পাবলো নেৰুডাৰ অসমীয়া অনুবাদ

সমালোচনাৰ গীতিকাব্য - (এক)    

মূলঃ পাবলো নেৰুডা।

অনুবাদঃ অৱনী বুঢ়াগোহাঁই।


 

মই পাঁচটা কবিতা লিখিছিলো,

এটা আছিল সেউজীয়া,

আনটো গোল ঘেঁহুৰঙী পাউৰুটী ,

তৃতীয়টো আছিল সাজি থকা এটি ঘৰ, 

চতুৰ্থটো এটা বৃত্ত,

আৰু পঞ্চমটো চুটি ; এক বিজুলীৰ চমকণিৰ দৰে ,

 

আৰু লিখি গৈ থাকোতে

মোৰ যুক্তিয়ে স্থায়ী ৰূপ ললে ।

আৰু তেতিয়াই দেখা গ'ল........ 

পুৰুষ আৰু নাৰী কিছুমানে আহি, 

মোৰ এই সাধাৰণ বস্তুবোৰ লৈ গ'ল :

বতাহ,

ধুমুহা,

চমকণি,

বোকা,

কাঠ,

আৰু এই সাধাৰণ বস্তুবোৰেৰে সাজিলে

সিহঁতৰ বেৰ, মজিয়া আৰু সপোনবোৰ ।

মোৰ কবিতাৰ এটা শাৰীক,  দুয়োফালে বান্ধি লৈ 

তাত শুকাবলৈ মেলি দিলে সিহঁতে ধুই পেলোৱা বস্তুবোৰ ।

সিহঁতে ৰাতিৰ সাঁজত মোৰ শব্দবোৰ খালে,

তাৰে কিছুমানক শোওঁতে শিতানৰ ওচৰত ল’লে,

এনেদৰে কবিতাৰে দিনবোৰ পাৰ কৰিলে

মোৰ বেৰৰ মাজেদি পাৰ হোৱা পোহৰত ।

তাৰপিচত,

আহিল এজন বোবা সমালোচক,

লগত চেলবেলাই থকা কেইবাখনো জিভা ,

তাৰ পাচত এনে বিভিন্ন লোক আহিল :

