নবনীতা দেব সেনৰ এটি লেখা-----
অসমীয়া অনুবাদ :: অনুৰাধা বৰুৱা
“বিছ-বাইছ বছৰৰ আগৰ কথা । এখন শাৰদীয় আলোচনীত সমৰেশ বসুৱে এজন পঞ্চাশোৰ্ধ পুৰুষৰ দ্বাদশ শ্ৰেণীৰ এজনী ছাত্ৰীৰ সৈতে হোৱা মধুৰ প্ৰেমৰ কাহিনী এটা লিখিছিল । সেইটো পঢ়াৰ পাছত মই ভাবিছিলোঁ, বাঃ পুৰুষ মানুহ বাবে তেওঁ যি মন যায় তাকেই যদি লিখিব পাৰে, তেন্তে মইনো নিলিখোঁ কিয় ? বয়সৰ পাৰ্থক্যটো অলপ কমাই দি চল্লিশোৰ্ধৰ এগৰাকী মহিলাৰ সৈতে দ্বাদশ শ্ৰেণীৰ কোনো ছাত্ৰৰ প্ৰেম কাহিনীৰ বিষয়ে ময়োতো লিখিব পাৰোঁ ! পাঠক সমাজে কি কয় দেখা যাওকচোন ।
কিন্তু খোৱাৰ মেজত কথাটো উলিওৱাৰ লগে লগে যেন বজ্ৰপাতহে পৰিল । “কি কথা কৈছ তই ? মগজ বেয়া হ'ল নেকি ?” হতভম্ব হৈ মায়ে ক'লে, “সেইবাৰ
লিখিবি, ছপা কৰিবি, তাৰপাছতো মাক-দেউতাকবোৰে নিজৰ ল'ৰা ছোৱালীক তোৰ ওচৰত পঢ়িবলৈ কলেজলৈ পঠিয়াবনে ? তোকতো ডাইনী বুলি ক'ব !” ছোৱালীজনীয়েতো প্ৰায় কান্দিয়েই পেলালে --- তাইৰ শিক্ষক শিক্ষয়িত্ৰী, তাইৰ বন্ধু বান্ধৱী--- সকলোৱে তাইৰ মাকক কি বুলি ভাবিব ? তাই আৰু মুখেই উলিয়াব নোৱাৰাহ’ব ! “নাই নাই মা, তুমি সেইবোৰ কেতিয়াও নিলিখিবা” ।
ঘৰৰ ভিতৰত হোৱা প্ৰতিক্ৰিয়া দেখিয়েই মই অবাক হ'লোঁ । মা নহৈ যদি মই দেউতা হ'লোঁহেঁতেন, তেনে ক্ষেত্রত কিন্তু ছোৱালীজনীৰ শিক্ষক শিক্ষয়িত্ৰী, সতীৰ্থ, মোৰ ছাত্ৰ ছাত্ৰীসকল কোনেও একোৱেই নাভাবিলেহেঁতেন । দেউতাবোৰ মুক্ত প্ৰাণী । তেওঁলোকৰ কলমো মুক্ত । তেওঁলোকে যি মন কৰে তাকেই লিখিব পাৰে । মই মহিলা, মই নোৱাৰোঁ । যিদৰে, গৰম দিনত দেউতা সকলে শুদা গাৰে ফেনৰ তলত শুব পাৰে । আমি বেচেৰী মাবোৰে নোৱাৰোঁ । কথা একেটাই ।
সামাজিক অনুশাসনৰ দোহাই দি একেটা বিষয়ে পুৰুষৰ ওচৰত এক ধৰণে দেখা দিয়ে, মহিলাৰ ওচৰত আন এক ধৰণে । সমাজৰপৰা পোৱা শিক্ষা অনুযায়ী মহিলা আৰু পুৰুষৰপৰা আমাৰ পৃথক পৃথক ধৰণৰ প্ৰত্যাশা থাকে । তাৰ ফলত আমাৰ প্ৰতিক্ৰিয়াও হয় ভিন ভিন । সাহিত্য ক্ষেত্ৰতো সেয়া প্ৰকাশৰ স্বৰূপ ভিন্ন প্ৰকাৰৰ ।
