অসমীয়া অনুবাদত জাফৰ ইকবালৰ গল্প

 

লুডুৰ ছয়

 

মূল জাফৰ ইকবাল
অনুবাদ ৰঞ্জনা দত্ত

 

 

লেখক পৰিচয়  -

 মহম্মদ জাফৰ ইকবাল বাংলাদেশৰ এজন প্ৰখ্যাত কল্পবিজ্ঞান সাহিত্যৰ লেখক, পদাৰ্থ বিজ্ঞানী, শিক্ষাবিদ আৰু সমাজকৰ্মী । তেখেত চাহজাহাল বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চাইন্স আৰু ইঞ্জিনিয়াৰিং বিভাগৰ বিভাগীয় মুৰব্বী । তেওঁ ৱাশ্বিংটন ইউনিভাৰচিটিৰ পৰা পি এইচ ডি লাভ কৰাৰ পিছত প্ৰায় ১৮ বছৰ কাৰ্লিফোৰ্ণিয়া ইউনিভাৰচিটি আৰু বেল কমিউনিকেচন ৰিচাৰ্ছৰ বৈজ্ঞানিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৫২ চনত চিলেটত জন্মগ্ৰহণ কৰা জাফৰ ইকবালৰ ডাঙৰ ভায়েক হুমায়ুন আহমেদো এজন স্বনামধন্য কল্প বিজ্ঞান সাহিত্যৰ লেখক । সাহিত্য জগতলৈ আগবঢ়োৱা তেখেতৰ বিশাল অবদানৰ বাবে এতিয়ালৈকে কেইবাটাও সাহিত্য পুৰস্কাৰেৰে তেওঁক সন্মানিত কৰা হৈছে

 

==== ====   ==== ====

 

টুটুলক দেখিলে  সহজতে গমেই পোৱা নাযায় যে সি আচলতে এজন খাঁটি বিজ্ঞানী । তাৰ মাত্ৰ দহ বছৰ বয়স , দহ বছৰ বয়সত কোনো আচলতে পুৰাপুৰি ভাৱে খাঁটি বিজ্ঞানী হব নোৱাৰে । কিন্তু যিখিনি হৈছে সেইখিনি একেবাৰে খাঁটি- তাৰ মাজত কোনো ভেজাল নাই ।বিজ্ঞানী বোৰৰ যিধৰণৰ ডাঙৰ ডাঙৰ চশমা থাকে, মূৰত জপৰা চুলি থাকে, অপৰিষ্কাৰ আৰু অপৰিপাটি কাপোৰ পিন্ধি থাকে টুটুলৰ সেইবোৰ একো নাই ।তাৰ দৃষ্টি শক্তি খুব ভাল, ক্লাছৰ একেবাৰে পিছৰ বেঞ্চত বহিও ব্লেকবোৰ্ডৰ লেখা সুন্দৰ ভাৱে পঢ়িব পাৰে , মূৰৰ চুলি ধুনীয়াকৈ ফণিয়াই ৰাখে , আৰু পৰিস্কাৰ কাপোৰ কানি পিন্ধে ।অকল সেয়ে নহয় বিজ্ঞানী বোৰৰ দৰে তাৰ ক্ষীণ মীণ দুৰ্বল শৰীৰ নহয় । লোডোৰ পোডোৰ শৰীৰ তাৰ টেনিচ বল লৈ ক্ৰিকেট খেলাৰ সময়ত প্ৰতিদিনেই সি দুই তিনিটা বাউণ্ডেৰী কোবাই দিয়ে। বিজ্ঞানী বোৰৰ দৰে সি ঘৰগোনা নহয়- প্ৰতিদিনে আবেলি হুলস্থুল কৰি দৌৰাদৌৰি কৰি খেলাধুলা কৰে ।

 

কিন্তু তথাপিও যে সি বিজ্ঞানী তাত কোনো সন্দেহ নাই। তাৰ দ্ৰয়াৰ বৈজ্ঞানিক সম্পত্তিৰে ভৰি আছে- বিভিন্ন ধৰণে যোগাৰ কৰিছে সেইবোৰ । চশমাৰ মোটা কাঁচ , পুৰণা ৰেডিওৰ পৰা বাহিৰ কৰা কেপাচিটৰ, কয়েল , ৰেজিস্টৰ , টিফিনৰ পইচা বচাই ৰাখি কিনা থাৰ্মমিটাৰ, চুম্বক, , বেটেৰি, ইলেকটিক তাঁৰ এনে এটা বস্তু নাই যিটো তাত  পোৱা নেযায় । এই সকলো বস্তু আছে বুলিয়ে যে সি বিজ্ঞানী সেয়া নহয়বহুত সৰু লৰা ছোৱালীৰ দ্ৰয়াৰ খুলিলেই এইধৰণৰ  বস্তু পোৱা যায় । সি বিজ্ঞানী কাৰণ এই বস্তুবোৰ লগ লগাই সি নতুন বস্তু তৈয়াৰ কৰে । বহুত লৰা ছোৱালীয়ে হয়তো কিতাপ পত্ৰ খুঁচৰি এই ধৰণে বস্তু তৈয়াৰ কৰিব পাৰে কিন্তু সিহঁতৰ লগত টুটুলৰ এটা পাৰ্থক্য আছে , সি কেৱল অন্ধৰ দৰে চকু বন্ধ কৰি জোৰা দি নাযায় কিয় কেইটামান সাধাৰণ বস্তু জোৰা দিলে এটা অসাধাৰণ বস্তু হৈ যায় তাক সুন্দৰ বাখ্যাৰে বুজাই দিব পাৰে ।কিন্তু এই কথাটোৱেও তাক খাঁটি বিজ্ঞানী বনোৱা নাই , তাক খাঁটি বিজ্ঞানী কৰিছে সম্পূৰ্ণ অন্য এটা বস্তুৱে । সি বিজ্ঞানী বোৰৰ দৰে চিন্তা কৰে ।

