পানী কাৰ: আলেকজেণ্ডাৰ আৰু পছেইদন
অনুবাদ ঃ গীতাশ্ৰী তামুলী
“মই তোমাক কৰ দিব কিয় লাগে?”
“কাৰণ মই এই পৃথিৱীৰ সম্ৰাট।”
“কিন্তু মই সমুদ্ৰৰ ৰজা।”
“মই যদি সমুদ্ৰ অভিযান চলাওঁ, তেন্তে বেছিদিন তুমি সম্ৰাট
হৈ থাকিব নোৱৰিবা।”
“কিন্তু তুমি কি জাতৰ মাছনো?”
“মই হলো মেছিদনৰ আলেকজেণ্ডাৰ তৃতীয়, যাৰ পতাকা পৃথিৱীৰ সমগ্ৰ ভূখণ্ডতে উৰি আছে।”
“অ। জানি সুখী হলো।”
“আৰু, মই এতিয়া সমুদ্ৰ অভিযান চলাম।”
“অ। তুমি এক অতিকায় সামুদ্ৰিক প্ৰাণী তেনেহলে।”
আলেকজেণ্ডাৰে ভবাৰ দৰে কথাবোৰ অৱশ্যে সহজ নাছিল। সমুদ্ৰৰ
একেবাৰে তলত নিজৰ বাবে কাৰেং এটা সাজিবলৈ লৈ তেওঁ যথেষ্ট কঠিন প্ৰত্যাহ্বানৰ সমুখীন
হল। তদুপৰি, নতুনকৈ গজা ফিছা আৰু ফুলেৰে সৈতে আলেকজেণ্ডাৰ আৰু তেওঁৰ ঘোঁৰাটো- দুয়োকে
বৰ অসহজ আৰু অভং অভং যেন দেখা গৈছিল। তাকে দেখি পছেইদন নামৰ সমুদ্ৰৰ ৰজাজনে আলেকজেণ্ডাৰক
লৈ ফিছিঙালি কৰিবলৈ ধৰিলে।
বিব্ৰত আলেকজেণ্ডাৰে খাপৰ পৰা তৰোৱালখন উলিয়ালে আৰু মূৰৰ
ওপৰত কমাই ফুৰা ৰামধেনু-বৰণীয়া সৰু সৰু মাছ্ বোৰ দূৰলৈ আঁতৰাই পঠাব বিচাৰিলে। মাছ বোৰ
তেওঁৰ নাকৰ ফুটা, মুখ আৰু কাণত সোমাইছিলহি। পাৰ হৈ যোৱা অক্তোপাছ এটাই ইয়াৰ প্ৰশাখাবোৰেৰে
তেওঁৰ তৰোৱালখন মেৰাই ধৰিছিল। অলেকজেণ্ডাৰে অক্তোপাচটো খামুচি ধৰিব খুজিছিল যদিও ই
এটা উফাল মাৰি আঁতৰি গল। নিজৰ শৰীৰৰ পৰা বিষাক্ত ৰশ্মি নিৰ্গত কৰি অক্তোপাছটোৱে তেওঁকেই
যেন উপহাস কৰিলে। এটা তিমি মাছেআকৌ তাৰ চোকা
দাঁতবোৰ নিকটাই তেওঁৰ ফালেই চাই আছিল।
এনে পৰিস্থিতিত ওঁঠত হাঁহি এটা চেপি ৰাখি পছেইদনে নিজৰ দণ্ডডালেৰে
দুয়োটাকে গালি পাৰিলে। তাৰ পাচত কলে, “তেনেহলে আপুনি নিজকে মেছিদনৰ সম্ৰাট আলেকজেণ্ডাৰ
আৰু সমগ্ৰ-ভূভাগৰ অধিপতি বুলি কলে।”
“হয়”, মই কৈছিলো। ধীৰ-গহীন ভাৱে মহান আলেকজেণ্ডাৰে কলে। “মই
