গল্পঃ আন এজনী চবিনা / ড০ উষা যাদব

 আন এজনী চবিনা

 মূল (হিন্দী): ড০ উষা যাদব

       অনুবাদ : ড০ মনিকা শইকীয়া

 

 

 

শেষত যোৱাটো ৰবিবাৰে চবিনা মৰি থাকিল৷

নহয়, তাইৰ মৃত্যু ঘটিছিল দুবছৰৰ আগতেই, যেতিয়া তেৰ বছৰীয়া মৰমলগা ছোৱালীজনীক ঘৰৰ মানুহবোৰৰ অত্যাচাৰে মানসিক ভাবে হতাশ কৰি তুলিছিল৷

       আৰম্ভণি ঘটিছিল বোৰ্খাতে৷

       -“তোমাৰ কাৰণে এইটো বোৰ্খা কেনেকুৱা চবু?” ডাঙৰ বৌৱেকৰ মুখত কথাষাৰ শুনি মুহূৰ্তৰ বাবে যেন তাই হতভম্ব হৈ পৰিছিল৷

       বোৰ্খা?

       তাইৰ বাবে?

       বৌৱেকৰ শব্দ কেইটাৰ গুৰুত্ব বুজি পাই ক্ষন্তেকৰ বাবে তাইৰ এনে লাগিল যেন হাঁহিমাৰি কথাষাৰ উৰুৱাই দিব৷ তাইক বোৰ্খা পিন্ধাৰ কথা কোৱাতকৈ আৰু হাস্যকৰ কথা কি পাৰে? তাইৰ চুবুৰীৰ আন দহজনী ছোৱালীৰ দৰে তাই বোৰ্খা পিন্ধি পৰ্দাৰ আঁৰত থাকিব? চেইন্ট জোচেফ কনভেণ্ট স্কুলৰ অষ্টম মানত পঢা চবুৱে বোৰ্খা পিন্ধিব?  

       কথাটো ভাবিবলগীয়া৷ তাই নিজকে ঘৰৰ আনবোৰতকৈ বেলেগ আৰু বিশেষ বুলি ভবাটোত ভুল ? আন দহ জনী ছোৱালীৰ দৰে আছে জানো তাইৰ উজ্বল মণি-মুকুতাৰে কাম কৰা গধুৰ-গধুৰ দোপাট্টা-চুৰিদাৰ পিন্ধাৰ মোহ? হাতৰ কিলাকুটিলৈকে ভৰা নানা ৰঙী কাচৰ খাৰু অথবা ঢকঢকীয়া হাতৰ তলুৱাত নানা ডিজাইনৰ ফুল-পাতৰ মেহেন্দী অঁকাৰ চখ? নতুন ফেশ্চনৰ নেইল পলিচ, বিন্দী কিনাৰ বাবে কেতিয়াবা জেদ ধৰিছে জানো?. . . কম্পিউটাৰৰ মাউচৰ সৈতে খেলি ভালপোৱা, জিনচ-টপ পিন্ধি তীব্ৰ গতিত চাইকেল চলোৱা চবিনাক দিয়া হৈছে বোৰ্খা পিন্ধিবলৈ. . .

       মুখ ওন্দোলাই লে- “এই বোৰ্খা-চোৰ্খাবোৰ মোৰ সন্মুখৰ পৰা আঁতৰোৱা বৌ৷ মই নমৰালৈকে এইবোৰ নিপিন্ধো কিন্ত৷

       -“মনে-মনে থাকা৷ তোমাৰ সাতোজন ভাইজানে শুনিব লাগিলে কথা বিষম ব৷বৌৱেকে ভয় খাই ফুচফচাই লে৷

    -“মই কিবা কাৰোবালৈ ভয় কৰিছোঁ নেকি?” বৌৱেকৰ কাণৰ কাষতে কথাকেইটা কৈ পাক মাৰি চবু ওলাই ল৷

