তুচ্ছ/হুমায়ূন আহমেদ

 

অনুবাদ গল্পঃ তুচ্ছ
মূলঃ হুমায়ূন আহমেদ
অনুবাদঃ কলচুম বিবি

 

 

মই মাটিৰ ফালে চাই খোজকাঢ়ো। ইয়াৰ প্ৰধান সুবিধা হৈছে পৰিচিত কাৰোবাৰ সৈতে চকুৱে চকুৱে পৰাৰ সম্ভাৱনা বহুত কমি যায়। এজনৰ সৈতে আনজনৰ এখন আঁৰকাপোৰৰ সৃষ্টি হয়। কোনো কোনোৱে বুজিব নোৱাৰে। ভদ্ৰতা দেখুওৱাৰ বাবে আগুৱাই আহি কয়-আচ্ছালামুআলাইকুম, ভালে আছেনে?

 

এইবোৰ ক্ষেত্ৰত মই প্ৰশ্নকৰ্তাৰ মুখৰ ফালে নোচোৱাকৈ অলপমান হাঁহি কওঁ-ভাল। এইবুলি কৈ মই ৰৈ থাকোঁ। ইয়াতেই প্ৰশ্নকৰ্তাজন এটা সমস্যাত পৰি যায়। মোক কি কব ভাবি নাপায়। মই তাক উপযাচি কথা আৰম্ভ কৰাৰ বাবে কষ্ট খাবলৈ দিওঁ। স্পষ্টকৈ বুজিব পাৰি ভদ্ৰলোকে মনে মনে কৈছে কি যে অশান্তি! কিয় যে কথা পাতিবলৈ গ'লোঁ।

 

সকলো সময়তে যে এই অৱস্থা হয় সেইটো নহয়। কিছুমান মানুহ আছে যিসকলে কথা কবলৈ বৰ পচন্দ কৰে। 'দেশৰ কি হৈ আছে কোৱাচোন ভাই?' এইবুলি নিজেই দেশৰ কি হৈছে সেই সম্পৰ্কে বিস্তাৰিতভাৱে কবলৈ ধৰে। এওঁলোকৰ হাতৰ পৰা নিষ্কৃতি পোৱাৰ কোনো সহজ উপায় নাই।


 

বদৰুল আলম চাহাব এই ধৰণৰ এজন মানুহ। চৰকাৰী কৰ্মচাৰী। সম্প্ৰতি ৰিটায়াৰ হৈছে। হঠাৎ আহি পৰা অৱসৰ লৈ কি কৰিব বুজি উঠিব পৰা নাই। দুটা কাম বৰ মন দি কৰে- শৰীৰচৰ্চা আৰু দেশচৰ্চা। পুৱাই পুৱাই জগিং কৰে। জগিঙৰ বাবে এযোৰ কাপোৰো চিলাই লৈছে- বগা হাফ চাৰ্ট, হাফ পেণ্ট আৰু ক্ৰিকেটৰ আম্পায়াৰৰ দৰে টুপি। দেশচৰ্চাৰ ভিতৰত আছে তেওঁৰ নিজস্ব পৰিকল্পনা। লগ পালেই কব- প্ৰফেচৰ চাহাব, কিবা এটাতো কৰিব লাগে, কি কয়। ভেজিটেবলৰ দৰে জীয়াই থকাৰ কোনো অৰ্থ আছে জানো। কি কয়?

-সেইটো ঠিকেই।

-সদায়ে পৃথিৱীত কিমান শিশু মৰে জানেনে?

-নাজানো।

-চল্লিশ হাজাৰ। বাংলাদেশৰ প্ৰতিদিন কিমানজন মৰে আণ্ডাজ কৰকচোন চাওঁ?

-আণ্ডাজ কৰিবলৈ নোৱাৰো।

-মোৰ ওচৰত ইউনিচেফৰ এটা ৰিপৰ্ট আছে। আপোনাক পঢ়িবলৈ দিম। পঢ়িলে মূৰ ঘূৰাব। ভয়াবহ অৱস্থা। আমি কিবা এটা কৰা দৰকাৰ। কি কয়?

-সেইটো হয়।

-এই যে সৰু সৰু শিশু ৰাস্তাৰ কাষত বহি ভিক্ষা কৰিছে, ইহঁতৰ ওচৰত আমিও উত্তৰ দিবলগা হব, নহবনে?

-সেইটো হ'বই।

- মই মোৰ পত্নীক প্ৰতিদিনে পঞ্চাশটাকৈ হাতেৰে বনোৱা ৰুটি প্ৰস্তুত কৰি দিবলৈ কৈছোঁ। তাই ৰাজী হৈছে। আপোনালোকেও আগুৱাই আহিব লাগিব। এজনৰ পক্ষেতো সম্ভৱ নহয়। কি কয়?