কোনোজন অন্ধ, কোনোজন সৰ্বদ্ৰষ্টা,

তাৰে কিছুমান ৰঙীণ ফুলৰ দৰে সুন্দৰ,

উজ্বল ৰঙী জোতা পিন্ধি অহা,

কিছুমানে গাত এবোজা কাপোৰ মেৰিয়াই আহিল

মৃত শৰীৰৰ দৰে ,

কিছুমান ৰজা আৰু ৰাজ্যৰ প্ৰধান পৃষ্ঠপোষক,

অন্য কিছু মাৰ্ক্সৰ কোঁচখোৱা ভ্ৰূৰ ফান্দত আবদ্ধ হৈ পৰা

তেওঁৰ দাড়িকোচাত লঠিয়াই থকা লোক, 

কিছুমান ইংৰাজ, 

সহজ সৰল ইংৰাজ,

তাৰে কিছুমানে কাম আৰম্ভ কৰিলে 

দাঁত, কটাৰী আৰু অভিধানৰ দৰে গোপন অস্ত্ৰ লৈ,

গহীণ গম্ভীৰ উক্তি কিছুমান কৈ কৈ,

মোৰ নি:কিন কবিতাক লৈ গুচি গ'ল

সহজ সৰল মানুহবোৰৰ পৰা, 

যিবোৰক সিহঁতে বৰ ভাল পাইছিল ।

সিহঁতে ছল কৰি সেইবোৰ ধৰিছিল,

সিহঁতে পকাই পকাই  দ'ম কৰিছিল

সিহঁতে শতাধিক পিনেৰে খূঁচি অভেদ্য কৰি তুলিছিল,

সিহঁতে তাৰ ওপৰত ঢাকি দিছিল কঙ্কালৰ গুড়ি,

সিহঁতে এইবোৰক চিঞাহীৰ পাত্ৰত ডুবাই দিছিল,

সিহঁতে তাৰ ওপৰত থু পেলাইছিল, বিড়ালী সদৃশ মিছা সহৃদয়তাৰে,

সিহঁতে এইবোৰক ঘড়ীৰ পেকেট বন্ধা কামত ব্যৱহাৰ কৰিছিল,

ৰক্ষণাবেক্ষন দিছিল পিছে গালিও পাৰিছিল,

অপৰিশোধিত তেলৰ পাত্ৰৰ সতে ইহঁতক ৰাখিছিল,

সিহঁতে প্ৰবঞ্চনাৰ চুক্তিপত্ৰবোৰ লেখাত ইহঁতক ব্যৱহাৰ কৰিছিল,

সিহঁতে গাখীৰৰ সতে  উতলাই সিজাই পেলাইছিল,

শিলগুটিৰ সতে একাকাৰ কৰি ইহঁতক দলিয়াইছিল,

আৰু এনে কৰোতে তাৰপৰা স্বৰবৰ্ণবোৰ উফৰি মোহাৰ খাই গৈছিল,

সিহঁতৰ উচ্চাৰণবোৰত আৰু হুমুনিয়াহত

ইহঁত মৃতপ্ৰায় হৈ পৰিছিল ।

সিহঁতে এই সকলোবোৰ মুচৰি পেলাইছিল

আৰু সৰু টোপোলা এটা বান্ধি ,

অতি সাৱধানতাৰে তাৰ ওপৰত সিহঁতৰ  ভগা বস্তু ৰখা কোঠাৰ বা

মৰিশালীৰ ঠিকনা লিখিছিল,

তাৰপিচত,

এজন এজনকৈ সিহঁত আঁতৰি গৈছিল,

বলিয়ালিৰ মাত্ৰা চেৰুৱা তীব্ৰ খঙেৰে ;

কাৰণ সিহঁতৰ বাবে মই কোনো জনপ্ৰিয় ব্যক্তি নাছিলোঁ,

পাতল অবজ্ঞাৰ সুৰ সানি বকিছিল

মোৰ স্বাভাবিক ছাঁ  বিহীন লেখাৰ বিৰুদ্ধে ।

তেওঁলোক গুচি গ'ল,

সকলোবোৰ গুচি গ'ল,

পুনৰ আকৌ সেই পুৰুষ আৰু নাৰীবোৰ  ঘূৰি আহিল,

মোৰ কবিতাৰ সতে জীৱন নিয়াবৰ বাবে,

আকৌ পুনৰ সিহঁতে জুই ধৰিলে,

ঘৰসজা কামত লাগিল,

খাদ্য প্ৰস্তুত কৰাত লাগিল,

সিহঁত সকলোৱে পোহৰবোৰ ভগাই ললে

আৰু ভালপোৱাৰে সংযোগ কৰিলে বিজুলীৰ ক্ষণিক পোহৰ আৰু বৃত্তৰ সতে ।

এতিয়া শ্ৰোতাসকল,

আপোনালোকে যদি মোক অনুমতি দিয়ে

মই কোৱা গল্পটোৰ পৰা বিচ্ছেদ হব খুজিছো ।

মই যাব বিচাৰিছো চিৰদিনলৈ

সেই সাধাৰণ মানুহবোৰৰ সতে একেলগে থাকিবৰ বাবে ।

( Ode to criticism 1 ( cien sonetos de amor)

                  -------------------------       

(অনুবাদকৰ সদ্য প্ৰকাশিত কবিতাৰ কিতাপ "পাবলো নেৰুডাৰ প্ৰেমৰ কবিতা"ৰ দহ সংখ্যক কবিতাক্ৰমৰ পৰা উদ্ধৃত)

Post a Comment

0 Comments