উত্তৰ ঔপনিৱেশিক দৃষ্টিৰে ভাৰতৰ ইতিহাসত হিন্দুত্ব

 
উত্তৰ ঔপনিৱেশিক দৃষ্টিৰে ভাৰতৰ ইতিহাসত হিন্দুত্ব
মূল : ড৹ দ্বিজেন্দ্ৰ নাৰায়ণ ঝা
অনুবাদঃ সুমন্ত কাকতি

 

ঔপনিৱেশিক শাসকৰ আমোলত পাশ্চাত্যৰ পণ্ডিত সকলে বিশেষকৈ ব্ৰিটিছ ইতিহাসবিদ সকলে অতীতৰ ভাৰতবৰ্ষৰ ইতিহাস সংক্ৰান্তত অজস্ৰ সাধাৰণীকৃত আৰু অতিৰঞ্জিত কেতবোৰ ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰি থৈ গৈছে । তেঁওলোকে ভাৰতৰ প্ৰাচীন সমাজ ব্যৱস্থাক জড় আৰু শতিকাজুৰি পৰিবৰ্তনহীন বুলি অভিহিত কৰি গৈছে । লগতে ভাৰতবৰ্ষৰ লোক শাসন ব্যৱস্থা পৰিচালনা কৰিবলৈ যে একপ্ৰকাৰ অসমৰ্থ তাক বাৰে বাৰে আঙুলিয়াই দিছিল , একাংশ পণ্ডিতে আৰু এখোপ চৰি গৈ ভাৰতীয়ৰ কোনো প্ৰকাৰৰ ইতিহাস চেতনা নথকা বুলি দোষাৰোপ কৰাৰ লগতে ভাৰতৰ কোনোধৰণৰ প্ৰামাণিক বুৰঞ্জী নথকা বুলি মতপোষণ কৰিছিল । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত জাতিয়তাবাদী নেতৃত্ব , বুদ্ধিজীৱি তথা সাংবাদিকসকলেও ব্ৰিটিছৰ এই কু-সংস্কাৰগ্ৰস্ততাৰ ফচল এই ঐতিহাসিক ভ্ৰান্ত ধাৰণাবোৰক নতুন মাত্ৰা দিছিল । অতীতৰ গৌৰৱময় ভাৰতবৰ্ষক মূল ভিত্তি কৰি ব্ৰিটিছ বিদ্বেষী ভাৰতৰ জাতীয়তাবাদী নেতাসকলে বিভ্ৰান্তিকৰ ইতিহাসৰ তথ্যক যুক্তি-তৰ্কৰ তুলাচলীৰে জুখি চাবলৈ চেষ্টা কৰা নাছিল । বৰঞ্চ তেঁওলোকে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ অতীতৰ ভাৰতবৰ্ষৰ অহেতুক মহিমামণ্ডনতহে নিয়োজিত হৈছিল আৰু নিজেও কেতবোৰ অলৌকিক তথ্যৰাজিৰ সূচনা কৰিছিল । স্বাধীনোত্তৰ যুগত ধৰ্মভাই দামোদৰ কোশাম্বী , ৰমেশচৰণ শৰ্মা, ৰমিলা থাপাৰ আদিৰ দৰে মাৰ্ক্সবাদী ইতিহাসবিদ সকলে ঔপনিৱেশিক ইতিহাসচৰ্চা আৰু জাতিয়তাবাদী ইতিহাসক কঠোৰভাৱে নিৰীক্ষণ কৰি ইয়াত থকা অনেক সীমাবদ্ধতা, ভুল-ভ্ৰান্তি আৰু আসো‍ৱাহবোৰ উদঙাই দিছিল । যোৱা ছটা দশকত মূলসুঁতিৰ ইতিহাসবিদ সকলে ( ৰমিলা থাপাৰধৰ্মভাই দামোদৰ কোশাম্বী , যদুনাথ চৰকাৰ ) বিজ্ঞানসন্মত গৱেষণা আৰু অধ্যয়ণৰ জৰিয়তে দেখুৱাইছে যে ভাৰতৰ সমাজ ব্যৱস্থা কোনোদিনেই জড় ( Static) আৰু ইতিহাসবিহীন নাছিল । প্ৰণালীবদ্ধ গৱেষণাৰ জৰিয়তে তেঁওলোকে ব্ৰিটিছ ইতিহাসবিদ জেমচ্ মিলচে ভাৰতৰ ইতিহাসক সাম্প্ৰদায়িক ৰুপত বিভক্ত কৰাটোক সমালোচনা কৰাৰ লগতে ইয়াৰ নানা ভুল ক্ৰটিবোৰ আঙুলিয়াই এইধাৰাৰ প্ৰতি তুমুল প্ৰত্যাহ্বান আনিছে । স্মৰ্তব্য যে জেমচ্ মিলচে তেঁওৰ কিতাপ "হিষ্টৰী অৱ ইণ্ডিয়াত" পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ ইতিহাসক হিন্দু মুছলিম আৰু ব্ৰিটিছ যুগত বিভাজন কৰিছিল (অনেকৰ মতে ইয়েই অনাগত সময়ত ভাৰতত সাম্প্ৰদায়িক ৰাজনীতিৰ সুচনা কৰিছিল ) । মাৰ্ক্সবাদী আৰু মূলসুঁতিৰ ইতিহাসবিদসকলৰ নেতৃত্বত স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত ভাৰতত ইতিহাস চৰ্চাৰ ব্যতিক্ৰমী ধাৰাই এক বৈপ্লৱিক পৰিৱৰ্তন লাভ কৰে ; ৰজা-ৰাণী বংশ কেন্দ্ৰীক শাসনক্ৰমৰ পাৰম্পৰিক ৰাজনৈতিক ইতিহাসৰ বিদ্যায়তনিক ক্ষেত্ৰত জনপ্ৰিয়তা হ্ৰাস পায় । স্বাধীনোত্তৰ যুগত প্ৰাচীন ভাৰতৰ সমাজশাস্ত্ৰ , সমাজ বিন্যাস ,জাতি , লিংগ আৰু সমাজৰ অৱহেলিত শোষিত নিষ্পেষিত নিম্নখাপৰ জনগণক লৈ সমাজ বিদ্যাৰ কেতবোৰ বিভাগত গুৰুত্বপূৰ্ণ আৰু উল্লেখনীয় কাৰ্য্য সম্পাদন কৰা হয় । প্ৰাচীন ভাৰতৰ গ্ৰাম্য কৃষি অৰ্থনীতি ,হস্তবিদ্যা ,কৃষ্টি -সংষ্কৃতি ,বাণিজ্য , নগৰীকৰণ আৰু প্ৰযুক্তিবিদ্যাক সামৰি স্বাধীনোত্তৰ কালছোৱাৰ গৱেষক সকলে গৱেষণাৰ আধাৰ হিচাপে লয় । স্বাধীনোত্তৰ যুগৰ ভাৰতৰ ইতিহাসচৰ্চাই গৱেষণাৰ আৰু বাখ্যাৰ নতুন পদ্ধতি অৱলম্বন কৰে , লগতে ইতিহাসৰ লগতে অন্যান্য সংলগ্ন সমাজবিজ্ঞান অপূৰ্ব সম্বন্বয় ঘটায় । থোৰতে কবলৈ গ'লে দেশ বিভাজনৰ পৰৱৰ্তী দশকটোতেই মূলসুঁতিৰ ভাৰতীয় ইতিহাসবিদসকলে ঔপনিৱেশ ইতিহাসচৰ্চাৰ পৰা ফালৰি কাটি আহে ; একেলগতেই যৱনিকা পৰে ঔপনিৱেশিক ইতিহাসৰ মানসপুত্ৰ জাতিয়তাবাদী ইতিহাসৰচৰ্চাৰ । মূলসুঁতিৰ ইতিহাসবিদসকলৰ অধ্যয়নক তদানীন্তন হিন্দু সোঁপন্থী সকলে "মেকলেৰ সন্তান " বুলি অভিহিত কৰিছিল । সমান্তৰাল ভাৱে যিটো সময়ত ঔপনিৱেশ ইতিহাসৰ কেৰোণবোৰ মূলসুঁতিৰ ইতিহাসবিদ সকলে উদঙাই দিছিল ঠিক একে সময়তেই "হিন্দুত্ব "বাগধাৰাৰ একাকীত্বৰ ইতিহাসে কিছু বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছিল যি আছিল ঔপনিৱেশিক ইতিহাসৰেই জাৰজ সন্তান যিয়ে মিল হঁতৰ দৰে ইংৰাজ ইতিহাসবিদে সাম্প্ৰদায়িকতাৰ বিষক আৰু গাঢ় কৰাৰ বিক্ৰিয়াত মূল অনুঘটক হিচাপে কাম কৰিছিল ।




