ভঁইশাসুৰ : মহিষাসুৰ
ভাৰতৰ প্ৰথম ধাতুবিজ্ঞানী অসুৰ সম্প্ৰদায়
মূল : শৰ্মিষ্ঠা দাস
চাদ্ৰী ভাষালৈ অনুবাদ : ৰবচন তাঁতী
অসমীয়া অনুবাদ: স্ৰোতস্বিনী তামুলী
যোৱা আঢ়ৈ বছৰ ৰাঁচী চহৰৰ প্ৰতি এক মায়াই বান্ধি ৰাখিছে। চকু মুদিলেই মন মুহি নিয়া ছোটনাগপুৰ পাহাৰৰ ছবি মনলৈ আহে। আৰু আহে ... নোমাডিক, ছেমি নোমাডিক আদিম জনগোষ্ঠীৰ বাসস্থানৰ কথা। সকলোৰে শেষত 'অসুৰ' সকলৰ কেইঘৰমান মানুহ আছে ঝাৰখণ্ডত।
হিনু ৰাঁচীৰ বাঙালী সম্প্ৰদায়ৰ লোকে বাস কৰা সবাতোকৈ পুৰণা ঠাই। ৰাঁচীৰ দুৰ্গাবাৰী আৰু হিনুৰ পুৰণা দুৰ্গাপূজাৰ মণ্ডপলৈ গ'লে বহুতো পুৰণা চিনাকি মুখ দেখিবলৈ পোৱা যায়। ২০১২ চনত হিনুৰ দুৰ্গা পূজাই এশ বছৰ অতিক্ৰম কৰিলে। স্থায়ী পকা মঞ্চ, সুন্দৰ প্ৰতিমা আৰু সাংস্কৃতিক মঞ্চ। আটাইকেইটা দিনতে ল'ৰা-বুঢ়া সকলোৱে মিলি খুব আনন্দ কৰে। তাতে চানা-বাদাম খাই থাকোঁতে এজন অসুৰ ভাইক লগ পালোঁ। তেওঁ খাটি অসুৰৰ বংশধৰ। তেওঁ পূজাত চানা-বাদাম বিক্ৰী কৰিবলৈ আহিছে। আমি জানিছিলো যে মহিষাসুৰ এটা নৃশংস দানৱ আছিল। মাৰ্কেণ্ডয় পুৰাণতো মহিষাসুৰক এক অশুভ শক্তি হিচাপে আখ্যা দিয়া হৈছিল।
লাহে-লাহে জানিব পাৰিলোঁ ঝাৰখণ্ডতে দুই-এখন অসুৰ সম্প্ৰদায়ৰ লোকৰ গাওঁ আছে। এটা কথা প্ৰমাণসহ ক'ব পাৰি যে অসুৰসকল ভাৰতৰ প্ৰাচীন ধাতু বিজ্ঞানী। মানুহবোৰে পহিলাতে কোনো কথাকে ক'ব বিচৰা নাছিল। যেতিয়া মোৰ ওপৰত তেওঁলোকৰ বিশ্বাস জন্মিল মোক ক'লে -" লোহাৰ খনি ক'ত পাই কোনে জানে? অসুৰ সকলে জানে। লোহা কেনেকৈ গলাই কোনে জানিছিল? অসুৰসকলে জানিছিল। গৰম লোহাৰ ৰস কেনেকৈ উলিয়াই? অসুৰ সকলে জানে। অসুৰসকলে লোহাৰ খনিৰ পৰা লোহা উলিয়ায় নিষ্কাষণ কৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছিল। এতিয়া তেনেকুৱা কষ্টসাধ্য আন বেলেগ কিবা কাম কৰিব পাৰি জানো!
