উৰিয়া গল্পৰ অসমীয়া অনুবাদ

বংশিকা

মূল (উৰিয়া) : দেৱপ্ৰিয় প্ৰিয়দৰ্শী চক্ৰ

অনুবাদ: নৱকুমাৰ মিশ্ৰ

 

কান্ধত ভেনিটি বেগটো ওলোমাই, বাওঁ হাতেৰে সৰু আইনাখন ধৰি সোঁ হাতখনেৰে মুখত চপৰিয়াই তাই ঊৰ্ধশ্বাসেৰে ঢপলিয়াবলৈ আৰম্ভ কৰিলে।  ন বাজিবলৈ আৰু মাত্ৰ কুৰি মিনিট বাকী। কুৰি মিনিটতে তাই জানো খণ্ডগিৰি চ'ক পাৰ হৈ সেই এন্ধাৰ এঢলীয়া ৰাস্তাটো পাবগৈ?

 

তাই জাগমৰা বাৰভূজা মণ্ডপ পাৰ হ'ল নে নাই, মোবাইলটো বাজি উঠিল। মোবাইলটো ভেনিটি বেগটোৰ পৰা উলিয়াবলৈ যাওঁতে বেগৰ পৰা পৰি গ'ল তাইৰ সৰু আইনা আৰু ফণীখন। আনকি বেগটোও মাটিত পৰিল। এইবাৰ বেগটোৰ ভিতৰৰ পৰা ভঙনীয়া পইচা, ৰুমাল, লিপষ্টিক আৰু এপেকেট কণ্ডম ৰাস্তাৰ ওপৰতে ওলাই পৰিল। চাৰিওফালে সতৰ্ক দৃষ্টি নিক্ষেপ কৰি তাই সন্তৰ্পণে বস্তুকেইপদ বুটলি ল'লে । ভিতৰি ভিতৰি ভীষণ ক্ষুব্ধ হৈ পৰিল তাই।

 

"এই ব্ৰজ অটোৱালাটোৰ বাবে আজি মোৰ এই যন্ত্ৰণা। সি জহনীতযোৱাই ফোন কৰিব কিন্তু ঠিক সময়ত নাহিব আৰু মোক হায়ৰাণ কৰি মাৰিব।" ব্ৰজ অটোৱালাটোক তাই নিয়মীয়া বন্দোবস্তত ৰাখিছে প্ৰতিদিনে সন্ধিয়া তাইক সেই নিৰ্দিষ্ট ঠাইলৈ লৈ গৈ এৰি থৈ আহিব আৰু নিশা দুই বজাত তাৰপৰা ঘৰলৈ লৈ আহিব। কিন্তু আজি কিছুদিন ধৰি সি বৰ অনিয়মীয়া হৈ পৰিছে । ঠিক সময়ত নাহে। সন্ধিয়া সাত বজাৰপৰা অপেক্ষা কৰোঁতে কৰোঁতে এতিয়া নিশা ন বাজিলহি। আৰু জানো তাক ৰৈ থাকিব পাৰি? বাকীবোৰে কেতিয়াবাই গৈ সাজি কাচি ৰাস্তাৰ দাঁতিত থিয় হ'লগৈ, সিহঁতৰ কিজানি ইমানপৰে বহনিও হ'ল। কিংকৰ্তব্যবিমূঢ় হৈ ফুটপাথটোৰ ওপৰত তাই বহি পৰিল।

 

এনেকুৱা অনুভৱ হ', তাইৰ পাছফালে কোনোবাই আহি যেন থিয় হৈছে।  কিছু সময় বহি লৈ তাই পুনৰ খোজ কাঢ়িবলৈ আৰম্ভ কৰিব। শ্বেয়াৰ অটোত তাই যাব নোৱাৰে। তাত ইমানবোৰ মানুহ থাকে। তাৰে কোনোবাই টিটকাৰি মাৰিব, কোনোবাই দেহত হাত দিবলৈ চেষ্টা কৰিব। তাইৰ এইবোৰ মুঠেই ভাল নালাগে। জীৱিকাৰ প্ৰয়োজনত সকলো সম্ভৱ, কিন্তু ৰাজহুৱা স্থানত কোনোবাই তাইক অপদস্থ কৰিলে তাৰ জিভাখন টানি চিঙি আনিবলৈ তাইৰ মন যায়।

 

পানীৰ বটলটো আগুৱাই দি যুৱকজনে ক'লে- 'অলপ পানী খাই লোৱা, ভাল লাগিব।'

 

'কৰবালৈ যাবা যেন পাওঁ, 'লা মই আগুৱাই দিম।' -যুৱকজনে বৰ আগ্ৰহেৰে প্ৰস্তাৱ দিলে।

 

তাইৰ দৰে এজনী কিন্নৰক জীৱনত প্ৰথমবাৰৰ বাবে কোনোবা এজনে এনে ভদ্ৰোচিত ব্যৱহাৰ কৰিছে। তাইৰ যেন বিশ্বাসেই হোৱা নাই।

 

'মাজে মাজে এনেকুৱা হয়েই। যাব লগা স্থানত ঠিক সময়ত উপস্থিত হ'ব পৰা নাযায়। দ্ৰাইভাৰজন ঠিক সময়ত আহি নাপায়।' তাইৰ মুখলৈ দৃষ্টি দি ইষৎ হাঁহিৰে যুৱকজনে ক'লে। 

