গল্পঃ এজন বক্তাৰ নিৰ্মাণ (চুটি গল্প)

                     

এজন বক্তাৰ নিৰ্মাণ

মূল: ষ্টিফেন ক্ৰেইন

ভাবানুবাদ: যশোৱন্ত নিপুণ




 

    হুইলমভাইলৰ স্কুলখনৰ এইটো এটা নিয়ম আছিল যে, যেতিয়া লৰা-ছোৱালীবোৰে এটা বিশেষ শ্ৰেণী পাইছিল, তেতিয়া সিহঁতে শুকুৰবাৰৰ আবেলিটো বাগ্মীতাৰ বিকাশৰ কাৰণে উৎসৰ্গা কৰিব লাগিছিল ৷ এইটো এটা দুখ লগাকৈ মূৰ্খামিৰে ভৰা বিশ্বাস আছিল যে বক্তাৰ এনেদৰেই নিৰ্মাণ হব পাৰে ৷  স্কুলখনৰ আইনমতে, দুৰ্ভগীয়া লৰা আৰু ছোৱালীবোৰক টানি আনি তেওঁলোকৰ সমনীয়া পণ্ডিতসকলৰ আগত শতিকাটোৰ মাজ ভাগৰ সাহিত্যৰ বিষয়ে কবলৈ দিয়া হয় ৷  সম্ভৱতঃ নিজৰ মনৰ ভাব সকলোতকৈ ভালকৈ প্ৰকাশ কৰিবলৈ সক্ষম হোৱা শিশু কেইজন, যি কেইজন বাক-শক্তিৰ প্ৰতি খুব সংবেদনশীল আছিল, সেই কেইজনৰে সকলোতকৈ বেছি দুৰ্গতি হৈছিল ৷ সৰু অজ্ঞ কেইজনে, যিসকলে থিয় হৈ গতানুগতিক কবিতা এটাৰ আঠ শাৰী সিহঁতৰ শ্ৰেণীৰ বন্ধুসকলৰ সম্মুখত খৰকৈ গাই দিব পাৰিছিল, সিহঁতে তেনে কোনো পীড়া ভোগ নকৰিছিল ৷  থিয় হৈ সিহঁতৰ মনৰ কথা সিহঁতৰ লগৰ প্ৰাণীবোৰৰ আগত বেকত কৰিবলৈ, আচলতে এই আঁচনিয়ে শিশুসকলৰ মনত চিৰদিনৰ কাৰণে এটা ভয় ভাবৰহে সৃষ্টি কৰিছিল ৷

   জিমি ত্ৰেস্কতৰ এটা ধাৰণা আছিল যে ভাবিব নোৱৰা মূৰ্খামিৰ প্ৰদৰ্শনীৰ দ্বাৰা সি সেই উচ্চ শ্ৰেণীৰ কোঠাটোলৈ, ত বন্দীসকলক এনে ধৰণৰ দণ্ড ভোগ কৰোৱা হৈছিল,  উত্তীৰ্ণ হোৱাৰ পৰা হাত সাৰিব পাৰিব ৷ সেইখন সাম্ৰাজ্যত প্ৰৱেশ কৰি যত এনে কিছুমান মহান কাম কৰিব লাগে যিবোৰ তাৰ কাৰণে মৃত্যুতকৈও ভয়ংকৰ আছিল, তাতকৈ সি এক কম বৰ্ণময় ঠাইতে থাকিবলৈ বেছি পচন্দ কৰিছিল ৷ পাছে, সি পচন্দ কৰক বা নকৰক, তাক সেই নিৰ্যাতনৰ ঠাইখনলৈ আগবঢ়াই দিয়া হল ৷