-সেইটো হয়।

 

যিমান গৰ্জন হয় সিমান বৰ্ষন নহয়- এইটো হৈছে সাধাৰণ নিয়ম। বদৰুল আলম চাহাবৰ ক্ষেত্ৰত এই নিয়মৰ অলপ ব্যতিক্ৰম লক্ষ্য কৰিলোঁ। তেওঁ সঁচাকৈয়ে ৰুটি বিতৰণ সমিতি সংক্ষেপে 'ৰুবিস' স্থাপন কৰিবলৈ বহিল। সমিতিৰ তিনি চাৰিখন সভাও হৈ গ'ল। মই সেই সমিতিৰ এক্সিকিউটিভ কমিটিৰ এজন সদস্য। ওচৰ-চুবুৰীয়াৰ লগত থাকিলে কিমান ৰকমৰ যে অশান্তি সহ্য কৰিবলগীয়া হয়। এই জাতীয় সমিতিবোৰৰ আয়ুস লিট'ল মেগাজিনৰ আয়ুসতকৈও কম হয়- এইটোৱেই হৈছে বিশ্বাসৰ কথা। দুই এদিন ৰুটি বিতৰণ কৰি সকলোৰে উৎসাহ মাৰ যাব, এইটো স্বতঃসিদ্ধ ভাবে ধৰা যায়।

 

আমাৰ সমিতিৰ সভাত 'ৰুবিস'ৰ কাৰ্যকলাপ বাৰিষাৰ সময়ত আৰম্ভ হ'ব বুলি ঠিক হ'ল। সেই সময়তেই খোৱা-লোৱাৰ আকাল অলপ বেছি হয়। বাৰিষাৰ আগমূহুৰ্তলৈকে সমিতিৰ সদস্যসকলে ৰুটি বিতৰণৰ পদ্ধতি সম্পৰ্কে খা-খবৰ আৰু চিন্তা-ভাৱনা কৰিব।

 

মই এটা স্বস্তিৰ নিশ্বাস এৰিলোঁ। বাৰিষা অহালৈ দেৰি আছে। 'ৰুবিস' সিমানদিন নিটিকে। বৰষুণৰ বতৰত ৰুটি লৈ ওলাই যোৱাৰ উৎসাহ কাৰো নাথাকে। তথাপিও বদৰুল আলম চাহাব যি ধৰণৰ উৎসাহী ব্যক্তি- একো কবও নোৱাৰি।

 

'হাগ মাহৰ কথা। আবেলি সময়ত মেঘে আকাশ আন্ধাৰ কৰি আনিছে। নিশ্চয় ধুমূহা-বতাহ আহিব। দ্ৰুতগতিত ভৰি চলাই ঘৰলৈ ঘুৰিছো- দোৱেল চত্বৰৰ কাষত বদৰুল আলম চাহাবৰ লগত দেখা হয়। মূৰ তল কৰি গুছি যাম বুলি ভাবিছিলোঁ, সম্ভৱ নহ'ল। বদৰুল আলম চাহাবে জোৰেৰে মাতিলে- ভাই এইফালে অলপ আহকচোন। বৰ বিপদত পৰিছোঁ।

 

গৈ দেখিলোঁ সঁচাকৈ বৰ বিপদ। চাৰিজন শিশুৰ এটা দলৰ মাজত তেওঁ নাৰ্ভাচ হৈ ৰৈ আছে। দলটোৰ লগত বিচনা, এটা পাটি আৰু বাচন-বৰ্তন দেখিয়েই বুজা গৈছে ইহঁতে গাঁও এৰি চহৰ আহি পাইছে। চাৰিওফালৰ কাণ্ড-কাৰখানা দেখি হতভম্ব হৈ পৰিছে। আটাইতকৈ সৰুটো তিনি-চাৰিবছৰীয়া ছোৱালী। তাই ক্ৰমান্বয়ে ফ্ৰকৰ হাতেৰে চকু মচিছে। আটাইতকৈ ডাঙৰজনীও ছোৱালী। বাৰ-তেৰ বছৰ হ'ব। তায়ো কান্দিছে। মাজৰ দুটা ল'ৰা, সিহঁতে কন্দা নাই। মই হাঁহিমুখে ক'লো- আলম চাহাব মোৰ ভাব হৈছে আপুনি ৰুটি বিতৰণ কৰাৰ চাবজেক্ট পাই গৈছে।

 

