আপাহতে বুঢ়া ভিক্ষাৰী মানুহটোৱে
তাৰ পিচফালে থকা কাঠৰ বেঞ্চিখনতে ক্ষন্তেক
জিৰাবলৈ বহিল ৷ বুঢ়াক এনে কেও কিছু নোহোৱা দালদৰিদ্ৰ যেন লাগিল যে হিউগিয়ে তাৰ ওপৰত
সহানুভূতি দৰ্শোৱাৰ লোভ সামৰিব নোৱাৰিল ৷ সি নিজৰ জেপত হাত দি উমান ল’লে ধনৰ নামত তাৰ
লগত কি আছেনো ৷ সি পোৱাৰ ভিতৰত এটা ৰজাৰ মোহৰ আৰু কেইটামান তামৰ মুদ্ৰা ৷ সি মনতে ভোৰভোৰালে
- “দুখীয়া বুঢ়াটো দেহি ! মোতকৈ তাৰহে এইকেইটাৰ বেছি দৰকাৰ ৷ পিচে এইপিনে ঘোঁৰাবাগীত
উঠাৰ মুদা মৰিল আৰু ৷” সি ষ্টুডিঅ’ৰ পৰা ওলাই যাওঁতে ভিক্ষাৰীৰ হাতত মুদ্ৰাকেইটা দি
থৈ গ’ল ৷
বুঢ়া মানুহটোৱে তাৰ সেৰেলুৱা ওঁঠ দুটি ঢৌৱাই যোৱা
এটি মিচিকনি ৰচনাৰ বাবে তৎপৰ হ’ল আৰু ক’লে - “ধন্যবাদ মহাশয়, ধন্যবাদ !”
তেনেকুৱাতে ত্ৰেভ’ৰ আহি পালেহি আৰু হিউগিয়ে বিদায় মাগিলে ৷ সি যিখনহে কৰিল তাৰে উদাস ক্লেশেৰে মুখনি তাৰ ৰঙাচিঙা পৰিছিল ৷ দিনটোৰ
বাকী অংশ লৌৰাৰ লগতে কটালে ৷ তাৰ ধোঁৱাখুলীয়া স্বভাৱ শীৰ্ষক এটি মোহনীয় ভৰ্ৎসনাও প্ৰেয়সীৰ
মুখেৰে লভিলে ৷ আৰু তাৰ পাচত ঘৰলৈ বাটকুৰি বাই ঘূৰি আহিল ৷
সেই নিশা সি এঘাৰমান বজাত সি পেলেত
ক্লাবত তহলি আছিল আৰু ত্ৰেভ’ৰক ধূমপান কক্ষত
তাৰ কাষতে পোৰা গাহৰি মঙহেৰে চ’ডা পানিয় গ্ৰহণ কৰি থকাত পালে ৷
“ বাৰু এলান তোমাৰ ছবিখনৰ সুকলমে সামৰণি
পৰিল নহয়নে? " -কথাষাৰ সুধিলে আৰু লগতে চিগাৰেট এটি জ্বলাই ল’লে হুইগিয়ে ৷
“ সামৰিলোঁ আৰু কাঠৰ বাৱো লগালোঁ মোৰ
বোপাধন ! ” - ত্ৰেভ’ৰে উত্তৰ দিলে ৷ আৰু ক’লে - “ আৰু ইতিমধ্যে তুমি দেখোন দ্বিগ্বিজয়
এফেৰি কৰি পেলালা হে ৷ চাব্বাছ! সেই বৃদ্ধ
মডেলজন তোমাৰ একেবাৰে ভক্ত হৈ পৰিল বুইছানে ! মইতো তেওঁক তোমাৰ সবিশেষ সবিস্তাৰে ক’ব
লগাত পৰিলোঁ ৷ তুমি কোন - ক’ত থাকা - তোমাৰ আয় কিমান আৰু তোমাৰ সম্ভাৱনাময় দিশটো কি
...”
কথা শেষ নৌহওঁতেই হিউগি চিঞৰি উঠিল - “ মোৰ মৰমৰ
এলান মোৰ লাগিছে মই ঘৰলৈ ঘূৰি বপুৰাক মোলৈ বাট চাই থকাতে পামগৈ ৷ কিন্তু মোৰ সন্দেহ
এইখিনিও তুমি মোক ঠাট্টা কৰিবলৈহে কৈছা , নহয়নে ? দুখীয়া বুঢ়া ভিকহু চাল্লা ! এনেকুৱা
লাগে মই যদি সঁচাকৈ তেওঁৰ কল্যাণৰ বাবে কিবাকিবি কৰিব পাৰিলোঁহেঁতেন ! মোৰতো লাগে কোনোবা
যদি তাৰ দৰে এনে ন জজৌ ন তস্থৌ অৱস্থাত পৰে তাতকৈ ভয়াবহ কথা আন কি হ’ব ? মোৰতো ঘৰত
পুৰণা কাপোৰৰ দ’ম বান্ধিছে ৷ মই সেইখিনিৰে তাৰ কিবা কৰিব পাৰোঁ নেকি ভাবাচোন তুমি ৷
কিয়, দেখা নাই জানো তাৰ সাজপাৰ কেনেকৈ উৱলি ছিগি সৰি গৈছে ?”