       গোটেই দিনটো তাই অন্যমনস্ক হৈয়ে কটালে৷ ভাবি থাকিল, এওঁলোকৰ চিন্তাধাৰা যদি  এনেকুৱাই আছিল, জীয়েকক বোৰ্খা পিন্ধোৱাৰ আওপুৰণি বিচাৰেই আছিল, তেনেহলে তাইক কনভেণ্ট স্কুলত পঢুৱালে কিয়? ঘৰৰ চাৰি বেৰৰ মাজত ৰখাহলেহে তাই তেওঁলোকৰ আঙুলিৰ ঠাঁৰত পুতলাৰ দৰে নাচিলেহেঁতেন৷ অম্মীজানৰনো কি মন গৈছিল সেইদিনা, ওচৰ-চুবুৰীয়াৰ ছোৱালীহঁতক চেন্ট জোছেফ স্কুলত পঢুওৱা দেখি নিজৰ জীয়েককো পঢুওৱাৰ কথা আব্বাজানৰ আগত ব্যক্ত কৰিছিল-“হেৰি শুনিছেনে, আমিও দেখোন আমাৰ চবুক ইংৰাজী স্কুলত পঢুৱাব পাৰো৷

আব্বাজানৰো জানো কম মৰমৰ আছিল চবিনা!

অম্মীজানৰ অৰ্জীত আব্বাজানৰ মোহৰ লাগিল আৰু চেন্ট জোচেফত তাইৰ নাম লিখোৱা ল৷

পঢা-শুনাত হুচিয়াৰ চবিনাই এশ্ৰেণী-দুশ্ৰেণীকৈ বগাই অষ্টম মান পালেগৈ৷ কিন্ত বাল্যকালৰ দুৱাৰদলি পাৰ হওঁতেই বোৰ্খা পিন্ধোৱাৰ জেদ

নাই, তাই কোনো কাৰণতে আপোচ কৰিব নোৱাৰে৷

মাহেক পাৰ কি নহ, চৌকত ভাইজান গৰজি উঠিল –“চবু, আমাৰ পৰিয়ালত বোৰ্খা পিন্ধাৰ নিয়ম৷ তুমিও ভাল ঘৰৰ ছোৱালীৰ দৰে আদব-কায়দা শিকি লোৱা৷ বৌৱেৰাহঁতৰ কথা শুনিবা৷ ৰাস্তাই-ঘাটে যদি এনেদৰে বেপেৰুৱা ভাবে ঘুৰি-ফুৰা, তেনেহলে কোনখন খানদানী ঘৰে তোমাক বোৱাৰী কৰিবলৈ ৰাজী ?”

-“ওহ”- তাচ্ছিল্যসূচক ভংগীমাৰে মুৰ জোকাৰি তাই লে-“জহন্নামে যাওঁক তেনেকুৱা খানদানী ঘৰ৷ তেনেকুৱা ঘৰৰ বোৱাৰী বলৈ নাপাইহে মই মৰিছোঁ৷

-“তেনেহলে গোটেই জীৱনটো এনেদৰে লাজ-চৰম টোপোলা বান্ধি ঘৰৰ বাহিৰে-ভিতৰে ঘোঁৰাৰ দৰে চেঁকুৰি ফুৰিবা?” চকু ঘোপা কৰি কথাকেইটা কৈ চৌকত ভাইজান বাহিৰলৈ ওলাই ল৷

তায়ো পোনছাটেই আব্বাজানৰ কোঠাত সোমাই গোচৰ তৰিলেগৈ- “অব্বু, চৌকত ভাইজানক বুজাই দিবা কথাটো৷ বিনা কাৰণে মোক কথা শুনাই থাকে৷ মই কিবা সি দিয়া খাই আছো নেকি?”

-“আৰে, মোৰ গুৰিয়া জনীৰ ঠেহতো চোৱা৷আব্বাজানে হাঁহি মাৰি লে৷

-“তুমিয়েই কোৱাচোন অব্বু, মই জানো ঘৰৰ বাহিৰে-ভিতৰে ঘোঁৰাৰ দৰে চেঁকুৰি থাকো? আজিলৈকে তুমি ভাল চাইকেল এখনো আনি নিদিলা৷ বচ অব্বু, ভাইজানৰ মিছা অপবাদৰ উত্তৰ দিবলৈকে তুমি মোক স্কুটী এখন কিনি দিয়া৷

আব্বাজান দুই দণ্ড নিমাতে ল৷

তাইৰ পিঠিত থপৰিয়াই লে-“গুৰিয়া, তুমি এতিয়া ডাঙৰ লা নহয়৷ চুবুৰিত আমাৰ নাক কাটিবলগীয়া কাম কৰাৰ জেদ নধৰিবা৷

