ষ্টেন স্বামীৰ কবিতা

ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হৈ প্ৰায় ৯ মাহ দিন জেলত থাকি ৫/৭/২০২১ তাৰিখে মৃত্যবৰণ কৰা ৮৪ বছৰীয়া মানৱ অধিকাৰ কৰ্মী ষ্টেন স্বামীয়ে জেলত থকা অৱস্থাতে লিখা এটা কবিতা



কাৰাগাৰৰ জীৱন, প্ৰকৃত সাম্যবাদী

মূলঃ ষ্টেন স্বামী

অনুঃ বিতোপন গগৈ

 


কাৰাগাৰৰ নিৰাশ দুৱাৰখনৰ ভিতৰত

সকলো বস্তু কাঢ়ি লোৱা হৈছে

কেৱল অত্যন্ত প্ৰয়োজনীয় কেইটাৰ বাহিৰে

 

প্ৰথমে আহে "তুমি"

তাৰ পিছত আহে "মই"

ইয়াত সকলোৱে উশাহত লোৱা বায়ু হৈছে "আমি"

 

একোৱেই মোৰ নহয়

একোৱেই তোমাৰ নহয়

ইয়াত সকলো আমাৰ

 

ইয়াত কোনো অৱশিষ্ট খাদ্য পেলোৱা নহয়

সকলোবোৰ উৰণীয়া চৰাইবোৰক ভগাই দিয়া হয়

সিহঁত উৰি উৰি সোমাই আহে, পেট ভৰাই খাই আৰু আনন্দৰে উৰি যায়গৈ

 

ইয়াত ইমানবোৰ ডেকা মুখ দেখি দুখ লাগে

সিহঁতক সুধিছিলোঃ "ইয়াত কিয় আছা?"

এটাও শব্দ বাদ নপৰাকৈ সিহঁতে সকলো কৈছিল

 

ক্ষমতা অনুসৰি প্ৰতিজনৰ পৰা

প্ৰয়োজনীয়তা অনুসৰি প্ৰতিজনৰ বাবে

অচলতে সমাজবাদ কি?

 

চোৱা, বাধ্যবাধকতাই সৃষ্টি কৰিছে এই সাদৃশ্যতা

সকলোৱে ইয়াক যদি মুক্ত মনেৰে

স্বেচ্ছাই আকোঁৱালি লয়

তেন্তে সঁচাকৈয়ে সকলো হৈ পৰিব

ধৰিত্ৰী মাতৃৰ সন্তান।




Post a Comment

1 Comments

  1. কবিতাটো পঢ়ি ভাল লাগিল।

    ReplyDelete