ফ্লাৰ্টিং
মূল ইংৰাজী-( ফ্লাৰ্টিং )
বিনায়ক নাডকাৰ্ণি৷
অনুবাদঃ মাধুৰী গগৈ৷
'' ই ১০৪
নং বাছখন গ’ল নেকি
বাৰু ? '' উশাহ
নসলোৱাকৈয়ে বাছ ষ্টপটো পায়েই মই তাত থিয় হৈ
থকা ব্যক্তিজনক সুধিলোঁ ৷
তেওঁ মোৰ প্ৰশ্নটোত ইমানেই আচৰিত হোৱাৰ ৰিয়েকচন দিলে যে মোৰ এনে লাগিল তেওঁক
যেনিবা মই তেওঁৰ ৱালেটটোহে খুজিলোঁ ৷ কিছুসময় ৰৈ তেওঁ উত্তৰ দিলে , “ না” ৷
মই এইবাৰহে স্বস্তিৰ নিশ্বাস এৰিলোঁ ৷
স্বাভাৱিক অৱস্থালৈ অহাৰ পাছত মই তেওঁক আকৌ সুধিলোঁ , “ মই আপোনাৰ টেগ
দেখিছো , আপুনিও
বাৰু ৰূটাৰছ ছফটৱেৰ ছলিউশ্যনত কাম কৰে নেকি ? “
শক্তিশালী অথচ বিনয়ী কণ্ঠৰে তেওঁ উত্তৰ দিলে , “ হয় ,কৰোঁ ৷”
মই তেওঁৰ মুখলৈ চালোঁ৷ক্লীন শ্বেইভ কৰি
পৰিপাটিকৈ পিন্ধা পৰিষ্কাৰ -পৰিছন্ন ফৰ্মেল সাজযোৰেৰে তেওঁক সুসংস্কৃতিৱান
যেনেই অনুমান হ’ল ৷ মই
ততাতৈয়াকৈ তেওঁৰ হাতখনলৈ চাই পঠিয়ালোঁ ৷ এটা আঙুলিতো আঙঠি নাই ! এই সকলোবিলাক বাৰু
ঠিকেই আছে ৷ পিছে তেওঁৰ ইমান চমু চমুকৈ উত্তৰ দিছে ! কেৱল “ হয়,নহয়! “ লাজকুৰীয়া নে অহংকাৰী ৷ ময়ো পিছে এৰি দিয়া ভকত নহয় ! মোৰ নিচিনা
কিছুমান নাৰীৰ এক অদ্ভুত জেদ আছে যেতিয়াই কোনোবাই আমাক ইগন’ৰ কৰে , তেতিয়া
তেওঁলোকৰ প্ৰতি আমি বেছিকৈহে আকৰ্ষিত হওঁ ৷ এইটো নাৰী কিছুমানৰ প্ৰতি ভগৱান
প্ৰদত্ত এক অদ্ভুত গুণেই নে দোষ নাজানো ৷ মোৰো কিন্তু এইটো স্বভাৱ আছে ! মোক অলপো
গুৰুত্ব নিদিয়া এই মানুহজনৰ লগত কথা পতাৰ বাবে মই বদ্ধপৰিকৰ হ’লোঁ ৷
“
হাই ! মই নেইনা,অলপতেহে
মই
আৰ এছ এছত জইন কৰিছোঁ ৷”- কথাপতাৰ সুযোগ এটা ল’ব খুজি মই মোৰ সোঁহাতখন তেওঁলৈ আগবঢ়াই দিলোঁ
৷
“ অ’হ , নাইচ টু মীট য়ু
৷,মই
অভিষেক ৷ - তেওঁ মোলৈ আগবঢ়াই দিয়া নিৰুত্তাপ হাতখন শ্বেইক কৰি মই অনুভৱ কৰিলোঁ তেওঁ যেন আৰু কথা বঢ়াব বিচৰা নাই ৷
“বাৰু অভি,আপোনাৰ
ডিপাৰ্টমেণ্ট কি বাৰু ?
মই বাৰু আপোনাক এনেদৰে মাতিব পাৰিমনে ? অভি বুলি ? “ কথাষাৰ কৈয়ে মই
তেওঁৰ সামান্য কাষ চাপি গ’লোঁ ৷ আস!