“ কিন্তু সেই সাজত তেওঁকতো বেছ জাকতজিলিকা লাগে
" -ত্ৰেভ’ৰে ক’লে ৷ মইতো তেওঁক চুইট টাই কোট পৰিহিত ৰূপত কদাপি পেইণ্ট নকৰোঁ ৷
তুমি তেওঁৰ যি সাজ-পাৰক ফটাকানি বুলিলা মোৰ বাবে সি হ’ল ৰোমাঞ্চ ! যিটো তোমাৰ দৃষ্টিত
দৰিদ্ৰতা হিচাপে ধৰা দিছে সি মোৰ দৰ্শনত হৈ উঠিছে ছবিৰ চিত্ত উদ্ৰেককাৰী মূল্য ৷ সি যি কি নহওক মই বাৰু
তোমাৰ নিবেদন তেওঁৰ আগত উত্থাপন কৰিম ৷ ”
“ এলান তোমালোক চিত্ৰকৰবোৰ সঁচাকৈ হৃদয়হীন পাষাণ
! ” - হিউগিয়ে বেছ চিৰিয়াছ ভাবেৰে কথাষাৰ ক’লে ৷
ত্ৰেভ’ৰে
ক’লে -“ এজন শিল্পীৰ বাবে তেওঁৰ হৃদয়খনেই তেওঁৰ মস্তিস্ক ৷ তদুপৰি আমাৰ ব্যৱসায়
পৃথিৱীখনক আমি দেখাৰ ধৰণে কৰা উপলব্ধিত ৷ এইটো
নহয় যে আমি যি জানিব পাৰিছোঁ তাৰ আধাৰত তাৰ সংস্কাৰ কৰাত লাগি যাওঁ ৷ প্ৰত্যেকৰে এটি
বৃত্তি আছে প্ৰবৃত্তি পাচে ৷ আৰু এতিয়া কোৱাচোন লৌৰাৰ কি খবৰ ? আমাৰ বৃদ্ধ মডেল প্ৰৱৰ
কিন্তু লৌৰাৰ বিষয়ত বেছ মনোযোগী দেই !”
-" তাৰ মানে তুমি সেইডালৰ লগত তাইৰ কথাও পাতিলা
! ” হিউগিয়ে ক’লে ৷
-“ দস্তুৰমত পাতিলোঁ ৷ তেওঁ সেই অদমনীয় কৰ্ণেল চাহাব
, মৰমলগা লৌৰা আৰু ১০০০০ পাউণ্ড সকলো কথাই জানে ৷”
“ তুমি সেই ভিকহুটোক মোৰ সকলো ভিতৰুৱা কথা বখলিয়াই
দেখুৱাই দিলা ” হুইগি খঙৰ ভমকত ৰঙাচিঙা পৰি চিঞৰি উঠিল ৷
ত্ৰেভ’ৰে মিচিকিয়াই হাঁহি ক’লে - “ অ’ সোণমইনা তুমি
যাক ভিক্ষাৰী বুঢ়া বুলি আছা তেওঁ সমগ্ৰ ইউৰোপৰ ভিতৰতে সবাতোকৈ ধনী ব্যক্তি ৷ তেওঁ এটাও
একাউণ্টৰ হৰণ ভগন নকৰাকৈ কাইলৈৰ ভিতৰতে গোটেই লণ্ডন কিনো বুলিলে কিনি পেলাব
পাৰে ৷”
“ পৃথিৱীত নোহোৱা নোপজা এইয়া কি কথাবোৰ কৈছা
? ইয়াৰ মানে কি? ” - হিউগিয়ে চিঞৰ মাৰি ক’লে ৷
ত্ৰেভ’ৰে ক’লে -“ মই কৈছোঁ যে তুমি আজি লগপোৱা বৃদ্ধজনা
হ’লগৈ বেৰন হছবাৰ্গ ৷ তেওঁ মোৰ পৰম বন্ধু ৷ মোৰ সমুদায় ছবিৰ বা তেনেধৰণৰ কোনো শিল্পকৃতিৰ গ্ৰাহক তেওঁ ৷ এমাহৰ আগতেই তেওঁ মোক আগধন দিছে এই
বুলি যে এজন ভিক্ষাৰীৰ ৰূপত তেওঁৰ এখন তৈলচিত্ৰ কৰা হওক ৷ স্বৰূপ কথা এয়েই ; এতিয়া
মই কি কৰোঁ ? বুজিলাতো ? অৰ্ব্বুদপতিৰ এইয়া