ইয়াকো কৈছিলো যে মই মাটিভাগৰ অধিপতি, এতিয়া পানীভাগৰ অধিপতি হব বিচাৰিছোঁ। মোৰ অধীনতা
মানি লোৱাঁ পছেইদন, মোৰ ওচৰত আঁঠু লোৱাঁ আৰু দিবলগীয়া কৰ-কাটলসমুহ দিয়াঁ।”
আঁঠু কাঢ়িবলৈ সমুদ্ৰতলীৰ পৰিৱেশত শৰীৰৰ সন্ধিসমূহে সঠিক ভাৱে
কাম নকৰে। তদুপৰি, পছেইদনেও অলপো আলেকজেণ্ডাৰৰ তলতীয়া হৈ থাকিব বিচৰা নাছিল। ভূতলত
বাস কৰা এক প্ৰাণীক কোনো ধৰণৰ কৰ-কাটল দিয়াৰ ইচ্ছাও তেওঁৰ নাছিল।
বুকুৰ চাৰিওফালে হাতখন দৃঢ়ভাৱে মেৰিয়াই ধৰি ধৰি পছেইদনে কলে,
“তোমাকনো কিয় কৰ দিব লাগে মোক যুক্তিৰে বুজাই দিয়াঁ। তোমাৰ যোগ্যতা কিহত?”
“আৰম্ভৰ পৰা কম নে শেষৰ পৰা?” আলেকজেণ্ডাৰে সুধিলে।
“আৰম্ভৰ পৰাই কোৱাঁ।” পছেইদনে লগে লগে উত্তৰ দিলে।
আলেকজেণ্ডাৰ আছিল এজন জ্ঞানপিপাসু ব্যক্তি। তেওঁ আনকি যুদ্ধ-অভিযানত
যাওঁতেও শুবৰ সময়ত হমাৰৰ ইলিয়াদ পঢ়িছিল। তেওঁৰ মনত এটা সন্দেহ আছিল যে কেনেবাকৈ পছেইদনে
তেওঁক কিবাকৈ জব্দ কৰিব বিচাৰিব খুজিছে নেকি। কিন্তু মনৰ ভাৱটো দুৰলৈ ঠেলি পঠাই তেওঁ
কবলৈ ধৰিলে, “মোৰ বয়স যেতিয়া দহ বছৰ আছিল, মোৰ দেউতা মেছিদনৰ ৰজা ফিলিপ দ্বিতীয়ই মোক
এটা ঘোঁৰা কিনি দিবলৈ অমান্তি হৈছিল। কাৰণ ঘোঁৰাটোৱে কাকো নিজৰ পিঠিত উঠিবলৈকে নিদিয়ে। মই কিন্তু সহজেই ঘোঁৰাটোৰ পিঠিত উঠিলো। কাৰণ, মই
মন কৰি আছিলো যে ঘোঁৰাটোৱে এইবাবেহে কোনোবা পিঠিত উঠিব বিচাৰিলেই জঁপিয়াইছিল, কিয়নো
সি নিজৰে ছাঁটোকে দেখি বাৰে বাৰে ভয় খাইছিল।
কথাটো মনত ৰাখি মই ঘোঁৰাটো বুদ্ধিৰে নিয়ন্ত্ৰণ কৰিলো আৰু অতি সহজে তাৰ পিঠিত উঠিব পাৰিলো। মোৰ বুদ্ধিত তাজ্জৱ
মানি অৱশেষত মোক দেউতাই ঘোঁৰাটো কিনি দিলে। মই তাৰ নাম দিলো বুকেফেলাছ। সি বহুদিন ধৰি
মোৰ লগত মোৰ বিশ্বস্ত সংগী ৰূপে থাকিল।
“সেয়া ঠিক আছে। কিন্তু ইয়াৰ পৰা তুমি পানী জগতখনৰ অধিপতি
হব লাগিব বুলি একো সাব্যস্ত কৰিব নোৱাৰি। তোমাৰ যোগ্যতা প্ৰমাণ কৰিবলৈ বেলেগ কিবা নাইনে?”
