দুষ্ট যাদুকৰৰ কাহিনী/ উৰিয়া ভাষাৰ গল্পৰ অসমীয়া অনুবাদ

 

গল্প | অনুবাদ

 

দুষ্ট যাদুকৰৰ কাহিনী

মূল(উৰিয়া)- সত্য মিশ্ৰ

অসমীয়া অনুবাদঃ নৱকুমাৰ মিশ্ৰ

 




(১)

 

বহু বছৰ আগতে আমাৰ গাঁৱলৈ এজন যাদুকৰে যাদু দেখুৱাবলৈ আহিছিল। মানুহবোৰে কোৱামতে সেয়া ৫০-৬০ বছৰ আগৰ কথা। সেই কালত আমাৰ গাঁৱলৈ বাহিৰৰ পৰা খুব কম মানুহহে আহিছিল। কিন্তু যাদুকৰজন অহাৰ কথাটো আমাৰ গাঁৱত এতিয়াও ইমানকৈ আলোচিত হয় যে ঘটনাটো সৌ সিদিনাৰ যেনহে লাগে।

 

আমাৰ গাঁওখনৰ নাম কুশপাৰা। এতিয়া কুশপাৰা আৰু গাঁও হৈ থকা নাই। ই নিকটৱৰ্তী চহৰখনৰ অংশ হৈ পৰিছে। কিন্তু সেই সময়ত আমাৰ গাঁও আৰু চহৰৰ মাজত এখন হাবি আছিল বাবে ই চহৰৰ পৰা বিচ্ছিন্ন এখন গাঁৱেই আছিল। চাৰিওপিনে সেউজীয়া শইচৰ পথাৰ আৰু গছ গছনিয়ে গাঁওখন আৱৰি আছিল। কাষতে পাহাৰ এখনো আছিল। সেই পাহাৰৰ পৰা কেবাটাও পৰিস্কাৰ পানীৰ নিজৰা আমাৰ গাঁওখনলৈ বৈ অহা বুলি শুনিছিলোঁ, কিন্তু সেই নিজৰাবোৰৰ চিন-মোকাম আজি আৰু পাবলৈ নাই। গাঁওখনৰ মাজত মন্দিৰ এটাৰ সন্মুখত এখন বিশাল পথাৰ । যাদুকৰজনে তেওঁৰ গাড়ীত বোজাই দি সা-সৰঞ্জামবোৰ আনি এই পথাৰখনতে নমাইছিল।

 

সা-সৰঞ্জামসমূহৰ লগতে যাদুকৰজনে তিনিটা শিশুকো লৈ আহিছিল। তাৰে দুজন ল'ৰা আৰু আনজনী ছোৱালী আছিল। পিছে মানুহে কোৱামতে দেখাত ছোৱালী যেন লাগিলেও সেইটোও ল'ৰাই আছিল। কিন্তু সি ছোৱালীৰ দৰে পোছাক পিন্ধিছিল আৰু তাৰ চাল-চলনবোৰো ছোৱালীৰ দৰে আছিল।

 

পথাৰৰ মাজত যাদুকৰ আৰু তাৰ তিনি সহচৰে তম্বু তৰি বিভিন্ন ধৰণৰ সা-সৰঞ্জাম যেনে চকী, মেজ, বাদ্যযন্ত্ৰ, গাড়ী আদি আনি সজাই ৰাখিছিল। সেইদিনা আছিল মংগলবাৰ। আমাৰ গাঁৱৰ সাপ্তাহিক হাটবাৰ। ওচৰ চুবুৰীয়া বহু গাঁওৰ মানুহে আহি সেইদিনা বজাৰখনত বস্তু কিনা-বেচা কৰে। পাচলি, ধান, চাউল আদি খাদ্যবস্তুৰ পৰা আৰম্ভ কৰি সংসাৰত লগা সকলো যাৱতীয় বস্তু তাত কিনা-বেচা হয়। সেয়ে সেইদিনা যাদু চাবলৈ বহু লোকৰ সমাগম হৈছিল। নিজৰ সা-সৰঞ্জামবোৰ সজোৱাৰ পাছত যাদুকৰে হাতত থকা ডম্বৰুটো ইমান জোৰকৈ বজাই দিলে যে খুব কম সময়ৰ ভিতৰত দৰ্শকে আহি যাদুকৰৰ চাৰিওকাষে জুম বান্ধিলেহি।

ৰঙবিৰঙৰ পোছাক পিন্ধি যাদুকৰে তাৰ ভাষাৰে কি কিবোৰ যে কথা কবলৈ আৰম্ভ কৰিলে! মন্ত্ৰ মাতি এটাৰ পাছত এটা যাদু দেখুৱাবলৈ আৰম্ভ কৰিলে। তাৰ হাতত থকা যাদু দণ্ডডাল লৰাই লৰাই সি তাৰ মন্ত্ৰ মাতি যোৱাৰ পাছত এনেকুৱা অসম্ভৱ কিছুমান ঘটনা জনচক্ষুৰ আগত ঘটিবলৈ ধৰিলে যে যিবোৰ ঘটনা এই অঞ্চলৰ ৰাইজে কাহানিও দেখা নাছিল।

যাদুকৰৰ সৈতে অহা শিশু তিনিটাইও যাদু খেলত অংশ গ্ৰহণ কৰিছিল।

 

কিছু সময় পাছত সন্মুখলৈ লৈ অহা হ'ল এটি ৰংচঙীয়া বাকচ। তাত এনেধৰণে কব্জা লগোৱা আছিল যে ইয়াক চাৰিওফালৰ পৰা খুলিব আৰু বন্ধ কৰিব পাৰি। চিকমিকিয়া কাপোৰ পিন্ধা ছোৱালীজনীয়ে যাদুকৰৰ কথা মতে দৰ্শকলৈ চাই পটু খেলুৱৈৰ দৰে হাঁহি হাঁহি হাত জোকাৰি সেই বাকচটোৰ ভিতৰত সোমাল। বাকচটোৰ ঢাকনিখন জপাই যাদুকৰে তাৰ চাৰিওফালে শিকলিৰে মেৰিয়াই এটা মস্ত তলা লগাই দিলে। এইবাৰ যাদুকৰে তাৰ হাতত থকা যাদুদণ্ডডাল ঘূৰাই ঘূৰাই এনেদৰে মন্ত্ৰ মাতিলে যে দুই মিনিট পিছত বাকচটো খোলাত তাৰ ভিতৰত ছোৱালীজনীক আৰু দেখা পোৱা নগ'ল। বৰং বগা পাৰ' চৰাই এজনী বাকচটোৰ ভিতৰৰ পৰা ডেউকা কোবাই উৰি গুচি গ'ল। তাৰ পাছত পাছফালৰ পৰা হাঁহি হাঁহি হাত জোকাৰি ওলাই আহিল সেই ছোৱালীজনী। উপস্থিত দৰ্শকৰ হাত চাপৰিত সমগ্ৰ অঞ্চলটো ৰজনজনাই গ'ল। মূৰৰ টুপিটো খুলি হাতত লৈ যাদুকৰে দৰ্শকৰ ফালে মূৰ দোৱাই ক'লে, "মোৰ ভাই-ভনীসকল, তোমালোকৰ ভিতৰত কোনোবাই যদি এনেদৰে নিৰুদ্দেশ হ'ব বিচৰা তেন্তে আহিব পৰা। ভয় কৰিবলগীয়া একো নাই।"