ইচ্ছাবিলাস ! আৰু মই এইটো ক’বই লাগিব যে শতচ্ছিন্ন পৰিচ্ছদেৰে তেওঁক বেছ গৰিমামণ্ডিত
লাগিছিল ৷ নাইবা মই এইটোও ক’ব পাৰোঁ মোৰ পোচাকত তেওঁ বেছ শুৱণি লাগিছিল ৷ সেইযোৰ মই
স্পেইনত লোৱা পুৰণা হোৱা পোচাক আছিল , বুজিলা? ”
হিউগি চিঞৰি উঠিল - “ বেৰন হাছবাৰ্গ ! হায় বিধি ! মই তেওঁৰ হাতত মোৰ আধলি চৰতীয়া
তুলি দিলোঁ! আৰু তেওঁ হাতলগা চকীত কেনেকৈ আমনজিমনকৈ বহি ভাবনাত ডুবি আছিল দেহি! কেনে দুখলগা ছবি আছিল সিখন ৷”
“ তেওঁক তুমি আধলি চৰতীয়া দিলা ! ” ত্ৰেভ’ৰে চিঞৰি ক’লে আৰু ধেকধেকাই হাঁহিবলৈ
ধৰিল ৷ মোৰ সোণাই তুমি আৰু সেইয়া ঘূৰাই নোপোৱা ৷ তেওঁ আনৰ ধনেৰেই বণিজ কৰে , সিকি এটাক
তেওঁ লক্ষ কৌটি সাজি দিব ৷”
কেহেৰাজ বটা যেন হৈ হিউগিয়ে ক’লে - “তুমিও আৰু এলান!
মোকতো এবাৰলৈ তুমি এইবোৰ ক’ব পাৰিলাহেঁতেন! মানে মোক ভুচুং পহু সাজিহে এৰিলা৷”
ত্ৰেভ’ৰে ক’লে - “ ক’বলৈ গ’লে হিউগি মোৰ মূৰত এইটো খেলোৱাই নাছিল যে তুমি এইদৰে
উধাইমুধাই ভিক্ষা বিলাবলৈ ল’বা ৷ কোনোবা ৰূপহী মডেলক বোলে তুমি টপককৈ চুমা এটাকে খালা
সেইটো মই অবিশ্বাস কৰিবলৈ নগলোঁ হেতেন ৷ কিন্তু এনেকৈ কুৎসিত এটাক তুমি মৰমতে আধলি চৰতীয়া যাচিবা সিটো মোৰ সপোনৰো অগোচৰ ৷ সকলো
কথা বাদ দি আজি মোৰ গাত গোসাঁই নাছিলেই , কালৈকো মই মন দিয়াই নাছিলোঁ ৷ আৰু এটা কথা,
তোমাৰ আগত মই হাছবাৰ্গ নামটো উচ্চাৰণ কৰোঁ সেইটো তেখেতেও নিবিচাৰে বুলি বাৰুকৈয়ে জানিছিলোঁ
৷ কাৰণ তেওঁ সেই নামৰ জোখৰ পৰিচ্ছদত সেইসময়ত নাছিল ৷”
হিউগিয়ে ক’লে - “তেওঁ চাগৈ ভাবিলে
কেনে গজমূৰ্খ এটাৰ পাল্লাত পৰিলোঁ ৷”
“ নাই নাই ; তুমি যোৱাৰ পাচত তেওঁক
বেছ উৎফুল্ল ৰূপতহে মই পাইছিলোঁ ৷ হাঁহি মাতিয়ে আছিল নিজে নিজে তেওঁৰ সেই শোঁতোৰা পৰা
হাতদুখনি মোহাৰি মোহাৰি ৷ মই সেই সময়ত মাথামুণ্ড একো বুজা নাছিলোঁ যে বুঢ়াকনো তোমাৰ
ইমানবোৰ কথাৰ ভূ লাগে কিয় ? পিচে এতিয়া উৰহী গছৰ উৰ ওলাল ৷ তুমি দিয়া মুদ্ৰা কেইটা
তেওঁ গৈ ক’ৰবাত বিনিয়োগ কৰিবগৈ তোমাৰে নামত ৷ প্ৰতি ছমাহত তোমালৈ সুদ আহিব ৷ আৰু নৈশ
