চীফৰ আপ্যায়ন
মূল (হিন্দী) – ভীষ্ম চাহনী
অনুবাদ - ড০ মনিকা শইকীয়া
আজি মিষ্টাৰ শামনাথৰ ঘৰলৈ আপ্যায়নৰ বাবে চীফক নিমন্ত্ৰণ জনোৱা হৈছে৷
শামনাথ আৰু ঘৈণীয়েকৰ উশাহ
ল’বলৈও সময় নাই৷ ঘৈণীয়েকে ড্ৰেচিং গাউন পিন্ধি, আউলী-বাউলী চুলিকোচা ওপৰলৈ উঠাকৈ খোপাটো
বান্ধি, মুখৰ পাউদাৰখিনি মোহাৰি-মোহাৰি আৰু শামনাথে চিগাৰেটৰ শৰাধ পাতি-পাতি কামবোৰ
তদাৰক কৰিছে৷
পাঁচ বজাৰ আগতেই কামবোৰ প্ৰায়
গতি লাগিল৷ চকী, মেজ, নেপকিন, ফুলদানি আদি সমস্তখিনি আগফালৰ বাৰান্দাতে ভাগে-ভাগে থোৱা
হ’ল৷ পানীয়ৰ ব্যৱস্থা বহা কোঠাতে কৰা হৈছে৷ ঘৰৰ অলাগতিয়াল বস্তু-বাহানিবোৰ আলমাৰিৰ
চুকত, বিছনাৰ তলত সোমোৱাই থ’লে৷ এনেতে শামনাথৰ সন্মুখত এটা সমস্যাই দেখা দিলে – মাকৰ
কি হ’ব ?
শ্ৰীমতীও চিন্তাত পৰিল৷ কিছু সময় ভাবি ক’লে –“ তেখেতক
আমাৰ পিছফালৰ ঘৰৰ বুঢ়ীজনীৰ ঘৰলৈকে পঠিয়াই দিয়া৷ ৰাতিটো তাতে থাকি পুৱাই লাগে গুচি আহিব৷”
চিগাৰেটটো ওঁঠতে ৰাখি শামনাথে
কেৰাহীকৈ ঘৈণীয়েকৰ ফালে চাই কিবা ভাবিলে৷ মুৰ জোকাৰি ক’লে –“ নালাগে দিয়া৷ সেই বুঢ়ীজনীয়ে
আকৌ আহ-যাহ কৰাটো মই নিবিচাৰো৷ কিমান কষ্টৰে অহাটো বন্ধ কৰিছো৷ মাক ক’বা যাতে সোনকালে
খাই-বৈ নিজৰ কোঠাত সোমাই থাকেগৈ৷ আলহী আঠমান বজাতহে আহিব৷ তাৰ আগতেই কামৰ পৰা যাতে
আহৰি হয়৷”
বুদ্ধিটো বেয়া নালাগিল৷ কিন্ত
শ্ৰীমতীৰ মনত আন এটা সন্দেহে উক দিলে৷ ক’লে-“ শুই পৰিলে যদি নাকৰ ঘৰঘৰণি আৰম্ভ হয়,
তেতিয়া? লগতেই বাৰান্দাখন৷ তাতেই আলহীয়ে খোৱা-বোৱা কৰিব৷”
- “তেতিয়াহ’লে কৈ দিবা যে
ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি ল’ব৷ ময়ো বাহিৰৰ পৰা তলা লগাই দিম৷ নহ’বা মাক ক’ম যে ভিতৰত
যাতে শুই নপৰে, বহি থাকে৷ আৰু কি?”
- “যদি কেনেবাকৈ শুই পৰে?