-“স্কুটী চলোৱাটো বেয়া কাম নেকি?” খঙৰ ভমকত তাই লে৷

-“ মিছামিছি তৰ্ক নকৰিবা, চবু৷ তোমাক স্কুলৰ পৰা অনা-নিয়া কৰিবৰ বাবে টো ঠিক কৰি দিছোৱেই দেখোন৷আব্বাজানে শান্তভাবে লে৷

তাইক খঙত জ্বলি উঠা দেখি তেখেতে অধিক মৰমেৰে বুজালে-“ ভাইজানহঁতে বেয়া পোৱাটোলৈ চাই তুমি চাইকেল চলোৱাটোও এৰি দিব লাগে৷ এতিয়া ডাঙৰ লা, ঘৰুৱা কাম-বন শিকাত গুৰুত্ব দিয়া৷



আব্বাজানৰ উপদেশ শুনি তাইৰ মুৰ ঘুৰোৱা যেনহে লাগিল৷ কনভেণ্ট স্কুলৰ অষ্টম শ্ৰেণীত পঢা ছোৱালী এজনীক এওঁলোকে সজাই থোৱা বস্তু বুলি ভাবিছে নেকি? আলমাৰীৰ কোনোবা একোণত সজাই আৰু তাই তাতে থাকিব, নিৰুদ্বেগ ভাবে! তাইৰ লগৰীয়া ছোৱালীবোৰৰ লগত কোনোবা দিনা কথা পাতিলেহে দুনীয়াৰ পৰিৱৰ্তনৰ কথা জানিব পাৰিলেহেঁতেন৷ চিন্তাৰ বন্ধ খিৰিকী খোল খালেহেঁতেন এওঁলোকৰ৷ এজনী মনীষা, তাই ফেশ্চন ডিজাইনিঙৰ ৰ্ছ কৰাৰ সপোন দেখিছে৷ আনজনী নিতু, তাইতো এতিয়াৰ পৰাই তাইৰ উচ্চতা আৰু ওজনক লৈ বেছ সচেতন৷ ৰাতিপুৱা এক ঘণ্টামান যোগাসন কৰে, আবেলি নাচৰ প্ৰেকটিচ৷ চিঙৰা, ফুচকা এইবোৰৰটো নামেই নুশুনে৷ সন্মুখতে দহজনীয়ে খাই থাকিলেও এটাও মুখত নিদিয়ে৷ মডেলিঙৰ দুনীয়াত ধমাকা দিয়াৰ সপোন পুহি ৰখা নিতুক যদি এবাৰ তাইৰ ঘৰৰ মানুহে লগ পালেহেঁতেন! আৰু, মৰমলগা মুখখনিৰে নীলম জনীফটোগ্ৰাফীৰ চখ তাইৰ৷ সংগীতাৰ বেডমিণ্টন খেলাত ৰাপ৷ শাহানাৰাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়েই ইণ্টেৰিয় ডেকৰেচনৰ ফিল্ডত ভাগ্য পৰীক্ষা কৰাৰ সপোন দেখি আহিছে৷ আনৰ কথা্টো বাদেই, আব্বাজানেই যদি তাইৰ মনৰ কথা জানিবৰ চেষ্টা কৰিলেহেঁতেন, তেন্তে তাই এয়াৰ হোষ্টেচ হোৱাৰ সপোন পুহি ৰখাৰ কথাটো তেখেতক নকলেহেঁতেন নেকি? কিন্ত যিখন ঘৰত চাইকেল চলোৱাটো বাধা আৰোপ কৰা হৈছে, তেনেক্ষেত্ৰত তাইৰ আকাশত উৰাৰ সপোন দেখোন অজান মুলুকত!

মন মোচোকা খালে যদিও সাহস নেহেৰুৱালে চবিনাই- ইমান সোনকালে আত্মসমৰ্পণ কৰিব নোৱাৰে তাই৷ মুক্ত বতাহ সেৱন কৰাটো তাইৰ অধিকাৰ নিজৰ অধিকাৰৰ বাবে তাই যুঁজি যাব৷ শেষ নিশ্বাস থকা পৰ্যন্ত তাই যুঁজি যাব৷ দেখাত সৰু লে কি ? গোটেই ঘৰ খনৰ বিপক্ষে গৈ মাত মাতিব পৰাৰ সাহস তাইৰ আছে৷ তাইৰ বাবে হৰা-জিকাৰ কথাটো বিশেষ তাৎপৰ্যপূৰ্ণ নহয়, যিমান তাৎপৰ্যপূৰ্ণ অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ সাহস দেখুৱাটো৷