 

যিদৰে- যেতিয়া তাৰ ডাঙৰ পেহীয়েকৰ আগা পিছাকৈ দুজনী ছোৱালী জন্ম হল তেতিয়া মাজু খুৰীয়েকে কলে- আজিকালি সকলোৰে অকল ছোৱালী হে হয়।

টুটুলৰ মাকেও হয়ভৰ দি কলে, ঠিকেই কৈছা বৌ, মানে আমাৰ শেৱালিৰ ছোৱালী হল ।তাৰপিচত আকৌ কাজলৰ ছোৱালী হল । লীনাৰ হল .... ।

তেতিয়া গোটেই কেইগৰাকীয়ে মূৰ লৰাই লৰাই কবলৈ ধৰিলে, চাৰিওফালে কেৱল ছোৱালী আৰু ছোৱালী । পৃথিৱীত এতিয়া ছোৱালীৰে বেছি জন্ম হৈছে ।

তেতিয়া টুটুলৰ বাবে আৰু মনে মনে বহি থকা সম্ভৱ নহল । সি কলে-

 

পৃথিৱীত পাঁচশ কোটি মানুহ । মাত্ৰ পাঁচ ছয় জনক দেখি সেই বিষয়ে কোনো কথা কোৱা ঠিক নহয়

 

সৰু খুৰাক ইউনিভাৰচিটিত পঢ়ে বাবে তেওঁৰ ধাৰণা তেওঁ পৃথিৱীৰ সকলো কথা জানে । মুখখন বেঁকা কৰি তেওঁ কলে 

-“ তই জান পৃথিৱীত লৰাতকৈ ছোৱালীৰ সংখ্যা যে বেছি ?” 

 

টুটুলে কলে- জানো ! কাৰণ কেঁচুৱাৰ যেতিয়া জন্মহয় তেতিয়া বাচ্চা ছোৱালী বোৰতকৈ লৰাবোৰ বেচি দুৰ্বল হয় - সিহঁত সোনকালে মৰি যায় । ইয়াৰোপৰি মাইকী মানুহৰ আয়ুস বেছি থাকে। সেইবাবে পৃথিৱীত লৰাতকৈ ছোৱালীৰ সংখ্যা বেছি। আছলতে পৃথিৱীত সমান সংখ্যক লৰা আৰু ছোৱালীৰ জন্ম হয়

 

গোটেই কথাটোৰ ইমান সুন্দৰ এটা বৈজ্ঞানিক বাখ্যা দিয়াৰ পিছতো ডাঙৰ মানুহ খিনিৰ কোনেও বিশেষ ভাৱে প্ৰভাবিত নহল ।সৰু খুৰাই চকু ৰঙা কৰি টুটুলৰ ফালে চালে, মাজু খুৰীয়ে কপালৰ চেলাউৰি কোঁচাই পেলালে আৰু মাকে ধমকি দি কলে -

যা গুছ ইয়াৰ পৰা । সকলো সময়তে ডাঙৰৰ কথাৰ মাজত নাক সুমুৱা স্বভাৱ

 

টুটুলে ইচ্ছা কৰিলেই কব পাৰিলে হেতেঁন সি ডাঙৰৰ কথাৰ মাজত মুঠেও মূৰ সুমুৱা নাই এটা সম্পূৰ্ণ অবৈজ্ঞানিক কথা পুৰাপুৰি বৈজ্ঞানিক দৃষ্টিৰে বিশ্লেষণ কৰিছে। কিন্তু সি তাৰ চেষ্টাও নকৰিলে- তাৰ বিজ্ঞানী মনে বহুত আগতেই আবিস্কাৰ কৰিছে, ডাঙৰে সৰু লৰা ছোৱালী বোৰক মানুহ হিচাপে গণ্য নকৰে, তেওঁলোকৰ লগত যুক্তিতৰ্ক কৰা মানে সময় নষ্ট আৰু বকনি খোৱাৰ বাদে আন একো নহয় । সি লগে লগে তাৰপৰা আঁতৰি পৰিল ।

 

তাৰপিছত ধৰা যাওক এদিন ৰাতি হঠাত টোপনিৰ পৰা সাৰ পাই উঠাৰ ঘটনাটো । টোপনিৰ পৰি সাৰ পাই টুটুলে দেখিলে তাৰ কোঠালীৰ চকী খনত এজন মানুহ চুপ চাপ বহি তাৰ ফালে চাই আছে । অন্য কোনোবা হ'লে চিঞৰ বাখৰ কৰি হাঁহাকাৰ কাণ্ড কৰিলে হেতেঁন । টুটুলে কিন্তু একো নকৰিলে- লগে লগে চকু বন্ধ কৰি নিজকে কলে, এইটো ভূত নহয়কিয়নো পৃথিৱীত ভূত বুলি কোনো বস্তু নাই। মই নিশ্চয় ভুল দেখিছোঁ । অলপ দেৰি পিছত চকু মেলি দেখিলে যে ভুল নহয়, সঁচাকৈ মানুহ এটা সমুখৰ চকীখনত বহি তালৈ চাই আছে। টুটুলে আকৌ চকু বন্ধ কৰিলে । চিঞৰ এটা মুখেৰে প্ৰায় ওলাই আহিছিলকিন্তু বহুত কষ্ট কৰি নিজকে ৰখাই নিজকে বুজালে, এইটো ভূত নহয়চোৰ হব পাৰে- কিন্তু চোৰে চকীত বহি তাৰ ফালে চাই থাকিব কিয়? তথাপি সি পৰীক্ষা কৰিবৰ বাবে চকুমেলি সুধিলে

–“ কোন ?” 