কি ঠিক, পাৰ্টি কেইবজালৈকে চলে৷ দহ-এঘাৰ বজালৈকে তোমালোকেতো ড্ৰিঙকচ কৰিয়েই থাকিবা৷”
শামনাথে খঙতে হাত জোকাৰি ক’লে-
“ ককাইদেউৰ ওচৰলৈ যাবলৈ বিচাৰিছিলেই নহয়৷ তুমিহে ভালৰি বোলাবলৈ গৈ মাজতে সোমালা৷”
- “বাহ! তোমালোক মাক-পুতেকৰ
কথাত মই কিয় বেয়া হ’ম? তোমালোকেহে জানা৷”
মি০ শামনাথ এইবাৰ মনে-মনে থাকিল৷ এয়া তৰ্ক কৰাৰ সময় নহয়৷ সমস্যা সমাধান
কৰাৰহে সময়৷ মাক থকা কোঠাটোৰ দুৱাৰখন বাৰান্দাতে পৰে৷ বাৰান্দাৰ ফালে চাই কৈ উঠিল-
“পাই গ’লো৷” মাকে বেৰৰ কাষতে চকী এখনত বহি, উৰণিৰে মূৰ-মুখ ঢাকি মালা জপি আছিল৷ পুৱাৰে
পৰা ঘৰখনৰ খদমদমখন দেখি বুঢ়ীৰো বুকুখন দুৰু-দুৰুকৈ কঁপিছিল৷ পুতেকৰ অফিচৰ ডাঙৰ চাহাব
আহিব৷ সকলো কাম যেন সুকলমে হৈ যায়৷
- “মা, আজি তুমি সোনকালে
খোৱা-বোৱা কৰিবা৷ সাত-আঠমান বজাত আলহী আহিব৷”
মাকে লাহেকৈ মুৰৰ পৰা উৰণিখন খহাই পুতেকলৈ
চাই ক’লে –“ আজি মই একো নাখাওঁ৷ জানই দেখোন ঘৰত মাছ-মাংস ৰান্ধিলে মই একো নাখাওঁ৷”
-“ যি কৰা সোনকালে কৰিবা৷” শামনাথে ক’লে৷
-“ হ’ব দে৷”
-“ মাঁ, প্ৰথমে আমি বহা কোঠাতে বহিম৷ তেতিয়ালৈকে তুমি বাৰান্দাতে বহি থাকিবা৷
যেতিয়া আমি ইয়ালৈ আহিম, তুমি পিছফালেদি বহা কোঠালৈ যাবা৷”
মাকে আচৰিত হৈ পুতেকৰ মুখলৈ চাই ৰ’ল৷ লাহেকৈ
ক’লে –“ হ’ব ৷”
-“ আৰু এটা কথা, আজি সোনকালে নুশুবা৷ তোমাৰ যিহে নাকৰ শব্দ হয়৷”
মাকে লাজ পোৱাৰ দৰে ক’লে –“ কিনো কৰিম, মই
জানো কৰো বুলি কৰো? বেমাৰটো হোৱাৰ পৰাই নাকেৰে উশাহেই দেখোন ল’ব নোৱাৰো৷”
শামনাথে ব্যৱস্থা কৰিলে যদিও চিন্তা হ’লে
নকমিল৷ কেনেবাকৈ যদি চীফ এইফাল আহি ওলায়হি? কমেও আঠ-দহজন আলহী আহিব৷ সহধৰ্মিনীৰ সহিতে
অহা দেশী অফিচাৰৰ কোনোবা এজন যাবওতো পাৰে৷ ক্ষোভ আৰু খঙত শামনাথে মুৰ জোকাৰিবলৈ ধৰিলে৷
বাৰান্দাৰ কোঠাটোৰ বাহিৰতে চকী এখন পাৰি দি মাকক ক’লে- “ বহা ইয়াতে৷”
মাকে মূৰৰ উৰণিখন ঠিক কৰি হাতৰ মালাধাৰি চম্ভালি
উঠি ঠিয় হ’ল আৰু লাহেকৈ চকীত বহিলগৈ৷ অভ্যাসবশতঃ ভৰিহাল চকীত উঠাই ল’লে৷
-“ ভৰি উঠাই নবহে নহয়৷ এইখন বিচনা নেকি?”
মাকে ভৰিহাল নমাই থ’লে৷
-“ ভগৱানৰ শপত, আজি খালি ভৰিৰে যেন ঘুৰি নুফুৰা
মা৷ খৰমযোৰ পিন্ধি ভূলতো যেন সন্মুখলৈ নাহা৷ কোনোবা দিনা খৰমযোৰ দলিয়াইহে পেলেম৷”
মাক নিশ্চুপ হৈ ৰ’ল৷
-“কাপোৰ কোন সাজ পিন্ধিবা?”