 

প্ৰথমতে কোনো সঁহাৰি পোৱা নগ'ল। কিছু সময় পাছত নীলম নামৰ ১৩/১৪ বছৰীয়া ছোৱালী এজনী আগবাঢ়ি আহি ক'লে, "মই আহিছোঁ। মোক অন্তৰ্ধান কৰি দিয়ক।"

 

নীলম আমাৰ গাঁওখনৰে ছোৱালী। কিন্তু তাৰ মাক-দেউতাক বহু বছৰ পূৰ্বে আন দেশৰ পৰা আহি ইয়াত বাস কৰিবলৈ লৈছিল। তাইৰ দেউতাক ৰামজী লোহাৰে কমাৰশাল খুলি দা, কোৰ, কুঠাৰ আদি বনাইছিল আৰু শান দিছিল। নীলম আৰু তাইৰ মাকে কমাৰশালত ৰামজীক সহায় কৰিছিল।

 

নীলম নামৰ ছোৱালীজনী বাকচত সোমোৱাৰ পিছত বাকচটো শিকলিৰে বান্ধি, তলা লগাই যাদুকৰে ৰাইজক ক'লে "যিয়ে বিচৰা ইয়ালৈ আহি পৰীক্ষা কৰিব পাৰা, বাকচটো ঠিকমতে বন্ধ হৈছে নে নাই।" গাঁওৰ গণিত মাষ্টৰ চতুৰ্ভুজ নায়কে বাকচটোৰ চাৰিওফালে ঘূৰি নিৰীক্ষণ কৰি দেখিলে সকলো ঠিকেই আছে।

 

তাৰ পাছত ভিতৰত থকা ছোৱালীজনীৰ নৃত্য আৰম্ভ হ', বাহিৰত চলিল যাদুকৰৰ মন্ত্ৰ। কিছুসময় পাছত বাকচ খোলা হ'ল। বগা পাৰ' এজনী উৰি গ'ল। কিন্তু ভিতৰত নীলম নাই!

 

নীলম ক'লৈ গ', তাকে চাবলৈ গঞা ৰাইজ উৎকণ্ঠিত হৈ পৰিল। কিন্তু প্ৰথমবাৰৰ ছোৱালীজনীৰ দৰে নীলম আৰু ওলাই নাহিল। ৰাইজে চাৰিওফালে বিচাৰি চলাথ কৰিলে কিন্তু নীলম নাই। সেই যে নীলম অন্তৰ্ধান হ'ল আজিলৈকে তাইক আৰু বিচাৰি পোৱা নগ'ল।

 

নীলমৰ মাকে ৰাউচি জুৰি কান্দি কান্দি কলে "দুষ্ট যাদুকৰে সঁচাকৈ মোৰ ছোৱালীজনীক পাৰ' সজাই উৰুৱাই পঠিয়ালে।"

 

মানুহে ওপৰফালে আকাশলৈ চালে। দেখিলে ওপৰত দল বান্ধি চৰাই উৰিছে। কিন্তু তাৰ ভিতৰত কোনজনী পাৰ, কোনজনী নীলম বুজাৰ কোনো উপায় নাই।

 

(২)

 

এই কথা সঁচাই হওক বা মনে গঢ়া সাধুৱেই হওক এয়া আমাৰ গাঁওত প্ৰচলিত এক জনশ্ৰুতি। একাংশ লোকে ইয়াক ঘঁহি মাজি ৰহণ আৰু বৰণ সানি বৰ্ণনা কৰা মই শুনিছোঁ। আমাৰ গাঁওৰ শিক্ষিত, অৰ্ধ শিক্ষিত অনেকেই ইয়াক অসত্য বুলি প্ৰত্যাখ্যান কৰিলে। আমিও গাঁওবাসীক কলোঁ যে এইবোৰ কথা আন কাৰো আগত কৈ হাঁহিয়াতৰ পাত্ৰ হোৱাৰ প্ৰয়োজন নাই। নহলে কুশপাৰাক লৈ মানুহে হাঁহিব। কুশপাৰা গাঁওৰ অধিবাসীসকল নিৰ্বোধ আৰু অন্ধবিশ্বাসী বুলি পৰিচিত হ'ব। এনেদৰে ক্ৰমশঃ কথাটি তল পৰিল। বছৰ বছৰ পাছত ই প্ৰায় বিস্মৃত হল। কিন্তু হঠাৎ কথাটিয়ে গাঁওবাসীৰ মনত পুনৰ নতুন জীৱন পালে- যেতিয়া গাঁওলৈ আহিল মধু ককা। সঁচাকৈয়ে নীলমে যেন পুনৰজন্ম লাভ কৰিলে।

 

মধু ককা কোন? এওঁৰ নামটো হ'ল মধুকৰ নন্দ। হাইকৰ্টৰ অৱসৰপ্ৰাপ্ত বিচাৰপতি। আমাৰ গাঁওৰ জনপ্ৰিয় উকীল দেবনাথ ছাহুৰ সৈতে কোনোবা কলেজ হোষ্টেলত একেটা কোঠাতে ছাত্ৰজীৱন কটাইছিল মধু ককাই। দুবছৰ আগতে চাকৰিৰ পৰা অৱসৰ লৈ দিল্লীত নিজাকৈ ঘৰ সাজি বাস কৰিবলৈ ললে মধু ককাই। প্ৰকৃততে মধু ককা আমাৰ কাৰো ককা নহয়। উকীল দেবনাথ ছাহুৰ সৈতে থকা বন্ধুত্বৰ সম্পৰ্কটো বাদ দিলে এই গাঁওৰ সৈতে তেওঁৰ কোনো সম্পৰ্কও নাই।

 

