অসমীয়া অনুবাদত শীৰ্ষেন্দু মুখোপাধ্যায়ৰ গল্প

 

বিজ্ঞান ভিত্তিক কল্প কাহিনী  

সময় 

মূল :: শীৰ্ষেন্দু মুখোপাধ্যায়

অনুবাদ:: ৰঞ্জনা দত্ত

 


সোমনাথৰ বয়স মাত্ৰ বাইছ বছৰ। এই বয়টোত মানুহৰ শক্তি,  উৎসাহ, আবেগ আদিৰ প্ৰকাশ খুব বেছি। সোমনাথে এজনী ধুনীয়া, দুৰ্দান্ত হাই ফাই পৰিয়ালৰ ছোৱালীৰ লগত এক পক্ষীয় প্ৰেমত পৰিল। ছোৱালী জনীৰ নাম অপৰা। চিনা পৰিচয় নাই।

 

চৌধূৰী হতঁৰ ঘৰটো পাৰাৰ সকলোতকৈ ডাঙৰ আৰু চালে চকুৰোৱা। চাৰিওফালে প্ৰকাণ্ড বাগিছা, টেনিছ লন, ছুইমিং পুল থকা ঘৰ। সাতখন মান গাড়ী ৰাখিব পৰা ডাঙৰ গেৰেজ। ঘৰত সাতটা বিদেশী কুকুৰ। এই ঘৰৰ ছোৱালী অপৰাই নেজানেই যে, গলিৰ ভিতৰৰ ফালে এটা আধাভঙা ঘৰৰ এক তলাত সোমনাথ নামৰ লৰা এজন থাকে। তাৰ দেউতাক স্কুলমাষ্টৰ আৰু সি বেকাৰ। বেংকৰ পৰা ঋণ লৈ সি এটা সাইণ্টিফিক এপ্লায়েন্সৰ সৰু ঘৰুৱা কাৰখানা খুলিব বুলি কিছুদিন ধৰি ঘূৰাঘূৰি কৰি আছে। চকুত তাৰ বহুতো সপোন।

 

এই সময়তে বজ্ৰপাতৰ দৰে এই প্ৰেম।

 

সোমনাথে এবাৰ ঠিক কৰিলে অপৰাৰ চকুত পৰিবৰ বাবে সি তাইৰ গাড়ীৰ সমুখত জঁপিয়াই পৰিব। নহলে হিন্দী চিনেমাৰ দৰে সিহঁতৰ দেৱালৰ ওপৰত উঠি গান গাব বা অপৰাৰ চকুৰ সমুখত নিজৰ বুকুত ছুৰি বহুৱাই আত্মহত্যা কৰিব।

 

অৱশেষত সি অপৰালৈ এখন চিঠি লিখিলে। খুবেই ভদ্ৰ আৰু সাহিত্য ৰসেৰে ভৰা চিঠি। উত্তৰ পোৱাৰ কোনো আশা কৰা নাছিল, কিন্তু উত্তৰ আহিল। অপ্ৰত্যাশিত, কঁপা কঁপা কিছু ভয়াতুৰ হাতেৰে লেখা। গঙ্গাৰ পাৰৰ এটুকুৰা নিৰ্জন ঠাইত শনিবাৰে গধূলি সোমনাথক ৰৈ থকাৰ কথা লিখিছে।

 

প্ৰেমত মগ্ন নতুন যুৱক সোমনাথৰ মনলৈ এবাৰো ভাব নাহিল যে, এইটো এটা পৰিকল্পনাও হব পাৰে। সি ইমানেই উত্তেজিত হৈ পৰিল যে তাৰ বুকুখন ঢপঢপাবলৈ ধৰিলে। প্ৰচণ্ড টেনছন। সি কেইবা গিলাচো পানী খালে আৰু গোটেই দিনটো উৰু উৰু মনেৰে ইফালে সিফালে ঘূৰি ফুৰি কটালে।

 

যি টুকুৰা ঠাই নিৰ্দিষ্ট কৰা আছিল সেইটো আছিল খিদিৰপুৰ জাহাজ ঘাটৰ ওচৰত। খুবেই নিৰ্জন ঠাই আৰু গধূলিৰ পিছত একেবাৰে ভয়াবহ। এই ঠাই টুকুৰা সোমনাথৰ বাবে সম্পূৰ্ণ অপৰিচিত। এনেকুৱা এটুকুৰা ঠাই অপৰাই কিয়নো বাচি ললে সোমনাথে বুজি নেপালে।

সোমনাথৰ হাতত জমা টকা পইছা একেবাৰে কম থাকে। দুটা টিউছন কৰি যি কেইটা পইছা পায় তাৰে কোনোমতে মাহৰ খৰচটো ওলায়। বিড়ি চিগাৰেট বা চিনেমা থিয়েটাৰ চোৱাৰ নিচা নাই বাবে তাৰ চলি যায়।

 

মাজে মাজে বিজ্ঞানৰ কিতাপ কিনাই তাৰ একমাত্ৰ নিচা। সেইবাবে সামান্য হাত খৰচৰ টকাৰেই সি টেক্সী এখন ভাৰা কৰাৰ চিন্তা কৰিলে কিয়নো সেইডোখৰ ঠাই কোনো চিটি বাছৰ ৰাস্তাত নপৰে।

 

এচপ্লেনেডত সোমনাথে ইখনৰ পাছত সিখনকৈ কেইবাখনো টেক্সীত উঠাৰ চেষ্টা কৰিলে। কিন্তু ঠাইখনৰ নামটো শুনিয়েই সকলো টেক্সী চালাকে হয় ভয় খোৱাৰ দৰে কৰে বা কঠোৰ ভাৱে মূৰটো লৰাই গুছি যায়।

ইফালে জাৰকালিৰ গধূলিটো সোনকালেই পাৰ হৈ গৈছে। ছটা বাজিবলৈও বৰ বেছি সময় নাই।

 

অগত্যা সোমনাথে অলপ আগুৱাই যোৱাটোকে ঠিক কৰিলে। গধূলি হোৱাৰ পিছত এই ঠাইটুকুৰাও কিবা অকলশৰীয়া জয়াল যেন হৈ পৰিছে। কুঁৱলী আৰু ধোঁৱা ধোঁৱা ভাবেৰে সমুখৰ খালি ঠাইখন কিবা অস্পষ্ট আৰু ৰহস্যময় হৈ পৰিছে। সোমনাথ হতাশাত প্ৰায় ভাঙি পৰিছিল। সি পোহৰ থাকোঁতেই ঠাইডোখৰত উপস্থিত হৈ ৰৈ থকাই ভাল আছিল বোধহয়।

 

সোমনাথে হঠাতে, প্ৰায় পাহৰি যোৱাৰ দৰে হোৱা চিনাকি শব্দ এটা শুনিবলৈ পালে। ঘোঁৰা গাড়ীৰ টিলিঙাৰ শব্দ। লগে লগে হোৱা ঘোঁৰাৰ খুৰাৰ কটপ কটপ শব্দ। এখন ঘোঁৰা গাড়ী দ্ৰুতগতিত দক্ষিণৰ ফালে আগুৱাই আহিছে।

 

সোমনাথে পাগলৰ দৰে ভাবিছিল, ঘোঁৰাৰ গাড়ী খনকেই ভাৰা কৰিব নেকি। অৱশ্যে ঘোঁৰাৰ গাড়ীত গলে নিৰ্দ্দিষ্ট সময়ত গৈ পোৱাৰ কোনো আশাই নাই। তথাপি এটা চেষ্টা তো…..

বতাহত স্যাৎ কৈ এটা চাবুকৰ শব্দ হ, তাৰ পিছতেই কুঁৱলীৰ মাজৰ পৰা ঘোঁৰাৰ গাড়ী খনৰ আৱিৰ্ভাৱ ঘটিল।

সোমনাথে হাতো তোলা নাছিল বা গাড়ীখন ৰবলৈও কোৱা নাছিল। কিন্তু ঘোঁৰাগাড়ীখন তাৰ সমুখতে আহি ৰলহি। কচোৱান জনে কোচবক্সৰ পৰা অকণমান হাউলি তাক সুধিলে

 

খিদিৰপুৰলৈ যাব নেকি বাবু?”

 

সোমনাথে অবাক হৈ কলে হয় যাম, কিন্তু মইছটা বজাৰ আগতেই গৈ পোৱা দৰকাৰ।

 

কোট, মাফলাৰ আৰু টুপি পিন্ধি মানুহটো একেবাৰে গপছ হৈ বহি আছে। হাতত বিড়ি বা চিগাৰেট কিবা এটা জ্বলি আছে। বগা দাঁত কেইটা উলিয়াই হাঁহি মাৰি কলে

 

- কোনো চিন্তা নাই, পোৱাই দিম। মোৰ ঘোঁৰাটো হল পক্ষীৰাজ, উঠি বহক।

 

সোমনাথে আতংকিত কণ্ঠেৰে কলে কিমান ল?

মানুহজনে অকণমান ভাবি কলে এক টকা ।

 

এক টকা? এয়াতো অবিশাস্য কম ভাৰা!