তেওঁৰ দেহৰ পৰা বিয়পি পৰা এটি মিঠা সুগন্ধি মোৰ নাকত লাগিল ৷ মই মনে মনে ভাবিলোঁ , এওঁৰ লগত দুদিনমান লাইন মাৰিব পৰা হ’লে !
“মই ট্ৰেইনিং ডিপাৰ্টমেণ্টৰ ৷ আচলতে মই এজন ক’অৰ্ডিনেটৰ” ৷
কথাষাৰ কৈয়েই কিছুপল থমকি
তেওঁ কৈ উঠিল , “ উম !
অভিটো বেয়া নালাগে বাৰু ৷”
কথাষাৰ কৈয়েই এই প্ৰথমবাৰৰ বাবে তেওঁ মোৰ
দুচকুলৈ চাই পঠিয়ালে ৷ মোৰ বাবে এয়াই যথেষ্ট ৷কাৰণ মই জানো কোনোবাই মোৰ দুচকুত চকু
থপাৰ পাছত তেওঁৰ আৰু ৰক্ষা নাই ৷ মোৰ দুচকুয়ে জানে এনে এক মোহিনী ! দুয়ো চকুত চকু
থোৱাৰ প্ৰায় পাঁচ ছেকেণ্ডৰ পাছতে আমি অপেক্ষা কৰি থকা নিৰ্দিষ্ট বাছখন আহিল ৷ মই
তেওঁৰ কাষৰ খালী আসনখনত বহাৰ চান্সটো নেৰিলোঁ !
সেইযে তেওঁ বাছষ্টপত মোৰ চকুৱে চকুৱে চালে ৷ ক্ষণিকৰ মুহূৰ্তটোৰ পৰাই মই চিওৰ
আছিলোঁ যে এইবাৰ মই নহয় ,
তেওঁহে মোৰ লগত কথা পাতিবলৈ ইণ্টাৰেষ্টেড হ’ব৷ মূৰকত সেয়াই হ’ল ৷ তেওঁ
সুধিলে , “ কোৱাচোন
নেইনা , তোমাৰ
কথা ৷ কি ডিপাৰ্টমেণ্ট আৰু আমাৰ এই আৰ এছ এছ কেনেকৈ বিচাৰি পালা ? “
সেয়া ! মই কোৱা নাছিলোনে! সেয়াই মোৰ মাটি
চাকিৰ দৰে চকুযুৰিৰ যাদু! যাৰবাবে তেওঁৰ মুখেদি মোৰ বাবে সৰি পৰিছে মই বিচৰা
শব্দবোৰ ৷ মই সন্তুষ্টিৰে ভাবিলোঁ ৷ তেওঁ সোধাতকৈও মই বেছিকৈহে মোৰ বিষয়ে বহলাই ক’লোঁ ৷ তেওঁক মই
মোৰ ডিপাৰ্টমেণ্ট , মোৰ
সহকৰ্মীবিলাক,মোৰ কামবিলাকৰ
বিষয়ে কোৱাৰ উপৰিও.
আওপকীয়াকৈ বুজাই দিলোঁ যে মোৰ
লগত পাৰ্টি কৰিব পৰাকৈ মই মুকলি !