-“ যি আছে তাকেই পিন্ধিম আৰু৷ তই যি ভাল দেখ৷”
চিগাৰেটৰ ধোৱাখিনি এৰি দি আধা খোলা চকুৰে
মাকৰ ফালে চাই মিষ্টাৰ শামনাথে মাকৰ কাপোৰৰ বিষয়ে চিন্তা কৰিলে৷ প্ৰত্যেকটো কামতে,
প্ৰত্যেকটো কথাতে ৰুচিপূৰ্ণ হোৱাটো বিচাৰে শামনাথে৷ ঘৰ পৰিচালনাৰ চাবি-কাঠি তেওঁৰ হাততেই৷
কোঠাটোত আলনাডাল ক’ত থাকিব, বিছনাখন ক’ত পাৰিলে ভাল হ’ব, পৰ্দা কেনেকুৱা ৰঙৰ হ’ব, শ্ৰীমতীক
কি ৰঙৰ শাৰীয়ে শুৱাব, মেজৰ জোখ কিমান হ’লে ভাল হয়… আদিবোৰ৷ শামনাথৰ এটাই মাত্ৰ চিন্তা,
কেনেবাকৈ যদি চীফৰ লগত মাকৰ দেখাদেখি হয়- লাজত পৰিবলগীয়া নহলেই হয়৷ মাকক মুৰৰ পৰা ভৰিলৈকে
নিৰীক্ষণ কৰি ক’লে- “তুমি বগা চেলোৱাৰ-কামিজ পিন্ধিবা ৷ পিন্ধি আহাগৈচোন যোৱা৷ চাওঁ৷”
কাপোৰ পিন্ধিবৰ বাবে মাক লাহেকৈ কোঠালৈ সোমাই
গ’ল৷
মাকৰ সমস্যাটোহে আছেগৈ৷ ঘৈণীয়েকৰ ফালে চাই
ইংৰাজীতে ক’লে- “সকলো ঠিকে-ঠাকে হ’লেই হ’ল৷ মা্যে যদি কিবা ওলট-পালট কৰে, গোটেই কষ্ট
অথলে যাব৷”
বগা চেলোৱাৰ-কামিজ পিন্ধি মাক বাহিৰলৈ আহিল৷
বগা সাজ যোৰৰ আঁৰত মাকৰ শুকাই যাবলৈ ধৰা সৰু চেহেৰাটো, শেতা পৰা চকুযুৰি, প্ৰায় তালু
ওলোৱা চুলিৰে মুৰটো ওৰণিখনে কোনোমতেহে ঢাকি ৰাখিছে৷ মাকৰ কুৰূপ চেহেৰাটো এতিয়া কিছু
ভাল লাগিছে৷
-“ঠিকেই আছে দিয়া৷ খাৰু-চাৰু আছে যদি পিন্ধা হলে
ভাল আছিল৷”
-“ খাৰু-চাৰুনো ক’ত পাম বোপাই? তই চোন জানই,
তোক পঢ়ুৱাওতেই গহনা-গাঠৰি আটাইখিনি বেচিলো৷”
কথাষাৰে যেন শামনাথক শৰে বিন্ধাদিহে বিন্ধিলে৷
আক্ষেপৰ সুৰত ক’লে –“ কিনো বকলাখন মেলিছা? গহনা নাই বুলিলেই হ’ল৷ পঢ়া-শুনাৰ লগত কিয়
সাঙুৰিছা? গহনা বেচি মই কিবা এটা হৈ হে অহিছো৷ অকামিলা হৈ অহা নাই নহয়৷ যিমান দিছিলা,
তাৰ দুগুণ উলিয়াই ল’বা”
-“ ক’তে মৰো বোপাই, তোৰ পৰা মই গহনা ল’মনে?
মোৰ মুখৰ পৰা ওলাই গ’ল অ’৷ থকা হলে পিন্ধিলোহেঁতেন৷”
চাৰে পাঁচটা বাজিল৷ শামনাথেও গা-পা ধুই সাজু
হ’ব লাগিব৷ শ্ৰীমতী কেতিয়াবাই ওপৰৰ কোঠালৈ গ’ল৷ শামনাথে যাওঁতে আকৌ এবাৰ সকিয়াই থৈ
গ’ল- “ তুমি কিন্ত আগৰ দৰে গোমোৰা মাৰি নাথাকিবা৷ যদি চাহাব এইফালে আহে আৰু তোমাক কিবা
সোধে তুমি ভালদৰে উত্তৰ দিবা৷”
-“ মইনো কি পঢ়া-শুনা কৰাজনী কথা ক’বলৈ৷ তইয়ে
কৈ দিবি, মা অশিক্ষিত, একো বুজি-বাজি নাপাই৷ একো নুসোধিব তেতিয়া৷”
সাত বাজো-নাবাজো হওঁতেই মাকৰ বুকুখন দুৰু-দুৰুকৈ
কঁপিবলৈ ধৰিলে৷ যদি চীফ বাবুৱে ওচৰলৈ আহি কিবা সোধে তেনেহ’লে কি উত্তৰ দিব? বগা চাহাবহঁতক
দূৰত দেখিলেই ভয় লাগে দেখোন৷ আজি আমেৰিকাৰ বগা চাহাব ঘৰলৈকে আহিব৷ জানো পাই কি সোধে?