দিল্লী চহৰত বাস কৰা মানুহ এজন কুশপাৰা গাঁওলৈ আহিল কিয়? দেবনাথ উকীলৰ পিতৃ ৮৮ বছৰ বয়সত পৰলোকগামী হল। তেওঁ আছিল  মধু ককাৰো  পিতৃতুল্য। এই খবৰ পাই স্থিৰ কৰিলে যে তেওঁ কুশপাৰা গাঁওলৈ আহিব, বন্ধুৰ শোকৰ সমভাগী হ'বলৈ। বহুত বছৰ পাছত বন্ধুক লগ পাই ভাল লাগিব। লগতে দিল্লীৰ চহৰীয়া জীৱনৰ পৰা কেইদিনমানৰ বাবে হ'লেও অব্যাহতি পাব। তেনে এটা মন লৈ শুদ্ধি ক্ৰিয়াৰ সপ্তম দিনা জাষ্টিচ মধুকৰ নন্দ দিল্লীৰপৰা উৰা জাহাজেৰে আহি বিমান বন্দৰৰ পৰা টেক্সী এখন লৈ আমাৰ গাঁওত উপস্থিত হ'ল।

 

তেওঁ আমাৰ ককা কেনেকৈ হ'? দেবনাথ উকীলৰ ডাঙৰ পুত্ৰ কিনু (কিশোৰ চৰণ) আমাৰ সতে একেলগে কলেজত পঢ়ে। সি মধুকৰক ককা বুলি মাতে বাবে আমিও তেওঁক ককা বুলিবলৈ ললো। তাৰ পাছত গোটেই গাঁওৰ মানুহে তেওঁক মধু ককা বুলিবলৈ ললে, আনকি গাঁওৰ জ্যেষ্ঠসকলেও।

 

কুশপাৰা গাঁওলৈ অহাৰ আগলৈকে আমি কোনেও মধু ককাক দেখা নাছিলোঁ, আহি পোৱাৰ লগে লগে কিনু আৰু তেওঁৰ দেউতাকে তেওঁক আমাৰ সৈতে পৰিচয় কৰাই দিলে। মধু ককাই এনেদৰে আচৰণ কৰিবলৈ ললে যেন তেওঁ সঁচাকৈয়ে গাঁওখনৰ আটাইৰে ককা।  এই গাঁওত চাৰিদিন থাকি তেওঁ দিল্লীলৈ উভতিবৰ কথা। কিন্তু হঠাৎ খবৰ আহিল, কৰোণাৰ বাবে গোটেই দেশতে আৰম্ভ হ'ল লকডাউন। উৰাজাহাজ, বাছ, ট্ৰেইন সকলো বন্ধ হৈ পৰিল। শুদ্ধিক্ৰিয়াত যোগ দিবলৈ অহা অন্য তিনিজন অতিথি গুচি গল, কিন্তু মধু ককা গাঁওতে বন্দী হৈ ৰৈ গল।

 

কিন্তু ইযাক লৈ তেওঁ বিশেষ বিব্ৰত হোৱা যেন দেখা নাপালোঁ। বৰং যেতিয়া তেওঁ জানিলে যে অতি সোনকালে দিল্লীলৈ উভতি যোৱাৰ পথ বন্ধ, তেওঁ জেদ ধৰিলে গাঁওখনতে অন্য এটা ঘৰ ভাড়ালৈ লৈ তেওঁ ইয়াতে থাকিব।

 

মধুকৰৰ প্ৰস্তাবটো পাই দেবনাথ উকীলৰ গাত সৌকাৰ কোব পৰা যেন লাগিল। তেওঁৰ আতিথ্যত কিবা ত্ৰুটি ৰৈ গ'ল নেকি বা জাষ্টিচ মধুকৰ নন্দ দিল্লীৰ যি জীৱনশৈলীত অভ্যস্ত, তাৰ সৈতে তেওঁৰ আতিথ্য খাপ নাখালে নেকি বুলি আশংকা কৰি তেওঁ বন্ধুক বাহিৰত ঘৰ ভাড়া লৈ থকাত অমান্তি হল। শেষত মধু ককাৰ কথা ৰল, কিন্তু আধা। বাকী আধা কথা ৰল দেবনাথ উকীলৰ। তেওঁক দেবনাথ উকীলে নিজৰ ঘৰৰ এটা অংশ খালি কৰি আচবাব পত্ৰৰে এনেদৰে সজাই দিলে যাতে মধু ককাই স্বাধীনভাৱে থাকিব পাৰে। কিন্তু তাৰ বাবে মধুককাই ভাড়া দিব। খোৱা বোৱাৰ দায়িত্ব কিন্তু দেবনাথ উকীলৰ। সেইখিনি সৌজন্যতাৰ পৰা তেওঁক বঞ্চিত নকৰিবলৈ মধু ককাও সন্মত হ'ল।

 

কিছুদিন পাছত তেওঁৰ চাল চলন এনেকুৱা হৈ পৰিল যেন তেওঁ আমাৰ গাঁওৰ অতিথি নহয়, স্থায়ী বাসিন্দাহে। গাঁওবাসীৰ সৈতে তেওঁৰ কেৱল পৰিচয় নহয়, আত্মীয়তা গঢ়ি উঠিল। বেছি ঘণিষ্ঠতা হ'ল আমাৰ দলটোৰ সৈতে। মোৰ বন্ধু কিণু (কিশোৰ চৰণ), মই আৰু মোৰ সহপাঠী বানা (বানাশ্বৰ) প্ৰায় প্ৰতিদিন কৰবাত নহয় কৰবাত একেলগ হৈ কিবা নহয় কিবা কথা পাতো। মধু ককাই ক'লে, "মোৰ ঘৰতে বহা নাইবা তোমালোকে য'ত বহা মোকো তালৈকে লৈ যোৱা।"

 

বছৰ বছৰ ধৰি "ইয়ৰ অনাৰ" বুলি সম্বোধিত হৈ অহা দিল্লী নিবাসী এগৰাকী ব্যক্তি যি আমাৰ বাবে অন্য গ্ৰহৰ পৰা অহা অতিথিস্বৰূপ, তেওঁ এদিন নীলমৰ কাহিনী শুনি উৎফুল্লিত হৈ আমাক কলে, "ইমান ধুনীয়া কাহিনী! তোমালোকে নীলমক গাঁওৰ ভিতৰতেই কবৰ দি ৰাখিছা। ইমান দিনে মোক জনোৱা নাছিলা কিয়?"

 

মই, কিনু আৰু বানা- আমি কোনেও ইয়াৰ উত্তৰ দিব পৰা নাছিলোঁ। মধু ককাই পুনৰ ক'লে, "ইমান সহজে তোমালোকে ছোৱালীজনীক পাহৰি পেলালা!"