 

যুৱকজনৰ ব্যবহাৰত তাই মুগ্ধ হৈ পৰে। 'নাই, নালাগে। আৰুনো কিমান বাট, মই খোজ কাঢ়িয়েই যাব পাৰিম।' - ব্যস্ততা দেখুৱাই তাই কয়।

 

"ময়ো সেই বাটেৰেই নয়াপল্লীলৈ যাম। বলা, গাড়ীৰে তোমাক বাটতে নমাই থৈ যাম।"

 

'চব এই ব্ৰজৰ দোষ। ঠিক সময়ত নাহিব আৰু কেতিয়া আহিব তাকো ফোন কৰি নজনাব।' - বিৰক্তিৰ সুৰত তাই স্বগোতক্তি কৰিলে।

 

যুৱকজনে ক'লে- 'কোনো টেনচন নলবা। মই তোমালোকৰ দৰে থাৰ্ড জেণ্ডাৰবোৰক যথেষ্ট সন্মান কৰোঁ।'

 

তাই হাঁহি হাঁহি ধন্যবাদ জনালে আৰু কাৰখনত উঠি বহি ললে।

 

খণ্ডগিৰি চ'কটোৰ পৰা অলপমান আগৰ এই ঠাইখিনিলৈ কিমাননো দূৰ? চাওঁতে চাওঁতে পথচোৱা পাৰ হ'ল।

 

'মই স্নেহাশীষ দাস। ব্যৱসায় কৰোঁ। এইখন মোৰ কাৰ্ড। কেতিয়াবা নিশ্চয় লগ পাম।' গন্তব্য স্থান পাই গাড়ীৰপৰা নামিবলৈ ধৰোঁতেই যুৱকজনে তাইৰ হাতত কাৰ্ডখন তুলি দিলে। নিশ্চয় দেখা হ'ব বুলি কৈ তাই এন্ধাৰৰ মাজত মিলি গ'ল।

 

ভূৱনেশ্বৰলৈ আহিবৰ তাইৰ প্ৰায় চাৰিবছৰ হ'ল। তাই পুৰুষো নহয় নাৰীও নহয়, কিন্তু তাই নিজকে নাৰী বুলিয়েই ভাৱে। বাইশ বছৰ হ', নাৰীৰ হৃদয়, নাৰীৰ মন লৈয়েই তাই কালাতিপাত কৰিছে। শিশুকালৰে পৰা তাই নিজকে ভিন্নভাৱে গ্ৰহণ কৰি আহিছে, নিজৰ ভিতৰত মানুহটোক চিনি লৈ সেইদৰে জীৱনটো যাপন কৰিবলৈ গৈ তাই আনন্দতকৈ লাভ কৰিছে অধিক লাঞ্ছনা। আৰু এই লাঞ্ছনা তাই বাহিৰৰ মানুহতকৈ বেছিকৈ পাইছে নিজ ঘৰৰ মানুহৰপৰা। কটকৰ মালগুদাম এলেকাত দেউতাকৰ আলু-পিয়াজৰ হোলচেল ব্যৱসায়। মাকে কিমান ঊষাব্ৰত পালন কৰি, মানস কৰি তিনিটা জীয়েকৰ পাছত তাইক পুত্ৰৰূপে লাভ কৰিছিল। তাইৰ নাম ৰাখিছিল বংশীধৰ। তিনি কন্যাৰ পাছত বংশীধৰৰ জন্মৰ ফলত এক বৰ্ণনাতীত সুখৰ পৰিৱেশে বিৰাজ কৰিছিল ঘৰখনত। কিন্তু সেই সুখ বেছিদিন স্থায়ী নহ'ল। এৰা, তাই বংশীধৰ চাহু, পিতৃ বনবিহাৰী চাহু, মাতৃ স্বৰ্ণপ্ৰভা চাহু। ঘৰ কটক শিখৰপুৰত। ঘৰৰ একমাত্ৰ পুত্ৰসন্তান হিচাপে তাইৰ ওপৰত মাক-দেউতাকৰ সীমাহীন স্বপ্ন আৰু আশা। সেই সপোনক চাৰখাৰ কৰি তাই হ'ল অন্য পথৰ যাত্ৰী। সেই পথৰ যাত্ৰীৰ কপালত ক'তো অভ্যৰ্থনা নিমিলে, মিলে ঘৃণা, লাঞ্ছনা-গঞ্জনা।

 

সৰু থাকোঁতে তাই ল'ৰা হৈও লগৰ ছোৱালীবোৰৰ স'তে খেলিহে বেছি আনন্দ পাইছিল। লগৰ ল'ৰাবোৰৰ সলনি তাই ছোৱালীবোৰৰ স'তে ঘূৰি-ফুৰি, উমলি-জামলি অধিক স্বাচ্চন্দ্য অনুভৱ কৰিছিল। বায়েককেইজনীৰ কাপোৰ পিন্ধিবলৈ তাইৰ আছিল অপাৰ দূৰ্বলতা। সৰুৰে পৰা তাইৰ ভাৱ-ভংগী, কণ্ঠস্বৰ আছিল ছোৱালীৰ দৰে। স্কুলত পঢ়াকালত ছোৱালীৰ বেঞ্চত বহা, সিহঁতৰ লগত টিফিন ভগাই খোৱা- এইবোৰ তাইৰ অভ্যাসত পৰিণত হৈছিল। মুখত ৰুমাল লৈ ছোৱালীৰ দৰে তাই যেতিয়া ঘূৰি ফুৰিছিল, লগৰবোৰে তাইক 'হিজৰা' বুলি জোকাই অতীষ্ঠ কৰিছিল আৰু তাই সেইবোৰ নীৰৱে সহ্য কৰিবলগীয়া হৈছিল। তাই পঢ়িছিল শিখৰপুৰ গায়ত্ৰী শিক্ষা মন্দিৰত।