    প্ৰত্যেক শুকুৰবাৰে কমেও দহজন সৰু সৰু শিশুৱে শিক্ষকৰ ডেস্কৰ ওচৰৰ মঞ্চখনত আৰোহণ কৰি এনেকুৱা কিবাকিবি ভোৰভোৰাব লাগিছিল, যিবোৰ সিহঁতৰ কোনেও বুজিব নোৱাৰিছিল ৷ এইবিলাক সিহঁতক পাকৈত বক্তা কৰাৰ আয়োজন আছিল ৷ যদিহে সিহঁতক ভেকুলীৰ দৰে টোৰটোৰাবলৈও আদেশ কৰা হলহেঁতেন, সেইটোৱেও সিহঁতৰ বেছিভাগকেই সুবক্তা হোৱাৰ পথত সমানেই আগুৱাই দিলেহেঁতেন ৷

    বৰ্ণানুক্ৰমে জিমি ত্ৰেস্কত হতভগীয়াসকলৰ তালিকাৰ শেষৰ ফালে আছিল, কিন্তু তাৰ পালো অলপো কম  অৱশ্যাম্ভাৱী নাছিল ৷ তেন্নাৰ, তিমেন্স, ত্ৰাছ, ত্ৰেস্কত --”, সি তাৰ দুৰ্যোগৰ দিনটো ওচৰ চাপি অহা দেখিছিল ৷

     সি শিক্ষয়িত্ৰীগৰাকীৰ আগত নিস্ক্ৰিয়ৰ দৰে আছিল যেতিয়া তেওঁ তাৰ মূৰত লাইট ব্ৰিগেডৰ আক্ৰমণৰ দুৰ্বোধ্য শাৰীবোৰ সুমুৱাই দিবলৈ চেষ্টা কৰিছিল:

    আধা লিগ, আধা লিগ,

    আধা লিগ সম্মুখলৈ -

  লিগ সম্পৰ্কে তাৰ একো ধাৰণাই নাছিল ৷ যদিহে কেতিয়াবা এনেয়ে কোনোবাই তাক সি ঘৰৰ পৰা আধা লিগ দূৰত থকা বুলি কলেহেঁতেন, সি কিজানি ঘৰৰ পৰা পঞ্চাশ মাইল আঁতৰত থকা বুলি ভাবি খুব ভয় খালেহেঁতেন ; কিন্তু সি বৰ সাহসেৰে মৃত্যুৰ উপত্যকাত ঐতিহাসিক ছশ বীৰৰ সম্মুখীন হ, যিসকলে সেই ঠাইত কিবা এটা কৰি আছিল, যিটো কিবা এটা খুব ভাল কাম আছিল, তেনেকৈয়ে তাক কোৱা হৈছিল ৷  সি গোটেইবোৰ পংক্তি শিকিছিল ৷

  কিন্তু যেতিয়া তাৰ নিজৰ ভাগৰ শুকুৰবাৰৰ আবেলিটো ওচৰ চাপি আহিছিল, সি চিন্তাত পৰিছিল আৰু তাৰ পৰিয়ালক জনাবলৈ আৰম্ভ কৰিছিল যে এটা ভয়ানক অসুখ তাৰ হবলৈ ধৰিছে, আৰু সেইটোৱে তাক যিকোনো মূহুৰ্ততেই তাৰ প্ৰাণৰ স্কুলখনলৈ যোৱাৰ পৰা বিৰত কৰিব পাৰে ৷

   সেই মহান শুকুৰবাৰৰ দিনা ডাঃ ত্ৰেস্কট ঘৰত নাছিল  যিদিনা লৰাটোৰ নামৰ ওচৰ-পাজৰৰ শিশুবোৰে সিহঁতৰ ভাগৰ বক্তব্য ৰাখিব লগা আছিল, আৰু লৰাটোৰ মাক জিমিৰ আচৰিত ধৰণৰ অসুস্থতাৰ কাৰণে ভাবিব নোৱৰা ধৰণে শঙ্কিত হৈছিল,  যি অসুস্থতাৰ কাৰণে লৰাটোৱে জুইকুৰাৰ ওচৰৰ কাপোৰ এখনত বাগৰি বাগৰি অতি কষ্টেৰে কেঁকাই আছিল ৷ 

   তেওঁ তাৰ ভৰি দুখন ৰঙা পৰি যোৱাকৈ সৰিয়হ দিয়া গৰম পানীত ধুৱাইছিল ৷ তেওঁ সৰিয়হ বঁতি তাৰ বুকুত লেপ এটাও দিছিল ৷