 মানুহটোৱে কোনো উত্তৰ নিদিলে আৰু চকীত কোনো লৰচৰো নকৰিলে ।

 

 টুটুল বিজ্ঞানী বাবে তাৰ গাৰুৰ তলত দুটুকুৰা চুম্বক, দহ গজ এনামেল কোটেড তাঁৰ আৰু সৰু এটা টৰ্চ লাইট থাকে। সি টৰ্চ লাইটটো উলিয়াই জ্বলোৱাৰ লগে লগে সমুখত বহি থকা মানুহটো চকুৰ পলকতে চকীত পেলাই থোৱা এখন কম্বললৈ সলনি হল । অন্ধকাৰত সাধাৰণ বস্তুও যে কি অসাধাৰণ বুলি ভাৱ হব পাৰে সেইদিনা টুটুলে সেইটো নতুনকৈ আবিস্কাৰ কৰিলে ।

 

 এই ধৰণৰ অসংখ্য উদাহৰণ আছে, যিবোৰ কেৱল এজন প্ৰকৃত বিজ্ঞানীৰ জীৱনতহে ঘটিব পাৰে ।এতিয়া সেই ঘটনাবোৰক কোনেও গুৰুত্ব দিয়া নাই , কিন্তু এদিন যেতিয়া সি এজন ডাঙৰ বিজ্ঞানী হব তেতিয়া সকলোৱে যে ডাঙৰ ডাঙৰ মাতেৰে গল্পবোৰ লৈ আলোচনা কৰিব তাত কোনো সন্দেহ নাই ।

 

এই টুটুলেই এদিন ৰাতিপুৱা খোৱা টেবুললৈ এটা কণী লৈ আহি কলে,

- “ এই কণীটো কোনে ভাঙিব পাৰিব?”

 

খোৱা টেবুলত যিকেইটা বহি আছিল সিহঁতে কিছু আচৰিত হৈ হৈ কলে

- “ কণী ভঙাটো আৰু কি ইমান টান কাম !

 

টুটুলে ৰহস্যৰ ভঙ্গী কৰি কলে

- “ মই যেনেকৈ কম ঠিক তেনেকৈ ভাঙিব লাগিব

টুটুলৰ ককায়েক ক্লাছ টেনত পঢ়ে, সি মুখখনত এটা তাচ্ছিল্যৰ ভঙ্গী কৰি কলে

–“ সেইটো কেনেকৈ ক

 

" কণীটোৰ মাজভাগত এখন হাতেৰে চাপ দি ।কতো ঠেকা খাব নোৱাৰিব

টেবুলত বহি থকা আটাই কেউটাই এটা এটাকৈ চেষ্টা কৰিলে, কিন্তু কোনেও ভাঙিব নোৱাৰিলে । কণী এটা দেখিলে ভাব হয় সেইটো ভঙা কিমান সহজকিন্তু সেইটো যে ইমান টান কোনে জানিছিলে ? টুটুলৰ বায়েক তানিয়াই শুধিলে

 

– “ কণীটো ভাঙিব পৰা নাই কিয় কচোন?”

 

টুটুলে বিজ্ঞৰ দৰে হাঁহি এটা মুখত লৈ কলে

 

-“ কণীৰ খোলাটো আচলতে খুব টান । সেইবাবে ইয়াক কৰবাত টুকুৰিয়াইহে ভাঙিব পাৰি। যেতিয়া গোটেই শক্তি খিনি এটা বিন্দুত কাম কৰে শক্তিটো বাঢ়ি যায় । কিন্তু যদি.......

 

সেই সময়তে সৰু খুৰাক সোমাই আহি সুধিলে

 

-“ কি হৈছে ইয়াত ?”

 

তানিয়াই কলে এটা কণী কোনেও ভাঙিব পৰা নাই

 

সৰু খুৰাকে এটা মুখখনত এটা তাচ্ছিল্যৰ ভঙ্গী কৰি কলে 

– “ ইমান ডাঙৰ বীৰ পুৰুষ গোটেই বোৰ কোনেও কণী এটাও ভাঙিব পৰা নাই? কিহৰ কণী এইটো ?”

 

টুটুলে কলে  “ মুৰ্গীৰ কণী। হাতেৰ চাপ দি ভাঙিব লাগিব

 

চাওঁ দে সৰু খুৰাকে হাত খন  আগবঢ়ালে।

টুটুলে কণীটো আগবঢ়াই দিলে । কণীটোৰ মাজভাগত হাত দি ধৰি খুৰাকে সুধিলে এনেকৈ?”