 

তাইৰ এই চলন-ফুৰণত ঘৰৰ মানুহে ইমান উদ্বিগ্ন হোৱা নাছিল, ভাবিছিল এয়া শিশুকালৰ মনোবৃত্তি, বয়স হ'লে নিশ্চয় সকলো ঠিক হৈ যাব। কিন্তু স্কুলত শিক্ষকসকলে ইয়াক সহজভাৱে লব পৰা নাছিল। 

 

এদিনতো অংকৰ শিক্ষকগৰাকীয়ে তাইক সন্মুখলৈ মাতি নি ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে সুধিলে- ', সঁচাকৈয়ে তই ল'ৰা নে ছোৱালী। আজি এটা ফয়চলা হৈ যাওক। আজি তোৰ পেণ্ট খুলি হ'লেও মই এই প্ৰশ্নৰ উত্তৰ উলিয়াম।'

 

সেইদিনাৰ সেই ঘটনাটো আজিও তাইৰ চকুৰ সন্মুখত জলজল-পটপটকৈ ভাঁহি থাকে। গণিতৰ চাৰে সকলৰে সন্মুখত তাইৰ পেণ্ট খুলিছিল। তাই সিদিনা লাজতে ভিতৰি ভিতৰি মৰি গৈছিল, যিটো ঘটনা জীৱনত তাই কেতিয়াও পাহৰিব নোৱাৰিব।

 

আৰু এবাৰ স্কুলত কম্পিউটাৰ চাৰে লেবত অকলে পাই তাইক সাৱটি ধৰিছিল। সিদিনা তাই বৰ কষ্টেৰে সেই বাহুবন্ধনৰপৰা ওলাই আহিছিল। সেই ঘটনাৰ কথাও তাই আজিলৈকে কাকো কোৱা নাই। তেতিয়াৰেপৰা কম্পিউটাৰ লেবটোৰ প্ৰতি তাইৰ মনত এটা ভয় সোমাই গৈছিল।

 

স্কুলৰ পাছত কলেজলৈ যোৱাটো তাইৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। তাইৰ ইচ্ছা আছিল ওমেনচ কলেজত পঢ়িবলৈ, কাৰণ তাইৰ মাত, আচাৰ-আচৰণে অন্য কলেজত তাইৰ প্ৰতি বিপদ মাতি আনিব বুলি তাইৰ ভাব হৈছিল। শেষত তাই ৰেভেন্সা কলেজত নাম ভৰ্তি কৰিলে। তাতো ল'ৰাবোৰৰ অত্যাচাৰত তাই অতীষ্ঠ হ'ল। চিনিয়ৰবোৰে মাতি নি তাই শিহৰিত হয় নে নহয় চাবলৈ তাইৰ দেহত হাত ফুৰায়। এনেবোৰ পৰিস্থিতিত তাই শিহৰণ অনুভৱ কৰে। লাহে লাহে কলেজলৈ যাবলৈ তাইৰ ভাল নলগা হয়। ঘৰৰপৰা কলেজলৈ বুলি আহি চাইকেলেৰে তাই তেলেংগাপেণ্ঠৰ ফালে যায়। তাতে থাকে তাইক বুজিপোৱা আৰু তাইৰ দৰে জীৱন কটাব খোজা তাইৰ অতি মৰমৰ বন্ধু দেৱাশীষ- যিয়ে পাছত দেৱাশীষৰ পৰা দেৱলিনাত পৰিণত হৈছিল। সিয়েই তাক কৈছিল- তই বংশীধৰ নহয়, আজিৰপৰা তই বংশিকা। বংশিকা আৰু দেৱলিনা- সঁচাকৈয়ে কি চমৎকাৰ নাম! দেৱলিনাৰ ঘৰত দিনত কোনো নাথাকে। তাইৰ মহাকৰ দোকান আৰু মাহীয়েক স্কুলৰ শিক্ষয়িত্ৰী। বায়েকেও অফিচ এটাত ৰিচেপচনিষ্টৰ কাম কৰে। সিহঁতৰ ঘৰত আছে এখন ডাঙৰ ড্ৰেচিং টেবুল। তাইৰ বায়েকৰ বিভিন্ন ধৰণৰ সাজ-পোচাক আৰু প্ৰসাধন সামগ্ৰী মজুত থাকে। তাতে দুয়ো ছোৱালীৰ সাজ পৰিধান কৰে, ওঠত লিপষ্টিক সানে, মুখত সানে বিভিন্ন প্ৰসাধন সামগ্ৰী আৰু ডাঙৰ আইনাখনত নিজকে ৰ লাগি চাই ৰয়।

 

দেৱাশীষ ওৰফে দেৱলিনাই জিভা কামুৰি কয়- 'অই, বংশিকা, তই ইমান সুন্দৰী! ছোৱালীও তোৰ সন্মুখত হাৰ মানিবলৈ বাধ্য হ'ব।'

 

একেদৰে বংশীধৰ ওৰফে বংশিকাইও দেৱলিনাৰ ৰূপৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। এনেদৰে লুকাই লুকাই ছোৱালীৰ সাজত সাজি-কাচি এদিন বংশিকাই মোবাইলেৰে এটা চেলফি তুলি চচিয়েল মিডিয়াত পোষ্ট কৰে। কিমান যে লাইক আৰু কমেণ্ট আহে সেই ফটোত!