আহাৰৰ পাচত ক’বলৈ বুলি নিধিৰ অন্তৰালৰ কাহিনী এটিও হ’ল দিয়াচোন ৷”
হিউগিয়ে গুৰগুৰালে - “ ধেৎ কটা কি যে দুৰ্কপলীয়া চয়তান এটা মই ! উত্তম হ’ব মই
শুই থাকোঁগৈ ৷ মোৰ মৰমৰ বান্ধৈ এলান তুমি এই কাহিনীটো ৰৌজাল-বৌজাল নকৰিবা দেইবা ৷ মই
আৰু কাৰোৰে আগত মুখ দেখুৱাবৰ লায়কৰ হৈ নৰ’ম ৷”
“ তোমাৰ মূৰটো ! এই কথাই তোমাৰ অন্তৰত থকা এক উচ্চ
প্ৰমূল্য মানৱীয় কৰুণাৰহে প্ৰতিফলন ঘটায়, হিউগি ৷ আৰু দৌৰ নামাৰিবা ৷ আৰু এটা চিগাৰেট
টানা ৷ আৰু তুমি হেঁপাহ পলুৱাই লৌৰাৰ কথা ক’ব পাৰা ৷”
পিচে হিউগিক ৰাখে কোনে ? তাৰ মন বেয়া ৷ ঘৰলৈ ঢাপলি
মেলিলে, এলান ত্ৰেভ’ৰক ধেকধেকাই হাঁহি থকাতে এৰি ৷
পিচদিনা পুৱাৰ জলপান খাই থাকোঁতে লগুৱা এটাই তেওঁৰ
হাতত এখন কাৰ্ড দিলেহি য’ত লিখা আছিল - মঁইচে গুস্তেভ নৌদিন দে লা পাৰ্ত দে এম বেৰন
হাছবাৰ্গ ৷
হিউগিয়ে নিজকে ক’লে -“তেওঁ চাগৈ ক্ষমা বিচাৰি আহিছে
৷” সি লগুৱাটোক অভ্যাগতক ওপৰলৈ লৈ আহিবলৈ ক’লে ৷
সোণৰ ফ্ৰেমৰ চশমা পিন্ধা পকাচুলীয়া বৃদ্ধ ভদ্ৰলোক
এজন সোমাই আহিল আৰু অলপ ফৰাচী ঠাঁচৰ উচ্চাৰণেৰে ক’লে - “মই বাৰু মঁইচে আৰ্স্কাইন ডাঙৰিয়াক
সম্ভাষণ জনাই কৃতাৰ্থ হ’ব পাৰোঁ নে? ”
হিউগিয়ে মূৰ দোৱাই সন্মুখলৈ হাওলি তেওঁক সন্মান জনালে
৷
“মই বেৰন হাছবাৰ্গৰ তৰফৰ পৰা আহিছোঁ
৷ বেৰনে..”
হিউগিয়ে কঁপা কঁপা মাতেৰে তেওঁৰ কথা
শেষ হ’বৰ নৌ পাওঁতেই ক’লে - “মই আপোনাক মিনতি কৰিছোঁ চাৰ আপুনি তেখেতৰ ওচৰত মোৰ ক্ষমা
প্ৰাৰ্থনা জনাব ৷”
“ বেৰনজনাই আপোনাক এই চিঠিখন দিবলৈ
মোক দায়িত্ব দিলে ৷” তেওঁ এটা লেফাফা আগবঢ়াই
দিলে ৷ লেফাফাৰ বাহিৰতে লিখা আছে
- হিউগি আৰ্স্কাইন আৰু লৌৰা মাৰ্টনৰ
শুভ বিবাহলৈ এটি প্ৰীতি উপহাৰ এজন বুঢ়া ভিক্ষাৰীৰ সৌজন্যত ৷ লেফাফাৰ ভিতৰত আছিল ১০০০০
পাউণ্ড ৷
সিহঁত দুটাৰ বিয়াত এলান ত্ৰেভ’ৰ হ’ল মূল মানুহ ৷
বেৰনে ৱেডিং ব্ৰেকফাষ্টলৈ আহি ভাষণ দিলে ৷
শলাগৰ শৰাই আগবঢ়াই এলানে ক’লে - “নিযুতপতি মডেল বিৰল
মানি লওঁ কিন্তু তাতোকৈ বিৰল আদৰ্শ নিযুতপতি ৷”
0 Comments