সেইদিনাৰ পৰা ঘৰৰ মানুহৰ হুকুমৰ বিৰুদ্ধাচৰণ কৰাটো যেন তাইৰ স্বভাৱত পৰিণত বলৈ ধৰিলে৷ সকলো কথাই ঘুৰি-পকি আহি বোৰ্খাতে শেষ হয়হি- কথা্টো তাইৰ একেবাৰে হজম নহয়৷ বোৰ্খাটোক তাইৰ স্বাধীনতাৰ সাত শতৰু যেনহে লগা ল৷

পিছলৈ এনে অৱস্থা লগৈ যে তাইৰ আগত কোনোবাই বোৰ্খা পিন্ধাৰ কথা উলিয়ালেই তৎক্ষণাত জিনচ্-টপ পিন্ধি আহেগৈ৷ এদিনটো অম্মীজানৰ খঙৰ সীমা চেৰাই যোৱাত তাইৰ চুলি কোচাত থাপ মাৰি ধৰি চিঞৰি উঠিল-“মই নকৈছোনে, এইবোৰ ঢং এইখন ঘৰত নচলিব৷ যা, এতিয়াই কাপোৰ সলাই আহগৈ৷ আমাৰ মুখত ছাঁই সানিহে এৰিবি নেকি?”

-“আপুনি যদি ইয়াকে বুজিছে, তেনেহলে সেইটোৱে৷ এটা কথা মনত ৰাখিব অম্মী, পিন্ধা-উৰাত হকা-বাধা কৰাটো মই সহ্য নকৰো৷ এতিয়া মোৰ চুলি এৰক৷ এনেয়ে সৰি-সৰি শেষ হৈছে, টকলা হলেহে ভাল পাব নেকি?” চবিনাই অম্মীজানৰ চকুত চকু থৈ লে৷ অম্মীজানৰ হাতৰ মুঠি ঢিলা ল৷ বুজনিৰ সুৰত লে-“চোৱা চবু, তোমাক এনে ঢঙত দেখিলে ভাইজানহঁতৰ খঙৰ কোব চৰে৷

-“তেনেহলে মই কি সিহঁতৰ ভয়ত নিগনিৰ দৰে কোনোবা গাঁতত গৈ সোমাই থাকিম?”

-“চবু, মই ভালেৰে কৈছোঁ, সহ্যৰো এটা সীমা আছে৷ এতিয়াও নিজকে সলনি কৰা৷অম্মীজানে টান মাতেৰে লে৷

-“মিছায়ে কিয় চিঞৰিছা অম্মী? ঠিক আছে, এই সাজ কাপোৰ তোমাৰ যদি পচন্দ হোৱা নাই সলাই আহিমগৈ বাৰু ; কিন্ত জানি থোৱা, সদায় এয়া কাপোৰকে পিন্ধিম৷ মোক বোৰ্খা পিন্ধোৱাৰ জেদ যেতিয়ালৈকে তোমালোকে নেৰা, ময়ো তোমালোকৰ বুকুত জুই জ্বলাই থাকিম৷ সিদ্ধান্ত তোমালোকে বা৷

কিন্ত এনেকুৱা কথাৰ সিদ্ধান্ত ইমান ততাতৈয়াকৈ লোৱা সম্ভব জানো?

ছোৱালীজনী কিয় এনেকুৱা ? তাইক লৈ ঘৰখনৰ মহা চিন্তা৷ কি কৰিলে ভাল ! মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যোৱা , কাউঞ্চেলিঙ দিয়া - কি যে কৰা নহ বিগত দিনবোৰত তাইক শুদ্ধৰোৱাৰ বাবে! জনা-শুনা লোকৰো পৰামৰ্শ লোৱা ল৷

দুবছৰ পাৰ ল৷

এই সময়ছোৱাতো চবিনাৰ একো পৰিৱৰ্তন নেদেখি ঘৰৰ মানুহে একপক্ষীয় ৰায় শুনালে- ‘চবু, কাইলৈৰ পৰা তোমাৰ স্কুল যোৱা বন্ধ৷ এই ইংৰাজী স্কুলেই তোমাৰ মতিভ্ৰমৰ গুৰি৷ তুমি মাদ্ৰাছাত পঢ়িবা৷

-“তাৰমানে তোমালোকে…” খঙৰ ভমকত চবিনাৰ চকু-কাণ ৰঙা পৰিল আহিল৷তাৰমানে তোমালোকে মোৰ স্কুল সলনি কৰিব বিছাৰিছা?”