 

সিদিনা সন্ধিয়া ঘৰ পাই চাইকেলখন থবলৈ নাপাওঁতে মাকে মাত লগালে- 'বংশী, আনচোন তোৰ মোবাইলটো। চচিয়েল মিডিয়াত তই কি ফটো দিছ? তোৰ মতি-গতি মোৰ মুঠেই ভাল লগা নাই।' 

 

বংশী নীৰৱ।

 

মাকে কোনো কথা শুনিব পৰা অৱস্থাত নাছিল। তেওঁৰ চকুযুৰি বনজুই জ্বলাদি জ্বলিছিল। তেওঁ আৰু কৈ গৈছিল-'সৰু থাকোঁতে ছোৱালীবোৰৰ লগত বহুচোৰী খেলিছিলি, ছোৱালীৰ সাজ পিন্ধিছিলি। ভাবিছিলোঁ, ডাঙৰ হ'লে লাহে লাহে এইবোৰ পাহৰিবি। মানিছোঁ, তোৰ অংগভংগী ছোৱালীৰ দৰে। এই পৃথিৱীত তেনে লোক বহুত আছে, যিয়ে শেষত পুৰুষৰ দৰে সংসাৰ কৰিছে। কিন্তু ডাঙৰ হোৱাৰ পাছতো তোৰ সেই স্বভাৱবোৰ নাতৰিল। তিনিটা ছোৱালীৰ পাছত কিমান যে ব্ৰত, পূজা-পাঠৰ পাছত পুত্ৰ হিচাপে তোক পাইছিলোঁ, তই এবাৰো এই কথা নুবুজিলি।'

 

মাকৰ খং জামৰা নাছিল। পাকঘৰৰ পৰা গৰম হেতাখন আনি তেওঁ তাৰ ডিঙিত ৰেপি দিছিল।

 

এই ঘটনাৰ পাছত বংশীধৰ প্ৰতিৱেশী এঘৰলৈ গুচি গ'ল। ৰাতি ঘৰলৈ ওভতাৰ সময়ত দেউতাক আৰু ঘৰৰ মানুহখিনি বাৰাণ্ডাতে বহি আছিল। তেওঁলোকে বোধহয় তাইৰ কথাই পাতি আছিল।

 

তাইক দেখি দেউতাকে চিৎকাৰ কৰি ক'লে- 'তোৰ দৰে এনে পুত্ৰৰ মোৰ প্ৰয়োজন নাই। তোক মই ত্যেজ্যপুত্ৰ কৰিছোঁ। তই মোৰ মান-সন্মান মাটিৰ স'তে মিহলি কৰি দিলি। ছোৱালীৰ পোচাক পিন্ধিলি, ফটো তুলি চচিয়েল মিডিয়াত প্ৰচাৰ চলালি। অলপতো লাজ-চৰম কৰিব লাগে।'

 

ইমানখিনিৰ পাছতো দেউতাক ক্ষান্ত হোৱা নাছিল। দৰজাৰ কোণত পৰা শলখা বাৰি এডাল আনি তাইক পাৰ্যমানে ভৰিত  পিটিছিল। ইমান মাৰ খাইও তাইৰ মুখেৰে এটা বাক্যও ওলোৱা নাছিল।

 

তাই জীৱনটো যাপন কৰিব খোজে নিজৰ ইচ্ছামতে। বংশীধৰ নহয়, বংশিকা হ'ব খোজে তাই। এই কথা তাইৰ চিঞৰি চিঞৰি কবৰ মন আছিল, কিন্তু তাইৰ কথা শুনাৰ পৰিৱেশ তেতিয়া নাছিল।

 

আঘাত পোৱা অংশবোৰত আয়োডেক্স লগাই দিওঁতে ৰাতি মাকে তাইক কৈছিল- 'মোৰ মূৰ চুই শপত খা, এনেকুৱা আৰু নকৰিবি বুলি, পুত্ৰৰ ৰূপতে তই আমাৰ মাজত থাকিবি বুলি। তোক লৈ আমাৰ কিমান আশা, কিমান সপোন! আমাৰ সেই আশাবোৰ তই তচনচ নকৰিবি।'

 

সেই ঘটনাৰ পাছৰেপৰা ঘৰখন তাইৰ বিষ যেন লগা হৈছিল। নিজৰ মতে জীৱনটো যদি যাপন কৰিব নোৱাৰি, তেন্তে এনে জীৱনৰ অৰ্থ কি? সেয়ে তাই আত্মহত্যা কৰাৰ কথা ভাবিলে। এদিন সন্ধিয়া আত্মহত্যা কৰিবলৈ যাওতে মহাক এজনে তাইক ৰেলপথৰপৰা উদ্ধাৰ কৰি লৈ আহিল। তাইৰ মুখেৰে সকলো কথা শুনি শেষত তেওঁ পৰামৰ্শ দিলে- 'যদি তুমি নিজৰ মতে জীৱনটো যাপন কৰিব খুজিছা, কিন্নৰ সম্প্ৰদায়ৰ স'তে অন্তৰ্ভূক্ত হোৱা। ভূৱনেশ্বৰত কেবাটাও কিন্নৰ সংগঠন আছে। তেওঁলোকৰ পৰা তুমি ভাল সঁহাৰি পাবা আৰু স্বাধীনভাৱে জীৱনটো উপভোগ কৰিব পাৰিবা।' কিন্নৰ গুৰু মণিকা পড়িৰাৰ ঠিকনাটোও তেৱেঁই দিছিল।