 

অঁ

 

সৰু খুৰাকে চাপ দিলে আৰু হঠাৎ কড়ককৈ শব্দ কৰি কণীটো ভাঙি ভিতৰৰ সকলো বস্তু ওলাই চিটিকি পৰিল। টুটুল ওচৰতে আছিল, তাৰ মুখত আৰু চাৰ্টত সেইবোৰ পৰি একেবাৰে একাকাৰ হৈ গল।

 

খোৱা টেবুলত বহা সকলোবোৰৰ লগতে খুৰাকেও হা- হা কৈ হাঁহিবলৈ লাগিল । টুটুলে অপ্ৰস্তুত হৈ মুখ খন মচি কলে-

 

কেনেকৈ কৰিলা ?”

 

সৰু খুৰাকে তেতিয়াও হা-হা কৈ হাঁহি আছে । টুটুলে তীক্ষ্ণ দৃষ্টিৰে তেওঁৰ হাতৰ ফালে চাই হঠাৎ উজ্জ্বল চকুৰে কৈ উঠিল, তোমাৰ হাতৰ আঙুঠিটো...

 

সৰু খুৰাকে টুটুলৰ কথাত বিশেষ গুৰুত্ব নিদিলে । তেতিয়াও হাঁহিয়েই থাকিল । টুটুলে কলে- 

তোমাৰ হাতত আঙুঠি আছিলআঙুঠি থাকিলে শক্তিখিনি সেই এটা বিন্দুত কাম কৰে। সেইবাবে ভাঙিছে--

 

টুটুলৰ কথাত কোনেও গুৰুত্ব নিদিলে। সি কৈছিল কণীটো ভাঙিব নোৱাৰিব বুলি, কিন্তু তথাপিও ভাঙিছে আৰু তাতকৈও ডাঙৰ কথা সেইটো তাৰ মুখত গৈ পৰি তাক অপ্ৰস্তুত কৰা হৈছে- সকলো আনন্দত আত্মহাৰা । অকল সেয়াই নহয়মাক আহি এটা কণী নষ্ট কৰা বাবে আৰু চাৰ্টটো লেতেৰা কৰা বাবে টুটুলক ঠিকছে বকনি দিলেহি ।

 

অন্য কোনোবা হলে-খঙে দুখে বিজ্ঞান চৰ্চা বিসৰ্জন দি বৈৰাগী হৈ গল হেতেঁন, কিন্তু টুটুল বিজ্ঞান বিৰাগী নহল । বৰঞ্চ হাতত আঙুঠি থাকিলে সেইটোৰ সহায়ত যে শক্তিটোক এটা বিন্দুত প্ৰয়োগ কৰি কণীটো ভাঙিব পৰা যাব সেই সত্যটো আবিস্কাৰ কৰি খুব সুখী হল ।

 

ইয়াৰ কিছুদিন পিছত কথা । হঠাত দেখা গল টুটুলে কোঠাৰ মাজত এটা ফুটবল আৰু এটা টেনিচ বল লৈ কিবা এটা পৰীক্ষা কৰি আছে। তানিয়াই কোঠাটোলৈ সোমাই আহি সুধিলে

 

কি কৰিছ টুটুল ?”

 

টুটুলে ডাঙৰকৈ হাঁহি এটা মাৰি কলে

- " এটা ফুটবলৰ ওপৰত এটা টেনিচ বল ৰাখি এৰি দিলে চাচোন কি মজাৰ ঘটনা এটা হয় ”!

 

কি হয়? ”

 

- " ফুটবলটো তলত পৰি যেতিয়া উল্টা ফালে আহে তেতিয়া টেনিচ বলটোক এটা ধাক্কা দিয়ে আৰু টেনিচ বলটো সাংঘাটিক জোৰেৰে ওপৰলৈ চিটিকি যায় ।"

-  

- তানিয়াই কৌতুহলী হৈ কলে

-  

- -“ চাওঁ দেখুৱাচোন

-  

- টুটুলে সাবধানে ফুটবলটোৰ ওপৰত টেনিচ বলটো থৈ ওপৰৰ পৰা পেলাই দিলে- দুয়োটা বল একেলগে মাটিত আহি পৰিল তাৰপিছত হঠাতে মেজিকৰ দৰে টেনিচ বলটো গুলিৰ বেগেৰে ওপৰলৈ গৈ চাদত খুন্দা মাৰি তললৈ চিটিকি আহিল- যেন বলৰ মূৰটোত গোলমাল লাগি গৈছে !

 

তানিয়া টুটুলতকৈ এক ক্লাছ ওপৰত পঢ়ে- টুটুলৰ পৰা কিবা জানিব বিচাৰিলে তাইৰ সন্মান হানি হয়, তথাপি তাই নোসোধাকৈ নোৱাৰিলে । " কেনেকৈ হল দেখুৱা চাওঁ-"

 

টুটুলে তাৰ বায়েকক বুজাবলৈ আৰম্ভ কৰিলে। সি যিদৰে পটকৈ বিজ্ঞানৰ সকলোবোৰ কথা বুজে আনবোৰৰ ক্ষেত্ৰত সেইটো নহয়, তাৰ বুজাবলৈ বহুত সময় লাগিল আৰু কেইবাবাৰো পৰীক্ষাটো কৰি দেখুৱাব লগা হল। এটা সময়ত সৰু খুৰাক আহি তেওঁৰ  সেই বিখ্যাত তাচ্ছিল্যৰ হাঁহিটো মাৰি সুধিলে -

কি হৈছে ইয়াত ”?

