মুচিক : এক প্ৰেম কথা
মূল (উড়িয়া) : শশাংক প্ৰিয়সখা
অনূবাদ: নৱকুমাৰ মিশ্ৰ
আটাইয়ে নিদ্ৰামগ্ন হোৱাৰ পিছত নিস্তব্ধতাই আৱৰি ৰখা গভীৰ নিশাবোৰত উজাগৰে
থাকি আমি কবি-লেখকসকলে চিত্ৰকল্প, প্ৰতীক, ৰূপক, প্ৰতিচ্ছবি আদি বিচাৰি ফুৰোঁ। নিশা
উজাগৰে কটাই এই বিচাৰি ফুৰা অভ্যাসটোৰ বাবে মই গেংটকত থকা সময়চোৱাত কেবাবাৰো সমস্যাত
পৰিবলগীয়া হৈছিলোঁ। সেই শীতপ্ৰধান পাহাৰীয়া জনবসতিপূৰ্ণ এলেকাত স্ত্ৰী-পুৰুষ নিৰ্বিশেষে
সৰহভাগ লোকে নিচাযুক্ত পানীয় সেৱন কৰে। অধিকাংশই নিশাৰ প্ৰথম প্ৰহৰতে বিছনাত শুই পৰে
আৰু গভীৰ টোপনিত লালকাল দিয়ে। ঠিক তেতিয়াই আৰম্ভ হয় মোৰ উজাগৰী যাত্ৰা। এবাৰ এনে এক
গভীৰ নিশা শুনিবলৈ পাইছিলোঁ পাৰ চৰাইৰ দীঘলীয়া ৰুণ। কিন্তু মই জানিছিলোঁ, তাত পাৰ চৰাই
মুঠেও নাছিল। এবাৰ নহয়, দুবাৰ নহয় একেৰাহে কিছুসময়লৈ হৈছিল সেই শব্দ। পিছত অৱশ্যে গম
পাইছিলোঁ, মোৰ ভাড়াঘৰটোৰ মালিকৰ শাহুগৰাকীয়ে বৃদ্ধাৱস্থাৰ বাবে অতিপাত শীত সহ্য কৰিব
নোৱাৰি এনে শব্দৰ সৃষ্টি কৰিছিল।
সেই ভয় মনৰপৰা আঁতৰাৰ আগতেই আৰু এদিন মাজৰাতি শুনিবলৈ পালোঁ এক বিকট শব্দ। সেই নিশাটো আজিলৈকে মোৰ জীৱনৰ আটাইতকৈ ভয়ংকৰ নিশা
আছিল।
বাহিৰত পোহৰ জ্বলি আছিল। সেই বিকট শব্দটো মোৰ ঘৰৰ ফালে ক্ৰমশঃ আগুৱাই আহিছিল
আৰু কিহবাই মোৰ ঘৰৰ দুৱাৰত টুকুৰিয়াবলৈ আৰম্ভ কৰা যেন লাগিছিল। প্ৰচণ্ড শীতৰ সেই নিশাতো
মোৰ শৰীৰৰপৰা ঘাম বৈছিল । মই ঘৰৰ ভিতৰত জ্বলি থকা লাইট নুমাই দিছিলোঁ। ক্ৰমশ: শব্দটো
আঁতৰলৈ যোৱা যেন অনুমান কৰি সাহস গোটাই পৰ্দাখন আঁতৰাই কাঁচৰ খিৰিকীৰে বাহিৰলৈ চাই
দেখিলোঁ- এটা ভূত। গোটেই দেহত ক'লা-বগা দাগ। লগে লগে বিভিন্ন ধৰণৰ দুশ্চিন্তাই মোক
অৱশ কৰি পেলালে। উপায় নাপাই ঘটনাটো মনৰ পৰা আঁতৰাবৰ বাবে টিভিৰ পৰ্দাত মনোনিৱেশ কৰিবলৈ
চেষ্টা কৰিলোঁ আৰু ৰিমোটটোৰে টিভিৰ চেনেল সলনি কৰিব ধৰোঁতেই এটা হৰৰ দৃশ্য মোৰ চকুৰ
সন্মুখত উদ্ভাসিত হ'বলৈ আৰম্ভ কৰিলে। মই টিভিৰ ভলিউমটো বঢ়াই দি কম্বলৰ তলত মুখ গুজি
শুই পৰিলোঁ।
পিছদিনা কথাটো মই অফিচত আটাইৰে
সন্মুখত উলিয়ালোঁ। মোৰ কথা শুনি আমাৰ অফিচৰ পিয়ন টাচি ভূটিয়াই যেন হাঁহি হাঁহি বাগৰিহে
পৰিব! ভূতৰ
হাঁহিৰ দৰেই আছিল দাঁত নিকটাই হঁহা
তাৰ সেই হাঁহি। আগদিনা ৰাতি বিকট শব্দ কৰি অহা ভূতটো আচলতে হেনো এজন তান্ত্ৰিকহে। সিহঁতে
শৰীৰটো অতি বিকৃতভাৱে সজাই, দেহত ৰং সানি, এখন হাতত মৃত ম'হৰ লাওখোলা আৰু আনখন হাতত
ম'হৰ শিং লৈ মুখেৰে শিঙা বজাই বিকট শব্দ সৃষ্টি কৰি গভীৰ নিশা হেনো এনেদৰে ভূত খেদে।
মই মনে মনে সেই তান্ত্ৰিকজনক উদ্দেশ্যি 'চালা', 'গাহৰি' আদি কেইটামান গালি
নিক্ষেপ কৰিলোঁ আৰু বিৰক্ত হোৱাৰ দৰে
সুধিলোঁ- "সেই ভূত খেদাৰ ঠিকাটো তাক কোনে দিলে?"