পাঠক সমাজৰ প্ৰতিক্ৰিয়া জনাৰ বাবেই মই সেই ধৰণৰ প্ৰেম কাহিনী লিখাৰ কথা ভাবিছিলোঁ । কিন্তু লিখাৰ আগতেই ঘৰৰ ভিতৰতে যি প্ৰতিক্ৰিয়া দেখা পালোঁ, তাতেই মই মোৰ উত্তৰ পাই গ'লোঁ ।
যি পিতৃতান্ত্ৰিক শাসন প্ৰণালীয়ে আমাৰ কলমক জৰী বান্ধি থৈছে, আমাৰ
পৰিয়ালবোৰো সেই শাসন প্ৰণালীৰেই অংশ । আটাইতকৈ ডাঙৰ কথা, এই
সমাজ ব্যৱস্থাই আমাৰ কলম সংযত কৰিবলৈ আমাক বাধ্য কৰিছে । যিদৰে কুকুৰৰ মুখত এখন জাল লগাই কামোৰা অথবা ভুকাত আমি তাক বাধা দিওঁ, ঠিক
সেইদৰে কলমৰ মুখতো এখন জাল লগাই দি সেই সংযম ৰক্ষা কৰা হয় ।
এইখন জগতত, জীৱনত মই কিমান কি যে লিখিব বিচাৰোঁ, কিন্তু লিখা নাই । কিমান গল্প নিলিখাকৈয়ে থাকি গৈছে, কিমান
কবিতাৰ জন্মই নহ'ল । কাৰণ মোৰ কলমত সীতাৰ লক্ষ্মণ ৰেখা টনা আছে । আৰু এই দেশৰ অধিকাংশ মহিলাই মোৰ দৰে, তছলিমাৰ দৰে নহয় ।
মোৰ মা আৰু ছোৱালীজনীৰ প্ৰতিক্ৰিয়া বৰ এটা দুৰ্বোধ্য নহয় । মায়ে ভাবিছে, “সকলোৱে ভাবিব এয়া নিশ্চয় মোৰ ডিভোৰ্চী ছোৱালীজনীৰ নিজৰেই কাহিনী” । ছোৱালীজনীয়েও ভাবিছে, “সকলোৱে ভাবিব , নিশ্চয় এয়া মোৰ মাৰেই জীৱন কাহিনী” । এনেকৈয়েতো নিষিদ্ধ কৰা হৈছে । কিন্তু গল্পটো মোৰেই জীৱন কাহিনী বুলি মানুহে কিয় ভাবে ? কাৰণ সেইটোয়েই প্ৰথা । বেছিভাগ ক্ষেত্ৰতে লেখিকা গৰাকীক তেখেতৰ লিখনিৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰা হয়। সৃষ্টিৰ লগে লগে সৃষ্টিকৰ্তাও হৈ পৰে নিজৰেই সৃষ্টিৰ অবিচ্ছেদ্য অংগ ।
সুচিত্ৰা ভট্টাচাৰ্য্যই কৈছিল, তেখেতৰ ‘হেমন্তেৰ পাখি’ পঢ়ি
বুদ্ধদেব গুহই তেওঁক ফোন কৰিছিল । সুচিত্ৰাৰ স্বামীয়ে ফোন ধৰাত তেখেতে ক'লে, 'সুপ্ৰতীম, অদিতিক মাতি দিয়াচোন' । অৰ্থাৎ উপন্যাসখন পাঠকৰ দৃষ্টিত সুচিত্ৰাৰ আত্মজীৱনী হৈ পৰিল । এনে ধৰণৰ বহুতো উদাহৰণ আছে । মোৰ প্ৰথম উপন্যাস ‘আমি অনুপম’ প্ৰকাশৰ পাছত বহুতেই ভাবিছিল, অনুপম নিশ্চয় ‘ অমৰ্ত্য সেন’ আৰু
‘সুধা’ মই নিজে ।
বোলছবিৰ ক্ষেত্ৰতো এইবোৰেই চলি অহা দেখা গৈছে । ‘ফায়াৰ’ বোলছবিৰ পৰিচালক দীপা মেহতাই বহুবাৰ এই প্ৰশ্নৰ সন্মুখীন হ'ব লগীয়া হৈছিল ‘আপুনি সমকামী নেকি?’ ইয়াতেই
সমস্যাৰ শেষ হোৱা নাই । কি লিখিম, কি ভাষাত লিখিম, সেই সকলোবোৰ নিৰ্ধাৰণ কৰাৰ দায়িত্ব যেন সকলোৰে ।