  টুটুলে সৰু খুৰাকক কথাটো বুজালে। খুৰাকে মুখত একেই তাচ্ছিল্যৰ ভঙ্গীটো লৈ কলে

-“ চাওঁ কৰি দেখুৱাচোন

 

টুটুলে সাবধানেৰে টেনিচ বলটো ফুটবলটোৰ ওপৰত ৰাখি  বল দুটা এৰি দিলে । সম্ভৱতঃ টেনিচ বলটো ভালদৰে ৰখা হোৱা নাছিল ,বা পিচলখাই সামান্য কাষলৈ গুছি আহিছিল । সেইবাবে যেতিয়া ফুটবলটো আহি মাটিত পৰিল টেনিচ বলটো চিটিকি আহি ছাদৰ ফালে নগৈ চিধা টুটুলৰ মুখৰ ফালে চোচা লৈ আহিল ।ইমান জোৰত বলটো তাৰ মুখত লাগিল যে এক মুহুৰ্তৰ বাবে টুটুলে চকুৰে অন্ধকাৰ দেখি সাবধানে বেৰা খনত ভেজা দি কোনোমতে ঠিয়হৈ থাকিলমুখৰ ভিতৰত তেজৰ নিমখীয়া সোৱাদ এটা পালে ,ওঁঠ নিশ্চয় ফাটি গৈছে!

 

  শেষ পৰ্য্যন্ত নিজকে স্থিৰ কৰি যেতিয়া টুটুলে খুৰাকৰ ফালে চালে, তেওঁ তেতিয়া পেটত হাত দি খেক খেকাই হাঁহি আছে । হাঁহি হাঁহি তেওঁৰ চকুৰে পানী ওলাই গৈছে - টেনিচ বলটো যে কিয় ইমান জোৰত চিটিকি আহে বিজ্ঞানৰ এই চমৎকাৰ কৌশলটো কোনেও অকণমানো উপভোগ নকৰিলে- উপভোগ কৰিলে কেৱল তাৰ দুখ পোৱাটো।

   

ইয়াৰ পাছৰ বেছ কিছুদিন বিজ্ঞানৰ যাবতীয় গবেষণা টুটুলে নিজৰ মাজতেই গোপনে ৰাখিলে। এইটো ঘৰত যেতিয়া কোনেও তাৰ গৱেষণাৰ অৰ্থ নুবুজে , সিহঁতৰ পিছত সময় নষ্ট কৰি কি লাভ ! সি এই সময়তে এফ, এম ট্ৰান্সমিটাৰ এটা সাজি উলিয়ালে , বেৰোমিটাৰ এটা বনালে , আনকি বাইনেৰি সংখ্যা যোগ কৰিব পৰা এটা কম্পিউটাৰো তৈয়াৰ কৰিলে । এই ঘৰৰ কোনেও এইবোৰৰ একো গুৰুত্ব নুবুজিব বুলি কাকো একো নকলে ।

 

এদিন দুপৰীয়া টুটুল স্কুলৰ পৰা ঘৰলৈ আহি দেখিলে যে সৰু খুৰাকৰ একে লগৰ কেইজনীমান ছোৱালী ঘৰলৈ ফুৰিবলৈ আহিছে আৰু সৰু খুৰাকে খুব হৈ চৈ কৰি সিহঁতৰ লগত লুডু খেলি আছে । কোনোবা ডাঙৰ মানুহে যে লুডু খেলিব পাৰে টুটুলে কথাটো বিশ্বাসেই কৰিব পৰা নাছিল । টুটুলে হাত মুখ ধুই জেলি লগোৱা ব্ৰেড এটুকুৰা খাই বাহিৰলৈ ওলাই আহি দেখিলে যে সৰু খুৰাকে তেতিয়াও হৈ চৈ কৰি লুডু খেলিছে, তেওঁৰ ভাব ভঙ্গী দেখি ছোৱালী বোৰে হাঁহি হাঁহি বাগৰি পৰিছে, আৰু সৰু খুৰাকে চাই খুব আমোদ পাইছে । সৰু খুৰাকে বান্ধৱী কেইগৰাকীক কৈ থকা টুটুলে শুনিবলৈ পালে

 

-“ তোমালোকে লুডু খেলিবই নাজানা । লুডু খেলাত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো কথাটো হৈছে ছয় মৰাটো। ছয় মৰা, এটা নিয়ম আছে- অকণমান জুমি চাই পটককৈ ঢালি দিব লাগে । এনেকুৱা ভাবে ঢালিব লাগে যেন আঢ়ৈ বাৰ উল্টা খাই গুটিটো ৰৈ যায় তেতিয়াহে হ

 

 টুটুলৰ বিজ্ঞানী মনটোৱে লগে লগে বিদ্ৰোহ কৰি উঠিল । অন্য কোনোবা হোৱা হলে সি লগে লগে প্ৰতিবাদ কৰিলে হেতেঁন ; কিন্তু সৰু খুৰাক হৈছে এক নম্বৰ যন্ত্ৰণা, সেইবাবে সি একো নকলে। ঠিক ওলাই যোৱাৰ সময়তে আকৌ তাৰ কাণলৈ আহিল এজনী ছোৱালীয়ে সৰু খুৰাকক একেবাৰে আহ্লাদি সুৰেৰে কৈছে-

 

-“ মোকো এবাৰ শিকাই দিয়ানা , কেনেকৈ ছয় মাৰে--

 

সৰু খুৰাকে কলে-এই লোৱা শিকাই দিছো । এইভাবে বেকাকৈ ধৰা--

 

টুটুলে আৰু ৰৈ থাকিব নোৱাৰিলে। অকণমান আগুৱাই আহি কলে-

 

ছয় মৰাৰ কোনো নিয়ম নাই

 

টুটুলৰ কথা শুনি সৰু খুৰাক অত্যন্ত বিৰক্ত হল । ছোৱালী কেইজনী নথকা হলে টুটুলৰ কাণখনত ধৰি কেইটামান জোকাৰ যে দিলেহেঁতেন  তাত কোনো সন্দেহ নাই । এতিয়া সেইটো কৰিব নোৱাৰিলে ,খংটো কোনোমতে দমাই কলে

- “ টুটুল তোক ইয়ালৈ কোনে মাতিছে?”