তেওঁ মোৰ কথাবোৰ যথেষ্ট মনোযোগ দি শুনিলে যদিও কথাৰ ফাঁকে ফাঁকে মই অনুভৱ
কৰিলোঁ যে প্ৰকৃততে তেওঁ এজন লাজকুৰীয়া আৰু শান্ত প্ৰকৃতিৰ লোক ৷
পিছে সময় বৰ নিষ্ঠুৰ৷ আমি বিচৰামতে ই একো নকৰে৷ যেতিয়া তুমি সময়বোৰ লাহে লাহে
যোৱাটো বিচাৰিবা , তেতিয়া
আকৌ ই উৰাহে মাৰে আৰু যেতিয়া তুমি ই বেগেৰে যোৱাটো বিচাৰিবা তেতিয়া ই শামুকীয়া খোজ
দিয়ে ৷ যদিওবা আমি আজি প্ৰায় পয়ত্ৰিশমিনিট একেলগে ভ্ৰমণ কৰিলোঁ তথাপি মোৰ এনে
লাগিল যেন সেয়া মাথো পাঁচমিনিটৰ বাটহে আছিল ৷ অফিচ পায়েই আমি
দুয়ো নিজৰ নিজৰ ডেস্কলৈ বুলি আগবাঢ়িলোঁ ৷ দুয়োৰে বাবে দিনটো যেন উল্লেখনীয় হৈ পৰিল
৷
অফিচ পায়েই মই মোৰ ডেস্কলৈ
গৈ ইমেইল বোৰ চ্চেইক কৰিলোঁ , সহকৰ্মীবিলাকৰ লগত কফি খালো আৰু মোৰ ডেস্কত বহিলোহি৷ অফিচত
যিহেতু মই নতুন গতিকে মোৰ তেনেকৈ বিশেষ কামো নাই ৷ প্ৰায় প্ৰথম দুঘণ্টাৰ ভিতৰতে
মোৰ কৰিবলগীয়া কামবোৰৰ অন্ত পৰিল ৷ মোৰ উতলা মনটোত অভিৰ লগত পাৰ কৰা মুহূৰ্তবোৰে বাৰে বাৰে দোলা দিবলৈ ধৰিলে ৷ তথাপি মই
বুজিলোঁ যে কথাবোৰ থানথিত লগাবলৈ মই আৰু অলপ চেষ্টা চলাব লাগিব ৷
এনেদৰে চিন্তাত বিভোৰ হৈ থাকোতেই হঠাতে
কোঠাটোৰ চুক এটাৰ পৰা ভাঁহি
অহা এক উচ্চ স্বৰে মোৰ চিন্তাত যতি পেলালে ৷ মই কি হৈছে বুলি মূৰ দাঙি চাই দেখিলোঁ
যে এজন হৃষ্টপুষ্ট ব্যক্তি ওলাই আহিছে ৷ তেওঁৰ চোলাটো ফাটি আছে৷ কৌতূহলী মনটোক
বাধা দিব নোৱাৰি ঘটনাটোৰ বুজ ল’বলৈ বুলি মই
আগবাঢ়িলোঁ ৷ মানুহজনে ষ্টাফৰে কোনোবা এজনৰ লগত তৰ্কত লিপ্ত হৈ এটা হুলস্থূলীয়া
পৰিৱেশৰ সৃষ্টি কৰি পেলালে ৷ মই তেওঁক পুৰুষৰ কেবিনৰ ফালে আগুৱাই যোৱা দেখি ময়ো
সাধাৰণভাৱেই সেই দিশে যোৱা দেখি তেওঁ যেনিবা ঘূৰি আহিল৷ তেওঁক যথেষ্ট বিব্ৰত হোৱা দেখা গ’ল ৷ এই যেন তেওঁ যাব খোজা ঠাইটুকুৰা চিনি পোৱা নাই৷ অফিচটোৰ
এগৰাকী দায়িত্বশীল কৰ্মচাৰী হিচাপে মই তেওঁক সহায় কৰিবলৈ আগবাঢ়িলোঁ ৷ “এক্সকিউজ মি .ছাৰ ৷ মই আপোনাক কিদৰে সহায় কৰোঁ বাৰু ?”
“হমম ! উমম ! মই নাজানোঁ৷ আচলতে মই চিওৰ নহয়৷ এইফালে বাৰু আৰ্টিষ্টছ এছ’চিয়েছন বা