কিন্তু সোমনাথৰ হাতত নষ্ট কৰিবলৈ সময় নাছিল, চাৰে পাঁচটা বাজি গলেই। সি লৰালৰিকৈ গাড়ীত উঠিল।

ঘোঁৰাৰ গাড়ীত সি আগতে কেতিয়াও উঠি পোৱা নাই। কলিকতাৰ লুপ্তপ্ৰায় ঘোঁৰাগাড়ীৰ অৱশিষ্ট দুই এখন সি কেতিয়াবা ৰাস্তাই ঘাটে দেখা পায়। জৰাজীৰ্ণ, অস্তিত্ব ৰক্ষাৰ অপেক্ষাত যেন দিন গণি আছে!

 

কিন্তু গাড়ীৰ ভিতৰত বহি অন্ধকাৰতো সোমনাথে যি অনুভৱ কৰিলে সেইটো আছিল বিস্ময়কৰ। প্ৰথম কথা গাড়ী খনৰ ভিতৰত বাহিৰৰ দৰে ঠাণ্ডা নাই বৰং এটা স্নিগ্ধ মিঠা সুবাসে আৱৰি আছে। গাড়ীৰ গতি ইমানেই মসৃণ যে বহুত দামী মটৰ গাড়ীও চাগৈ এনেকুৱা নহব।

গাড়ীখন যে চলিবলৈ আৰম্ভ কৰিছে সোমনাথে সেইটোও ধৰিব পৰা নাছিল। কাৰণ কোনো ধৰণৰ জোকাৰণি বা লৰা চৰাৰ ভাব সি অনুভৱ কৰা নাছিল। কেৱল বাহিৰলৈ চাই পিচলৈ গৈ থকা ৰাস্তা ঘাট আৰু গছগছনি বোৰ দেখিহে সি বুজি পালে যে গাড়ীখন গৈ আছে।

 

কিন্তু কি ধৰণৰ গতিবেগত গাড়ীখন গৈছে? এটা ঘোঁৰাই কিমান জোৰত দৌৰিব পাৰে? ঘোঁৰাটোৰ দৌৰাৰ গতি দেখি ভাৱ হৈছে অন্তত পঞ্চাশ ষাঠি মাইল বা তাতকৈও বেছি বেগেৰে গাড়ীখন গৈছে। অথচ ঘোঁৰাৰ খুৰাৰ শব্দ বা চাবুকৰ শব্দ সোমনাথৰ কাণত পৰা নাছিল। অলপ সময়ৰ পিছত সি ধৰিব পাৰিলে যে গাড়ীৰ গতি আগতকৈ দুগুণ বাঢ়িছে, অথচ কোনো শব্দ নাই!

 

এইবোৰ কি হৈ আছে? এনেকুৱাটো হোৱাৰ কথা নহয়!

 

সোমনাথে হঠাৎ চিঞৰি মাতিলে, “কচোৱান?”

এটা স্পিকাৰৰ ভিতৰৰ পৰা ওলোৱা দৰে এটা ধাতৱ মাত ভাঁহি আহিল,

জী বাবু কিবা কৈছে?”

গাড়ীখন ইমান জোৰত গৈছে কিয়?”

আপোনাক যেছটা বজাৰ আগেয়ে পোৱাই দিব লাগিব চাহাব।

কিন্তু ঘোঁৰা কি ইমান জোৰে দৌৰিব পাৰে?”

মোৰ ঘোঁৰা যে পক্ষীৰাজ, চাহেব!

 

ঘোঁৰা গাড়ীখন যেতিয়া নিৰ্দিষ্ট ঠাই আহি পালেহি তেতিয়া সোমনাথৰ ঘড়ীত পাঁচটা চৌত্ৰিছ হৈছে। অৰ্থাৎ মাত্ৰ চাৰি মিনিটত সি এসপ্লেনেডৰ পৰা খিদিৰপুৰ পাইছেহি।

মানসিক উত্তেজনাৰ বাবে সোমনাথে কথাটো লৈ খুব এটা মূৰ নঘমালে। কচোৱানক টকা এটা দি সি ঘাটৰ ওচৰত উপস্থিত হলগৈ।

কচোৱানে গাড়ীৰ পৰা নামি ঘোঁৰাটোক ঘাঁহজাতীয় কিবা খুৱাইছিল, সি সোমনাথৰ ফালে চাই শুধিলে -

চাহাব কি ঘূৰি যাব?”

দেৰি আছে, কিয় শুধিলা?”

মই লৈ যাব পাৰোঁ।

ভয়ে ভয়ে সোমনাথে শুধিলে ভাৰা কিমান লবা?”

এক টকা। মই কেতিয়াও এক টকাৰ বেছি নলওঁ।

সোমনাথে কিছু ইতস্তত কৰা দেখি কচোৱানে আকৌ কলে ইয়াৰ পৰা ঘূৰি যোৱাৰ কোনো গাড়ী নাই চাহাব।

ঠিক আছে, ৰৈ থাকা তেন্তে।

 

সোমনাথে ঘড়ীটোৰ ফালে বাৰে বাৰে চাই ধৈৰ্য্য হেৰুৱাই পেলাইছিল। অপৰাই এনেকুৱা এখন ঠাই কিয় বাছি ললে সেইটো বাৰে বাৰে ভাবিও উত্তৰ পোৱা নাছিল!

যেতিয়াছটা বজাত ঘড়ীৰ দুয়োডাল কাঁটা এডাল সৰল ৰেখাত পৰিণত হ, তেতিয়াই হঠাতে অন্ধকাৰৰ মাজৰ পৰা এখন প্ৰকাণ্ড গাড়ী আহি সোমনাথৰ একেবাৰে ওচৰত ৰৈ গল। গাড়ীখন কলা ৰঙৰ এখন পণ্টিয়াক। ঠিক এনেকুৱা গাড়ী অপৰা হঁতৰ নাই।

সোমনাথৰ বুকুৰ ভিতৰত হৃদপিণ্ডটো তীব্ৰ ভাবে জোকাৰ খাই উঠিল। সি গাড়ী খনৰ ফালে খুব লাজুক আৰু ভীৰু খোজেৰে আগুৱাই গল। 

 

   ======   === =====   ===

 

     

গাড়ী খনৰ একেবাৰে কাষ পাই সোমনাথে দেখিলে গাড়ীৰ ভিতৰত অপৰা নহয় তিনি চাৰিজন মানুহ হে বহি আছে।

সোমনাথে অলপ পিছুৱাই আহিছিল, হঠাৎ গাড়ীৰ পিছফালৰ দৰজাখন খুলি এটা বিশাল চেহেৰাৰ মানুহ নামি আহিল।

 

সোমনাথে কিছু বুজি উঠাৰ আগতেই মানুহটোৱে হাতখন আগুৱাই তাৰ চুৱেটাৰটো খামুচি ধৰি কলে,

কিমান দিনৰ পৰা ছোৱালী জনীৰ পিছ লৈছ?”

কিবা কৈছে?” সোমনাথে ভয়ত থকথককৈ কঁপিবলৈ ধৰিলে।

 

মানুহটোৱে অন্যখন হাতেৰে সোমনাথৰ গালত প্ৰকাণ্ড এটা চৰ শোধাই কলে-

 

প্ৰেমৰোগ কি দৰে আঁতৰ কৰিব লাগে আমি জানো। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিবলৈ আহিছ!

 

সোমনাথে জীৱনত কেতিয়াও কাৰো পৰা মাৰধৰ খোৱা নাই, কাৰো লগত মাৰপিটো কৰা নাই। চৰটো খাই সি ইমানেই ভেবা চেকা খালে যে তাৰ মুখেৰে একো কথা নোলোৱা হল।

 

গাড়ীৰ পৰা আৰু তিনিজন মানুহ নামি আহিল। তেওঁলোকৰ এজনকো সি কেতিয়াও আগতে দেখা পোৱা মনত নপৰিল।

 

চাৰিওজনে মিলি যেতিয়া তাক ঘেৰি ধৰিলে তেতিয়াও সি তৰ্কিব পৰা নাছিল যে গণ্ডগোলটো আচলতে সি কত কৰিলে। সি অপৰালৈ চিঠি লিখিছিল, অপৰাই তাৰ উত্তৰ দিছে, তাতে কি হ?

 

কিন্তু ইয়াৰ পাছত যি হল সেইটো সোমনাথৰ কল্পনাৰো অগোচৰ আছিল। চাৰিওজন মানুহে তাক হেঁচা মাৰি ধৰিলে। এজনে ক্ষুৰ এখন উলিয়াই তাৰ চুলিবোৰ খুৰাই পেলালে। তাৰ পাছত তাৰ কাপোৰ কানি টানি আজুৰি ফালি গাৰ পৰা খুলি পেলালে। কেৱল আণ্ডাৰ ওৱেৰটো পিন্ধা অৱস্থাত ঠাণ্ডা আৰু ভয়ত বুদ্ধিভ্ৰষ্ট আৰু বাক্যহাৰা হৈ সি কঁপিবলৈ ধৰিলে।

 

তাৰ পিছত দুটা মানুহে দুফালৰ পৰা তাক পাৰ্য্যমানে ঘোঁচা মাৰিবলৈ ধৰিলে। প্ৰচণ্ড ঘোঁচা। তাৰ ওঁঠ ফাটি গ, চকু ফাটি গ, তাৰ খালি বুকুৰ ওপৰত হৰহৰাই তেজ পৰিবলৈ ধৰিলে। সি চকুৰে অন্ধকাৰ দেখিবলৈ ধৰিলে।

 

তেতিয়াও সি ধৰিব নোৱাৰিলে ভুলটো আচলতে কত হৈছে।

অজ্ঞান হৈ পৰাৰ ঠিক আগ মুহূৰ্তত সি মাত্ৰ সুধিব পাৰিছিল, “ মোলৈ কি চিঠিখন কি অপৰাই লিখিছিল? নিজে?”