মৌৰ্য যুগৰ লোহাৰ সৰঞ্জাম সমূহ অসুৰ সকলে তৈয়াৰ কৰিছিল। অসুৰসকলে নিৰ্মাণ কৰা বহু অস্ত্ৰৰে বহু ৰজা যুদ্ধত জয়ী হৈছিল। গৱেষণা হ'লেহে ধৰা পৰিলহেতেন যে কেতিয়াবা কিছুমান কাহিনী বা মিথ অৰ্থনীতি আৰু ধৰ্মৰ পাকচক্ৰত মিছাকৈ সৃষ্টি হৈ যায়।
মই এদিন বাদাম খাবলৈ আহোঁতে বিক্ৰেতাজনৰ পুত্ৰ উপস্থিত আছিল। তেওঁক মই তেওঁৰ নামটো সুধিলত তেওঁ " সঞ্জয় টপ্পো" বুলি ক'লে। মই তেওঁক তেতিয়া ওলোটাই প্ৰশ্ন কৰিলোঁ - " তোমাৰ দেউতাৰা দেখোন অসুৰ!তুমি টপ্পো কিয়?" তাৰ দুচকুৰ ৰঙা হৈ পৰিছিল আৰু মোক কৈছিল - " এইবোৰ সব অদৰকাৰী মিছা কথা। অসুৰ ফসুৰ একো নাই। বুঢ়া মানুহ বাবে যি তি কৈ থাকে। "
গৰম বাদাম হাতত লৈ মই পুনৰ মণ্ডপলৈ ঘূৰি আহিছিলোঁ। হঠাৎ মন কৰিলোঁ যে মই দহ টকাৰ বাদাম লৈছিলোঁ। খুচুৰা পইচা নাছিল বাবে মই ল'ৰা জনক পঞ্চাছ টকাৰ নোট এখন দিছিলোঁ আৰু আচৰিত কথাটো হ'ল সি মোক ঘূৰাই দিছে ষাঠি টকা। মোৰ তালৈ বেয়া লাগিল। ইমান কম বুদ্ধিৰে কেনেকৈ যে সিহঁতে দোকান দি পইচা উপাৰ্জন কৰিব!
মই পইচা ঘূৰাবলৈ যাওঁতে দোকানত সঞ্জয়ৰ দেউতাক আছিল। তেওঁ মোক ক'লে-" অথনি আপুনি সুধা কথাটোৰ অন্তৰালত বহুত দীঘল কাহিনী আছে। আজিকালিৰ ল'ৰা-ছোৱালী বোৰে 'অসুৰ'ৰ পৰিচয়টোৰ পৰা আঁতৰি থাকিব বিচাৰে। " সেই সময়তে সঞ্জয় আহি উপস্থিত হ'ল আৰু আমাৰ কথা সিমানতে অন্ত পৰিল। সেইদিনা অষ্টমী আছিল।
মোৰ হাতত সময় তেনেই তাকৰ আছিল। মই পিছদিনা আকৌ গ'লো। এইবাৰ মানুহজনে বিৰক্ত হৈ মোক ক'লে-" বাতৰি কাকতৰ মানুহ নেকি আপুনি? মোৰ পিছত কিয় ইমান লাগি আছে?" পিছে ময়ো এৰি দিয়া ভকত নহয়। মই বাৰে বাৰে প্ৰশ্ন কৰিলোঁ। তেনেতে নাক-মুখ মচি মচি তেওঁৰ পুত্ৰ সঞ্জয় টপ্পো আহি উপস্থিত হ'ল। তেওঁৰ দুচকু ৰঙা হৈ আছিল। মই পহিলাতে তেওঁক দেখি তেওঁ মদ্যপান কৰি আহিছে বুলি ভাবিলোঁ।
তেনেতে বিৰজা চাচাই মোক ক'লে-"মই যাওঁ এইবাৰ।"
"ক'লৈ?"
"কান্দিবলৈ"
তেতিয়া মই সঞ্জয়ৰ ৰঙা চকুৰ কাৰণ বুজিব পাৰিলোঁ। দুৰ্গাপূজাৰ আটাইকেইদিন তেওঁলোকে কান্দে।ঘৰত সোমাই দুৱাৰ জপাই কান্দে। তেওঁলোকৰ দয়ালু ৰজা মহিষাসুৰৰ বাবে কান্দে। প্ৰকৃতিৰ লোহাৰ ভাণ্ডাৰ তেওঁৰ হাতত আছিল। যথেষ্ট বুদ্ধিমান এই মানুহজনক মানুহে দেৱতাৰ দৰে জ্ঞান কৰিছিল। এগৰাকী সুন্দৰী মহিলাই হেনো তেওঁক ছল কৰিলে। গাত লোহাৰ দৰে বৰ থাকিলে কি হ'ব? তেওঁ সেই সুন্দৰী মহিলাৰ জালত পৰিল। সুবিধা বুজি তেওঁক মাৰি পেলালে বোলে সেই সুন্দৰীয়ে।
লাহে লাহে সঞ্জয়ে ক'বলৈ ধৰিলে- " অসুৰ উপাধিৰ বাবে স্কুল, খেতি-বাৰী, দোকান-বজাৰ সকলোতে আমাক মানুহে দৈত্য-দানৱ বুলি ভাবিবলৈ ল'লে। আমাৰ ক'তো যাবলৈ মন নোযোৱা হৈছিল। সেয়ে আমি আমাৰ উপাধি সলাই পেলালো। এটা-দুটা জেনেৰেশ্যনৰ পিছত কোনেও আৰু নিজকে অসুৰ বুলি নোকোৱা হ'ব। "
" আপোনালোকে আজি কালি লোহাৰ সামগ্ৰী তৈয়াৰ কৰেনে?" - মই সুধিলো।
"হুঃ! এৰিলোঁ সব" - তেওঁ উত্তৰ দিলে।
বাদামৰ লগত নিমখ, জলকীয়া মিহলাই থাকি তেওঁ পুনৰ কৈ গ'ল ---
" আমি এতিয়া কোনেও লোহা নিষ্কাষণ কৰিব নাজানোঁ। আমি সকলো পাহৰি পেলাইছোঁ। কেতিয়াৰ পৰা পাহৰিবলৈ ধৰিছোঁ জানে? ১৯০৭ চনৰ পৰা। যেতিয়াৰ পৰা টাটা ষ্টিল ফেক্টৰীয়ে কম সময়ত অধিক লোহা উৎপাদন কৰিবলৈ ধৰিলে তেতিয়াৰ পৰা।"
" পিছে, তোমালোকে আৰু কিমান দিনলৈ ৰজাৰ বাবে কান্দি থাকিবা?"