 

তাৰ পিছদিনা নিশা বাৰ বজাত ঘৰৰ আটাইৰে নিদ্ৰামগ্ন অৱস্থাত তাই মনে মনে ভূৱনেশ্বৰলৈ গুছি আহিল। কিন্নৰ গুৰু মণিকা পড়িৰাক সাক্ষাৎ কৰাৰ পাছত তাইৰ জীৱনৰ গতিপথেই সলনি হৈ গ'ল। তাৰ পাছত তাই আৰু পিছলৈ উভতি চোৱা নাই। নিজৰ জেনিটেল চাৰ্জাৰীও কৰাই ল'লে। তাৰ পাছত সঁচাকৈয়ে সি বংশীধৰৰ পৰা বংশিকা হৈ পৰিল। বংশিকা ভূৱনেশ্বৰৰ কিন্নৰ সম্প্ৰদায়ৰ আটাইতকৈ ধুনীয়া চেহেৰা। গুৰু মেনকা মা'ৰ আটাইতকৈ বিস্বস্ত সহযোগী।

 

হাই, গুড মৰ্ণিং। মই বংশিকা। যোৱা বুধবাৰে জাগমৰাত আপোনাৰ স'তে দেখা হৈছিল। আপুনি কাৰেৰে মোক খণ্ডগিৰি চ'কৰ ওচৰৰ সেই এঢলীয়া ৰাস্তাটোৰ পাৰত মোক নমাই থৈ গৈছিল। আপুনি মোক কাৰ্ড এখন দিছিল। ভাবিলোঁ আপোনালৈ ফোন এটাকে কৰোঁ। স্নেহাশীষৰ স'তে তাই বাৰ্তালাপ আৰম্ভ কৰিলে। চাকৰি এটা কৰবাত যোগাৰ কৰি দিব পাৰিব নেকি বুলি সুধিব খুজিও তাই কিন্তু সুধিব নোৱাৰিলে।

 

গুড মৰ্ণিং। সিদিনা তোমাৰ নম্বৰটো আনিবলৈ মই পাহৰি গৈছিলোঁ। ভাবি আছিলোঁ, তুমি কিজানি এবাৰ ফোন কৰাই। এতিয়া ক'ত আছা? আহিবা নেকি মোৰ অফিচলৈ এবাৰ? আমাৰ দেখাও হ'লহেঁতেন আৰু দুপৰীয়াৰ সাজ একেলগে খাবও পাৰিলোঁহেঁতেন।

 

কেতিয়াবালৈ হ'ব বাৰু। কোনো ব্যস্ততা নথকা স্বত্বেও বংশিকাই তেনেদৰে উত্তৰ দিলে।

 

তেনেহ'লে সন্ধিয়ালৈ লগ পাব পাৰোঁনে, একেলগে একোকাপ কফিকেই খাম।

 

'ব বাৰু। কিন্তু ক'? বংশিকাই সুধিলে।

 

ৰামমন্দিৰৰ ওচৰৰ চিচিডিলৈ আহিব পাৰিবানে? নে মই গৈ তোমাক লৈ আহিম?

 

নাই নাই, মই নিজেই আহিব পাৰিম, মোৰ বাবে কিয় ইমান কষ্ট কৰিব লাগে? - বংশিকাই ক'লে।

 

ঠিক আছে। মই তোমালৈ অপেক্ষা কৰি ৰম। আজিৰ সন্ধিয়াটো নিশ্চয় স্মৰণীয় হ'ব।

 

এনেদৰে সিহঁতে এমাহৰো অধিক কাল পৰস্পৰে পৰস্পৰক লগ পাই থাকিল। একেলগে কফি, ডিনাৰ, চিনেমা আৰু কতো কি ! বংশিকাৰ ৰূপ আৰু যি আদবকায়দা, কোনেও ভাবিবই নোৱাৰে যে স্নেহাশীষৰ স'তে এজনী কিন্নৰ ঘূৰি আছে। আনকি স্নেহাশীষে ব্যৱসায়ৰ কামত যাওতে দুই-এখন ঠাইলৈ বংশিকাক লৈও গৈছিল।

 

'বাহিৰত ঘূৰাঘূৰি বহুত হ', এবাৰ মোৰ ঘৰলৈও ব'লা, এটা পাৰ্টি কৰোঁ।' স্নেহাশীষে এদিন দেওবাৰে এনেদৰে প্ৰস্তাৱ দিলে।

 

বংশিকাই স্নেহাশীষৰ স'তে ইতিমধ্যে ইমান ঘণিষ্ঠ হৈ পৰিছিল যে ইয়াত অমান্তি হ'বলগীয়া একো নাছিল।

 

