এটা অভিশপ্ত ঘড়ী
মূলঃ শুভম মণ্ডল
অনুবাদঃ পংকজ কুমাৰ নেওগ
মূলঃ শুভম মণ্ডল
অনুবাদঃ পংকজ কুমাৰ নেওগ
টুং টাং শব্দ কৰি ঘড়ীটোৰ
পৰা ৰাতি নবজাৰ সঙ্কেত ভাহি আহিল। জলতৰঙ্গৰ দৰে এটা মিঠা সুৰীয়া মাত। মানবেন্দ্ৰই মুগ্ধ
হৈ গোলাকৃতিৰ দেৱাল ঘড়ীটো চাই আছিল। সি ক’লে – “তোমাৰ ঘড়ীটো বৰ সুন্দৰ। ইমান সুমধুৰ
ধ্বনি মই ক’তো শুনা নাই আৰু পেণ্ডুলামটোও বিশেষ ধৰণৰ”। মই মৃদুভাৱে হাঁহিলো। এৰা, এটা
বৰ আচৰিত ধৰণৰ ঘড়ী –গোল দেৱাল ঘড়ীটোৰ তলৰখিনি অলপ কটা আৰু সেই ফাঁকেৰে এডাল দীঘল
ষ্টীলৰ চেইন ওলাই আহিছে। চেইন ডালৰ মূৰত ওলমি আছে এটা ৰক্তচক্ষুৰ ড্ৰেগনৰ শিৰ। ড্ৰেগনৰ
মূৰটো ধাতৱ নহয় হাড়েৰে নিৰ্মিত। মানবে আকৌ প্ৰশ্ন কৰিলে – “ঘড়ীটো কিনিছিলা ক’ত? নিশ্চয়
কোনোবা কিউৰিঅ” দোকানৰ পৰা!”
উত্তৰ দিলো – “ওঁ, ঠিকেই ধৰিছা।
ঘড়ীটো অৱশ্যে আমাৰ ইয়াৰ নহয়, চীন দেশৰ। পঞ্চাশ বছৰীয়া পুৰণি ঘড়ী। পঞ্চাশ বছৰৰ আগেয়ে
আৰ্মেনিয়ান স্ট্ৰীটত পুৰণি আচবাব-পত্ৰ বেছা এখন দোকান আছিল। এগৰাকী বৃদ্ধা চীনা মহিলাই
দোকানখন চলাইছিল। মোৰ ককাই এবাৰ আৰামী চকী এখন কম দামতে কিনিবলৈ গৈ দোকানখনত ঘড়ীটো
দেখা পায়। ককাই ঘড়ীটো কিনিব খোজাত বৃদ্ধাগৰাকীয়ে বেচিবলৈ ঘোৰ আপত্তি কৰে। তেওঁ ক’লে
– চাহাব নিকিনিব, ই এটা ভূতে পোৱা ঘড়ী।”
: ভূতে পোৱা ঘড়ী? কিন্তু
কেনেকৈ?
মানবে বেছ কৌতুহল অনুভৱ কৰিলে।
উত্তৰ দিলো – “ককায়ো একে প্ৰশ্ন কৰিছিল”। উত্তৰত বৃদ্ধাগৰাকীয়ে কিছু সময় মনে মনে ৰৈ
কাহিনী এটা শুনাইছিল।
আমাৰ বাবে কাহিনী কিন্তু বৃদ্ধাগৰাকীৰ
বাবে এটা সঁচা ঘটনা। ঘটনাটো কওঁ শুনা। মানবে ক’লে – “তাৰ আগেয়ে বন্ধু এটা চিগাৰেট দিয়াচোন!
এগৰাকী চীনদেশীয় বৃদ্ধা, ড্ৰেগন মাৰ্কা ঘড়ী! এটা বেছ ৰোমাঞ্চকৰ কাহিনী যেন লাগিছে!”
: আৰু একাপ একাপ গৰম কফি চলিবনে?