তেনেকুৱা নামৰ কিবা এটা আছে নেকি ?” তেওঁ সুধিলে ৷
মই ঠিকেই ভাবিছিলো ৷ আচলতে তেওঁ কনফিউজড হৈছে ৷ অলপ আগতে তেওঁ সৃষ্টি কৰা
শ্বীনৰ বিষয়ে একো নজনাৰ ভাও ধৰি মই তেওঁক ক’লোঁ ,
“হয়,আছে ৷
কিন্ত এই অফিচটোত নাই৷দুটামান ব্লক পাৰ হৈয়েই পাব৷মই বাৰু আপোনাক দেখুৱাই দিছোঁ ,ব’লক ৷ ”
”অ’হ! বৰ
ভাল কথা ৷ ধন্যবাদ দেই ৷ মই ৰোহন ৷” দি ইমপ্ৰেশ্যন “ নামৰ এখন মানথলি মেগাজিনৰ মই
কলামনিষ্ট ৷” - কৈয়েই তেওঁ এইবাৰ তেওঁৰ বাঁওহাতখন মোলৈ আগবঢ়াই দিলে ৷
' হাই,আইম
নেইনা৷ আই... ' কিন্তু
মোৰ বাক্যটো সম্পূৰ্ণ কৰিবলৈ লোৱাৰ আগতেই তেওঁক হেণ্ডশ্বেইক দিবলৈ হাত মিলাই মই
কিছুসময়ৰ বাবে স্তব্ধ হৈ ৰ’লোঁ ৷ তেওঁ
হেণ্ডশ্বেইকটো আছিল সুদৃঢ়,
শক্তিশালী আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ ৷ লক্ষ্য কৰিলোঁ তেওঁৰ আটিল হাতখনৰ
সিৰাবিলাক স্পষ্টকৈ জিলিকি উঠিছে ৷ মই অনুমান কৰিলোঁ হয় তেওঁ খঙত আছে নতুবা তেওঁ
নিয়মিতভাৱে জিমলৈ যায় ৷ হঠাতে ভাবনাৰপৰা খকমককৈ সাৰ পাই মই ক’লো , 'মই আপোনাক সহায়
কৰিবলৈ পাই সুখী হ’লোঁ ৷
ময়ো লান্সৰ বাবেই ওলাই আহিছোঁ ৷ তেনেহ’লে আপুনি দি ইমপ্ৰেশ্যনিষ্টৰ এজন কলামনিষ্ট ৷ বাৰু , ৰোহন ,আপুনি কিহৰ
ওপৰত লিখে ? ’ তেওঁৰ হাতৰ পৰা মোৰ হাতখন আঁতৰাই আনিবলৈ ইচ্ছা নথকা
স্বত্বেও তেওঁৰ লগত হেণ্ডশ্বেইকটো শেষ কৰি মই তেওঁৰ সৈতে অফিচৰ দুৱাৰমুখৰ ফালে
ওলাই আহিলোঁ ৷ মই তেওঁক কথাৰ মাজতে লান্স কৰাৰ কথা উল্লেখ কৰিছিলোঁ আৰু তেওঁ সেই
কথাষাৰ কেটছ কৰাকৈ ইনটেলিজেণ্ট হয়নে নহয় তাক চাবৰ কাৰণে অপেক্ষা কৰিলোঁ ৷ মই
শুনামতে ফিজিকেলী ষ্ট্ৰং মানুহবিলাক হেনো সাধাৰণতে বোবা টাইপৰ হয় ৷
“
মোৰ টপিকবোৰৰ বেছিভাগেই আচলতে ফিল’ছফী , নেইনা
৷ আমি এইবিষয়ে লান্স কৰোতেই ভালকৈ পাতিম বাৰু ,দেই’ ৷ কথাষাৰ কৈ তেওঁ মূৰটো বাঁওফালে সামান্য হাওলাই দি
বাঁওহাতে মোৰ বাবে অফিচৰ দুৱাৰখন সম্ভ্ৰমেৰে খুলি দিলে ৷ মই তেওঁৰ হাঁহিমুখীয়া
মুখলৈ চাই মনৰ কথাষাৰ পঢ়ি পেলালোঁ ৷ তেওঁৰ চাৱনিয়েই যেন ক’ব খুজিছে , ' ইউ আৰ ৰিয়েলী
গৰ্জাছ,নেইনা
!'