মই কি ক’ম? মাকৰ এনে লাগিল যেন পিছফালৰ লগৰ মানুহজনীৰ ওচৰলৈকে গুচি যাব৷ কিন্ত পুতেকৰ
হুকুম কেনেকৈ তল পেলাই ! চকীৰ পৰা ভৰিহাল তললৈ ওলোমাই আমন-জিমনকৈ বহি থাকিল৷
এটা সফল পাৰ্টি সেইটোকে কোৱা হয় য’ত সুৰাৰ
পূৰ্ণ প্ৰয়োগ হয়৷ শামনাথৰ পাৰ্টিয়েও সফলতাৰ শিখৰত পদাৰ্পণ কৰিলে৷ কথোপকথনৰ সম গতিৰে
গিলাছবোৰ পুৰ্ণ হৈ হৈ শেষ হয়৷ ক’তো বাধা নাই৷ কাৰো সংশয় নাই৷ চাহাবে হুইস্কি ভাল পালে৷
মেম চাহাবে আকৌ কোঠাৰ পৰ্দাবোৰহে পচন্দ কৰিলে৷ চোফা ক’ভাৰ, কোঠাৰ সাজ-সজ্জা তেখেতৰ
বৰ ভাল লাগিল৷ তাতকৈ আৰু কি লাগে ! দ্বিতীয় পেগতে চাহাবে কৌতুক-গল্প কৰিবলৈ আৰম্ভ কৰিলে৷
অফিচৰ মেজাজী মানুহজন একেবাৰে বন্ধুৰ দৰে হৈ পৰিছে৷ আৰু তেখেতৰ পৰিবাৰ, ক’লা ৰঙৰ গাউন
পিন্ধি, ডিঙিত মুকুতাৰ হাৰ, পাউডাৰ-সুগন্ধিৰে আৱৰি কোঠাটোৰ আটাইবোৰ মহিলাৰে আৰাধনাৰ
কেন্দ্ৰ হৈ বহি আছিল৷ মুখত অনবৰতে লাগি থকা হাঁহিটোৰে কথাই প্ৰতি মুৰ জোকাৰি সন্মতি
জনাই শামনাথৰ ঘৈণীয়েকৰ লগত এনেদৰে থকা পাতিছে যেন পুৰণি বান্ধবীহে৷
পানীয় আপ্যায়নতে দহ বাজি গ’ল৷ সময়বোৰ কেনেদৰে
পাৰ হ’ল গমেই নাপালে৷ গিলাচত শেষ বাৰৰ বাবে চুমুক দি আটায়ে আহাৰ খাবৰ বাবে বহা কোঠাৰ
বাহিৰলৈ আহিল৷ বাট দেখুৱাই দেখুৱাই শামনাথ আগে-আগে আৰু অন্যান্য সকল পিছে-পিছে৷ কিন্ত…
বাৰান্দা পায়েই শামনাথ ৰৈ গ’ল৷ যিটো দৃশ্য দেখা পালে, দেখিয়েই তেওঁৰ ভৰি দুখন কঁপি
উঠিল৷ মদৰ ৰাগী ক্ষন্তেকতে যেন ক’ৰবালৈ উৰিহে গ’ল৷ বাৰান্দাৰ কোঠাৰ ঠিক সন্মুখতে পুতেকে
কোৱাৰ দৰেই মাক বহি আছিল; কিন্ত ভৰি দুখন ওপৰলৈ উঠাই লৈছে৷ টোপনিতে মুৰটো হালিজালি
আছে আৰু নাকেৰে ঘেৰঘেৰণি শব্দ হৈছে৷ মুৰটো একাষৰীয়া হৈ গলেই শব্দটো বিকট হৈ ওলাই৷ মুৰৰ
উৰণিখন খহি পৰিছে৷ আধা টকলা মুৰটোৰ অৱশিষ্ট চুলি কেইডাল আউলী-বাউলী হৈ পৰিছে৷
দেখিয়েই শামনাথৰ খঙে মুৰৰ চুলিৰ আগ পালেগৈ৷
এনে লাগিল যেন গাত ঢকিয়াই দি মাকক জগাই দিব৷ কিন্ত এয়া যে অসম্ভৱ৷ চীফ আৰু আলহীসকল
পিছফালেই ৰৈ আছিল৷
মাকক দেখাৰ লগে-লগে দেশী অফিচাৰৰ পত্নীবোৰে
হাঁহি দিলে৷ তেনেতে চীফে লাহেকৈ ক’লে-“পুঅৰ ডিয়েৰ !”