তাচি ভূটিয়াই ক'লে- "এই পাহাৰত এনেধৰণৰ বহু তান্ত্ৰিক আছে। ভূত খেদাটো
তেওঁলোকৰ এক নৈতিক দায়িত্ব বুলি তেওঁলোকে ভাৱে। ৰাতি যিঘৰত পোহৰ জ্বলি থাকে, সেই ঘৰতে
ভূত থাকে বুলি তেওঁলোকে বিশ্বাস কৰে।"
ইমানতে মোৰ ৰাতি উজাগৰে থাকি প্ৰতিবিম্ব, চিত্ৰকল্প আদিৰ সন্ধানত যতি পৰিল।
মোৰ লেখিবলগীয়া কথাখিনি এতিয়া নিতৌ দিনৰ ভাগতে সৰল ভাষাৰে, পোনপটীয়াকৈ লেখিবলৈ ললোঁ
আৰু পাহাৰৰ অধিবাসীসকলৰ দৰে সাজ লগাৰ পাছতে শুবলৈ আৰম্ভ কৰিলোঁ।
এনেতে এদিন কাৰোবাৰ পদধ্বনি শুনিবলৈ পালোঁ। মোৰ টিভিৰ কেৱলৰ তাঁৰডাল হালি
পৰে, টেলিফোনৰ তাঁৰডাল ডুলি থাকে। টেবুলৰ ওপৰত হঠাৎ কিবা এটা সৰি পৰাৰ শব্দ হয়। মই
ভয়তে বেড চুইচটো অন কৰোঁ। দেখোঁ- নিগনি!, চালা, চুটিয়া নিগনি!!
এই গল্পটো পঢ়ি এতিয়ালৈকে প্ৰতিবিম্ব আৰু চিত্ৰকল্পৰ পিছত লাগি থকা আমাৰ
ভাষা-সাহিত্যৰ আলোচক, সমালোচক আৰু বিশাৰদসকলে
নিগনি এবিধ অমুক, নিগনি এবিধ তমুক, নিগনি এবিধ হেন, নিগনি এবিধ তেন ইত্যাদি পৰস্পৰ
বিৰোধী মন্তব্য দিবলৈ হয়তো আৰম্ভ কৰিব। মই কিন্তু কৈ থৈছোঁ, নিগনি এবিধ প্ৰতিবিম্ব বা তেনেধৰণৰ
একো নহয়। মই চিধা ভাষাত লেখোঁ। মই নিগনিক নিগনি বুলিয়েই লিখিছোঁ। তথাপি ফপজহী প্ৰজাতিৰ একাংশ বিশাৰদে মোৰ কথাক গ্ৰাহ্য
নকৰি নিগনিক প্ৰেম বা কাম কিম্বা অহংকাৰ- কিবা নহয় কিহবাৰ স'তে জড়িত কৰিব বুলি মোৰ
ধাৰণা। তেওঁলোকৰ প্ৰতি আগতীয়াকৈ মোৰ এক মিনিটৰ মৌন প্ৰাৰ্থনা।
কিন্তু এই গল্প সম্পূৰ্ণ পঢ়ি অঁতাই কোনো কোনো পাঠকে নিশ্চয় এই কথা ক'ব
- আৰে বাবা, নিগনিয়ে তোমাক যদি
ইমানেই জ্বলালে, তেন্তে খাদ্যবস্তুত বিষ দি তাৰ নিধনৰ ব্যৱস্থা নকৰা কিয়?
হৰি ৰাম! হৰি ৰাম! কি ক'লা প্ৰভু? আমি হ'লোঁ লেখক! কবি! পৃথিৱীৰ আটাইতকৈ
অধিক সংবেদনশীল প্ৰাণী! আমি
কেনেকৈ বিষ দিব পাৰিম? অৱশ্যে হয়, কাঠখৰিৰে টঙনিয়াই তাৰ মূৰটো দুফাল কৰাটো
অৱশ্যে সুকীয়া কথা!
নিগনিটোৱে টিভি কেৱলৰ তাঁৰডালৰ ওপৰত বহি মোলৈ ৰ' লাগি চাই আছিল। পিছফালৰ
ভৰি দুখনেৰে বহি, সন্মুখৰ
দুখনেৰে হাতযোৰ কৰি সি যেন মোক প্ৰথম লগ পোৱাৰ দৰে নমস্কাৰহে কৰিছিল! কেৱলৰ
তাঁৰডালৰ ভিতৰেৰে টিভিলৈ অহা 'টম-জেৰী' চিৰিয়েলৰ
টমে হয়তো টিভিৰ ভিতৰত জেৰীক বিচাৰি আছে আৰু এইফালে জেৰীয়ে টিভিলৈ নাহি প্ৰতাৰণা কৰি
আদবাটতে তাঁৰডাল কাটি দি কেৱলৰ তাঁৰডালৰ ভিতৰৰপৰা বাহিৰলৈ ওলাই দাঁত নিকটাই হাঁহি আছে।
আৰু মই যাতে টমক এই কথা নজনাওঁ, সেইবাবে তাৰ সেই নমস্কাৰ। তাৰ পাছত বোধকৰোঁ
নিজকে আকৃতিত সৰু কৰি
আনকি সুতা এডালৰ মাজেৰে সোমাই যাব পৰাকৈ সৰু কৰি টমে কেৱলৰ তাঁৰডালৰে সোমাই
গৈছে আৰু দুষ্ট জেৰীয়ে জাপ মাৰিছে টেলিফোনৰ
তাঁৰডালৰ ওপৰত। আহা:! এনেকুৱাতো নহয়- যে টমে টিভিৰ ভিতৰলৈ সোমাই গৈছে আৰু মই টিভিৰ
চুইচ অফ কৰি দিছোঁ? জানোচা অন্ধকুপৰ ভিতৰত বেচেৰা টমৰ নগুৰনাকটি হৈছে? মই উঠি গৈ যেতিয়া টিভিৰ চুইচটো অন কৰিলোঁ, জেৰী আৰু নাই। মই শুই পৰিলোঁ।
মই সপোনত দেখিলোঁ, সেই নিগনিটোৰ সৈতে মই কৈলাশ পৰ্বতলৈ গৈছোঁ। সম্পূৰ্ণ
বৰফাবৃত সেই পাহাৰ। বৰফৰ