কিছুসময়ৰ আগতে অফিচত শ্বীন ক্ৰিয়েট কৰা সেই খঙাল ব্যক্তিজনেই এইজন বুলি মোৰ
ভাবিবলৈ টান লাগিল ৷ তেওঁ মোক এখন অভিজাত বাভাৰিয়ান ৰেষ্টুৰেণ্টলৈ লৈ গ’ল ৷ লান্স কৰি
বাহিৰলৈ ওলাই আহোতে তেওঁ মোক অফিচলৈ পলম হৈছে নেকি সুধিলে ৷ মই
সজোৰে এইক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিলোঁ আৰু দুয়ো খোজকাঢ়িয়েই ওভতনি যাত্ৰা আৰম্ভ
কৰিলোঁ ৷
ভিনটে’জ আৰ্টিষ্টজ এছ’চিয়েছনৰ সমুখত তেওঁক এৰি মই অফিচলৈ বুলি খোজ পেলালোঁ ৷
ইতিমধ্যে সন্ধিয়া ৬:১০ হৈছে ৷ এনেদৰে এটা
মহত্বপূৰ্ণ দিন অতিবাহিত কৰি মই মোৰ ডেস্কত বহি ছলিটেয়াৰ খেলি মোৰ চেল’ফোনটোৰ মেছেজ ট’নটো বাজি উঠালৈ
অপেক্ষা কৰি আছোঁ ৷ সাধাৰণতে ই সদায় ছটাৰ পৰা ছটা বাজি সাতমিনিটমানৰ ভিতৰতে বাজি
উঠে ৷ ঠিক সেই মুহূৰ্ততে মেছেজ ট’নটো বাজি উঠিল আৰু স্ক্ৰীণত জিলিকি উঠিল: কম আউট বেবী,পাঁচ মিনিটৰ ভিতৰত মই পাই
আছোঁ ৷
মোৰ ওঁঠত আপোনাআপুনি এটি হাঁহি বিৰিঙি উঠিল
আৰু ৰিপ্লাই হিচাপে এটা ব্ল’
কিছ পঠিয়ালোঁ ৷ পাঁচমিনিটৰ ভিতৰত বগা ভকছৱেগনখন আহি পালে ৷ গাড়ীত ভৰি থৈয়েই মই
গৌতমৰ কপালত এটা চুমা আঁকি দিলোঁ ৷
'তেনেহ’লে আজি তোমাৰ
দিনটো কেনে গ’ল,ছুইটহাৰ্ট ? ' তেওঁ মোক সদায় সোধাৰ দৰেই একেই হেঁপাহ,একেই এসাগৰ ভালপোৱা আৰু সেই একেই যতনেৰে
সুধিলে ৷
' বৰ সুন্দৰ,হানী ৷
ব’লা,ডিনাৰটো আজি
বাহিৰতে অৰ্ডাৰ দি লৈ যাওঁ ৷' মই প্ৰস্তাৱ
দিলোঁ ৷
' হয়,সোণ৷এনেও
আজি ৰাতি আমাৰ ৰান্ধি খাবলৈ সময় নহ’ব ৷ কালিলৈ আমাৰ হ’বলগীয়া ট্ৰিপটোৰ কাৰণে মই যি কিমান এক্সাইটেড হৈ আছোঁ !
ফাইনেলী তুমিও যেনিবা মোৰ চাইল্ডহুড ফ্ৰেইণ্ডজনক লগ পাবা আৰু !'
আমি মেকড’নাল্ডত নামিলোঁ ৷ গৌতমে দুয়োৰে বাবে খাদ্য
অৰ্ডাৰ কৰিলে ৷ কাউণ্টাৰত থকা ব্যক্তিজনে কি ড্ৰিংক ল’ম সুধিলে ৷
গৌতমে ক’লে, ' মোৰ কাৰণে
অৰগেনিক গাখীৰ আৰু আৰু ... মোক সুধিলে,'ছুইটী,তুমি কি ল’বা ?
'
মই ক’লোঁ,'ডায়েট ক’ক ৷'
তেওঁ এইবাৰ অৰ্ডাৰ দিলে,'
মোৰ কাৰনে অৰগেনিক মিল্ক আৰু মোৰ ৱাইফৰ বাবে ডায়েট ক'ক ৷'
ঘৰ পায়েই আমি ডিনাৰ কৰিলোঁ ৷ গৌতমে টিভিটো অন
কৰি কিবা এবিধ খেল লগাই দিলে ৷ আচলতে মোৰ অকনো