 

টুটুলে নিৰ্লিপ্ত ভাবে উত্তৰ দিলে

 

-“ কোনেও মতা নাই , কিন্তু তুমি অবৈজ্ঞানিক কথা কৈছা বাবে তোমাক শুধৰাই দিছোঁ

সৰু খুৰাকে চকু ৰঙা কৰি তাৰ ফালে চাই কলে

 

“- মই অবৈজ্ঞানিক কথা কৈছো ”?

 

অঁ কৈছা

 

মই কি অবৈজ্ঞানিক কথা কৈছো ?”

 

তুমি ছয় মৰাৰ নিয়ম শিকাইছা । ছয় মৰাৰ কোনো নিয়ম নাই । ছবাৰ মাৰিলে এনেয়েও এবাৰ ছয় পৰিব

 

সৰু খুৰাকে থতমত খাই কি কৰিব বুজিব নোৱাৰি কিছু খঙেৰে তাক কলে

 

–“ ছবাৰ মাৰিলে এবাৰ ছয় পৰে ?”

টুটুলে মূৰ জোকাৰি ক'লে -

 

-“ শুদ্ধ ভাবে কবলৈ হ'লে এনেদৰে কব পাৰি যে ছবাৰ মাৰিলে এবাৰ ছয় পৰাৰ সম্ভাৱনা সকলোতকৈ বেছি

 

এই সময়তে এজনী ছোৱালীয়ে হি হি কৈ হাঁহি কলে “- ইমান কিউট লৰাটো ! কি ধুনীয়াকৈ ডাঙৰৰ নিচিনাকৈ কথা কয় !

 

এইটো শুনি সৰু খুৰাকৰ খং দুগুণে চলিল । ফুচফুচাই ছোৱালী জনীক কলে – “ কিউট নে পাগল ! ইয়াৰ লগততো থাকিব লগা হোৱা নাই সেইবাবে নাজানা ই হৈছে এই ঘৰৰ এক মূৰ্ত্তিমান যন্ত্ৰণা

 

আন এজনী ছোৱালীয়ে কলে

 “ যন্ত্ৰণা  কিয় হ? ইমান চুইট লৰাটো ! তোমাৰ নেফ্যু ?”

 

সৰু খুৰাই কোনো উত্তৰ নিদিলেচকুত খং ভাব লৈ টুটুলক কলে

 

-“,তই কি কলি? ছবাৰ মাৰিলে এবাৰ ছয় পৰিব?”

 

-“ সম্ভাৱনা আছে ! যদি সচাকৈয়ে কথাটো পৰীক্ষা কৰিব খোজা তেতিয়াহলে বেচি বাৰ মাৰিব লাগিব

 

-“ কিমান বাৰ?”

 

- “ যেনে ধৰিলোৱা বাৰ বাৰ মাৰিলে দুবাৰ ছয় পৰাৰ সম্ভাৱনা ! ওঠৰ বাৰ মাৰিলে মাৰিলে তিনিবাৰ, ছব্বিছবাৰ মাৰিলে চাৰিবাৰ ,ত্ৰিশবাৰ মাৰিলে পাঁচবাৰ ।

সৰু খুৰাৰ কিয় জানো হঠাতে খঙ উঠি আহিল , চকু কেইটা সৰু সৰু কৰি কৈ উঠিল

 

- “ ঠিক আছে মই ত্ৰিছবাৰ মাৰিম, তই কৈছ তেতিয়া হলে পাঁচ বাৰ ছয় পৰিব?”

 

টুটুলে কিছু অবাক হৈ সৰু খুৰাকৰ ফালে চাই কলে

-“ সম্ভাৱনা খুব বেছি

 

সৰু খুৰাই খঙেৰে কলে

উকিলৰ দৰে কথা নকবি ।পৰিব নে নপৰে ক

টুটুলে অলপ ভাবি কলে

 

ঠিক আছে যোৱা, পৰিব

 

আৰু যদি নপৰে ?”

 

তেতিয়া হলে কি?”

 

সৰু খুৰাই হিংস্ৰ মুখেৰে কলে

 

তেতিয়া তোক এনেকুৱা এটা পিটন দিম যে এই জন্মৰ বাবে তোৰ বিজ্ঞানীগিৰি পলাই ফাট মেলিব

 

কোঠালীটোৰ পৰিবেশ কিয় জানো হঠাতে অস্বস্তিকৰ হৈ পৰিল । ছোৱালী কেইজনীয়ে কিবা এটা কবলৈ ওলাইছিল, কিন্তু তাৰ আগতেই সৰু খুৰাই লুডুৰ গুটিটো বগৰাই দি গন্টি আৰম্ভ কৰিলে এক ! তাৰ পিছত দ্বিতীয় বাৰ ঢালি কলে দুই ! তৃতীয় বাৰ ঢালি কলে তিনি !