মাক খকমকাই উঠি বহিল৷ সন্মুখতে ইমানবোৰ মানুহক
দেখি ভয়ত বিতত হ’ল৷ উৰণিখন টানি ঠিয় হৈ তল মুৰ কৰি ৰ’ল৷ মানুহজনী কঁপি উঠিল৷
-“মা, ইমান ৰাতিলৈকে কিয় সাৰে আছা? যোৱা শুই
থাকাগৈ৷” কৈয়েই আঁৰ চকুৰে চীফৰ ফালে চালে৷
চীফৰ মুখমণ্ডলত মিচিকীয়া হাঁহিৰ ৰেখা৷ ক’লে-
“নমস্কাৰ৷” সংকোচ ভাবেৰে মাকেও হাতযোৰ কৰিলে; কিন্ত এখন হাত কাপোৰৰ তলত ৷ মালাডাল ধৰি
আছিল ৷ আনখন বাহিৰত৷ ভালদৰে নমস্কাৰটোও জনাব নোৱাৰিলে৷ ইয়াতে শামনাথ অসন্তষ্ট হ’ল৷
ইমানতে চীফে সোঁহাতখন আগবঢ়ালে৷ কৰমৰ্দনৰ বাবে৷
মাকে আৰু ভয় খালে৷
-“মা, হাত মিলোৱা৷”
হাতনো মিলাই কেনেকৈ? সোঁহাতখনত যে মালাডাল
আছে৷ ভয়তে বাওঁ হাতখনকে চাহাবৰ হাতৰ ওপৰত থ’লে৷ শামনাথৰ খঙৰ কোব চৰিল৷ দেশী অফিচাৰৰ
ঘৈণীয়েকবোৰে আকৌ এবাৰ খিলখিলাই হাঁহি উঠিল৷
-“ মা, এনেদৰে নহয়৷ তুমি দেখোন জানাই, সোঁ
হাতখনহে আগবঢ়াই দিব লাগে৷ সোঁ হাতখন দিয়া৷”
কিন্ত ইমান সময়ে চীফে মাকৰ বাওঁ হাতখনকে ধৰি
জোকাৰি থাকি ক’লে- “ হাউ দু য়ু দু?”
-“ ভাল বুলি কোৱা মা৷”
মাকে মুখৰ ভিতৰতে বিৰবিৰালে৷
-“ মায়ে কৈছে, কুশলে আছোঁ৷ মা, তুমিও হাউ
দু য়ু দু বুলি কোৱা৷” শামনাথে মাকক সহায় কৰিলে৷
সংকোচ ভাবেৰে মাকে ক’লে –“হাউ দু দু৷”
আকৌ এবাৰ গুণগুণনি শুনা গ’ল৷
চাহাবে পৰিস্থিতি চম্ভালি ল’লে৷ বাতাবৰণ কিছু পৰিমানে পাতল হ’ল৷ সকলোৱে
উপভোগ কৰিছে৷ শামনাথৰ ক্ষোভ কিছু পাতলিল৷ চাহাবে মাকৰ হাতখন তেতিয়াও ধৰিয়েই আছিল৷ ইফালে
মাক ক্ৰমান্বয়ে কোচ খাই আহিছিল৷ চাহাবৰ মুখত সুৰাৰ গোন্ধ৷
শামনাথে ইংৰাজীতে ক’লে- “মোৰ
মা গাঁৱৰ৷ বেছি সময় গাঁৱতেই থাকিল৷ সেয়েহে অপোনালৈ লাজ কৰিছে৷”
চাহাবে যেন ৰঙহে পালে৷ ক’লে
–“সঁচাই ! মই গাঁৱৰ মানুহ ভাল পাওঁ৷ তোমাৰ মাৰাই গাঁৱৰ গীত আৰু নাচো জানে নিশ্চয়৷”
চীফে আনন্দতে মাকৰ মুখলৈ থৰ হৈ চাই থাকিল৷
-“ মা, চাহাবে কৈছে, গান এটা
শুনাব লাগে হেনো৷ তুমি পুৰনা গীত বহুত জানা ছাগৈ৷”
মাকে লাহেকৈ ক’লে- “ কিনো গাম? গাই পাইছো জানো কেতিয়াবা?”