-“ তুমি ঠিকেই বুজিছা৷”- অম্মীজানে নিৰুদ্বেগ ভাবে কথাকেইটা কৈ কোঠাৰ পৰা ওলাই যাব খোজোতেই চবিনাই মাকৰ বাট আগচি সেমেকা স্বৰেৰে লে-“অম্মী, মাত্ৰ দুমাহৰ পিছতেই মোৰ মেট্ৰিক পৰীক্ষা৷ এনে সময়ত মোৰ স্কুল সলনি কৰোৱাটো মোৰ ওপৰত তোমালোকে কৰা অত্যাচাৰৰ সহ্যৰ চৰম পৰীক্ষা, অম্মী৷শেষৰ ফালে তাইৰ দুচকুৰে চকুলোৰ ধাৰা বাগৰি আহিল৷

মাকৰ হৃদয় কিন্ত নগলিল৷ঠিকে আছে বাৰু, আমি তোমাক এটা শেষ সুবিধা দিছো৷ যদিহে তুমি বোৰ্খা পিন্ধাৰ বাবে হা কোৱা, তেতিয়াহে তুমি পৰীক্ষা দিয়াৰ অনুমতি পাবা৷

-“ওহ, অম্মী৷ আৰু কি নকৰা তোমালোকে? মোক ব্লেক মেইলিঙ কৰিছা৷

-“তুমি যি বুজিছা, সেয়াই৷ এতিয়া সিদ্ধান্ত তোমাৰ৷

তাইৰ গাত ব্ৰজপাতহে যেন পৰিল৷ হঠাতে অহা ধুমুহা জাকৰ বাবে তাই মুঠেই সাজু নাছিল৷ এফালে স্কুলৰ সকলোবোৰ স্কুলৰ প্ৰেকটিকেল পৰীক্ষাৰ তাৰিখ ঘোষণাৰ অপেক্ষাত পৰীক্ষা-জ্বৰত ভুগিছে, আৰু আনফালে তাইক স্কুলৰ পৰা আঁতৰাই মাদ্ৰাছালৈ পঠিওৱাৰ চক্ৰান্ত চলিছে৷ ওহ, কি কৰিব তাই? এই পৰিস্থিতিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

কোনোফালে উপায় নেদেখি চকুপানীৰে দুগাল তিয়াই মাকৰ আগত কাবৌ কৰিলে-“ অম্মী, ইমান নিষ্ঠুৰ নহবা৷ ইমান আঁকোৰগোজ হৈছা কিয়? মোৰ ভৱিষ্যতৰ কথা এবাৰ অন্ততঃ চিন্তা কৰি চোৱা৷

-“তোমাৰ মুৰৰ পৰা ফেশ্চনৰ ভূতটো খেদিবলৈ এয়াই অন্তিম উপায়৷মাকে এক প্ৰকাৰ সিদ্ধান্তই শুনাই দিলে৷

ফেশ্চনৰ ভূত?

তাইৰ ওঁঠেৰে এটা নিস্তেজ হাঁহি নিগৰি আহিল৷ অম্মীজানক কেনেকৈ বুজায়, তাই যে ফেশ্চনৰ কাৰণে নহয়, একমাত্ৰ তাইৰ সপোন আৰু উন্মুক্ত ভাৱনাক ঘৰৰ মানুহৰ সন্মুখত ডাঙি ধৰিবৰ বাবেহে এনে কৰিছে৷ ঘৰৰ মানুহবোৰে বাৰু কিয় বুজিব নোখোজে তাইক? দুপাখি মেলি মুক্ত আকাশৰ দূৰ-দিগন্তত ভ্ৰমি ফুৰাৰ তাইৰ আকাঙ্ক্ষাৰ কথা? তাইৰ হৃদয়ৰ একোণত আলফুলে জীপাল কৰি ৰখা তাইৰ ভৱিষ্যত পৰিকল্পনাৰ পথত বোৰ্খা যে প্ৰধান অন্তৰায়- সেই কথা তাই কেনেকৈ বুজাব? আব্বাজানক এবাৰ কৈ চাইছিল, তাইৰ সপোনৰ কথা; কিন্ত তেওঁ একো প্ৰতিক্ৰিয়াই প্ৰকাশ নকৰিলে৷ আনকালে ঘৰৰ সকলো বিশেষ সিদ্ধান্ত অকলেই লোৱা মানুহজনে তাইৰ ক্ষেত্ৰত এই কথাটো পুতেকহঁতলৈ ঠেলি দি দায় সাৰিলে৷ কাৰো সহাৰি নাপায় ঘৰখনৰ হঠকাৰিতাৰ বিৰুদ্ধে গৈ নিজকে প্ৰতি্ষ্ঠিত কৰিব বিচাৰিছে তাই- ইয়াত ভুল ? তাইক বুজিবৰ চেষ্টা কৰাৰ বিপৰীতে