পুহ মাহৰ ঠেৰেঙা লগা জাৰ।
মাহটো যোৱাৰ আগে আগে ভীষণ জাৰ পেলাইছে। ভাব হয় এইবাৰ যেন আগৰ বছৰবোৰতকৈ কুঁৱলি বেছি
পৰিছে। সন্ধিয়া নামি আহোতেই আজি গোটেই চহৰখনক বগা চাদৰ এখনে আৱৰি ধৰিছে। বাট-পথবোৰ
শূন্য, কোনো মানুহ বা গাড়ী, মটৰৰ শব্দ নাই। কিয় জানো আজি সূৰ্যাস্তৰ পিছতেই শীতকালিৰ
চেঁচা বতাহ এচাটি বৈ আহি বাটে বাটে উচুপি উঠিছে। গোটেই পৰিবেশটো লাহে লাহে যে জয়াল
হৈ আহিছে তাত কোনো সন্দেহ নাই। ঠিক এনে এটা পৰিৱেশত কেতিয়াবা ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা
পলায়ন কৰি এটা ভিন্নতৰ স্বাদ লবলৈ মন যায়। দুজন মান বন্ধু-বান্ধৱৰ সৈতে ঘৰৰ নিৰিবিলি
চুক এটাত বহি লৌকিক জগতখন এৰি এখন অলৌকিক জগতত বিচৰণ কৰিবলৈ মন যায়। বোধকৰো সেই আপাহতে
আজি মানবেন্দ্ৰই চহৰৰ একাষে থকা আমাৰ ঘৰখনত ফুট গধূলিতে আহি পদধূলা দিছে।
গৰম কফি আহিল, চিগাৰেট জ্বলোৱা
হ’ল। মানবেন্দ্ৰই শ্বলখন গাত মেৰুৱাই আৰু ভৰিদুখন চোফাত উঠাই আৰামত বহি ল’লে। চিগাৰেটত
টান এটা দি এমোকোৰা ধোঁৱা উলিয়াই এইবাৰ সি মাত লগালে – “ঠিক আছে, এইবাৰ সেই বৃদ্ধা
চীনা মহিলাৰ কাহিনী আৰম্ভ কৰা।”
মই ক’লো – “গল্পটো বৃদ্ধা
চীনা মহিলাৰ বিষয়ে নহয় তেওঁ কোৱা এটা কাহিনীহে। হো চি নামৰ লোকজন বৃত্তিত এজন কৃষক
যদিও ঘড়ী তৈয়াৰ কৰাত পাকৈত আছিল। ঘৰতে নানা ধৰণৰ ঘড়ী তৈয়াৰ কৰি মাহত এদিন চহৰলৈ গৈ
সেইবোৰ বিক্ৰী কৰে। সংসাৰত আছিল পত্নী তান আৰু এজনী ছোৱালী। তান আছিল অতি ৰূপৱতী আৰু
খেতিয়কৰ ঘৰত তেনে ৰূপৱতী তিৰোতা আছিল বিৰল। অকল ৰূপৱতীৱেই নহয় তাই সমানে গুণৱতীও আছিল
আৰু হো চি ঘড়ী বনোৱা কামত ব্যস্ত থাকোতে তানে ঘৰখন আৰু খেতি-বাতিৰ তদাৰক কৰিছিল। হো
চিৰ জীৱন তানে ভালপোৱা, আনন্দ আৰু সুখেৰে উপচাই ৰাখিছিল। এবাৰ হো চি চহৰৰ পৰা উভতি
আহি তানক ঘৰত বা গাঁৱত ক’তোৱেই বিচাৰি নাপালে। বহুত খা-খবৰ কৰাৰ পিছত হো চিয়ে গম পায়
যে গাঁৱৰ জমিদাৰজনে তানক অপহৰণ কৰি দূৰৈৰ চহৰ এখনলৈ লৈ গৈছে। ইয়াৰ পিছত হো চিৰ মুখৰ
পৰা একেবাৰে মাত-বোল নোহোৱা হ’ল। দেখা গ’ল বহুত দিনৰ মূৰত সি আকৌ এটা দেৱাল ঘড়ী বনাবলৈ
ধৰিছে। কিবা এটা অসাধাৰণ ঘড়ী যে তেনে নহয়; কাৰুকাৰ্যবিহীন এটা সাধাৰণ ঘড়ী, কিন্তু
ইমান মনপুতি ঘড়ী বনোৱা কাম সি কাহানিও কৰা নাছিল। দিনৰ বেলা হো চিয়ে ঘড়ীৰ কাম কৰে
আৰু ৰাতি ভূত-প্ৰেতৰ পূজা। সি তন্ত্ৰ-মন্ত্ৰ জানিছিল। গোটেই ৰাতি ঘড়ীটোৰ সন্মুখত ধূপ-ধুনা
জ্বলাই বিৰবিৰাই কিবা মন্ত্ৰ মাতি থাকে। এইদৰে সাতৰাতি পূজা আৰু মন্ত্ৰপাঠ চলিল। ইয়াৰ
পাছত সি মৰা শগুণৰ হাড়ৰ পৰা এটা ড্ৰেগনৰ মূৰ
খোদাই কৰি উলিয়ায়। চকু দুটা ৰঙা ৰঙেৰে এনেকৈ টিকটিকিয়া কৰিলে যে দেখিলে জুই