হিন্দুত্ববাদী ইতিহাসৰ গতিধাৰা

হিন্দুত্ববাদী মতবাদৰ অন্যতম বৈশিষ্ট্য হৈছে যে ইয়াৰ অতীতৰ দৃষ্টিকোণ জেমচ মিলৰ ইতিহাসৰ সাম্প্ৰদায়িক বিভাজনৰ পৰা সৃষ্ট । স্মৰ্তব্য যে জেমচ্ মিলে তেঁওৰ গ্ৰন্থ "হিষ্টৰী অৱ ইণ্ডিয়াত( ১৮২৩) পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ ইতিহাসত হিন্দু , মুছলিম আৰু ব্ৰিটিছ যুগত বিভক্ত কৰি সাম্প্ৰদায়িক ৰুপ প্ৰদান কৰে । শাসনাধিষ্ঠ ৰজাঘৰৰ ধৰ্মক হিন্দু বা মুছলিম হিচাপে সাৰোগত কৰি ক্ৰমানুসাৰে সজোৱা এই ইতিহাসৰ প্ৰামাণিক বা বাস্তৱিক মূল্য একো নাছিল । এই সাম্প্ৰদায়িক বিভাজনৰ ইতিহাসৰ ৰাজনীতিয়ে পৰৱৰ্তী সময়ত অন্যান্য ইতিহাসবিদ ক্ৰমে এইচ.এম ইলিয়ট আৰু জন ডউছনৰ পৰা প্ৰত্যক্ষ সমৰ্থন লাভ কৰে ,লেখকদ্বয়ৰ যুটীয়াভাৱে সংকলিত গ্ৰন্থ "History of India as told by its own historians " 'ত পাৰ্চীভাষাৰ বুৰঞ্জীৰ সমলবোৰৰ পৰা পক্ষপাতদুষ্ট অনুবাদ কৰা হৈছিল আৰু মুছলিম শাসকৰ অন্ধকাৰ দিশটো অতিৰঞ্জিত ভাৱে বাখ্যায়িত কৰা হৈছিল । ইয়াৰ অৰ্ন্তনিহিত অৰ্থ এটাই আছিল - দুটা সম্প্ৰদায়ৰ মাজত ধৰ্মভিত্তিক উন্মাদৰ বাবে ইন্ধন যোগান ধৰা , যিটোৱে অনাগত দিনবোৰত ইংৰাজ শাসকৰ স্বাৰ্থ অহ্মুণ্ণ ৰাখিব । এই সকল ইতিহাসবিদৰ পিছৰ সময়ছোৱাত ভিনচেণ্ট স্মিথৰ দৰে অনেকেই ইতিহাস অধ্যয়ণ আৰু ৰচনাত আত্মনিয়োগ কৰিলেও জেমচ মিলৰ ক্ৰমানুসাৰে সজোৱা ইতিহাসৰ প্ৰকৰণেই সৰ্বজনগ্ৰাহী হৈ পৰিল ।

এই পক্ষপাতদুষ্ট ইতিহাসৰ ধাৰাই ঔপনিৱেশিক শাসনকালত ভাৰতীয় ইতিহাসৰ গৱেষণা , চৰ্চা আৰু ৰচনাক বাৰুকৈয়ে প্ৰভাৱিত কৰে , যিটো বৰ্তমান সময়লৈকে ভাৰতৰ বিদ্যয়তনিক প্ৰতিষ্ঠান যেনে বিশ্ববিদ্যালয়, কলেজৰ শিক্ষণ পদ্ধতি আৰু গৱেষণাৰ লগত সংযুক্ত হৈ আছে ।