 

তাৰ পাছত তেওঁ সেই পুৰণা লোককথাটোক এনেদৰে খান্দিবলৈ ধৰিলে- যেন কোৰ্টত মোকৰ্দমাহে চলিছে। বাদী বিবাদী সমস্তৰে বক্তব্য শুনি তেওঁ যেন কিবা ৰায়দানহে কৰিব।

 

(৩)

 

প্ৰকৃততে কুশপাৰা গাঁওৰ ৰাইজে যে নীলমক একেবাৰে পাহৰি পেলাইছিল তেনেকুৱা নহয়। মাজে মাজে বিভিন্নজনৰ কথা বাৰ্তাত সেই বিস্মৃত অতীত উঠি আহিছিল। তাৰ লগতে আৰু দুটা কথা আলোচিত হৈছিল। এটা হ'ল নীলমৰ বিষয়ে। গাঁওত কথা ৰৈ গৈছিল যে নীলম ছোৱালীজনী আছিল অনিন্দ্য সুন্দৰী। সুতীব্ৰ চাৱনি তাইৰ। মুখমণ্ডল উজ্জ্বল। মিঠা তাইৰ কণ্ঠস্বৰ । সপ্ৰতিভ ব্যৱহাৰ তাইৰ। যিবোৰ কথা শুনি আমাৰ ভাৱ হৈছিল যে নীলম হয়তো আমাৰ গাঁওত আজিলৈকে ওপজা ছোৱালীবোৰৰ ভিতৰত আটাইতকৈ সুন্দৰী আছিল। দ্বিতীয় কথাটি হ'ল নীলমৰ অন্তৰ্ধান বিষয়ত বিভিন্ন মতবাদ, বিবাদ, অপবাদ। নীলমক যাদুকৰে কৌশলেৰে তেওঁৰ গাড়ীত লৈ গ', যেনেদৰে সি আন শিশু কন্যাটিকো আন কৰবাৰপৰা হয়তো আনিছিল। নহ'লে নীলম সঁচাকৈ পাৰ' হৈ আকাশলৈ উৰি গ'ল। মানুহ হিচাবে জন্ম লৈছিল যদিও তাইৰ ভাগ্যত হয়তো আছিল চৰাইৰ জীৱন। নাইবা যাদুকৰে মন্ত্ৰৰে চৰাইজনীক পাৰ' কৰি পেলোৱাৰ পিছত পাৰ'টিক পুনৰ মানুহ কৰি তোলাৰ মন্ত্ৰটি পাহৰি গ', যাৰ বাবে তাই পুনৰ মানুহৰ ৰূপ পাব নোৱাৰিলে। আৰু শেষত এটা অৰুচিকৰ অপবাদঃ নীলমৰ হয়তো কোনোবা যুৱকৰ সৈতে প্ৰণয়ৰ সম্পৰ্ক আছিল, সুযোগ বুজি তাই তাৰ সৈতে পলাল। মই শুনিছিলোঁ যে এই ঘটনাৰ পাছত আমাৰ গাঁও আৰু ওচৰ চুবুৰীয়া গাঁওবোৰৰ ডেকা ল'ৰাবোৰৰ হিচাব কৰা হৈছিল, কিন্তু জনা গ'ল যে কোনো যুৱক নিৰুদ্দেশ হোৱা নাই বা কোনেও তাইক বোৱাৰী চপোৱা নাই। সেয়ে সৰহভাগে এই অপবাদ মনেৰে গ্ৰহণ কৰা নাছিল। লগতে গাঁওত এনে এচাম মানুহো আছিল যাৰ মতে এই গোটেই কাহিনীটোৱেই কাল্পনিক। তেওঁলোকে ইয়াক মনে সজা কাহিনী বুলি প্ৰচাৰ কৰিছিল।

 

লোকশ্ৰুতি অনুসাৰে নীলম অন্তৰ্ধান হোৱাৰ পাছত তাইৰ মাক আৰু দেউতাকে আমাৰ গাঁও আৰু ওচৰ চুবুৰীয়া গাঁওবোৰত জীয়েকক বিচাৰি ঘূৰি ফুৰিছিল। খাল-বিল, হাবি-জংগল সকলো চলাথ কৰিও তেওঁলোকে তাইক বিচাৰি নাপালে। তাৰ পিছত মনৰ দুখত তেওঁলোকে এই গাঁও এৰি কৰবালৈ গুচি গল। তেওঁলোকৰ ঠিকনা এতিয়া আৰু কোনেও নাজানে।

 

নীলমৰ নিৰুদ্দেশৰ পাছত তাইক মাজে মাজে আমাৰ গাঁৱৰ আমগছৰ তলত, কাৰোবাৰ ঘৰৰ সন্মুখত নিশাৰ ভাগত কান্দি আৰু মাক-দেউতাকক বিচাৰি থকা এচামে দেখা পাইছিল বুলিও গুজব ওলাইছিল। এটা সময়ত সেই গুজৱবোৰ নিজে নিজে শাম কাটিছিল।

 

পাছত গাঁওৰ অন্য কিছু মানুহক প্ৰশ্ন কৰি, উত্তৰ সংগ্ৰহ কৰি মধুককাই কলে, "তোমালোকে খুব ভুল কৰিছা।"

কি ভুল?

কথাৰ সুৰ সলনি কৰি ককাই সুধিলে, জাৰ্মানীত হামলিন বুলি এখন চহৰ আছে। শুনিছানে?

আমি শুনা নাছিলোঁ।

-"সেই ঠাইত বহু বছৰ আগতে তেনেধৰণে এজন যাদুকৰে গাঁওৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক মন্ত্ৰ মাৰি অন্তৰ্ধান কৰি পেলালে। সেই ল'ৰা ছোৱালীবোৰ চিৰদিনৰ বাবে হেৰাই গ'ল। সেই কথা শুনিছানে?"

হঠাৎ কিনুৱে কৈ উঠিল,"পাএড পাইপৰ অৱ হামলিন (pied piper of Hamelin) ?"

ঠিক বুজিছা। সেই কাহিনী অকনমান কব পাৰিবানে?

কিনুই কবলৈ ৰাজী নোহোৱাত মধু ককাই নিজেই কবলৈ ধৰিলে, "হামলিনৰ মহা উপদ্ৰপকাৰী এন্দুৰবোৰক যাদুকৰে কেনে ধৰণে বাঁহী বজাই খেদি পঠিয়ালে আৰু তাৰ পাছত ঠিক সেই উপায়েৰে ৰাজ্যৰ শিশুবোৰক কৰবালৈ লৈ গল। কাহিনীটো কৈ শেষ কৰি মধু ককাই সুধিলে, "এই কাহিনীটো তোমালোকে সঁচা ঘটনা বুলি ভাবিছানে?"

- "মুঠেই নহয়, এইটো কেৱল এটা গল্প।"

-"ঠিক, কিন্তু সেই গল্পৰ বাবে এতিয়াও হামলিন চহৰত অগণন পৰ্যটকৰ সমাবেশ হয়। বহুতে এই গল্পটোক সঁচা বুলিও‌ ভাবে। খুব সুন্দৰ চহৰ। তাত এটা সুন্দৰ গীৰ্জা আছে য'ত প্ৰতি দেওবাৰে নামী-দামী তথা জনপ্ৰিয় অভিনেতাসকলে সেই ঘটনাটোক  অভিনয় কৰি দেখুৱায়। সমগ্ৰ পৃথিৱীত হামলিনৰ খ্যাতি কেৱল সেই যাদুকৰৰ কেৰামতিৰ বাবে। বুজিলানে?"