ওলোৱা যেন ভাৱ হয়। ঘড়ীটোৰ পেণ্ডুলামটোত এই ড্ৰেগনমুণ্ড সংস্থাপন কৰা হ’ল। পেণ্ডুলামত
ড্ৰেগনমুণ্ড দুলিবলৈ ধৰিলে আৰু লগে লগে ৰক্তবৰ্ণ চকু দুটা নিষ্ঠুৰ ৰক্ততৃষ্ণাত যেন
তগবগাই উঠিল।
মানবেন্দ্ৰৰ আঙুলি দুটাৰ মাজত
থকা চিগাৰেটটো জ্বলি ছাই হৈছিল। মন দি সি সকলো কথা শুনি আছিল। খিৰিকীৰ বাহিৰত ধোঁৱাৰ
দৰে কুঁৱলিয়ে আবৰা জগত; শীতৰ চেঁচা বতাহত শুনা গৈছে উচুপি উচুপি উঠা কাৰোবাৰ কৰুণ বিলাপ।
মই আকৌ আৰম্ভ কৰিলো – “ইয়াৰ পিছত হো চিক দেখা গ’ল নানজিং চহৰত। নিজৰ মাটি-বাৰী সকলো
বিক্ৰী কৰি চহৰলৈ উঠি আহিল। জমিদাৰৰ ঘৰ বিচাৰি চহৰ ঘূৰিবলৈ ধৰিলে। যিমানেই ডাঙৰ চহৰ
নহওক অৱশেষত জমিদাৰৰ ঠিকনা বিচাৰি পোৱা গ’ল। হো চিয়ে কিন্তু জমিদাৰক হত্যা কৰাৰ চেষ্টা
নচলালে বা তেওঁৰ বিৰুদ্ধে অপহৰণৰ অভিযোগো নানিলে। এদিন সি তিব্বতী লামা এটাৰ ভেশচন
ধৰি ঘড়ীটো জমিদাৰক উপহাৰ দি থৈ আহিল। জমিদাৰক ক’লে ঘড়ীটোৱে জীৱনলৈ সৌভাগ্য আৰু দীৰ্ঘায়ু
আনিব। জমিদাৰে আনন্দমনেৰে ঘড়ীটো ঘৰৰ বেৰত ওলোমাই থলে। এবছৰৰ পাছত ঘড়ীটো এদিন হঠাত
বন্ধ হৈ গ’ল। ঘড়ীটোত পূৰা চাবি দি থোৱা সত্বেও ঘড়ীটো বন্ধ হৈ থাকিল। পিছদিনা উশাহ-নিশাহ
বন্ধ হৈ জমিদাৰো ঢুকাল। জমিদাৰৰ বয়স দুকুৰি পাৰ হৈছিলহে মাত্ৰ। হৃষ্ট-পুষ্ট, সবল, নিৰোগী
শৰীৰৰ লোক। তথাপি অকস্মাতে তেওঁৰ মৃত্যু হ’ল।
খবৰ পাই বহুত দিনৰ মূৰত হো
চিৰ মুখত এটা হাঁহি বিৰিঙিল। ইমান সময় মনে মনে গল্প শুনি থকা মানবেন্দ্ৰই গাটো অলপ
লৰালে। ক’লে – “বৰ আচৰিত কথা।”
মই মূৰ লৰালো – “হয়, বৰ আচৰিত
কথা। জমিদাৰৰ পৰিয়ালৰ লোকে ঘড়ীটো অমঙ্গলীয়া বুলি চহৰৰ দোকান এখনত সামান্য দামত বেচি
দিলে। হো চিয়ে কথাটো গম পাই নিজে ঘড়ীটো কিনি আনি ঘৰত থয়। পিছৰ বছৰ পূৰাদমে চাবি দি
থোৱা সত্বেও এদিন ঘড়ীটো হঠাতে বন্ধ হ’ল আৰু তাৰ পিছদিনা হো চিৰো মৃত্যু ঘটিল। পানী
খাবলৈ গৈ চৰ্চৰণি খাই উশাহ লাগি ধৰিল। হো চিৰ ছোৱালী চানে ঘড়ীটো প্ৰতিবেশী এজনক দান
দি নানজিং চহৰ ত্যাগ কৰে।”
বৃদ্ধা চীনা মহিলাগৰাকীয়ে
আৰু কৈছিল – “ঘড়ীটো এইদৰে কিমান ঠাই ঘূৰি ফুৰিলে কোনে জানে! তিনি বছৰমান আগেয়ে এজন
ইংৰাজ ভদ্ৰলোক মোৰ দোকানলৈ পুৰণি ঘড়ী এটা বেচিবলৈ আহে। ঘড়ীটো দেখিয়েই উচপ খাই উঠিলো,
এইটো হো চিৰ দেওলগা ঘড়ী! মই ঘড়ীটো কিনিবলৈ অমান্তি হ’লো আৰু চাহাবজনেও কোনোমতে নেৰে।
অৱশেষত এক পইচাও নোলোৱাকৈ মোৰ দোকানত ঘড়ীটো এৰি থৈ তেওঁ গ’লগৈ। সাংঘাতিক ভয় খালে মানুহৰ
চকু-মুখ যিদৰে শঙ্কাগ্ৰস্ত হয় চাহাবজনৰ তেনে অৱস্খা হৈছিল। সেই তেতিয়াৰ পৰা দেওলগা
ঘড়ীটো দোকানতে পৰি আছে, মই কেতিয়াও ঘৰলৈ নিয়া নাই। চাৰ, আপোনাকো মই কৈছো ঘড়ীটো নিনিব।”
: তোমাৰ ককাদেউতাই কি ক’লে?