-“ কি যে কোৱা মা? আলহীৰ কথাও
জানো কোনোবাই পেলায়? চাহাবে ইমান আগ্ৰহেৰে কৈছে, নাগালে বেয়া পাব নহয়৷”
-“ কিনো গাও এতিয়া ? মনতেই
পৰা নাই দেখোন৷”
-“ লোক গীত দুটামানকে গোৱা৷”
এনে প্ৰস্তাৱত দেশী অফিচাৰ আৰু ঘৈণীয়েকহঁতে হাত চাপৰি বজাবলৈ ধৰিলে. মাকে
অত্যন্ত অসহায় ভাবেৰে এবাৰ পুতেকৰ ফালে , আনবাৰ ওচৰতে থকা বোৱাৰীয়েকৰ ফালে চালে৷ ইয়াৰ
পিছত হা-না কৰাৰ প্ৰশ্নই নুঠে৷ মাকে বহি লৈ ক্ষীণ, দুৰ্বল মাতেৰে বিয়ানাম এফাঁকি জুৰিলে-
“ওলাই আহা আইদেৱে,
হাতত বঁটা লৈ
দশৰথে জোৰোণ আনে ভাৰ-ভেটি লৈ৷”
দেশী মহিলাবোৰে খিলখিলাই হাঁহিলে৷
তিনিশাৰীমান গাই মাক চুপ হৈ গ’ল৷ বাৰান্দাখন হাত চাপৰিৰে মুখৰিত হৈ পৰিল৷ চাহাবেও সমানে
সহযোগ কৰিছে৷ শামনাথৰ খঙ, অসন্তষ্টিবোৰ প্ৰসন্নতা আৰু গৰ্বলৈ ৰূপান্তৰিত হ’ল৷ মাকে
যেন পাৰ্টিত নতুন ৰহনহে সানি দিলে৷
হাতচাপৰি বন্ধ হোৱাত চাহাবে
সুধিলে- “তোমালোকৰ গাঁৱৰ বিশেষত্ব কি?”
শামনাথ আনন্দতে মতলীয়া হৈ
পৰিছিল৷ ক’লে- “বহুতো আছে চাহাব৷ মই আপোনাক তাৰে এটা ছেট উপহাৰ দিম৷” কিন্ত চাহাবে
মুৰ জোকাৰি ইংৰাজীতে ক’লে –“ নহয়, মই দোকানৰ বস্ত বিচৰা নাই৷ পাঞ্জাবীসকলে ঘৰত কি সাজে?
মহিলাসকলে ?”
শামনাথে কিবা ভাবি ক’লে- “আমাৰ গাঁৱৰ মহিলাসকলে
ফুলকাৰী তৈয়াৰ কৰে আৰু ছোৱালীহঁতে ঘৰতে পুতলা সাজে৷”
-“ ফুলকাৰী কি বস্ত ?” চাহাবে উৎসুকতাৰে সুধিলে৷
ফুলকাৰীৰ বিষয়ে বুজোৱাৰ ব্যৰ্থ প্ৰয়াস কৰাৰ অন্তত শামনাথে মাকক সুধিলে- “ মা, ঘৰত পুৰণা ফুলকাৰী আছেনে?”
বিনা বাক্যব্যয়ে মাক ভিতৰলৈ
উঠি গৈ নিজৰ পুৰণা ফুলকাৰী এখন উলিয়াই আনিলে৷
চাহাবে বৰ আগ্ৰহেৰে সেইখন
পিতিকি-পাতাকি চালে৷ সেইখন পাঞ্জাবী মহিলাসকলে মুৰ ঢাকিবলৈ ব্যৱহাৰ কৰা এখন উৰণা৷ হাতেৰে
ফুলকাটি চিলাই কৰে৷ ফুলকাৰীখন যঠেষ্ট পুৰণা৷ সুতাবোৰ মাজে-মাজে চিগিছে৷ দুই-এঠাইত ফিচিকিছেও৷
চাহাবৰ আগ্ৰহ দেখি শামনাথে ক’লে- “এইখন ফাটিলেই৷ মই আপোনাক নতুন এখন তৈয়াৰ কৰোৱাই দিম৷
মায়ে নিজহাতে ফুল কাটি চিলাই কৰি দিব৷ মাৰ হাতৰ কাম বৰ মিহি৷” মাকৰ ফালে চাই ক’লে
–মা, চাহাবে ফুলকাৰীখন ভাল পাইছে৷ তেখেতক তেনেকুৱা এখনত ফুল তুলি দিবানে?”