ওপৰত স্কেটিং কৰিছে সেই নিগনিটোৱে। শিৱ, পাৰ্বতী, গণেশ আৰু তেওঁলোকৰ সহযোগীসকলে
সেই দৃশ্য প্ৰাণভৰি উপভোগ কৰিছে আৰু টমেও সেই ঠাই গৈ ওলাইছেগৈ। তেনেতে মোৰ টোপনি ভাঙি
গ'ল। চকু দুটা দুহাতেৰে মোহাৰি মোহাৰি মই বাহিৰলৈ ওলালোঁ। পুৱাৰ সূৰ্যৰ সোণালী আভাৰ
পৰশত এক পাহাৰী কন্যাৰ হাঁহিৰ দৰে অপূৰ্ব দেখা গৈছিল গেংটক চহৰখন। কাঞ্চনজংঘা গিৰিশৃংগই
ইতিমধ্যে সূৰ্যস্নান কৰি উঠিছিল। মেঘাচ্ছন্ন দিনকেইটাক বাদ দি এনে দৃশ্য বেলকনিৰ পৰা
মই প্ৰায়ে উপভোগ কৰোঁ।
মাজে মাজে মোৰ এনে লাগে যেন মই কাঞ্চনজংঘাৰ শৃংগত গৈ উপস্থিত হৈছোঁ। তাত
মই অকলশৰীয়া। সেয়ে তাত
কোনো প্ৰতিদ্বন্দ্বিতা নাই। আপেক্ষিকতাবাদো নাই। সুখ-দুখ আটাইকে একাকাৰ
কৰি বিধাতাই তাত বৰফৰ শুকুলা বিচনা পাৰি থৈছে আৰু মোক যেন কৈছে- আহা বাপু, ধ্যানত প্ৰৱিষ্ট
হোৱা।
সিদিনা অফিচৰপৰা উভতি আহোতে পলম হৈছিল। অধিকাংশ লোকৰ ঘৰৰ বিজুলী চাকিসমূহ
ইতিমধ্যে নুমাই গৈছিল। মোৰ ঘৰৰ দুৱাৰ খোলাৰ সময়ত এটা শব্দ শুনিবলৈ পালোঁ। মই লাইটৰ
চুইচ অন কৰিলোঁ। টিভিৰ চুইচটো দি দিলোঁ। টিভিৰ পৰ্দাত কিন্তু একো নাহিল। দুই-চাৰিটা
চাপৰ মাৰি চালোঁ। গাঁৱতো আমাৰ এনে টিভি এটা আছিল, যিটো চাপৰ মাৰিলেহে চলে। কিন্তু মোৰ
এই টিভিটোৰ পৰা কোনো মাত নোলাল। ভালকৈ চাই গম পালোঁ, কেৱলৰ তাঁৰডাল ইতিমধ্যে নিগনিটোৱে
কুটিলেই।
আগৰ দিনা এই নিগনিটোক যি সংৱেদনশীল দৃষ্টিৰে চাইছিলোঁ, সি ইতিমধ্যে মোৰ
মনত অসন্তুষ্টিত পৰিণত হৈছিল।
মই পকেটৰপৰা মোবাইলটো উলিয়াই থোৱাৰ লগে লগে তৎক্ষণাত নিগনিটোৰ আবিৰ্ভাৱ
হ'ল আৰু মুহূৰ্ততে বিচনাৰ
তলত ই অন্তৰ্ধানো হ'ল। মই দেখিলোঁ, ই ইতিমধ্যে মোৰ ডায়েৰীখনৰ এটা কোণ কুটিলেই।
ৰাতি অনিদ্ৰাত ভুগি, যন্ত্ৰণাত চটফট কৰি মই যি লিখিছোঁ, তাক যদি কোনোবাই নষ্ট কৰে,
মই কেনেকৈ সহ্য কৰোঁ? মোৰ ৰাগ পঞ্চমত চৰিল।
মই মাৰি এডাল হাতত তুলি ললোঁ। বিচনাৰ তলত মাৰিচালনা কৰিলোঁ, কিন্তু নিগনিটো
নোলাল। বিচনাখনকে টানি
আনিলোঁ। এটা কোণত নীৰৱে বহি আছে নিগনিটো। মই এটা ব্ৰহ্মমাৰ সোধালোঁ। নিগনিটো
পলাই সাৰিল কিন্তু মাৰিডালহে
ভাঙি থাকিল। এইবাৰ সি টেবুলৰ ওপৰত থকা টিভিটোৰ কাষতে ক'ৰবাত লুকাল। মোৰ
হাতত তেতিয়া আছিল কাপোৰ
ওলোমাই থোৱা এপাত হেংগাৰ। সেই পাতকে নিগনিটোলৈ ফৰ্মুটিয়াই পঠিয়ালোঁ। হেংগাৰপাত
তলত পৰি ভাঙিল আৰু নিগনিটো ক'ৰবাত লুকাল। পাছে ময়ো এৰি দিয়া ভকত নহয়। সোঁ হাতেৰে জাৰুপাত
লৈ আক্ৰমণৰ বাবে মই প্ৰস্তুত হৈছিলোঁ আৰু গেছ চিলিণ্ডাৰটো টানি আনিছিলোঁ। জাৰুৰ কোবটো
এইবাৰ নিগনিৰ ওপৰত পৰিল ঠিকেই, কিন্তু এইবাৰো সি নিমিষতে পলাল।
ধেৎতেৰি, মহা সমস্যাত পৰিলোঁ দেই। কি আজব শব্দৰ নগৰীত আহি পৰিলোঁ! পুনৰ
দুৱাৰত মৃদু কৰাঘাত, কাহিলিপুৱাতে ফুল তোলাৰ অচিলাৰে আহি কোনো প্ৰেমিকাই যেনেদৰে দুৱাৰত
টুকুৰিয়ায় সন্তৰ্পনে.... ঠিক তেনেকুৱা শব্দ। মই প্ৰথমে বাহিৰৰ লাইটটো জ্বলাই দিলোঁ
আৰু তাৰ পিছত দুৱাৰখন খুলিলোঁ।
"ভৈয়া, মাই কৈছে, তলত পেচেণ্ট আছে, সেয়ে বেছি শব্দ নকৰিব, অসুবিধা
হৈছে..."