" হয়। কান্দি থাকিলে জীৱন নাযায়। "--- সঞ্জয়ে ক'লে
" বিৰজা চাচাই কয় যে আমি কোনোকালে কেতিয়াও বগী ছোৱালী বিয়া নাপাতোঁ। এবাৰ সঞ্জয়ে স্কুলত পঢ়ি থাকোতে বগী ছোৱালী এজনীৰ লগত কথা-বতৰা পাতিছিল। মই তাক স্কুল এৰুৱাই দিলোঁ সেই কথাৰ বাবে।" --- কথাষাৰ কৈ তেওঁ এটি গীত জুৰিলে ---
হায়ৰে হায়ৰে
আকয় গুৰু হোয় ধৰায় আদা
সিঞ বীৰদ হাঁসায় ডিগিৰ
এহেল এহেল
হায়ৰে হায়ৰে
ধৰম গুৰু দয় ধৰাও আদা
হায়ৰে হায়ৰে....
বুজিব পাৰি যে এইয়া আৰ্য-অনাৰ্যৰ মাজৰ সংঘাত। অসুৰসকলৰ মূলতঃ অষ্ট্ৰো-এচিয়াটিক সম্প্ৰদায়ৰ লোক। কিন্তু তেওঁলোকৰ মাজতো নিয়ম-কানুন, উৎসৱ-অনুষ্ঠান আৰু অতীতৰ ভিত্তিত বিভাজন আছে। তেওঁলোকৰ তিনিটা ভিন্ন ঠাল হ'ল --- বীৰ অসুৰ, আগাৰি অসুৰ, বিৰজা অসুৰ। ইন্টাৰনেটত বিচাৰ-খুচাৰ চলাই " অসুৰ সম্প্ৰদায় আৰু মেটালাৰ্জি" সম্পৰ্কে বিশেষ তথ্য-পাতি পোৱা নাছিলোঁ যদিও এজন ইন্টাৰনেছনেল ৰিচাৰ্ছ পেপাৰ দেখিছিলোঁ। গৱেষণাৰ পটভূমি হৈছে -- ঝাৰখণ্ডৰ গুমলা, লাতেহাৰ, লহাৰডাগা ইত্যাদি গাওঁ। ২০১৫ চনত গৱেষণাৰ হিচাপ অনুসৰি অসুৰ সকলৰ জনসংখ্যা প্ৰায় ৭,৭৮৩জন। উল্লেখযোগ্য যে অসুৰসকলৰ বিষয়ে ১৯৬৩ চনত প্ৰকাশিত পদ্মশ্ৰী K K Leuvaৰ গ্ৰন্থ " The Asur- A
Study of Primitive Iron Smelters" ত বহু কথা পোৱা যায়।
( নিজা সংযোজন --- শৰ্মিষ্ঠা দাসে ফেচবুকত লিখা কথাখিনিক ৰবচন মুণ্ডাই চাদ্ৰী ভাষালৈ অনুবাদ কৰিছিল। অসুৰ, ৰাক্ষস আদি অভিধাৰে অপমানিত ভাৰতৰ আদিম অধিবাসীসকলৰ ইতিহাসৰ এইয়া হৈছে সামান্য এটি অংশ। তেওঁলোকৰ লুপ্তপ্ৰায় ইতিহাসে এটা কথাই প্ৰমাণ কৰে যে -- " Untill
dear have their own historian, histories of the hunt will always glorify the
hunters." অৰ্থাৎ হৰিণাৰ ইতিহাসবিদ নোলোৱালৈকে চিকাৰীৰ কাহিনীকে সঁচা বুলি মানি থাকিব লাগিব। )
0 Comments