এইবাৰ গৰ্বিতভাৱে আলেকজেণ্ডাৰে কলে, “মই এৰিষ্টটলৰ ওচৰত শিক্ষা
গ্ৰহণ কৰিছিলো।” তেওঁ ভাবিছিল, এৰিষ্টটলৰ দৰে এজন ব্যক্তিৰ পৰা চিকিত্সা বিজ্ঞান,
দৰ্শন, নীতিবিদ্যা, ধৰ্ম, তৰ্ক বিজ্ঞান, কলা আদি শিকাৰ দৰে যোগ্যতা থকাৰ পাচত বেলেগকৈ
যোগ্যতাৰ আৰু কি প্ৰমাণপত্ৰ থাকিব পাৰে?
“বৰ ভাল,” পছেইদনে কলে। “কিন্তু ইয়াৰ পৰা একো প্ৰমণিত নহয়।”
ইমান সময়ে আলেকজেণ্ডাৰ অধৈৰ্য্য হৈ পৰিছিল। সমুদ্ৰৰ পাৰত
ইফালে সিফালে ঘূৰি ফুৰা এক কথা আৰু সমুদ্ৰগৰ্ভত পানীৰ তলত কোনোবা এজনৰ লগত তৰ্ক কৰি
থকা এটা সম্পুৰ্ণ বেলেগ কথা। তেওঁ ইতিমধ্যে পানীত তিতি জপজপীয়া হৈছিল। তথাপি তেওঁৰ
মূৰটোৱে সঠিক ভাৱে চিন্তা কৰি থাকিব পাৰিছিল।
এইবাৰ তেওঁ মনত পেলালে সেই অলৌকিক গাঁঠিটোৰ কথা। সেই গাঁঠিটোৰ
কথা তেওঁ পাহৰিব পাৰে কেনেকৈ? কিমান কাহিনী যে সেই গাঁঠি টোৰ লগত জড়িত? তেওঁ এবাৰ সেপ
ঢুকি ললে, যাতে ভিতৰৰ উত্তেজনাখিনি ঢাকি ৰাখিব পাৰে। “তুমি সেই বিখ্যাত গঠিটোৰ কথা
জানানে?”
পছেইদনে ওলোটাই সুধিলে, “জনাতো দৰ্কাৰ নেকি?” পছেইদনে কাৰ
ওচৰতনো শিক্ষা লৈছিল ভাবি ভাবি আলেকজেণ্ডাৰে কবলৈ ধৰিলে। “শুনা। এসময়ত ফ্ৰিজিয়ান সকলৰ
কোনো শাসক নাছিল। যিহেতু শাসক এজন নথকাকৈ কোনো ৰাজ্য থাকিব নোৱাৰে, গতিকে তেওঁলোক বৰ
বিপদত পৰিল। সেয়ে তেওঁলোক এদিন এজন ভৱিষ্যত-বক্তাৰ ওচৰলৈ গল। তেওঁ মানুহবোৰক কলে যে
যিজন মানুহ নিজৰ গৰুগাড়ীত উঠি আহি প্ৰথমেই ৰাজ্যত সোমাবহি, তেঁৱেই তেওঁলোকৰ ৰজা হব।
আৰু, এনেকৈ গৰুগাড়ীত উঠিত অহা মানুহজন এজন খেতিয়কৰ বাহিৰে আন কোন হব পাৰে? সি যি কি
নহওক, হৰ্ষ আৰু জয়ধ্বনিৰ মাজত তেওঁকেই ৰজা পতা হল আৰু তেওঁৰ গাড়ীখন সাৱধানে এটা মন্দিৰৰ
খুটাত বান্ধি ৰখা হল। মহাকাশৰ দেৱতাৰ মন্দিৰ আছিল সেইটো।”
ইমান সময়ে পছেইদনে ভাবিবলৈ ধৰিছিল তেওঁনো আলেকজেণ্ডাৰৰ কাহিনী
শুনিবলৈ কিয় ললে?