তাই ঘৰৰ মালিকনীৰ জীয়েক। বেছি নেপালী, কম হিন্দীৰে হাঁহি হাঁহি তাই কথাখিনি
কৈছিল। পাহাৰৰ শীতকো তুচ্ছজ্ঞান কৰি তাই পিন্ধিছিল এটা হাফপেণ্ট আৰু এটা হাতকটা গেঞ্জী।
মই ক'লোঁ, "নিগনিয়ে মোৰ কেৱলৰ তাঁৰডাল কুটিলে। কিতাপ কুটিলে, ডায়েৰীৰ
পাত কুটিলে। কাইলৈ সি মোৰ
বিচনা-পত্ৰ কুটিব, তাৰ পিছত তোমালোকৰ বিল্ডিংটো... । তাকে নিধন কৰাৰ চেষ্টা
কৰিছিলোঁ...।"
সেই মুহূৰ্ততে নিগনিটো কৰবাৰ পৰা দৌৰি আহি তাইৰ আৰু মোৰ ভৰিৰ ওপৰেৰে বগাই
নিৰুদ্দেশ হৈ গ'ল। অগত্যা ছোৱালীজনী মোৰ ৰুমটোৰ ভিতৰলৈ সোমাই আহিল। পিছে পিছে ময়ো।
আমি দুয়ো নিগিনটোলৈ চোপ ললোঁ। মোৰ হাতত চেণ্ডেল এপাট। পাকঘৰৰপৰা তাই এমুঠা চজিনা হাতত তুলি ল'লে। ভীতিগ্ৰস্ত হৈ নিগনি
পোৱালিটো এইবাৰ বহিছেহি মোৰ
গেছ ষ্টোভটোৰ তলত। তাই ষ্টোভটো অলপ টানি আনি দিলে এক মস্ত প্ৰহাৰ। চজিনাৰ
মুঠিটো ছিন্ন-ভিন্ন হ'ল, গেছ
ষ্টোভটো তললৈ সৰি পৰি ভাঙি থাকিল। নিগনি এইবাৰো পলাল। এইবাৰ বেডৰুম। মই
এইবাৰ জাৰুপাত ওলোটাকৈ লৈছোঁ, তাইৰ হাতত এটা পানীৰ বটল। আমি দুয়ো এইবাৰ মুখামুখিকৈ
বহি লৈছোঁ। যেন আমি কিবা এবিধ খেলৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু যেনিবা যিজনে নিগনিটো
মাৰিব পাৰিব, সিয়েই প্ৰথম হ'ব। কিন্তু নহ'ল। এইবাৰো পানীবটলটো গ'ল। নিগনিটো পুনৰ পাকঘৰত
সোমাল। এইবাৰ তাই মোক বুজালে- তাই এনেখন কৰিব, মই তেনেখন কৰিব লাগিব, এইবাৰ
আৰু নিগনিৰ ৰক্ষা নাই। জাৰুপাত এতিয়াও মোৰ হাতত, তাইৰ হাতত মিচ মেৰী প্ৰেচাৰ
কুকাৰত ঢাকনিখন। অতি
সন্তৰ্পনেৰে তাই বহি ৰ'ল এক চিকাৰী বাঘিনীৰ দৰে- চিকাৰৰ অপেক্ষাত। মুখেৰে
কথা নকৈ তাই মোক চকুৰে নিৰ্দেশ দিছে সেনাবাহিনীৰ কামাণ্ডাৰৰ দৰে, পজিচন লোৱা... ৰেডি
হৈ থকা... ফায়াৰ....।
সঁচা কথা কবলৈ গ'লে এই নিগৰি মৰাৰ মিচনটো পিছলৈ মোৰ বাবে মাথো এক অজুহাততহে
পৰিণত হৈছিল। মোৰ বাবে
ই হৈ পৰিছিল পাহাৰী কন্যাৰ ৰূপসুধা পান কৰা মিচনহে! কিন্তু মোৰ যিমানদূৰ
অনুমান, সেই পাহাৰী কন্যাৰ মিচন কিন্তু
নিগনি বধনেই আছিল আৰু মিচন সফল কৰিবৰ বাবে তাইৰ প্ৰচেষ্টাও আছিল সন্দেহাতীত।
তাইৰ অতি টেকনিকেল ভাষা বুজিবলৈ মোৰ পাৰদৰ্শিতাৰ অভাৱৰ বাবে আমাৰ দুয়োৰে মাজত এক শক্তিশালী
মুখামুখি খুন্দা লগা স্বত্বেও তাই পূৰ্বৰ দৰে অবিচলিত আছিল আৰু নিগনিটোও পূৰ্তবৎ সেই
ঠাইতেই অৱস্থান কৰিছিল। তাৰ পিছতো তাই বাওঁহাতত পুনৰ আন এমুঠি চজিনা আৰু সোঁহাতত মিচ
মেৰী প্ৰেচাৰ কুকাৰৰ ঢাকনিখন লৈ 'অব আয়া চুহা
জমীন পৰ' বুলি পুনৰ এক প্ৰহাৰ কৰিলে।
হাৰামী নিগনিটো এইবাৰো ক'ৰবাত উধাও হ'ল। জেৰীৰ ভূমিকাত তাৰ অভিনয়ে আপোনাক
বিমোহিত কৰিব। আপুনি, মই আৰু সেই পাহাৰী কন্যা - আমি মাথো একো একোজন দৰ্শক।
মই ক'লোঁ- "মোৰ মিচ মেৰী যে টপলেচ হৈ গ'ল!"