তেওঁ বিৰক্তিৰে ক'লে-আৰে ভাই নাহাঁহিব। বৰ জামেলা। আপুনি অহাত ভালে হৈছে। ইহঁতৰ সমস্যাটো অলপ মন দি শুনকচোন। কিবা ছলিউছন উলিয়াব পাৰিনে নাই চাওকচোন। মই এটা ছেকেণ্ডো থাকিব নোৱাৰো। এটা জৰুৰী এপইমেণ্ট আছে। অলৰেডি আধাঘন্টা লেট হৈছে। আকাশৰ অৱস্থাটো দেখা পাইছেই। ধুমুহা-বতাহ আৰম্ভ হৈ যাব।

 

তেওঁ মোক দ্বিতীয়বাৰলৈ কথা কোৱাৰ সুযোগ নিদিলে। বৰ দ্ৰুতগতিৰে ৰাস্তাৰ সিপাৰে থকা তেখেতৰ মৰিচ মাইনৰখনৰ ফালে দৌৰি যোৱা দি গ'ল।

 

শিশুবোৰৰ সমস্যা তেনেকুৱা একো বিচিত্ৰ নাছিল। বৰং কব পাৰি খুবেই সাধাৰণ সমস্যা। ইহঁতৰ ঘৰ মৈমনসিংহৰ ত্ৰিশালত। মাক নাই। বাপেকৰ লগত থাকে। সেই বাপেকেই এদিন কাকো একো নোকোৱাকৈ উধাও হ'ল। কোনো খা-খবৰ নাই। ল'ৰা-ছোৱালীবোৰে বুদ্ধি কৰি নবীনগৰ গুছি গ'ল। সিহঁতৰ মোমায়েকৰ ঘৰ। সেই মোমায়েকে বৰ্তমান সিহঁতক ঢাকালৈ লৈ আহিছে। সিহঁতৰ বাপেক ঢাকাত থকা বুলি মোমায়েকে বোলে গম পাইছে। পাক্কা খবৰ। মোমায়েকে ডাঙৰ ছোৱালীজনীৰ হাতত দহ টকাৰ নোট এখন দি অপেক্ষা কৰিবলৈ কৈছে। সি কিছুসময়ৰ ভিতৰতেই আহিব। ইহঁতে অপেক্ষা কৰিছে কিন্তু মোমায়েকৰ খবৰ নাই। মই সুধিলোঁ- মামা কেতিয়া গৈছে?

 

ডাঙৰ ছোৱালীজনীয়ে উচুপি উচুপি ক'লে- ৰাতিপুৱাই। ছোৱালীজনী মন বেয়া কৰি দিব পৰাকৈ ধুনীয়া। সৰু বাচ্চাটোও পুতলাৰ দৰে। এইটো এটা বৰ অস্বস্তিকৰ কথা। এওঁলোক দেখিবলৈ আপচু হ'লেও কোনো-বতৰা নোকোৱাকৈ গুছি যাব পাৰি। এতিয়া যাব নোৱাৰি।

-বাবাই কি কৰে?

-গাতক।

- সেইটো আকৌ কি?

-গান গায়। সাৰি গান, মুৰ্শিদী গান।

 

বহুত সমস্যা। সঙ্গীতজ্ঞৰ পৰিবাৰ। সিহঁতৰ বাপেক যদি কমলা-চমলা জাতীয় কিবা এটা হ'লহেঁতেন মনৰ ওপৰত ইমান চাপ নপৰিলহেঁতেন। ল'ৰা-ছোৱালীবোৰে এতিয়াও বুজিব পৰা নাই -মামা নামৰ মানুহটো সিহঁতক থৈ পলাইছে। এতিয়াও আশা কৰি আছে। মই ক'লোঁ- তোমালোকে কিবা খালা? ডাঙৰ ছোৱালীজনীয়ে উচুপি উচুপি ক'লে-তিনি টকাৰ বাদাম কিনি সকলোৱেই মিলি খাইছোঁ। হাতত এতিয়া সাত টকা আছে। মই পকেটৰ পৰা দহটকা উলিয়াই ক'লোঁ- লোৱা ৰাখা।

 