“তুমি নিশ্চয় বুজি পাইছা যে গাড়ীখন বান্ধি ৰখা হৈছিল পৃথিৱীৰ
আটাইতকৈ জটিল ধৰণৰ গাঁঠি এটাৰ সহায়ত। ই ইমান টান, শক্তিশালী আৰু নিৰাপদ আছিল যে পৃথিৱীৰ
কোনো মানুহৰ পধ্যে এইটো খোলা সম্ভৱ হোৱা নাছিল। ইফালে ভৱিষ্যদ্বাণী কৰা আছিল যে যিজনে
এই গাঁঠি খুলিব পাৰিব, তেঁৱেই এচিয়াৰ অধিপতি হব। গতিকে বহুতেই এই গাঁঠিটো খুলিবলৈ চেষ্টা
কৰি ব্যৰ্থ হৈছিল। বহু বছৰ পাচত মই সেই ঠাইত উপস্থিত হৈ গাঁঠিটো খুলিলো। মই প্ৰথমে
খন্তেক সময় ভাবিলো আৰু দুঘাপ মাৰি তৰোৱালেৰে গাঁঠিটো কাটি পেলালো। গাঁঠিটো মুকলি হল
আৰু মই এতিয়া এচিয়াৰ অধিপতি।”
“ওঁ, মই এই কাহিনী ঝিলামৰ পৰা শুনিছো।” পছেইদনে কলে।
“কোন?” বুজিব নোৱাৰি আলেকজএণ্ডাৰে সুধিলে।
“তোমালোকে ইয়াক বেলেগ নামেৰে জানা। ভাৰতৰ নদী আৰু উপনদীবোৰ,
মই শাসন কৰি থকা পানীৰ সাম্ৰাজ্যখনৰ অবিভাজ্য অংশ।“ পছেইদনে উত্তৰ দিলে। “মই শুনিছো
যে পুৰুৰ লগত হোৱা যুদ্ধত তোমাৰ অৱস্থা অতি বেয়া হৈছিল।”
“অঁ, হয়। তেওঁ যুদ্ধত বৰ বেয়া নাছিল। মই সেয়ে তেওঁক তাত শাসন
কৰি থাকিবলৈ দিছিলো।” আলেকজেণ্ডাৰে কলে। তেওঁ মিছা কথা কব বিচৰা নাছিল।
“তেওঁ মোৰ অধীনতা মানি ললে আৰু দিবলগীয়া কৰ-কাটল শোধ কৰিলে।”
লগতে তেওঁ কলে। কিন্তু কথা পাতি থকাৰ মাজতো তেওঁৰ মনত পৰি
থাকিল, তেওঁনো কি উদ্দেশ্য লৈ তালৈ গৈছে। গতিকে তেওঁ কৈ উঠিল, “নাভাবিবা যে মোক নিজৰ
কামৰ পৰা বিচলিত কৰিব পাৰিবা। মই মানুহৰ বুদ্ধি- ছলনাবোৰ বুজি পাওঁ। কোনো ধৰণৰ কৌশল
নচলিব। মোৰ অধীনতা মানি লোৱাঁ।”
পছেইদন আলেকজেণ্ডাৰৰ নেৰানেপেৰা চেষ্টা দেখি মুগ্ধ হৈছিল।
তেওঁ কলে, “ঠিক আছে। মোৰ কিন্তু এটা প্ৰস্তাৱ আ।ছে।” তেওঁ হাতত থকা দণ্ডডাল এবাৰ ঘূৰালে।
নিমিষতে পিঠিত এটা বাকচ লৈ এটা সামুদ্ৰিক ঘোঁৰা আহি হাজিৰ হল। পছেইদনে বাকচটো লৈ আলেকজেণ্ডাৰক