তাই তৎক্ষণাত নিজৰ শৰীৰটোৰ প্ৰতি নজৰ দিলে।
মই ক'লোঁ, "নাই নাই, মই মিচ মেৰী প্ৰেচাৰ কুকাৰটোৰ কথাহে কৈছোঁ। ঢাকনিখনটো
ভাঙি গ'ল, এতিয়া ভাত খাম কেনেকৈ?"
ভৈয়া, তুমি আজি এতিয়ালৈ খোৱা নাই নেকি?"
"নাই।"
"মোৰ ভাতসাজ টেবুলৰ ওপৰতে আছে। মই পঢ়ি উঠিহে খাওঁ। আৰু অলপ পাছত আমাৰ
ঘৰৰ আটায়ে বিচনাত শুই পৰিব। মই ভাতসাজ ইয়ালৈ লৈ আহিম আৰু দুয়ো ভগাই খাম। দুৱাৰখন খোলা
ৰাখিবা।"
এনেদৰে কৈ তাই গুচি গ'ল। মই তাইৰ পিছফালে চাই স্বগোতক্তি কৰিলোঁ-
"হে দেৱী, আজি তুমি মোৰ ঘৰত যি তাণ্ডৱ
চলালা, কেৱল তুমি নাৰী আৰু সুন্দৰী হোৱা বাবে তোমাৰ ওপৰত খং কৰিব নোৱাৰিলোঁ।"
যথাসম্ভৱ চেষ্টা কৰি ঘৰটো পুনৰ সজাই ললোঁ। তাই পুনৰ আহি উপস্থিত হ'ল। ভাত,
দাইল, ইচকচৰ তৰকাৰী আৰু
জলকীয়াৰ চাটনি। তাই এখন থালত অলপমান ভাত লৈ তাৰ ওপৰতে দাইল-তৰকাৰী লৈ চামুচ
এখনেৰে থিয়ৈ থিয়ৈ খাবলৈ আৰম্ভ কৰিলে। মই খাদ্যৰ সোৱাদৰ প্ৰশংসা কৰিলোঁ।
"তুমি বাৰু নিগনিটোক দেখিলে ইমান এগ্ৰেচিভ হৈ পৰা কিয়?" -মই সুধিলোঁ।
"এই নিগনিয়ে মোৰ কেৰিয়াৰ বৰবাদ কৰি দিছে। দুবছৰ আগৰেপৰা মই 'মিচ টিন
নৰ্থ-ইষ্ট' কনটেষ্টত ভাগ লৈছিলোঁ।
প্ৰথম ৰাউণ্ডতে মই টপ হৈছিলোঁ। চুইম চ্যুট ৰাউণ্ডৰ পোচাক পিন্ধিবৰ সময়ত
বেগ খুলি দেখিলোঁ, বেগৰ ভিতৰৰ মোৰ
পোচাকজোৰ নিগনিয়ে কুটি পেলাইছে। উপায়হীন হৈ মই কণ্টেষ্টৰ পৰা আঁতৰি আহিলোঁ।"
"চুইম চ্যুট ৰাউণ্ডতো তুমি টপ হ'লাহেঁতেন।"
মই নিলাজৰ দৰে তাইক সেই সান্ত্বনাটো দিলোঁ, অৱশ্যে সচেতন ভাৱেৰেই।
শুভৰাত্ৰিৰ অভিবাদন জনাই তাই গুচি গ'ল। মোৰ কিয় জানো ৰাতিটো টোপনি নাহিল।
প্ৰেম নামৰ বস্তুবিধ ইমান সস্তীয়া নহয়, অন্ততঃ মোৰ বাবে। সেই পাহাৰী কন্যাৰ
স'তে মই মুখামুখি খুন্দা খালোঁ বুলিয়েই
যে মোৰ স'তে তাইৰ প্ৰেম হৈ যাব বা বেচ কিছু সময় ধৰি তাইৰ দেহৰ সুষমা মই
উপভোগ কৰিলোঁ বুলিয়েই যে প্ৰেম হৈ গ'ল, ঘটনাটো মুঠেও তেনে ধৰণৰ নহয়।
বৰং গোটেই ৰাতি মই শুনিবলৈ পাইছিলোঁ নিগনিয়ে কিবা কুটি থকাৰ শব্দ। দেৱাল
ঘড়ীৰ বেটাৰী খুলি দিয়াৰ পাছতো মই শব্দৰপৰা পৰিত্ৰাণ পোৱা নাছিলোঁ। হাতঘড়ীৰ চেকেণ্ডৰ
কাটাডালৰ শব্দও ইমান কৰ্কশ হ'ব পাৰে! ইমান নীৰৱতা? শব্দইহে মাথো জুখিব পাৰে এই নীৰৱতাক।
মই হাতঘড়ীৰ চলনো বন্ধ কৰি দিলোঁ। কিন্তু তাৰ পিছতো নিগনিয়ে কুটি থকাৰ শব্দটো মোৰ হৃদয়তন্ত্ৰীত
তেতিয়াও বাজি থাকিল। সেই শব্দ বন্ধ কৰাৰ ক্ষমতা মোৰ হাতত নাছিল।
পুৱা শুই উঠাৰ পৰত কাঞ্চনজংঘাৰ বুকুত এবুকু বৰফ। সেই শুভ্ৰ গিৰিশৃংগৰ স্ৰষ্টা
বিধাতাই যেন মোক কৈছিল- "হেৰ,
তই এতিয়া ইয়াত ধ্যানত বহিবৰহে কথা।"
"হে বিধাতা, তুমি মোৰ বাবে তাত শুভ্ৰ চাদৰ পাৰি দিছা আৰু ইফালে অপ্সৰাজনীক
পঠিয়াই দিছা? মই ধ্যানত বহাৰ আগতেই তুমি মোক লক্ষ্যভ্ৰষ্ট কৰোৱাইছা। তোমাৰ এয়া কি লীলা
প্ৰভু?"