স্নেহাশীষ ফ্লেট এটাত অকলে থাকে। সেই দেওবাৰটো বংশিকাৰ বাবে আছিল এক বিশেষ অনুভূতিপ্ৰৱণ দিন। তাইৰ দৰে এজন কিন্নৰৰ প্ৰতি এনেধৰণৰ অভ্যৰ্থনা! তাই চিলি চিকেন খাবলৈ ভাল পায়। সেয়ে স্নেহাশীষে নিজ হাতেৰে তৈয়াৰ কৰিছিল চিলি চিকেন, মটৰ পনীৰ, দাইল, দহি কাকুড়ি চালাড। লাঞ্চৰ পাছত দুয়ো আইচক্ৰিম খাই টিভিটো অন কৰি বিচনাত শুই পৰিল। স্নেহাশীষৰ পাৰফিউমৰ গোন্ধে তাইক মতলীয়া কৰি তুলিছিল। পাতল নীলা ৰঙৰ পাইজামাৰে স্নেহাশীষক আকৰ্ষণীয় লাগিছিল। কেতিয়ানো সন্ধিয়া হ',  টোপনি ভঙাৰ পাছত সেই কথা ভাবি দুয়ো আচৰিত হ'ল।

 

'মই এতিয়া যাব লাগিব' - বংশিকাই ক'লে। স্নেহাশীষে গাড়ীখন উলিয়ালে।

 

'কালি ব্যৱসায়ৰ কামত মই এসপ্তাহৰ বাবে ভিলাইলৈ যাব লাগিব।' 

 

'এসপ্তাহৰ বাবে? ইমান কামনে?' অধিকাৰ জাহিৰ কৰাৰ স্বৰেৰে কৈ উঠিল বংশিকাই।

 

গাড়ী চলোৱাৰ সময়ত স্নেহাশীষে অতি স্বাচ্চন্দ্যৰে তাৰ হাত এখন থ'লে বংশিকাৰ কান্ধত। গন্তব্য স্থান পালত সি তাইৰ কাণৰ কাষত ক'লে- এতিয়া যাওঁ। বাই।

 

সেই এটা সপ্তাহ তাইৰ এযুগ যেন লাগিল। সিহঁতৰ মাজত অৱশ্যে চলি আছিল ভিডিঅ' কল। স্নেহাশীষ আহি পোৱাৰ লগে লগে পুনৰ আৰম্ভ হ'ল সেই আগৰ দৰে আহ-যাহ।

 

পৰস্পৰৰ মন আৰু দেহক সিহঁতে চিনি পেলাইছিল আৰু পচন্দও কৰিছিল। পৰস্পৰক পাবলৈ দুয়ো ব্যাকুল হৈ পৰিছিল। সুবিধা পোৱা মাত্ৰকে সিহঁত  দুয়ো একেলগ হৈছিল।

 

এনেদৰে আৰু নোৱাৰি। এটা কাম কৰা। তুমি মোৰ ফ্লেটলৈ একেবাৰে গুছি আহা। দুয়ো একেলগে থাকিম। এদিন স্নেহাশীষে ক'লে।

 

স্নেহাশীষৰ ফ্লেটত কোনেও কাৰো ব্যক্তিগত জীৱনত হস্তক্ষেপ নকৰে। গতিকে সিহঁতে একেটা ফ্লেটত 'লিভ-ইন' কৰাত কোনো অসুবিধা নাছিল। এনেদৰে সিহঁতৰ যুগ্মজীৱন আৰম্ভ হ'ল। বংশিকাৰ সুবিধাৰ্থে আৰু কিছু সা-সৰঞ্জাম কিনিলে স্নেহাশীষে। তাই অহাৰ পাছত ঘৰটো ভৰি পৰা যেন লাগিল। বিশৃঙ্খল ঘৰটোৱে যেন এটা নতুন জীৱন পালে।

 

সেই প্ৰথম ৰাতিটোতে বংশিকাই স্নেহাশীষক মুকলিকৈ কৈ দিলে যে তাই তাক ভাল পায়। প্ৰথম লগ পাবৰ দিনাৰ পৰাই তাই তাক ভাল পায়। স্নেহাশীষেও ক'লে, সকলো কথা জানিও সিও তাইক ভাল পায়।

 

'এনেকৈ আৰু কিমান দিন? আমি পৰস্পৰে একেলগে জীৱন কটাব পাৰিম বুলি মোৰ প্ৰত্যয় জন্মিছে। গতিকে ব'লা, আমি বিবাহ পাশত আবদ্ধ হওঁ।' এদিন পুৱা চাহৰ টেবুলত এই প্ৰস্তাৱ দিলে স্নেহাশীষে। 

 

'এবাৰ তোমাৰ ঘৰত সুধি লোৱা, তেওঁলোকে আমাৰ এই সম্পৰ্কটোক সহজভাৱে লব পাৰিবনে নাই।' সংকোচেৰে ক'লে বংশিকাই।

 

'মোৰ তেনে কোনো সমস্যা নাই। মই কলেজত পঢ়ি থকা সময়তে মোৰ মা-দেউতাই মোক এৰি থৈ গ'ল। এটা  কাৰ দুৰ্ঘটনাত তেওঁলোকৰ মৃত্যু হৈছিল। তেওঁলোকৰ কথা মনত পৰিব বুলিয়েই মই ঘৰৰ বেৰত তেওঁলোকৰ ফটো এখনো ৰখা নাই। প্ৰতিদিনে ৰাতি বেলকনিৰ কাষত থিয় হৈ আকাশলৈ চাওঁ। মোৰ এনে লাগে, তেওঁলোকে যেন তাৰ পৰাই মোক চাই আছে, আশীৰ্বাদ কৰিছে।' স্নেহাশীষৰ চকুযুৰি চলচলীয়া হৈ উঠে।