এটা শীতল হুমুনিয়াহ তাইৰ হৃদয় ভেদি বাহিৰ ওলাল যদিও মাকৰ কাণত নপৰিলগৈ৷

সচাঁকৈয়ে এই সময়ত তাইৰ হৃদয়ৰ বেদনাই জোৱাৰ ভাটাৰ ৰূপ ধাৰণ কৰিলে৷

স্কুটীৰ নামত আব্বাজানৰ খাৰাঙখাচ জৱাব৷

চাইকেলৰ নামতো বাধকতা৷

বোৰ্খাৰ বাবে বাঢ়ি অহা হেঁচা৷

তাৰোপৰি অৰ্থহীন ৰীতি-নীতিৰ বান্ধোন জাপি দিয়াৰ জেদ৷

এজনী টিন এজাৰ ছোৱালীয়ে ইমানবোৰ হকা-বাধা একেলগে কেনেকৈ সহ্য কৰিব? এই সকলোবোৰ মিছা প্ৰমাণিত কৰিবলৈকে যদি তাই জিনচ-টপ পিন্ধি, আন দহজনী ছোৱালীৰ দৰে মুকলিকৈ ঘুৰিছে-মেলিছে- তেনেহলে কোনখন আকাশনো খহি পৰিছে?

বিবাহিত চাৰিজন ভাইজানৰ কথাটো বাদেই, বাকী থকা তিনিওজনেই জানো কলেজীয়া গাৰ্লফ্ৰেণ্ডক লৈ মচগুল নহয়? কিন্ত সিহঁতৰ ক্ষেত্ৰত একো বাধা-নিষেধ নাই৷ কেৱল সকলোবোৰ সহিবলগীয়া হৈছে চবিনাইহে৷

চকুপানী মচি এইবাৰ তাই কঠোৰ ল৷অম্মী, এনেয়ে আহি থকা পৰীক্ষাৰ বাবে মুৰ গৰম হৈ আছে৷ প্লিজ, এই সময়ত নতুনকৈ নাটক আৰম্ভ নকৰিবা৷

-“কোনে নাটক আৰম্ভ কৰিছে?” অম্মীজান খঙত টিঙিৰি তুলা হৈ পৰিল-“ মই নে তুমি? বস্তিত আমাক মুখ উলিয়াব নোৱাৰা কৰিছা৷

-“মই কি এনে পাপ কৰিলো?”

-“নিজৰ ধৰ্মীয় আচৰণৰ অৱমাননা কৰাটো কম পাপ নেকি? গাভৰু ছোৱালী এজনীয়ে ৰাস্তাই-ঘাটে গা-ঘেলাই ফুৰাটো আমি কেনেকৈ সহ্য কৰি আছো, কেবল আমিবোৰেহে বুজি পাইছো৷ আজি, এতিয়াই তুমি সিদ্ধান্ত লাগিব- বোৰ্খা পিন্ধিবলৈ সাজু নে?”