প্ৰায় পোন্ধৰ বিছ বছৰ আগতে প্ৰতুল গুপ্তৰ ঘৰত সমৰেশ মজুমদাৰে মোক সুধিছিল, “নবনীতা, আপোনাক আমি ভাল পাওঁ । কিন্তু এয়া আপুনি কি কৰিলে ? ‘অজাচাৰ’ নামৰ গল্পটো কিয় লিখিলে ? তাত ‘পাল
খোৱা’ --- এই গ্ৰাম্য ভাষাটো কিয় ব্যৱহাৰ কৰিলে ? এয়া কোনো ভদ্ৰমহিলাৰ কলমৰ ভাষানে ?” তাৰ বহু বছৰ পাছত সাম্প্ৰতিক কালৰ অনুজ কবি কাবেৰী ৰায়চৌধুৰীৰ ‘তলা আৰু ছাবি’ শীৰ্ষক কবিতাটিৰ ( য'ত নষ্ট চৰিত্ৰৰ পুৰুষসকলক সতীত্বৰ তলা খুলি পেলোৱাৰ বাবে আহ্বান জনোৱা হৈছিল) প্ৰসংগত সন্দীপন চট্টোপাধ্যায়ে কাবেৰীক সুধিছিল, ‘তুমি এই কবিতাটো প্ৰকাশ্যে পঢ়িব পাৰিবানে ?’পুৰুষসকলে কিন্তু প্ৰকাশ্যে অনেক কিছু ক'বলৈ সক্ষম ।
সঁচাকৈয়ে, মহিলা সকলৰ কোনেনো কিমান কি কৰিব পাৰিছে ? আমাৰ বাবে লিখনিৰ বিষয়বস্তু, লিখনিৰ ভাষা সকলোতে একোডাল সীমা বান্ধি থোৱা আছে । আমাৰ লিখনি আমাৰ নিজৰেই সামাজিক অভিব্যক্তিৰ অংগ হৈ পৰে---- আমাৰ পৰা পৃথক হৈ নিজস্ব পৰিচয় বহন কৰি উঠিব নোৱাৰে । সমাজত চলন ফুৰন সকলোতে আমাৰ ওপৰত যিবোৰ নিষেধাজ্ঞা জাৰী কৰা আছে, আমাৰ কলমবোৰলৈও সেইবোৰ নিজে নিজেই আহি খোপনি পুতি লয় । কিন্তু পুৰুষৰ ক্ষেত্ৰত তেনে নহয় ।
চিত্ৰা লাহিড়ীৰ এটা কবিতাত ‘বুকেৰ বুটাম খুলি’ এই
কথাখিনি আছিল । টিভিৰ কবিতা পাঠৰ এক অনুষ্ঠানত তেখেতক সেই কবিতাটি পাঠ কৰিবলৈ দিয়া নহ'ল ।
আৰু এটা কথা কওঁ । ষাঠিৰ দশকৰ শেষৰ ফালে অথবা সত্তৰৰ আৰম্ভণিতে ‘কৃত্তিবাস’ত দেবাৰতি মিত্ৰৰ এটা কবিতা প্ৰকাশ পাইছিল, ওৰেল ছেক্সৰ বিষয়ে ( ‘পৃথিৱীৰ সৌন্দৰ্য্য ও একাকী তাৰা দুজন’) ।
সেই কবিতাই তোলপাৰ লগাই দিছিল । ৰুচিৰ প্ৰশ্ন উঠিছিল, কুমাৰী ছোৱালীৰ দুঃসাহসৰ প্ৰশ্ন উঠিছিল । কবিতাটোৱে বিৰূপ সমালোচনাৰ সন্মুখীন হ'ব লগীয়া হৈছিল । অথচ সেইখন পত্ৰিকাতে সেই একেই বিষয়ত সুনীল গঙ্গোপাধ্যায়ৰ ‘স্পষ্টভাষ'’ নামৰ কবিতা বহু বছৰ আগতেই প্ৰকাশিত হৈছিল । সেই সময়ত কিন্তু তৰুণ কবিৰ দুঃসাহসিকতাৰ প্ৰতি পাঠক সমাজৰ পৰা প্ৰশংসাৰহে ঢৌ উঠিছিল ।
আশীৰ দশকত, খুব কম সময়ৰ ব্যৱধানত দুখন বাংলা কথাছবি প্ৰস্তুত হৈছিল । এখন অপৰ্ণা সেনৰ ‘পৰমা’