মূলসুঁতিৰ ইতিহাসবিদ সকলে এই কুসংস্কাৰগ্ৰস্ততাৰ পৰা নিজকে নিলগাই ৰখাৰ লগতে এই ধাৰাৰ বিৰুদ্ধে যুঁজ চলোৱাৰ সমান্তৰালভাৱেই হিন্দুত্ববাদী চিন্তাধাৰৰ সমৰ্থক সকলে ইয়াক খামোচ মাৰি ধৰি ভেটি সুদৃঢ় কৰে , কিয়নো ইতিহাসৰ এনে বিখণ্ডিকৰণে ইছলামধৰ্মী লোকসকলক অইন " Other " হিচাপে প্ৰতিষ্ঠা কৰে । ইছলাম ধৰ্মাৱলম্বী লোকসকলক আক্ৰমণকাৰী দানৱ হিচাপে চিহ্নিত কৰি ভাৰতত সাম্প্ৰদায়িক ৰাজনীতি আৰু হিংসাৰ বীজ সিঁচাৰ আৰম্ভণি ইতিহাসৰ এনে বিখণ্ডিকৰণৰ বাবেই সম্ভৱ হৈছিল । মুছলিম লোকসকলক Other সিঁহত অৰ্থাৎ দ্বিতীয় শ্ৰেণীৰ মৰ্যাদা দিয়োটোৱে হিন্দুত্ববাদী সকলক এই কথা কবলৈ সাহস যোগাইছিল যে হিন্দু ধৰ্মৰ লোকসকল তথা তেঁওলোকৰ উত্তৰপুৰুষ আৰ্য্যলোকসকলেই হৈছে ভাৰতৰ একমাত্ৰ প্ৰকৃত বাসিন্দা । হিন্দুত্ববাদী সকলৰ মতে যিহেতু তেঁওঁলোক ইতিমধ্যেই ভাৰতৰ প্ৰকৃত বাসিন্দা গতিকে হিন্দু ধৰ্মাৱলম্বী মানুহেই হৈছে প্ৰাচীন মহান হৰপ্পান সভ্যতাৰ উত্তৰসূৰী । কিন্ত এই মহেঞ্জাদাৰো আৰু হৰপ্পা সভ্যতাৰ গুৰুত্বপূৰ্ণ কিছুমান অঞ্চল যিহেতু হিন্দুত্ববাদীৰ ঘৃণাৰ প্ৰতিবিম্ব পাকিস্থানত অৱস্থিত গতিকে হিন্দুত্ববাদীসকলে এই সভ্যতাৰ গুৰি ভাৰততেই অৱস্থিত বুলি প্ৰমাণিত কৰিবলৈ উঠিপৰি লাগিছিল আৰু সেইমৰ্মেই এই সভ্যতাক ভাৰতৰ সৰস্বতী নদীৰ নামেৰে নামাকৰণ কৰা হৈছিল । ইয়াৰ দ্বাৰাই হিন্দুত্ববাদী উপপাদ্যটো ভালদৰে গমি-পিটি নোচোৱাকৈয়ে ইয়াৰ অন্তৰালত ক্ৰিয়া কৰা ইতিহাসৰ খণ্ডিকৰণ ,মুছলিম লোকক বিদেশী বুলি গণ্য কৰা , হৰপ্পা সভ্যতাক সৰস্বতী নদীৰ নামেৰে নামাকৰণ ইত্যাদিত সাম্প্ৰদায়িক ৰাজনীতি প্ৰত্যক্ষ কৰিব পাৰি । এই সকলোবোৰ কথা হিন্দুত্ব প্ৰপাগাণ্ডাৰ অংশ যিয়ে মহান ভাৰতীয় সংস্কৃতিৰ কৃতিত্ব কেৱল আৰ্য্যসকলক দিব খোজে । কিন্ত এই ধাৰণাও মুছলিম সকলক Other " সিঁহত" হিচাপে সাব্যস্ত কৰাৰ লেখীয়াকৈ ঔপনিৱেশিক ইতিহাস চৰ্চাৰ পৰা পোনপটীয়াকৈ অনুপ্ৰাণিত ।
