মৃত্যুৱে ক'লে
মূল:কুঁৱৰ নাৰায়ণ
অনুবাদ:ৰুবুল দাস
টেলিফোনৰ বে'ল বাজিল
মই ক'লোঁ ---মই
নাই
আৰু শুই থাকিলোঁ বাগৰ সলাই |
.
দুৱাৰৰ বে'ল বাজিল
মই ক'লোঁ ---মই
নাই
আৰু শুই থাকিলোঁ বাগৰ সলাই |
.
'এলাৰ্ম ঘড়ী'ৰ বে'ল বাজিল
মই ক'লোঁ ---মই
নাই
আৰু শুই থাকিলোঁ বাগৰ সলাই |
.
এদিনাখন
মৃত্যুৰ বে'ল বাজিল
খকমককৈ উঠি বহিলোঁ ---
মই আছোঁ... মই আছোঁ... মই আছোঁ
.
মৃত্যুৱে ক'লে ---
শুই থাকা বাগৰ সলাই |
.
কুঁৱৰ নাৰায়ণ :(১৯২৭ -২০১৭)
কুঁৱৰ নাৰায়ণ হিন্দী আধুনিক কাব্য জগতৰ এগৰাকী প্ৰতিষ্ঠিত কবি |তেওঁৰ জন্ম উত্তৰ প্ৰদেশত |লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এইগৰাকী মহান কবিয়ে 'चक्रव्यूह', 'तीसरा सप्तक', 'कोई दूसरा नहीं' আদি কৰি কেইবাখনো কাব্যগ্ৰন্থ হিন্দী ভাষাত ৰচনা কৰি একধৰণৰ আলোড়ন সৃষ্টি কৰিছিল|
১৯৯৫ চনত তেওঁৰ 'कोई दूसरा नहीं ' কাব্যগ্ৰন্থখনৰ বাবে তেওঁক ' সাহিত্য অকাডেমী ' বঁটাৰে সন্মানিত কৰা হয় | ২০০৫ চনত জ্ঞানপীঠ আৰু ২০০৯ চনত পদ্মভূষণ সন্মানেৰেও বিভূষিত হয় |]
0 Comments