 

তাইতো তোৰ নিচিনা গাঁৱলীয়া বুৰ্বক নহয়!

 

পেটত এটা গোৰ খাই সোমনাথে সম্পূৰ্ণ জ্ঞান হেৰুৱাই বাগৰি পৰিল। কচোৱানটোৱে অকণমান দূৰৈত ৰৈ নিৰ্বিকাৰ ভাবে দৃশ্যটো চাই আছিল।

চাৰিওটা মানুহ গাড়ীত উঠি চোঁ চোঁৱাই গুছি যোৱাৰ পিছত কচোৱানটোৱে তাৰ ঘোঁৰাটোৰ ডিঙিত হাত বুলাই অকণমান মৰম কৰি লাহে লাহে সোমনাথৰ সংজ্ঞাহীন দেহাটোৰ ওচৰলৈ আহিল।

 

তাৰপিছত জিভাৰে অলপ চুকচুক শব্দ কৰিলে।

চাহেব। অচাহেব!

 

সোমনাথ নিথৰ।

 

কচোৱানে তললৈ হাউলি সোমনাথৰ শৰীৰটো দুহাতেৰে তুলি লৈ মুখেৰে সুহুৰি এটা মাৰিলে। ঘোঁৰাটোৱে গাড়ীখনৰ সতে বেগাই তাৰ ওচৰ পালেহি।

 

কচোৱানে সোমনাথক গাড়ী খনত তুলি চিটৰ ওপৰত শুৱাই দিলে তাৰ পিছত কোচবক্সত উঠি চাবুকডাল এবাৰ জোৰেৰে বতাহত কোবাই কলে

বল পক্ষীৰাজ বল ।

ঘোঁৰাটোৱে এটা প্ৰকাণ্ড জাঁপ মাৰিলে। তাৰপিছত গাড়ী খনৰ সতে বতাহত মিলি পৰিল।

 

সোমনাথৰ যেতিয়া জ্ঞান আহিল তেতিয়াও চাৰিওফালে অন্ধকাৰ। সি ঘোঁৰা গাড়ী খনৰ পিছৰ চিটটোত শুই আছিল। গাড়ীখন চলিছেনে নাই চাবৰ বাবে সোমনাথ উঠি বহিল। বাহিৰৰ ফালে চাই সি যি দেখিলে তাৰ মেলা চকু মেলাই থাকিল

 

বাহিৰত ভীষণ বৰফৰ ধুমুহা চলিছে, চাৰিওফালে কেৱল বগা বৰফেৰে ঢকা। আকাশখন ডাৱৰে ঢাকখোৱা আৰু কলা।

 

কচোৱান! কচোৱান!

 

সেই ধাতব কণ্ঠস্বৰটোৱে কৈ উঠিল, “ আপোনাৰ সমুখৰ চিটত যি পোছাকটো ৰখা আছে সেইটো পিন্ধি লওক, সাহেব, বাহিৰত ভীষণ ঠাণ্ডা ।

 

হতভম্ব সোমনাথে কলে কিন্তু তুমি মোক কলৈ লৈ আনিচা? মই কি সপোন দেখিছো?”

 

পোছাকটো পিন্ধি লওক চাহাব ।

 

সোমনাথ কিছুসময় অসহায় ভাবে বহি থাকিল। সি যে সপোন দেখিছে তাত কোনো সন্দেহ নাই। কিন্তু সপোনেই যদি হয় তেনেহলে কিছু সময়ৰ আগতে সি মাৰ খোৱা গোটেই শৰীৰটো ইমান বিষাই আছে কিয়? পেটত বিষ, মুখখন ফুলি ওলমি পৰিছে, তাৰ খোলা বুকুত তেজ শুকাই কৰাল বান্ধি আছে নাকটো ফুলি ঢোল যেন হৈ আছে, ওঁঠ ফাটি গৈছে। জীৱনত ইমান মাৰ খোৱা নাই কেতিয়াও। ইমান বিষ লৈ সি নিশ্চয় টোপনি যোৱা নাই। তেতিয়া হলে সপোন দেখিব কেনেকৈ?

 

তেতিয়া হলে সি মৰি গৈছে নেকি? এইখন কি মৃত্যুৰ পিছৰ জগত?

 

সোমনাথে এইবোৰ সমস্যাত পৰি খুব বিব্ৰত বোধ কৰিলে। সমুখৰ চিটৰ পৰা পোছাকটো তুলি ললে। পাতল বগা জাম্পাৰৰ দৰে এটা পোছাক। এই কাপোৰ পিন্ধি বাহিৰৰ ঠাণ্ডা সহ্য কৰিব পৰা যাবনে!

 

গাড়ীৰ ভিতৰত অৱশ্যে ঠাণ্ডাৰ লেশমানো আভাস নাই। সোমনাথে পোছাকটো পিন্ধিবলৈ চেষ্টা কৰিবলৈ ধৰিলে, তাৰ পিন্ধনত আণ্ডাৰ ওৱেৰটো বাদ দি একো নাই।

পোছাকটো পিন্ধিবলৈ অৱশ্যে তেনেকুৱা একো অসুবিধা নহল। পোছাকটো চাৰ্টৰ লগত পায়জামাৰ মিশ্ৰিত ৰূপ। কাৰখানাৰ শ্ৰমিক সকলে যেনেকুৱা অভাৰঅল পিন্ধে বহুখিনি তেনেকুৱাই,  কিন্তু এই পোছাকটোৰ লগত আকৌ জোতা হাতমোজা আৰু মুখ ঢকা টুপিও লগোৱা আছে। কাপোৰটো কি ধৰণৰ সোমনাথে ধৰিব নোৱাৰিলে। ভিতৰৰখিনি মসৃণ আৰু কোমল, বাহিৰৰখিনি খহটা। জোতাযোৰৰ তলত পাতল এটা চল আছে। পোছাক টোৰ একেবাৰে ওজন নাই। ইমানেই পাতল যে গাত কিবা আছে বুলি ভাৱেই নহল।

 

গাড়ীৰ সোঁহাতৰ দুৱাৰখন লাহেকৈ খোল খাই গল আৰু সেই ধাতব কণ্ঠটোৱে কলে- নামক, চাহেব।

 

সোমনাথ নামি আহিল। সঁচাকৈয়ে তাৰ চাৰিওফালে ভয়ঙ্কৰ তুষাৰ বৃষ্টি হৈ আছে। সি কলিকতাৰ লৰা। তুষাৰপাত দেখাৰ খুব এটা সৌভাগ্য হোৱা নাই। এবাৰ চান্দাকফুত ট্ৰেকিং কৰিবলৈ গৈ আৰু এবাৰ চিমলাত টেবুল টেনিচ টুৰ্নামেণ্টত খেলিবলৈ যাওঁতে বৰফ পাত দেখিছিল। এই তুষাৰপাত তাতকৈ বহুত বেছি। এইটো সাধাৰণ তুষাৰপাত নহয়, বৰফৰ এক ডাঙৰ ধুমুহা। বতাহৰ কোবত সোমনাথ ভালদৰে থিয় হবই পৰা নাছিল। কিন্তু যিমান ঠাণ্ডা পাব লাগিছিল সিমান ঠাণ্ডা সি পোৱা নাই। ঠাণ্ডা লাগিছে কিন্তু অসহনীয় নহয়।

 

গাড়ী খনৰ সমুখত ৰৈ কোচবক্সত সি কচোৱানক দেখা নাপালে। চাৰিওফালে চকুফুৰাই দেখিলে অনন্ত এক বৰফৰ ৰাজ্য। কতো আৰু একো নাই।

 

কচোৱান! কচোৱান!

 

কাণৰ কাষত এটা ধাতৱ কণ্ঠস্বৰে কৈ উঠিল ভয় নাখাব চাহাব। নাকৰ ঠিক পোনে পোনে দহ খোজ আগুৱাই যাওক।

সোমনাথে ভয় ভয় খোজেৰে দহ খোজ আগুৱাই ৰৈ গল।

 

এইবাৰ?”

