অনুবাদ বিচাৰি আৱেদন

আমি বিভিন্ন ভাষাৰ পৰা অসমীয়া ভাষালৈ কৰা অনুবাদ আগ্ৰহী অনুবাদকসকলৰ পৰা বিচাৰিছোঁ। অনুবাদসমূহ সৃষ্টিশীল হ'ব লাগিব আৰু আক্ষৰিক অনুবাদৰ পৰিৱৰ্তে ভাবগত অনুবাদ আৰু অনুসৃষ্টিৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। আমি যিকোনো ভাষাৰ পৰা অসমীয়ালৈ আৰু অসমীয়াৰ পৰা ইংৰাজীলৈ কৰা অনুবাদ বিচাৰিছোঁ। অনুবাদসমূহ আমালৈ প্ৰেৰণ কৰিবলৈ আমাৰ ফেচবুক গোটৰ সৈতে জড়িত হ'ব পাৰে নতুবা তলৰ মেইল এড্ৰেছত আমালৈ প্ৰেৰণ কৰিব পাৰে। অনুদিত লেখাটো প্ৰেৰণ কৰোঁতে সম্পাদনা কক্ষৰ সুবিধাৰ বাবে মূল লেখাটোও প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ।

যোগাযোগঃ translatorsassam@gmail.com

Post a Comment

0 Comments