ইণ্টাৰেষ্ট নাছিল ৷কিন্ত গৌতমৰ আনন্দত উজ্জ্বল হৈ পৰা মুখখনলৈ চাই মই
অনিচ্ছাসত্বেও বহি থাকিলো আৰু গৌতমে খেলখনৰ বিষয়ে বুজাই যোৱা কথাবোৰ মনোযোগ দিয়াৰ
ভাও ধৰি মূৰ দুপিয়াই গ’লোঁ ৷
মই গৌতমক ভাল পাওঁ৷ কিমান ভাল পাওঁ তেওঁ
নাজানে ৷ ইয়াৰ পাছত আমি পাছদিনাৰ ট্ৰিপটোৰ কাৰণে পেকিং আৰম্ভ কৰিলোঁ ৷ গৌতম এটি
পৰীক্ষা শেষ কৰি গ্ৰীষ্মবন্ধত ফুৰিবলৈ ওলোৱা শিশুৰ দৰেই আনন্দত অধীৰ হৈ পৰিল ৷তেওঁ
টোপনি যোৱাৰ পাছত মই এটা গিলাচত ৰে’ড ৱাইন বাকি আমাৰ এপাৰ্টমেণ্টৰ বেলকনিৰ দুৱাৰখন খুলি ওলাই
আহিলোঁ ৷ মই দিনটো বিভিন্ন ব্যক্তিৰ সান্নিধ্যলৈ অহাৰ পাছত আৰু তেওঁলোক প্ৰতিজনৰ
লগত আবেগিকভাৱে জড়িত হোৱাৰ শেষত এই সময়কণ তথা পেগটোৱে মোক যথেষ্ট মানসিকভাৱে
ৰিলেক্সড কৰে ৷ ৰাতিৰ আকাশৰ আন্ধাৰখিনিলৈ মই একেথৰে চাই ৰ’লোঁ৷ আনদিনা
সচৰাচৰ দেখা পোৱা তৰাবিলাকৰ সকলোবোৰ তৰা আকাশত নাছিল ৷ সম্পূৰ্ণ অন্ধকাৰত ডুব গৈ
থকা আকাশখনলৈ চাই চাই মই গিলাচত চুমুক দিলোঁ আৰু একেলগে দুটা ডাঙৰ ছিপ টানিলোঁ ৷
দিনটোত ঘটি যোৱা সমগ্ৰ ঘটনাৱলী মোৰ মনত অগাডেৱা কৰি গ’ল৷ উম! আজি
তেনে মই তিনিজন ব্যক্তিৰ সান্নিধ্যলৈ আহিছিলোঁ ৷ আনদিনা সাধাৰণতে দুজন হয়৷ আৰু আজি
তিনিজনক মই লগ পালোঁ ৷ মই আন এটা ছিপ টানিলোঁ আৰু চকীত বহি সমুখৰ টেবুলখনত ভৰি
দুটা তুলি ল’লোঁ ৷
এজাক শীতল বতাহে মোৰ সৰ্বদেহ কোবাই গ’ল ৷ হঠাতে মোৰ দুগাল ভিজি গ’ল ৷ মই ৱাইন গিলাৰ লগে লগে যেন দুখবোৰো গিলি
যাবলৈ ধৰিলোঁ ৷ অভি,ৰোহন
আৰু গৌতম - মই এটা ভুৱা জীৱন জী থাকিবলৈকেতো নিজেই বাছি লৈছোঁ ৷ মই দুচকু জপাই
দিয়াৰ লগে লগে ড° ৰেড্ডীয়ে কোৱা
কথাবোৰ মোৰ কাণত বাজিবলৈ ধৰিলে ৷ মই দীঘলকৈ উশাহটো টানি ল’লোঁ ৷
'নেইনা,তুমি দুটাৰ ভিতৰত এটা চইছ কৰিব লাগিব ৷ হয় তুমি গৌতমক আমাৰ ইয়াত এৰি যোৱা ৷ নহ’লে তোমাৰ লগত লৈ যাবও পাৰা৷ আমি ইয়াত তেওঁক আন পেচেণ্টৰ দৰেই যতন ল’ম ৷’
- হয় ৷ ড° ৰেড্ডীৰ কথাবোৰ
শুনিবলৈ বৰ কঠুৱা লাগিছিল ৷ কিন্তু এজন ডাক্তৰ নিশ্চয় কেতিয়াও ডিপ্ল’মেটিক হ’ব নোৱাৰে ৷
'মোৰ
বুলিবলৈ মোৰ লগত কেৱল গৌতমেই আছে,ডক্টৰ ৷ মই তেওঁক ভাল পাওঁ আৰু তেওঁক মই মোৰ লগতে ৰাখিব
খোজোঁ ৷'
ডাক্তৰ ৰেড্ডীয়ে মোক বহলাই বুজাব খুজি কৈ গ’ল,' তোমাৰ কথাবোৰৰ