মেক্স মূলাৰেই আছিল প্ৰথমজন যিয়ে ভাৰতৰ সংস্কৃতিৰ মূল আধাৰ আৰ্য্যসকলে প্ৰতিষ্ঠা কৰা মূল ভেঁটিটো বুলি কৈছিল । এই তত্ত্বটোক সমৰ্থন কৰিছিল দুগৰাকী থিয়ছফিষ্টে , আমেৰিকান মূলৰ কৰ্ণেল অল'কট আৰু ৰাছিয়ান মাডাম ব্লাভাটছ'কি যদিও তেঁওলোকৰ মাজত আৰ্য্যসকলৰ আদি বাসস্থান সম্পৰ্কে মতভেদ আছিল । মেক্স মূলাৰৰ মতে আৰ্য্যসকলে উত্তৰ-পশ্চিম দিশৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰিছিল কিন্ত অল'কট আৰু ব্লাভাটছকি'ৰ মতে আৰ্য্যসকল ভাৰতৰ প্ৰকৃত বাসিন্দা আছিল । তেঁওলোকৰ মতে আৰ্য্যসংস্কৃতিয়েই অইন সভ্যতাৰো মূল স্ৰোত আছিল আৰু এয়া ভাৰতৰ পৰা পশ্চিমৰ দেশলৈ আৰু তাৰ পৰা গোটেই বিশ্বলৈ বিয়পি পৰিছিল , তেঁওলোকৰ দৰেই ১৮৭৫ চনত আৰ্য্যসমাজ প্ৰতিষ্ঠা কৰা স্বামী দয়ানন্দ সৰস্বতীয়েও এইবুলি মতপোষণ কৰিছিল যে আৰ্য্যসকলেই হৈছে ভাৰতৰ প্ৰকৃত বাসিন্দা আৰু চাৰিবেদেই হৈছে সকলো জ্ঞান আৰু প্ৰজ্ঞাৰ মূল আধাৰ । কালক্ৰমত আৰ্য্যসমাজৰ থিয়ছফিকেল ছচাইটিৰ লগত মিলন ঘটে । যদিও এই মিলন দীৰ্ঘ সময়লৈ স্থায়ী নহ'ল তৎসত্ত্বেও তেঁওলোকৰ মাজত আৰ্য্যসকলৰ সংস্কৃতি আৰু বাসস্থান সন্দৰ্ভত কোনো ধৰণৰ মতভেদৰ সৃষ্টি হোৱা নাছিল । সংঘ পৰিবাৰেও দয়ানন্দ আৰু থিয়ছফি'ষ্ট সকলৰ উপপাদ্যক উদাৰচিত্তে গ্ৰহণ কৰি নিজৰ মতাদৰ্শৰ লগত সংগতি ৰাখি তাক বাখ্যা কৰিছিল , কিন্ত তাকে কৰিবলৈ যাঁওতে তেঁওলোক হাঁহিয়াতৰ পাত্ৰহে হৈছিল । উদাহৰণস্বৰুপে সংঘ পৰিবাৰৰ নেতা এম এছ গোৱালকাৰে বাল গংগাধৰ তিলকৰ আৰ্য্য প্ৰব্ৰজনৰ মতবাদৰ আলোচনা কৰিবলৈ গৈ হাস্যস্পদত পৰিণত হৈছিল । তিলকৰ মতে ( ১৯০৩ ) আৰ্য্যসকলৰ বাসস্থান আছিল উত্তৰ মেৰু , গোৱালকাৰে তিলকৰ বাদক চেৰাই যোৱাৰ ধৃষ্টতা নকৰি এইবুলি লিখিছিল যে (১৯৪৭) উত্তৰ মেৰু চিৰ গতিশীল অস্থিৰ আৰু কিছু বছৰ পূৰ্বেই উত্তৰ মেৰু বৰ্তমান সময়ৰ বিহাৰ আৰু উৰিষ্যাত অৱস্থিত আছিল য'ৰ পৰা আৰ্য্যলোকৰ প্ৰব্ৰজন ভাৰতৰ বাকী অংশলৈ ঘটিছিল । গোৱালকাৰে হাস্যস্পদ ভাৱে ইয়াকেই প্ৰতিপন্ন কৰিবলৈ বিচাৰিছিল যে আৰ্য্যসকলেই হৈছে ভাৰতৰ আদি বাসিন্দা । হিন্দুত্ববাদী গোৱালকাৰৰ বাহিৰে অইন কোনেও এই গধুৰ " মহাদেশীয় ভ্ৰাম্যমাণ" continental drift” তত্ত্বক গহীন ভাৱে লোৱা নাছিল বা গৱেষণা কৰা নাছিল । আৰ্য্যসকলৰ মহানতাৰ ধাৰণা তথা অত্যাধিক মহত্ব -দেৱত্ব আৰোপ কৰা বাবেই গোটেই হিন্দু কালছোৱাক অবিবেকী