    সি ঘোষণা কৰিছিল যে এই সকলোবোৰ চিকিৎসাই তাৰ একোৱেই ভাল নকৰিলে -- একোৱেই ভাল নকৰিলে ৷  বহুত কষ্ট ভোগ কৰি থকা লৰা এজনৰ ভাবেৰে সি সেই গোটেই দিনটো সম্পূৰ্ণ মাতৃত্বসুলভ মনোযোগবোৰ সহ্য কৰি থাকিল ৷ এনেকৈয়ে প্ৰথম শুকুৰবাৰটো ভালে ভালে পাৰ হল ৷

   অসীম ধৈৰ্যেৰে সি জুইকুৰাৰ সম্মুখত বহিছিল আৰু ছবি থকা কিতাপবোৰ চাইছিল, আৰু যেতিয়াই মাকে সি অলপ ভাল পোৱা যেন ভবা বুলি সন্দেহ কৰিছিল তেতিয়াই আকৌ কিবা এটা বৰ কষ্ট পাই থকা বুলি অভিযোগ কৰিছিল ৷ তাৰ পাছৰ শনিবাৰৰ দিনটো বন্ধৰ দিন আছিল, আৰু সি আশ্বৰ্যকৰভাৱে অসুখবোৰৰ কবলৰ পৰা সম্পূৰ্ণ মুক্ত হৈ পৰিছিল, আৰু তজবজীয়া স্বাস্থ্যৰ লৰাটি হৈ খেলিবলৈ ওলাই গৈছিল ৷ 

        তাৰ কোনোধৰণৰ অসুখ মাজতে হোৱা নাছিল তাৰ পাছৰ সপ্তাহৰ বৃহস্পতিবাৰৰ নিশালৈকে ৷ সেই নিশা সি আকৌ ঘোষণা কৰিলে - তাৰ খুব, খুবেই বেয়া লাগিছে ৷ মাক ইতিমধ্যেই পুতেকৰ স্বাস্থ্যসম্পৰ্কে সদায়ে শঙ্কিত হৈ আছিলেই ৷ কিন্ত ডাঃ ত্ৰেস্কতে কিবাকিবি প্ৰশ্ন সুধিছিল যাৰ উত্তৰবোৰ বিশ্বাস কৰিব নোৱৰা ধৰণৰ আছিল ৷ তৃতীয় শুকুৰবাৰটোত জিমিক ডাঃ ত্ৰেস্কটৰ গাড়ীৰ পৰা নমাই স্কুলত থৈ অহা হল ৷ বাকী লৰা-ছোৱালীবোৰে, বিশেষকৈ যিবোৰে দুঃস্বপ্নৰ পৰ্বতখন ইতিমধ্যেই পাৰ হৈ আহিছিল, তালৈ সন্তোষেৰে চাইছিল ৷ সিহঁতে তাৰ মাজত কচাইৰ হাতত নিহত হবলৈ ওলোৱা আন এটি ভেৰা দেখিবলৈ পাইছিল ৷ শ্ৰেণীকোঠাৰ বেঞ্চত বহি জিমিয়ে কেতিয়াবা ভয় লগা স্পষ্টতাৰে লাইট ব্ৰিগেডৰ আক্ৰমণৰ প্ৰতিটো শাৰী মনত পেলাব পাৰিছিল, আৰু কেতিয়াবা তাৰ মন বগা উকা কাগজ এখন যেন হৈছিল ৷ ভূগোল, গণিত আৰু বানান -- সাধৰণতে টান বিষয় -- তাৰ মনৰ পৰা পলাই গল ৷ তাৰ মনত মাত্ৰ সেই আতংকই খেলা কৰি আছিল - কেতিয়া তাৰ নামটো মতা হব আৰু সি মঞ্চলৈ গৈ, মুখ ঘূৰাই, মূৰ দোৱাই তাৰ বাণীবোৰ সহপাঠী সকলৰ আবৃত্তি কৰিব লাগিব ৷   