-“যদি তোমালোকে ইয়াকেই বিচৰা, তেনেহলে…” কলিজা ভেদি যোৱা তীক্ষ্ণ চাৱনিৰে অম্মীজানলৈ চাই এখন্তেক কিবা ভাবি চবিনাই লে- “ মোৰ সোণালী সপোনৰ পথত হেঙাৰ স্বৰূপ এনে বোৰ্খাক মই হাজাৰ বাৰ দলিয়াই পেলাম৷

বচ, যেন চুনামীহে আহিল৷ চৌকত ভাইজান জানো ৰপৰা ধুমুহাৰ গতিৰে আহি কোঠাত প্ৰৱেশ কৰিলে৷ বোধহয় বেৰৰ সিপাৰে ৰৈ সিহঁতৰ কথা-বতৰা শুনি আছিল৷ চবিনাৰ সন্মুখত ৰৈ গুজৰি উঠিল  -“ এনে মদগৰ্বী আচৰণৰ পৰিণাম কি জাননে?” এইবুলি কঁকালৰ বেল্ট খুলি উপৰ্যুপৰি প্ৰহাৰ কৰি , যেন কোনোবা শাত শতৰুৰ ওপৰতহে প্ৰতিশোধ লৈছে!

তাই সহ্য কৰি ল৷

তেজাল যুৱকৰ বজ্ৰ-কঠোৰ হাতৰ আক্ৰমণাত্মক প্ৰহাৰৰ পীড়া সহ্য কৰি চবিনাৰ সুকোমল দেহাই৷

দাঁতেৰে তলৰ ওঁঠ কামুৰি বেদনা সহি যোৱা চবিনাৰ ওঁঠেৰে তেজ ওলোৱা দেখিহে অম্মীজানে মাজত সোমাই কোনোমতে পুতেকৰ হাতৰ পৰা বেল্টডাল কাঢ়ি দলিয়াই পেলালে৷

তেতিয়াও খং শান্ত সামৰিব নোৱাৰা ভাইজানে মাটিতে থুৱাই দপদপাই ওলাই ল৷ অম্মীজানে লে-“ তুমি এনেদৰে অবাধ্য নালাগিছিল চবু৷অমম্মীজানৰ কথাকেইটাত তাইৰ প্ৰতি সমবেদনা আছিল নে ব্যংগ আছিল, তাই ঠিক ধৰিব নোৱাৰিলে৷ অম্মীজানৰ ফালে এবাৰ অৱজ্ঞা সূচক দৃষ্টি নিক্ষেপ কৰি চবিনাই দৌৰি গৈ নিজৰ কোঠাত সোমাই ভিতৰৰ পৰা দুৱাৰত হুক লগাই লে৷

চবিনাই কোঠাৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি লোৱা কথাটোত মাকে বিশেষ গুৰুত্ব নিদিলে৷ কিন্ত বহু সময়ৰ পিছতো চবিনা কোঠাৰ পৰা ওলাই নহাত অম্মীজানে ঘৰৰ আনবোৰক কথাটো অৱগত কৰাতহে হুৱাদুৱা লাগিল৷ দুৱাৰত ঢকিয়াই মাতিলে-“ চবু, দুৱাৰ খোলাদুৱাৰ খোলা চবুচবু … … ৷নাই, কোনো উমঘাম নাই৷ অৱশেষত দুৱাৰ ভঙা ল৷ কিন্ত এয়া কি … ?? তেজেৰে ৰাঙলি মজিয়াত চবিনাৰ নিথৰ দেহ পৰি আছে৷ ব্লেডেৰে হাতৰ শিৰা কাটি ডাক্তৰ মাতিবলৈও সময় নহল৷ আটাইৰে কণ্ঠ ৰুদ্ধ হৈ পৰিল৷

পুলিচ আহিল৷

অনুসন্ধানত এখন কাগজ ওলাল৷ চবিনাৰ হাতৰ আখৰেৰে এটা চুইচাইড নোট৷ কাগজত ঘঁহিয়াই-ঘঁহিয়াই তাই লিখি থৈ - “ মোৰ মৃত্যুৰ বাবে ময়ে দায়ী৷ অনুগ্ৰহ কৰি ঘৰৰ মানুহক যেন হাৰাশাস্তি নকৰে৷

পুলিচৰ হাৰাশাস্তিৰ পৰা ঘৰখনে পৰিত্ৰাণ পালেও হৃদয় বিদাৰক ঘটনাটোৰ পৰা পোৱা আঘাতৰ পৰা মুক্তি পাবলৈ বহু সময় লাগিল৷ চবিনাৰ মৃত্যুৰ দহ দিনৰ পিছতো অম্মীজানে চবিনাৰ মৃত্যুৰ সত্যতাক মানি পৰা নাই৷ প্ৰতি মুহূৰ্ততে এনে লাগে যেন খিলখিলাই হাঁহি-হাঁহি সৰগীয় সৌৰভ বিলাই এইমাত্ৰ চবুজনী আহি তেওঁৰ ডিঙিত আলফুলে সাবটি ধৰি মাতিবহিঅম্মী” !