 

কিছু সময় নীৰবে ৰৈ মধু ককাই আমাৰ প্ৰত্যুত্তৰৰ বাবে অপেক্ষা কৰি তাৰ পাছত নিজেই ক'বলৈ ধৰিলে, তোমালোক আটায়ে তোমালোকৰ এই কুশপাৰা গাঁওক হামলিন বুলি নাভাবা কিয়?"

তাৰ পাছত তেওঁ পুনৰ ক'লে- "তোমালোকে কোনোবাই লক্ নেছ্ মনষ্টাৰৰ কথা শুনিছানে? যদি নাজানা তেনেহলে শুনা। স্কটলেণ্ডত লকনেছ নামেৰে এটি হ্ৰদ আছে। বৰ সুন্দৰ সেই হ্ৰদটো। সুগভীৰ নীলা পানী। অগণন পৰ্যটকে সেই পানী চাবলৈ হ্ৰদৰ পাৰলৈ আহে। কিয় জানানে? প্ৰবাদ আছে যে তাৰ ভিতৰত কিম্ভুত কিমাকাৰ ৰাক্ষস বা মনষ্টাৰ এটা আছে। এই কথা তোমালোকৰ সঁচা যেন লাগিছেনে?"

-"এই কথাও আমাৰ কাল্পনিক যেনহে লাগিছে।"

ময়ো তেনেদৰে ভাবো। কিন্তু ময়ো লকনেছ হ্ৰদ চাবলৈ গৈছিলোঁ। মোৰ দৰে অনেকে তালৈ আহে। এতিয়া নিশ্চয় বুজিছা কিম্বদন্তী, লোককথা, মিছা গল্পবোৰৰ  কেনেধৰণৰ এক অনামী আকৰ্ষণ থাকে।

উৰিষ্যাৰ চিলিকা হ্ৰদৰ পটভূমিত সৃষ্ট কালীজাইৰ কাহিনীটো তোমালোকে  নিশ্চয় জানা? তোমালোকে কি ভাবা? সঁচাকৈ বতাহে আহি কালীজাইক গিলি পেলালে?

-"সেইটো সঁচা কথা" মই কলোঁ।

-"'ব পাৰে। কিন্তু সঁচা হওক বা মিছা হওক, সেইটোও এটা কিম্বদন্তী।"

-"মই মানি ললোঁ, মধু ককাই কলে। তোমালোকৰো কিম্বদন্তী আছে। তাক এনেধৰণে মাৰি পেলাইছা কিয়?"

 

এনেধৰণৰ যিবোৰ কাহিনী গাঁওত পোত খাই আছে, সেইবোৰ মধু ককাই খান্দি উলিয়াবলৈ চেষ্টা কৰিলে। অৱশ্যে এই সম্পৰ্কত তেওঁ উত্থাপন কৰা অধিকাংশ প্ৰশ্নৰ উত্তৰ কাৰো হাততে নাছিল। যেনে- এই কথা সেই সময়ৰ সংবাদপত্ৰত প্ৰকাশ পাইছিল নে নাই? যদি পাইছিল, তেন্তে সেই খবৰ কাগজ এতিয়া ক'ত পোৱা যাব? নীলমৰ মাক দেউতাক বা আন কোনোবাই পুলিচক খবৰ দিছিল নে নাই? খেল শেষ হোৱাৰ পিছত যাদুকৰ তাৰ পৰা পলাল নে কিছুদিন বা কিছুসময় গাওঁতেই থাকিল? যাদুকৰৰ নাম, ঠিকনা, গাঁওবুঢ়াৰ ফাইলত বা গাঁওৰ কোনোবাই নিশ্চয় লিখি ৰাখিছিল। নীলমৰ অকলশৰীয়া বা গ্ৰুপ ফটো কাৰোবাৰ হাতত এতিয়াও আছে নেকি?

 

বাহিৰলৈ আহি বানাই বিৰক্ত হৈ আমাক কলে, "এই বুঢ়াৰ মূৰৰ দোষ হৈছে। এওঁ আমাৰো মূৰবোৰো নষ্ট কৰিব।"

 

কিন্তু বানাৰ বিৰক্তি কিমান কৃত্ৰিম আছিল, তাক জনা গল, যেতিয়া সি পিছদিনা আমাৰ স'তে মধু ককাৰ কোঠালৈ আহি নিজৰ ফালৰ পৰা নীলমৰ প্ৰসংগ পুনৰ উত্থাপন কৰিলে। প্ৰকৃত কথা হ', মধু ককাৰ প্ৰভাৱত আমাৰ মনতো আমাৰ গাঁওৰ এই লোককথা ভিন্ন ৰূপেৰে উজলি উঠিছিল। বানাও তাৰ ব্যতিক্ৰম নহয়।

 

মধু ককাই কলে, "মাত্ৰ ৫০/৬০ বছৰ আগৰ কথা। তেতিয়াৰ সৰু সৰু লৰা ছোৱালীবোৰ নিশ্চয় এতিয়াও জীয়াই আছে। মোক তেওঁলোকৰ সৈতে চিনাকী কৰাই দিয়াচোন। মই কথা পাতিব খোজো।"

 

তাৰ পাছত মোৰ ফালে চাই কলে, "ৰমেশ, এয়া তোমাৰ দায়িত্ব।"

 

মধু ককাৰ আদেশ মানিয়েই হওক বা মোৰ কৌতুহল নিবৃত্তিৰ বাবেই হওক, মই গাঁওত খবৰ লৈ প্ৰথম কিস্তিত গাঁওৰ দুজন বুঢ়া লোকক মাতি আনি মধু ককাৰ আদালতত থিয় কৰালোঁ।

 

তেওঁলোকে আটায়ে আনন্দেৰে মধুককাৰ স'তে কথা পাতিবলৈ ধৰিলে। তেওঁলোকৰ কথাৰ ৰসবোধ দেখি মোৰো ভাল লাগিল। মোৰ এনেকুৱা লাগিল, মধু ককাই যেন আমাৰ এই গাঁও এৰি আৰু কোনো দিনে দিল্লীলৈ উভতি নাযাব!

