অসমীয়া অনুবাদ কবিতা। ভাস্ক প'পাৰ কবিতা। মানসী গগৈ। আমাৰ মাজত অনেক ব্যৱধান

 আমাৰ মাজত অনেক ব্যৱধান

মূলঃ ভাস্ক প’পা
অনুবাদঃ মানসী গগৈ

 

আমি হাত দাঙিলে

বাটটো বগুৱা বাই আকাশলৈ

আমি আমাৰ চকু নমালে

মূধচটো নামি আহে পৃথিৱীলৈ

 

প্ৰতিটো যন্ত্ৰণাৰ আঁতৰত

যি আমি কোৱা নাই

এজোপা নাহৰ গছ বাঢ়ি ওখ হ’ল

যি আমাৰ অলক্ষিতে ৰ’ল

 

প্ৰতিটো আশাৰ পৰা দূৰৈত

আমি লালন কৰো যাক

সাৰ পাই এটা তৰা

আৰু অপ্ৰাপ্তিৰে থাকে আমাৰ কাষত

তুমি শুনিছানে সেই শব্দ

যি উৰি আছে আমাৰ মূৰৰ চাৰিওফালে

তুমি শুনিছানে সেই শব্দ

যি আমাৰ চুমাবোৰক পহৰা দিয়ে

 


তোমাৰ দৃষ্টি পথৰ

কোনো শেষ নাই

 

তোমাৰ চকুৰ চাতক চৰাই

উৰি গুছি নাযায় দক্ষিণলৈ

 

তোমাৰ স্তনৰ এছপেন্স গছৰ

পাতবোৰ নসৰে

 

তোমাৰ শব্দৰ স্বৰ্গত

নুডুবে বেলি

 

সেউজীয়া আপেলৰ দৰে আমাৰ দিন

দুটুকুৰাকৈ কটা

 

মই তোমালৈ চাওঁ

নোচোৱা তুমি মোলৈ

অন্ধ সূৰ্য আমাৰ মাজত

 

আমাৰ আলিংগনৰ

ভগ্ন মুহূৰ্তত

 

তুমি মোক মাতিছা

মই শুনা নাই

বোবা বতাহ আমাৰ মাজত

 

দোকানৰ খিৰিকীৰে

মোৰ ওঁঠযোৰে বিচাৰি ফুৰিছে

তোমাৰ হাঁহি

 

বাটে – পথে

পদদলিত আমাৰ চুমাবোৰ

 

মই তোমাক মোৰ দুহাত দিছোঁ

তুমি অনুভৱ কৰা নাই

তোমাক সাৱটি আছে শূন্যতাই

 

শেষ বৰ্গত তোমাৰ চকুলোৱে

বিচাৰে মোৰ চকু

 

আবেলিলৈ মোৰ মৃত দিনটোৱে দেখা হয়

তোমাৰ মৃত দিনৰ স’তে

 

আমি বাট বুলো একেটা বাটত

কোৱল টোপনিত

 

এয়া তোমাৰ ওঁঠ

মই যে উজাই আহিছোঁ

তোমাৰ ডিঙিলৈ

 

এয়া মোৰ জোনাক

মই বিয়পাই দিছোঁ

তোমাৰ কান্ধলৈ

 

আমি ইজনে সিজনক হেৰুৱাইছোঁ

মিলনৰ

দুৰ্ভেদ্য অৰণ্যত

 

মোৰ হাতত

তোমাৰ আদমৰ আপেল

মাৰ যায়, উদয় হয়

 

তোমাৰ ডিঙিত

উজ্বল আৰু বিবৰ্ণ

মোৰ উদ্দাম নক্ষত্ৰ

 

আমি ইজনে সিজনক বিচাৰি পাইছো সোণালী উপত্যকাত

আমাৰ মাজত অনেক ব্যৱধান

Post a Comment

1 Comments

  1. কি কবিতা ! নীলমণিসেন ডেকাৰ প্ৰিয় কবি ভাস্ক প'পা ।

    ReplyDelete