 

'এৰা, মোৰ অভিভাৱক হ'ল মোৰ বাইদেউ আৰু ভিনদেউ। তেওঁলোক কানাডাত থাকে। মাজে মাজে মোলৈ ফোন কৰি কয়, কিমানদিন আৰু অকলে থাকিবি, যদি কাৰোবাক ঠিক কৰি থৈছ ক, নহ'লে আমি বিচাৰোঁ। মোৰ বাইদেউ বহুত উদাৰ। মোৰ বিশ্বাস, মোৰ এই সিদ্ধান্তক তেওঁলোকে কেতিয়াও অগ্ৰাহ্য নকৰিব।'

 

বংশিকাই মনে মনে ঈশ্বৰক কৃতজ্ঞতা জনাইছিল। ঈশ্বৰে ইমান সুখ তাইৰ কপালত লিখিছেনে? নিজ ঘৰখনৰ কথা তাইৰ বৰকৈ মনত পৰিছিল। ভাবিছিল, তাই কটকলৈ যাব। ঘৰলৈ গৈ ক'ব- চা মা, মই তোৰ বংশী নহয়, বংশিকা হৈ উভতি আহিছোঁ। মই মোৰ ইচ্ছা অনুসৰি জীৱনটো যাপন কৰিছোঁ, জীৱন সংগীও নিৰ্বাচন কৰিছোঁ। কিন্তু তাই জানো পাৰিব? যিসকলে তাইৰ জীৱনশৈলীক ঘৃণা কৰে, যিসকল তাইৰ প্ৰতি সামান্যতমো সংবেদনশীল নহয়, সেই ঘৰখনলৈ জানো তাই উভতি যাব পাৰিব?

 

তাই নিজ বিবাহ সম্পৰ্কে পৰামৰ্শ বিচাৰিবলৈ মেনকা মালৈ ফোন কৰিলে। 

এই কিছুবছৰ ধৰি বংশিকাই সুখে-দুখে তেওঁকেই ওচৰত পাই আহিছে। স্নেহাশীষৰ স'তে তাইৰ সম্পৰ্কটোৰ বিষয়ে তেওঁক কিছু কথা তাই আগতেও জনাইছিল। যিহেতু কথাটো ইতিমধ্যে বহুদূৰ আগুৱালে, সকলোখিনি জনাই থোৱাই ভাল হ'ব।

 

তাইৰ পৰা সকলো কথা শুনি মেনকা মা বৰ সুখী হ'ল। 'তোৰ বিয়াত মই আগভাগ লম। কিন্নৰ সমাজে এই বিয়াত উবুৰি খাই পৰিব।' ফোনতে মেনকাই এই প্ৰতিশ্ৰুতি দি থলে।

 

ইয়াৰ মাজতে স্নেহাশীষে বাইদেউ-ভিনদেউৱেকৰো মতামত ল'লে। তাৰ সিদ্ধান্তত তেওঁলোকে কোনো বিধি-পথালি দিব নুখুজিলে, বৰং এনে এক মহৎ কামক প্ৰশংসা কৰিলে। শেষত বহু আকাংক্ষিত সেই দিনটো উপস্থিত হ'ল। নয়াপল্লীৰ এক মণ্ডপত অনুষ্ঠিত হ'ল এই বিৰল বিবাহ অনুষ্ঠান। এজন যুৱকে কিন্নৰ এগৰাকীৰ বিয়া কৰাবলৈ লোৱা খবৰটো টেলিভিছন চেনেলবোৰৰ বাবে হটকেক হৈ পৰিল। সকলো চেনেলতে এই বিয়া লাইভ প্ৰচাৰ হ'ল। কৌতূহলৰ বশৱৰ্তী হৈ এই বিয়া চাবলৈ বহু লোকৰ সমাগম হৈছিল। শুভেচ্ছা জনাবলৈ বহু কিন্নৰৰো সমাৱেশ হৈছিল বিবাহথলীত। তেওঁলোকে আনন্দত অধীৰ হৈ নাচিছিল, গাইছিল। অতিথি ৰূপে সমাজৰ বিভিন্ন বৰ্গৰ মানুহ বিয়াখনত উপস্থিত হৈছিল। ঘৰৰ মূৰব্বীয়ে ঘৰখনত আয়োজন কৰা মাংগলিক অনুষ্ঠানত তদাৰক কৰাৰ দৰে মেনকা মাই বিয়াখনত সকলো চোৱাচিতা কৰিছিল।

 

এই মাংগলিক মুহূৰ্তত বংশিকাৰ আটাইতকৈ বেছি মনত পৰিছিল মাকৰ কথা, নিজ ঘৰখনৰ মানুহখিনিৰ কথা। তেওঁলোকে তাইক ক্ষমা কৰি কোলাত তুলি ল'লেহেঁতেননে? তাইৰ এই সুখৰ সময়ত তাইৰ ওচৰত থিয় হ'লহেঁতেননে?