দেখিলোঁ, এচপৰা পাহাৰীয়া মেঘে মোৰ গাত খুন্দা খাই আকাশৰ ওপৰলৈ উঠি গ'ল আৰু
তাৰ পাছতে ই নিগনিৰ ৰূপ
পৰিগ্ৰহ কৰি কাঞ্চনজংঘাৰ ফালে ধাৱমান হ'ল। সঁচাকৈয়ে যেন দেৱাদিদেৱ মহাদেৱ
কৈলাশাধিপতি ভোলানাথে নিগনিটোক মেঘৰ বেশেৰে কৈলাশ পৰ্বতৰপৰা কাঞ্চনজংঘালৈ পঠিয়াইছে
ৰিপোৰ্ট দিবৰ বাবে যে সেই ঠাইৰ বতৰটো ভাঙৰ খেতিৰ বাবে উপযুক্ত হয়নে নহয়।
এনে অবান্তৰ কথাবোৰ সময়ে সময়ে মোৰ মনলৈ আহে । মই কবি হোৱা বাবে এনে ধৰণৰ
অবান্তৰ কথাবোৰে অন্তৰত
পাখি মেলে। যেনে- মই ভাবোঁ, মই কাঞ্চনজংঘাৰ শিখৰ পাইছোঁগৈ আৰু ভোলানাথে
মোক ফঁচাই দি ভাঙৰ খেতিত লগাই দিছে। ঘৰলৈ যাবলৈ ছুটী বিচাৰিলে কৈছে- "ফচলখিনি
তুলি দি পোন্ধৰ দিনৰ বাবে ছুটীত যাবা বাৰু।" মই ভীতিগ্ৰস্ত হৈ
আকাশলৈ চাই থাকোঁ আৰু ওপৰত মেঘৰ বেশত নিগনিটোৱে মোলৈ চাই হাঁহি থাকে।
দুৱাৰৰ শব্দৰপৰা গম পাই গলোঁ যে সেই পাহাৰী সুন্দৰী পুনৰ মোৰ দুৱাৰমুখত
দেখা দিছে।
"ভৈয়া, কুৰি মিনিট হ'ল, মই ইয়াত দুৱাৰত টুকুৰিয়াই আছোঁ।"
"অহ: চৰি। মই কিবা ভাৱত বিভোৰ হৈ আছিলোঁ- তোমালোকৰ এই পাহাৰ, জংগল
আৰু কাঞ্চনজংঘাৰ...।"
"তুমি এজন কবি নেকি?"
"এৰা, এই ধৰা সৰুসুৰা বিধৰ এজন কবি। কোৱা কি ক'ব খুজিছিলা।"
"কব খুজিছিলোঁ, আজি সন্ধিয়া আমাৰ ঘৰত এটা সৰু পাৰ্টি আছে। সেয়ে ডিনাৰ
আজি আমাৰ স'তে কৰিব লাগিব। ড্ৰিংক
চলেনে?"
"লুকাই চুৰকৈ।"
সিদিনা অফিচৰপৰা উভতি আহি দেখোঁ,
মোৰ মোবাইলৰ চাৰ্জাৰৰ তাঁৰডাল নিগনিয়ে কুটি পেলাইছে। মোৰ ধৈৰ্য্যচ্যুতি
ঘটিল। ইয়াৰ আগৰবাৰ মোৰ বিফলতাৰ বাবে মই তাক ক্ষমা কৰি দিছিলোঁ। কাৰণ, নিগনিৰ
উপদ্ৰৱৰ বাবে মই যি যি
হেৰুৱাইছিলোঁ, তাৰ বিপৰীতে মই পাইছিলোঁ সেই সুন্দৰী পাহাৰী কন্যাৰ স'তে
কিছু ৰমণীয় মুহূৰ্ত। সেয়ে সেইবাৰৰ হিচাপৰ ৰফা-দফা হৈ গৈছিল আৰু মই অস্ত্ৰবিৰতি ঘোষণা
কৰিছিলোঁ ।অস্ত্ৰবিৰতি উলংঘন কৰিলে পৰিণতি ভয়াবহ হ'ব বুলি মই সঁকিয়াই দিছিলোঁ।
মই সঁচাকৈয়ে এইবাৰ কম্বিং অপাৰেচন আৰম্ভ কৰি দিলোঁ। মোৰ এই কোলাহলময় অপাৰেচনে
তলৰ মহলাত চলি থকা পাৰ্টিত বিশেষ প্ৰভাৱ নেপেলাব বুলি থকা মোৰ মনৰ বিশ্বাসটো অৱশ্যে বেছি সময় টিকি নাথাকিল।
দুৱাৰৰ মৃদু
কৰাঘাতে বুজাই দিলে- সেই পাহাৰী সুন্দৰীৰ পুনৰ আগমনৰ বতৰা। এই আটাইবোৰ যেন
প্ৰভু ভোলানাথৰে মায়া! মোৰ এই অত্যাচাৰী নিগনিটোৰ মূলোচ্ছেদ কৰাৰ অংগীকাৰ ৰূপত মোৰ
তপস্যাক ভংগ কৰিবৰ বাবেই যেন তেওঁ বাৰে বাৰে পঠিয়াই দিয়ে এই অপ্সৰাজনীক।
দুৱাৰ খুলি দিলোঁ। সেই পাহাৰী কন্যা। যিপদ মই লুকাই-চুৰকৈ চলে বুলি কৈছিলোঁ,
সেইপদকে লৈ আহিছে এক সম্ভ্ৰান্ত কাঁচৰ পাত্ৰত। চিকিমত এইবিধৰ অবাধ প্ৰচলন। তাৰ স'তে
কিছু চাটনি। কুকুৰাৰ পেটৰ ভিতৰৰ নাড়ীবোৰ ভালদৰে পৰিষ্কাৰ কৰি কুচি কুচিকৈ কাটি তেল-পিয়াজ-মছলা
দি ভাজিলে হৈ পৰে এই প্ৰিয় চাটনি কৰ্চ্চিমৰ্চ্চি।