মানবে প্ৰশ্ন কৰিলে।
: ককাদেউতাই প্ৰথমে অলপ হাঁহিলে।
তাৰ পিছত ক’লে – “আইতা, তুমি মোক ভাল গল্প শুনালা! মনত ৰাখিবা মোৰ নাম শঙ্কৰনাথ চক্ৰৱৰ্তী
আৰু মই কুস্তিত ভাৰতবৰ্ষৰ চেম্পিয়ন আছিলো। মোৰ বয়স এতিয়া ৬৫ বছৰ আৰু দহ বছৰ আগলৈকে
মই কুস্তি লৰিছিলো। ভূত-টুত এইবোৰ মই একো বিশ্বাস নকৰো।”
বুঢ়ীয়ে সুধিলে – “আপুনি ভূত
বিশ্বাস নকৰে?”
ককাদেউতাই উত্তৰ দিলে – “নাই,
নকৰো।”
: কিন্তু সঁচাকৈয়ে ভূত আছে।
: থাকিব দিয়া, মোৰ বাবে থকা-নথকা
একো পাৰ্থক্য নাই। মোৰ নাম শঙ্কৰ আৰু নিজেই মই ভূতনাথ বা ভূতৰ প্ৰভু। মোৰ মন গৈছে যেতিয়া
ঘড়ীটো কিনিমেই। এতিয়া কিমান টকাত বেচিবা সেইটো কোৱা। বুঢ়ীগৰাকীৰ মুখখন বেজাৰমুৱা
হৈ পৰিল। তেওঁ ক’লে – “দেওলগা ঘড়ীটো নিব খুজিছেই যেতিয়া আপোনাৰ যি ইচ্ছা তাকে দিয়ক।
মাত্ৰ আপোনাৰ ঠিকনাটো মোক দি থৈ যাব। ভগবান বুদ্ধই আপোনাক ৰক্ষা কৰক।”
মাত্ৰ পাঁচটকাৰে ঘড়ীটো কিনি
ককাই ঘৰলৈ লৈ আহিল।
মানবেন্দ্ৰই সুধিলে – “তাৰ
পিছত?”
মোৰ চিগাৰেটটো প্ৰায় শেষ হৈ
আহিছিল। অইন এটা চিগাৰেট জ্বলাই পুনৰ আৰম্ভ কৰিলো – “তাৰ পিছত ঘড়ীটোৰ কথা আমি প্ৰায়
পাহৰি গৈছিলো। ড্ৰয়িংৰূমৰ বেৰতে লগাই থোৱা আছে। একেবাৰে সঠিক সময় দিয়ে আৰু শ্ৰুতিমধুৰ
ধ্বনিৰে প্ৰহৰৰ জাননী দিয়ে। এনেতে জাৰকালিৰ এদিন পুৱা গায়ে-মূৰে কম্বল মেৰুওৱা মূৰ্তি
এটা আহি আমাৰ ঘৰত উপস্থিত হ’ল। চুলি আউল-বাউল আৰু মুখৰ ছাল শোতোৰা-শোতোৰ। চকু কেইটা
প্ৰায় পোত খোৱা। মূৰ্তিটোৱে সুধিলে – “চক্ৰৱৰ্তী চাহাব আছেনে?”
ককাদেউতা ওলাই আহি চীনা বৃদ্ধাগৰাকীক
দেখি আচৰিত হল। “কি হ’ল আইতা, হঠাতে ওলালাহি যে?” বুঢ়ীয়ে লাহে লাহে উত্তৰ দিলে –
“মোৰ পৰা আপুনি ঘড়ীটো কিনা আজি পূৰা এবছৰ হ’ল; আপোনাৰ একো বিপদ-আপদ হোৱা নাইতো?
হাঁহি এটা মাৰি ককাই ক’লে - “অ’, সেইটো খবৰ ল’বলৈকে তুমি ইমান দূৰ বাটকুৰি
বাই আহিছা? নাই আইতা, মোৰ কোনো বিপদ হোৱা নাই। মোক দেখি ধৰিব পাৰিছা ছাগৈ! কৈছিলোৱেই
চোন মই ভূতৰ প্ৰভু। ঘড়ীটো কিন্তু সাংঘাতিক কামৰ দেই! একেবাৰে সঠিক সময় দিয়ে।”
বৃদ্ধা গৰাকী ষেন হাৰি গ’ল।
তথাপি লক্ষ্য কৰিলো তেওঁৰ শোতোৰা-শোতোৰ মুখখন যেন লাহে লাহে কিছু প্ৰসন্ন হৈ উঠিছে।
বুঢ়ীগৰাকী উভতি যাব খোজোতেই
ককাই আকৌ প্ৰশ্ন কৰিলে – “আচ্ছা, ঘড়ীটোৰ বিষয়ে ইমানবোৰ আচৰিত কাহিনী তুমি ক’ত শুনিলা?”