 

ভৰিৰ তলত কিমান ফুট দ ঘন বৰফ জমি আছে কোনে জানে। কিন্তু সোমনাথে সবিস্ময়ে লক্ষ্য কৰিলে যে বৰফৰ ডাঠ তৰপ ভেদ কৰি কিবা এটা ওপৰলৈ উঠি আহিছে।

প্ৰথমে জোঙা টিঙটো আৰু তাৰ পিছত লাহে লাহে সৰু কলা পিৰামিড এটা দেখা গল।

 

আগুৱাই যাওক চাহাব। দৰজা খুলি যাব ।

 

সোমনাথে দ্বিধাগ্ৰস্ত খোজেৰে আগুৱাই যাওঁতেই পিৰামিডৰ এখন বেৰা দুভাগ হৈ দুয়ো ফালে আঁতৰি গল। সামান্য এটা ফাঁক, সোমনাথ ভয়ে ভয়ে ভিতৰলৈ সোমাওতেই তাৰ পিছফালে দৰজাখন বন্ধ হৈ গল।

 

=========   =======   ====

 

    সোমনাথৰ সমুখত আহল বহল তললৈ নামি যোৱা এটা চিৰি। খুব সুন্দৰ নক্সা কটা দলিচাৰ দৰে কিবা এখন পৰা আছে আৰু দলিচা খনৰ পৰা এক সুন্দৰ কোমল পোহৰ বিচ্ছুৰিত হৈছে। দেৱাল বোৰো একে ধৰণৰ। সকলোৰে ভিতৰৰ পৰা যেন পোহৰৰ ৰশ্মি বাহিৰ হৈ আহিছে।

 

 শৰীৰৰ ভীষণ বিষটো সোমনাথে আকৌ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। কোনো কণ্ঠস্বৰে তাক নতুনকৈ নিৰ্দেশ দিয়া নাই। সি চিৰিৰে নামি যাব নেকি?

 

সোমনাথে চিৰিত ভৰিখন থোৱাৰ লগে লগে মসৃণ গতিত চিৰিবোৰ নামিবলৈ ধৰিলে। এস্কেলেটৰ, কিন্তু এস্কেলেটৰ বোৰ এঠাইত গৈ শেষ হয় আৰু খাজৰ ভিতৰত সোমাই পৰে, কিন্তু এই চিৰিটো তেনেকুৱা নহয়।

অনন্ত গতিৰে সোমনাথক টানি লৈ গৈছে । ইয়াৰ গতি ঘণ্টাত অন্তত ত্ৰিছ মাইল। কিছুদূৰ তললৈ নমাৰ পিছত চিৰিটো চিধা হ, তাৰপিছত বাওঁ ফালে ঘূৰিলে, সোঁফালে ঘূৰিলে আৰু কেইমিনিটমান পিছত এঠাইত গৈ ৰলগৈ।

 

এটা প্ৰকাণ্ড হলঘৰ। সোমনাথে বুজিলে যে এইডোখৰতে সি নামিব লাগিব। চিৰিটো গৈ কোঠালীটোৰ মজিয়াত লাগিলগৈ। মজিয়াখনো দলিচাৰে ঢকা আৰু পোহৰেৰে আলোকিত।

 

সোমনাথে লাহে লাহে কেইখোজমান আগ বাঢ়োতেই এখন ঢাকন লগোৱা ধাতব খাট আগুৱাই আহিল। স্বয়ংক্ৰিয় আৰু নেপথ্য চালিত, খাট খনৰ ওপৰত এখন বিছনা লগোৱা আছে। খাট খনৰ লগত বিভিন্ন ধৰণৰ পাইপ আৰু অনেক যন্ত্ৰ পাতিও লগোৱা আছে।

 

কোনোবাই যেন কলে- শুই পৰক ।

 

ক্লান্ত, বিষাক্ৰান্ত, ভীত, বিস্মিত সোমনাথে আৰু চিন্তা নকৰিলে। বিছনা খনত গৈ শুই পৰিলেগৈ। সি সকলো সময়তে বিজ্ঞান লৈ চিন্তা চৰ্চা কৰে বাবে যন্ত্ৰ লৈ নানা ধৰণৰ অদ্ভুত সপোন দেখে। এইটোও তেনে ধৰণৰ এটা সপোনেই হব।

 

দ্বিতীয় বাৰ সোমনাথৰ টোপনি ভঙাৰ পিছত সি দেখিলে তাৰ বুকুৰ ওপৰত বিশাল টেলিফোনৰ দৰে এটা যন্ত্ৰ, আৰু শৰীৰৰ বিভিন্ন ঠাইত কিছুমান বেণ্ডেজ আৰু নলী লগোৱা। সি শৰীৰত এতিয়া আৰু কোনো বিষ অনুভৱ কৰা নাছিল। গাটো আগতকৈ বেচ সুস্থ আৰু পাতল পাতল লাগিছিল।

 

 তথাপিও এইটো যে সপোনেই তাত কোনো ধৰণৰ সন্দেহ নাই। সোমনাথে সপোনটোক খেদিবৰ বাবেই চকুহাল মুদি দিলে।

 

চাহেব, চাহেব

 

সোমনাথে চকু মেলি দেখিলে এজন কলা বৰণৰ মানুহে তাৰ ওপৰত কিছু হাউলি চাই আছে।

 

কচোৱান, নহয় নে?”

 

জি, চাহেব। এতিয়া কেনে আছে?”

 

এই জনশূন্য পৃথিৱীত প্ৰথম বাৰৰ বাবে মানুহ এজন দেখি সোমনাথে খুব ভাল পালে আৰু শুধিলে-

 

মই কত আছো?”

 

কচোৱানে সেই কথাৰ উত্তৰ নিদি কলে-

 

বদমাছ বোৰে আপোনাক খুব অত্যাচাৰ কৰিলে ।

 

মাৰ খোৱাৰ কথা মনত পৰি সোমনাথে দাঁত কৰছিবলৈ ধৰিলে।

 

মই কি সাৰ পাই আছো, কচোৱান?”

সাৰ পাই আছে, চাহেব ।

মই কত আছো, কচোৱান?”

হস্পিতালত

এইটো কোন হস্পিতাল? মইতো এনেকুৱা হস্পিতাল কেতিয়াও দেখা নাই!

ইয়াৰ নাম পুনৰ্জীৱন কেন্দ্ৰ - তিনি ।

এইধৰণৰ হস্পিতালৰ নামটো কেতিয়াও শুনা নাই আগতে!

আপোনালোকৰ দিনত এইধৰণৰ নামৰ কোনো হস্পিতাল নাছিল। আপুনি ডেৰ হাজাৰ বছৰ আগুৱাই আহিছে চাহাব ।

 

সোমনাথে কিছু সময় ফেলফেল কৰি মুখ মেলি চাই থাকি বুজিলে যে সি এতিয়াও সপোন দেখি আছে। সেইবাবে আকৌ চকুদুটা মুদি দিলে।

 

কচোৱানে শব্দ কৰি হাঁহি উঠি কলে,

চকু বন্ধ কৰি কোনো লাভ নাই চাহেব। আপুনি সপোন দেখা নাই, আপুনি সাৰে আছে আৰু চাৰিওফালে যি দেখিছে সকলোবোৰ সত্য ।

 

টাইম মেচিনৰ কথা সোমনাথে কল্পবিজ্ঞানত পঢ়িছে। কিন্তু সেইবোৰ বিশ্বাসযোগ্য কথা নহয়। হলে ভাল আছিল। কিন্তু হোৱাটো কি সম্ভৱ ?”

 

সোমনাথে লাহে লাহে চকু মেলিলে।

মই কত আছো কচোৱান ?”

আপুনি যত আছিল ততেই আছে, খিদিৰপুৰ, গঙ্গাৰ ঘাট, মনত পৰিছেনে ?”

পৰিছে কচোৱান ।

আপুনি তাতে আছে কিন্তু সময়টো আৰু তাত নাই ।

টাইম মেচিন ?”

কচোৱানে গম্ভীৰ ভাবে কলে, “ মেচিনটো মানুহেই বনায় ।

ঠিকেই কৈছে ।

তেতিয়া হলে মেছিন মেচিন বুলি আপোনালোকে চিঞৰে কিয় ?”

 

সোমনাথে হতবাক হৈ কিছুসময় চাৰিওফালে চাই থাকিল। তাৰপিছত কলে -মই উঠিব পাৰিমনে ?”

উঠক চাহেব। আপুনি এতিয়া সুস্থ। অকণমান ৰ, মই যন্ত্ৰবোৰ খুলি দিছো ।

 

মানুহটোৱে অত্যন্ত পাৰদৰ্শী হাতেৰে যন্ত্ৰ বোৰ আঁতৰাই পেলালে, তাৰপিছত কলে- এইবাৰ উঠক ।

 

সোমনাথৰ শৰীৰত এক ফোটাও বিষৰ চিন নাই। কিন্তু মূৰটো যে সিহঁতি খুৰাই পেলাইছিল!

 

কচোৱানে যেন মনৰ কথা বুজিয়েই কলে মূৰটো টকলা হৈয়ে আছে। এটা চলিউচন লগাই দিয়া হৈছে। সাতদিনৰ ভিতৰত চুলি দীঘল হৈ যাব ।

 

সাতদিন! ইমান দিন মই কি ইয়াতে থাকিম ?”