আঁৰত থকা সমস্ত আবেগখিনি মই বুজি পাইছোঁ , নেইনা ৷ কিন্ত এয়া বৰ জটিল বিষয়,বুজাচোন ৷
এমাহৰো অধিক কাল আমি তোমাৰ গৌতমক অৱজাৰ্ৱেচনত ৰাখিছোঁ আৰু এইটো স্পষ্টকৈ দেখা
গৈছে যে তেওঁ দুজন ব্যক্তিৰ ব্যক্তিত্ব বহন কৰি আছে ৷ আনকি কেতিয়াবা তিনিজন
ব্যক্তিকো তেওঁৰ মাজত প্ৰতিফলিত হোৱা দেখা গৈছে ৷ এক্সিডেণ্টটোৱে তেওঁৰ মাজত এটা
এমপিডি (MPD) ৰ
বিকাশ ঘটাইছে ৷ যদিওবা এয়া মাথো এক এক্সিডেণ্টহে আছিল , তথাপি গৌতমে
তেওঁৰ শৈশৱৰ বন্ধু ৰোহনৰ মৃত্যুত নিজকে জগৰীয়া বুলি ভাবিবলৈ আৰম্ভ কৰিলে ৷ সদায়
ৰাতিপুৱা তেওঁ নিজকে অভিষেক বুলি ভাবিয়েই দিনটো আৰম্ভ কৰে ৷ আকৌ কেতিয়াবা তেওঁ
তীব্ৰ মানসিক চাপত থাকিলে তেওঁৰ মাজত আন এজন খঙাল ব্যক্তিৰ ব্যক্তিত্ব প্ৰতিফলিত
হৈ ৰোহনৰ ৰূপ লয় ৷ অৱশ্যে এই ৰোহন নামৰ ব্যক্তিত্বটো ক’ৰ পৰা উদ্ভৱ হ’ল সেয়াহে ঠাৱৰ
কৰিব পৰা নাই ৷ তাৰ উপৰি আটাইতকৈ উদ্বেগজনক কথাটো হ’ল গৌতমৰ স্মৃতিশক্তি কেৱল সেই এক্সিডেণ্টটোৰ
আগদিনাৰ দিনটোলৈকেহে সীমাৱদ্ধ ৷ '
' হয় ,ডক্টৰ ৷ কিন্তু মাল্টিপল পাৰ্ছনেলিটি ডিছঅৰ্ডাৰকো সুন্দৰভাৱে হেণ্ডল কৰিব পৰা যায় যদিহে তেওঁৰ মাজত দেখা দিয়া প্ৰতিজন ব্যক্তিত্বৰ ব্যক্তিৰ লগত সুকীয়াভাৱে তথা সমান মৰ্য্যদা আৰু মনোযোগেৰে আচৰণ কৰিব পাৰি ৷ উপযুক্ত মৰম তথা ভালপোৱা আৰু সুযতনে নিশ্চয় তেওঁক আৰোগ্য কৰাত সহায় কৰিব ৷ '- মই আাশাৰে ক’লোঁ ৷
ডাক্তৰে মোৰ কথা শুনি বেছ উত্তেজিত হৈয়ে কৈ উঠিল, ' হয় ৷ কিন্ত
নেইনা ৷ তুমি নাজানা তুমি কি বাছি লৈছা ৷ আমি এতিয়ালৈকে গৌতমৰ মাজত দেখা পোৱা
ব্যক্তিবিলাকতকৈ অধিক ব্যক্তিত্বও দেখা দিব পাৰে ৷ তেওঁৰ মাজত দেখা পোৱা ৰোহন নামৰ
খঙাল ব্যক্তিজন সময়ত বেছি ভয়ংকৰ আৰু ধ্বংসকাৰী হৈ উঠিব পাৰে ৷ পূৰা চৌব্বিশ ঘণ্টাই
তুমি তেওঁক নজৰ দি থাকিব লাগিব ৷ তাতোকৈ ডাঙৰ কথা,তুমি অকলে নহয়,তোমাৰ চৌপাশৰ মানুহকো তুমি সাঙুৰিছা ৷
তেওঁলোকো কেতিয়াবা তোমাৰ এই সিদ্ধান্তৰ বাবে বিপদত পৰিব পাৰে ৷ নেইনা, তুমি জীৱনৰ
সৈতে বিপদজনকভাৱে খেলা কৰিছা ৷ এয়া ধেমালি নহয় কিন্তূ,মাইণ্ড ইট ৷'