 হতাশভাৱে পলম কৰাৰ কিবাকিবি উপায় তাৰ মনলৈ আহিছিল ৷ যদিহে সি কিবা সঁচা অসুখ-বিসুখ বা তেনেকুৱা যন্ত্ৰণাৰ সেৱা লাভ কৰিব পাৰিলেহেঁতেন, সি বৰ সুখ পালেহঁতেন ৷  কিন্তু নিৰন্তৰ অবিচলিতভাৱে মূহুৰ্তবোৰ আগবাঢ়ি গৈছিল তাৰ মহা সংকটৰ ফালে, আৰু তাৰ পলায়নৰ সকলো আঁচনি মাত্ৰ তীব্ৰ আতংকৰ তৰংগ এটাত মিলি গৈছিল ৷ 

 বাহিৰৰ মেপল গছবোৰে আবেলিৰ দুৰ্বল হৈ অহা সূৰ্যৰ ৰশ্মিক পৰাভূত কৰি থিয় হৈ আছিল, ছায়াভৰা শ্ৰেণীকোঠাটোলৈ প্ৰশান্তি নামি আহিছিল, কিন্তু তাৰ মাজতো জুই একুৰাৰ মাজেৰে পাৰ হৈ অহা শিশুবোৰৰ স্বস্তিৰ নিশ্বাস অনুভৱ কৰিব পৰা গৈছিল ৷ সিহঁতে শান্তভাৱে সাজু হৈছিল আনবিলাকৰ শাস্তিবোৰ এটা দৃশ্যৰ দৰে চাবলৈ ৷

     অকণমানি জনি টেনাৰে উৎসৱটো আৰম্ভ কৰিলে ৷ সি গধুৰ, গধুৰ খোজেৰে মঞ্চলৈ উঠি গ, আৰু এনে ধৰণে মূৰ দোৱালে যে সি পৰিবলৈয়ে ধৰিছিল ৷ সি ঘপককৈ কবলৈ আৰম্ভ কৰিলে যে যেতিয়া আয়াৰলেণ্ডৰ বদনাম কৰা হব তেতিয়া তাৰ কাৰণে নীৰৱে বহি থকাটো অসম্ভৱ, আৰু সি তাৰ সম্মুখৰ বীৰ সৈন্যসকলক সুধিছিল - প্ৰত্যেক বৃটিছ যুদ্ধক্ষেত্ৰ ইমাৰেল্ড দ্বীপৰ সন্তানসকলৰ হাড়েৰে ভৰি পৰা নাছিল নেকি ৷ সি আকৌ কোৱা শুনা গল যে সি বৰ গভীৰ দুখ আৰু আশ্বৰ্যৰে সন্মানীয় উত্তৰ গ্লেনমৰ্গেনশ্বায়াৰৰ সদস্যসকলৰ মন্তব্যবোৰ শুনিছিল যে আইৰিশ সৈন্য-গোটৰ মহাৰাণীৰ কাৰণে আনুগত্যৰ প্ৰতি সন্দেহ কৰিব পাৰি ৷ তেনেহলে কি ঊদ্দেশ্যত, সি সুধিছিল, আইৰিশসকলৰ তেজ এশখন যুদ্ধক্ষেত্ৰত বৈ গৈছিল ?  তেনেহলে কি ঊদ্দেশ্যত আইৰিশসকলে সাহস আৰু দেশপ্ৰেমেৰে মৃত্যুক সাবটি লৈছিল এই পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰত যত ইংলেণ্ডৰ বিজয়ৰ পতাকা উৰিছিল ? যদিহে উত্তৰ গ্লেনমৰ্গেনশ্বায়াৰৰ সন্মানীয় সদস্যসকলে ডাবলিনৰ সৈন্যসকলৰ মাজত হোৱা সামান্য ভুল বুজাবুজিকেই মহাৰাণী আৰু সাম্ৰাজ্যৰ বিৰুদ্ধে চলা মহা ষড়যন্ত্ৰৰ ৰূপ দিব খোজে, তেনেহলে এতিয়া আয়াৰলেণ্ডৰ কাৰণে তিক্ততাৰে নিজৰ মৃত সন্তানসকলৰ বাবে ভবাৰ সময় আহি পৰিছে, যাৰ সমাধি ইংলেণ্ডৰ প্ৰত্যেক বিকাশৰ ঢাপত প্ৰতীক হৈ ৰৈছে, তথাপিও যাৰ গৌৰৱ তেওঁলোকৰ পৰা ইমান সহজতে কাঢ়ি লোৱাৰ অধিকাৰ ৰাখে উত্তৰ গ্লেনমৰ্গেনশ্বায়াৰৰ সন্মানীয় সদস্যসকলে ৷  তদুপৰি, উত্তৰ গ্লেনমৰ্গেনশ্বায়াৰৰ সন্মানীয় সদস্যসকল --