 

কচোৱানে মূৰটো লৰাই উত্তৰ দিলে নালাগে চাহেব। আপোনাৰ ইচ্ছা নহলে আপুনি থাকিব নালাগে। অন্য কোনো সময়ৰ পৰা আমাৰ কাকো অনাৰ নিয়মো নাই। আমি আপোনাক আনিছো নিতান্ত উপায় নোহোৱাত হে। পেলাই থৈ আহিলে আপুনি মৰি গল হেঁতেন, সিহঁতে আপোনাৰ অৱস্থা একেবাৰে বেয়া কৰি পেলাইছিল ।

 

আপোনাৰ সেই গাড়ীখন তাৰমানে টাইম মেচিন? “

 

টাইম মেচিন নিজে নিজে নচলে চাহেব, তাক চলাব লগা হয় ।

 

সোমনাথে মানুহটোক অকণমান সময়ৰ ভিতৰতেই অকণমান বুজি লোৱাৰ চেষ্টা কৰিছিল। মেচিনৰ প্ৰশংসা কৰিলে মানুহটোৱে ভাল নাপায়। মানুহটো বিনয়ী যদিও ব্যক্তিত্ব সম্পন্ন। হয়তো মানুহটো এজন ডাঙৰ বৈজ্ঞানিক। সি কলে

আপোনাক অশেষ ধন্যবাদ। এইটো কিমান চন কবনে ?”

তিনি হাজাৰ পাঁচশ একাৱন্ন ।

 

সোমনাথে আকৌ চকু বন্ধ কৰিলে। তাৰ মূৰটো ভোঁ ভোঁ কৈ ঘূৰিবলৈ ধৰিছিল।

 

চকু মেলক চাহেব। আপোনাৰ একো ভয় নাই।

 

মোক অলপমান বাহিৰলৈ লৈ যাবনে? ডেৰ হাজাৰ বছৰ পিছৰ কলিকতাৰ চেহেৰাটো এবাৰ চাওঁ ।

 

কচোৱানে মূৰটো লৰাই কলে –“ সকলো হব চাহেব। কিন্তু অন্য যুগৰ মানুহক আমি স্বাধীন ভাৱে ঘূৰিবলৈ নিদিওঁ ।

 

কিয় ?”

 

পৰিবেশৰ ভিন্নতা আৰু টাইম লেগ- দুয়োটাই মাৰাত্মক,  বাহিৰলৈ গলেই আপুনি অসুস্থ হৈ পৰিব পাৰে ।

 

তেতিয়াহলে আপুনি কেনেকৈ উনৈছশ সাতাশীলৈ গৈছিল ?”

 

মোৰ ৰক্ষাকবচ আছে। আপোনাৰ নাই ।

 

পৃথিৱীৰ বতৰ এতিয়া কেনে?”

 

খুব ঠাণ্ডা। হিমযুগ আৰম্ভ হৈছে। আপুনিতো তাৰ অলপ দেখিছেও ।

 

কলিকতাত তাৰমানে সঁচাকৈ বৰফ পৰে ?”

 

পৰে চাহেব। খুব বেছিকৈয়ে পৰে ।

 

মই কি আৰু একো দেখা নাপাম? এতিয়া কলিকতাত কি আগৰ একোৱেই নাই ?”

 

ডেৰ হাজাৰ বছৰ খুব কম সময় নহয় চাহেব। কিন্তু একেবাৰে একোৱেই যে নাই সেইটো মই নকওঁ। কিবা হয়তো আছে অনেক বস্তু নাই। তেনেকুৱাটো হবই পাৰে। আৰু এটা কথা চাহেব, মোক আপুনি তুমি বুলি কব। মই আপোনাতকৈ অন্তত ডেৰ হাজাৰ বছৰ সৰু ।

 

সোমনাথে অকণমান হাঁহি কলে সেইটো হব বাৰু, পিছে -

 

কচোৱানে মূৰটো জোকাৰি উত্তৰ দিলে, -

কোনো কথা আৰু নুশুনো চাহেব, মোক তুমি বুলিয়েই কব ।

 

সোমনাথে দুখোজমান খোজকাঢ়ি চালে। সেইধৰণৰ মাৰাত্মক মাৰ খোৱাৰ মাত্ৰ কেই ঘণ্টামানৰ পিছতে ইমান সুস্থ বোধ কৰাতো অস্বাভাৱিক। সোমনাথৰ ঘড়ীত এতিয়া মাত্ৰ চাৰে সাতটাহে বাজিছে।

 

সোমনাথে কচোৱানৰ ফালে চাই শুধিলে আপুনি মোক এই যুগলৈ লৈ আনিলে কিয়?”

 

কচোৱানক কিছু চিন্তিত যেন দেখা গল। তেওঁ বহুত সময় সোমনাথৰ মুখৰ ফালে চাই ক,

-কাৰণ আছে চাহেব। গভীৰ কাৰণ ।

 

কি সেই কাৰণ?”

 

কচোৱানে কিবা উত্তৰ দিয়াৰ আগতেই কৰবাত অদৃশ্য হৈ থকা স্পিকাৰত কিছুমান মৃদু সংকেত সূচক শব্দ বাজি উঠিল।

 

কচোৱানে লগে লগে কলে আহিছে ।

 

সোমনাথে অবাক হৈ প্ৰশ্ন কৰিলে -

কোন আহিছে?”

 

====  ====   =======

 

  কচোৱানে কোনো উত্তৰ নিদিলে। চাৰিজন মানুহ ঘৰৰ ভিতৰলৈ আহি সোমনাথৰ সমুখত ঠিয় হল। চাৰিওজনৰেই গম্ভীৰ মুখ। সোমনাথে মন কৰিলে এওঁলোকৰ প্ৰত্যেকৰে গাত জাম্পাৰ জাতীয় পোছাক। যেনেকুৱা কাপোৰ সি নিজেও পিন্ধি আছে। এইটো যুগৰ কি এইটোৱেই একমাত্ৰ পোছাক?

চাৰিজনৰ ভিতৰত এজনে হঠাত মনত পৰাৰ দৰে হাতযোৰ কৰি কলে

নমস্কাৰ সোমনাথ বাবু। পঁইত্ৰিছ শতকৰ অভিনন্দন ।

এনেকুৱা নাটকীয় অভ্যৰ্থনাত সোমনাথৰ খুব হাঁহি উঠিছিল। তথাপিও যথাসাধ্য গম্ভীৰ ভাৱ এটা মুখলৈ আনি কলে-

নমস্কাৰ, ধন্যবাদ। আপোনালোক কোন?”

মহাশয় আমি আপোনাৰেই সতি সন্ততি। আশীৰ্বাদ ভীক্ষা কৰিছোঁ ।

মানুহটোৱে যেন শিকাই দিয়া ধৰণে কথা কৈ গৈছে,  অনভ্যস্ত ভঙ্গী।

সোমনাথে কলে- আপোনালোকে কি এইধৰণেৰেই কথা পাতে?”

মানুহটোৱে মূৰ জোকাৰি কলে-

নাই নাপাতো। ভাষা এটা পৰিবৰ্তনশীল মাধ্যম। আমাৰ ভাষা বেলেগ ধৰণৰ। এতিয়া মই প্ৰাচীন বাংলা ভাষাত কথা কবলৈ আৰম্ভ কৰিছোঁ। মোৰ নাম ৰ ।

আপোনালোকৰ ভাষাটো কেনেকুৱা?”

সংকেতময় আৰু শব্দনিৰ্ভৰ। আপোনালোকৰ দৰে আমি বাক্য ৰচনা নকৰো। এটা বাক্যৰ ভাবাৰ্থটো এটা শব্দৰে প্ৰকাশ কৰো। সেইদৰে এটা শব্দ উচ্চাৰণ কৰিলে একাধিক বাক্য প্ৰকাশ হয় ।

মানুহটোৱে যেতিয়া সোমনাথৰ লগত কথা পাতি আছিল তেতিয়া অন্য তিনিজনে নিজৰ ভিতৰতে কথা পাতি আছিল। কিবা গুবগুব, টুংটাং, খচখচ, বিলবিল জাতীয় কিছুমান অদ্ভুত শব্দ সৰু সৰুকৈ নিজৰ মাজত উচ্চাৰণ কৰি গৈছিল।

সোমনাথে কবিতা পঢ়ি খুব ভাল পায়। সি প্ৰশ্ন কৰিলে-

আজিকালি কি কোনেও কবিতা নিলিখে নেকি?”

মানুহটোৱে অত্যন্ত বিনীত ভাৱেৰে উত্তৰ দিলে-

লিখে কবিতা। আমাৰ যন্ত্ৰগণক সমূহে লিখে ।

যন্ত্ৰগণক?”

হয় মহাশয়। কিন্তু আমাৰ হাতত এতিয়া বেছি সময় নাই। আমাৰ অস্তিত্বৰ ভীষণ সংকট দেখা দিয়াত আমি আপোনাক সময়ৰ বোৱতী সুঁতিত বহুত দূৰ আগলৈ লৈ আনিচা। আমাক ক্ষমা কৰি দিব। বহুত হিচাপ নিকাচ কৰি দেখিছো যে আপোনাক চাৰি ঘণ্টাৰ বেচি ইয়াত ৰাখিলে ডাঙৰ সৰ্বনাশ এটা হব পাৰে। হয়তো বা মানৱ জাতিৰ ইতিহাসেই সলনি হৈ যাব ।

সোমনাথে বিস্মিত কণ্ঠেৰে কলে কিয়?”