বুঢ়ীয়ে এইবাৰ অতি প্ৰত্যয়ৰে
উত্তৰ দিলে – “এইবোৰ কাল্পনিক নহয়, সত্য কাহিনী।”
: ঠিক আছে বাৰু, সত্য কাহিনী
কিন্তু তুমি কাৰ পৰা শুনিলা?
ঘৰৰ পৰা ওলাই বাহিৰলৈ খোজ
লোৱাৰ সময়ত বুঢ়ীগৰাকীয়ে লাহে লাহে ক’লে – “মইয়েই ঘড়ীৱালা হো চিৰ জীয়ৰী চান।”
শ্বলখন গাত আকৌ এবাৰ ভালকৈ
মেৰুৱাই লৈ মানবেন্দ্ৰই ক’লে – “যি নহওক আৰু কোনো দূৰ্ঘটনা হোৱা নাই তেনেহলে।”
অলপ সময় মনে মনে ৰৈ উত্তৰ
দিলো – “হৈছে।”
মানবেন্দ্ৰই প্ৰশ্নবোধক চাৱনিৰে
মোলৈ চাই ৰ’ল। খিৰিকীৰ বাহিৰত পুহমহীয়া চেঁচা বতাহজাক হো-হোৱাই বলিবলৈ আৰম্ভ কৰিছিল।
আইনাৰ ওপৰত নিয়ৰ কণাবোৰ এটোপ দুটোপকৈ পৰি ধীৰে ধীৰে তললৈ বৈ গৈছে। মই আকৌ আৰম্ভ কৰিলো
– “চীনা বুঢ়ীগৰাকী আমাৰ ঘৰলৈ অহাৰ দিনা ঘড়ীটো কিনা ঠিক এবছৰ হৈছিল। সেই এবছৰে ঘড়ীটো
এদিনৰ বাবেও বন্ধ হোৱা নাছিল। কিন্তু সেইদিনা গধূলি ঘড়ীটো হঠাতে বন্ধ হৈ গ’ল। ঘড়ীটোৰ
চাবি পকাবলৈ গৈ দেখো চাবি পূৰা দিয়া আছে। ককাই মোৰ দেউতাক ক’লে – “মানিক, কাইলৈ ভাল
দোকান এখনলৈ নি ঘড়ীটো অইলিং কৰি আনিবিচোন।” দেউতাই উত্তৰ দিলে – “মাত্ৰ তিনিমাহ আগেয়ে
অইলিং কৰি আনিছিলোহে!” ককাই ক’লে –“তথাপি এবাৰ দেখাই আনিবি, ঘড়ীটোৰো বয়স হোৱা নাই
জানো?” ঘড়ীটো ইফালে সিফালে চুই মেলিও পুনৰ চলাব নোৱাৰিলো। পিছদিনা ৰাতিপুৱাৰে পৰা
ককাৰ বুকুৰ বিষ এটা আৰম্ভ হ’ল।
দিনটো যিমানে আগুৱাব ধৰিলে
ককাৰ বিষো বাঢ়ি গ’ল। ঘড়ীৰ ইতিহাস আইতাইয়ো জানিছিল। আইতাৰ মুখখন শুকাল। তেওঁ বাৰে
বাৰে ক’বলৈ ধৰিলে – “ইমান জেদ ভাল নহয়, ই নিশ্চয় সেই দেওলগা ঘড়ীটো ঘৰত থোৱাৰ ফল।”
ডাক্তৰ আহি ককাক পৰীক্ষা কৰিলে;
কৰোনাৰি এটেক। কথাটো শুনি সকলোৱে ককাৰ জীৱনৰ আশা বাদ দিলে। গোটেই ঘৰ শোকাচ্ছন্ন হৈ
পৰিল। কেৱল ককাৰহে মুখখন উজ্জ্বল হৈ পৰিল, ভাৱ হ’ল তেওঁ যেন জয়ী হৈছে। সেহাই সেহাই
ককাই ক’লে – “তোমালোক সকলোৱে শুনিলানে, মোৰ মৃত্যু স্বাভাৱিক ভাবেই হ’বলৈ ওলাইছে, দেওলগা
ঘড়ীটোৰ বাবে নহয়। ভূত বুলি একো বস্তু নাই। সববোৰ বাজে কথা।”
গধূলি এটা সময়ত ককাৰ হৃদপৃণ্ডৰ
ঘড়ীও বন্ধ হৈ গ’ল। অন্তিম সময়লৈকে তেওঁ চিঞৰি কৈ গ’ল ভূত বুলি কোনো বস্তু নাই।
মানবেন্দ্ৰই ক’লে – “তুমি
কি ভাবা? সঁচাকৈয়ে কোনো ভূত নাই নে?”