দিলে আৰু কলে, “এতিয়া তুমি ইয়াৰ পৰা যোৱাঁগৈ। তাত পৃথিৱীৰ যিকোনো বস্তুৰে বাকচটো ভৰাই
ইয়ালৈ লৈ আহিবা। তেতিয়া মই তুমি বিচৰা ধৰণে কৰ-কাটল দি থাকিম।”
কিবা এটা কাম অন্ততঃ হল বুলি ভাবি আৰু মাটিলৈ ঘূৰি অহাৰ সুযোগ
পাই অলেকজেণ্ডাৰ ঘূৰি আহিল।
তেওঁ যথেষ্ট আত্মবিশ্বাসী আছিল। কোনো লৰালৰি নকৰি প্ৰথমে
তেওঁ তিতা শৰীৰ্টো শুকুৱালে। সাঁতুৰি সাঁতুৰি তেওঁৰ ভোক লাগিছিল। গতিকে প্ৰথমে তেওঁ
গৰম-গৰম কিবা অলপ খাই ললে। অলপ জিৰাই লৈ সতেজ হৈ লোৱাৰ পাচত ঘোঁৰাত উঠি তেওঁ সাগৰৰ
উপকুলৰ ফালে গল। তাত তেওঁ বাকচটো সাগৰৰ পানীত ডুবাই পুনৰ তুলি আনিলে। কিন্তু বাকচত
অকনো পানী নৰল। তেওঁ পুনৰ চেষ্টা কৰিলে। কিন্তু বাকচত এটোপালো পানী নৰল। আনকি বাকচটো
অকনো নিতিতিলো।
আলেকজেণ্ডাৰে বাকচটো সূক্ষ্মভৱে নিৰীক্ষণ কৰিলে। ইয়াত নিশ্চয়
এটা ফাঁট আছে। তেওঁ ভাবিলে। এইবাৰ তেওঁ বাকচটোত বালি ভৰাই চালে। কিন্তু এটা বালিৰ কণাও
বাকী নৰল। বাকচটো পূৰ্বৰ দৰে চিক্চিকীয়া হৈ ৰল।
তেওঁ চকু দুটা মুদি দিলে আৰু থুতৰিটো মোহাৰিলে। কিবা এটা ভাবি খন্তেকতে তেওঁ
ঘোঁৰাত উঠি নদীৰ পাৰ পালেগৈ। নদীখনৰ শীতল পানীত হাত জুবুৰিয়াই তেওঁ তাত দম বান্ধি থকা
শিলৰ পৰা মিহি, গোল-গোল শিল কিছুমান বুটলি পৰিষ্কাৰ কৰি ললে আৰু বাকচত ভৰাবলৈ ধৰিলে।
বগা, কলা, হালধীয়া, গুলপীয়া বিচিত্ৰ ৰঙৰ শিল আছিল সেইবোৰ। কিন্তু বাকচটো দাঙি দি তেওঁ
আকৌ আচৰিত হল। ভিতৰত এটাও শিল নাছিল।
আলেকজেণ্ডাৰ শিবিৰলৈ ঘুৰি আহিল আৰু খঙতে জোৰেৰে এটা ভুকু
মাৰিলে। এইবাৰ তেওঁ বাকচটো টেবুল এখনৰ ওপৰত ৰাখি ইয়াৰ গোপনীয়তা বিচাৰি উলিয়াবলৈ চেষ্টা
কৰিবলৈ ধৰিলে। চিন্তাত বিভোৰ হৈ তেওঁ এফালৰ পৰ আন ফাললৈ অহা-যোৱা কৰিবলৈ ধৰিলে। তেওঁ
বাৰে বাৰে পঢ়া ইলিয়াডখন আকৌ এবাৰ উলিয়ালে আৰু ইয়াৰ পাতবোৰ লুটিয়াবলৈ ধৰিলে। তেওঁ আশা