সেইখিনি মোৰ টেবুলৰ ওপৰত থৈ তাইও মোৰ স'তে নিগনি বধৰ অভিযান চলাবলৈ আগ্ৰহ
প্ৰকাশ কৰিলে। তাই মিনিস্কাৰ্ট পিন্ধি মোৰ স'তে নিগনি মাৰিলে মোৰ মিচনটো যে পূৰ্ণত:
বিফল হ'ব, এই আশংকা কৰি মই তাইক পৰামৰ্শ দিলোঁ যে পাৰ্টিৰ পৰিৱেশৰ এই ড্ৰেচযোৰ লেতেৰা
নকৰি তাই বৰং পাৰ্টিত যোগ দিয়াই ভাল হ'ব। কিন্তু তাই নাচোৰবান্দা। কোৱা বাহুল্য যে
এক অবিৰাম সংঘৰ্ষৰ পাছত এইবাৰো নিগনিটো পলাই যাবলৈ সক্ষম হ'ল আৰু সেই পাহাৰী কন্যাৰ
ৰণকৌশলৰ পৰিণতিত এইবাৰো মোৰ ঘৰৰ কিছু সামগ্ৰী বিনষ্ট হ'ল আৰু ঘৰখন দেখিবলৈ উনবিংশ দিনৰ
কুৰুক্ষেত্ৰ ৰণৰ ৰণাংগনৰ দৰে হৈ পৰিল। সেই পাহাৰী সুন্দৰী যাবলৈ ওলাল আৰু তাৰ আগমুহূৰ্তত
মোক পুনৰ মনত পেলাই দি গ'ল যাতে মই আধাঘণ্টা পাছতে ডিনাৰত উপস্থিত হওঁগৈ।
নদীৰ সোঁতৰ দৰে জীৱন প্ৰৱাহিত হৈ আছিল। সময়ে যি ক্ষত সৃষ্টি কৰে, সেই ক্ষত
সময়েই পূৰণ কৰে। সেই পাহাৰী কন্যাৰ জীৱনত নিগনিয়ে যি ক্ষতি কৰিছিল, সেই ক্ষতিও সময়ে
পূৰাই দিছিল। এই মাজৰ সময়ছোৱাতে তাই কেবাখনো
নেপালী বোলছবিত নায়িকা হিচাপে অভিনয় কৰিছে। সেই তুলনাত নিগনিয়ে মোৰ জীৱনত যি ক্ষতি
কৰিছে সি নগন্য। তাৰ পাছতে মোৰ ট্ৰেনস্ফাৰো হৈ গৈছিল- গেংটকৰপৰা খড়গপুৰলৈ।
খড়গপুৰলৈ অহাৰ পাছত মই নিগনিটোৰ অভাৱ বৰকৈ অনুভৱ কৰিছিলোঁ। গেংটকৰ দৰে এখন
শীতপ্ৰধান ৰাজ্যত মোৰ মন্থৰ জীৱনক বেছ প্ৰাণচঞ্চল কৰি তুলিছিল এই নিগনিটোৱে। মোক ই
আৱেগবিহ্বল কৰিছিল। কৈলাশ পৰ্বতৰপৰা কাঞ্চনজংঘালৈ ই মোক ঘূৰাই লৈ ফুৰিছিল। গেংটকৰপৰা
খড়গপুৰলৈ এই হাজাৰোধিক কিলোমিটাৰ দূৰত্বত থাকিও
মই সেই নিগনিয়ে কুঁটি থকা শব্দ শুনিবলৈ পাইছিলোঁ। মোৰ হৃৎপিণ্ডৰ শব্দ, হাত ঘড়ীৰ
শব্দ, দেৱাল ঘড়ীৰ শব্দ, ৰেলগাড়ীৰ শব্দ, অফিচৰ জেনচেটৰ শব্দ, এচি পাৱাৰ চাপ্লাইৰ শব্দ
আদিক অৱদমিত কৰি নিগনিয়ে কুটি থকা শব্দই মোৰ হৃদয় জগত মুখৰিত কৰি ৰাখিছিল।
মই গেংটকৰপৰা গুচি অহাৰ তিনিদিন
পিছত মোৰ মোবাইলত কোনো এক অজান নম্বৰৰপৰা কেবাখনো ফটো আহিছিল আৰু তাৰ তলত আছিল এটা
দীঘলীয়া মেছেজ। সেই নম্বৰৰ প্ৰফাইল পিকচাৰ চাই গম পালোঁ, সেয়া অন্য কোনো নহয়, সেই পাহাৰী
কন্যা। মেছেজটো আছিল-
"ভৈয়া, মোক ক্ষমা কৰি দিবা। আমাৰ দুয়োৰে নিগনি মৰা সেই অভিযানক মই
স্পাই কেমেৰাৰে বন্দী কৰি ৰাখিছিলোঁ। সেই ভিডিঅ'ৰ কেইটামান স্ক্ৰীণশ্বট আজি মই পঠিয়ালোঁ,
য'ত তুমি অতি নিৱিষ্ট হৈ কিবা চাই আছিলা। তুমি কি চাইছিলা তাক তুমিও জানা, ময়ো জানো।
ইয়াত মোৰ আপত্তিৰ কোনো কাৰণ নাই। সেয়া তোমালোকৰ পুৰুষসুলভ দৃষ্টি। আৰু তাৰ উপৰিও তুমি
এজন কবি। ইমান লোভনীয় সম্পদবিধ ইমান ওচৰতে পাইও কিন্তু তুমি এবাৰো মুখ খুলি, হাত পাতি
নুখুজিলা। তোমাৰ ব্যক্তিত্বৰ সেই স্বাভিমান আৰু ভদ্ৰতাই মোক তোমাৰ প্ৰতি বিশেষভাৱে