 

বিৰাশী বছৰ বয়সৰ যদুমণি পাণ্ডা আমাৰ গাঁওত নদীকুলীয়া ব্ৰাহ্মণ হিচাপে পৰিচিত। যাদুকৰে খেল দেখুওৱা সময়ত তেওঁ মন্দিৰৰ পূজাৰী আছিল। অলপ লৰচৰ কৰি বহি লৈ তেওঁ কলে, "খেল দেখুওৱা সেই পথাৰখনৰ সমীপতে মন্দিৰটো। মই মন্দিৰতে আছিলোঁ। মোৰ বৰ ইচ্ছা গৈছিল এই মায়াজাল চাবলৈ। কিন্তু সেইদিনা হাট থকা বাবে মন্দিৰলৈ মানুহৰ আহযাহ অধিক আছিল। মই অধিক দক্ষিণা পোৱাৰ আশাৰে মন্দিৰ এৰি নগলোঁ। মন্দিৰৰ শিখৰৰ পৰা মই খেল চাইছিলোঁ।"

 

পূজাৰী ব্ৰাহ্মণে কিছুসময় চুপ হৈ থাকি পুনৰ কলে, "সেই মায়াবী লোকজনে বাকচটো খুলি পাৰ' উৰুৱালে কি নাই, মন্দিৰৰ শিখৰত ধৰফৰ শব্দ হল। মই ওপৰলৈ চাই দেখিলোঁ, বগা পাৰ' এটিয়ে পাখি মেলি ৰৈ আছে। যেনিবা সি কিবা কৰিবলৈহে বিচাৰিছে। এই কথা সত্য সত্য, তিনিবাৰ সত্য।"

 

মাগুনী নাহাকে কলে, "সেই যাদুকৰজন অহাৰ সময়ত মই তাতেই আছিলোঁ। গাড়ীত তিনিজন মানুহ আৰু বহুতো সৰঞ্জাম আছিল। তিনিজন অহাটো মই দেখিছিলোঁ, কিন্তু কেইজন গ'ল মই লক্ষ্য নকৰিলোঁ।"

 

নটবৰ দাসক বিচাৰি উলিয়াওতে কিছু সময় লাগিল, কাৰণ তেওঁ আমাৰ গাঁওৰ কাষৰ ঝৰগাঁওৰ লোক। এওঁৰ টেইলৰিঙৰ দোকান আৰু ফটো ষ্টুডিঅ' আছে, একেটি ঘৰতে। তেওঁ নিজে ফটোগ্ৰাফাৰ আৰু টেইলৰিং মাষ্টাৰ। মধু ককাক নমস্কাৰ জনাই নটবৰে পকেটৰপৰা এখন ভিজিটিং কাৰ্ড উলিয়াই দিলে- যিখনৰ কোনো প্ৰয়োজন নাছিল।

মধু ককাৰ কেবাটাও পোনপটীয়া প্ৰশ্ন এৰাই চলি নটবৰ দাসে নিজৰ ভাষ্য প্ৰদান কৰিলে, "যাদুখেলৰ আগতেও তেওঁ ৰামজী চহাৰৰ কমাৰশালত নীলমক দেখিছিলে। সেই সময়ত তেওঁৰ বয়স ১৬/১৭। কেৱল নীলমক চাবৰ বাবেই তেওঁ মাজে মাজে কামৰ অজুহাত উলিয়াই কমাৰশাললৈ গৈছিল। তেওঁও সিদিনা যাদুখেল চাইছিল। নীলমে হাঁহিমুখেৰে বাকচৰ ভিতৰত প্ৰৱেশ কৰাৰ পৰত অন্য দৰ্শকসকলে হাত চাপৰি বজাইছিল, কিন্তু নটবৰে মুগ্ধ হৈ কেৱল নীলমকহে প্ৰাণ ভৰি চাইছিল। বাকচ বন্ধ হোৱাৰ সময়ত তেওঁ নীলমক শেষ মুহূৰ্ত পৰ্যন্ত প্ৰাণভৰি চাইছিল। বাকচ বন্ধ হোৱাৰ পাছত তেওঁৰ স্বপ্নাতুৰ নয়নে অপেক্ষা কৰি আছিল খেল শেষ হোৱাৰ পাছত পুনৰ সেই লাৱণ্যময়ী প্ৰতিমাৰ চেহেৰাটি চাবলৈ। কিন্তু নিষ্ঠুৰ বিধিয়ে

সেই সুযোগ আৰু তেওঁক নিদিলে। তাই নিৰুদ্দেশ হোৱাৰ পিছত তেওঁ স্থিৰেৰে থাকিব পৰা নাছিল। তেতিয়া তেওঁ কিশোৰ। গাঁওৰ আশে পাশে কিমানদিন তেওঁ আলঙে আলঙে ঘূৰি ফুৰিছিল এই আশাৰে যে তেওঁ কোনো নহয় কোনো এদিন নীলমক লগ পাই যাব। আকাশত উৰি ফুৰা চৰাইবোৰক ঘণ্টা ঘণ্টা ধৰি চাইছিল। কিজানি কেতিয়াবা তাতেই নীলমৰ সন্ধান পায়! কেৱল তেৱেঁই নহয়, তেওঁৰ বয়সৰ অনেক যুৱকৰ সেই দশা হৈছিল, অৱশ্যে লুকা চুৰিকৈ। সেই অব্যক্ত প্ৰেমৰ বিষয়ে নীলমে কিন্তু একো নাজানিছিল।

 

নটৱৰ দাসৰ পাছত মই আৰু কাকো বিচাৰি নাপালোঁ। কিন্তু দুদিন পাছত কনকপুৰ মৌজাৰ শীতল প্ৰধান কেনেবাকৈ আহি নিজে নিজে মধুককাৰ সন্মুখত উপস্থিত হ'ল। তেৱোঁ যাদুকৰৰ মায়াজাল প্ৰত্যক্ষ কৰিছিল। অলপ আঁতৰৰ গাঁৱৰ মানুহ হ'লেও তেওঁ সেইদিনা হাটলৈ আহি সুবিধা পাই যাদুখেল চাইছিল। খেলৰ শেষত নীলম অন্তৰ্ধান হোৱা বাবে আনসকলৰ লগতে তেৱোঁ যাদুকৰক ধমকি দি পুলিচত গোটাব খুজিছিল। কিন্তু যাদুকৰে হাতযোৰ কৰি অতি বিনয়েৰে কৈছিল যে ইয়াত তেওঁৰ কোনো দোষ নাই। বাকচ খোলাৰ আগতেই তেওঁ নীলমক উলিয়াই পঠিয়াইছিল, কিন্তু তাই ক'লৈ গুছি গ', তেওঁ সঁচাকৈয়ে একো নাজানে।

 

এদিন হঠাৎ মধুককাই ক'লে- বলা, যাদুখেল হোৱা সেই বাকৰিলৈ গৈ এবাৰ চাই আহোঁগৈ। বৰ বেছি দূৰ নহ'য় যদিও দেৱনাথ উকীলে তেওঁক গাড়ী যাচিলে। কিন্তু মধুককাই খোজকাঢ়ি যোৱাটোকে পচন্দ কৰিলে। মই, কিণু আৰু বানাও তেওঁৰ স'তে ওলালোঁ। গাঁৱৰ আৰু বহু লোকে স্বতস্ফুৰ্তভাবে আমাক সংগ দিলে।