উত্তৰ দিলো – “এই বিষয়ে কোনো
দিনে মূৰ ঘমোৱা নাই।”
মূৰ ঘমোৱা কোনো ঘটনাই মোৰ
জীৱনত ঘটা নাই।
অকলে কিমান দিন ঘৰত আছো, শ্মশানলৈ
গৈছো আৰু ব্লাডি মেৰী, ব্লু বেবী আৰু মিডনাইট মেনৰ দৰে ৰিচুয়েলবোৰো কৰিছো কিন্তু কোনোদিন
ভূতজাতীয় একো দেখা নাই।”
: তেনেহলে তোমাৰ বিশ্বাস ককাৰ
আকস্মিক মৃত্যু হো চিৰ এই দেওলগা ঘড়ীটোৰ বাবে নহয়?
: নহয়, ঘড়ীটোৰ বাবে নহয়।
চীনা বুঢ়ীগৰাকীতকৈ ডাক্তৰৰ ওপৰত মোৰ বেছি বিশ্বাস।
কিছু সময় মনে মনে ৰৈ মানবেন্দ্ৰই
আকৌ প্ৰশ্ন কৰিলে – “কিন্তু ঘড়ীটো বন্ধ হৈ যোৱাৰ পিছদিনাই ককাৰ কিয় কৰোনাৰি এটেক হ’ল?
কেইদিনমানৰ আগে-পিছেও হব পাৰিলেহেঁতেন।”
উত্তৰ দিলো – “নিশ্চয় পাৰিলেহেঁতেন।
ঘড়ীটো বন্ধ হৈ যোৱাৰ পিছদিনা হোৱা ককাৰ মৃত্যু এটা কাকতালীয় ঘটনাও হ’ব পাৰে। হয়তো
ককাৰ জীৱন বন্তি সেইদিনা এনেয়েও নুমাবলগীয়া আছিল।”
: কিন্তু পূৰা চাবি দি থোৱা
সত্বেও ঘড়ীটো বন্ধ হ’ল কিয়?
মোৰ হাঁহি উঠিল। উত্তৰ দিলো
– “বহু পুৰণি কল-কব্জা হঠাতে কিয় কাম নকৰা হয় কোৱা টান। সেইবোৰ কথা লৈ তোমাৰ ইমান দুশ্চিন্তা
কিয়? বিজ্ঞানৰ যুগৰ মানুহ হৈয়ো ভূত বিশ্বাস কৰা নেকি?”
কিছু অপ্ৰস্তুত হৈ মানবেন্দ্ৰই
উত্তৰ দিলে – “বিশ্বাস যে কৰো তাক ক’ব নোৱাৰো আৰু বিশ্বাস যে নকৰো তাকো জোৰ দি কব নোৱাৰো।
কিন্তু এই লৌকিক জগতৰ বাহিৰত এখন যে অলৌকিক জগত আছে সেই কথা বিশ্বাস কৰো।”
: হয়নে? সেই অলৌকিক জগতখনত
কি কি আছে মোক এবাৰ কোৱাচোন! ছায়ামূৰ্তি নে নাকী সুৰীয়া কান্দোন-কাটোন নে বিকট অট্টহাস্য?
মানবেন্দ্ৰ, তোমাৰ বয়স দুকুৰিৰ ওপৰ হ’ল, পেছাত এজন পদাৰ্থবিজ্ঞানৰ অধ্যাপক কিন্তু তোমাৰ
গ্ৰাম্য সংস্কাৰ নগ’ল।
মানবেন্দ্ৰই মনে মনে কিছু
সময় মোৰ বিদ্ৰুপ সহ্য কৰিলে আৰু তাৰ পিছত বেছ গম্ভীৰ স্বৰেৰে ক’লে –
: বন্ধু, এইয়া মোৰ সংস্কাৰ
বুলি উপহাস নকৰিবা, ই হ’ল এটা অনুভূতি। অনেক সময়ত অনুভূতিৰে কথা বুজিব পাৰি কিন্তু
অনুভূতিক বুজাব নোৱাৰি। এদিন হয়তো সত্য কি বুজিব পাৰিবা।
হাঁহি এটা মাৰি উত্তৰ দিলো
– “ঠিক আছে, তেনে দিন যদি কেতিয়াবা আহে মই মোৰ বিদ্ৰুপ উভোতাই ল’ম।”
তৰ্ক-বিতৰ্ক বেছি আগ নবঢ়াই
এইবাৰ মানবেন্দ্ৰই সুধিলে – “তোমাৰ ককা ঢুকোৱা কিমান দিন হ’ল?”