  বই নালাগে যে অকণমানি জনি টেনাৰৰ ভাষাই উত্তৰ গ্লেনমৰ্গেনশ্বায়াৰৰ সন্মানীয় সদস্যসকলক এটা অগ্নিকুণ্ডৰ মাজলৈ লৈ গৈছিল ৷ কিন্তু জনিৰ আচলতে খং উঠা নাছিল ৷ সি মাত্ৰ খৰধৰ কৰিছিল ৷ সি উত্তৰ গ্লেনমৰ্গেনশ্বায়াৰৰ সন্মানীয় সদস্যসকলৰ আধ্যা পেলাইছিল, ব পাৰি কেইটামান বেগী আৰু দীঘল খোজেৰে ৷

   তাৰ পিছত সুসি তাইমেন মঞ্চলৈ গৈছিল,  আৰু মৃত্যুৰ দৰে শেঁতা মুখ এখনেৰে ঘোষণা কৰিছিল যে তাই মে দিৱসৰ ৰাণী হব ৷  এই ছোৱালীজনীয়ে অনাৱশ্যক ক্লেশভোগৰ এখন সম্পূৰ্ণ নিখুঁত ছবিৰ প্ৰতিনিধিত্ব কৰিছিল ৷ তাইৰ সৰু ওঁঠযুৰি নীলা হৈ গৈছিল, আৰু তাইৰ বহলকৈ মেলা চকুযুৰিত এটা শূন্য,   আতংকৰ চাৱনি আছিল ৷ নিৰ্বিকাৰ ত্ৰাছ উপাধিৰ লৰাটো, যাৰ ঘূৰণীয়া মুখমণ্ডলত মাত্ৰ চহা ভাব এটা ফুটি উঠিছিল, সি জীৱনৰ লক্ষ্য আৰু অৰ্থ সম্পৰ্কে কিছুমান অস্বীকাৰ কৰিব নোৱাৰা সত্য শান্তভাৱে ব্যক্ত কৰিছিল ৷

    তাৰ আসনত বহি জিমি ত্ৰেস্কট ওচৰ চাপি অহা মহাপতনৰ কথা ভাবি ভাবি ভয়তে আধা অন্ধ হৈ গৈছিল ৷ সি ইচ্ছা কৰিছিল শ্ৰীমান ত্ৰাছে চিৰকাল জীৱনৰ লক্ষ্য আৰু অৰ্থ সম্পৰ্কে কৈয়ে থাকিব, কৈয়ে থাকিব ৷ সি ভাবিছিল যে যদি স্কুলখনত তেতিয়া জুই লাগিলেহেঁতেন, তেতিয়া সি অলপ ৰক্ষা পৰিলেহেঁতেন ৷ বেলেগ যিকোনো সম্ভাৱনাই ভাল আছিল ৷ জুই একুৰাৰ মাজত মৃত্যু বৰণ কৰাটো লাইট ব্ৰিগেডৰ আক্ৰমণৰ আবৃত্তি কৰাতকৈ নিৰাপদ আছিল ৷ কিন্তু শ্ৰীমান ত্ৰাছে অতি সোনকালেই তাৰ জীৱন সম্পৰ্কীয় গধুৰ সত্যৰ বক্তব্যৰ সামৰণি মাৰিলে ৷ জিমিয়ে শিক্ষকজনে তেওঁৰ নাম মতা শুনিলে, আৰু তাৰ এনে লাগিছিল যেন গোটেই পৃথিৱীয়ে তাক ঘূৰি ঘূৰি চাবলৈ ধৰিছে ৷ কেনেকৈ মঞ্চত আৰোহণ কৰিলে সি গমেই ধৰিব নোৱাৰিলে ৷ গাৰ কিছু অংশ সীহৰ দৰে গধুৰ আৰু কিছু অংশ বতাহৰ দৰে পাতল হৈ বিচ্ছিন্ন হোৱা যেন অনুভৱ হৈছিল তাৰ ৷ সুসি টাইমেনৰ দৰেই তাৰ মুখখন শেঁতা হৈ গৈছিল ৷ সি এটা কেৱল মানসিক পীড়াত ভুগি থকা শিশুত পৰিণত হৈছিল ; এয়াই এই বিষয়ে বিশেষকৈ কব লগা সকলো ; আৰু জনাবুজাসকলৰ কাৰণে এই প্ৰদৰ্শনীখন এখন ককুৰৰ যুঁজতকৈ বেছিকৈ শিক্ষণীয় বিবেচিত নহলহেঁতেন ৷