আৰু আনখন সত্যজিৎ ৰায়ৰ ‘পিকু’ ।
দুইখনৰে বিষয়বস্তু আছিল বিবাহবহিৰ্ভূত প্ৰেম । অপৰ্ণাৰ ক্ষেত্ৰত বহুতো মুখৰোচক কাহিনী শুনা গ'ল, যে এয়া তেওঁৰ নিজৰ জীৱনৰে কথা, কিন্তু সত্যজিৎ ৰায় সম্পৰ্কেতো এনে ধৰণৰ এটা কথাও কোনেও নক'লে । কিয় এনে হয় ? কাৰণ আমাৰ পুৰুষ তান্ত্ৰিক সমাজ ব্যৱস্থাত কোনো নাৰীয়ে যেতিয়া মননসমৃদ্ধ সৃষ্টিৰ কাম কৰিবলৈ লয়, তেতিয়া তেওঁ জোৰ কৰি পুৰুষৰ এলেকাত অনুপ্ৰৱেশ কৰে । শিল্পৰ জগতত তেওঁৰ গতিবিধিত সমাজৰ সংশয় আৰু প্ৰতিৰোধ নিজে নিজেই গঢ় লৈ উঠে । মননজগতত নাৰীৰ অনধিকাৰ প্ৰৱেশ । অনধিকাৰ প্ৰৱেশৰ বাবে শাস্তিও আছে । সেই শাস্তিও বিভিন্ন প্ৰকাৰৰ । নাৰীৰ সৃষ্টি----- যাক তেওঁ জনসমাজত উপস্থাপন কৰিছে, সাহিত্যই হওক অথবা বোলছবিয়েই হওক----- সেই পণ্যদ্ৰৱ্যই তেওঁকো গ্ৰাস কৰে । নাৰীৰ মনশীলতাক প্ৰতিৰোধ কৰাৰ বাবে এয়া এক শক্তিশালী গুপুত অস্ত্ৰ । পৰ্ণোগ্ৰাফীত যিদৰে এক অলিখিত চুক্তি থাকে লেখক, প্ৰকাশক আৰু পুৰুষ পাঠকৰ মাজত---- তাত
নাৰীক পাঠকৰ বজাৰত ভোগ্য সামগ্ৰী হিচাপে বিক্ৰী কৰা হয়----- এই ক্ষেত্ৰতো তেনেদৰেই সামাজিক পটভূমিত এক অলিখিত চুক্তি থাকে, য'ত মহিলা লেখক, মহিলা
পৰিচালক সকল তেওঁ লোকৰ নিজৰে সৃষ্টিৰ অংগ স্বৰূপে নিজেই ভোগ্য সামগ্ৰী হিচাপে বিক্ৰী হৈ যায় ।
চাৰ্কাছ পাৰ্টিৰ ডক্টৰ জনছনে এনেয়ে কোৱা নাছিল যে, মহিলা সকলে হাতত কলম তুলি ল'লে তেওঁৰ মনলৈ এনে ভাব আহে, "আহহা
! কি অদ্ভূত কৌতুক ! ঠিক যেন কুকুৰে নিজৰ পিছ ঠেং দুটাৰ ওপৰত ভৰ দি খোজকাঢ়িছে" । আঢ়ৈশ বছৰৰ পাছতো সেই কুকুৰে এতিয়াও তেনেদৰেই খোজকাঢ়ি আছে । মহিলাই লিখা মেলা কৰা বিষয়টো ঠিক সেই চাৰ্কাছ দেখুওৱাৰ দৰেই । নকল কৰা খোজ ।
লিখা কামটোতো মানসিক শিল্প । যুক্তি, বুদ্ধি, মেধা------ এইবোৰ
পুৰুষৰ নিজা সম্পত্তি । নাৰীৰ আছে মাথো শৰীৰ আৰু আবেগ । ৰমণীৰ ৰমণীয়তা ।
নাৰীয়েও শিল্প চৰ্চা কৰিব ? নৃত্য
গীত ইত্যাদি কৰিলেইতো হ'ল ! নয়ন জুৰাওক, কাণ জুৰাওক, হৃদয় জুৰাওক, কিন্তু মনন ? পঞ্চেন্দ্ৰিয়ৰ সীমাৰ বাহিৰত দুলিছে মনৰ ছাবিকাঠি । ভাষা, যাৰ