: পাঁচ বছৰৰ ওপৰ হ’ল।
: ইয়াৰ মাজতে পৰিয়ালত কাৰোবাৰ
দূৰ্ঘটনা বা মৃত্যু ঘটিছে নেকি?
: সুদীৰ্ঘ পাঁচ বছৰত কোনো
মানুহৰ মৃত্যু নোহোৱা পৰিয়াল দেখুৱাব পাৰিবানে?
: মই কেৱল তোমালোকৰ পৰিয়ালৰ
কথা সুধিছো।
: আন পাঁচজনৰ দৰে আমাৰ পৰিয়ালতো
মৃত্যু হৈছে। ককাৰ মৃত্যুৰ তিনি বছৰৰ পাছত আমাৰ ঘৰত আৰু এটা মৃত্যু হয়। অৱশ্যে কোনো
ধৰণৰ ভৌতিক মৃত্যু নহয়, ইয়াৰ এটা স্পষ্ট কাৰণ আছিল।
: কাৰ মৃত্যু হৈছিল?
: মোৰ দেউতাৰ।
এক মিনিট সময় মোৰ মুখলৈ চাই
মানবেন্দ্ৰই সুধিলে – “কেনেকৈ?”
মই ক’বলৈ ধৰিলো – “দেউতা আছিল
এজন ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ; এটা ডাঙৰ বিদেশী কোম্পানীত কাম কৰিছিল। তিনি বছৰমান আগেয়ে
আমাৰ পেহীৰ ছোৱালী এজনীৰ বিয়া ঠিক হয়। দেউতাই বিয়াখন ঠিক কৰি আমাৰ ঘৰৰ পৰা বিয়াখন পাতিছিল।
ককাৰ অৱৰ্তমানত সকলোবোৰ দায়িত্ব দেউতাৰ গাত পৰে। বিয়াৰ দিনা সকলোবোৰ মানুহ কামত ব্যস্ত
হৈ থাকোতে দুপৰীয়া অফিচৰ পৰা দেউতালৈ ফোন এটা আহে। অফিচৰ কৰবাত কিবা ইলেকট্ৰিকেল লাইন
বেয়া হ’ল। সোনকালে ঠিক নকৰিলে কোম্পানীৰ সাংঘাতিক লোকচান হ’ব। ছুটিত আছিল যদিও কাম
চুপাৰভাইজ কৰিবলৈ দেউতা ততালিকে অফিচলৈ যাব লগা হ’ল। যোৱাৰ আগেয়ে কৈ গ’ল – “মই যাম
আৰু আহিম, খুব বেছি ২-৩ ঘণ্টামান লাগিব। দৰা আহি পোৱাৰ আগতে পামহি।” দেউতা গ’ল যি গ’লেই,
উভতাৰ নাম নাই। এনেয়ো দেউতা আছিল কাম বুলিলে পগলা লোক । দুপৰীয়া গৈ আবেলি আৰু আবেলি
পাৰ হৈ সাঁজ লাগিল। ইতিমধ্যে দৰা বিয়া ঘৰত উপস্থিত হৈছে। আমি সকলোবোৰ চিন্তিত হৈ দেউতাৰ
বাবে ৰৈ আছো। অন্ধকাৰ হোৱাৰ পাছত কাৰখানাৰ পৰা আমালৈ এটা ফোন আহিল যে দেউতা চিৰিয়াচ
হৈ হাস্পতালত। অন্যমনস্ক হৈ এডাল হাই ভলটেজ লাইন স্পৰ্শ কৰে। হাস্পতালৰ পৰা দেউতা ঘৰলৈ
উভতি নাহিল।”
মানবেন্দ্ৰই একপ্ৰকাৰ চিঞৰিয়েই
মোক সুধিলে – “ঘড়ীটো সেই সময়ত চলি আছিল নে?”
উত্তৰ দিলো – “ওহো, এদিন আগেয়ে
বন্ধ হৈ গৈছিল।”
কিছু সময় আমি কথা নাপাতি মনে
মনে ৰ’লো। বাহিৰত শীতৰ প্ৰচণ্ড চেঁচা বতাহ, দুৱাৰ-খিৰিকী কঁপাই গৈছে। ঘৰৰ ভিতৰৰ মৌনতাও
যেন ক্ৰমশঃ গধূৰ হৈ পৰিছে। মানবেন্দ্ৰই এইবাৰ চ’ফাৰ পৰা উঠি কোঠাটোত পায়চাৰি কৰিব ধৰিলে।
এবাৰ হঠাতে ৰৈ মোলৈ চাই ক’লে – “বন্ধু, ঘড়ীটো আৰু নাৰাখিবা, পেলাই দিয়া।”
মই উত্তৰ দিলো – “কিয়? ঘড়ীৰ
কি দোষ?”