 

মই সপোন দেখিছোঁ, অন্তৰ্ধান হোৱাৰ পাঁচ-ছয়টা দশক পাছতো নীলম যেন আগৰ সেই কিশোৰীজনীয়েই হৈ আছে।

 

আমি আগতে যি ভাবিছিলোঁ, দুই কিলোমিটাৰ খোজকঢ়াৰ সময়ত সেই ধাৰণা আৰু দৃঢ় হ'ল। আমাৰ গাঁৱৰ কথা বাদেই, জাষ্টিছ মধুকৰ নন্দই কেতিয়াও কোনো গাঁও দেখিছিল বুলি আমাৰ বিশ্বাস নহ'ল। ধান-মাহৰ খেতি, বোকাৰ দোঙত ডুবি থকা ম'হৰ জাক, ৰাস্তাৰ কাষত মলত্যাগ কৰি থকা বস্ত্ৰহীন শিশু আদি দৃশ্যই তেওঁক এনেদৰে আকৰ্ষণ কৰিছিল যে তেওঁ ৰ' লাগি চাইছিল আৰু পকেটৰ পৰা মোবাইল ফোনটো উলিয়াই এই দৃশ্যবোৰ কেমেৰাত বন্দী কৰিহে ক্ষান্ত হৈছিল। আমি বুজিছিলোঁ, তেওঁ কেইখনমান ডাঙৰ চহৰৰ বাদে আন কলৈকো যোৱা নাই। হয়তো আমাৰেই সৌভাগ্য!

 

পঞ্চাশ-ষাঠিবছৰ এই গাঁৱতে বাস কৰা ব্যক্তিসকলে ক'লে যে দৃশ্যপটৰ একো সলনি হোৱা নাই। যাদু প্ৰদৰ্শিত হোৱা পথাৰখনো একেদৰেই আছে। অলপ আঁতৰত পাহাৰখন, অদূৰত মন্দিৰটো, ওপৰত আকাশখন আৰু আকাশত উৰি থকা পখীৰ জাক!

 

আমি আটাইয়ে কিছু পৰিমাণে ভাবুক আৰু স্বপ্নীল হৈ পৰিছিলোঁ। বানাই মোৰ কাণৰ কাষত কৈছিল- মধুককাই হয়তো আমাৰ গাঁৱক লৈ কিবা কিতাপ লিখিব! কিছুসময় ইফাল-সিফাল পদচালনা কৰি এইবাৰ মধুককাই মন্দিৰৰ বাৰাণ্ডাত বহি ললে। আমিও তেওঁক ঘেৰি লৈ বহি পৰিলোঁ। কোনোবা এজনে তেওঁৰ হাতত এটি ডাব দিলে। ডাবৰ পানী খোৱাৰ পিছত মধুককাই ধ্যানৰ ভংগীত বহিলে আৰু আমিও লাভ কৰিলোঁ একোটাকৈ ডাব। কিছু সময় পাছত গম্ভীৰ হৈ মধুককাই কবলৈ ধৰিলে-

'তোমালোকে কি ভাবিছা যে কোনটো মেজিক, কোনটো ভেলেকী, কোনটো ডাইমিছ মই কি নাজানোঁ? কোৰ্টত বহি বাদী, প্ৰতিবাদী, সাক্ষী, উকীল আটাইৰে মুখৰ পৰা বছৰ বছৰ ধৰি মিছা কথা শুনি শুনি তাৰ ভিতৰৰপৰা সঁচা কথাটো ঘূকটি উলিওৱা কামটোকেই মই কৰিছিলোঁ। সেইমতেই ৰায়দান কৰিছিলোঁ। ছোৱালীজনী কোনো মেজিকৰ বলত চৰাই হৈ যাব নোৱাৰে, সেই কথা আটাইয়ে জানে, ময়ো জানো। কিন্তু এই কাহিনীটোত এক চুম্বকীয় আকৰ্ষণ আছে, যিয়ে মোক মোহিত কৰিছে। এই মিছা গল্পটোৰ মাজতো আছে এক মায়া। আমাৰ গাঁৱৰ ছোৱালীজনী চৰাই হৈ উৰি গ'ল বুলি কওঁতে বা ভাবতেও মই এক বৰ্ণনাতীত আনন্দ আৰু শিহৰণ অনুভৱ কৰোঁ। কিম্বদন্তী, লোককথা আদিয়ে এনেদৰেই জন্ম আৰু পুষ্টিলাভ কৰে। কেৱল শ শ বা হাজাৰ হাজাৰ বছৰ পুৰণি কথাইহে যে কিম্বদন্তীৰ ৰূপ ল', আমি তেনেকৈ কিয় ভাবোঁ?'

'মোৰ ইচ্ছা, (এই সকলো মিছা বুলি জানিও) এই নিৰীহ অসত্যটোক তোমালোকে স্বীকাৰ কৰি লোৱা। উপভোগ কৰা। মায়াজালত বন্দী হৈ থকা। কাৰোবাক ঠগিবলৈ বা কাৰোবাক ক্ষতি কৰিবলৈ নহয়। নিজকে ভ্ৰমত পেলাই বিভ্ৰান্ত হ'বলৈও নহয়। কেৱল নিৰ্মল আনন্দৰ বাবে। সেই অসত্যৰ মায়াত পুলকিত হৈ বাচি থাকিবলৈ। তেনে পুলক কোনে উপভোগ কৰে জানানে? শিশুসকলে। তোমালোকেও শৈশৱত এনে অবাস্তৱ সপোনৰ পম খেদি ফুৰিছিলা। ময়ো। এতিয়া পুনৰ সেই শৈশৱক মাতি আনিলে ক্ষতি কি?

 

নীলমৰ অন্তৰ্ধানৰ কাহিনীটো ৰহস্য হৈ থকাই ভাল। সঁচা হওঁক, ৰূপকথা বা জনশ্ৰুতি যিয়েই নহওঁক লাগিলে, এই ৰহস্যক বাদ দিলে কুশপাৰা গাঁৱৰ অতীত নাই, নাই ইতিহাস বা আন পৰিচয়। এনে পৰিচয়হীন গাঁও-চহৰ হাজাৰ হাজাৰখন আছে। তোমালোক সেই ভিৰত কিয় চামিল হ'বা?