ইষ্ট-কুটুম্বে বুজায়-“ইমান দিনৰ বাবেহে তাইক আপুনি লাভ কৰিছিল৷ পাহৰিবৰ চেষ্টা কৰক৷ তাইৰ অবিহনেই থাকিবলৈ অভ্যাস কৰক৷নাই, হাজাৰ বুজনিয়েও অম্মীজানৰ হৃদয় শান্ত কৰিব পৰা নাই৷

আবেলি পৰত বাৰান্দাৰ চালপীৰাখনতে বহি আঠু দুটাৰ মাজত মুৰটো গুজি জীয়েকৰ মুখখনকে মনত পেলাই অম্মীজান বহি আছিল৷ এনেতে কাৰোবাৰ মাত শুনিবলৈ পালে- “এইফালে চোৱাচোন৷

এয়া কাৰ মাত? চবু !?

এক শিহৰণ জাগিল অম্মীজানৰ সমগ্ৰ শৰীৰত৷

মাতটোৰ মধুৰতা শিৰাই-শিৰাই অনুভৱ কৰিবৰ চেষ্টা কৰি তেখেতে চকুহাল মুদি দিলে৷

আকুলতাৰে ভৰা হৃদয়খনে যেন চিৎকাৰ কৰি সুধিলে- কবৰস্থানৰ পৰা উঠি আহি চবুৰ আত্মাই তেওঁক শান্তনা দিবৰ বাবে চেষ্টা কৰিছে নেকি?... নে এয়া এক মধুৰ ভ্ৰম?

যিয়েই নহওঁক, চবিনাৰ মাত যে আকৌ এবাৰ শুনিবলৈ পাইছে! চকু মেলি এই মধুৰ অনুভৱ নষ্ট বলৈ দিব নোৱাৰে৷

কিন্ত এয়া ভ্ৰম নাছিল৷

আকৌ এবাৰ একে শব্দৰ পুনৰাবৃত্তি হোৱাত অম্মীজানে অনিচ্ছাসত্বেও চকুমেলি চাই সন্মুখত যি দেখিলে, নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে৷ মাত্ৰ তেওঁৰ মুখেৰে অস্ফুট চিৎকাৰহে বাহিৰ ল৷

কবৰৰ ভিতৰতো যেন চবিনাৰ আত্মাই শান্তিৰে শুব পৰা নাছিল৷ সেয়েহে আকৌ এবাৰ জিনচ্- টপ পৰিধান কৰি অম্মীজানৰ সন্মুখত আহি দেখা দিছেহি৷

-“কি আইতা, মোক চিনিয়েই পোৱা নাই নেকি? ভেবা লাগি এনেকৈ কি চাইছা মোলৈ? মই মুস্কান৷দুয়োহাতেৰে আইতাকৰ দুবাহুত ধৰি জোকাৰি দিয়াতহে সম্বিত ঘুৰি আহিল৷ একেথৰে চাই মুস্কানলৈএৰাটো, এইজনী দেখোন মুস্কান! চৌকতৰ দহ বছৰীয়া ছোৱালী মুস্কান৷ চেহেৰাই-পাতিৰে মদগজ মুস্কানজনী সাইলাখ চবিনাৰ নিচিনাই৷ কোন সময়ত জানো চবিনাৰ কোঠাত সোমাই আলমাৰী খুলি চবিনাৰ কাপোৰ পিন্ধি আহিল৷ যেন চবিনাৰ ৰূপান্তৰহে ঘটিছে!

শৰীৰত অবুজ শিহৰণ অনুভৱ কৰা অম্মীজানৰ এনে লাগিল যেন চবিনাই খুজিছেপৰিৱৰ্তনৰ বতাহছাটিক বাধা দিয়াৰ ক্ষমতা কাৰো নাই অম্মী৷ কোৱাচোন, কিমানজনী চবিনাক দুনীয়াৰ পৰা আঁতৰাবা? প্লিজ অম্মী, সকলোৰে হৃদয় বুজিবলৈ চেষ্টা কৰিবা . . . এয়া তোমাৰ সন্মুখত আন এজনী চবিনাৰ জন্ম . . .”

 

              XX                 XX                 XX

Post a Comment

0 Comments