' মই বুজিছোঁ,ডক্টৰ ৷ প্ৰত্যাহ্বান নোহোৱা জীৱনটোক জানো জীৱন বুলিব পাৰি ? মই পাৰিম ,.ডক্টৰ ৷ মই সদায় দুজন পৃথক ব্যক্তিত্বৰ ব্যক্তিক লগ পাবলৈ যত্ন কৰিম ৷ মই লগতে ইয়াকো নিশ্চিত কৰিম যাতে তেওঁ সদায় প্ৰয়োজনীয় মনোযোগ খিনি মোৰ পৰা পায় ৷ '- মই পৰম আত্মবিশ্বাসেৰে ক’লোঁ ৷
'নেইনা , তুমি
তেওঁক সদায়ে প্ৰতিটো ব্যক্তিত্ব অনুযায়ী ব্যস্ত ৰাখিব পাৰিব লাগিব ৷ আৰু প্ৰতিটো
ব্যক্তিত্বৰ বাবে সুকীয়াকৈ মনোযোগ দি তেওঁৰ বাবে জীৱনটো ইণ্টাৰেষ্টিং কৰি তুলিব
পাৰিব লাগিব ৷' - ডাক্তৰে মোক
সকিয়াই দিলে.৷
'ডাক্তৰ, মই
গৌতমক ভাল পাওঁ ৷ তেওঁক যিকোনো ৰূপতে মই ভাল পাওঁ,ভাল পাম ৷ তেওঁ সদায় সদায় মোৰ প্ৰেমত পৰক বা
দিনটোত দুবাৰকৈ মোৰ প্ৰেমত পৰক - এই চেলেঞ্জটো মই ল’বলৈ নিশ্চয়কৈ ভাল পাম ৷ '
মই জানোঁ এয়া এটা দিন বা এটা মাহৰ বাবে নহয় ৷
ই হয়তো বছৰ বছৰ ল’ব পাৰে
নতুবা ইয়াৰ কোনোদিনে অন্ত নপৰিবও পাৰে ৷ হস্পিতালৰ পৰা গৌতমক মই লৈ যোৱাৰ আগতে মই
নিশ্চয়কৈ কিছুমান যোগাৰ পাতি কৰি ল’ব লাগিব৷মই মনতে সকলোবোৰ থিৰাং কৰি ল’লোঁ ৷
মই আজিৰ এই নাটকখন নিতৌ চলাই নিয়াৰ বাবে আৰএছএছৰ
লগত কথা পাতি ল’লোঁ ৷
আনকি ৰোহন নামৰ ব্যক্তিজনৰ আৰ্বিভাৱ হ’লে মই ভিনটে’জ আৰ্টিষ্টছ এছ’চিয়েছনতো সময় সাপেক্ষে ভুমুকি মাৰিব লগা হ’ব পাৰে বুলিও
অনুমতি লৈ থলোঁ ৷ তাৰউপৰি ,মই
ৰোহনেই হওক বা অভিয়েই হওক ,
তেওঁক ভাল পাবলৈ , নিজকে
প্ৰয়োজন অনুসৰি যিকোনো পৰিৱেশত খাপ খুৱাবলৈ মানসিকভাৱে প্ৰস্তুত কৰি তুলিলোঁ ৷ ভাগ্যে
! সকলোৱে মোৰ লগত সহযোগিতা কৰিলে ৷
কিমান সময় ভাবনাত বিভোৰ হৈ আছিলোঁ জানো , হঠাতে শীতল
বতাহজাক আগতকৈও বেছি শীতল হৈ মোৰ ভাৱনাত যতি পেলালে ৷ মই বাস্তৱলৈ ফিৰি আহিলোঁ ৷
চকুলোৱে মোৰ দুগাল তিয়াই পেলালে আৰু লগতে মোৰ হাতত থকা ৱাইনৰ গিলাচটোও খালী হ’ল ৷ মই ভিতৰলৈ
সোমাই গ’লোঁ ৷
মুখখন ধুই শুবলৈ সাজু হ’লোঁ ৷
কাৰণ কালিলৈ পুৱাতে পুনৰ মই অভি,অভিষেকক লগ পাব
লাগিব ৷ আৰু তাৰ পাছত... হয়তো লান্সৰ সময়ত ৰোহণ আৰু সন্ধিয়ালৈ নিশ্চিতভাৱে গৌতমক !
'
E১০৪ নং বাছখন বাৰু গ’ল নেকি
? ' পাছদিনা পুৱাতে মই উশাহ নসলোৱাকৈ বাছষ্টপ পাই তাত ৰৈ থকা ব্যক্তিজন, মানে অভিষেকক সুধিলোঁ ...!
0 Comments