 

বিয়াৰ বেদীত ব্ৰাহ্মণৰ মন্ত্ৰপাঠ আৰু উপস্থিত কিন্নৰৰ উৰুলিৰ মাজতে স্নেহাশীষে যেতিয়া বংশিকাৰ কঁপালত সেন্দুৰ পিন্ধালে, তাই আৱেগবিহ্বলা হৈ পৰিল। প্ৰত্যেক কিন্নৰে নিজ গুৰুৰ সন্মানাৰ্থে কপালত সেন্দুৰ পৰিধান কৰে, তাই কিন্তু আজি সেন্দুৰ পৰিধান কৰিছে নিজৰ জীৱনসংগীৰ বাবে। এই সেন্দুৰ সধবাৰ সেন্দুৰ।

 

বিয়াৰ সামৰণি পৰিছিল। লাহে লাহে মানুহৰ ভীৰ কমি আহিছিল। কইনাৰ ঘৰো নাই বা ৰভাতলীত কইনাৰ কোনো আত্মীয়-স্বজনো নাই সঁচা। কিন্তু কইনা বিদায় বুলি এক লোকাচাৰ  আছে। নিজ সম্প্ৰদায়ৰ সতীৰ্থসকলক পাছত এৰি এখন নতুন সংসাৰ গঢ়িবলৈ পুষ্পসজ্জিত গাড়ীখনত বহিবলৈ যাওঁতে তাই দেখা পালে অলপ আঁতৰত থিয় হৈ আছে তাইৰ মাক। তাই যেন নিজৰ চকুযুৰিকে বিশ্বাস কৰিব পৰা নাই।

 

মাকে তাত থিয় হৈ তাইক চাই আছিল। চকুত লোটকৰ বন্যা। তাই দৌৰি আহি মাকক সাৱতি ধৰিলে। অযুত যুগৰ ধৈৰ্য্যৰ বালিবান্ধ যেন ভাঙি গৈছিল দুয়োৰে চকুদুহালত।

 

'টিভিত এই বিয়া চাই মই ধৈৰ্য ধৰিব নোৱাৰিলোঁ। তই যিমানেই নাসাজ কিয়, মই জানো তোক চিনিব নোৱাৰিম? মন বান্ধিব নোৱাৰিলোঁ, কাকো একো নকৈ বহি থকা ঠাইৰপৰা উঠি আহিলোঁ। মই ইমান অভাগিনী, আহি পোৱালৈ তোৰ  বিয়াখনেই ভাগিল। 

 

মোক ক্ষমা কৰি দে মা, মই কেতিয়াও তোৰ বংশী হ'ব নোৱাৰিলোঁ। মই মোৰ অন্তৰাত্মাৰ আহ্বানত বংশিকা হৈ গলোঁ।

 

মাকে নিজৰ ডিঙিৰ সোণৰ চেইনডল খুলি ক'লে- 'ডিঙিটো পাতি দেচোন, এই চেইনডালেৰে তোক ভালকৈ শুৱাব। বহুদিনৰেপৰা ভাবি আছিলোঁ তোৰ পত্নীক নিজ হাতেৰে এই হাৰদাল পিন্ধাম। আজিৰ দিনটোত তোকনো বাৰু কেনেদৰে খালি ডিঙিৰে বিদায় দিওঁ?'

 

লেখক পৰিচিতি:

 


দেৱপ্ৰিয় প্ৰিয়দৰ্শী চক্ৰ (৩৮) উৰিয়া সাহিত্যৰ এগৰাকী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ তৰুণ লেখক। তেখেত মুখ্যতঃ এগৰাকী গল্পকাৰ যদিও শিশুসাহিত্য, কবিতা, নিবন্ধ লেখন আদিতো তেখেতে সমানে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। 

 

বাস্তৱ জীৱনৰ সৰু-বৰ জীয়া কাহিনীৰে লেখা তেখেতৰ গল্পবোৰৰ কাহিনী নিৰ্মাণ কৌশল আৰু লেখন শৈলীয়ে পাঠকক শেষ পৃষ্ঠাটো পৰ্যন্ত বান্ধি ৰাখিব পাৰে।

 

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা তেওঁ জুনিয়ৰ ফেল'চিপ লাভ কৰাৰ উপৰিও ৰাজ্যিক যুৱ সাহিত্য পুৰস্কাৰ, ভূৱনেশ্বৰ গ্ৰন্থমেলা উদযাপন সমিতিৰ ৰবি পাটনায়ক স্মৃতি গল্প পুৰস্কাৰো তেওঁ লাভ কৰিছে। এতিয়ালৈ তেখেতৰ তিনিখন গল্প সংকলন, দুখন শিশু গ্ৰন্থ আৰু এখন প্ৰৱন্ধ সংকলন প্ৰকাশ পাইছে। তেখেতৰ গল্পসমূহ ইংৰাজী, হিন্দী, তেলেগু, দোগ্ৰী, কাশ্মিৰী, বডো আদি ভাষালৈ অনুদিত হৈছে।

 

আৰম্ভণিতে দীৰ্ঘকাল সংবাদ মাধ্যমত কাম কৰা শ্ৰীচক্ৰ সম্প্ৰতি উৰিষ্যাৰ চৰকাৰী মহাবিদ্যালয় এখনত অধ্যাপক হিচাপে কৰ্মৰত। 

 

Post a Comment

0 Comments