   সি আচহুৱা ধৰণে মূৰ দোৱালে, উশাহটো যেন বন্ধ হব তাৰ, এটা বুজিব নোৱৰা শব্দ উচ্চাৰণ কৰিলে, আৰু তেতিয়া হঠাতে কৈ উঠিল,

   আধা লেগ --

   লিগ,” শিক্ষয়িত্ৰীগৰাকীয়ে শান্তভাৱে কলে ৷

   আধা লেগ --

    লিগ,” শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল ৷

    লিগ,” জিমিয়ে পুনৰাবৃত্তি কৰিলে বিতত হৈ ৷

    আধা লিগ, আধা লিগ, আধা লিগ সম্মুখলৈ ৷

    সি এইখিনিতেই ৰৈ গল আৰু শিক্ষয়িত্ৰীগৰাকীলৈ হতভগীয়া এটিৰ দৰে চালে ৷

  আধা লিগ,” সি সেপ ঢুকি কলে -- আধা লিগ --

  সি বোধহয় এই শব্দ দুটা কৈয়েই থাকিলেহেঁতেন, গতিকে অলপ পাছত শিক্ষয়িত্ৰীগৰাকীয়ে কলে, “আগ বাঢ়া ৷

   আধা লিগ,” জিমিয়ে উত্তৰ দিলে ৷

   শিক্ষয়িত্ৰীগৰাকীয়ে কিতাপখন মেলি লৈছিল, আৰু তেওঁ তাৰ পৰা পঢ়িছিল:

   সকলোৱে মৃত্যুৰ উপত্যকাত

   ঘোঁৰাত উঠি --

   এতিয়া, আৰম্ভ কৰা,” তেওঁ কৈছিল ৷   

    জিমিয়ে আৰম্ভ কৰিছিল,

   সকলোৱে মৃত্যুৰ উপত্যকাত

    ঘোঁৰাত উঠি -- উঠি -- উঠি

    সি অসীম কাকুতিভৰা চাৱনিৰে শিক্ষয়িত্ৰীৰ ফালে চাইছিল, আৰু উশাহ নসলোৱাকৈ ফুচফুচাই কৈছিল,  ঘোঁৰাত উঠি কি ?”  

  গাভৰু শিক্ষয়িত্ৰীগৰাকী চুলিৰ গুৰিলৈকে বিৰক্ত হৈছিল ৷

  ঘোঁৰাত উঠি ছশ বীৰ সৈনিক,”

   তেওঁ তাক ভেকাহি মাৰি কৈছিল ৷

   শ্ৰেণীটো এই নিষ্ঠুৰ প্ৰদৰ্শনী প্ৰত্যক্ষ কৰি ফুচফুচনি আৰু খিলখিলনিৰে ভৰি পৰিছিল ৷ সিহঁত সম্ৰাট নিৰৰ সময়ৰ ষ্টেডিয়ামত খেল চাই থকা ৰোমান জনতাৰ দৰেই হৈ পৰিছিল ৷