 

মধুককাৰ এই কথাখিনিয়ে আমাৰ অন্তৰ স্পৰ্শ কৰিলে। আমি আটাইয়ে মৌণ হৈ ৰ'লোঁ।

 

সমস্ত গাওঁখনেই যেন এতিয়া নীলমময় হৈ পৰিছে। নীলমে যেন আমাৰ গাঁৱৰ মাটি-পানীৰ স'তে মিলি গৈ বিভিন্ন ৰূপ পৰিগ্ৰহ কৰি আমাৰ মাজতে সহাৱস্থান কৰিছে। পুখুৰীৰ শান্ত পানী যেতিয়া বিনা কাৰণতে তৰংগায়িত হ'য় আৰু এটা সময়ত নিজে নিজে সমাহিত হয়, মেঘবিহীন আকাশত যেতিয়া বিজুলীয়ে চকেমকায়, বতাহ অবিহনে যেতিয়া নাচি উঠে গছৰ পাত বা চৰাই অবিহনেও যেতিয়া শুনা যায় পক্ষীৰ গুঞ্জন, তেতিয়াই আমি নীলমৰ উপস্থিতিৰ সম্ভেদ পাওঁ।

 

(৪)

 

গোটেই দেশতে বাছ, ট্ৰেইন, উৰাজাহাজৰ চলাচল পুনৰ আৰম্ভ হোৱাৰ পাছতো মধুককাই আমাৰ গাঁও এৰি দিল্লীলৈ উভতি যাবলৈ মুঠেই খৰধৰ নকৰিলে। এবাৰ আমাৰ উপস্থিতিতে দিল্লীত থকা তেওঁৰ পুত্ৰলৈ ফোন কৰোঁতে বৰং তেওঁ ক'লে- 'মোক লৈ কিয় ইমান উৎকণ্ঠিত হৈছা? মইতো জনা নাছিলোঁ যে এই গাঁৱৰ মাটিত এনে এক অপূৰ্ব লোককাহিনী প্ৰোথিত হৈ আছে! এতিয়া জানিলোঁ যেতিয়া কিহৰ খৰধৰ?' পুতেকে বাপেকৰ মতিগতি ভালদৰে বুজিছিল, সেয়ে তেওঁ কোনো প্ৰতিবাদ কৰিব নোৱাৰিলে, বৰং চুপ হৈ ৰ'ল।

আমি গাঁৱত মধুককাৰ সংগ বাৰুকৈয়ে উপভোগ কৰিলোঁ।

 

এদিন আমাৰ হাইস্কুলৰ সাহিত্যৰ চাৰ ৰাধামোহন শতপথীয়ে দুইখিলা কাগজত গীত এটা লিখি মধুককাৰ ওচৰলৈ লৈ আহিল। গীতৰ নাম "দুষ্ট যাদুকৰ আৰু নীলম ৰহস্য"। তেওঁৰ এই ৰচনাক গীত বুলি নকৈ কবিতা বুলি কবলৈ তেওঁৰ এজন সহকৰ্মীয়ে দিয়া পৰামৰ্শক প্ৰত্যাখ্যান কৰি ৰাধামোহন শতপথীয়ে ক'লে- 'মই ইয়াক ৰাগ বংগশ্ৰীত ৰচনা কৰিছোঁ। ডাঙৰকৈ পঢ়িলে জানিব পাৰিব, এয়া কবিতা নহয়, গীতহে।'

আগ্ৰহেৰে পঢ়ি মধুককাই মন্তব্য কৰিলে, 'গীত হওঁক বা কবিতাই হওঁক, অতি সুন্দৰ হৈছে।'

দুদিন পাছত ঝৰগাঁওৰ নটবৰ দাসে তেওঁৰ দোকানখন "নীলম টেইলৰিং আৰু ফটো ষ্টুডিঅ'" নামেৰে নামকৰণ কৰি চাইনবোৰ্ড আঁৰিলে। এনেদৰে আমাৰ গাঁৱৰ বহুতো অনুষ্ঠান-প্ৰতিষ্ঠান নীলমৰ নামেৰে নামাংকিত হ'ল।

 

আমাৰ গাঁৱৰ পুখুৰীৰ পাৰত নিৰ্মাণ হ'বলগীয়া উদ্যানখনৰ নাম "নীলম পাৰ্ক" ৰাখিবলৈ গা‍ঁওবাসীয়ে প্ৰস্তাৱ আগবঢ়ালে আৰু গাঁওৰ মূৰব্বীয়ে সেই প্ৰস্তাৱ নিজৰ চুপাৰিচ সহ স্থানীয় বিধায়কলৈ প্ৰেৰণ কৰিলে। আমাৰ এনে অনুভৱ হ'ল যেন নীলমে পুনৰ প্ৰাণ পাই উঠিছে আৰু আমাৰ গাঁৱখনৰ সৰ্বত্ৰ বিচৰণ কৰি ফুৰিছে।

 

কিছুদিন পাছত মধুককা দিল্লীলৈ গুছি গ'ল। সিদিনা গাঁৱৰ গোটেইখন ৰাইজ আহি দেৱনাথ উকীলৰ ঘৰৰ সন্মুখত থিয় হ'ল। আটাইয়ে তেওঁক হাত জোকাৰি বিদায় সম্ভাষণ জনালে। মোৰ এনে ভাব হ', মানুহৰ জুমৰ মাজত যেন নীলমো উপস্থিত আছে। তায়ো হাত জোকাৰিছে। কিম্বদন্তীৰ হয়তো এনেদৰেই শ্ৰীবৃদ্ধি ঘটে।

 

লেখক পৰিচিতি: নতুন ধাৰাৰ গল্প লেখি উৰিয়া কথাসাহিত্যক সমৃদ্ধ কৰা গল্পকাৰসকলৰ অন্যতম আছিল ১৯৭০ দশকৰ আৰম্ভণিতে গল্প লেখিবলৈ আৰম্ভ কৰা সত্য মিশ্ৰ। যীশুখ্ৰীষ্ট, পাশৱিক, মাখি ও ডংকা আদি গল্পৰ জৰিয়তে সেই সময়তে বিপুল জনপ্ৰিয়তা লাভ কৰা এই গাল্পিকগৰাকীৰ প্ৰথমখন গল্প সংকলন "বহুবচন" ১৯৭৩ খ্ৰীষ্টাব্দত প্ৰকাশ পায় আৰু বহুলভাৱে চৰ্চিত হয়। তাৰ পাছত সুদীৰ্ঘ চাৰিটা দশক সাহিত্যক্ষেত্ৰৰ পৰা স্ব-নিৰ্বাসন লৈ তেওঁ ইংৰাজী সাহিত্যৰ অধ্যাপনা আৰু পাছত বেংকিং ক্ষেত্ৰত কৰ্মৰত হৈ ২০১২ খ্ৰীষ্টাব্দত জেনেৰেল মেনেজাৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰি পুনৰ সাহিত্য ক্ষেত্ৰলৈ উভতি আহে। তেওঁৰ দ্বিতীয়খন গল্প সংকলন "মিছ ৰাস্তাৰ সত" প্ৰকাশ পায় ২০১৯ খ্ৰীষ্টাব্দত।

Post a Comment

0 Comments