মহাশয় পৃথিৱীৰ সমস্ত ইতিহাস এডাল সূতাৰে বন্ধা। যি ঘটি গৈছে তাৰেই পৰিণতি বৰ্তমান। আমি সময়তকৈ আগুৱাই যাব পাৰো

আমি ইচ্ছা কৰিলে অতীতৰ ঘটনাবোৰ নিয়ন্ত্ৰণ আৰু পৰিবৰ্তনো কৰিব পাৰোঁ। কিন্তু এই কাৰ্য্যৰ পৰিণতিৰ বাবে খুব সচেতন থাকিব লগীয়া হয়। সামান্য ভুল ভ্ৰান্তি হলেও পৰবৰ্তী ঘটনা সমূহ সাংঘাতিক আৰু মাৰাত্মক হৈ উঠিব পাৰে। মহাশয় আমি কিছু বছৰ আগতে একবিংশ শতিকাৰ এটি শিশুক মাৰাত্মক ৰোগ এটাৰ পৰা ৰক্ষা কৰিছিলোঁ। সেই শিশুটোৱেই পিছত মাৰাত্মক ৰশ্মিৰ সহায়ত পৃথিৱীৰ সমূহ জীৱন নাশ কৰিবলৈ উদ্যত হৈছিল ।

সোমনাথে চক খাই উঠি শুধিলে – “ আপোনালোকে কি কৰিলে?”

আমি আকৌ একবিংশ শতিকালৈ ঘূৰি গৈ শিশুটোৰ প্ৰাণ নাশৰ ব্যৱস্থা কৰিলোঁ। দেখাত কামটো খুব নিষ্ঠুৰ যেন লাগিলেও মানুহ জাতিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি কামটো কৰিবলৈ বাধ্য হৈছিলোঁ । এতিয়া আমি আৰু ভৱিষ্যত লৈ কোনো খেলা নকৰোঁ। ঈশ্বৰ মঙ্গলময় ।

আপোনালোকে কি ঈশ্বৰ বিশ্বাস কৰে?”

নিশ্চয় মহাশয়,  ঈশ্বৰ এক প্ৰমাণিত সত্য ।

আচ্ছা ভূত বুলি কিবা আছেনে?”

হয় মহাশয়। ভূতো এক প্ৰমাণিত সত্য। কিন্তু আমাৰ হাতত আৰু সময় নাই। দয়া কৰি আপুনি আমাৰ লগত অকণমান আহক। আমাৰ গাওঁবুঢ়াই আপোনাৰ লগত কিছু দৰকাৰী কথা পাতিব ।

গাওঁ বুঢ়া?”

সোমনাথৰ আকৌ হাঁহি উঠিল। গাওঁ কত যে গাওঁবুঢ়া থাকিব? তথাপি সি কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকিল। মাত্ৰ কলে - লক

বাহিৰত এটা বহল সুৰঙ্গ পথ। চাৰিওফালে কোমল পোহৰ। সেই পোহৰ বোৰ আহিছে দেৱাল, মজিয়া আৰু চাদৰ পৰা। সমুখতে এখন গাড়ী ৰৈ আছিল। গাড়ীখন চকা বিহীন আৰু খোলা। এটা দীঘল চিগাৰেটৰ দৰে চেহেৰা। ভিতৰৰ খোলা ঠাইখিনিত কেইখনমান আসন।

বিনীত ভাৱে ৰয়ে কলে, ” অনুগ্ৰহ কৰি আপুনি আগতে উঠক ।

তেওঁলোক সকলো কেইজন গাড়ীত বহিল। কেৱল কচোৱান থাকি গল। গাড়ীখন চলিবলৈ আৰম্ভ কৰিলে। কোনো জোকাৰণি বা লৰচৰ নাই, মূৰে গায়ে কোবোৱা অস্বস্তিকৰ বতাহ নাই। অথচ প্ৰচণ্ড গতি।

এইখন কেনেকুৱা গাড়ী?”

য়ে বিনীত ভাৱে উত্তৰ দিলে, “ এইখন ত্ৰিচৰ যান। জল, স্থল, অন্তৰীক্ষ সকলোতে চলাব পাৰে। আপোনালোকৰ দিনৰ মটৰ গাড়ীৰ আধুনিক সংস্কৰণ। যিটো প্ৰযুক্তিৰ দ্বাৰা এইখন বনাইছে সেইটো আপোনালোকৰ দিনত অজ্ঞাত আছিল। আপোনাক কলেও হয়তো ভালদৰে বুজি নেপাব ।

সোমনাথে মূৰ জোকাৰি কলে এনেকুৱাটো হোৱাৰেই কথা। আমাৰ সময়ত কল্পবিজ্ঞানত আমি এইধৰণৰ যানৰ কথা পঢ়িছোঁ ।

একেবাৰে ঠিক কথা কৈছে। সেইবোৰ কল্পনাৰ মাজতেই সম্ভাৱনাৰ বীজ লুকাই আছিল। আমি আপোনালোকৰ ওচৰত ঋণী ।

আপোনালোক মাটিৰ তলতেই বসবাস কৰে নেকি?”

নহয় মহাশয়। মাটিৰ উপৰি ভাগতো আমাৰ নানা নিৰ্মাণ আছে। কিন্তু পৃথিৱীৰ উপৰিভাগৰ তাপমান কোনো কোনো ঠাইত শূন্যৰ এশ ডিগ্ৰী তললৈকো নামি গৈছে। সেইবাবে আমি সাধাৰণ মানুহবোৰ মাটিৰ তলতে থাকোঁ ।

খেতিবাতি হয় নে ?”

হয় মহাশয়। চাব?”

নিশ্চয়। চাম ।

য়ে মুখেৰে কিবা এটা উচচ্ছাৰণ কৰিলে। শুনিবলৈ ব্লুৎযেন লাগিল।

গাড়ীখন ৰৈ গল। ৰয়ে তাৰ অঙুলিৰ ফাঁকত লুকুৱাই থোৱা চাৰিকোণীয়া বস্তু এটা এবাৰ ওভোতাই ধৰোঁতেই সোঁ আৰু বাওঁ ফালৰ দেৱাল দুখন স্বস্ব হৈ পৰিল। চকুত পৰিল দুয়োকাষে বিস্তীৰ্ণ খেতি পথাৰ। পিছে বিংশ শতাব্দীৰ খেতি বোৰৰ দৰে নহয়। এটা পাতল বেঙুনীয়া পোহৰত দেখা গল মাটিৰ তলত হোৱা বনভূমি। মাজে মাজে ঘন সেউজীয়া আৰু হালধীয়া শষ্যৰ ৰেশ।

সেইবোৰ কিহৰ খেতি?”

ধান, মাকৈ, ডাইল, বাৰ্লি, সৰিয়হ। ইয়াত ঋতুৰ পৰিবৰ্তন নাই বাবে আমি সকলো সময়তে সকলো ধৰণৰ খেতি কৰোঁ। সমুখত আমাৰ হাঁহ, মুৰ্গীৰ পাম আৰু বাঘ, ভালুক আদি জীৱ জন্তু ৰখা সুন্দৰ ব্যৱস্থা আছে। আমি সকলোবোৰ জীৱ জন্তু সযত্নে জীয়াই ৰাখিছোঁ ।

ওপৰত কোনো গছ গছনি নহয় নেকি?”

হয়,  অকল মেৰু অঞ্চলত। তাপমান কিছু বেছি বাবে তাত কিছু গছ গছনি হয়। কিন্তু সেইবোৰো তুষাৰ যুগৰ গছ, সেইবোৰৰ প্ৰজাতি বেলেগ। মেৰু অঞ্চলত বহু মানুহ উপৰি ভাগতো বাস কৰে ।

গোশালা, অৰণ্য অঞ্চল, কৃষি আৰু পোলট্ৰি ফাৰ্ম সোমনাথে সকলোবোৰ দেখিলে। মাটিৰ তলত এক আশ্চৰ্য্যকৰ জগত। বিশ্বাসযোগ্য নহয়।

গাড়ীখন লাহে লাহে ওপৰলৈ উঠিছিল। কিছু সময়ৰ পিছত এটা সুৰঙ্গ পাৰ হৈ মাটিৰ ওপৰলৈ উঠি আহিল।

বাহিৰত এতিয়াও বৰফৰ ধুমুহা চলিছে। চাৰিওফালে ঘোপমৰা অন্ধকাৰ। কিন্তু গাড়ীখন গৈ যত ৰলগৈ সেইখন এখন সৰু গাওঁ। গাড়ীৰ ভিতৰত থকা চুইচ এটা টিপি কোমল পোহৰেৰে চাৰিওফালে ভৰাই তুলিলে। সেই পোহৰত দেখা গল আটোম টোকাৰী সুন্দৰ ছবিৰ দৰে এখন গাওঁ। গাওঁ খনত সুন্দৰ সৰু সৰু পঁজা ঘৰ, মন্দিৰৰ, কেঁচা মাটিৰ সেন্দূৰী আলি, ধান খেৰৰ দ, গৰু চৰোৱা পথাৰ। আশ্চৰ্য! আশ্চৰ্য! ইয়াত গছ গছনিও আছে। ঘাহঁনি আৰু জোপোহা বোৰত জোনাকি পৰুৱা বোৰে টিপ টিপাই আছে। শিয়ালে মাতিছে। ভৰিৰ তলত ঘাহঁ, বন, বনগুটি।

সোমনাথে আচৰিত হৈ সুধিলে-

এইবোৰ কি সঁচানে?”