আকৰ্ষণ কৰাইছে। তোমাৰ অজ্ঞাতে ভিডিঅ' কৰাৰ বাবে পুনৰ তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ।"
মই তাইক উত্তৰ দিলোঁ- "তুমি জীৱনত উন্নতি কৰা। আকাশ চুৱাৰ তোমাৰ সপোন
সাকাৰ হওঁক।"
তাৰ পিছদিনা তাই মোলৈ পুনৰ মেছেজ আৰু ফটো পঠিয়ালে। লেখিলে- "মিচন চাকচেচফুল।"
ফটোখন ডাউনলোড কৰি মই দেখিলোঁ- সেই পাহাৰী কন্যা, হাতেৰে সেই নিগনিটোৰ নেজডালত
ধৰি আছে। তাইৰ হাতত মৃত নিগনিটো ওলমি আছে।
হায় হায়! মই ঠিক সেইটো বিচৰা নাছিলোঁ। ইতিমধ্যেই মই সলনি কৰি পেলাইছিলোঁ
মোৰ মিচন ষ্টেটমেণ্ট। নিগনিটোৰ প্ৰতি মোৰ মনত গঢ় লৈ উঠিছিল বুজাব নোৱৰা এক ভালপোৱা।
তাৰ প্ৰতি মোৰ অন্তৰত জাগি উঠিছিল মৰম আৰু শ্ৰদ্ধা। যেনেদৰে জীৱনৰ স'তে সন্ধি কৰা হয়,
সময়ৰ স'তে সন্ধি কৰা হয়, তেনেদৰে ময়ো নিগনিটোৰ স'তে সন্ধি কৰিছিলোঁ।
সেই পাহাৰী কন্যাৰ জীৱনত নিগনিয়ে কৰা ক্ষতিক সময়ে পূৰাই দিয়া স্বত্বেও তাই
প্ৰতিশোধৰ জ্বালাক পাহৰিব পৰা নাছিল। কিন্তু মোৰ বাবে সেই নিগনিটো মৰা নাই, সি এতিয়াও
বাছি আছে। মোৰ হৃৎপিণ্ডৰ ভিতৰত সি চিত্ৰকল্প হৈ, প্ৰতিবিম্ব হৈ, ৰূপক হৈ, প্ৰতীক হৈ
বাছি আছে আৰু বাছি থাকিব।
বহুদিন হ'ল, ডায়েৰী লেখা নাছিলোঁ। নতুন ডায়েৰীখনৰ জানুৱাৰীৰ পাঁচ তাৰিখটো
উলিয়াই- গেংটকক লৈ, কাঞ্চনজংঘাক লৈ, নিগনিটোক
লৈ পৃষ্ঠা এটা লেখিবলৈ বহোঁতে সেই পাহাৰী কন্যাৰ অনুপ্ৰৱেশক মই কোনোপধ্যে বন্ধ কৰিব
নোৱাৰিলোঁ। সেয়ে সেই তাৰিখৰ এই পৃষ্ঠাটো মই পুনৰ মোৰ বিশেষ ডায়েৰীখনতো লেখিব লাগিব।
মোৰ সেই বিশেষ ডায়েৰীখন গেংটকৰপৰা আহিবৰেপৰা বাকচটোৰ ভিতৰতে আছিল। মোৰ জীৱনত এই পৰ্যন্ত
যিসকল নাৰীক মই প্ৰেমৰ দৃষ্টিৰে চাইছিলোঁ, সেই মানস প্ৰেমিকাসকলক লৈ মোৰ সেই বিশেষ ডায়েৰীখন। সেই ক্ৰমত এই পাহাৰী কন্যা
হ'বগৈ সপ্তম বালিকা। বাকচটো খুলি সেই বিশেষ ডায়েৰীখন টানি আনিবলৈ গৈ দেখিলোঁ, টমৰ কবলৰপৰা
পলাবলৈ সকলো চেষ্টা কৰিও বিফল হোৱাৰ পাছত যেনেদৰে বহি থাকে ত্ৰস্ত জেৰী, ঠিক তেনেদৰে
বহি মোলৈ অপলক দৃষ্টিৰে চাই আছিল সেই সন্ত্ৰস্ত নিগনিটোৱে।
লেখক পৰিচিতি:
শশাংক প্ৰিয়সখা (১৯৮০) নৱপ্ৰজন্মৰ উড়িয়া কথা আৰু কাব্য সাহিত্যৰ অন্যতম
ভাৱপূৰ্ণ স্বৰ। তেওঁৰ প্ৰতিটো উচ্চাৰণ যদিও প্ৰেমমনস্ক, তাত আউজি থাকে দৈনন্দিন জীৱনৰ
পোৱা-নোপোৱাৰ বহু আবেগময় মুহূৰ্ত। আশে-পাশে
দেখা ঘটনা আৰু বাটে-পথে লগ পোৱা চৰিত্ৰবোৰক তেওঁ মন আৰু
মস্তিস্কৰে পৰিশীলিত কৰি গঢ়ি তোলে গল্পৰ আয়তন। উৰিষ্যাৰ সুপ্ৰতিষ্ঠিত সাহিত্যালোচনীবোৰৰ
পৃষ্ঠাত শশাংকৰ সঘন উপস্থিতি চকুত পৰে।
তেখেতৰ এতিয়ালৈকে প্ৰকাশিত গ্ৰন্থসমূহ হ'ল, কথাহানাৰ বেলাড (গল্প সংকলন),
প্ৰেমৰে পৰিবা দিনচবু (কবিতা সংকলন), কবিৰ'
কেনভাচ (কবিতা সংকলন)।
বালেশ্বৰ জিলাৰ দহিচাৰাত জন্মা এইগৰাকী লেখক বৰ্তমান ভূৱনেশ্বৰত বি এচ এন
এলত গাণনিক বিষয়া হিচাপে কৰ্মৰত।
0 Comments