: তুমি এতিয়াও বুজা নাই? ঠিক
আছে, নালাগে বুজিব। গঙ্গাখন ইয়াৰ পৰা বেছি দূৰৈত নহয়। দিয়া, ঘড়ীটো মইয়েই নদীত বিসৰ্জন
দি আহোঁ।
মানবেন্দ্ৰ এইবাৰ সঁচাকৈ উত্তেজিত
হৈ পৰিল। মই ক’লো – “পগলামি নকৰিবা। ঘড়ীটো মোৰ ককাদেউতাৰ স্মৃতি, পেলাই দিলে তেওঁক
অপমান কৰা হ’ব।”
মানবেন্দ্ৰই এইবাৰ উন্মাদৰ
দৰে মোক বুজাবলৈ ধৰিলে – “বন্ধু!এতিয়াও সময় আছে, ঘড়ীটো ঘৰৰ পৰা আঁতৰাই পেলোৱা; নহ’লে
তোমাৰ আৰু বিপদ হ’ব। ভূত-প্ৰেত, দুষ্ট আত্মা এইবোৰৰ কথা সহজভাৱে নল’বা, সিহঁত সঁচাকৈয়ে
আছে।”
মোৰ মনটো কঠিন হৈ পৰিল আৰু
লগতে কথা কোৱাৰ সুৰো – “মানবেন্দ্ৰ, ৰ’বা, মোক জোৰ নকৰিবা! তুমি তোমাৰ পুৰণা সংস্কাৰবোৰ
লৈ থাকা। আমি হ’লো নাস্তিকৰ বংশ; কোনো কাৰণতেই ভূত-প্ৰেত এইবোৰত বিশ্বাস নক’ৰো, নক’ৰো,
নক’ৰো!” মানবেন্দ্ৰ শান্ত হৈ পৰিল।
শ্বলখন গাত এবাৰ ভালকৈ মেৰুৱাই
লৈ মানবেন্দ্ৰই নিজৰ হাত ঘড়ীটোলৈ এবাৰ চালে। তাৰ পিছত ক্ষুব্ধ কণ্ঠেৰে মাত দিলে –
“ঠিক আছে, তুমি তোমাৰ জেদতেই থাকা। ৰাতি দহ বাজিল, মই এতিয়া যাওঁ।”
মানবেন্দ্ৰ গ’লগৈ। মই এবাৰ
দেৱাল ঘড়ীটোৰ পিনে চাই উচপ খাই উঠিলো। মানবেন্দ্ৰৰ হাত ঘড়ীত ৰাতি দহ বাজিছে অথচ দেৱালৰ
ঘড়ীত ৰাতি ন বাজি পোন্ধৰ মিনিটহে গৈছে। ভালকৈ চাই দেখো ঘড়ীৰ পেণ্ডুলামৰ দোলন বন্ধ
হৈ গৈছে। মৰা শগুণৰ হাড়েৰে নিৰ্মিত ৰক্তচক্ষু ড্ৰেগনৰ মুণ্ড স্থবিৰ হৈ পৰিছে।
দেউতাৰ মৃত্যুৰ তিনি বছৰৰ
পিছত ঘড়ীটো আকৌ বন্ধ হ’ল অথচ আজি ৰাতিপুৱাই ঘড়ীটোত চাবি দিয়া হৈছিল। ঘড়ীটোৰ পিনে
চাওতে এটা অদ্ভূত শিহৰণ গাৰ মাজেৰে পাৰ হৈ গ’ল। নাস্তিক বংশৰ ল’ৰা যদিও এই মুহূৰ্তত
মোৰ মনৰ জোৰ কমি আহিছে নেকি? খিৰিকীৰ আইনাৰ ফালে এবাৰ চাই পঠিয়ালো। ভাব হ’ল সেই চীনা
বুঢ়ী চানৰ দৰে কুটকুৰা চুলিৰ কোনোবা এগৰাকী খিৰিকীৰ পিছফালে যেন লুকাই আছে, শৰীৰত
কুঁৱলিৰ জাপ জাপ কম্বল। সেই প্ৰতিমূৰ্তিৰ পিছফালে কুঁৱলিৰ ঘন আচ্ছাদানত আৰু অনেক অশৰীৰী
ছায়া!
নিশা অগ্ৰসৰ হোৱাৰ লগে লগে
শীতৰ প্ৰকোপ আৰু দুৰ্দান্ত হৈ উঠিছে। ঘৰত অকলে বহি মই এতিয়া শুনিবলৈ পাইছো এটা শীতাৰ্ত
নিশাৰ কৰুণ আৰু অবুজ বিলাপ। ঘড়ীটো আকৌ এবাৰ বন্ধ হৈ পৰিল!
ককাদেউতা গ’ল, দেউতা গ’ল,
এইবাৰ বা কাৰ পাল?...... (সমাপ্ত)
0 Comments