একেবাৰে সত্য মহাশয়। ইয়াক কোৱা হয় তাপ বিকিৰণ ক্ষেত্ৰ। কিন্তু এনেকুৱা মুক্তাঞ্চল বেছি নাই। এইবোৰ তৈয়াৰ কৰা খুব বেছি ব্যয়বহুল আৰু কষ্টসাধ্য। আমাৰ শক্তিৰ ভাণ্ডাৰো ইমান টনকিয়াল নহয়। কেৱল গাওঁ প্ৰধান সকলৰ বাবেই পৃথিৱীত এইধৰণৰ কেইখনমান গাওঁ আমি তৈয়াৰ কৰিছো। আহক, সমুখৰ সেই ঘৰটোতে গাওঁবুঢ়া থাকে ।

সোমনাথে অবাক হৈ দেখিলে যে ঘৰটোত সোমোৱাৰ মুখতে লগোৱা জেওৰাৰ খুঁটিত লাওৰ গছ বগাই চালত উঠিছেগৈ। সুন্দৰ চেহেৰাৰ লাওৰে গছ ভৰি আছে। এই যুগত এনেকুৱা দৃশ্য দেখিব বুলি সি কল্পনাও কৰা নাছিল।

ঘৰৰ ভিতৰৰ দৃশ্যটো আৰু বিস্ময়কৰ। এজন বয়সিয়াল লোকে টিপ চাকিৰ পোহৰত এখন মোটা কিতাপ নে বহী খুলি পঢ়ি আছে।

সোমনাথ সোমাই আহোঁতেই বুঢ়া মানুহজন সসম্ভ্ৰমে উঠি ঠিয় হল। তাৰ পিছত সাষ্টাঙ্গে প্ৰণাম কৰি হাতযোৰ কৰি কলে আহক পিতা। আমাৰ কি সৌভাগ্য!

প্ৰথমতে বুঢ়া মানুহজনে সেৱা কৰোঁতে সোমনাথ কিছু অপ্ৰস্তুত হৈ পৰিলেও পিছ মুহূৰ্ততে তাৰ মনত পৰিল যে এই বুঢ়া জনতকৈ তেওঁ ডেৰ হাজাৰ বছৰ ডাঙৰ।

সমুখত তেওঁৰ বাবে বহাৰ ব্যৱস্থা কৰা আছিল। সোমনাথে বহাৰ পিছত বুঢ়া মানুহজনো বহিল আৰু অতিশয় বিনয়েৰে কবলৈ আৰম্ভ কৰিলে

আপোনাক বহুত কষ্ট দিব লগীয়া হৈছে পিতা ।

সোমনাথে মূৰটো লৰাই উত্তৰ দিলে মুঠেও কষ্ট হোৱা নাই। গধূলিছটা বজাৰ সময়ত মোক চাৰিজন গুণ্ডাই মাৰি অজ্ঞান কৰি পেলাইছিল। আপোনালোকে মোক তুলি ননা হলে মোৰ নিৰ্ঘাট মৃত্যু হল হেতেঁন ।

বুঢ়াজন গম্ভীৰ হৈ পৰিল। তাৰপিছত স্বগতোক্তিৰ দৰে কৈ উঠিল- বৰ্তমান ইতিহাস অনুযায়ী আপোনাৰ গধূলি সাতটা বজাত মৃত্যু ঘটিছে পিতা। পুৰণা নথি পত্ৰত দেখাও গৈছে যে সাত জানুৱাৰীত আপোনাৰ মৃত্যু ঘটিছে। কিন্তু আমি সেইটো হবলৈ দিব নোৱাৰো ।

সোমনাথে অবাক হৈ চাই থাকিল।

বুঢ়া জনে হাতত থকা পুথিখন সোমনাথৰ ফালে আগুৱাই দি কলে-

চাওক পিতা, এইখন হল সেই বছৰৰ কলিকতা কৰপোৰেছনৰ মৃত্যুৰ হিচাপ ৰখা বহী। ডেথ ৰেজিষ্টাৰ ।

সোমনাথে বহীখন চালে । স্পষ্টভাৱে তাৰ নামটো মৃত লোকৰ তালিকাত লেখা আছে। দেখি তাৰ গাটো বৰফৰ দৰে ঠাণ্ডা হৈ গল।

 

=======  =======  ======

   

বৃদ্ধই সোমনাথৰ ফালে স্থিৰ দৃষ্টিৰে চাই আছিল। অতিশয় মৃদু স্বৰেৰে তেওঁ কলে-

আমি ইতিমধ্যে ঘটি যোৱা ঘটনাবোৰ সাধাৰণতে সংশোধন নকৰোঁ। কিয়নো তাৰ ফল মাৰাত্মক হব পাৰে। কিন্তু আপোনাৰ ক্ষেত্ৰত বিকল্প ইতিহাস সৃষ্টি কৰাৰ বাহিৰে আমাৰ হাতত কোনো উপায় নাই। ভগৱান আমাৰ সহায় হওক ।

সোমনাথৰ ডিঙিতো সোপা মাৰি ধৰিছিল। চেষ্টা কৰাৰ পিছতো মুখেৰে কোনো শব্দ ওলাই অহা নাছিল। সি গল হেঁকাৰি মাৰি অলপ কঁপা কঁপা মাতেৰে সুধিলে

কিয়?”

আমাৰ শক্তিৰ উৎস সীমাবদ্ধ। পৃথিৱীৰ উপৰিভাগ লাহে লাহে বৰফৰ তলত সোমাই পৰিছে। এইটো হিমযুগৰ প্ৰাথমিক স্তুৰ। ইয়াৰ পিছত ক্ৰমে আৰু ঠাণ্ডা হব। সূৰ্য্যটো বছৰৰ পিছত বছৰ ধৰি দেখা পোৱা নেযাব। আকাশখন সদায় কলা মেঘেৰে ঢাক খাই থাকিব। আমাৰ শক্তিৰ উৎস এনেকুৱা নহয় যে আমি এই প্ৰবল হিমযুগৰ লগত অবিৰাম যুদ্ধ চলাই যাব পাৰিম। আমাৰ অসহায় অৱস্থাটো কি আপুনি বুজিব পাৰিছেনে পিতা?”

পাৰিছো, কওক ।

কিন্তু আমি কোনো অঘটন ঘটাই পেলাব নোৱাৰো। আমি হঠাতে কোনো আৱিষ্কাৰো কৰি পেলাব নোৱাৰোঁ। পৃথিৱীত যি সকলো ঘটি আছে সকলো ক্ৰম বিবৰ্তনৰ ফলতেই হৈছে। আমি বহুত হিচাপ নিকাচ কৰি চাইছো। যন্ত্ৰগণক বোৰেও দিন ৰাতি একাকাৰ কৰি কাম কৰিছে। আমি এখন পৰীক্ষা মূলক বিকল্প ইতিহাসৰো তৈয়াৰ কৰি চাইছো। আমি কি দেখিছো জানেনে পিতা?”

নাই নাজানো ।

বিংশ দশকৰ শেষ বছৰত এজন শিশুৰ জন্ম হব। তাৰ নাম হব সোমসুন্দৰ। অত্যন্ত তীক্ষ্ণবুদ্ধিৰ এই লৰাজনে পৰবৰ্তী কালত পৃথিৱীৰ শেষ হৈ যোৱা ইন্ধন শক্তিৰ বিকল্প এক শক্তিৰ আৱিষ্কাৰ কৰিব পাৰে। তেতিয়া হলে একবিংশ শতিকাৰ পৰাই সেই শক্তিৰ উৎসটো ক্ৰমবিবৰ্তনৰ সহায়ত আমাৰ হাতলৈ আহিব পিতা। তাৰ সম্পূৰ্ণ সদ্ব্যৱহাৰৰ দ্বাৰা আমি এই হিমযুগক অনায়াসে অতিক্ৰম কৰিব পাৰিম ।

বুজিছো। কিন্তু মোৰ ইয়াত কি কৰিব লগীয়া আছে?”

সোমসুন্দৰৰ মাক আৰু দেউতাকৰ নাম আপোনাক এতিয়াও কোৱা হোৱা নাই পিতা ।

তেওঁলোকৰ নাম কি?”