কৰিছিল যে হয়তো ইলিয়াডৰ পাতত বাকচটোৰ ৰহস্যৰ কিবা ভেদ থাকিবও পাৰে। এনেকৈ ভাবি থাকোতে
তেওঁৰ মনলৈ ট্ৰজান্ সকলৰ কাঠৰ ঘোঁৰাটোৰ কথা আহিল। গ্ৰীক সকলে এই ঘোঁৰাটো ট্ৰয়ৰ সৈন্যসকলক
দিছিল। ট্ৰজান সকলে জনা নাছিল যে কাঠৰ ঘোঁৰাটোৰ ভিতৰত শত্ৰুপক্ষৰ সৈন্য সোমাই আহিছে।
এনেকৈয়ে ঘোঁৰাত সোমাই গ্ৰীকসকল দিনৰ পোহৰতে ট্ৰয় নগৰত সোমাল আৰু ৰাতিৰ পোহৰত নগৰখন
লুট কৰি গুচি গল।
আলেকজেণ্ডাৰে ভাবিলে,
“ওঁ, কি কৰিব লাগে মই জানো।” তেওঁ নিজৰ আটাইতকৈ পাৰ্গত ভাস্কৰ জন মাতি পঠালে আৰু তেওঁক
একদম বাকচটোৰ জোখৰ এটা কঠিন শিল কাটি উলিয়াবলৈ কলে। ভাস্কৰজনেও সেইমতেই এটা শিল কাটি
দিলে। আলেকজেণ্ডাৰে অতি সন্তৰ্পৰ্ণে শিলটো বাকচত ভৰাই দিলে। কিন্তু পুনৰ বাৰ তেওঁৰ
আচৰিত হোৱাৰ পাল। বাকচটো আগৰ দৰেই খালী হৈ থাকিল।
এইবাৰ আলেকজেণ্ডাৰৰ বাবে পৰাজয় মানি লোৱাৰ পাল আহিল। তেওঁ
নিজৰ প্ৰিয় ঘোঁৰাটোৰ পিঠিত উঠি পছেইদনৰ কাৰেঙৰ ফালে যাবলৈ ধৰিলে। খালী বাকচটো পছেইদনক
ঘূৰাই দি তেওঁ কলে, “এইটো লোৱাঁ। মই নোৱাৰিলো। বাকচটোৰ ভিতৰত একোৱেই নৰয়। মই আৰু পানীৰ
অধিপতি হব নোৱাৰিম।”
পছেইদনে কৈ উঠিল, “নহয়। এই পানীখিনি মোৰো নহয়। মই মাত্ৰ সমুদ্ৰৰ
ৰজা, পানীভাগৰ দায়িত্বত আছো। এতিয়া এইফালে মন কৰাঁ।” কৈয়েই তেওঁ বাকচটো আগলৈ ঠেলি দিলে।
আলেকজেণ্ডাৰে দেখিলে যে বাকচটোৰ ভিতৰত অসংখ্য সামুদ্ৰিক প্ৰাণী, বিবিধ ৰং, আকাৰ আৰু
আকৃতিৰ। গোটেইবোৰে নিজৰ আনন্দত নিজে বিভোৰ হৈ সাঁতুৰি-নাদুৰি খেলা কৰি কৰি ইফালে সিফালে
যাবলৈ ধৰিলে। আলেকজেণ্ডাৰৰ চকুৰ সমুখতে বাকচটো নোহোৱা হৈ পৰিল। তেওঁৰ সমুখত কেৱল জলজ
জীৱকুলেৰে ভৰা সাগৰখনহে ৰৈ গল। আলেকজেণ্ডাৰে বুজি পালে, পানী কাৰো দখলৰ বাবে নহয়।
(মূল: গ্ৰীক সাধুৰ
পুনৰ্কথন)
0 Comments