মোৰ নাম ভাৰতবৰ্ষ/ অমিতাভ দাশগুপ্ত

 মোৰ নাম ভাৰতবৰ্ষ
 
মূল : বাংলা
কবি : অমিতাভ দাশগুপ্ত
ভাঙনি : প্ৰদীপ কুমাৰ সন্দিকৈ



 

ষ্টেনগানৰ  কেইবাজাঁই বুলেটে

থকা-সৰকা কৰা মোৰ বুকুৰ ওপৰত

জিলিকি উঠিছে যি মানচিত্ৰ

তাৰ নাম ভাৰতবৰ্ষ।

 

মোৰ প্ৰতি টোপাল শোণিতেৰে

চাহ-বাগান , কফি-খেতি

কয়লা-খনি  , পাহাৰ-ভৈয়াম-অৰণ্যত

খোদিত কৰা হৈছে যি ভালপোৱাৰ ছবি

তাৰ নাম ভাৰতবৰ্ষ।

 

মোৰ চকুৰ লোটক আৰু হাড়ৰ ফচফেটে

নিষ্ঠুৰ ঘাতকতকৈও ৰুক্ষ আৰু কঠিন মাটিত

সিচাঁ হৈছে যি অন্তহীন ধান আৰু গানৰ সপোন বীজ

তাৰ নাম ভাৰতবৰ্ষ।

 

কপালত নিগৰা বিদ্ৰোহৰ শোণিত মোহাৰি

মোক আদৰেৰে বুকুত সাৱটি  লৈ আহিছে

আহমেদাবাদৰ সূতা কলৰ জংগী মজদুৰ

মোৰ মৃতদেহৰ ৰখীয়া আজি

প্ৰতিজন কান্ধত নাঙল লোৱা কৃষক বলৰাম ।

প্ৰতিজনী ধৰ্ষিতা আদিবাসী গাভৰুৰ

শোকৰ , নহয় , ক্ৰোধৰ অগ্নিত

দাউ-দাউকৈ জ্বলি উঠিছে মোৰ শেষ-শয্যা ।

 

গৰ্ভৱতী নাৰীৰ উদৰৰ দৰে

মেঘৰ ভৰত ওন্দোলি উঠিছে আকাশ ।

বৰষুণ আহিব ।

ঘাতকৰ ষ্টেনগান আৰু আমাৰ মাজত

বৈ যাব বৰফ-গলা গংগোত্ৰী।

আৰু অলপ পাছতেই মাৰ সজল দুচকুৰ দৰে

পানীৰে উপচিব প্ৰতিটো মৰা খাল-বিল-পুখুৰী

প্ৰতিটো শিলত পৰিব উদ্ভিদৰ সেউজ চুম্বন ।

 

ওডিচীৰ ছন্দত , ভাৰত-নাট্যমৰ মুদ্ৰাত

সাওঁতালী মাদল আৰু ভাংৰাৰ উদ্দাম নৃত্যত

মুখৰিত হব উৎসৱৰ মাতাল নিশা।

সেই  নিশা ,

সেই  চিকিমিকি তৰালীৰে উদ্ভাসিত মেহফিলতৰ নিশা ,

তোমালোকে যেন পাহৰি নোযোৱা মোক

যাৰ কটা হাত , বিৰ্দীণ জঠৰ , উন্মুক্ত কলিজা,

টোপ টোপ  চকুলো , তেজ , ঘাম

মাইল মাইল অভিমান আৰু ভালপোৱাৰ নাম

স্বদেশ

স্বাধীনতা

ভাৰতবৰ্ষ।



TranslatorsAssam অসমীয়া অনুবাদ সাহিত্যৰ উত্‍কৰ্ষ সাধন কৰিবলৈ আৰম্ভ কৰা এক বহুভাষিক প্ৰকল্প। এই প্ৰকল্পটোৰ যোগেদি অনুবাদিত কবিতা, অনুবাদিত গল্প, অনুবাদিত প্ৰবন্ধ, অনুবাদিত জনজাতীয় সাহিত্য, অনুবাদিত চিঠি-পত্ৰ, ডকুমেন্ট আৰু ঐতিহাসিক বক্তৃতা আদিসমূহৰ অসমীয়া অনুবাদ আৰু অসমীয়া সাহিত্যৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰোঁ।

Post a Comment

0 Comments