সোমসুন্দৰৰ দেউতাকৰ নাম সোমনাথ ৰায়, মাকৰ নাম অপৰা মিত্ৰ। দুয়োজন কায়স্থ। দুয়োজন বিজ্ঞানমনস্ক। বিকল্প ইতিহাসে সেইটোৱেই দেখুৱাইছে ।

সোমনাথে উচপ খাই উঠিল, বুকুখন ধপধপাবলৈ ধৰিলে। অকণমান পিছত বেজাৰেৰে মনটো ভৰি গল।

সোমনাথে কোনোমতে উচ্ছাৰণ কৰিলে

সেইটোতো আৰু সম্ভৱ নহয় ।

বয়সীয়া লোকজনে অকণমান হাঁহিলে

হয় পিতা, স্বাভাৱিক ঘটনা অনুযায়ী সম্ভৱ নহয়। সেইটো আমি জানো। কিন্তু আমি এই ইতিহাসক মানৱ জাতিৰ কল্যাণৰ বাবে অকণমান পৰিবৰ্তন কৰিব খুজিছোঁ পিতা ।

কি কৰিব আপোনালোকে?”

আমি আপোনাৰ শাৰীৰিক ভাবে কিছু পৰিবৰ্তন আনিম। তাৰপিছত আকৌ আপোনাক আপোনাৰ সময়লৈ ওভোটাই নিম। সন্ধিয়াছটা গঙ্গাৰ ঘাটত ।

তাৰপিছত?”

বৃদ্ধ লোকজনে অকণমান হাঁহিলে-

ইতিহাস অন্য ধৰণে লিখা হব ।

অপৰাই মোক চিনি নাপায় ।

জানো পিতা ।

“ – মই তেওঁলৈ এখন চিঠি লিখিছিলো। তাৰপিছত……….”

জানো পিতা। কিন্তু এইবাৰ ঘটনা অন্য ধৰণে ঘটিব ।

মোৰ শাৰীৰিক বিধানত আপোনালোকে কি পৰিবৰ্তন আনিব?”

বুঢ়া মানুহজনে অত্যন্ত অমায়িক ভাবে কলে-

এই যুগৰ বিজ্ঞান অতি সূক্ষ্ম। আপুনি সকলো কথা হয়তো বুজি নেপাব। আপুনি অনুমতি দিলে আমি আৰু আপোনাৰ বেছি সময় নলও। আমাৰ পৰিকল্পনা মতে আমাৰ হাতত আৰু বেছি সময় নাই ।

বৃদ্ধ লোকজন উঠি সোমনাথক সাষ্টাঙ্গে প্ৰণাম কৰিলে।

আগুৱাই আহি সোমনাথক কলে আহক পিতা। যানত আৰোহণ কৰক ।

সোমনাথে নীৰৱে গৈ গাড়ীত উঠিল। যিমান সময় গাড়ীখন চলি আছিল সোমনাথে কেৱল সন্মোহিত হৈ বহি থাকিল। বুৰঞ্জী অন্য ধৰণে লিখা হব! কি ধৰণে? অপৰা? অপৰাৰ লগত তাৰ ….! যাঃ অসম্ভৱ কথা।

আৰু তেওঁৰ সঙ্গী কেইজনে সোমনাথক ভূগৰ্ভৰ ভিতৰত থকা এটা গম্বুজ সদৃশ ঘৰলৈ লৈ আনিলে। এখন সুন্দৰ আৰু আচৰিত ধৰণৰ বিছনাত সোমনাথ শুই পৰিল। তাৰপিছত এখন প্ৰকাণ্ড ঢাকনাৰ তলত সোমাই পৰি সি টোপনি গল।

 

গঙ্গাৰ পাৰত সোমনাথ ঠিয় হৈ আছে। অদূৰত সেই ঘোঁৰাৰ গাড়ীখন। কচোৱানে ঘোঁৰাক ঘাঁহ খুৱাইছে। নিৰ্জন নিস্তব্ধ ভয়লগা ঠাইখনত লেম্প পোষ্টৰ পৰা সামান্য পোহৰ আহি পৰিছেহি।

স্যাৎ কৈ চাবুকৰ শব্দ এটা হল।

সোমনাথে চক খাই উঠি দেখিলে গাড়ীখন আহিছে। সি সাজু হৈ ৰৈ থাকিল। বুৰঞ্জী সলনি কৰিব লাগিব।

গাড়ীখন আহি মুখৰ আগতে ৰলহি। এজন মানুহ নামি আহিল। বিশাল চেহেৰা। আহি চিধাই সোমনাথৰ চুৱেটাৰটো খামুচি ধৰি কলে-

ছোৱালী জনীৰ পিছ লোৱা কিমান দিন হ?”

হঠাতে সোমনাথে মনৰ ভিতৰত এটা প্ৰচণ্ড ইচ্ছা শক্তিৰ উমান পালে। এইটোৱেই সময়। সোমনাথে সোঁহাতখন তুলি মানুহটোৰ মুখত এটা প্ৰচণ্ড ঘোঁচা মাৰিলে।

অসুৰটো মাটিত চিটিকি পৰিল।

গাড়ীৰ পৰা আৰু তিনিজন মানুহ নামি আহিল। কিন্তু সোমনাথ পিছুৱাই নগল। সি ধীৰ গতিত আগুৱাই গল।

স্যাৎ কৈ চাবুকডালৰ এটা শব্দ হল। ডেৰ হাজাৰ বছৰৰ পিছৰ পৃথিৱীয়ে যেন তাক আনন্দেৰে অভিনন্দন জনাইছে।

সোমনাথে জীৱনত কেতিয়াও মাৰপিট কৰি পোৱা নাই। কিন্তু তাৰ তীব্ৰ ঘোঁচা আৰু গোৰৰ কোবত তিনিটাকৈ মানুহ ধৰাশায়ী হল।

সোমনাথে দেখিলে সমুখত আৰোহী বিহীন গাড়ীখন ৰৈ আছে। প্ৰতিপক্ষ ভুলুণ্ঠিত।

স্যাৎ কৈ চাবুক ডালৰ আৰু এটা শব্দ হল। সোমনাথে সেইফালে চাওঁতেই কচোৱানে মটৰ গাড়ীখন দেখুৱাই দিলে। তাৰপিছত ঘোঁৰা গাড়ীখনৰ সতে কচোৱানজন অদৃশ্য হৈ পৰিল।

সোমনাথে লাহে লাহে গৈ গাড়ী খনত উঠিল। ষ্টাৰ্ট কৰিলে। সি জীৱনত কেতিয়াও গাড়ী চলাবলৈ শিকা নাই। কিন্তু আজি অনায়াসে গাড়ীখন চলাবলৈ ললে।

অপৰাৰ বাবে তাৰ কোনো মূৰঘুৰণি নাছিল। কোনো দুশ্চিন্তাও নাছিল। সি জানে যে তাৰ অজানিতে ইতিহাস অন্যধৰণে ৰচিত হৈছে।

গাড়ীখনে ডাঙৰ ৰাস্তাবোৰ এৰি সৰু গলিৰ মাজেৰে আহি যেতিয়া তাৰ ঘৰৰ আগত উপস্থিত হলহি তেতিয়া সময় মাত্ৰ ৰাতি চাৰে নটাহে হৈছিল।

এই ঘটনাটোৰ তিনি দিন পিছত এদিন অপৰাই কুকুৰটোক ফুৰাবলৈ ঘৰৰ বাহিৰলৈ ওলাই আহিছিল। জাৰকালিৰ সুন্দৰ ৰাতিপুৱাটোত তাই হঠাতে এজন ধুনীয়া লৰাক দেখি মুগ্ধ হৈ পৰিল। ভাবিলে আহ! এওঁৰ লগত যদি মোৰ বিয়া হল হেতেঁন!

এই ঘটনাটোৰ তিনিবছৰ পিছত সোমনাথে তাৰ শিশু পুত্ৰ সোমসুন্দৰক পেৰেম্বুলেটৰত বহুৱাই আবেলি ফুৰাবলৈ নিছিল। এতিয়া তাৰ অৱস্থা যথেষ্ট ভাল। সাইণ্টিফিক এপ্লায়েন্সৰ ব্যৱসায় ৰমৰমীয়া হৈ পৰিছে।

নিজৰ পাৰাটো পাৰ হৈ আহি সি এখন নিৰ্জন খোলা ঠাইৰ ওচৰ পাইছিলহি।

 হঠাতে ঘোঁৰা গাড়ীৰ টিলিঙাৰ জুনুক জুনুক শব্দ শুনা গল।

সোমনাথে আচৰিত হৈ মূৰ তুলি চালে।

চাহেব, কৰবালৈ যাব? মই লৈ যাম?”

সোমনাথে সামান্য হাঁহি মাৰি শুধিলে

কেনে আছে কচোৱান?”

খুব ভাল চাহেব ।

সকলো ভালনে?”

সকলো ভাল। ইতিহাস সলনি হৈছে। যাওঁ চাহেব ।

কচোৱানে হাতখন ওপৰ লৈ তুলিলে। ঘোঁৰাটোৱে শূন্যলৈ জাঁপ মাৰিলে। তাৰপিছত বতাহৰ লগত মিলি পৰিল ।

সোমনাথে হাতখন ওপৰলৈ তুলি ধৰিলে। মুখত মৃদু হাঁহিৰ ৰেশ। হাঁহি মুখেৰেই শুই থকা শিশুপুত্ৰৰ মুখলৈ চালে।

ইতিহাস সলনি হল।

 

======  সমাপ্ত  =======

 

Post a Comment

0 Comments