ছবাৰৰ মূৰত এবাৰ ছয় এটা , উঠিব লাগিছিল, কিন্তু নুঠিল ।টুটুল কিন্তু আচৰিত নহ'ল ।সম্ভাৱনাৰ কথা কোনেও কব নোৱাৰে । প্ৰথম ছবাৰত এটাও ছয় নপৰি পিছৰ দুবাৰত অগাপিছাকৈ দুটা ছয় পৰি যাবও পাৰে । কিন্তু দেখা গল বাৰে বাৰে মৰাৰ পিছতো এবাৰো ছয় নপৰিল । সৰু খুৰাৰ মুখত সুক্ষ্ম হাঁহি এটা বিয়পি পৰিল 

 

যেতিয়া ওঁঠৰ বাৰ মৰাৰ পিছতো এবাৰো ছয় নপৰিল টুটুল অবাক হৈ গঅন্য সময়ত হলে সি অবাক হল হেতেঁন কিন্তু এতিয়া তাৰ অলপ অলপ ভয় লাগিবলৈও আৰম্ভ কৰিছে ।

 

মানুহটো সুবিধাৰ নহয়- তাক কি ভাবে শাস্তি দিয়ে কোনে জানে! আলহী ছোৱালী কেইজনীৰ আগত অপমানিত নকৰিলেই হয় ।

 

টুটুলে অকণমান আগুৱাই আহিল। ইয়াৰ মাজত কোনো হাতৰ চালাকি আছেনে নাই কোনে জানে? সি তীক্ষ্ণ দৃষ্টিৰে চাই থাকিল, সৰু খুৰাকে আকৌ এবাৰ গুটিটো মাৰিলে । এইবাৰ চাৰি পৰিল । হাতৰ কোনো চালাকি নাই , সচাঁকৈ চাৰি পৰিছে । অবিশ্বাস্য কথা আজিয়েই এনেকুৱা এটা ঘটনা ঘটিব লাগেনে? সৰু  খুৰাই আকৌ মাৰিলে এইবাৰ এটা দুই পৰিলে ।

 

টুটুলে খুব সাবধানে এটা নিশ্বাস এৰিলে । ত্ৰিশ বাৰত পাঁচ বাৰ ছয় পৰাৰ কথা আছিল । ইতিমধ্যে বিশবাৰ মৰা হৈ গৈছেএটাও ছয় পৰা নাই । সৰু খুৰাৰ হাতৰ পৰা ৰক্ষা পাবলৈ হলে পিছৰ দহবাৰৰ পাঁচ বাৰ ছয় পৰিব লাগিব, তাৰ সম্ভাৱনা খুব কম । এই ধৰণৰ ঘটনা আজিয়েই তাৰ লগত ঘটিব লাগেনে? দুখত টুটুলৰ চকু দুটা চলচলিয়া হৈ পৰিল ।

 

সৰু খুৰাকে হঠাতে বেচিকৈ কথা কবলৈ আৰম্ভ কৰিলে । টুটুলৰ ফালে চাই ক'লে

 

কি হে চাইন্টিষ্ট? তই দেখোন কৈছিলি ছবাৰত এটাকৈ ছয় পৰে । কলৈ গল ছয়বোৰ ?”

 

টুটুলে একো নকলে ,তাৰ কবলৈ একো নাই ।সৰু খুৰাকে আকৌ মাৰিলে ।এইবাৰো ছয় নাই , এক ! সৰু খুৰাই জোৰে জোৰে হাঁহি টিটকাৰি মাৰি কলে,

 “ চা চা গুটিটো কি ধৰণৰ অবৈজ্ঞানিক ! যেতিয়া ছয় পৰিব লাগে তেতিয়া পৰিছে এক! কি অন্যায় ! কি ভীষণ অন্যায় !"

 

সৰু খুৰাকৰ চিঞৰ বাখৰ শুনি ঘৰৰ বাকী মানুহবোৰো আহি হাজিৰ হৈছেহিসৰু খুৰাই সগৰ্বে সকলোকে কথাটো বুজাই দিলে । টুটুলে কৈছে ত্ৰিছবাৰ মাৰিলে মুঠ পাঁচবাৰ ছয় পৰিবকিন্তু পৰা নাই ! তেওঁ  ত্ৰিছবাৰ মাৰিব তাৰ পিছত টুটুলক এটা ভয়ঙ্কৰ পিটন দিব পিটন কথাটো খুব কুৎচিত ভাবে কলে । সকলোৱে যেন বিষয়েটো খুব উপভোগ কৰিবলৈ আৰম্ভ কৰিছে । সকলো লুডুৰ বৰ্ড খন আৰু খুৰাকৰ চাৰিওফালে গোল হৈ থিয় হৈ পৰিছে ।

 

 সৰু খুৰাকে লুডুৰ গুটিটো  কেইবাৰ মান জোৰেৰে জোকাৰি আকৌ মাৰিলে, এইবাৰো লুডু গুটিটো কেইবাৰমান লুটি বাগৰ খাই তিনি এটাত স্থিৰ হৈ ৰল। সৰু খুৰাকে জিভাৰে চুকচুক শব্দ কৰি কলে 

 

–“ কি অন্যায়! কি ষড়যন্ত্ৰ! বিজ্ঞানৰ বিৰুদ্ধে কি গভীৰ ষড়যন্ত্ৰ!