প্ৰশস্তি তথা গৰিমাৰে আখ্যায়িত কৰা হৈছিল অৰ্থাৎ হিন্দু শাসনৰ সেই সময়ছোৱাৰ সমাজব্যৱস্থা প্ৰগতি , সুখ-সমৃদ্ধি শীৰ্ষত আছিল । ইয়াতো আমি প্ৰাচীন ভাৰতৰ বিষয়ে কিছু ধাৰণা পাঁও যিবোৰ মূলতঃ ধাৰ কৰা হৈছিল ভিনচেণ্ট স্মিথৰ পৰা , যাৰ মনোভাৱ ভাৰত বিৰোধী হ'লেও হিন্দু শাসনৰ গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ সোণালী অধ্যায় বুলি অভিহিত কৰি গৈছে . ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতৰ ইতিহাসবিদ সকলে এই গুপ্ত যুগয অধ্যয়ণত ব্ৰতী হৈ পৰিছিল আৰু সোণালী যুগ গুপ্ত যুগৰ উদাহৰণেৰে ব্যথিত জাতীয়তাবাদী আন্দোলনকাৰী সকলক গুপ্ত সাম্ৰাজ্যৰ দৰে ইউটোপিয়ান সমাজ ব্যৱস্থা।গঢ়ি তোলাৰ বাবে অনুপ্ৰেৰণা প্ৰদান কৰিছিল ।স্বাধীনতাৰ পিছৰ কালছোৱাত যুক্তিবাদী বস্তুনিষ্ঠ ইতিহাস বিদ সকলে (ড৹ উপিন্দৰ সিং) সোণালীযুগৰ ধাৰণাক নৎসাৎ কৰিলেও হিন্দুত্ববাদী সকলে এই পুৰণি আৰু দুৰ্বল ধাৰণাটোক খামোচ মাৰি ধৰিছিল । উদাহৰণ স্বৰুপে আৰ চি মজুমদাৰৰ ১৯৬২ চনত প্ৰকাশিত " classical age " গ্ৰন্থত লিখিছে যে প্ৰজাৰ জীৱন গুপ্ত যুগতকৈ অইন কোন সময়তেই সুখকৰ নাছিল । হিন্দু কালছোৱাৰ এইধৰণৰ প্ৰচাৰ একধৰণৰ বলিয়া আৰু উগ্ৰ দাবীৰ ওপৰত প্ৰতিষ্ঠিত যিয়ে হিন্দু ভাৰতক সফলতা সমৃদ্ধিৰ শীৰ্ষবিন্দু আৰু মুছলিম শাসন কালছোৱাক অন্ধকাৰ যুগ যি সাম্প্ৰদায়িক ইতিহাসবিদসকলৰ মূল উপপাদ্য। এইদৰেই সংঘ পৰিবাৰৰ সদস্য তথা হিন্দুত্ববাদী সকলে ভাৰতৰ ইতিহাসৰ ঔপনিৱেশিক ধাৰণাক অমৰত্ব প্ৰদান কৰিছে । কিন্ত তেঁওলোকেই ঔপনিৱেশিক ইতিহাসক প্ৰত্যাহ্বান জনাই অহা মূলসুঁতিৰ ইতিহাসবিদ সকলক নিৰন্তৰ ভাৱে “Macaulay’s children” / " মেকলেৰ সন্তান " বুলি উপলুঙা কৰি আহিছে । তেঁওলোকক নিজৰ পাৰিবাৰিক ইতিবৃত্তৰ বিষয়ে জনাই দিয়াটো বাৰুকৈয়ে প্ৰয়োজনীয় , দৰাচলতে হিন্দুত্ববাদী সকল একেৰাহে জেমচ মিল , অল'কট , ইলিয়ট আৰু ডওছনৰ পুত্ৰ । বহুধা পিতৃত্বৰ এয়া কি যে গৰিমামণ্ডিত অদ্ভূত গাঁথা !

 

এই ৰচনাখন ইংৰাজী ভাষাৰ পৰ্টেল দ্য বায়াৰত প্ৰথমে প্ৰকাশিত 

Post a Comment

0 Comments