ডাঙৰ ছোৱালীজনীয়ে অবাক হৈ চাই থাকিল। ভিক্ষা লোৱাৰ তাইৰ হয়তো অভ্যাস নাই। বিপদৰ ওপৰত বিপদ। ল'ৰা দুটায়ো কান্দিবলৈ আৰম্ভ কৰিছে। ডাঙৰ ছোৱালীজনীয়ে এজনক কোলাত তুলি লৈছে। আনটো ল'ৰাই ভনীয়েকৰ ফ্ৰকত ধৰি আছে। বৰ অস্বস্তিকৰ পৰিবেশ। মই শুকান মাতেৰে অলপ কথা-বতৰা পাতিবলৈ চেষ্টা কৰিলোঁ যেনে- নাম কি? স্কুলত পঢ়ে নে নপঢ়ে? সিহঁতেও  বাপেকৰ দৰে গান জানেনে নাজানে- এইবোৰ। কোনো ধৰণৰ কথোপকথনেই বেছি দূৰ আগবঢ়া নাই। ইহঁতে হা কৰি চাই থাকে আৰু ক্ৰমান্বয়ে চকু মচে। সৰু বাচ্চাটো অস্থিৰ হৈ কান্দিছে।

 

এবাৰ ইচ্ছা হৈছিল মূৰত হাত বুলাই অলপ আদৰ কৰোঁ। পিছমূহুৰ্তত নিজকে চম্ভালি ললোঁ। বৰকৈ আদৰ দেখুওৱা মানে নিজৰ ঘৰলৈ জামেলা টানি অনা। আকাশৰ অৱস্থাও দ্ৰুতগতিত বেয়া হ'বলৈ ধৰিছে। হঠাৎ জোৰেৰে বৰষুণ আৰম্ভ হ'লে দৌৰি আশ্ৰয় লবলৈও ঠাই নাই। কি যে ডাঙৰ সমস্যাত পৰিলোঁ।

 

মই বৰ শান্ত মগজুৰে অপেক্ষা কৰিবলৈ ধৰিলোঁ- যদি কোনো ভদ্ৰলোক এই ৰাস্তাৰে আহে তেওঁক কম, মোৰ অত্যন্ত জৰুৰী কাম এটা আছে। মই থাকিব নোৱাৰো। এজন ডাক্তৰৰ লগত এপইন্টমেন্ট---।

 

সঁচাকৈয়ে এজনক আহি থকা দেখা গ'ল। মধ্যবয়স্ক এজন ভদ্ৰলোক। বৰষুণ অহা বাবে লৰালৰিকৈ গৈছে। আমাৰ কাষত আহি ৰৈ ক'লে- কি হৈছে?

 

মই কৰুণ সুৰত ক'লোঁ- সিহঁতৰ এটা সমস্যা হৈছে। কাইণ্ডলি অলপ শুনকচোন। ঐ তোমালোকে এওঁক অলপ কোৱাচোন ঘটনাটো কি?

 

মই আৰু ৰৈ নাথাকিলোঁ। দীঘল খোজ দিবলৈ আৰম্ভ কৰিলোঁ। ডাঙৰ ছোৱালীজনী বৰ আচৰিত হৈ মোৰ ফালে চাই থাকিল। ইমান আচৰিত হ'বলৈ কি আছে কোনে জানে? মানুহৰ কাম নাথাকে নেকি?

 

বদৰুল আলম চাহাবৰ সৈতে পৰহী দেখা হ'ল। বজাৰ কৰি ঘূৰি আহিছে। মোক দেখি হাঁহিমুখে ক'লে- ভালনে?

 

ময়ো হাঁহিমুখে ক'লোঁ-হয় ভাল।

-ইলিছ মাছ আজি বৰ সস্তা হৈছে। পঞ্চাশ টকাত যি বস্তু আনিছো আনদিনা তাৰ দাম পৰে এশ টকা। এয়া চাওক ছাইজ।

 

তেওঁ ইলিছ মাছ উলিয়াই দেখুৱালে। বৰ ডাঙৰ ছাইজ।

খটখটিৰে উঠি উঠি বদৰুল আলম চাহাবে ক'লে- 'ৰুবিস'ৰ কামকাজ আৰম্ভ কৰা উচিত। বাৰিষাতো আহিয়েই গ', হয়নে নহয়?

-সেইটো হয়। এইবাৰ বাৰিষা আগতীয়াকৈ আহিব।

-এই বছৰো বানপানী হ'লেতো সৰ্বনাশ। ফ্লাডৰ কথাটোও কনছিডাৰেচনত ৰাখিব লাগিব।

 

আৰু কোনো কথা নহ'ল। তেওঁ সেই ল'ৰা-ছোৱালী কেইটাৰ কথা একোৱেই নুসুধিলে। ময়ো একো নক'লো। যেন সেই জাতীয় কোনো ধৰণৰ ঘটনা আমাৰ জীৱনত ঘটাই নাই। আৰু ঘটিলেও সেইটো বৰ তুচ্ছ কথা।

তুচ্ছ কিবা এটা লৈ মূৰ ঘমোৱাৰ সময় ক'ত আমাৰ?

Post a Comment

0 Comments