 

টুটুল মনে মনে থিঠ হৈ থাকিল । সৰু খুৰাকে ইয়াৰ মাজত আৰু দুবাৰ গুটিটো পেলাইছে । ইয়াৰ ভিতৰত এটা পাঁচ আৰু এটা চাৰি পৰিছে । প্ৰত্যেক বাৰ গুটিটো ঘুৰিঘুৰি  স্থিৰ হোৱাৰ লগে লগে ঘৰৰ সকলোৱে আনন্দৰ চিঞৰ একোটা মাৰিছে ।মনত ভাব হৈছে সকলোৱে যেন চাব বিচাৰিছে সৰু খুৰাকে টুটুলক কি ধৰণে শাস্তি দিয়ে ।

 

সৰু খুৰাকে বহুত দেৰি  লুডুৰ গুটিটো জোকাৰি বিভিন্ন অঙ্গী ভঙ্গী কৰি সেইটো বোৰ্ড খনৰ মাজত পেলালে আৰু এইবাৰ এটা তিনি বাহিৰ হল। সেইটো দেখি যেন তেওঁ খুব দুখ পাইছে তেনেকুৱা ভাও দি দেখুৱাই কলে

 

আহাহা ! মোৰ মৰমৰ ছয়টো কলৈ গলি ? আমাৰ চাইন্টিষ্টৰ লগত তই এনেকুৱা দগাবাজি কৰিলি ?”

 

টুটুলে একো নকলে । সি গম পাইছে লাহে লাহে তাৰ কাণ দুখন ৰঙা হৈ পৰিছে । তানিয়াই কলে আৰু পাঁচবাৰ বাকী

 

সৰু খুৰাকে কলে পাঁচ বাৰ আৰু পাঁচটা ছয়

তাৰপিছত লুডু গুটিটো জোকাৰি নানা ধৰণৰ অঙ্গী ভঙ্গী কৰি সেইটো ঢালি দিলে আৰু সকলো নিস্তব্ধ হৈ গ, শেষ পৰ্যন্ত এটা ছয় পৰিছে ।

 

সৰু খুৰাই গম্ভীৰ হৈ লুডু গুটিটো লৈ আকৌ মাৰিলে । তেওঁৰ মনত ভাব হৈছিল যেন এটাও ছয় নপৰে । কিন্তু এইবাৰো এটা ছয় পৰিল আৰু হঠাতে কোঠাৰ মাজলৈ  নীৰৱতা নামি আহিল ।

 

সৰু খুৰাকে কোনো ধৰণে শব্দ নকৰাকৈ গুটিটো বহুত দেৰি জোকাৰি জোকাৰি দীঘলকৈ গুটিটো বগৰাই দিলে । গুটিটো যেতিয়া বাগৰি বাগৰি স্থিৰ হৈ পৰিল তেতিয়া দেখা গল যে তাত আৰু এটা ছয় ওলাইছে ।

 

সৰু খুৰাকৰ মুখখন যেন হিংস্ৰ হৈ উঠিছে । তেওঁক দেখি ভাব হৈছে যেন কোনোবাই তেওঁক চুড়ান্ত ভাবে অপমান কৰিছে। তেওঁ গুটিটো তুলিলৈ আকৌ এবাৰ ঢালি দিলে, এইবাৰো ছয় এটা বাহিৰ হল আৰু লগে লগে কোঠাৰ ভিতৰত এটা বিস্ময়ধ্বনি শুনা গল । সৰু খুৰাৰ ক্লাছৰ এজনী ছোৱালীয়ে কৈ উঠিল

 

 “ কি আচৰিত!

 

সৰু খুৰাকে একো নকলে । তেওঁক কিছু অসুস্থ যেন দেখা গৈছে। গুটিটো তুলি সেইটো হাতত লৈ এক অদ্ভুত দৃষ্টিৰে সেইটো চাই আছে । তেওঁ যেন কথাটো বিশ্বাস কৰিব পৰা নাই !

 

তেওঁৰ ক্লাছৰ ছোৱালী জনীয়ে কৈ উঠিল

- “ কি হ? মৰা নাই কিয়?”

 

ৰবা মাৰিছোঁ ।সৰু খুৰাই তেতিয়াও গুটিটো হাতত লৈ চায়েই আছে ।

 

টুটুলে সৰু খুৰাকৰ ফালে চালে আৰু হঠাৎ বুজিব পাৰিলে এইবাৰো এটা ছয় পৰিব। সেইটো কোনেও বন্ধ কৰিব নোৱাৰে । কথাটো সম্পূৰ্ণ অবৈজ্ঞানিক- তথাপি টুটুলে কথাটোত পুৰাপুৰি নিশ্চিত হৈ গল । সি দেখিলে সৰু খুৰাকৰ কঁপা কঁপা হাতখন লুডুৰ গুটিটো লৈ আগুৱাই আহিছে -সেইটো তেওঁ  অকণমান বেঁকা কৰি বগৰাই দিলে ।

 

গুটিটো দুলিবলৈ আৰম্ভ কৰিছে, এতিয়াই সেইটো স্থিৰ হৈ পৰিব । টুটুল যে মনেপ্ৰাণে এজন বিজ্ঞানী- তথাপিও সম্পূৰ্ণ অবৈজ্ঞানিক ঘটনা এটা চাবৰ বাবে নিশ্বাস বন্ধ কৰি স্থিৰ হৈ ৰৈ থাকিল ।

 

 

 

Post a Comment

0 Comments