মাকে একো নক’লে৷ কিছু সময়
মৌন হৈ থাকি ভয়ে-ভয়ে ক’লে –“ বুঢ়া চকুৰে জানো দেখো?” মাকৰ কথাত গুৰুত্ব নিদি শামনাথে
উৎসাহেৰে ক’লে- “নিশ্চয় দিব চাহাব৷আপুনি দেখি ভাল পাব৷”
চাহাবে ধন্যবাদ জনাই থৰক-বৰক
খোজেৰে খোৱা মেজৰ ফালে আগবাঢ়িল৷
সকলোবোৰ আঁতৰি যোৱাত মাক লাহেকৈ
উঠি আহি নিজৰ কোঠা পালেহি৷
কিন্ত কোঠাত আহি বহোতেই দুচকুৰে
সৰসৰকৈ অশ্ৰুৰ বন্যা নামি আহিল৷ উৰণাৰ আগেৰে বাৰে-বাৰে মচিলে যদিও দুচকুৱে বাধা নামানিলে৷
যেন বছৰে-বছৰে বান্ধি ৰখা শোকখিনি একেলগে পাৰ ভাঙিহে ওলাই আহিছে৷ বাৰে-বাৰে মনটোক বুজালে,
দুহাত জুৰি ভগৱানৰ নাম ল’লে৷ পুতেকৰ দীৰ্ঘায়ু কামনা কৰিলে৷ বাৰে-বাৰে চকু মুদিলে; কিন্ত
চকুপানী বাৰিষাৰ ঢল হৈহে যেন বাগৰিছে, বন্ধ হোৱাৰ নামেই নলয়৷
আধা ৰাতিমান গ’লেই হ’বপায়৷ খোৱাবোৱা কৰি আলহীবোৰ
ঘৰাঘৰি গ’লগৈ৷ বেৰতে আউজী মাক বহি পৰিল৷ স্থিৰ দৃষ্টিৰে বেৰলৈকে চাই ৰ’ল৷ নিশাৰ নিস্তব্ধতাই
শামনাথৰ ঘৰখনকো গ্ৰাস কৰিছে৷ কেৱল পাকঘৰৰ পৰা বাচন-বৰ্তন ধোৱাৰ টুং-টাং শব্দহে ভাঁহি
আহিছে৷ তেনেতে মাকৰ কোঠাৰ দুৱাৰত টুকুৰিওৱাৰ শব্দ হ’ল৷ –“মা, দুৱাৰ খোলা৷” শামনাথৰ
মাত৷ মাকৰ মনটো সেমেকি উঠিল৷ আকৌ বা কি ভুল হ’ল! খপজপকৈ উঠি থিয় হ’ল৷ ইমান পৰে মাকে
নিজকে ধিক্কাৰ দি আছিল- কিয়নো তেওঁ টোপনি গৈছিল বাৰু… নাকেৰে যে কিয় শব্দ হয়! পুতেকে
এতিয়াও ক্ষমা কৰিব পৰা নাই নেকি? মাক উঠিল আৰু কঁপা-কঁপা হাতেৰে দুৱাৰৰ হুক খুলি দিলে৷
দুৱাৰ
খোলাৰ লগে লগে শামনাথ উলাহতে আগুৱাই আহি মাকক আঁকোৱালি ললেহি৷
-“ অ’ মা! তুমি আজি ডাঙৰ কাম কৰিলা!
… চাহাবে যে তোমাক ইমান ভাল পাইছে, তোমাক কি
ক’ম! মা, মা, তোমাক কেনেকৈ বুজাও?”