দ্বাৰা সাহিত্য ৰচনা হয়, সেয়াওতো ইন্দ্ৰিয়ৰ সীমা পাৰ হৈ কৰা কিছু শব্দৰ সংকেতৰ খেল ! কলমৰ
ওপৰত অধিকাৰ আছে মগজুৰ, আৰু মগজুৰ ওপৰত অধিকাৰ পুৰুষৰ । পৰম্পৰাগত ভাবে এনে এটা হিচাবেই চলি আহিছে । কিন্তু মহিলাই হাতত কলম তুলি ল'লেই সেই হিচাবত গণ্ডগোল লাগে । সেয়ে এক ধৰণৰ নিঃশব্দ বাধা, নিঃশব্দ
প্ৰতিৰোধ নিজেই গঢ় লৈ উঠে । সমগ্ৰ বিশ্বজুৰি । কেতিয়াবা সচেতন, কেতিয়াবা অসচেতন ।
এইখিনিতে আমি সকলো সময়তে মুখামুখি হোৱা অসচেতন প্ৰতিৰোধৰ উদাহৰণ কেইটামান দিছোঁ, মই ভাবোঁ যে মহিলা সকলৰ লিখনি পুৰুষসকলে বৰ এটা মন দি নপঢ়ে । অথবা পঢ়িলেও সেইটো তৎক্ষণাত স্বীকাৰ নকৰে । ভালেমান দিনৰ আগতেই মই লিখিছিলোঁ, “বহুতো দয়ালু ভদ্ৰলোকে মোক প্ৰায়ে কয়, ' মোৰ মা আপোনাৰ লিখনিৰ খুব ভক্ত' অথবা 'মোৰ পত্নীয়ে আপোনাৰ প্ৰতি খন কিতাপ পঢ়ে', অৰ্থাৎ
তেওঁলোকে নিজে কোনেও সেইবোৰ নপঢ়ে” । মহিলাই লিখা লিখনি মহিলাইহে পঢ়িব, মহিলাই গোৱা গীত মহিলাইহে শুনিব নাইবা মহিলাই কৰা নৃত্য মহিলাইহে চাব , এনে
কোনো নিয়ম নাই । ‘মই পুৰুষ, মই আপোনালোকৰ লিখনি নপঢ়োঁ'’-----পৰোক্ষভাবে এই কথা ক'বলৈ কোনেও সংকোচবোধ নকৰে । মহিলা সকলৰ লিখনিক অস্বীকাৰ কৰাৰ বাবে এয়া এক উপায় ।
আশাপূৰ্ণা দেৱীয়ে জ্ঞানপীঠ পোৱাৰ পাছত এজন যুৱ সমালোচকে ‘দেশ’ পত্ৰিকাত
লিখিছিল, “শুনিছোঁ, তেখেতে খুব ভাল লিখে, মোৰ অৱশ্যে
পঢ়া হোৱা নাই । কিন্তু আপোনালোকক ক'ম, 'পঢ়ি চাওক’ ” । এয়াও এক প্ৰকাৰৰ অস্বীকাৰ কৰাৰ ধৰণ ।
কিয়, পঢ়া
হোৱা নাই কিয় ? ‘ওৱাৰ
এণ্ড পীচ্চ’ তো নপঢ়াকৈয়ে ‘পঢ়িছোঁ’ বুলি কৈ দিয়া হয় । যিদৰে আমি কাৰোবাক চিনিপাবলৈ অস্বীকাৰ কৰিলে বাটত মুখামুখি হ'লেও তেওঁক চিনি পাব নোখোজোঁ । এই বিষয়টোও ঠিক তেনেকুৱাই I”
2 Comments
Extraordinary writing by the author. Very relatable to our real lives. Also, Anu you have translated it so well. 👍Looking forward to more.
ReplyDeleteGreat words by author . Related to every female writer and critics. Perfectly translated.
ReplyDelete