     জিমিয়ে আকৌ আৰম্ভ কৰিলে:

   আধা লেগ -- লিগ, আধা লিগ, আধা লিগ সম্মুখলৈ,

    সকলোৱে মৃত্যুৰ উপত্যকাত

    ঘোঁৰাত উঠি  ছশ বীৰ সৈনিক,

    সম্মুখলৈ -- সম্মুখলৈ -- সম্মুখলৈ --

   লাইট ব্ৰিগেড,”,  শিক্ষয়িত্ৰীগৰাকীয়ে খঙেৰে ইংগিত দিছিল ৷

   লাইট ব্ৰিগেড,” জিমিয়ে সেপঢুকি কৈছিল ৷ সি তাৰ অৱস্থাটোৰ লাজলগা যন্ত্ৰণাত প্ৰায় মৰিবলৈ ওলাইছিল ৷

  আৰু লৰ্ড টেনিচনৰ বিখ্যাত কবিতাটোৰ শাৰীবোৰ,  সেইবোৰে তাৰ মনৰ পৰা সসন্মানে পলাই ফাট মাৰিছিল, আৰু তাৰ মন এখন নিষ্কলংক বগা দেৱাল হৈ পৰিছিল ৷ 

   শিক্ষয়িত্ৰীগৰাকীৰ খং তেতিয়াও জামৰা নাছিল ৷ তেওঁ বেচেৰা হতভগীয়াটোলৈ খঙাল চাৱনি নিক্ষেপ কৰিলে ৷

   তুমি স্কুল চুটিৰ পাছত ৰব লাগিব আৰু প্ৰথমৰ পৰা সকলোখিনি আকৌ শিকিব লাগিব,” তেওঁ আদেশ কৰিছিল ৷

   আৰু অহা শুকুৰবাৰে কবলৈ সাজু হবা ৷ মই বৰ আচৰিত হৈছোঁ, জিমি ৷ যোৱা, বহাগৈ ৷

    যদি তেওঁ তাক হঠাতে এটি ভৰহীন আত্মাত পৰিণত কৰিলেহেঁতেন আৰু পৃথিৱীৰ কাম-বনৰ কষ্টৰ পৰা নিষ্কৃতি দি তাক বহু ওপৰৰ আকাশত খুচিমতে উৰি ফুৰিবলৈ মুকলি কৰি দিলেহেঁতেন, তেতিয়াও সি  সিমান আনন্দিত নহলহেঁতেন ৷ সি বন্ধুসকলৰ অনুচ্চ টিটকাৰিবোৰলৈ অকণো মন নিদি তাৰ বেঞ্চলৈ পলাই গল ৷ সি পিছৰটো শুকুৰবাৰে সম্মুখীন হব লগা আতংকৰ বিষয়ে অকণো চিন্তাই নকৰিলে ৷ দিনটোৰ দুৰ্যোগবোৰ তাৰ কাৰণে যথেষ্ট আছিল, আৰু শিশুসুলভ মনৰ কাৰণে এটা সপ্তাহ এটা যুগৰ সমান ৷

   তাৰ বয়সৰ আনন্দময় সংগতিবিহীনতাৰে সি আশীৰ্বাদপূৰ্ণ প্ৰশান্তিৰে তাৰ ঠাইত বহিছিল, আৰু জিমাৰমেন নামৰ  আন এটা দুৰ্ভগীয়া লৰাৰ ক্লেশভোগৰ দৃশ্যটো চাবলৈ ধৰিছিল, সেই লৰাটো শিক্ষাব্যৱস্থাৰ পিছৰটো চিকাৰ আছিল ৷  অৱশ্যেই জিমিয়ে উপলব্ধি কৰা নাছিল যে সেই দিনটোতেই তাৰ কাৰণে তাৰ মৃত্যুলৈকে স্থায়ী জনসভাত বক্তৃতা প্ৰদানৰ অসমৰ্থতাৰ ভেটি স্থাপন কৰা হৈ গৈছিল ৷

Post a Comment

0 Comments