মাকৰ সৰু কায়াটো পুতেকৰ দৃঢ় আলিঙ্গনত লেতুসেতু
হৈ পৰিল৷ মাকৰ দুচকুৰে চকুপানী নিগৰি আহিল৷ নিজকে সংযত কৰি লাহেকৈ ক’লে-“ বোপাই, মোক
হৰিদ্বাৰলৈ পঠিয়াই দে৷ মই কেতিয়াৰে পৰা কৈ আছোঁ৷”
শামনাথৰ মনৰ আনন্দ কৰ্পূৰৰ দৰে কেনিবা উৰি
গ’ল৷ কপালত চিন্তাৰ ৰেখা ফুটি উঠিল৷ মাকৰ গাৰ পৰা হাত দুখন এৰা খাই পৰিল৷
-“ কি হ’ল মা? কি কথাবোৰ কৈছা?” শামনাথৰ খঙ
উঠি আহিল৷ কৈ গ’ল – “ তুমি মোৰ বদনাম কৰিব বিচাৰিছা৷ তুমি জানি-বুজিয়ে্ই এই সময়ত হৰিদ্বাৰলৈ
যোৱাৰ কথা উলিয়াইছা৷ মানুহে তেতিয়াহে ক’ব পাৰিব- পুতেকে মাকক লগত ৰাখিব নিবিচাৰে৷”
-“ নহয় অ’ বোপাই, তই বোৱাৰীৰ লগত যেনেদৰে
ইচ্ছা তেনেকৈয়ে থাক৷ মই ঢেৰ ভোগ কৰিলো৷ এতিয়া ইয়াত থাকি কি কৰিম? যিমান দিন জীয়াই থাকো,
ভগৱানৰ নাম ল’ম৷ মোক হৰিচ্বাৰলৈ পঠিয়াই দে৷”
-“তুমি গুচি গ’লে ফুলকাৰীত কোনে ফুল তুলিব?
তোমাৰ সন্মুখতে দেখোন চাহাবক ফুলকাৰী দিয়াৰ কথা দিছিলো৷”
-“ মই চকুৰে মনিব নোৱাৰো নহয়৷ ফুল কেনেকৈ
তুলিম? কাৰোবাৰ হতুৱাই কৰি আনি দিবি৷ নহলে বজাৰৰ পৰাই কিনি আনি দিবি৷”
-“ মা, তুমি মোক ঠগিব বিচাৰিছা? মোৰ হ’বলগীয়া
কামটোও নোহোৱা কৰিবানে? জানানে চাহাবে ভাল পালে মোৰ পদোন্নতি হ’ব৷”
মাকে ক্ষন্তেক ৰৈ কিবা ভাবিলে৷ পুতেকৰ মুখলৈ
চাই থাকি ক’লে- “ তোৰ পদোন্নতি হ’ব! চাহাবে তোৰ বাবে কিবা কৰিব? তেখেতে কিবা কৈছে নেকি?”
-“কোৱা নাই৷ কিন্ত দেখা নাছিলা জানো, কিমান
ভাল পাই গৈছে৷ কৈছিল, মায়ে যেতিয়া ফুলকাৰীত ফুল তোলা আৰম্ভ কৰিব, মোক মাতিবা৷ মই চাম
কেনেকৈ ফুল তোলে৷ চাহাবক এবাৰ ভালৰি বোলাব পাৰিলে মই ডাঙৰ চাকৰি পাম, মই ডাঙৰ অফিচাৰ
হ’ব পাৰিম৷”
মাকৰ মুখখন উজলি উঠিল৷ বয়সৰ আঁচোৰ পৰা মুখখনত
এমোকোৰা হাঁহিৰ ঢৌ খেলি গ’ল৷ চকুজুৰি তিৰবিৰাই উঠিল৷
-“তোৰ উন্নতি হ’ব বোপাই৷ !”
-“এনেয়ে হ’বনে? চাহাবৰ মন ভাল লগালেহে কিবা
এটা কৰিব৷ নহলে তেনে মানুহক ভালৰি বোলোৱা মানুহৰ অভাৱ হৈছেনে?”
-“ তেনেহলে মই কৰিম বোপাই৷ যেনেকৈয়ে হওঁক
তোৰ কথা ৰাখিম৷”
মাকে অন্তৰেৰে পুতেকৰ উজ্জ্বল ভৱিষ্যত
কামনা কৰিলে৷
আৰু শামনাথে ‘এতিয়া শুই থাকা মা’ বুলি কৈয়েই থৰক-বৰক খোজেৰে কোঠাটোৰ পৰা
ওলাই গ’ল৷
0 Comments